অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (তৃতীয় সংখ্যা)

তিনিটা প্ৰতিবাদী কবিতাৰ অনুবাদ-( কিশোৰ কুমাৰ দাস)

স্ফীতি – মূল: Inflation (Inflacion)
কবি: নিকানোৰ পাৰা

ৰুটীৰ দাম বাঢ়িছে

সেয়েহে ৰুটীৰ দাম আকৌ বাঢ়িছে

ৰুমৰ ভাড়া বাঢ়িছে

আৰু ইয়াৰ বাবেই অইন সকলো ভাড়া বাঢ়িছে

কাপোৰৰ দাম বাঢ়িছে

সেয়েহে কাপোৰৰ দাম আকৌ বাঢ়িছে।

.

উপায়হীনভাৱে

আমি বন্দী এক চক্ৰবেহুত।

বন্দীশালত খাদ্য আছে।

পৰ্যাপ্ত নহয় যদিও তাত খাদ্য আছে।

বাহিৰত মাথোঁ স্বাধীনতাৰ ভোক।


তাত ক্ষমা বুলি কোনো কথা নাই
মূল: পাবলো নেৰুডা

মই বিচাৰো মাটি, জুই, ৰুটী, চেনি, ঘেঁহু, সাগৰ, কিতাপ

আৰু সকলোৰে বাবে মাতৃভূমি

সেয়েহে ভাবোঁ

আচৰিত হওঁ

ঠগজনে পুহি ৰখা শিকাই লোৱা বান্দৰসকলে

বাৰে বাৰে চেষ্টা কৰে মোৰ নামত বোকা লগাবলৈ।

আৰু মই তেওঁৰ সৈতে গৈছিলোঁ,

যিয়ে খনিটোলৈ বাট দেখুৱাই লৈ গৈছিল

লৈ গৈছিল পাহৰণিৰ মৰুভূমিলৈ,

তেওঁৰ লগত মই গৈছিলোঁ আৰু মোৰ দুৰ্ভগীয়া ভাতৃসকলক কৈছিলোঁ:

তোমালোকে পুৰণি কাপোৰৰ সূতাবোৰ সংৰক্ষণ নকৰিলা, নহ’লে নাপালাহেঁতেন এই যে আজিৰ ৰুটী হীন দিনটো, তোমালোকক ব্যৱহাৰ কৰিলেহেঁতেন দেশৰ সন্তান ৰূপে।

এতিয়া আমি ভগাবলৈ যাম সৌন্দৰ্য আৰু কোনো মাতৃয়ে তেওঁলোকৰ সন্তানৰ বাবে নাকান্দিব

আৰু প্ৰেম বিতৰণৰ বাহিৰে তেওঁলোকে ৰাতিটোৰ ভিতৰতে লৈ যায় সেই একেজন মানুহকে ভোক আৰু মৃতকক ৰখা কোঠালিটোলৈ,

যিয়ে তেওঁৰ নজৰ ৰাখে আৰু আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায় তেওঁৰ শক্তিশালী গছজোপাৰ শক্তি আৰু মহানুভৱতা,

তেতিয়া মই শাসকৰ পক্ষৰ নাছিলোঁ, আছিলোঁ নামহীন মানুহবোৰৰ সৈতে, মোৰ মানুহখিনিৰ সৈতে।

দেশখন নিজাকৈ বিচাৰোঁ, দেশৰ সকলোতে সমানেই পোহৰ পৰাটো মই বিচাৰোঁ।

দিনটোৰ আৰু নাঙলৰ প্ৰেম মই বিচাৰোঁ, তেওঁলোকে মানুহক ৰুটীৰ পৰা আঁতৰাবলৈ ঘৃণাৰে অঁকা বিভাজনৰ চিনডাল মই মচিব বিচাৰোঁ

আৰু যিজনে দেশৰ চিনডাল জেইলাৰৰ দৰে সলনি কৰিব বিচাৰিছে, হাত কেৰেয়া লগাই যিসকলে দুখ দিব বিচাৰিছে,

এয়া মই গাবলৈ বা স্তব্ধ কৰিবলৈকো নাযাওঁ

যাম তেওঁলোকৰ সংখ্যা আৰু নামবোৰ লজ্জাৰ দেৱালখনত চিৰদিনৰ বাবে লগাই থ’বলৈ।।


বিশ্বাসঘাতক
মূল: পাবলো নেৰুডা

এই সকলো ধ্বংসৰ চূড়াত থাকে হাঁহিমুখীয়া এক ভণ্ড শাসক

যি থু পেলাই দিয়ে লাঞ্ছিত শ্ৰমিকৰ আশাত।

প্ৰতিখন দেশৰেই নিজাববীয়া দুখ থাকে,

থাকে প্ৰতিটো বিপ্লৱৰে শাৰীৰিক মানসিক কষ্ট,

কিন্তু আহা আৰু মোক কোৱা তেজ শোহাসকলৰ কথা

সহ্যৰ সীমা নেওচা দিয়া, ঘৃণাৰ মুকুট পিন্ধা, শাস্তি দিবলৈ সেউজীয়া দণ্ড লৈ থকা শাসক আছেনে অইন দেশতো?

.

তেওঁৰ হাঁহি আৰু আশ্বাস, লেতেৰা শোষণৰ দণ্ড, দুখীয়াৰ মূৰত ওপৰত কৰা নৃত্য, দুখৰ ভেঙুচালি!!

.

আৰু যেতিয়া দুৰ্ভগীয়া আৰু হতভগাসকলৰ ক’লা চকুবোৰ অনৈতিক ভাৱে জেইলত থূপ খাই থাকে, তেওঁ জাক-জমক সাজ-সজ্জাৰে নৃত্য কৰে।

.

কিন্তু ক’লা চকুবোৰে তেতিয়াও ক’লা আন্ধাৰত ৰ লাগি চাই থাকে।

.

তুমি কি কৰিছা? তোমাৰ শব্দবোৰ কেতিয়াবা ওলাইছেনে বাৰু শ্ৰমিক ভাতৃসকলৰ বাবে?

লাঞ্ছিত সকলৰ হকে?

নিজৰ মানুহখিনিৰ বাবে আৰু তেওঁলোকৰ ৰক্ষাৰ বাবে?

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *