প্ৰব্ৰজন : অপৰাধ নে অধিকাৰ?- ( আব্দুল কালাম আজাদ)

The Reluctant Fundamentalistঅৰ লিখক মহচিন হামিদে তেওঁৰ শেহতীয়া The Guardian কাকতৰ কলামত লিখিছে – “মই প্ৰব্ৰজনক এক মানৱাধিকাৰ হিচাপে বিশ্বাস কৰোঁ। মত প্ৰকাশৰ অধিকাৰ বা জাতি, ধৰ্ম, লিংগ বা যৌন বৈষম্য-বিৰোধী অধিকাৰৰ দৰেই মৌলিক এই অধিকাৰ৷” তেওঁ আৰু লিখিছে যে আমি সকলোৱে ঐতিহাসিকভাৱে প্ৰব্ৰজনকাৰী, আমাৰ পূৰ্বপুৰুষ বেলেগ কোনোবা ঠাইৰপৰাই প্ৰব্ৰজিত হৈছিল৷ আগন্তুক দিনত, জলবায়ু পৰিবর্তন, ৰোগ, ৰাষ্ট্রৰ ব্যর্থতা, যুদ্ধ আদিৰ ফলশ্ৰুতিত লাখ লাখ, হয়তো কোটি কোটি মানুহ এখন দেশ এৰি বেলেগ দেশত আশ্ৰয় ল’বলৈ বাধ্য হ’ব, প্ৰব্ৰজনৰ পূৰ্বৰ সকলো পৰিসংখ্যাই এই প্ৰব্ৰজনৰ আগত ম্লান পৰি ৰ’ব৷ যদি আমি তেওঁলোকৰ প্ৰব্ৰজিত হোৱাৰ অধিকাৰক স্বীকৃতি নিদিওঁ, তেতিয়াহ’লে আমি এনে এক বৈষম্যমূলক পৃথিৱী সৃষ্টি কৰিবলৈ গৈ আছো য’ত পাৰপত্ৰবোৰেই আমাৰ ‘জাতি’ আৰু সদাবৃদ্ধিপ্ৰাপ্ত বল প্ৰয়োগেৰে তাৰ প্ৰতি আমাৰপৰা আনুগত্য আদায় কৰাৰ চেষ্টা কৰা হ’ব৷ মহচিন হামিদৰ এই আশাংকা আমাৰ অসম মুলুকত আলোচনা কৰাটো কিমান সমীচীন হ’ব সেয়া যথেষ্ট সন্দেহজনক; কিন্তু আজিৰ তাৰিখত আমি এই সত্যক অগ্ৰাহ্যও কৰিব নোৱাৰো৷ অসমত আশীৰ দশকৰপৰা প্ৰব্ৰজনৰ ওপৰত যিমান আলোচনা-পৰ্যালোচনা হৈছে, সকলোতে বাংলাদেশৰপৰা অহা মুছলমান প্ৰব্ৰজনকাৰীৰ ওপৰতে মূলতঃ দৃষ্টি নিবদ্ধ হৈ আছে৷ প্ৰব্ৰজনৰ মানৱিক দিশটো যেনেকৈ দৃষ্টিকটুভাৱে উপেক্ষা কৰা হৈছে, ঠিক তেনেকৈ কৌশলপূৰ্ণভাৱে হিন্দু প্ৰব্ৰজনকাৰীৰ দিশটোও এৰাই চলা হৈছে৷ বুৰঞ্জীবিদ অমলেন্দু গুহ ডাঙৰীয়াই লিখিছে যে দেশ বিভাজনৰ পিছৰপৰা অসমলৈ তেতিয়াৰ পূব পাকিস্তানৰপৰা মুছলমান প্ৰব্ৰজনকাৰীৰ আগমন প্ৰায় স্থবিৰ হৈ পৰিছিল আৰু তাৰ ঠাই দখল কৰিছিল হিন্দু প্ৰব্ৰজনকাৰীয়ে৷ কিন্তু অসমত প্ৰব্ৰজন সম্বন্ধীয় বাগধাৰাত এই দিশটো বিচাৰি পোৱা খুবেই মুস্কিল৷ আমাৰ বাংলাদেশ ভ্ৰমণকালত হিন্দু প্ৰব্ৰজনৰ কিছু ঐতিহাসিক তথা সাম্প্ৰতিক কাৰণ বিচাৰি উলিওৱাৰ চেষ্টা কৰিছিলোঁ৷

চ্যাংৰাবান্ধা-বুড়িমাৰী সীমান্ত চেকপ’ষ্ট হৈ মই অকলে বাংলাদেশত প্ৰৱেশ কৰিছিলোঁ৷ মোৰ সহকৰ্মী তিনিজন আগদিনাই হাতীবান্ধাত উপস্থিত হৈছিল৷ বুড়িমাৰীৰ বাংলাদেশী চেকপ’ষ্টৰপৰা যাৱতীয় আানুষ্ঠানিকতা সম্পূৰ্ণ কৰি ৰাতিপুৱা প্ৰায় ১১ বজাত মানৱচালিত ভ্যান এখনত উঠি ৰে’ল ষ্টেচন অভিমুখে যাত্ৰা কৰিলোঁ৷ আকাশ, বতাহ, মানুহৰ অৱয়ৱ, এনেকি বুড়িমাৰী স্থলবন্দৰৰ ঘোচষোৰ বিষয়াজনৰ লোলুপ দৃষ্টি; ক’তো একো অমিল প্ৰত্যক্ষ নকৰিলো৷ অজানিতে ভূপেনদাৰ কালজয়ী গীতৰ কলি মনত পৰি গ’ল “গংগা মোৰ মা, পদ্মাও মোৰ মা … মোৰ চকুলোৰে দুটি ধাৰা মেঘনা যমুনা”। ভ্যানখনত মোৰ লগত এজনী আধা-বয়সীয়া ভদ্ৰ মহিলা৷ আমি একেলগে সীমান্ত পাৰ হৈ আহিছিলো৷ গুৱাহাটীৰ শ্বহিদুল ককাইক জৰুৰী ফোন এটি কৰিবলগা আছিল; সহযাত্ৰীৰ লগত পৰিচয় হোৱাতকৈ বেছি জৰুৰী৷ সীমান্ত পাৰ হৈ প্ৰায় এক কিলোমিটাৰলৈকে ভাৰতীয় ম’বাইলৰ সেৱা উপলব্ধ হয়৷ ফোনৰ বাৰ্তালাপ শেষ কৰি মহিলাগৰাকীৰ লগত সৌজন্যমূলক দৃষ্টি বিনিময় কৰিলো৷ মোক সুধিলে, “অসমৰপৰা আহিলে?” বিশেষ একো কথা পতাৰ আগতেই ভ্যান চালকে জনালে যে নিৰ্ধাৰিত ৰে’লগাড়ীখন ইতিমধ্যে এৰি দিলে৷ আমাক বেলেগ গাড়ীৰে পাটগ্ৰামলৈ গৈ বাছ ধৰিবলৈ পৰামৰ্শ দিলে৷ কোনোদিনে ভ্যানগাড়ীত যাত্ৰা কৰাৰ অভিজ্ঞতা মোৰ নাছিল৷ ভ্যানৰপৰা নামিবলৈ গৈ অঘটনে ঘটি গ’ল৷ হাতত থকা গধুৰ মোনাটো লৈ মহিলাগৰাকীৰ লগত একেলগে নামিবলৈ যাওঁতে ভ্যানৰ ভাৰসাম্যত বিচ্যুতি ঘটিল৷ পিছফালে সমস্ত ওজন একেলগে পৰাত বেচেৰা ক্ষীণকায় ভ্যানচালক দাং খাই শূন্যত ওলমি থাকিল! অগত্যা ক্ষমা খোজাৰ বাহিৰে মোৰ গত্যন্তৰ নাছিল৷
বিকট হুইছেল বজাই এখন ই-ৰিক্সা আমাৰ ওচৰতে আহি ৰখিল৷ ভাৰা বন্দোবস্ত কৰি আমি এইবাৰ বেটাৰিচালিত ই-ৰিক্সাত উঠিলোঁ৷ কিছুদিন আগতে আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশযোগে দিল্লীত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰিছিল৷ বাংলাদেশী ই-ৰিক্সা চালকেও চৰকাৰী পঞ্জীয়নৰ বাবে সংগ্ৰাম কৰিবলগা হৈছে৷ বুড়িমাৰীৰপৰা পাটগ্ৰামলৈ যোৱা ৰাস্তাত ই-ৰিক্সাচালক সন্থাৰ পোষ্টাৰবোৰে তাকে সূচাইছিল৷ আমাৰ লগত এইবাৰ আৰু এজন সহযাত্ৰী যোগ দিলে৷ মহিলাগৰাকীতকৈ মানুহজন বয়সত হয়তো দুই-এবছৰৰ বেছি হ’ব৷ মানুহজন মোৰ মুখামুখিকৈ বহিছে আৰু মহিলাগৰাকী মোৰ কাষত৷ মসৃণ পকী ৰাস্তা, ই-ৰিক্সাৰ ইঞ্জিনৰো কোনো বিশেষ শব্দ নাই, বতাহৰ ফিৰফিৰনি আৰু মাজে মাজে বিকট হুইছেলটো৷ আমি পৰিচয় হ’লো৷ আমি তিনিও ভাৰতৰপৰা আহি বাংলাদেশত প্ৰৱেশ কৰিছিলোঁ৷ বাংলাদেশ তেওঁলোকৰ জন্মভূমি৷ কিন্তু ভাৰতো তেওঁলোকৰ বাবে কোনোগুণে কম গুৰুত্বৰ নহয়৷ আধা-বয়সীয়া অধিকাৰী উপাধিধাৰী ভদ্ৰমহিলাৰ ভাৰতৰ সৈতে এক নিবিড় সম্পৰ্ক আছে৷ নিজৰ বৰকন্যাৰ স্বামীগৃহ ভাৰতৰ পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাত৷ উচ্চ মাধ্যমিকৰ পৰিক্ষা দি উঠি ছোৱালীজনী ভাৰতত থকা আত্মীয়ৰ ঘৰত ফুৰিবলৈ গৈছিল৷ তাতে ভাৰতীয় যুৱকৰ লগত প্ৰেম৷ এৰা, প্ৰেমে নিচিনে ঋষি-চন্ডাল; ছোৱালীজনীয়ে মনৰ মানুহজন সীমান্তৰ সিপাৰেহে বিচাৰি পালে৷ অধিকাৰী পৰিয়ালে বাধা নিদিলে, বৰঞ্চ ধুম-ধামেৰে ছোৱালীৰ বিয়া পাতি দিলে৷ ভাৰতীয় জোঁৱাই বা বিয়ৈ-বিয়নী লৈয়েই তেওঁ ক্ষান্ত থকা নাই৷ নিজৰ বৰপুত্ৰ পশ্চিমবঙ্গৰ কল্যাণী বিশ্ববিদ্যালয়ৰ গৱেষণাৰ ছাত্ৰ৷ আচলতে, ভাৰতৰ স’তে তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ ভাইশহুৰ নৰেন্দ্ৰ দুলাল অধিকাৰীয়ে নামনি অসমৰ এখন ঐতিহ্যমন্ডিত মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপকৰ গুৰু দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰিছে৷ কিন্তু ভাৰতৰ স’তে থকা তেওঁৰ সকলো সম্পৰ্কই মধুৰ নহয়৷ নিজৰ সম্পৰ্কীয় দেওৰেকে চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছত বাংলাদেশ অসামৰিক সেৱাৰ পৰীক্ষাত স্থান লাভ কৰিও ধৰ্মীয় বৈষম্যৰ বাবে মৌখিক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল৷ আজি তেওঁ ক’লকাতাত চিকিৎসা সেৱা আগ বঢ়াই টকা আৰু সন্মান দুয়োটাই ঘটি আছে৷ ই-ৰিক্সাত আমাৰ মুখামুখিকৈ বহি থকা মানুহজনে বিনা আমন্ত্ৰণে আলোচনাত ভাগ ল’লে৷ তেখেত পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ দিনহাটাৰপৰা আহিছে৷ তেওঁৰ দ্বিতীয় গৃহ দিনহাটাত৷ সিপাৰত থকা পৰিয়ালৰ সদস্যৰ লগত এমাহ কাল থাকি আহিল৷

বাংলাদেশৰ ভূমিত ভৰি ৰাখি প্ৰথম যি দুগৰাকী মানুহ লগ পালো, দুয়োগৰাকীৰ ভাৰতৰ লগত থকা এই অদ্ভূত সম্পৰ্কই মোক আচৰিত কৰি তুলিছিল৷ আচৰিত হোৱাৰ অন্যতম কাৰণ আছিল তেওঁলোকৰ সৰলতা৷ যিবোৰ কথা তেওঁলোকে মোক কৈ আছিল বা সঁচা অৰ্থত কৰি আছিল, সেইবোৰ ভাৰত বা বাংলাদেশৰ কোনো চৰকাৰেই কেতিয়াও স্বীকৃতি দিয়া নাই৷ প্ৰকৃতপক্ষে সেইবোৰ শাস্তিযোগ্য আইন-গৰ্হিত অপৰাধ৷ হয়, তেওঁলোকে জানে যে ভাৰতৰ লগত তেওঁলোকৰ সম্পৰ্ক বে-আইনী৷ কিন্তু তেওঁলোকে আজিও বিশ্বাস কৰে যে বাংলাদেশ হিন্দুৰ বাবে সুৰক্ষিত ঠাই নহয়৷ ৰাজনীতি নামৰ পাশাখেলত যিকোনো সময়ত তেওঁলোকক ব্যৱহাৰ কৰা হ’ব পাৰে৷ মোৰ মুখামুখিকৈ বহি মানুহজনে ৰাস্তাৰ কাষত থকা সু-বিস্তাৰিত সেউজীয়া ধাননি পথাৰলৈ আঙুলিয়াই কৈ গ’ল – “আজিৰ বাংলাদেশ দুখীয়াৰ দেশ নহয়৷ আমি ভাতৰ অভাৱত ভাৰতত ঘৰ সজা নাই৷ আজি শাক-পাচলিৰপৰা আৰম্ভ কৰি মাছ, মাংস, গাখীৰ সকলো আমি নিজে উৎপাদন কৰো৷” মানুহজনে হঠাৎ মোক সুধিলে, “আলু কিমানত কিনে আপোনালোকে?” মই বাংলাদেশলৈ যোৱাৰ আগতে হয়তো ৪০ টকাত কিনিছিলো৷ বাংলাদেশত সেই সময়ত প্ৰতি কিলোগ্ৰাম আলুৰ দাম ২৫ টাকা৷ ভাৰতীয় মুদ্ৰাত সেয়া আৰু কম হ’ব৷

নিজ মাতৃভূমিৰ গুণ বখানি মানুহজনৰ চকু উজ্জ্বল হৈ পৰিছিল৷ “ইয়াৰ পিছতো আপোনালোকে দেশ এৰি ভাৰতত কিয় ঘৰ সাজি আছে?” মোৰ প্ৰত্যক্ষ প্ৰশ্নত কিছু সচকিত হৈ মানুহজনে আকৌ কৈ গ’ল – এইটো সঁচা কথা যে বাংলাদেশৰ দৰে নদন-বদন দেশ এখন এৰি বেলেগত গৈ থাকিবৰ মন নেযায়, কিন্তু ইয়াত হিন্দুসকলৰ নিৰাপত্তা নাই৷ এটা নিৰ্বাচন পাৰ কৰা মানে যেন এটা জটিল পৰীক্ষাৰ দেওনা পাৰ কৰা৷ এক বিৰাট আশংকা ভৰা সময়৷ কোনেও পূৰ্বানুমান কৰিব নোৱাৰে যে বাংলাদেশৰ নিৰ্বাচনী পৰিক্ৰমাৰ মাজেৰ হিন্দুসলকৰ জীৱন আৰু সম্পত্তি সুকলমে পাৰ হৈ যাব পাৰিবনে নাই৷ সহযাত্ৰী অধিকাৰী বাইদেউৰ মতে – উত্তৰ বংগৰ হিন্দুৰ অৱস্থা তুলনামূলকভাৱে যথেষ্ট ভাল৷ যমুনাৰ সিপাৰে থকা হিন্দুৰ অৱস্থা আৰু শোচনীয়!

আমি ইতিমধ্যে পাটগ্ৰামৰ বাছ আস্থানত উপস্থিত হৈছিলো৷ ই-ৰিক্সাখন আৰু এবাৰ বিকট হুইছেল বজাই ৰৈ গ’ল৷ দুয়োজনকে ধন্যবাদ জনাই বাছ আস্থানৰ টিকট ঘৰৰপৰা হাতীবান্ধাৰ টিকট কাটি বাছত বহিলোঁ৷ যথা সময়ত বাছে যাত্ৰা আৰম্ভ কৰিলে৷ ঠেক ৰাস্তা৷ দুয়োকাষে সেউজীয়া ধাননি পথাৰ৷ পথাৰৰ মাজে মাজে শাৰী শাৰী ইউকেলিপ্টাছ গছ৷ আৰু অসংখ্য কাঠ ফলা কাৰখানা৷ কৃষিপ্ৰধান দেশত ইউকেলিপ্টাছ গছ নিশ্চয় শুভ লক্ষণ নহয়৷ লগতে জলবায়ু পৰিবৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ বাংলাদেশে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰা উচিত৷ যি কি নহওক, এইবাৰৰ বাছ যাত্ৰাত মোৰ সহযাত্ৰী এজন ওখ-পাখ সুঠাম পঞ্চাছোৰ্ধ্ব ব্যক্তি৷ বাংলাদেশ যান-বাহন আৰক্ষীৰ বিষয়া৷ পিন্ধনত শুধ বগা কামিজ, মূৰত নামাজী টুপী আৰু আতৰৰ সুন্দৰ সুৱাসত এজন ধাৰ্মিক মুছলমান বুলি অনুমান কৰাত মোৰ অসুবিধা নহ’ল৷ এজন বাংলাদেশী হিচাপে তেওঁ যথেষ্ট গৰ্বিত৷ লগতে ভাৰতৰ প্ৰতি এক বিৰাট শ্ৰদ্ধা আছে তেওঁৰ৷ ত্ৰিছ লাখ শ্বহীদ আৰু দুই লাখ নাৰীৰ ত্যাগৰ বিনিয়মত জন্ম লাভ কৰা স্বাধীন বাংলাদেশৰ প্ৰতিজন নাগৰিকে ভাৰতৰ প্ৰতি কৃতজ্ঞ হোৱাটো তেওঁ বিচাৰে৷ ভাৰত-বাংলাদেশ মৈত্ৰী বাহিনীৰ যৌথ কমান্ডাৰ লেফটেন্যান্ট জেনেৰেল জগজিৎ সিং অৰোৰাৰ বীৰত্বৰ কথা অনৰ্গল কৈ গ’ল৷ বিদেশত গৈ নিজ দেশৰ সেনাবাহিনীৰ সাহসিকতাৰ কাহিনী শুনি মোৰ বুকু সাতখন-আঠখন হৈ পৰিল৷

কিন্তু মোৰ এইবাৰৰ সহযাত্ৰীয়ে বাংলাদেশত কোনো সাম্প্ৰদায়িক বৈষম্য থকাৰ কথা মানি ল’ব নিবিচাৰে৷ “বাংলাদেশৰ সংবিধানে সকলোকে স্বাধীনভাৱে নিজৰ ধৰ্ম পালন কৰিবলৈ অনুমতি দিছে৷ বৰঞ্চ ভাৰততহে মুছলমানক গো-মাংস ভক্ষণ কৰাত বাধা আৰোপ কৰিছে।” মই তেওঁৰ অভিযোগ খন্ডন কৰিলোঁ যদিও আশ্বস্ত কৰিব নোৱাৰিলোঁ৷ তেওঁৰ মতে, বাংলাদেশৰ কিছু হিন্দু দেশখনৰ প্ৰতি আনুগত্যশীল নহয় আৰু বহুতে সময় আৰু সুযোগ লৈ চৰা দামত নিজৰ ঘৰ সম্পত্তি বিক্ৰী কৰি ভাৰতলৈ গৈ বাংলাদেশৰ বদনাম কৰে৷ তেওঁৰ লগত তৰ্ক কৰাৰ অভিপ্ৰায় মোৰ নাছিল৷
ইতিহাসৰ পাত লুটিয়ালে আমি দেখা পাওঁ যে দেশ বিভাজনৰ পিছত তেতিয়াৰ পূব পাকিস্তানৰপৰা বৃহৎসংখ্যক হিন্দু ভাৰতলৈ ঢাপলি মেলিছিল৷ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ভয়-ভীতি, ভূমি বেদখল, বৈষম্য আদি আছিল কাৰণ৷ মুক্তিযুদ্ধৰ সময়ত প্ৰায় এক কোটি বঙালী ভাৰতত আশ্ৰয় লৈছিল৷ চৰকাৰী তথ্য মতে স্বাধীন বাংলাদেশৰ জন্মৰ পিছত তেওঁলোক স্ব-গৃহলৈ উভতি যায়৷ কিন্তু স্বাধীন বাংলাদেশৰপৰাও হিন্দুসকলৰ প্ৰব্ৰজনৰ গতি অব্যাহত থাকে৷ বঙালী জাতীয়তাবাদী চেতনাৰ কোষত জন্ম লাভ কৰা বাংলাদেশৰ সংবিধানে দেশখনক ধৰ্ম-নিৰেপক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল যদিও দেশ স্বাধীন হোৱাৰ মাত্ৰ কেইবছৰমানৰ পিছতে ১৯৭৫ চনৰ আগষ্ট মাহৰ ১৫ তাৰিখত জাতিৰ জনক তথা তেতিয়াৰ ৰাষ্ট্ৰপ্ৰধান বঙ্গ-বন্ধু শ্বেখ মুজিবৰ ৰহমান সমন্বিতে তেওঁৰ পৰিয়ালৰ ১৮জনকৈ সদস্য-সদস্যাক হত্যা কৰি সামৰিক বাহিনীয়ে ৰাজপাট দখল কৰিছিল৷ নিজৰ গাদী ৰক্ষাৰ বাবে জিয়া-উৰ-ৰহমানে ধৰ্মীয় মৌলবাদক তুষ্ট কৰিবলৈ ১৯৭৭ চনত সংবিধানৰ ‘ধৰ্মনিৰপেক্ষতা’ৰ সলনি “সৰ্বশক্তিমান আল্লাহৰ ওপৰত পৰম আস্থা আৰু বিশ্বাস” সন্নিবিষ্ট কৰিছিল৷ জিয়াৰ পিছত, একনায়কত্ববাদী এৰশ্বাদে ‘ইছলাম’ক বাংলাদেশৰ ৰাষ্ট্ৰধৰ্ম হিচাপে ঘোষণা কৰিছিল৷

ভাৰতক বাংলাদেশৰ শত্ৰু আৰু হিন্দুক ভাৰতৰ দালাল হিচাপে প্ৰতিপন্ন কৰিবলৈ এৰশ্বাদ চৰকাৰ উঠি-পৰি লাগিছিল৷ বহুতৰ বাবে এয়া বাংলাদেশৰ মুক্তিযুদ্ধৰ চেতনাৰ পৰিপন্থী আছিল৷ পৰৱৰ্তী সময়ত এৰশ্বাদ-বিৰোধী জন-আন্দোলনে তাকেই প্ৰমাণিত কৰিছিল৷ সাম্প্ৰদায়িক মেৰুকৰণৰ লগতে কিছু ষ্ট্ৰাকচাৰেল অপচেষ্টাই বাংলাদেশী হিন্দু সমন্বিতে অন্যান্য সংখ্যালঘুসকলক বেছি ক্ষতি কৰিছিল৷ তাৰ ভিতৰত ‘শত্ৰু সম্পত্তি আইন, ১৯৬৫’ (পিছত ‘অৰ্পিত সম্পত্তি অধ্যাদেশ, ১৯৭৪’ নামেৰে নামকৰণ কৰা হৈছিল)৷ ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত পাকিস্তান চৰকাৰে হিন্দুৰ সম্পত্তি দখল কৰিবলৈ এই কুখ্যাত আইন প্ৰণয়ন কৰিছিল৷ বাংলাদেশৰ জনপ্ৰিয় বাতৰি কাকত ‘ডেইলি ষ্টাৰ’ৰ ২০০২ চনৰ ৬ জানুৱাৰিত প্ৰকাশিত এক বাতৰি মতে ১৯৬৪ চনৰপৰা ১৯৯১ চনৰ ভিতৰত উক্ত আইনৰ বাবে আনুমানিক ৫৩ লাখ মানুহ বা প্ৰতিদিনে ৫৩৮জনকৈ মানুহ বাংলাদেশৰপৰা প্ৰব্ৰজিত হৈছিল৷

পঞ্চগড় জিলাৰ বোদা উপজিলাৰ কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ত আমাৰ বাবে এক বিশেষ সভাৰ আয়োজন কৰিছিল৷ সভাত বাংলাদেশ অসামৰিক সেৱা বিষয়াৰ লগত হোৱা আলোচনা কালত বৰ্তমান বাংলাদেশত বসবাস কৰা সংখ্যালঘুসকলৰ অৱস্থাৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ যথেষ্ট পৰিবৰ্তন হৈছে৷ সংখ্যালঘু-সংখ্যাগুৰু সকলোৰে অৱস্থাৰ আগতকৈ ভাল হৈছে৷ তেওঁৰ আমোলাতান্ত্ৰিক জবাবত আমি সন্তুষ্ট হ’ব পৰা নাছিলোঁ৷ আমাৰ follow up প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে যে চৰকাৰৰ গুৰুত্বপূৰ্ণ আসনত বহি যদিও সকলো প্ৰশ্নৰ উত্তৰ দিয়া সহজ নহয়, কিন্তু এইটো সঁচা যে আজি দেশত এক পৰিবৰ্তন আহিছে৷ আজি কোনো হিন্দু নিৰ্যাতিত হৈ দেশান্তৰিত হ’ব লগা পৰিবেশ বাংলাদেশত নাই৷ তেওঁ অলপ আক্ষেপেৰেই ক’লে যে এনে বহু মানুহ আছে, যিসকলে বাংলাদেশত অপৰাধ সংগঠিত কৰি ভাৰতত আশ্ৰয় লয় আৰু চল চাই বাংলাদেশৰ বদনাম কৰে৷ আমি যি প্ৰতিষ্ঠানৰ আমন্ত্ৰণত বাংলাদেশলৈ গৈছিলোঁ, সেই প্ৰতিষ্ঠানে আদিবাসী আৰু পিছপৰা জনজাতিৰ অধিকাৰ ৰক্ষাৰ বাবে এক বিশেষ প্ৰকল্প ৰূপায়িত কৰি আছে৷ “ই এছ ডি অ’-প্ৰেমদীপ” নামৰ উক্ত প্ৰকল্পৰ আইনী উপদেষ্টা ইমৰান হুছেইনৰ লগত হোৱা এক দীঘলীয়া সাক্ষাৎকাৰত অৰ্পিত সম্পত্তি আইনৰ নামত কিদৰে অশিক্ষিত আদিবাসীসকলৰ ভূমি ‘বঙালী’সকলে হস্তগত কৰিছিল সেই কথা আমাক ধৈৰ্যসহকাৰে কৈ গৈছিল৷ ‘বঙালী’ বুলি কওঁতে তেওঁ ‘বঙালী মুছলমান’ আৰু ‘বঙালী হিন্দু’ দুয়োকে সাঙুৰি লৈছিল৷ বৰ্তমানৰ চৰকাৰে সেই ক’লা আইন বাতিল কৰি “অৰ্পিত সম্পত্তি প্ৰত্যাবৰ্তন আইন, ২০১০” প্ৰণয়ন কৰিছে৷ অধিবক্তা ইমৰানৰ নেতৃত্বত ইতিমধ্যে বহুতে হেৰুওৱা সম্পত্তি ওভতাই পাবলৈ সক্ষমো হৈছে৷ ইক’ছ’চিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্যনত ব্যৱস্থাপনা প্রশিক্ষণার্থী হিচাপে নিয়োজিত বিভূতিভূষণ সিনহাৰ মতে, হিন্দুসকল ভাৰতলৈ প্ৰব্ৰজিত হোৱাৰ কাৰণ কিছু পৰিমাণে মনস্তাত্ত্বিক৷ বাংলাদেশ জাতীয় বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সিনহাৰ মতে এজন হিন্দু হিচাপে ভাৰতৰ নাগৰিক হ’ব পৰাটো এটা মৰ্যাদাৰ কথা৷ সিনহাৰ কথাবোৰ কিছু খহটা অনুভৱ হ’লেও কিছুমান খণ্ডিব নোৱৰা উদাহৰণেৰে এটা গোটেই আবেলি মোক কাবু কৰি ৰাখিছিল৷ তেওঁৰপৰা পোৱা Clueৰ ভিত্তিত বিভিন্ন উৎসৰপৰা আমি গম পাইছিলোঁ যে এনেকি হিন্দু ধৰ্মাৱলম্বী এজন সন্মানীয় সংসদ সদস্যয়ো ভাৰতত মাটি কিনি ঘৰ সাজি ৰাখিছে!

২০০৯ চনৰ জানুৱাৰি মাহৰপৰা বাংলাদেশত শ্বেইখ হাছিনাৰ নেতৃত্বাধীন আৱামী লিগ চৰকাৰে বাহ্যিক দিশত যথেষ্ট পৰিবৰ্তন কৰা বুলি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহলত চৰ্চা লাভ কৰিছে৷ বিশেষকৈ ধৰ্মীয় মৌলবাদ নিৰ্মূল আৰু যুদ্ধ-অপৰাধীৰ বিচাৰ প্ৰক্ৰিয়াই গোটেই বিশ্বত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে৷ দিলৱাৰ হুছেইন ছাইদীৰ দৰে আন্তৰ্জাতিকভাৱে স্বীকৃত ইছলামিক পন্ডিতক যাৱৎজীৱন কাৰাদন্ডৰে দন্ডিত কৰাৰ সাহস কৰিছে৷ বহুতে আকৌ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰাইবুন্যালক পক্ষপাতদুষ্ট বুলি সমালোচনাও কৰিছে৷ কিন্তু এটা কথা অনস্বীকাৰ্য যে হাছিনা চৰকাৰে দেশখনত বসবাস কৰা সংখ্যালঘুসকলৰ নিৰাপত্তাৰ এক স্থায়ী পৰিবেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ ১৯৭৭ চনত অৱলুপ্তি ঘটা ‘ধৰ্মনিৰপেক্ষতা’ক সংবিধান সংশোধনৰ জৰিয়তে আকৌ সন্নিবিষ্ট কৰি উদাৰতা প্ৰকাশ কৰাৰ লগতে দেশখনত গণতন্ত্ৰক মজবুত কৰাৰ প্ৰয়াস কৰিছে৷ এইখিনিতে উল্লেখ কৰা বাঞ্ছনীয় যে ‘ইছলাম’ এতিয়াও বাংলাদেশৰ ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃত হৈ আছে৷ বাংলাদেশী সংবিধানৰ এই অদ্ভূত পৰস্পৰ-বিৰোধী স্থিতিৰ বিষয়ে দেশখনৰ আগশাৰীৰ সাংবাদিক তথা লিখক হাৰুণ হাবিব চাহাবৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিলোঁ৷ হাবিব চাহাবৰ মতে, বাংলাদেশৰ সংবিধান সম্পূৰ্ণ ধৰ্ম-নিৰপেক্ষ কৰিবলৈ এতিয়াও বাকী আছে, তথাপিও সংশোধনবোৰ (১৫তম) যথেষ্ট বৈপ্লৱিক আৰু মুক্তিযুদ্ধৰ চেতনাৰে উদ্বুদ্ধ আছিল৷

United Nations Human Rights Councilঅৰ ২০১৩ চনৰ বাংলাদেশৰ Periodic Reviewৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে, বাংলাদেশ চৰকাৰে পঞ্চদশ সংবিধান সংশোধনীৰ জৰিয়তে কেৱল ধৰ্মনিৰপেক্ষতাক এটি মূলনীতি হিচাপে ঘূৰাই অনা নাই, বৰঞ্চ প্ৰত্যেক সংখ্যালঘু ধৰ্মাৱলম্বীৰ বাবে পুঁজিৰো আবন্টন দিছে৷ উক্ত প্ৰতিবেদনত চৰকাৰৰ উদ্ধৃতি দি কোৱা হৈছে যে “প্ৰত্যেক নাগৰিকে নিজ নিজ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, কিন্তু উৎসৱ সকলোৰে বাবে৷” যি সময়ত পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰত সুশাসনৰ নামত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ বৰদিনৰ ছুটী বাতিল কৰা হ’ল সেই সময়ত বাংলাদেশৰ এই প্ৰতিবেদন পঢ়ি লজ্জা অনুভৱ কৰাৰ বাহিৰে আমি আৰু কি কৰিব পাৰো?

প্ৰতিবেদনটোৱে আৰু উল্লেখ কৰে যে কক্সবাজাৰ জিলাৰ ৰামু আৰু তাৰ পাৰ্শ্বৱৰ্তী এলেকাৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ অপৰাধীক কৰায়ত্ত কৰাৰ লগতে, কৰ্তব্যত অৱহেলা কৰা নিৰাপত্তাৰক্ষীৰ ওপৰতো ব্যৱস্থা লোৱা হৈছে৷ ক্ষতিগ্ৰস্ত হোৱা ধৰ্মীয় স্থানসমূহ চৰকাৰী ব্যয়ত পুনৰ্নিৰ্মাণৰ ব্যৱস্থা কৰিছে৷ আমি আমাৰ দেশৰ সংখ্যালঘুৰ নিৰাপত্তাৰ খাতিৰত ইয়াৰ কিঞ্চিতো আশা কৰিব পাৰিম নে? ১৯৮৩ চনৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটীৰপৰা এঘন্টাৰ দূৰৈত দিন-দুপৰত তিনি সহস্ৰাধিক মুছলমানক হত্যা কৰা হৈছিল, কিন্তু আমাৰ তথাকথিত ধৰ্মনিৰপেক্ষ বৃহত্তম গণতন্ত্ৰই এজন অপৰাধীকো শাস্তি দিব নোৱাৰিলে৷ যি সময়ত অসমৰ বি টি এ ডিৰপৰা উদ্বাস্তু হোৱা সংখ্যালঘু নাগৰিকসকলক পুনৰ্বাসনৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰিলে; সেই সময়ত বাংলাদেশৰপৰা ত্ৰিপুৰাত আশ্ৰয় লৈ থকা চাকমা শৰণাৰ্থীসকলক ঘূৰাই নিবলৈ বাংলাদেশ চৰকাৰে প্ৰচেষ্টা চলাই আছে৷ ইতিমধ্যে ১২,২২২জন জনজাতীয় লোকক ওভতাই নিয়াৰ যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে৷

আজিৰ সংখ্যাত আৰু বিশেষ লিখিব বিচৰা নাই৷ পৰৱৰ্তী সংখ্যাত বাংলাদেশৰ আৰ্থ-সামাজিক তথা মানৱ উন্নয়নৰ ওপৰত আলোকপাত কৰি আমাৰ অভিজ্ঞতা আলোচনা কৰাৰ চেষ্টা কৰিম৷

References:
Choudhury, I. U. (2009). Caste-based Discrimination in South Asia: A Study of Bangladesh. New Delhi: Indian Institute of Dalit Studies.
Council, U. N. (2013). UPR Bangladesh 2013. Dhaka: Human Rights Forum, Bangladesh.
De, S. (2005). Illegal Migrations and the North East. Kolkata: Maula Abul Kalam Azad Institute of Asian Studies, Kolkata.
Hamid, M. (2014, November 21). ‘why migration is a fundamental human right’. Retrieved January 18, 2015, from The Guardian: http://www.theguardian.com/books/2014/nov/21/mohsin-hamid-why-migration-is-a-fundamental-human-right
United States Commission on International Religious Freedom (2006). Policy Focus, Bangladesh. Washington: United States Commission on International Religious Freedom.
The Daily Star. (2014, August 15). ‘BANGABANDHU AND LAPSES IN HIS SECURITY’. Retrieved January 20, 2015, from The Daily Star: http://www.thedailystar.net/the-star/bangabandhu-and-lapses-in-his-security-36973
গুহ, অ. (2011, January). ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সমাজত বহিৰাগত : এক দৃষ্টিপাত’. জাগৰণ, চৰ-চাপৰি সাহিত্য পৰিষদ, অসম।

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰব্ৰজন : অপৰাধ নে অধিকাৰ?- ( আব্দুল কালাম আজাদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *