অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

যুক্তিবাদীৰ পাৰিপাৰ্শ্বিক সমস্যা : এক সংক্ষিপ্ত আলোচনা – (প্রসেনজিৎ চৌধুৰী)

মানুহৰ মনোজগতৰ মূল বৈশিষ্ট্য কি, বিশ্বাসপ্ৰৱণতা মানৱ মনৰ মজ্জাগত ধৰ্ম নেকি, যি সন্ধিৎসা সন্দিগ্ধতা মানুহৰ ভাব ৰাজ্যৰ অন্যতম চালিকা শক্তি সি সহজাত নে আৰ্জিত – এইধৰণৰ জটিল আৰু অৰ্থপূৰ্ণ প্ৰশ্নই সততে যুক্তিমনস্ক চিন্তাবিদসকলৰ মন-মননক আলোড়িত কৰা দেখা যায়। এগৰাকী চিন্তাশীল লেখকে ডাঠি কৈছে যে প্ৰশ্ন কৰাৰ প্ৰৱণতা মানুহৰ জন্মগত। ত্রুটিপূৰ্ণ প্ৰতিপালনেহে তেওঁক বিশ্বাসী কৰি তোলে (D. D. Bandiste, Lighthouses in the Darkness: Essays in Rationalism, Dombivali, 2005, P. 50)। ৰেডিকেল হিউমেনিষ্ট এম এন ৰায়ৰ বক্তব্য কিঞ্চিৎ ভিন্ন সুৰীয়া। তেওঁৰ মতে মানুহৰ মনোজগতৰ দুটা লেখত ল’বলগীয়া বৈশিষ্ট্য হ’ল– বিশ্বাসপ্ৰৱণতা আৰু প্ৰশ্ন কৰাৰ বা সংশয় প্ৰকাশৰ মানসিকতা (M N Roy, Humanism Revivalism and the Indian Heritage, Calcutta, 1999, P. 3)। বিশ্বাসপ্ৰৱণতা মানৱ মনৰ সহজাত বৈশিষ্ট্য হয় নে নহয় সেই প্ৰশ্নটোৰ সঠিক উত্তৰ বিজ্ঞসকলেহে দিব পাৰিব। আমাৰ আলোচনাৰ আদ্য অংশত আমি মাত্ৰ এটা কথা উল্লেখ কৰিলেই যথেষ্ট হ’ব : সন্ধিৎসা-সংশয়ে যুগে যুগে মানুহৰ বিশ্বাসৰ বিশ্বত কেতিয়াবা মৃদু কম্পন আৰু কেতিয়াবা প্ৰবল আলোড়ন তুলি আহিছে। ইতিহাসৰ পাত লুটিয়ালে ইয়াৰ অজস্ৰ প্ৰমাণ পোৱা যাব। কোৱা বাহুল্য যে মানুহৰ ভাব ৰাজ্যলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব নোৱাৰিলেও যুক্তি বনাম বিশ্বাসৰ এইবিধ দ্বন্দ্বতেই নিহিত আছে বৌদ্ধিক ইতিহাসৰ গতিময়তাৰ অন্যতম উৎস।

একাগ্ৰ যুক্তি চৰ্চাই কোনো কালেই দীৰ্ঘমিয়াদী অনুকূল বাতাবৰণ পোৱা নাই। আধুনিক যুগত যুক্তিমনস্কতাৰ সমাদৰ-সমৰ্থন বাঢ়িলেও তাৰ বিকাশৰ বাটত হেঙাৰ দিয়া শক্তিসমূহ সমানেই সক্ৰিয়। এই প্ৰতিকূলতাৰ এটা ঘাই কাৰণ অযুক্তি-অলৌকিকতাৰ সৈতে শাসক শ্ৰেণী আৰু ধৰ্ম ব্যৱসায়ীসকলৰ সুদৃঢ় বন্ধন। পিছে সমাজ মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে আমি অন্য কেতবোৰ দিশৰ গুৰুত্ব অনুধাৱন কৰাৰ প্ৰয়োজন অনুভৱ কৰোঁ। সমাজত অতীজৰে পৰা প্ৰচলিত অমূল-অযৌক্তিক বিচাৰ-বিধান আৰু আচাৰ-অভ্যাসৰ বিপক্ষে থিয় দিয়া বা তাৰ যুক্তিযুক্ততা তথা প্ৰয়োজনৰ প্ৰশ্নটো সমালোচনাত্মক পৰ্যালোচনাৰ মাজলৈ অনাটো সহজসাধ্য কাম নহয়। মহাৰাষ্ট্ৰৰ প্ৰথিতযশা যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰ– যাক প্ৰাতঃভ্ৰমণৰ সময়ত নৃশংসভাৱে হত্যা কৰা হৈছিল– তেওঁ লিখি গৈছে যে যিসকলে অন্ধবিশ্বাস অপনোদনৰ কথা কয় অথচ ব্যৱহাৰিক জীৱনত নিজৰ চিন্তা-ভাবনা প্ৰয়োগ কৰিব নোৱাৰে, তেনে লোকক ভণ্ড বুলি ভৰ্ৎসনা কৰা অনুচিত। কিয়নো, ‘even voicing these thoughts requires courage and triggers a struggle.’ (N. Dabholkar, The Case For Reason: Understanding the Anti-Superstition Movement, Translated by S. Oak, Chennai 2018, P. 27)। কোনো সন্দেহ নাই, দীৰ্ঘকাল অবিচ্ছিন্নভাৱে যুক্তিবাদী আন্দোলনৰ নেতৃত্ব দক্ষতাৰে বহন কৰা ডাভোলকাৰে তৃণমূল আৰু অন্যান্য স্তৰৰ কৰ্মীৰ/ সমৰ্থকৰ সমস্যা সংকটৰ স্বৰূপ সহানুভূতিৰে উপলব্ধি কৰিব পাৰিছিল। তেওঁ অৱশ্যে যুক্তিবাদী কৰ্মীৰ ভয়, দোদুল্যমান মনোভাব, স্ববিৰোধিতা, আপোচকামী স্থিতিক প্ৰশ্ৰয় দিয়া নাছিল। ডাভোলকাৰৰ দ্ৱ্যৰ্থহীন, দ্বিধা-ৰহিত আহ্বান স্পষ্ট: বিজ্ঞানমনস্কতাক কেৱল মনৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে কাম নিসিজে; যি সকলে যথাৰ্থ পৰিৱৰ্তন কামনা কৰে তেওঁলোকে বাস্তৱ জীৱনত স্ৱীয় চিন্তাধাৰা প্ৰয়োগ কৰি দেখুৱাব লাগিব (N. Dabholkar, Please Think , Translated by Jai Vipra, Chennai, 2019, P. 18)।

যুক্তি চৰ্চাৰ বাট বন্ধুৰ, কণ্টকময়। কোনোবাই বহুজনমান্য বিধান আৰু বিশ্বাসৰ প্ৰতি পিঠি দিলেই পিঠিত ঔকিল শোধায় ৰুষ্ট সমাজে। এই সামাজিক প্ৰতিকূলতাৰ বাবেই সাংস্কৃতিক বিসম্বাদৰ প্ৰতি সহানুভূতি বা সমৰ্থন থকা লোকক পৰম্পৰাৰ বিপৰীতে কিবা ক’বলৈ বা কৰিবলৈ ক’লেই শংকামিশ্ৰিত অসহায়তা ব্যক্ত কৰি তেওঁলোকে প্ৰায় চিঞৰি উঠে: ‘সমাজে কি ক’ব?!’ ভীতিসঞ্চাৰকাৰী এইখন সমাজ কিন্তু বৃহৎ এক জনসমষ্টি নহয়। সমাজবিজ্ঞানৰ পৰিভাষাত ইয়াক প্রাথমিক গোষ্ঠী (Primary Group) বোলে। সহজ ভাষাত প্ৰাথমিক গোষ্ঠীক ‘Face to face group’ বোলা যায়– য’ত ব্যক্তিগত পৰিচয়, অন্তৰংগতা, আনুগত্য, সংহতি আদিৰ প্ৰাধান্য দেখা যায় (S. Albouy, Introduction to Sociology and Social Psychology, New Delhi, 1986, P. 170)। মানুহে সাধাৰণতে প্ৰায় স্বতঃস্ফূৰ্তভাৱে প্ৰাথমিক গোষ্ঠীৰ অনুমোদন-অৱলম্বন কামনা কৰে। মূলতঃ এই মানসিকতাৰ কাৰণেই বহুতেই সমাজৰ নীতি-নিয়ম আৰু প্ৰমূল্যৰ প্ৰতি এক ধৰণৰ আনুগত্য অনুভৱ কৰে বা তেনে আনুগত্যৰ প্ৰদৰ্শন অৱশ্য কৰ্তব্য বুলি ভাবে। ফলস্বৰূপে অযুক্তি অলৌকিকতাৰ ৰাজত্ব হয় সুৰক্ষিত।

সমাজবিজ্ঞানৰ পৰা আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰোঁ : সমাজজীৱনত বিতৰ্ক-বিসম্বাদক বাধা দিবলৈ নানা প্ৰকাৰৰ কৌশলৰ ব্যৱস্থা আছে, যাক সামাজিক নিয়ন্ত্ৰণ (Social Control) বোলা হয়। এই নিয়ন্ত্ৰণৰ ভূমিকা প্ৰাথমিক গোষ্ঠীত প্ৰমূৰ্ত আৰু প্রত্যক্ষ। সামাজিক নিয়ন্ত্ৰণৰ নেতিবাচক কৌশল হিচাপে সামাজিক বৰ্জনৰ কাৰ্যকাৰিতা বেছি। পিছে মন কৰিবলগীয়া বিষয় হ’ল, নিয়ন্ত্ৰণৰ উদ্দেশ্যে আপাতদৃষ্টিত আপেক্ষিকভাৱে নিৰীহ যেন লগা প্ৰণালীও প্ৰয়োগ কৰা হয়। যেনে– ব্যংগ-বিদ্ৰূপ, কুৎসা-ৰটনা। এগৰাকী সমাজবিজ্ঞানীৰ উক্তি এই প্ৰসংগত স্মৰ্তব্য,”Ridicule and gossip are potent instruments of social control in primary groups of all sorts” (P. L. Berger, Invitation to Sociology: A Humanistic Perspective, Harmondsworth, 1984, P. 88)। সম্প্ৰতি এচাম লেখক বুদ্ধিজীৱীয়ে ‘যুক্তিবাদী’ অভিধাটো ইতিকিং কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ কৌশলটো এই প্ৰসংগত উল্লেখ্য। অৱশ্যে এওঁলোকৰ তিৰস্কাৰ-তাচ্ছিল্যৰ আঁৰত ঈর্ষাজনিত ক্ষোভৰ কিছু গোপন বৰঙণি থকাটো সম্ভৱ।

নব্য-নিৰীশ্বৰবাদৰ তীক্ষ্ণধী তাত্ত্বিক ৰিচাৰ্ড ডকিন্সে তেওঁৰ এখন বহুচৰ্চিত গ্ৰন্থত কৈছে যে এনে বহু লোক আছে যিসকলে ভালদৰে জানে যে তেওঁলোক দৰাচলতে নাস্তিক, ‘But dare not admit it to their families or even, in some cases, to themselves.’ (R. Dawkins, The God Delusion, London, 2007, P. 26)। ডকিন্সে কথাষাৰ পশ্চিমীয়া সমাজৰ পৰ্যবেক্ষণৰ ভিত্তিতহে কৈছে। ভাৰতীয় সমাজৰ পৰিপ্ৰেক্ষিতত এনে উক্তি নিশ্চয় অতিশয়োক্তি ৰূপে চিহ্নিত হ’ব। পিছে ডকিন্সৰ বক্তব্যৰ এটা প্ৰচ্ছন্ন দিশ আমাৰ বাবে গুৰুত্বপূৰ্ণ : ব্যক্তি স্বাতন্ত্ৰ্যবাদৰ পীঠভূমি পশ্চিমতো পৰিয়ালৰ বন্ধনে যুক্তিমনস্কতাৰ অভিব্যক্তিত বাধা জন্মায়। কোৱা বাহুল্য যে প্ৰাথমিক গোষ্ঠী হিচাপে পৰিয়ালৰ আৱেগিক ভিত্তি আটাইতকৈ দৃঢ় আৰু তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। ভাৰতীয় সমাজত পৰিয়ালৰ ভূমিকা যে এতিয়াও গুৰুত্বপূৰ্ণ সেই সত্য সমাজবিজ্ঞানীসকলে বাৰম্বাৰ উল্লেখ কৰিছে। আঁদ্ৰে বেতেৰ মতে ভাৰতৰ নৱপ্ৰজন্ম আৰু ৰেডিকেলসকল পাৰিবাৰিক প্ৰমূল্যৰ ক্ষেত্ৰত পশ্চিমৰ সমগোত্ৰীয় গোষ্ঠীতকৈ বেছি ৰক্ষণশীল (A. Beteille, Ideology and Social Science, New Delhi, 2006, P104)। ভাৰতীয় সমাজত সম্পৰ্ক ৰক্ষা কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই ‘relational orientation’ৰ ফলত আপোচকামী মনোভাব আৰু পৰম্পৰাপুষ্ট অভ্যাস-আচৰণে প্ৰশ্ৰয় পায়,–‘making many Indians psychologically old even when young.’ (S. Kakar/K. Kakar, The Indians: Portrait of a People, New Delhi, 2007, P200)।

মূলতঃ পৰিয়াল-পৰিজন, বন্ধু-বান্ধৱ, পৰিচিত লোক আদিক কেন্দ্ৰ কৰি গঠিত প্ৰাথমিক গোষ্ঠীয়ে যুক্তিপৰায়ণ মানুহৰ ওপৰত কি ধৰণৰ পোনপটীয়া বা আওপকীয়া হেঁচা প্ৰয়োগ কৰিব পাৰে চমুকৈ তাৰ আভাস দিবলৈ আমি সমাজবিজ্ঞানীৰ কিতাপৰ পৰা বুটলি অনা দুটামান ধাৰণাৰ ভিত্তিত দুআষাৰ লিখিলোঁ। অৱশ্যে ইয়াৰ লগতে আমি বৃহৎ প্ৰেক্ষাপটৰ কথাও মনত ৰখা যুগুত হ’ব। সমীক্ষালব্ধ তথ্যৰ পৰা দেখা গৈছে যে ভাৰতীয়সকলৰ ভাবৰাজ্যত ধৰ্মীয় বিশ্বাসৰ আধিপত্য প্ৰশ্নাতীত। উদাহৰণ হিচাপে ধৰ্মনিষ্ঠাৰ বিষয়টো ল’ব পাৰোঁ। সমীক্ষকৰ প্ৰশ্নৰ উত্তৰৰ পৰা সংগৃহীত তথ্য এই প্ৰকাৰৰ:

ধৰ্মপৰায়ণ লোকৰ সংখ্যা–

খৃষ্টান – ৮৭.০৬ ০/০
শিখ – ৮৫.০০ ০/০
মুছলমান – ৮০.৮৩ ০/০
হিন্দু – ৭৭.১৯ ০/০
বৌদ্ধ – ৬৭.২৪ ০/০
অন্যান্য – ৮২.২০ ০/০ 
(উৎস: Sriya Iyear, Economics of Religion in India, Cambridge/ Massachusetts, 2018, P.38). 

এই জাতীয় তথ্যই এটা কথা ফটফটীয়া কৈ প্ৰমাণ কৰে: ভাৰতীয় মানসত ধৰ্মৰ বহুমুখী প্ৰভাৱ ব্যাপক আৰু গভীৰ। সাম্প্ৰতিক কালত এই প্ৰভাৱে প্ৰায় সৰ্বগ্ৰাসী ৰূপ লোৱাৰ সৰ্বনাশী সম্ভাৱনা দেখা গৈছে বুলি চিন্তাশীল মহল সংগত কাৰণতেই উদ্বিগ্ন হৈ পৰিছে। এই প্ৰৱণতাৰ লগত তাল মিলাই অন্যান্য অন্ধবিশ্বাসৰ – যেনে, জ্যোতিষ বা বাস্তুশাস্ত্ৰৰ জনপ্ৰিয়তাও বাঢ়ি গৈছে। প্ৰাচীন পৰম্পৰাৰ নামত অধিকাংশ মানুহে যেন সগৌৰৱে মধ্যযুগলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিছে। এনে প্ৰতিকূল পৰিস্থিতিত যিসকলে অন্ধবিশ্বাস, অলৌকিকতাৰ বিৰুদ্ধে সাহসেৰে থিয় দিছে, তেওঁলোকৰ সন্মুখত সমস্যা বহুত – আদৰ্শগত, সাংগঠনিক, কৌশলগত আৰু মনস্তাত্ত্ৱিক। আলোচনাৰ পৰৱৰ্তী অংশত আমি শেষোক্ত সমস্যাৰ এটা দিশৰ বিষয়ে মনোবিজ্ঞানৰ পৰা ধাৰ কৰা ধাৰণাৰ আলমত কিঞ্চিৎ আভাস দিবলৈ যত্ন কৰিম। আমাৰ চেষ্টাত ঋণগ্ৰস্ত অক্ষম মানুহৰ সীমাবদ্ধতা প্ৰতিফলিত হোৱাটো স্বাভাৱিক।

১৯৮৯ চনত মহাৰাষ্ট্ৰৰ যশস্বী যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰে প্ৰতিষ্ঠা কৰা ‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’ৰ কৰ্ম-কাণ্ডৰ কাহিনী আজি বহুজনবিদিত। ডাভোলকাৰে এই অধুনা-খ্যাত সংগঠনটোৰ সাফল্য আৰু সমৃদ্ধিৰ আঁৰত থকা কেতবোৰ কাৰকৰ পৰ্যালোচনা দাঙি ধৰিছে তেওঁৰ “The Source of All This” শীৰ্ষক লেখাটোত। তেওঁ আত্ম-প্ৰত্যয়েৰে দাবী কৰিছে যে কৰ্মীসকলৰ কথা আৰু কামৰ মাজত থকা সংগতি সংগঠনটোৰ আটাইতকৈ ডাঙৰ শক্তি। ‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’-ৰ নিষ্ঠাৱান কৰ্মীসকলৰ আনুগত্য আৰু শৃংখলা-পৰায়ণতাৰ কথা উল্লেখ কৰি ডভোলকাৰে যুক্তিবাদী আন্দোলন বিষয়ক আলোচনা-বিলোচনাত সততে উপেক্ষিত এটা তাৎপৰ্যপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰিছে। বিসম্বাদজাত বিচ্ছিন্নতাবোধ আৰু তাৰ মনস্তাত্ত্বিক প্ৰতিক্ৰিয়াৰ আভাস দি তেওঁ লিখিছে: “………… The eradication of superstition is not acceptable to the majority of people. It is a controversial topic that can strain one’s relationship with family, relatives and friends. In such a situation, the individual may still remain faithful to his beliefs, but feels forlorn and friendless inside. ANis [‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’] is a family of such lonely hearts.” (N. Dabholkar, The Case for Reason, p. 298)। তাৰ মানে, যুক্তিবাদী চিন্তা-চৰ্চা আৰু তাৰ ব্যৱহাৰিক প্ৰয়োগৰ ফলত ন-ভাবধাৰাৰ বাহকসকল প্ৰাথমিক গোষ্ঠীৰ পৰা –, পৰিয়াল-পৰিজন তথা বন্ধুবৃন্দৰ পৰা বিচ্ছিন্ন হৈ পৰে। কিন্তু এই নেতিবাচক প্ৰতিক্ৰিয়াতেই সকলো শেষ নহয়। সুসংহত ‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’ৰ বুকুত বিচ্ছিন্নতা-পীড়িত কৰ্মীসকলে বিচাৰি পায় এক বৈকল্পিক প্ৰাথমিক গোষ্ঠী, এখন নীতিনিষ্ঠ উষ্ণ সমাজ। সংযোগ-সংশ্ৰৱৰ এই নতুন ক্ষেত্ৰখনৰ সংৰক্ষণ-সংবৰ্ধনৰ কাৰণে সংগঠনৰ কৰ্মীবৃন্দ উৎসাহেৰে তৎপৰ হৈ পৰে।

মহাৰাষ্ট্ৰৰ যুক্তিবাদীসকলৰ কথা সুকীয়া। নৰেন্দ্ৰ ডাভোলকাৰৰ মৃত্যুৰ সময়ত ‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’ৰ ১৮০ টা শাখা আছিল (L. Bavadam, ‘Act of Unreason’, Frontline, 20 Sept. 2013)। মহাৰাষ্ট্ৰৰ দৰে ভাৰতৰ আন দুই-এখন ৰাজ্যতো হয়তো যুক্তিবাদী আন্দোলনৰ সাংগঠনিক ভিত্তি মজবুত। কিন্তু দেশৰ অধিকাংশ ৰাজ্যতেই বিচ্ছিন্নতা-ক্লিষ্ট নিষ্ঠাৱান যুক্তিবাদীসকলে যে বৈকল্পিক প্ৰাথমিক গোষ্ঠীৰ নিৰ্ভৰযোগ্য স্বস্তিদায়ক আশ্ৰয় পোৱাৰ সম্ভাৱনা নাই সেই কথা সন্দেহাতীতভাৱে সত্য। অনেক ক্ষেত্ৰত এনে পৰিস্থিতিৰ স্বাভাৱিক পৰিণাম নিসংগতাবোধ– নিজকে ‘forlorn and friendless’ বুলি ভবাৰ প্ৰৱণতা। এই নিসংগতাবোধৰ মনস্তাত্ত্বিক প্ৰকটন কিধৰণৰ হ’ব পাৰে? আমি জানো, মানুহৰ মনটোৰ গতি-প্ৰকৃতি সকলো ক্ষেত্ৰত সৰল বা পোনপটীয়া নহয়। ব্যক্তিভেদে একোটা অনুভৱ তথা অভিজ্ঞতাৰ একাধিক প্ৰতিক্ৰিয়া হ’ব পাৰে, দেখা দিব পাৰে একাধিক মনস্তাত্ত্ৱিক লক্ষণ। ধাৰণা হয় প্ৰধানতঃ ব্যক্তিত্বৰ বৈশিষ্ট্যৰ বাবে এই বৈভিন্ন্য দেখা যায়। কোৱা বাহুল্য, নিসংগতাবোধৰ প্ৰতিক্ৰিয়া হিচাপেও নানা প্ৰকাৰৰ মনস্তাত্ত্ৱিক লক্ষণ প্ৰকট হ’ব পাৰে – যাক বোধহয় ‘Isolation syndrome’ বুলি অভিহিত কৰিব পাৰি।

নিসংগতাবোধৰ মনস্তাত্ত্ৱিক প্ৰতিক্ৰিয়াৰ প্ৰসংগত প্ৰথমেই বিষণ্ণতা (depression)ৰ কথা ক’ব লাগিব। এইবিধ আৱেগিক বিকাৰ (affective disorder)ত বিষাদ, অৱসাদ, অপৰাধবোধ, অসহায়তা, নিৰাশাব্যঞ্জক চিন্তা আদিৰ লগতে ‘withdrawal and inactivity’ পৰিলক্ষিত হয়‌। (S.K. Pandya, Human Behaviour, New Delhi, 1997, p.158)। আনহাতে, নিসংগতাবোধৰ কবলত পৰা যুক্তিবাদীৰ অৱচেতনাত নিৰীশ্বৰবাদৰ দৰে বহুজননিন্দিত বিসম্বাদে একধৰণৰ লজ্জাবোধৰ জন্ম দিব পাৰে‌। এই লজ্জাবোধে পৰোক্ষভাৱে যুক্তিমনস্কতাৰ স্ফুৰণত বাধা দিয়াৰ সম্ভাৱনা নথকা নহয়‌। কিয়নো বহু ক্ষেত্ৰত লজ্জাৰ যি ধাৰণা, তাৰ গুৰিত থাকে মানুহৰ মানসিক আচৰণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে সমাজে গঢ় দিয়া কেতবোৰ প্ৰতীতি আৰু প্ৰমূল্য: ‘…. it (shame) is a psychic mechanism through which society controls individuals.’ (B. Porshnev, Social psychology and History, Moscow, 1970, P.150)। নিসংগতাপ্ৰসূত বিষণ্ণতাৰ লগত যি অপৰাধবোধ কেতিয়াবা সম্পৃক্ত হৈ পৰে, তাৰ সৈতে লজ্জাবোধৰ গোপন সম্পৰ্ক থকাটো সম্ভৱ।

নিসংগতাপ্ৰসূত বিষণ্ণতাই কোনো কোনো ক্ষেত্ৰত হতাশ-হতোদ্যম ব্যক্তিক নিভৃত যুক্তিবাদী (Closet rationalist) কৰি পেলাব পাৰে, – যি নিজৰ সমাজ-অননুমোদিত অগতানুগতিক চিন্তা-ভাবনাবোৰ গোপনে মনৰ সুৰক্ষিত কক্ষত আবদ্ধ ৰাখিবলৈ বদ্ধপৰিকৰ‌। তাতে ক্ষান্ত নাথাকি ভৰ্ৎসনা-ভীত যুক্তিবাদীয়ে সমাজ-সমাদৃত বিধি-বিশ্বাসৰ প্ৰতি বাহ্যিক আৰু প্ৰকাশ্য আনুগত্য দেখুৱাব পাৰে‌। এইধৰণৰ আপোচক সমাজবিজ্ঞানীসকলে ‘expedient conformity’ বোলে‌। (L. Mann, Social psychology, New Delhi, 1985, pp, 48-49)। এওঁলোকে কৌশলপূৰ্ণ আত্মসমৰ্পণৰ বিনিময়ত ভয় আৰু ভাবুকিৰ পৰা নিষ্কৃতি বিচাৰে‌। কেতিয়াবা সামাজিক সন্মান-সম্ভ্ৰমৰ কাৰণে এওঁলোকে সামাজিক কৰ্তৃত্বক নতশিৰে মানি লয়‌। শেষোক্ত চামৰ ব্যক্তিত্বত সুবিধাবাদ আৰু উচ্চাকাংক্ষাৰ সংমিশ্ৰণ সুস্পষ্ট‌। এওঁলোক প্ৰকৃত অৰ্থত প্ৰাক্তন যুক্তিবাদী‌।

একেটা অনুভৱ বা অভিজ্ঞতাৰ প্ৰতিক্ৰিয়া হিচাপে একাধিক মনস্তাত্ত্ৱিক লক্ষণ প্ৰকট হ’ব পাৰে বুলি ইতিপূৰ্বে উল্লেখ কৰিছোঁ‌। যন্ত্ৰণাদায়ক বিচ্ছিন্নতাবোধৰ ফলত সদায় যে মানুহ মূক, ম্ৰিয়মাণ হৈ পৰিব তেনে কোনো ধৰাবন্ধা কথা নাই‌। বলিষ্ঠ বিসম্বাদী স্থিতিৰ কাৰণে ইষ্ট-কুটুম্ব বা পৰিচিত মহলৰ সৈতে সংযোগ ছিন্ন বা শিথিল হৈ পৰা যুক্তিবাদীৰ চেতনাক ব্যৰ্থতাবোধেও আচ্ছন্ন কৰি পেলাব পাৰে‌। মনত অবাস্তৱ উচ্চাকাংক্ষা পুহি ৰখা মানুহৰ ক্ষেত্ৰত এনে ব্যৰ্থতাবোধে বিষম ৰূপ ধাৰণ কৰিলে আচৰিত হ’বলগীয়া একো নাই‌। নিসংগতাৰ সৈতে সম্পৃক্ত এনে ব্যৰ্থতাবোধজনিত বিতুষ্টিৰ পৰা আক্ৰমণাত্মক মনোভাবে সংগোপনে পুষ্টি আহৰণ কৰাটো সম্ভৱ‌। এচাম মনোবিজ্ঞানীৰ মতে ‘aggressive behaviour is compensatory for continued frustration.’ (R. Avasthi, Psyche, Society and Tension, Calcutta, 1973, p.11)। ব্যৰ্থতাবোধ উৎকট হ’লে উত্তেজনাপ্ৰৱণ ব্যক্তিত্বৰ যুক্তিবাদীয়ে ব্যৰ্থতাবোধৰ ক্ষতিপূৰণ ৰূপে আক্ৰমণাত্মক আচৰণ তথা উক্তিৰ সহায়ত আত্মতুষ্টি লাভ কৰিবলৈ যত্ন কৰিব পাৰে। এইধৰণৰ চেষ্টাত সাধাৰণতে ব্যংগ-বিদ্ৰূপ অথবা হঠকাৰী সিদ্ধান্তই বিশেষ গুৰুত্ব পায়। লক্ষণীয়, নাৰীতকৈ পুৰুষৰ ক্ষেত্ৰত এনে অনভিপ্ৰেত প্ৰতিক্ৰিয়াৰ সম্ভাৱনা বেছি। মনোবিজ্ঞানৰ তথ্য অনুযায়ী বিষণ্ণতাই – যাৰ এটা উৎস ব্যৰ্থতাবোধ, পুৰুষক ‘outwardly hostile’ কৰে। (M. Jane/ J. Scott, Depression: A Very Short Introduction, Oxford, 2017, P. 40)। প্ৰসংগতঃ উল্লেখ্য, আক্ৰমণাত্মক আগ্ৰহ নিজৰ পিনে পৰিচালিত হ’লে বিষণ্ণতা-ব্যৰ্থতাবোধ সুৰাসক্তিৰ, আনকি আত্মহননৰো কাৰণ হʼব পাৰে।

বিষণ্ণতাই ব্যক্তিত্বলৈ পৰিৱৰ্তন আনে। বিষাদগ্ৰস্ত ব্যক্তি নিৰ্লিপ্ত হৈ পৰে, উৎসাহ-উদ্যম নোহোৱা হয়। পিছে বিষণ্ণতাজনিত নিৰ্লিপ্ততাৰ দ্বাৰা আক্ৰান্ত হ’লেও যিসকল যুক্তিবাদীয়ে সমাজ আৰু আদৰ্শৰ প্ৰতি দায়বদ্ধতা অস্বীকাৰ নকৰে তেওঁলোক সোমাই পৰে আত্মগ্লানিৰ অস্বস্তিকৰ আৱেষ্টনীত। এনে অৱস্থাত তেওঁলোকে বিবেক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে কেতবোৰ যুক্তি উদ্ভাৱন কৰে। মনোবিজ্ঞানত এই নিগূঢ় প্ৰক্ৰিয়াটোক যৌক্তিকীকৰণ (rationalisation) বোলা হয়। এই প্ৰক্ৰিয়াৰ গইনা লৈ নিঃসংগ-নিৰ্লিপ্ত হৈ পৰা যুক্তিবাদীয়ে নিজৰ পশ্চাদপসৰণৰ ন্যায্যতা প্ৰতিপন্ন কৰিবলৈ যত্ন কৰে। তেওঁলোকে নিজৰ নিষ্ক্ৰিয়তাৰ কাৰণ হিচাপে অন্ধবিশ্বাস/ অলৌকিকতা বিৰোধী চিন্তা-চৰ্চা বা/আৰু আন্দোলনৰ দুৰ্বলতা, অসাৰতা, ব্যৰ্থতা, কৌশলগত দ্বিচাৰিতা, সাংগঠনিক বেমেজালি আদিৰ কথা উল্লেখ কৰে। লক্ষণীয়, এইবিধ যুক্তিৰ উদ্দেশ্য আত্মসমালোচনা নহয়, আত্মপক্ষ সমৰ্থনহে। অৱশ্যে এই কামটো সকলো সময়তে সচেতনভাৱে আৰু পৰিকল্পনা অনুযায়ী কৰা হয় বুলি ক’ব নোৱাৰি। দৰাচলতে বিবেক দংশনৰ উপশম ঘটোৱা অধিকাংশ যুক্তিৰ নিৰ্মাণ মনৰ চেতন স্তৰৰ বহিৰ্ভাগত সম্পন্ন হয়। এইধৰণৰ ভুৱা যুক্তিৰ সৈতে আত্মপ্ৰতাৰণাৰ সম্পৰ্ক ঘনিষ্ঠ। নিজৰ চকুত নিজক নিৰ্দোষ নিৰ্মল প্ৰমাণ কৰাৰ ক্ষেত্ৰত আত্মপ্রতাৰণাৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ অৱশ্যে এই নহয় যে নিজৰ সিদ্ধান্ত, স্থিতি আৰু আচৰণৰ সপক্ষে মানুহে সচেতনভাৱে ভুৱা যুক্তিৰ উদ্ভাৱন নকৰে। পিছে উদ্দেশ্যপ্রণোদিতভাৱে নিৰ্মিত এইবিধ যুক্তিত আত্মপ্ৰতাৰণাৰ উপাদান কম বা শূন্য।

সমাজত আধিপত্য বিস্তাৰ কৰা অন্ধবিশ্বাস আৰু অলৌকিকতাৰ বিৰুদ্ধে নিষ্ঠা আৰু নিৰ্ভীকতাৰে থিয় দিয়া বহু যুক্তিবাদী নিঃসংগতা আৰু বিচ্ছিন্নতাবোধৰ কবলত পৰে। এই মানসিক অৱস্থাৰ সমাজতাত্ত্ৱিক ব্যাখ্যা কি আৰু ইয়াৰ পৰিণতিত কি ধৰণৰ মনস্তাত্ত্ৱিক লক্ষণ প্ৰকট হ’ব পাৰে সেই বিষয়ে আমি দাঙি ধৰা অনুষ্টুপীয়া আলচত আশাব্যঞ্জক বাৰ্তা বা বক্তব্য নাই। এই সীমাবদ্ধতা আচলতে বিষয়টোৰ সংকীৰ্ণ পৰিসৰৰ সৈতে সম্পৃক্ত। পিছে লেখাটোত আশাব্যঞ্জক কোনো আশ্বাসেই নাই বুলি জানো ক’ব পাৰি? এঠাইত আমি নৰেন্দ্ৰ ডাভোলকাৰৰ ৰচনাৰ পৰা উদ্ধৃতি দিছোঁ। তেওঁ কৈছে, বিসম্বাদৰ বাবে যুক্তিবাদীসকল মানসিকভাৱে নিসংগ নিৰালম্ৱ হৈ পৰে, কাৰণ তেওঁলোকৰ যুঁজখনক সমাজৰ সৰহসংখ্যক মানুহে সমৰ্থন নকৰে। এনেধৰণৰ ‘lonely hearts’এ কিন্তু বিকল্প আশ্ৰয়ৰ নিৰাপত্তা পাই ‘অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতি’ নামৰ সংগঠনটোৰ বুকুত। (N. Dabholkar, The Case for Reason P. 298)। পুনৰাবৃত্তিৰ দোষে চুব বুলি জানিও আমি ডাভোলকাৰৰ উক্তি উল্লেখ কৰিলোঁ। কিয়নো অভিজ্ঞতাসমৃদ্ধ ডাভোলকাৰৰ বক্তব্যৰ মৰ্ম অনুধাৱন কৰিলে আমি অনায়াসে এটা আশাব্যঞ্জক শুভসূচক সিদ্ধান্তত উপনীত হ’ব পাৰোঁ। সহমত তথা সহমৰ্মিতাৰ ভিত্তিত গঠিত আদৰ্শনিষ্ঠ, সুসংহত আৰু শক্তিশালী সংগঠন যুক্তিবাদীৰ নিঃসংগতা নিৰসনৰ নিৰ্ভৰযোগ্য উপায়। যুক্তিবাদী আন্দোলনৰ গুৰিয়ালসকলে এই সিদ্ধান্তৰ পৰা বহুমূলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰে।

আমাৰ লেখাটো সামৰাৰ আগতে যুক্তিমনস্ক সুধীসমাজৰ বিবেচনাৰ বাবে এটা কথা উনুকিয়াব বিচাৰিছোঁ। আমাৰ ধাৰণা, ‘যুক্তিবাদী’ পৰিচিতিৰ লগত অন্য সমাজ-সমাদৃত পৰিচিতি যুক্ত হʼলে সম্ভাব্য নিঃসংগতা আৰু আনুষংগিক মনস্তাত্ত্ৱিক সমস্যাবোৰৰ প্ৰকোপ হ্ৰাস পাব। এটা দৃষ্টান্ত দিলে আমাৰ বক্তব্য কিছু পৰিষ্কাৰ হ’ব যেন লাগে। এগৰাকী যুক্তিবাদী যদি নিষ্ঠাৰে আৰু নিৰৱচ্ছিন্নভাৱে জনসাধৰণৰ স্বাস্থ্য-সেৱাৰ সৈতে দীৰ্ঘকাল সক্ৰিয়ভাৱে যুক্ত থাকে তেতিয়া সমাজে তেওঁক জধেমধে তিৰস্কাৰ কৰাৰ বা অৱজ্ঞা তথা বিদ্ৰূপবিদ্ধ কৰাৰ সম্ভাৱনা বহু পৰিমাণে কমি যাব। কেৱল ব্যক্তি নহয়, কথাটো যুক্তিবাদী সংগঠনৰ ক্ষেত্ৰতো প্ৰযোজ্য। অৰ্থাৎ, যুক্তিমনস্কতাৰ প্ৰসাৰৰ উপৰি গ্ৰহণযোগ্য সমাজ-হিতৈষী কাম-কাজত অৱতীৰ্ণ হ’লে পীড়াদায়ক নিঃসংগতাবোধৰ পৰা যুক্তিবাদী‌য়ে নিজকে ৰক্ষা কৰাটো সহজ হৈ পৰিব। এইখিনিতে বিশেষভাৱে উল্লেখ কৰাটো সমীচীন হ’ব যে যুক্তিবাদৰ চৰ্চা আৰু অনুশীলনো সমাজ-হিতৈষী কৰ্ম। কিন্তু সমাজৰ চকুত সি নস্যাৎপ্ৰৱণ, বিজাতীয়, ঐতিহ্য-বিনাশী। স্বাস্থ্য-সেৱা, পৰিৱেশ-সজাগতা, জন-শিক্ষাৰ প্ৰসাৰ বা সাংস্কৃতিক কৰ্ম-তৎপৰতাৰ ক্ষেত্ৰত কিন্তু কথাটো বেলেগ। সমাজৰ অগ্ৰগতিত সহায় কৰা এনেধৰণৰ কৰ্ম-কাণ্ডৰ সৈতে যুক্ত থাকিলে যুক্তিবাদী বা তেনে লোকক লৈ গঠিত সংগঠনৰ গ্ৰহণযোগ্যতা তথা জনপ্ৰিয়তা অলপ হ’লেও বাঢ়িব যেন লাগে। ফলস্বৰূপে যুক্তিবাদীসকলৰ সম্ভাব্য নিঃসঙ্গতাবোধৰ তীব্ৰতা কিছু হ্ৰাস পাব। কোৱা বাহুল্য যে দীৰ্ঘ অভিজ্ঞতা আৰু তাৰ পৰা শিক্ষা লোৱাৰ আগ্ৰহ তথা দক্ষতা থকা লোকেহে আমাৰ উল্লিখিত ধাৰণাৰ ইতিবাচক দিশ আৰু দোষ-দুৰ্ব্বলতা বিচাৰ কৰিব পাৰিব। আমি মাত্ৰ মনলৈ অহা দুটামান কথা উল্লেখহে কৰিলোঁ।

(ইউনিক’ড ৰূপান্তৰক: ঋজু শইকীয়া, মৃদুলা সোণোৱাল, বৰ্ণালী বৰুৱা দাস, সুস্মিতা কোঁৱৰ)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *