প্ৰসংগ সংখ্যালঘু : এক আত্মসমালোচনা (আব্দুল মালেক আহমেদ)

'শিক্ষাই জাতীৰ মেৰুদণ্ড' এই কথাষাৰ আজিৰ নহয়, বহু পুৰণি, তথাপিও প্ৰাসংগিক। আমি পদে-পদে যদি কথাষাৰ ফঁহিয়াই চাওঁ‌ তেনেহলে দেখা যাব যে অসমৰ চৰ-চাপৰি তথা অন্যান্য ঠাইত বসবাস কৰি থকা সংখ্যালঘুসকলৰ দুৰৱস্থাৰ অন্যতম কাৰণ হ'ল শিক্ষাৰ অভাৱ। বহু ঠাইত দেখা যায় যে বেশ আৰু শাৰীৰিক গঠনৰ পৰা সংখ্যালঘুসকলক চিনাক্ত কৰি লেই-লেই ছেই-ছেই কৰি থকা হয়। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ কিজানি এটাই, সেয়া শিক্ষা। ৰেল বা বাছত যাত্ৰা কৰিলেই দেখিব বাটৰ কাষতে থকা অধিকাংশ জুপুৰিত থকা মানুহবোৰ সংখ্যালঘু নতুবা তথাকথিত নিম্নবৰ্গৰ লোক। দুই-তিনিটা এমা-ডিমা ল'ৰা-ছোৱালী আৰু বেগ বা মোনাৰ সলনি টোপোলা লৈ লেতেৰা কাপোৰ পৰিহিত মহিলা দেখিলেও তাৰ সৰহ সংখ্যকেই সংখ্যালঘু ওলাব। আজিৰ এই বিজ্ঞান-প্ৰযুক্তিৰ যুগতো দেখিব বহুবিবাহ, বাল্যবিবাহ, শিশু-শ্ৰমিকৰ অধিকাংশ এই জনগোষ্ঠীৰ। শিশু-শ্ৰমিক, ঠেলাচালক বা ৰিক্সাচালকৰো অধিকাংশ সংখ্যালঘু। চোৰ-ডকাইত, জুৱাৰী, ধৰ্ষণৰ অভিযুক্ত আদি ক্ষেত্ৰতো অধিকাংশই সংখ্যালঘু লোক দেখা যায়। তদুপৰি থানা বা আদালতত চলি থকা অধিকাংশ মোকৰ্দমাৰ লগতো সংখ্যালঘু লোক সম্পৰ্কযুক্ত। প্ৰয়োজনতকৈ অপ্ৰয়োজনীয় ঠাইত বিশেষ পোচাক যাক অইনে ঘৃণাৰ চকুৰে চায়, জানি বুজিও তেনে পোছাক পৰিধান কৰি মুখত বিড়ি হুপি-হুপি ফুৰা লোকৰ অধিকাংশও সংখ্যালঘু। ভিক্ষাৰী, ফুটপাথ বা পেলনীয়া বস্তু পেলোৱা গাত বা লেতেৰা ঠাইত পলিথিন-প্লাষ্টিক বা অন্য সামগ্ৰী বিচাৰি ফুৰা কণ-কণ ল'ৰা-ছোৱালীৰ অধিকাংশ সংখ্যালঘু, ইত্যাদি ইত্যাদি। কিন্তু কাৰণ কি? সংখ্যালঘু লোকৰ মাজত শিক্ষিত লোকো নোহোৱা নহয়, ধনী লোকো নথকা নহয়। কিন্তু সমাজৰ এইসমূহ ব্যাধি দূৰীকৰণৰ বাবে আমি শিক্ষিত আৰু ধনৱন্ত লোকসকলে কেতিয়াবা চিন্তা কৰিছোনে? সেইসকল লোকৰ বাবে আমাৰ গাতো যে ছেকা লাগে সেয়া জানোঁ আমি উপলব্ধি কৰিব পাৰিছোঁ?
ৰাজ্যত কেবাটাও সংখ্যালঘু ছাত্ৰ সংগঠন, বহুকেইটা তথাকথিত অৰাজনৈতিক বা আওপকীয়াকৈ ৰাজনৈতিক সংগঠনো আছে, ইপিনে সংখ্যালঘুসকলৰ তথাকথিত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলো আছে। কিন্তু জনগোষ্ঠীটোৰ এনে দূৰৱস্থাৰ বাবে কোনেও গভীৰভাৱে গুৰুত্ব আৰোপ কৰা দেখা নাই। আমি ভাবোঁ এইক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি কৰিবলগীয়া আছে। মুঠতে সংখ্যালঘু লোকসকলে আত্মসমালোচনাৰ মাজেৰে ভিন্ন দিশত জাগৰণ অনাৰ বাবে সজাগতা সৃষ্টি কৰাটো খুৱেই প্ৰয়োজনীয় হৈ পৰিছে। কিন্তু কোনে ল'ব এই দ্বায়িত্ব? দল-সংগঠনসমূহেও এই ক্ষেত্ৰত আগবাঢ়ি অহা নাই বুলিয়েই কব পাৰি।
আজি যদি সংখ্যালঘু ছাত্ৰ সংগঠনসমূহৰ কথা কবলৈ যাওঁ তেতিয়া লাগিব জগৰ! কাৰণ ছাত্ৰ সংগঠনসমূহে ছাত্ৰ-ছাত্ৰীৰ হৈ কিমান কাম কৰিলে সেয়া হৈ পৰিব এক ডাঙৰ প্ৰশ্ন! কিমান শিশ- শ্ৰমিক বা অকালতে পঢ়াশুনা এৰি দিয়া শিশুক পুনৰ পঢ়াত মনোনিৱেশ কৰাবলৈ সক্ষম হৈছে, সেইবোৰ খতিয়ান বিচাৰিলে পোৱা যাব নিশ্চিত শূন্য। অৱশ্যে তাৰ মাজতো ভাল কথা এয়া যে কিছুদিনৰ পৰা হঠাতে ধুমুহাৰ দৰে বাল্যবিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা আৰু এই সম্পৰ্কে কাম-কাজ দেখা পোৱা গৈছিল। যদিহে এয়া দীৰ্ঘম্যাদী হয় তেনেহলে নিশ্চয় এক ডাঙৰ জয় হ'ব ছাত্ৰ সংগঠনসমূহৰ বাবে। আচলতে ছাত্ৰ সংগঠনসমূহৰ কৰ্ম-কৰ্তাসকলৰ বাবে সমাজৰ  বিশিষ্ট লোক, অধিবক্তা, অধ্যাপক, সমাজকৰ্মী, লেখক, সাংবাদিক আদি সমল ব্যক্তিৰ দ্বাৰা মাজে সময়ে কৰ্মশালা অনুষ্ঠিত কৰিব পাৰিলে গুণগত ফলাফল পোৱাৰ সম্ভাৱনা আছে যদিও আজিলৈ তেনে কৰা হৈছে বুলি আমাৰ নজৰত নাই। এই  ক্ষেত্ৰত আৰু এটা ডাঙৰ কথা হৈছে বহুত ভাল তথা মেধাবী ছাত্ৰ-ছাত্ৰীয়ে এই সমূহৰ পৰা আঁতৰি থাকে। তাৰ প্ৰধান কাৰণটো হৈছে ছাত্ৰ সংগঠনসমূহে প্ৰকৃত ছাত্ৰক গুৰুত্ব প্ৰদান নকৰি যিসকলে ৰাজনীতিত সোমাব লাগে সেইসকল লোকৰ হাতত নেতৃত্ব দি থোৱাটো। কিছু কিছু ক্ষেত্ৰত ছাত্ৰ সংগঠনৰ নেতৃত্বত অশিক্ষিত লোক থকাৰ উদাহৰণ নথকা নহয়। তেনে অশিক্ষিত লোক এজনৰ লগত শিক্ষিত মেধাৱী ছাত্ৰ এজন নোযোৱাটো তেনেই স্বাভাৱিক। ভাল নেতৃত্বৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰি ছাত্ৰ সংগঠনৰ প্ৰকৃত নীতি আদৰ্শত কাম কৰাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হৈ পৰা বুলি অনুভৱ হয়।
যোৱা কেইদিনমান আগৰ ঘটনা এটা মনত পৰিল।  এক মাৰপিটৰ ঘটনাই এজাহাৰৰ ৰূপ লৈ আদালত পালে। মাৰপিটৰ ঘটনাৰ আটাইকেইজন অপৰাধী-ফৰিয়াদীয়েই সংখ্যালঘু সম্প্ৰদায়ৰ লোক আছিল আৰু তাৰে কেইজনমানৰ বয়স বেছি নহয় যদিও মুখমণ্ডলত দাড়ি আছিল। ঠাইখনৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ‌। মাথোঁ বাস্তৱ ঘটনাৰ উদাহৰণ বাবেই ঘটনাটো উপযুক্ত উদাহৰণ হিচাবে উপস্থাপন কৰিবলৈ লৈছোঁ। গোটেইকেইজন লোক সংখ্যালঘু আৰু কেইজনমানৰ মুখত দাড়ি থকাৰ সেই সুযোগতে আদালতত শুনানিৰ সময়ত দণ্ডাধীশজনে মাৰপিটৰ ঘটনাত জড়িত থকাকেইজনক উদ্দেশ্যি প্ৰকাশ্যে কৈ পেলালে, "আপোনালোক বাংলাদেশী নে অসমৰ লোক"? যদিহে অসমৰ লোক তেনেহলে পৰিষ্কাৰ হ'ব লাগিছিল । দাড়ি কাটি পৰিষ্কাৰ হৈ আহিব অহা শুনানিৰ দিনা। কিছু কথা কটা-কটি হৈছিল যদিও সেয়া সেইখিনিতে সীমিত থাকিল। কাৰণ লোককেইজন নিজকে দোষী দোষী ভাব লৈ আছিল আৰু তাৰ মাজত নাছিল তেনে কোনো উচ্চ শিক্ষিত লোক। সেয়ে দাড়ি থকা বাবেই দণ্ডাধীশে বাংলাদেশী বুলি কোৱাৰ ধৃষ্টতা কৰিব পাৰিলে আৰু তাৰ উপযুক্ত প্ৰতিবাদ বা বাধাও নাপালে। যদিহে লোককেইজন শিক্ষিত হলেহেতেন তেনেহলে প্ৰথমেই মাৰপিটৰ ঘটনাত জড়িত নহ'লহেতেন কিজানি আৰু পাছত দণ্ডাদিশৰ কথাৰ প্ৰত্যুত্তৰ উপযুক্ত ভাবে দিব পাৰিলেহেতেন। এয়াই হৈছে আমাৰ সমাজ! য'ত সাধাৰণ কথাতে গাত যেন লগাই দিয়া হয় বাংলাদেশীৰ মোহৰ। কিন্তু আমি তাৰ প্ৰত্যুত্তৰ দিব নোৱাৰো বুকু ডাঠ কৰি। কিন্তু এইসমূহ বিষয়তো ছাত্ৰ সংগঠনৰ বলিষ্ঠ পদক্ষেপে নিশ্চয় বৃহত্তৰ সমাজখনত এই মানুহখিনিক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। মই নকওঁ যে ছাত্ৰ সংগঠনেসমূহে একো কৰা নাই, কিন্তু যিখিনি কৰিলে সেয়াই আমাৰ কাৰণে শেষ নহয়। যিদৰে এটা সময়ত যতে-ততে সংখ্যালঘুলোক নিৰ্যাতন কৰা হৈছিল কিন্তু মাত মাতিবলৈ খুব কম মানুহ আছিল‌। যেতিয়াই সংখ্যালঘু ছাত্ৰ সংগঠনৰ জন্ম হ'ল তাৰ পিছৰে পৰা সংখ্যালঘু লোকক নিৰ্যাতন চলোৱাৰ পূৰ্বে এবাৰ হলেও ভাবিবলৈ বাধ্য হ'ল কিজানি। "শিক্ষাই জাতীৰ মেৰুদণ্ড" এই কথাষাৰৰ প্ৰতি লক্ষ্য কৰিলেই বুজা যায় যে কিয় সংখ্যালঘুলোক বা ছাত্ৰ সংগঠনসমূহে বুকু ডাঠ কৰি ৰাজহাড়ডাল কিয় থিয় কৰাব নোৱাৰে। কাৰণ ৰাজহাড় ডালেই দুৰ্বল। জনগোষ্ঠীটোৰ আজিৰ তাৰিখতো সৰহ সংখ্যক লোকেই অশিক্ষিত। বহু ক্ষেত্ৰত অৰ্ধশিক্ষিত বা অশিক্ষিত লোকৰ হৈ মাত মাতিব গলেও বিপদত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ ৰাজহাড় নথকাজনক ধৰি মেলি কিমাননো ৰাজহাড় পোনকৈ ৰাখিব?
ইপিনে সংখ্যালঘু মুছলমান সকলৰ বিপৰ্যয়ৰ আন এক কাৰণ হৈছে মাদ্ৰাছা শিক্ষা। মই এই মাদ্ৰাছা শিক্ষাৰ সমূলি বিৰোধী নহয়। মই নিজেও মাদ্ৰাছা শিক্ষাৰে শিক্ষিত যদিও, মাদ্ৰাছা শিক্ষাৰ সমান্তৰালকৈ সাধাৰণ শিক্ষাও গ্ৰহণ কৰিছিলোঁ, যিটো আমাৰ প্ৰচলিত মাদ্ৰাছা শিক্ষাত সচৰাচৰ পোৱা নাযায়। এজন লোক, মৌলানা বা মুফ্তি যিয়েই নহওক কিয় যদিহে সাধাৰণ শিক্ষা নাথাকে তেওঁ কেৱল ধৰ্মীয় শিক্ষাৰে আজিৰ যুগত সমাজ পৰিৱৰ্তন বা সমাজত তিষ্ঠি থকা সম্ভৱ নহ'ব। ধৰ্মীয় শিক্ষাৰ লগতে প্ৰয়োজনীয় দেশৰ ৰীতি-নীতি তথা আধুনিক জ্ঞান-বিজ্ঞানৰ শিক্ষা থাকিলেহে মাদ্ৰাছা শিক্ষাই সমাজত গুৰুত্ব লাভ কৰিব। মাদ্ৰাছা শিক্ষানুষ্ঠানৰ পৰা ওলাই অহা হাফিজ, ক্বাৰী, মৌলবী, মৌলানা, মুফ্তি সকলোৰো সমাজত সামাজিক মৰ্যদা পূৰ্বতকৈ বৃদ্ধি পোৱাৰ লগতে সমাজৰো উন্নতি সম্ভৱ হৈ উঠিব অতি সহজে। গতিকে পোনচাটে কবলৈ গলে উচ্চ শিক্ষাৰে শিক্ষিত হৈ জনগোষ্ঠীটোৰ উন্নতিয়েহে সলনি কৰিব পাৰিব সকলো জটিলতা আৰু বিপদশংকুল দিনবোৰ।
আমি আমাৰ সমাজখনক প্ৰগতিৰ বাবে সময়ৰ সৈতে খোজমিলাই চলিব পৰাকৈ অৱশ্যেই গঢ়ি তুলিব লাগিব। যিহেতু সংখ্যালঘু তথা চৰ-চাপৰিত বসবাস কৰা লোকসকল মূলত: ইছলামধৰ্মী তথা মুছলমান লোক গতিকে, তেওঁলোকেও নিজৰ ঠাইৰ সমস্যাৰ ওপৰিও সামগ্ৰিকভাৱে সমাজখনৰ এজন অংশীদাৰ হিচাপে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। ধৰ্মান্ধতা, অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ আদি সমূলি ত্যাগ কৰি নিজকে বৃহৎ জাতিৰ অংশীদাৰ বুলি ভাবিব পাৰিব লাগিব। একেদৰেই অন্যান্য জনগোষ্ঠীৰ মৰ্মবেদনা উপলব্ধি কৰি সহমত আৰু সমন্বয়ৰ ভেটিও মজবুত কৰিব লাগিব। যিদৰে কৃষকসকলে জানে যে কোন বতৰত কোন ফচল হয়, ঠিক সেইদৰে আমিও আমাৰ সমাজখনক সময়ৰ সৈতে মিলাই চলিব জানিব লাগিব। মুছলমান সমাজৰ পৰা আঁতৰাব লাগিব দেৱানী প্ৰথা, কবিৰাজী, বহুবিবাহ, বাল্যবিবাহ, চাহৰ দোকানৰ আড্ডা আদি। তাৰ সমান্তৰালকৈ নিজৰ জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, কলা-কৃষ্টি আদি বিশ্বজনীন কৰিব পাৰিব লাগিব। শৈক্ষিক দিশৰ ওপৰিও সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, বৌদ্ধিক দিশতো পূৰ্ণতা আৰু লক্ষ্যত উপনীত হ'বলৈও মেহনত কৰাৰ সময় সমাগত।
Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰসংগ সংখ্যালঘু : এক আত্মসমালোচনা (আব্দুল মালেক আহমেদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *