অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড)

প্ৰথম খণ্ডৰ বাবে ইয়াত ক্লিক কৰক »

অসমৰ সমস্যা কি?

আমি আগৰ লেখাত কৈছিলোঁ যে অসম অথবা ভাৰতবর্ষৰ উত্তৰ-পূব অঞ্চলবোৰৰ শিল্পচর্চাৰ পৰিবেশ, ৰেহ-ৰূপ আৰু মান সম্পর্কে আমি চিন্তিত। তাত চমুকৈ যি কেইটা সমস্যা উনুকিয়াইছিলোঁ সেইকেইটাকেই কেন্দ্র কৰি ইয়াত আলোচনা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ।

১। অর্থ

সিদিনা মোৰ ষ্টুডিঅ'ৰ শিল্পী এজনে প্রচণ্ড ক্ষোভেৰে সৈতে এটা কৌতুক ক'লেহি। কৌতুকটো এনেধৰণৰ, এবাৰ এজন ৰোগী চিকিৎসকৰ ওচৰলৈ যাওক। ৰোগীয়ে অসুখৰ কথা ক'বলৈ লওঁতেই চিকিৎসকে মাজতে হঠাতে সুধি পেলালে, 'আপুনি কি কৰে'। ৰোগী আচৰিত হ'ল, এই কথাটো কিয় সুধিলে? চিকিৎসকে 'এনেয়ে সুধিলোঁ, আপুনি কওকচোন বাৰু' বুলি কওঁতে ৰোগীয়ে ক'লে, 'মই এজন শিল্পী'।  লগে লগেই চিকিৎসকে তেওঁক পৰীক্ষা নকৰাকৈ ক'লে, 'আগতে পেট ভৰাই ৰুটি দুখন খাই আহক'। পৰীক্ষা নকৰাকৈয়েই ৰোগীজনক ওভতাই পঠোৱা হ'ল। কৌতুকটোৰ মর্ম এয়ে যে শিল্পী মাত্রেই অর্থাভাৱী। দুবেলা পেট ভৰাই খাবলৈ নাপায়। পিন্ধনত ফটা কামিজ। দাড়ি-চুলি দীঘল, আপোনভোলা ধৰণৰ। আর্থিক দৈন্যৰ পিছতো তাওঁলোক সৃষ্টিশীল হৈ 'সুন্দৰ’ৰ গুণ-গান কৰি থাকে। শিল্পীসকল কোনোবা অন্য গ্রহৰ প্রাণী।

এয়া হ'ল আধুনিকতাবাদী চক্রান্ত। শিল্পীসকলক সমাজৰপৰা আঁতৰাই পঠাব পাৰিলেই সমাজখন কুশলে থাকে। সৃষ্টিশীল, অনুভৱী, চিন্তাশীল মানুহখিনি সমাজৰ কাৰণে সদায়েই সংকটৰ উৎস। তেওঁলোক যেতিয়ালৈকে সমাজৰপৰা আঁতৰত থাকে তেতিয়ালৈকে মধ্যবিত্তৰ নির্মিত সমাজখনৰ ভাৰসাম্য বিনস্ত নহয়। ভিনচেন্ট ভেন গঘকতো পগলাই সাজি পেলোৱা হ'ল। আমাৰ সমাজতো হীৰুদাই "একেটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই" বুলি এটা ইমেজ সাজি মানুহৰ মাজত তাৰ ইম্প্রেছন এটা বহুৱাই আটাইতকৈ ডাঙৰ অপৰাধ কৰি থৈছে।

শিল্প সৃষ্টি আৰু টকা-পইচাৰ হিচাপক আছুতীয়াকৈ থোৱাৰ যি প্রৱণতা সিয়েই আমাৰ দেশৰ আধুনিক শিল্পচর্চাৰ আটাইতকৈ ডাঙৰ ভুল। যিবোৰ দেশৰ আর্থিক মান উন্নত, সেইবোৰ দেশৰেই শিল্পৰ মানো উন্নত। ভোকাতুৰৈ ন কাব্যৰসং পিবতি। ভোকাতুৰ পেটেৰে ফুল-তৰা-পখিলাৰ কথা ভাবিব নোৱাৰি। অসমৰ কথাকেই কওঁ। অসমত এজন শিল্পীয়ে কেনেকৈ জীৱন নির্বাহ কৰিব তাৰ কোনো নির্ধাৰিত পথ নাই। কেৱল শিল্প সৃষ্টিৰেই যে পেট প্রৱর্তাব পাৰি - এই কথাটো এতিয়াও মানুহে নাভূত-নাশ্রুত কথা বুলিয়েই ভাবে। ফলত শিল্পমনস্ক ব্যক্তি এজনে কালক্রমত অন্যান্য ক্ষেত্রলৈ ঢাপলি মেলে। অত্যুৎসাহী দুই-এজনে অন্যান্য ব্যস্ততাৰ মাজতো শিল্পচর্চা অব্যাহত ৰাখে। কিন্তু তাতে কি লাভ? একাণপটীয়া চর্চাৰ পৰিৱর্তে কেৱল সাময়িক অৱসৰ বিনোদন হিচাপে চর্চা কৰিলে সেই শিল্পৰ মান কেনেকৈ উন্নত হ'ব? হ'ব নোৱাৰে।

২। প্রতিভা

শিল্পসৃষ্টি আটাইতকৈ কঠিন কামসমূহৰ ভিতৰত এটা। তাৰ বাবে দিনে-নিশাই অহৰহ কছৰৎ কৰিব লাগে। কেতিয়াবা মাত্র এটা শিল্পকর্ম সৃষ্টিৰ বাবে মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ কষ্ট কৰিবলগীয়া হয়। আমাৰ মানুহে ভবাৰ দৰে প্রতিভা বুলি কিবা দৈৱিক বস্তু এটা নাই। অতি সাধাৰণ পাঠকে এই কথাটো মানি ল'বলৈ হয়তো টানেই পাব যে শিল্প সৃষ্টিৰ ক্ষেত্রত প্রতিভা নামৰ বস্তুটোৰ ভূমিকা তেনেই নগণ্য। বৰঞ্চ যি বস্তুটোৰ প্রয়োজন সেয়া হ'ল অধ্যৱসায় আৰু নেৰানেপেৰা কষ্টোপার্জিত অভিজ্ঞান। সাধাৰণ চাক্ষুষ অভিজ্ঞতাৰে দেখা পোৱা এটা ত্রিমাত্রিক অৱয়বক কেনেকৈ কাগজৰ দ্বিমাত্রিক সমতল এখনত ধৰি ৰাখিব পাৰি তাৰ কৌশল আয়ত্ত কৰিবলৈকে বহু বছৰ সময় লাগে। মাটিৰে কাম কৰা শিল্পী এজনে বহু দিনৰ সাধনাৰেহে বুজি উঠে মাটিৰ গুণাগুণ কি, মাটি কেনেকৈ এটা মানৱী শৰীৰ লৈ থিয় হৈ থাকিব পাৰে। কিমান তপত হ'লে লোহাত কিমান জোৰেৰে আঘাত কৰিলে কিমান বেঁকা হ'ব? জ্যামিতিৰ কিমানখিনি পুংখানুপুংখ হিচাপ-নিকাচেৰে এটা শূন্যস্থান ব্যৱহাৰোপযোগী স্থান একোটালৈ ৰূপান্তৰিত হ'ব?

প্রিয় পাঠক, আপোনালোকে আজিলৈকে এটিবাৰো এইখিনি কথা ভাবিছেনে? বহুতেই হয়তো নাই ভবা, কিন্তু শিল্প সম্পর্কে অথবা শিল্পী সম্পর্কে মন্তব্য দুই-এটা কৰিবলৈ আপোনালোকে কেতিয়াও কুন্ঠাবোধো কৰা নাই।

বিভিন্ন সময়ত অসমত শিল্পচর্চা কৰি থকা নতুন শিল্পীসকলৰ কাম চাবলৈ ভূমুকি মাৰোঁ। কিন্তু নিৰাশ হওঁ। শিল্প মানে যে জ্যামিতি, বহুতে নাজানেই। শিল্প যে এবিধ টেকন'লজি, বহুতে বুজাই নাই। এনাটমি, পাৰ্ছপেক্টিভ, মেটেৰিয়েল কোৱালিটি এইবোৰ কি বস্তু কোনেও বুজিবলৈ সময় পোৱা নাই। গুৱাহাটী ৰেল ষ্টেচনলৈ গ'লে কোনো ন-শিকাৰু শিল্পীক অহা-যোৱা কৰি থকা মানুহবোৰক চাই স্কেচিং কৰি থকা নেদেখোঁ। কোনো দৈনিক বজাৰত কাৰোবাক পোহাৰীক ষ্টাডি কৰি থকাত দেখা পোৱা নাই। শিল্প আহিব ক'ৰপৰা? যদি জীৱনক অধ্যয়ন কৰা নাযায়, যদি দিৱস-ৰজনী একাকাৰ কৰি তাক আয়ত্ত কৰা নাযায়? ভুল কথা, শিল্প প্রতিভাৰ বস্তু একেবাৰেই নহয়। কেৱল প্রতিভাৰ জোৰত আজিলৈকে কোনো মহান শিল্পী হোৱা নাই।

৩। চিৰ চেনেহী মোৰ ভাষা জননী

অসমীয়া শিল্প আৰু সংস্কৃতিৰ পথাৰখন বহুলাংশে সাহিত্যকেন্দ্রিক। আমি সচৰাচৰ শব্দনির্ভৰ। দৃশ্য-সংবেদনা আমাৰ তেনেই দুর্বল। চকুৰ সন্মুখত থকা কিবা এটা আমি চকুৰে চাই বুজি নাপাওঁ যেতিয়ালৈকে আন কোনোবাই আমাক শব্দ আশ্রিত ব্যাখ্যা একোটা আগ বঢ়াই নিদিয়েহি। এই বিশেষ কাৰণটোতেই অসমীয়া চিনেমাৰ মান ওপৰলৈ নগ'ল, অসমীয়া শিল্পৰ বিকাশ স্থবিৰ হৈ ৰ'ল, জন-মানসত কোনো সামগ্রিক শিল্প-সত্তাৰ নির্মাণ নহ'ল। দৃশ্যগতভাৱে পঙ্গু সমাজ এখনৰ সম্পূর্ণ বিকাশ ঘটিব নোৱাৰে।

"১৮৮৮ চনত কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল যি অসমীয়া সাহিত্যৰ এক ঐতিহাসিক ক্ষণ। এনেদৰে আধুনিক চিন্তা-চেতনাৰ আৰম্ভণি সত্ত্বেও অসমীয়া সংস্কৃতি জগতখন একৰৈখিক ৰূপত সাহিত্যধর্মীয়েই হৈ আছিল। শিল্পকলাৰ প্রসাৰতকৈয়ো ভাষা-সাহিত্যকেন্দ্রিক হৈ পৰাৰ কাৰণ আছিল অসমৰ তৎকালীন সামাজিক পৰিবেশ। অসমীয়া মানুহৰ ভাষাকেন্দ্রিক আৱেগ ইংৰাজ চৰকাৰে অসমীয়া ভাষাৰ ঠাইত বাংলাভাষা প্রৱর্তন কৰাৰ ফলত জন্ম হৈছিল। ভাষা-সাহিত্যই সংস্কৃতিৰ একমাত্র ধাৰক হৈ পৰাৰ বাবেই সংস্কৃতিৰ আন আন উপাদানসমূহ প্রায় উপেক্ষিত হৈ আছিল"। (মৌচুমী কন্দলী, ‘অসমৰ শিল্পকলাৰ ইতিহাস : আধুনিক যুগ’, বিংশ শতাব্দী আৰু অসম, সোণালী জয়ন্তী উদযাপন সমিতি, দেৱৰাজ ৰয় মহাবিদ্যালয়, সম্পাঃ গীতাশ্রী তামুলী, হেম ফুকন, জানুৱাৰি ২০০০, পৃঃ ৭২)।

পৰিতাপৰ কথা যে আজিও ভাষা-সাহিত্যই অসমীয়া সংস্কৃতিৰ একমাত্র ধাৰক। ভাষা-সাহিত্যই আমাৰ সমাজজীৱনৰ আৰু সাংস্কৃতিক জীৱনৰ মাপকাঠি। আমি নাটকৰ আলোচনাত সদায়ে নাট্যকাৰৰ কথাকেই কৈ আহিছোঁ, পৰিবেশন আৰু তাৰ অভিজ্ঞতাৰ কথা ক'বলৈ শিকা নাই। ("সাহিত্যৰ পৰিৱর্তে নাটক শিল্প হওক" বুলি লেখা এটা লেখিছিলোঁ, সেয়া অসমীয়া প্রতিদিনসম্ভাৰত প্রকাশ হোৱাৰ পিছত মই বহুতো মানুহৰ ৰোষত পৰিছিলোঁ। তেওঁলোকে নাটকক মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সাহিত্যৰ শ্রেণীকোঠাতেই আবদ্ধ হৈ থকাটো বিচাৰে হ’বপায়)। চিনেমাৰ বেলিকাও সংলাপেই অভিনয়ৰ শেষ কথা হৈ আছে, তাৰ দৃশ্যগত আৱেদনৰ কোনো উত্তৰণ ঘটা নাই। সাহিত্যৰ মেটমৰা বোজা লৈ অহা শাৰদীয় বা বসন্তকালীন আলোচনীবোৰৰ দৃশ্যগত আবেদন দুখলগা। অসমীয়া স্থাপত্যৰ কোনো গৱেষণা দেখা নাই, অসমীয়া ডিজাইনৰ অৱস্থা বেয়া।

৪। কূপমণ্ডূকতা

অসমৰ শিল্পীকুলৰ বেছিভাগৰে সমস্যা প্লেটনিক উপস্থাপন-প্রতিষ্ঠাপন। এটা শৈলীৰ অনুকৰণত আৰু এটা শৈলী, তাৰ অনুকৰণত আৰু এটা শৈলী - এনেধৰণৰ। জীৱন-লব্ধ কোনো প্রত্যক্ষ অভিজ্ঞতা সেইবোৰত নেদেখোঁ। ফলত শিল্প হৈ পৰে মৰা, নিষ্প্রাণ। ভাবে-ভাষাই কোনো কন্টেন্ট নেদেখোঁ, হয় সেইবোৰ পূর্ণ হৈ থাকে ইতিমধ্যে জহি-পচি যোৱা একোটা জাতীয়তাবাদী শ্লোগানসর্বস্ব ইমেজেৰে, নহ'লে একোটা স্থানহীন কালহীন ৰমন্যাসিক আচ্ছাদনেৰে। সর্বভাৰতীয় অথবা বহির্বিশ্বৰ কোনোটো শিল্প আন্দোলনৰ কোনো অধ্যয়ন নাই। অন্যহাতে, বহির্বিশ্বক সমূলি আওকাণ কৰি একান্ত নিজস্ব আৰু স্বকীয় একোটা ভেটিৰে দণ্ডায়মান হৈ থাকিবৰ জোখাৰে প্রয়োজনীয় সাহস আৰু বল, দুইটাৰ এটাৰো লেশমাত্র নাই।

যাদৃষ্টবাদী (বাস্তৱবাদী) কৌশলেৰে চমৎকাৰ দেখুৱাব পৰা অসমীয়া শিল্পী আমি দেখা নাই। ফটোগ্রাফিক ৰিয়েলিজম লৈ এটা আন্দোলন কেতিয়াও গঢ়ি উঠা নাই। ইউৰোপীয় বা ঔপনিবেশিক শিল্পচর্চাই অসম নুচুলেহি। দুই-এজন ব্যক্তিৰ গাইগুটীয়া প্রচেষ্টাক বাদ দিলে অসমৰ ভূখণ্ডৰ লোকশিল্পৰ বিভিন্ন প্রপঞ্চ ব্যৱহাৰ কৰি একোটা স্বকীয় বাক্‌শৈলী বিকাশ কৰাৰ কোনো সামগ্রিক উদ্যোগ দেখা নগ'ল। অসমৰ ভৌগোলিক অৱস্থান আৰু প্রাকৃতিক বাতাৱৰণক লক্ষ্য ৰাখি কোনো নতুন মাধ্যমৰ পৰীক্ষা-নিৰীক্ষা সুদূৰপ্রসাৰী ৰূপত দেখা নগ'ল। যিহেতু ঔপনিবেশিক শিল্পভাষাই আমাক বিশেষ প্রভাৱিত নকৰিলে, তাৰ বিপৰীতে ৰিভাইভেলিষ্ট কোনো তাড়নাই আমাক উৎপীড়িত নকৰিলে।

এইখিনি কথা কোৱাৰ ভিত্তি এয়ে যে অসমত কোনো অমৃতা শ্বেৰগীল বা ৰাজা ৰবি বার্মাৰ জন্ম নহ'ল। কোনো বিকাশ ভট্টাচার্যৰ জন্ম নহ'ল। যামিনী ৰায়ৰ লেখীয়া আৰু সেই পর্যায়ৰ কোনো শিল্পীক আমি নাপালোঁ। অসমৰ মাটিত কোনো অবনীন্দ্রনাথে ৱাছ টেকনিকৰ দৰে এটা নতুন পদ্ধতি আৱিষ্কাৰ নকৰিলে, বা একোটা সাধাৰণ আৰু তুলনামূলকভাৱে সূক্ষ্ম পদ্ধতি এটাক 'কাতাম-কুতুম'ৰ দৰে এটা নতুন অসমীয়া নামেৰে কেতিয়াও বিভূষিত নকৰিলে।  এই যিখিনি উদাহৰণ দিয়া হ'ল, এই গোটেইখিনিয়েই বহু পুৰণি উদাহৰণ। মুম্বাই, কেৰেলা বা বৰোদাৰ পৰৱর্তী শিল্পীমণ্ডলীৰ লেখ দিলে আৰু বহু কথা ওলাব।

সেই সূত্রেই অসমত শিল্পচর্চাৰ ক্ষেত্রত এক বিৰাট শূন্যস্থান আজিকোপতি বর্তি থাকিল। একোটা আন্দোলনৰ ৰূপত কোনোটো শিল্পধাৰায়েই গঢ় লৈ নুঠাৰ ফলত সর্বসাধাৰণৰ মাজত শিল্প সম্পর্কে এটা সামান্য বুজাপৰাৰ সৃষ্টি নহ'ল। ফলত শিল্প আৰু শিল্পী সম্পর্কে আমাৰ সাধাৰণ মানুহৰ মনত উদ্ভট, আচহুৱা আৰু তেনেই অবান্তৰ ধাৰণা কিছুমানহে বর্তি থাকিল। এইটো তেনেই সঁচা কথা যে অসম মুলুকত শিল্পী এজনে নিজকে শিল্পী বুলি ক'বলৈ লাজ পায়। কূপমণ্ডূকতাই ইয়াৰ কাৰণ, আৰু একো নহয়।

৫। অসমীয়া শিল্পৰ ঘৰ

আমাৰ অসমীয়া মানুহৰ "অসমীয়া" নামৰ ঘৰটো বেছ মজবুত কৰি থৈছোঁ। আমি দুৱাৰ-খিৰিকিবোৰ নিকপকপীয়াকৈ মাৰি থৈছোঁ। ইয়াৰ ভিতৰৰ বতাহ বাহিৰলৈ ওলাবলৈ দিয়া নাই, বাহিৰৰ বতাহ এই ঘৰটোৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই। এইবাৰ এই ঘৰটো ভাঙি পেলাবৰ হ'ল। তাতে যদি কোনোবাই 'গ'ল গ'ল অসমখন ৰসাতলে গ'ল' বুলি হায়ৈ-বিয়ৈ কৰে কৰক। ক্ষতি নাই। শিল্পৰ ৰুচিহীন ঘৰ এটা থকাতকৈ নথকাই ভাল। সেয়েহে কাণখোৱাই বাৰে বাৰে এটা ডিছপোজেবল ঘৰৰ কথা কয়।

সমুদ্র কাজল শইকীয়া

Share Button
Print Friendly, PDF & Email

3 Comments : "অসমৰ শিল্পচর্চাৰ ডুখৰীয়া চিন আৰু পাব্লিক আর্টৰ প্রাসঙ্গিকতা (দ্বিতীয় খণ্ড)"

  1. অসমৰ সাম্প্ৰতিক কলাজগতখনলৈ তুলনামূলক এক পৰিবৰ্তন আহিছে। তথাকথিত অসমীয়া বৌদ্ধিক মহলৰ বদ্ধমূল ধাৰণাবিলাকক নতুন শিল্পীসকলে টুকুৰিয়াবলৈ ধৰিছে৷ ই অতিশয় আদৰণীয়। অসমীয়া শিল্পীসমাজে বৌদ্ধিক কচৰতৰ সীমাবদ্ধতাক অতিক্ৰম কৰাটো অত্যম্ত জৰুৰী বুলি আমি অনুভৱ কৰো। ইয়াৰ বাবে শিল্পীসকলে কষ্ট কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব আৰু ভাষিক মাধ্যমটোক লগত সাঙুৰি ল'বই লাগিব। অসমীয়া ভাষাত প্ৰকৃতাৰ্থত কলা সমালোচনাৰ কোনোধৰণৰ কিতাপতো নায়েই যিসকল আন্তৰিকতাৰে আগ বাঢ়ি আহিছে তেওঁলোককো শিল্পীসকলে সহযোগিতা নকৰাৰ অভিযোগ আছে। আপোনাৰ অভিযোগবিলাকৰ ক্ষেত্ৰত উপৰুক্ত কথাখিনিৰ প্ৰাসংগিকতা আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিব। আপোনাৰ অভিযোগ বা অনুযোগবিলাকৰ প্ৰতি আমাৰ সমমৰ্মিতা প্ৰকাশ কৰিও কওঁ যে- আবেগক নিলগাই ৰাখি এক সবল সামূহিক কৰ্তব্যৰ লগতে আপোনাৰ দৰে বহু লেখকৰ দৰকাৰ যি সঠিক পথৰ সন্ধান দিব পাৰে আৰু অসমৰ কলা আন্দোলনটিক অধিক গতিশীল কৰিব পাৰে। লিখনিটিৰ বাবে পুনৰ ধন্যবাদ জনালো।

  2. ভাল লেখা।
    অসমৰ শিল্পীসকলে কথাখিনি উপলব্ধি কৰিলে উপকাৰ হ'ব। শিল্পীসকলে শিল্প চৰ্চাৰ লগে লগে এক পৰিৱেশো তৈয়াৰ কৰিব লাগিব। যাতে বিষয়টো বুজি পোৱা এচাম মানুহৰো সৃষ্টি হয়। তদুপৰি অসমত এঞ্জেলো, দ্য ভিঞ্চি, গঘৰ দৰে শিল্পীৰো জন্ম হোৱা নাই। শংকৰদেৱৰ জন্ম হৈছিল, কিন্তু তেখেতক লৈ আগবাঢ়িব পৰা নাই। তেখেতৰ সৃষ্টিৰাজী অসমৰ এচাম মানুহৰ মাজতেই আজিও আৱদ্ধ হৈ আছে। তদুপৰি দেখা যায় আমাৰ শিল্প মাধ্যমটো বৈষ্ণৱ শিল্পৰ ধাৰাতেই এতিয়ালৈকে বৰ্তি আছে। তথাপি এচামে সমসাময়িক ধাৰাৰ লগত আগুৱাই গৈছে। অসমৰ বাতৰি কাকত, আলোচনীত বিষয়টোৰ চৰ্চা কম হোৱাটোও চিন্তনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *