প্ৰসংগ : জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু চৰ-চাপৰিবাসী মুছলমান (আব্দুৰ ৰহিম)

যিকোনো দেশ এখনৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাটো উদ্বেগৰ কাৰণ৷ আমাৰ দেশত যেতিয়াই ধৰ্মভিত্তিক লোকপিয়লৰ পৰিসংখ্যা প্ৰকাশ হয় তেতিয়াই সংবাদ মাধ্যমত মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাতৰি বৰকৈ প্ৰচাৰ হয়৷ ২০১১ চনৰ লোকপিয়লৰ তথ্যতো ভাৰতৰ মুছলমানৰ জনসংখ্যা আন ধৰ্মাৱলম্বী লোকৰ তুলনাত বেছি বুলি প্ৰকাশিত হৈছে৷ উল্লেখ্য যে মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধি কেৱল অসম আৰু ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই দেখিবলৈ পোৱা গৈছে৷ অহা এশ বছৰৰ ভিতৰত ইউৰোপ মহাদেশৰ কেবাখনো দেশ মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিব বুলি অনুমান কৰা হৈছে৷

মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে আন ধৰ্মাৱলম্বী লোকক যথেষ্ট পৰিমাণে আতংকিত কৰি তুলিছে৷ প্ৰায়েই মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ লগত ধৰ্মীয় আগ্ৰাসনৰ গোপন পৰিকল্পনা আৰু উগ্ৰ ইছলামিক সাম্ৰাজ্যবাদৰ সম্পৰ্ক থকা বুলি সন্দেহ আৰু প্ৰচাৰ কৰা হয়৷ সম্প্ৰতি ইৰাক আৰু ছিৰিয়াত গঠিত হোৱা ইছলামিক ষ্টেটৰ সন্ত্ৰাসী সকলে কুৰ্দ, খ্ৰীষ্টান আৰু অন্য ধৰ্মাৱলম্বী লোকৰ ওপৰত কৰা নৃশংস আৰু বৰ্বৰ অত্যাচাৰৰ বাতৰিয়েও অনা-মুছলমানসকলৰ মনত উপৰি উক্ত সন্দেহে কিছু পৰিমানে নায্যতা পাইছে।

অৱশ্যে আমি জনা উচিত যে আমাৰ অসমৰ ক্ষেত্ৰত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ কথা অলপ সুকীয়া৷ জম্মু কাশ্মীৰৰ পিছতেই ৩৪.২২% মুছলমান জনসংখ্যাৰে অসম দ্বিতীয় স্থানত আছে৷ কিন্তু সমগ্ৰ দেশৰ ভিতৰতে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক৷ একাংশই ইয়াৰ বাবে অবৈধ অনুপ্ৰৱেশক মুখ্য কাৰক হিচাপে উপস্থাপন কৰে৷ সম্প্ৰতি অসমৰ প্ৰায় ১৪ খন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ হোৱাৰ বাবে অসমবাসীৰ মনত ওপৰত উল্লেখ কৰা ধৰণেৰে সন্দেহৰ ভাব সুমুৱাই দিয়াৰ চেষ্টা কৰা দেখা যায় আৰু কিছু পৰিমাণে সফলো হোৱা দেখা গৈছে৷ এনে ধৰণৰ ভয়-সন্দেহৰ বাতাবৰণে আমাৰ মাজৰ ঐক্য আৰু শান্তিৰ পথত হেঙাৰ ৰূপে থিয় দিব পাৰে৷ গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে অসমৰ মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণসমূহ আমি আটায়ে বিচাৰ আৰু বিশ্লেষণৰে উপযুক্ত কাৰ্যব্যৱস্থা লোৱা উচিত৷

অসমৰ মুছলমানসকলৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিলেই আমাৰ মনলৈ আহে চৰ-চাপৰিবাসী লোকসকলৰ কথা৷ কিয়নো অসমৰ মুছলমানৰ সিংহভাগেই হ’ল চৰ-চাপৰিবাসী লোক৷ ২০০২-০৩ চনৰ ভৌগোলিক সমীক্ষা মতে অসমৰ মুঠ মাটিকালিৰ ৪.৬% চৰ-চাপৰি অঞ্চল৷ অসমৰ ১৪খন জিলাৰ ২২৫১ খন গাওঁ অৰ্থাৎ ২৯৯ খন গাওঁ পঞ্চায়তত প্ৰায় ২৫ লাখ লোক চৰ-চাপৰি অঞ্চলত বাস কৰে, অৱশ্যে এই সংখ্যা বৰ্তমানে অধিক হ'ব।গতিকে এই চৰ-চাপৰি বাসী লোকসকলক বাদ দি অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত আলোচনা অসম্ভৱ৷ ইপিনে এইসকল লোকেই  আছে টোঁৱাই থকা আঙুলিৰ সন্মুখত!

চৰ-চাপৰিবাসী লোক বুলিলেই আমাৰ মনলৈ চহৰ নগৰৰ পৰা আঁতৰত বিভিন্ন নৈ পৰীয়া অঞ্চলত বসবাস কৰা এচাম পৰিশ্ৰমী লোকৰ ছবি ভাঁহি উঠে৷ মাটিৰ লগত এওঁলোকৰ সম্পৰ্ক খুৱেই নিবিড়। মুঠতে এক পৰিশ্ৰমী লোকগোষ্ঠী। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজৰ অন্যতম এই জনগোষ্ঠীটো "মিঞা" বুলিও জনা যায়। এওঁলোকে হাড়ভগা শ্ৰম কৰি উৎপাদন কৰা ধান, মাহ, মাছ, শাক-পাচলি আদিয়ে আমাৰ চাহিদা পূৰণ কৰে। একেডৰা মাটিতেই বছৰৰ বাৰ মাহে বিভিন্ন খেতি কৰি উৎপাদন কৰিব পৰা কৌশলসমূহ এওঁলোকৰ নখদৰ্পণত। অৰ্থাৎ এক কথাত কবলৈ গলে অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তিয়েই হ'ল চৰ-চাপৰিৰ এই লোকসকল। কিন্তু সমাজৰ আটাইতকৈ বেছি লাঞ্চিত, বঞ্চিত,শোষিত, নিষ্পেষিত আৰু অৱহেলিত জনগোষ্ঠীটোও "মিঞা"। যদিও তেওঁলোকে অসমৰ জাতীয় কৃষি অৰ্থনীতিলৈ সৰহ অৱদান আগবঢ়াইছে তথাপিও কিন্তু মিঞাসকলে উপযুক্ত সন্মান পোৱা নাই। বৰং তেওঁলোকক ৰাজনৈতিক পণ্য হিচাপেহে গণ্য কৰা হয়। ৰাজনীতিৰ ধাপ্পাবাজী খেলত এওঁলোকৰ জীৱন হৈ পৰে দুৰ্বিষহ। অসমৰ অৰ্থনীতিত এওঁলোকৰ প্ৰচুৰ অৰিহণা সত্তেও এওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ উত্তৰণত কোনেও আগ্ৰহী নহয়, আমাৰ তথাকথিত গণতান্ত্ৰিক চৰকাৰবোৰো। সঁচাকৈ তেওঁলোকৰ জীৱন ধাৰণৰ বাস্তৱ ছবিখন নিজ চকুৰে প্ৰত্যক্ষ নকৰাকৈ কল্পনাও কৰিব নোৱাৰি।

আমি সকলোৱে জানোঁ যে কোনো জাতি বা জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত অৰ্থনৈতিক,সাংস্কৃতিক, আৰু শৈক্ষিক ক্ষেত্ৰবোৰত জনগোষ্ঠীটোৱে পোৱা সুবিধাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু চৰ-চাপৰি বাসীৰ প্ৰতি উপৰোক্ত ক্ষেত্ৰসমূহত কাহানিও যথোচিত গুৰুত্ব প্ৰদান কৰা হোৱা নাই। ফলত অৱধাৰিতভাৱেই এওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। চৰ-চাপৰিবাসীয়ে সন্মুখীন হৈ অহা সমস্যাবোৰ যেনে-শিক্ষা, স্বাস্থ্য, নাগৰিকত্ব আদি সমস্যাবোৰ আৰু অধিক জটিল তথা তীব্রতৰ কৰি তোলে অধিক জনসংখ্যা বৃদ্ধিয়ে।

যিহেতু এওঁলোক অৰ্থনৈতিকভাবে আৰু শৈক্ষিকভাবে পিছপৰা গতিকে কৃষিয়েই এওঁলোকৰ জীৱিকাৰ একমাত্ৰ উৎস৷ আৰু একে কাৰণতে তেওঁলোকৰ বাবে কৃষিকাৰ্যত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰো কল্পনাতীত৷ তাৰ পৰিৱৰ্তে অধিক শ্ৰম প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰাটো এওঁলোকৰ লক্ষ্য হৈ পৰে৷ এই বৰ্ধিত শ্ৰমৰ চাহিদা পূৰণৰ বাবেই পৰিয়ালত অধিক সদস্যৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি অধিক সন্তান জন্ম দিয়াটো উচিত বুলি বিবেচনা কৰাটো পৰিলক্ষিত হৈছিল। অৰ্থাৎ সন্তানক সম্পদ হিচাপে গণ্য কৰে, দায়বদ্ধতা হিচাপে নহয়৷ ফলাফল সকলোৰে জ্ঞাত৷ ইয়াৰ ওপৰিও এই মানুহখিনিৰ বাবে টি.ভি., ৰেডিঅ’, ইন্টাৰনেট আদিৰ দৰে মনোৰঞ্জনৰ মাধ্যমবোৰৰ ব্যৱহাৰ প্ৰায় সপোনৰ অগোচৰ। গতিকে দিনটোৰ অক্লান্ত পৰিশ্ৰম আৰু একঘেয়ামী কামকাজৰ অন্তত ৰাতিৰ আজৰি সময়খিনিত শাৰিৰীক আৰু মানসিক অৱসাদ দূৰ কৰাৰ বাবে এই মানুহখিনিয়ে মনোৰঞ্জনৰ মাধ্যম হিচাপে যৌন সম্ভোগকে বাছি লয়৷ কিন্তু সচেতনতাৰ অভাৱ আৰু গোড়া ধৰ্মীয় নেতাসকলৰ মন্ত্ৰনা অনুসৰি কণ্ডম বা গৰ্ভনিৰোধক পিল আদি ব্যৱহাৰৰ পৰা বিৰত থাকে৷ এইবোৰৰ ব্যৱহাৰ পাপ বুলি গণ্য কৰে৷ ফলত সন্তানৰ সংখ্যা অৱধাৰিতভাবেই বৃদ্ধি পায়৷ অধিক সন্তানক সীমিত আয়েৰে উপযুক্তভাৱে প্ৰতিপালন কৰিব নোৱাৰাৰ ফলত এওঁলোকৰ অৱস্থা আৰু পশ্চাদপদলৈ গতি কৰে৷

এতিয়া কথা হ’ল এই বিশ্বায়নৰ যুগতো এই মানুহখিনি পৰিয়াল পৰিকল্পনাৰ বিষয়ে কিয় সচেতন নহয়? কিয় এই মানুহখিনি ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত হ’ব পৰা নাই? ইয়াৰ কাৰণ হ’ল মানুহখিনিৰ মাজত আধুনিক শিক্ষাৰ অভাৱ৷ চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি হাতত লৈ কোটি কোটি টকা শিক্ষাৰ নামত ব্যয় কৰে যদিও আঁচনিবোৰে মানুহখিনিক ঢুকি নাপায়৷ শিক্ষাৰ মূল ভেটি প্ৰাথমিক স্তৰৰ পৰাই নিৰ্মাণ হয় গতিকে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত চৰ-চাপৰিবাসীৰ প্ৰতি চৰকাৰী বঞ্চনাৰ এটি তথ্য দাঙি ধৰিব খুজিছো৷ শিক্ষাৰ অধিকাৰ আইন-২০০৯ মতে প্ৰাথমিক স্তৰত প্ৰতি ৩০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ১জন শিক্ষক থাকিব লাগিব৷ যোৱা ১৯/০৭/১৬ তাৰিখে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি গোটেই অসমভিত্তিত শিক্ষক ছাত্ৰৰ অনুপাত হ’ল ১:২৬। অৰ্থাৎ এজন শিক্ষকৰ বিপৰীতে ২৬ জন ছাত্ৰ-ছাত্ৰী৷ উপৰুৱাকৈ চালে দেখা যায় যে চৰকাৰে "শিক্ষাৰ অধিকাৰ আইন ২০০৯" খন প্ৰায় সফলভাবে কাৰ্যকৰী কৰিছে৷ কিন্তু যদি আমি জিলাভিত্তিত এই অনুপাত লক্ষ্য কৰো তেন্তে চৰকাৰী বঞ্চনাৰ এটা স্পষ্ট ছবি দেখিবলৈ পাম৷ একেই তথ্যমতে চৰ-চাপৰি তথা মুছলিম অধ্যুষিত জিলা যেনে- ধুবুৰী, বৰপেটা, বঙাইগাওঁ আৰু নগাওঁ জিলাৰ শিক্ষক-ছাত্ৰ অনুপাত হ’ল ক্ৰমে ১:৪৮, ১:৩২, ১:৩৩ আৰু ১:৩২ ৷ কিন্তু মুছলমান জনসংখ্যা কম থকা জিলা যেনে- ডিমা হাছাও, যোৰহাট, নলবাৰী আৰু শিৱসাগৰ আদি জিলাৰ শিক্ষক ছাত্ৰৰ অনুপাত হ’ল ক্ৰমে ১:৬, ১:১৯, ১:২০ আৰু ১:১২৷ তদুপৰি মুছলিম অধ্যুষিত জিলাসমূহৰ শিক্ষকসকলৰ সিংহভাগেই নগৰ বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কৰ্মৰত, য’ত মুছলমানৰ বসতি পাতল৷ যি সময়ত চৰকাৰে হাজাৰ হাজাৰ শিক্ষক নিযুক্তি দি বাহ্‌ বাহ্‌ লৈ আছে সেই সময়তে এনে পৰিসংখ্যাই মুছলমানৰ প্ৰতি চৰকাৰী বঞ্চনাকে নুসূচায়নে? ঠিক তেনেদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো মুছলমান বসতি প্ৰধান অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সংখ্যা চালেই চৰকাৰী বঞ্চনাৰ স্পষ্ট ছবি ফুটি উঠে৷

আধুনিক শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ এনে বঞ্চনাৰ বিপৰীতে ধৰ্মীয় আৰু ৰাজনৈতিক নেতা সকলে এই লোকসকলৰ মন মগজুক কুক্ষিগত কৰি পেলায়৷ কাৰণ আমাৰ এই মুলুকত এই দুই শ্ৰেনীৰ লোকৰ কথাৰ গ্ৰহণযোগ্যতা বেছি৷ ৰাজনৈতিক নেতা সকলে এওঁলোকক পতিয়ন নিয়ায় যে "আমাৰ সংখ্যা বৃদ্ধি হ’লেহে আমি একগোট হৈ ক্ষমতাৰ অংশীদাৰ হ’ব পাৰিম আৰু আমাৰ সমস্যাৰ সমাধান কৰিব পাৰিম৷" এই লোকসকলে ভাবিবলৈ অৱকাশেই নাপায় যে এই ধুৰন্ধৰ নেতা সকলে বিচাৰে যে আমাৰ সংখ্যা বঢ়াব লাগে আমাৰ সমস্যা সমাধানৰ বাবে নহয় বৰঞ্চ সিহঁতৰ ৰাজপাট সুৰক্ষিত ৰাখিবলৈহে৷ ভূতৰ ওপৰত দানহ পৰাদি ধৰ্মীয় নেতা সকলেও এই বিশ্বাস জন্মায় যে ল’ৰা ছোৱালীক দুনীয়াবী (আধুনিক) শিক্ষাৰ পৰিৱৰ্তে মাদ্ৰাছাত ধৰ্মীয় শিক্ষা দিয়াব লাগে৷ এজন সন্তান আলিম বনাব পাৰিলে সাত পুৰুষলৈকে জান্নাতবাসী হ’ব পৰা যায়৷ গতিকে আৰ্থিকভাবে দুৰ্বল লোকসকলে সন্তানক আৱাসিক কৌমি মাদ্ৰাছাত ভৰ্তি কৰায় য’ত অভিভাৱকে কোনো খৰচ দিব নালাগে৷ অৰ্থাৎ সন্তানক খৰচো দিব নালাগিল আৰু সাত পুৰুষলৈকে জান্নাতলৈ যোৱাৰ সম্ভাৱনাৰ বাট মুকলি হ’ল৷

এনেবোৰ মাদ্ৰাছাৰ পৰা শিক্ষা লৈ ওলাই অহা সকলেও পৰৱৰ্তী সময়ত " মুখ যিজনে দিছে, আহাৰো সেইজনেই দিব" ধাৰণাটো প্ৰচাৰ কৰে৷ কাৰণ যিহেতু এনেবোৰ অনুষ্ঠানৰ পৰা শিক্ষা লোৱা লোকসকলৰ কোনো বৃত্তিগত দক্ষতা/অৰ্হতা নাথাকে, গতিকে তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপায় হৈ পৰে ধৰ্ম ব্যৱসায়৷ এই ব্যৱসায়ৰ পৰিধি বঢ়াবলৈ উক্ত ধৰ্মটোৰ অনুসাৰী লোকৰ সংখ্যা বৃদ্ধি হোৱাটো জৰুৰী, কাৰণ সেইসকল লোক হৈছে ধৰ্ম ব্যৱসায়ীসকলৰ বাবে উপভোক্তাস্বৰূপ৷ সেয়ে জনসংখ্যা বৃদ্ধিত বাধা দিয়াৰ বাবে এওঁলোক পক্ষপাতী নহয়৷ বৰঞ্চ নানা ধৰণৰ হাদিছৰ নাইবা কোৰানৰ দোহাই দি ইয়াক উৎসাহিত কৰা দেখা যায়৷

এইবোৰ কাৰণতেই চৰকাৰে বিভিন্ন সময়ত পৰিয়াল পৰিকল্পনাৰ আঁচনি হাতত ল’লেও সেইবোৰে এইখিনি মানুহৰ মাজত ব্যপক হাৰত কাৰ্য্যকৰী নহয়গৈ৷ সেয়ে এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে ডাঃ  ইলিয়াছ আলী ডাঙৰীয়াই অসমৰ চৌদিশে ঘুৰি ফুৰিছে৷ গতিকে দেখা গ’ল যে মুছলমানসকলৰ মাজত জনসংখ্যা অধিক বৃদ্ধিৰ কাৰণ হ’ল মূলত অৰ্থনৈতিক আৰু আধুনিক শিক্ষাৰ ক্ষেত্ৰত এওঁলোকৰ প্ৰতি চৰকাৰী বঞ্চনা৷ এই সমস্যাৰ সমাধান কৰিবলৈ হ’লে জনগোষ্ঠীটোক অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত অন্যান্য জনগোষ্ঠীবোৰৰ সমানে সমানে আগবঢ়াই নিব লাগিব৷ তেতিয়াহ’লে ধৰ্মীয় গোড়ামীয়ে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিব৷ এই ক্ষেত্ৰত চৰকাৰৰে দায়িত্ব অধিক যদিও বিভিন্ন বেচৰকাৰী তথা দাতব্য সংস্থা, সচেতন নাগৰিকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব৷

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰসংগ : জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু চৰ-চাপৰিবাসী মুছলমান (আব্দুৰ ৰহিম)"

Leave a Comment

Your email address will not be published. Required fields are marked *