প্ৰসংগ : ব্ৰাহ্মণ্যবাদ-(ড০ খগেশ সেন ডেকা)

এটা কথাত প্ৰায় সকলো একমত যে ব্ৰাহ্মণ পুৰোহিত আৰু শাস্ত্ৰকাৰসকলৰ দ্বাৰা প্ৰৱৰ্তিত কিছুমান বিশ্বাস আৰু আচাৰ-অনুষ্ঠানেই ব্ৰাহ্মণ্যবাদ৷ জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণ সমাজৰ প্ৰতিপত্তিয়ে এই বাদক যুগ যুগ ধৰি কঢ়িয়াই লৈ আহিছে ৷ কথাষাৰ অস্বীকাৰ কৰিবলৈ টান ৷ মনুস্মৃতিত ব্ৰাহ্মণৰ বাহিৰে বাকী কুলৰ মানুহক কেনে ব্যৱহাৰ কৰিব লাগিব তাৰ কেতবোৰ উদ্ভট নিৰ্দেশো আছে ৷ সেয়ে হ'লেও, সেয়াই ব্ৰাহ্মণ্যবাদ—একে আষাৰে তেনে কথা মানি ল'বলৈ টান হয়৷ কাৰণ, "বাদ" (Ism) এটা হ'বলৈ তাৰ এক তাত্ত্বিক বা দাৰ্শনিক ভিত্তি থাকিব লাগিব৷ এই তাত্ত্বিক ভিত্তিটো ক'ত নিহিত হৈ আছে, তাৰ যথাৰ্থ বিচাৰেহে বিষয়টো বুজাত আমাক সহায় কৰিব৷ তাৰ বাবে আমি অতীতৰ বুকুলৈ, আৰ্য সমাজে ভাৰতৰ বুকুত খোপনি লোৱা দিনলৈ উভতি যাব লাগিব৷ পুনৰ কৈছোঁ, ওপৰত উনুকিয়াই অহা পণ্ডিতসকলে দিয়া ব্ৰাহ্মণ্যবাদৰ ব্যাখ্যা মই অস্বীকাৰ কৰা নাই৷ মাত্ৰ ব্ৰাহ্মণ কুলৰ পৰা এই বিশেষ বাদটো আহিছে, তেনে কথা মানি ল'বলৈহে টান পাইছোঁ৷

বেদ যে চাৰিখন—ঋক, সাম, যজুঃ আৰু অথৰ্ব—সেয়া সকলোৱে জনা কথা৷ ইয়াৰ ভিতৰত ঋগ্বেদক সবাতো প্ৰাচীন বোলা হৈছে ৷ এই চাৰিও বেদৰে চাৰিটাকৈ ভাগ আছে— সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ৷ সংহিতাত বেদৰ মন্ত্ৰসমূহ আছে ৷ ই ছন্দোবদ্ধ ৷ ইয়াৰ স্তোত্ৰসমূহ সুৰ ধৰি কোৰাছ পদ্ধতিৰে গোৱা হৈছিল৷ বৈদিক যুগৰ ভাষাটোও সুৰ (Pitch accent)-ৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল৷ পৰৱৰ্তী সময়ৰ সংস্কৃত ভাষাত কিন্তু শ্বাসাঘাত পদ্ধতি (Stress accent)-হে লক্ষ্য কৰা যায় ৷ বেদসমূহ শ্ৰুতিৰূপে মানুহৰ মুখ বাগৰি চলি আহিছিল৷ সময়ত ইয়াৰ ভাষা পৰিৱৰ্তিত হ'বলৈ ধৰাত আৰ্য-সমাজ শংকিত হৈ পৰে আৰু তাৰ শুদ্ধ পাঠ-নিৰ্ণয়ৰ চেষ্টাত ৰত হয়৷ ইয়াক কোৱা হৈছে সংহিতাৰ পদপাঠ নিৰ্ণয়৷ তাৰ পাছত প্ৰতিটো শাখাত সংৰক্ষিত পাঠ শুদ্ধভাৱে নিৰূপণ কৰিবলৈ প্ৰাতিশাখ্যৰ সৃষ্টি হয়৷ অকল বেদৰ ভাষাৰ শুদ্ধৰূপ নিৰ্ণয় কৰিবলৈ আৰু তাক অপৰিৱৰ্তিত ৰূপত সংৰক্ষণ কৰিবলৈ বহু অতীততে ভাৰতবৰ্ষত ভাষা-চিন্তাৰ জন্ম হৈছিল৷ ষড় বেদাংগৰ চাৰিটা অংগ—শিক্ষা, কল্প, নিৰুক্ত আৰু ব্যাকৰণে তাৰ সাক্ষ্য বহন কৰি আছে৷ এই চাৰি শাস্ত্ৰ পোনপটীয়াভাৱে ভাষা-চিন্তাৰ সৈতে জড়িত৷ তদুপৰি সকলো শিষ্যই গুৰুগৃহত সুদীৰ্ঘ বাৰ বছৰ কাল অকল ব্যাকৰণ অধ্যয়ন কৰিব লাগিছিল (দ্বাদশভিঃ বৰ্ষৈঃ ব্যাকৰণং শ্ৰূয়তে)৷ ভাষাৰ বিশ্লেষণ বুজাবলৈ "ব্যাকৰণ" শব্দটো প্ৰথমে "গোপথ ব্ৰাহ্মণ"-তে অৰ্থাৎ বেদৰ ব্ৰাহ্মণ খণ্ডতে প্ৰথম উল্লেখ হৈছিল৷ এনে ঘটনাই বেদৰ প্ৰসংগত প্ৰাচীন ভাৰতীয় আৰ্য-সমাজ কিমান সংৰক্ষণশীল আছিল তাৰে প্ৰমাণ দাঙি ধৰে৷

বেদৰ দ্বিতীয় ভাগ ব্ৰাহ্মণত সংহিতাত থকা মন্ত্ৰবোৰৰ প্ৰায়োগিক দিশবোৰৰ উল্লেখ আছে ৷ অৰ্থাৎ, যাগ, যজ্ঞ, পূজা, পাতল আদি কেনেদৰে কৰা হ'ব, তাৰ পুংখানুপুংখ বিৱৰণেই হ'ল ব্ৰাহ্মণ ৷ ই সম্পূৰ্ণৰূপে গদ্যত ৰচিত ৷ কাৰণ ক্ৰিয়া-কৰ্মৰ বিধি বা নিয়ম-কানুনৰ বাবে পদ্য ছন্দৰ কোনো প্ৰয়োজন নাছিল ৷

বেদৰ তৃতীয় ভাগ আৰণ্যক অৰণ্যৰ বুকুত আশ্ৰম পাতি বসবাস কৰা ঋষি-মুনিসকলৰ দ্বাৰা ৰচিত হৈছিল বুলি কোৱা হৈছে৷ আনহাতে, বেদৰ অন্তিম ভাগ উপনিষদৰ ৰচক হৈছে ক্ষত্ৰিয়সকল৷ ইয়াত সংহিতা আৰু ব্ৰাহ্মণ স্তৰৰ বহু দেৱ-দেৱীৰ বিপৰীতে এক ব্ৰহ্ম বা এক ঈশ্বৰৰ ধাৰণা আছে৷ উপনিষদৰ ধ্যান-ধাৰণা উত্তৰ মীমাংসা বা নামান্তৰে বেদান্তৰূপে জনাজাত৷ বাদৰায়ণ ব্যাসে বেদ সংকলনৰ সময়ত মাত্ৰ কেইটামান শ্লোকত উপনিষদৰ ব্ৰহ্ম সম্পৰ্কীয় ধ্যান-ধাৰণা সংকলিত কৰি থয় আৰু মধ্যযুগত এই ব্ৰহ্মসূত্ৰৰ ব্যাখ্যাৰ আধাৰত ভাৰতবৰ্ষত শংকৰাচাৰ্য, ৰামানুজাচাৰ্য, মধ্বাচাৰ্য, বল্লভাচাৰ্য, নিম্বাৰ্কাচাৰ্য আদিৰ হাতত ব্যাপক ৰূপত ভক্তি-আন্দোলন গঢ় লৈ উঠে৷ জীৱ আৰু ব্ৰহ্মৰ সম্পৰ্কৰ ব্যাখ্যাৰ আধাৰত উল্লিখিত আচাৰ্যসকলে অদ্বৈতবাদ, বিশিষ্টাদ্বৈতবাদ, দ্বৈতবাদ, শুদ্ধাদ্বৈতবাদ, দ্বৈতাদ্বৈতবাদ আদি মত প্ৰতিষ্ঠা কৰে৷

একেই উচ্চ শ্ৰেণীৰ হোৱা সত্ত্বেও ক্ষত্ৰিয় সমাজে একেশ্বৰবাদী ধাৰণা সম্বলিত উপনিষদসমূহ কিয় ৰচনা কৰিবলগীয়া হ'ল তাৰ এক ঐতিহাসিক কাৰণ আছে৷ আৰ্য সমাজে দৈনন্দিন জীৱন-প্ৰৱাহ সহজ কৰি তুলিবলৈ পোনতে কৰ্মানুসাৰে বৰ্ণ (Class) বিভাজন কৰি লৈছিল৷ শ্ৰীমদ্ভগৱদ্গীতাতো গুণ আৰু কৰ্ম অনুযায়ী "চতুৰ্ৱৰ্ণং ময়া সৃষ্টম্" বুলি কৃষ্ণৰ মুখেৰে ব্যক্ত কৰা হৈছে৷ এই অনুযায়ী অধ্যয়নপিপাসু, যাগ-যজ্ঞ সম্পন্ন কৰিব পৰাসকলক ব্ৰাহ্মণ আখ্যা দিয়া হ'ল৷ বেদৰ প্ৰায়োগিক দিশটোৰ সৈতে জড়িত হোৱা বাবেই সম্ভৱতঃ সেই শাস্ত্ৰানুসাৰে তেওঁলোকক ব্ৰাহ্মণ আখ্যা দিয়া হৈছিল৷ আনহাতে তেতিয়াও নিয়ন্ত্ৰণলৈ নহা আৰ্যভিন্ন থলুৱা লোকসকলৰ সৈতে প্ৰতিনিয়ত যুঁজ-বাগৰ চলিয়েই আছিল৷ সিসকলক দমন কৰিবৰ বাবে শাৰীৰিকভাৱে শক্তিশালী লোকৰ আৱশ্যক হৈছিল৷ যিসকলে সেই কৰ্মৰ দায়িত্ব লৈছিল, তেওঁলোকক ক্ষত্ৰিয় বোলা হৈছিল৷ বৈশ্য বৰ্ণৰ ভাগ এটা কৰা হৈছিল যদিও, প্ৰথমাৱস্থাত সেই বৰ্ণৰ লোক কিছু সীমিত আছিল৷ কাৰণ বাণিজ্যত নিয়োগ কৰিব পৰাকৈ কৃষিৰ পৰা আহৰিত উদ্বৃত্ত ধন নিচেই সীমিত আছিল৷ মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ সময়তহে এই শ্ৰেণীটোৱে প্ৰবলৰূপে আত্মপ্ৰকাশ কৰিছিল৷ বাকী শূদ্ৰসকল হ'ল আৰ্যসকলৰ ওচৰত শৰণ লোৱা স্থানীয় অধিবাসী, যাক মূলতঃ কৃষি-কৰ্মত নিয়োগ কৰা হৈছিল৷

প্ৰথমাৱস্থাত শিশুৰ স্বভাৱ-চৰিত্ৰ পৰীক্ষা কৰি সেই শিশুক ব্ৰাহ্মণ বা ক্ষত্ৰিয় বৰ্ণৰ অন্তৰ্ভুক্ত কৰা হৈছিল৷ পাছলৈ কিন্ত সেই ব্যৱস্থা টিকি নাথাকিল৷ সি হৈ পৰিল জন্মস্বত্ব, যাক কোৱা হ'ল জাত (Caste)৷ অৰ্থাৎ ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ, ক্ষত্ৰিয়ৰ সন্তান ক্ষত্ৰিয় এনে নিয়ম প্ৰযোজ্য হ'ল৷ সেইবাবেই কোৱা হয় ভাৰতীয় সমাজত Caste আৰু Class একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি৷ মুঠতে লাহে লাহে ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকল উচ্চ জাতৰ আৰু বাকী বৈশ্য আৰু শূদ্ৰসকল আপেক্ষিকতাৰ তুলাচনীত নিম্ন জাতৰ হিচাপে পৰিগণিত হৈছিল৷ তাৰ ভিতৰতো শূদ্ৰসকলক প্ৰায় ইতৰ প্ৰাণীৰ দৰে ব্যৱহাৰ কৰা হৈছিল৷

সি যি কি নহওক, এটা সময়ত যুঁজ-বাগৰৰ অন্ত পৰে৷ সমাজলৈ কিছু সুস্থিৰতা আহে৷ যুঁজৰ পৰা আহৰি পাই ক্ষত্ৰিয়সকলে উভতি চাই দেখিলে, ব্ৰাহ্মণসকলে সমস্ত জ্ঞানৰ ভাণ্ডাৰ কুক্ষিগত কৰি লৈছে৷ তেওঁলোক অবিহনে বৈদিক ক্ৰিয়া-কৰ্ম কৰাটো এতিয়া অসম্ভৱপ্ৰায়৷ এনেকি অস্ত্ৰবিদ্যা বা ধনুৰ্বিদ্যাও তেওঁলোকেই হস্তগত কৰিছিল (কিছু পাছৰ যুগৰ মহাভাৰতৰ অন্যতম চৰিত্ৰ কুৰু পিতামহ ভীষ্মই ব্ৰাহ্মণ গুৰু পৰশুৰামৰ ওচৰত অস্ত্ৰশিক্ষা লোৱা, দ্ৰোণাচাৰ্যক কুৰু-পাণ্ডৱৰ অস্ত্ৰগুৰুৰূপে নিয়োগ কৰা কাৰ্যই সেই কথাকে সমৰ্থন কৰে)। তদুপৰি, ব্ৰাহ্মণসকলে যিকোনো প্ৰকাৰৰ কঠিন শ্ৰমৰ সৈতে নিজক জড়িত হ'ব নলগীয়াকৈ নিয়ম বান্ধিছে৷ আন কথাত ব্ৰাহ্মণকুলে এক পৰিশ্ৰমহীন আৰামপ্ৰদ জীৱন কটোৱাৰ উপায় উলিয়াই লৈছে৷ এনে ঘটনাই ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত সংঘাত অৱশ্যম্ভাৱী কৰি তোলে৷ তাৰ উদাহৰণ শংকৰদেৱৰ কীৰ্তন পুথিতে আছে—

"ভৈলাহা পৰশুৰাম নামে অৱতাৰ৷
নিক্ষত্ৰিয় কৰি ভূমি তিনি সাতবাৰ৷৷"

অৰ্থাৎ, পৰশুৰামে সৰ্বমুঠ একৈশবাৰ ভ্ৰমি পৃথিৱীৰ বুকুৰ পৰা ক্ষত্ৰিয় জাতি নিঃশেষ কৰাৰ অভিযান চলাইছিল৷ এই ঘটনাই ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ বিৰোধকে সূচায়৷ মনত ৰখা ভাল পৰশুৰাম আছিল ব্ৰাহ্মণ৷ ঘটনাটি এনে ধৰণৰ:
পৰশুৰামৰ পিতৃ জমদগ্নি ঋষিৰ আশ্ৰমলৈ এদিনাখন ক্ষত্ৰিয় বীৰ কাৰ্তবীৰ্যাৰ্জুনৰ সসৈন্যে আগমন ঘটে৷ ঋষিয়ে যথাসাধ্য তেওঁলোকক কোনো বিচ্যুতি নোহোৱাকৈ আপ্যায়ন কৰে৷ জমদগ্নি মুনিৰ হেনো যি বিচাৰে তাকে দিব পৰা এজনী কামধেনু আছিল৷ তাৰ যহতে তেওঁ ৰজাক সৈন্য সমন্বিতে শুশ্ৰূষা কৰিবলৈ সমৰ্থ হৈছিল৷ কাৰ্তবীৰ্যাৰ্জুনে সেই গাইজনী বিচৰাত ঋষিয়ে অস্বীকাৰ কৰে৷ তেতিয়া তেওঁ ঋষিক হত্যা কৰি গাইজনী বলপূৰ্বক লৈ আহে৷ সন্ধিয়া উভতি আহি পিতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰি গোটেই ঘটনা গম পাই জমদগ্নি-পুত্ৰ পৰশুৰামে পৃথিৱীৰ বুকুৰ পৰা ক্ষত্ৰিয় জাতি নিশ্ছিন্ন কৰাৰ প্ৰতিজ্ঞা লয়৷ পৰশুৰামে কাৰ্তবীৰ্যাৰ্জুনক পুলিয়ে পোখাই উভলাৰ উপৰি সমগ্ৰ ক্ষত্ৰিয় কুলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাটোৱে ব্ৰাহ্মণ-ক্ষত্ৰিয়ৰ বিৰোধৰ ইংগিত বহন কৰে৷ পাছলৈ এই দুই উচ্চবৰ্ণৰ মাজত স্বাভাৱিকতে আপোচ হয়৷ ক্ষত্ৰিয়ই ক্ষমতাৰ ৰাজদণ্ড হাতত লয় আৰু ব্ৰাহ্মণসকল তেওঁলোকৰ পৰামৰ্শদাতা হৈ উঠে৷ এই দুয়ো মিলি বাকীসকলৰ ওপৰত অবাধ শাসন-শোষণ চলাই যায়৷ ৰামায়ণত বিশ্বামিত্ৰ মুনিয়ে যজ্ঞ বিনষ্টকাৰী অসুৰসকলক দমন কৰিবলৈ ক্ষত্ৰিয় বীৰ অযোধ্যাপতি দশৰথৰ ওচৰত সহায় ভিক্ষা কৰা, ৰজা দশৰথে পুত্ৰ ৰাম-লক্ষ্মণক সেই কাৰ্য সাধনৰ বাবে প্ৰেৰণ কৰা আৰু ৰাম-লক্ষ্মণে তাৰকা ৰাক্ষসীকে ধৰি বিভিন্ন অসুৰক দমন কৰা কাৰ্যই তৎকালীন সমাজৰ উচ্চ শ্ৰেণী ব্ৰাহ্মণ-ক্ষত্ৰিয়ই আপোচ-মিলনেৰে সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ ওপৰত শাসন-শোষণেৰে অত্যাচাৰ কৰাৰে ইংগিত বহন কৰে৷ মগধৰ উত্থানৰ সময়ত বুদ্ধৰ মতবাদে সাময়িকভাৱে এই ব্যৱস্থাত কিছু যতি আনিছিল যদিও, মৌৰ্যসকলৰ পতনৰ পাছত গুপ্তযুগত নতুন ৰূপত বৈদিক ধ্যান-ধাৰণাৰ আৱিৰ্ভাৱ ঘটে আৰু পুনৰ পূৰ্বৰ অৱস্থালৈ কিছু সালসলনিৰে প্ৰত্যাৱৰ্তন ঘটে৷ বৌদ্ধশাস্ত্ৰ ধম্মপদৰ মতে জন্ম, জটা বা গোত্ৰত কোনো ব্ৰাহ্মণ নহয়, যিজন সত্য আৰু ধৰ্মত (বৌদ্ধধৰ্মত) অবিচল, তেৱেঁই ব্ৰাহ্মণ৷

সৰ্বশেষত এই সিদ্ধান্তলৈ অহা যায় যে ব্ৰাহ্মণ্যবাদ হ'ল বেদৰ ব্ৰাহ্মণ অংশত বৰ্ণিত বৈদিক ক্ৰিয়া-কৰ্মৰ নিয়ম-কানুন বা সেই শাস্ত্ৰত বিধৃত তত্ত্ব৷ সেই তত্ত্ব ক্ষত্ৰিয়সকলৰ সহযোগত ব্ৰাহ্মণ পুৰোহিতসকলৰ জৰিয়তে প্ৰৱাহিত হৈছিল, আজিও হৈ আছে৷ গতিকে ব্ৰাহ্মণ্যবাদ পৰিভাষাটো মূলতঃ বেদৰ ব্ৰাহ্মণ অংশৰ লগতহে জড়িত ৷ পোনপটীয়াকৈ ব্ৰাহ্মণ সমাজৰ লগত নহয়৷

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰসংগ : ব্ৰাহ্মণ্যবাদ-(ড০ খগেশ সেন ডেকা)"

Leave a Comment

Your email address will not be published. Required fields are marked *