পুঁজিবাদৰ বিকাশ আৰু নাৰীৰ অৱস্থান - (পূজা নিৰালা)

উপযুক্ত সুযোগ-সুবিধা পালে নাৰীয়ে যিকোনো ক্ষেত্ৰতেই নিজৰ সক্ষমতা প্ৰতিপন্ন কৰিব পাৰে, এই কথা নিশ্চয়কৈ দোহাৰি থকাৰ প্ৰযোজন নাই। সাম্প্ৰতিক সময়ত শিক্ষা, সাংস্কৃতিক চৰ্চা, ৰাজনীতি, অৰ্থনীতি প্ৰায় প্ৰতিটো ক্ষেত্ৰতেই নাৰীৰ অংশগ্ৰহণ মন কৰিব লগীয়া। অৱশ্যে আজিৰপৰা কেইটামান শতক আগলৈকে ৰান্ধনিশালকেই মহিলাৰ একমাত্ৰ উপযুক্ত কৰ্মস্থান বুলি গণ্য কৰা হৈছিল (আজিও এই চিন্তা সমাজত শিপাই আছে)। তেনে ক্ষেত্ৰত, কেইটামান প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰি – মহিলাই আজিৰ অৱস্থাত কেনেকৈ উপনীত হ'ল ? নাৰীক কেন্দ্ৰ কৰি সমাজৰ দৃষ্টিভংগী সলনি হোৱা পৰিঘটনাৰ আঁৰত নাৰীসকলৰ সৌভাগ্য থকা বুলি ক'ব পাৰি নেকি? এই পৰিৱৰ্তনক সমাজৰ অন্যান্য বিষয়ৰপৰা স্বাধীন তথা বিছিন্ন বা স্বতঃস্ফূৰ্ত বুলি মানি ল’ব পাৰিনে ? অথবা আজিৰ সমাজত মহিলাই যি পৰিমাণে সা-সুবিধা বা অধিকাৰ সুৰক্ষিত কৰিছে, সেয়া পৰ্যাপ্ত নে? উত্তৰ হ'ব – নিশ্চয় নহয়। সমাজব্যৱস্থাৰ অৰ্থনৈতিক পৰিকাঠামোৰ পৰিৱৰ্তনৰ অৱধাৰিত ফলতহে নাৰীৰ আজিৰ এই অৱস্থান সম্ভৱ হৈছে।

সামন্ততান্ত্ৰিক ব্যৱস্থাৰ পতন তথা পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ উদ্ভৱৰ ফলস্বৰূপে মহিলাসকলৰ জীৱনশৈলী বা অৱস্থাতো ব্যাপক পৰিৱৰ্তনে দেখা দিয়ে। ওঠৰ শতিকাৰ শেহৰ ফালে, ফৰাচী বিপ্লৱে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰে। ইউৰোপত সামন্ততান্ত্ৰিক ব্যৱস্থাত ভাঙোন তথা সমান্তৰালকৈ বৃহৎ বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে পুঁজিবাদৰ সূচনা হয়। উদ্যোগসমূহত কাম কৰাৰ বাবে শ্ৰমিকৰ প্ৰয়োজন হয়। কিন্তু কেৱল পুৰুষ শ্ৰমিকে প্ৰয়োজন পূৰাব নোৱৰাত, মহিলা তথা শিশুসকলকো উদ্যোগ, কল-কাৰখানাত শ্ৰমিক হিচাপে নিয়োগ কৰা হয়। অৱশ্য ইয়াৰ আঁৰত আন আন গুৰুত্বপূৰ্ণ কাৰণো নিহিত হৈ আছিল যিবোৰ এৰাই চলিব নোৱাৰি – মহিলা বা শিশুসকলক কম মজুৰি প্ৰদান কৰি বৃহৎ পৰিমাণৰ উদ্বৃত্ত মূল্য মালিক শ্ৰেণীয়ে আত্মসাৎ কৰিব পাৰিছিল। মহিলা তথা শিশু শ্ৰমিকসকলে মালিকসকলৰ কথা অমান্য কৰা নাছিল, সেয়ে অধিকতকৈ অধিক সময় খটুৱাই শ্ৰম আদায় কৰিব পৰা গৈছিল। মহিলা শ্ৰমিকসকলে পুৰুষৰ দৰে ধৰ্মঘট বা বিৰোধ প্ৰদৰ্শন কৰিবলৈ সাহস কৰা নাছিল। এফালে ঔদ্যোগিকীকৰণ আৰু পুঁজিবাদৰ আৰম্ভণিয়ে ব্যৱস্থাটোৰ প্ৰয়োজন মতে মহিলাসকলক পাকঘৰৰ বন্দিত্বৰপৰা মুক্ত কৰিছিল। কিন্তু আনপিনে, একে সময়তে উদ্বৃত্ত মূল্য আত্মসাৎ কৰি শ্ৰম শোষণ কৰিবলৈ ধৰে। প্ৰকৃততে, ব্যক্তিগত মালিকানা থকা ব্যৱস্থাত পুৰুষ, মহিলা বা শিশু শ্ৰমিক যিয়েই নহওক, উৎপাদন ব্যৱস্থাৰ একো একোটা যন্ত্ৰ হিচাপে গণ্য কৰা হয়। নতুন পুঁজিবাদী ব্যৱস্থাত শোষণ চলিয়ে থাকিল, যদিও স্বীকাৰ কৰিবই লাগিব যে এই ব্যৱস্থাই মহিলাসকলক সামাজিক উৎপাদন ব্যৱস্থাৰ মাজলৈ আনি মুক্তিৰ পথ প্ৰশস্ত কৰিলে।

যিদৰে এটা অংশই মহিলা শ্ৰমিক হিচাপে যোগদান কৰিছিল, আন একাংশই শিক্ষা, সাংস্কৃতিক চৰ্চাৰো সুযোগ পাইছিল। মূলতঃ মধ্যবিত্ত পৰিয়াল তথা নতুনকৈ গঢ়ি উঠা উদ্যোগপতি-অভিজাত শ্ৰেণীৰ মহিলাসকলে বিলাস– বিনোদন হিচাপে পঢ়া-শুনা বা সাংস্কৃতিক চৰ্চা কৰিছিল। এই শ্ৰেণীৰ মহিলাসকলেই নৱজাগৰণৰ অধিকাৰৰ দাবীৰে পুৰুষৰ সৈতে আন্দোলন আদিত যোগদান কৰে। শিক্ষিত এইচাম মহিলায়েই নাৰ্ছ, দৰ্জী, শিক্ষয়িত্ৰী, সাংবাদিকতা আদি পেছাত যোগদানৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ পৰে। ইতিমধ্যে উল্লেখ কৰাৰ দৰে নাৰীসকল অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হৈ অহাৰ লগে লগে তেওঁলোকৰ পৰিয়ালত নাৰী-পুৰুষৰ সম্পৰ্কৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন দেখা যায়। যুগ যুগ ধৰি চলি অহা শোষণ বা পৰম্পৰাৰ প্ৰভাৱ শেষ নহ'লেও, পুৰুষপ্ৰধান পৰিয়ালৰ ভেঁটি নখহাকৈ নাথাকিল। পুৰুষতান্ত্ৰিক সমাজত য'ত অৰ্থনৈতিক অধিকাৰ অবিহনে নাৰী পুৰুষৰ অধীন বুলি গণ্য কৰা হৈছিল, তেনে সময়ত অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাই এই ধাৰণাটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰে আৰু ভৱিষ্যতৰ নাৰীৰ সমানাধিকাৰৰ পথ প্ৰশস্ত কৰে।

এই প্ৰসংগত এংগেলছে লিখিছে – "বৃহৎ শিল্প প্ৰসাৰৰ লগে লগে নাৰীক ঘৰুৱা কামৰ ঠেক গণ্ডীৰপৰা শ্ৰমৰ বজাৰ তথা কল-কাৰখানালৈ উলিয়াই অনা হ'ল। মহিলাৰ ওপৰতেই সংসাৰৰ উপাৰ্জনৰ দায়িত্ব ন্যস্ত হোৱাত সৰ্বহাৰাৰ পাৰিবাৰিক জীৱনত পুৰুষৰ প্ৰভুত্ব বজাই ৰখাৰ ভেটিও নাইকিয়া হৈ থাকিল।" ( ...Moreover since large-scale industry has transferred the woman from house to the labour market and the factory, and makes her, often enough, the bread winner of the family, the last remnants of male domination in the proletarian home have lost all foundation."–Engels, Origin of Family, Private Property and the State) উল্লেখযোগ্য যে কল-কাৰখানাত নাৰীৰ নিয়োগ সম্ভৱ হ'ল যদিও মহিলা শ্ৰমিকৰ মজুৰি পুৰুষ শ্ৰমিকৰ মজুৰিৰ সমান নহ'ল। অৰ্থাৎ পুঁজিবাদী ব্যৱস্থাত নাৰীৰ স্বাৱলম্বিতাৰ পথ মুকলি হ'ল যদিও এই ব্যৱস্থাই নাৰী-পুৰুষৰ মাজত বৈষম্য বৰ্তাই ৰাখিলে। নতুনধৰণৰ শ্ৰেণীশোষণ আৰম্ভ হ'ল নতুন ব্যৱস্থাত।

সামন্তবাদী সমাজব্যৱস্থাৰ শ্ৰেণীশোষণৰ চৰিত্ৰ সলনি হ'ল, কিন্তু শেষ নহ'ল। নতুন চৰিত্ৰ, নতুন বিন্যাসৰ সৈতে শ্ৰেণীদ্বন্দ্ব বৰঞ্চ অধিক তীব্ৰতৰহে হ'ল। অৰ্থনৈতিক পৰিকাঠামো সম্পূৰ্ণৰূপে পৰিৱৰ্তিত নোহোৱাৰ ফলত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সম্ভৱ নহ'ল আৰু তাৰ ঠাইত কিছুমান জটিল সমস্যাইহে দেখা দিলে। পুঁজিবাদৰ বিকাশৰ ফলত মহিলাসকলে সামাজিক উৎপাদনত অংশগ্ৰহণ কৰাৰ সুযোগ পালে, কিন্তু আনফালে ঘৰ তথা কাৰখানাৰ কামৰ বোজা একেলগে বহন কৰিবলগীয়া হোৱাত কষ্ট বাঢ়িল। সন্তানৰ লালন-পালনৰ দায়িত্বও নাৰীয়েই গ্ৰহণ কৰিব লগীয়া হয়। নাৰীসকলক কৰ্মক্ষেত্ৰলৈ লৈ যোৱা হ'ল, যদিও ৰাষ্ট্ৰৰ ফালৰপৰা ঘৰুৱা দায়িত্বৰ বোজা কম কৰিব পৰাকৈ কোনোধৰণৰ বিকল্প ব্যৱস্থা লোৱা নহ'ল। হাড়ভগা দীঘলীয়া শ্ৰমৰ বিনিময়ত অতি নিম্নতম মজুৰিহে প্ৰদান কৰা হৈছিল মহিলা শ্ৰমিকক। গতিকে এই ব্যৱস্থাত নাৰীৰ ওপৰত শোষণ বৃদ্ধি হ'ল। এই ব্যৱস্থাতেই 'পতিতা' বৃত্তিৰো আত্মপ্ৰকাশ ঘটে। পূৰ্বতে থকা ঘৰুৱা 'ৰক্ষিতা'ৰ অৱলুপ্তি ঘটে আৰু ইয়াৰ ঠাইত সামাজিক ক্ষেত্ৰত 'দেহোপজীৱিনী'ৰ সংখ্যা বাঢ়ি গৈ থাকিল আৰু নিশ্চিত যে ইয়াৰ অন্তৰালত নিহিত কাৰণ হৈছে সামাজিক তথা অৰ্থনৈতিক। নাৰী পণ্যলৈ ৰূপান্তৰিত হ'ল এক কথাত।

গতিকে দেখা যায় যে পুঁজিবাদৰ বিকাশৰ ফলত এফালে যিদৰে নাৰীসমাজৰ মুক্তিৰ ইংগিত পোৱা গৈছিল, আনফালে শোষণ আৰু আত্মমৰ্যাদা লাঘৱো এই সমাজৰেই পৰিণতি। এংগেলছৰ উপৰোক্ত গ্ৰন্থত শ্ৰেণীবিভক্ত সমাজত নাৰীৰ ওপৰত চলা শোষণক ঐতিহাসিক বিশ্লেষণৰ মাজেৰে স্পষ্টভাৱে বাখ্যা দাঙি ধৰা হৈছে যে সমগ্ৰ নাৰীসমাজক সামাজিক উৎপাদনৰ কামত পুনৰ প্ৰবেশ কৰাব পাৰিলেহে সামগ্ৰিকভাৱে নাৰীৰ ওপৰত চলা শোষণৰ অৱসান ঘটিব। একেদৰে কাৰ্ল মাৰ্ক্সেও 'কেপিটেল' গ্ৰন্থত নাৰীৰ ওপৰত চলা শোষণৰ বিশ্লেষণ দাঙি ধৰিছে। সৰ্বপ্ৰথমে নাৰীৰ পৰাধীনতাৰ বৈজ্ঞানিক বিশ্লেষণ আগ বঢ়ায় মাৰ্ক্সবাদেই। মাৰ্ক্সবাদে দেখুৱালে যে সমাজত ব্যক্তিগত সম্পত্তিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা শ্ৰেণীবিভক্ত সমাজব্যৱস্থাই নাৰী সমাজৰ পৰাধীনতাৰ
মূল কাৰণ। শ্ৰেণী দৃষ্টিভংগীক বাদ দি বা সামগ্ৰিক শ্ৰেণী সংগ্ৰামৰপৰা বিচ্ছিন্ন কৰি নাৰীৰ পূৰ্ণ মুক্তি সম্ভৱ নহয়। মাৰ্ক্সীয় বিশ্লেষণ মতে শ্ৰেণীহীন তথা শোষণহীন সমাজতহে নাৰীৰ সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত হ'ব।
উল্লেখযোগ্য যে নাৰী সংগ্ৰামৰ ইতিহাসত দেখা যায় যে ঊনবিংশ শতাব্দীত নৱজাগৰণৰ সময়ত যুক্তিবাদ তথা মানৱতাবাদ প্ৰতিষ্ঠাৰ আন্দোলনৰ সময়ত নাৰীৰ ব্যক্তিস্বাত্যন্ত্ৰ তথা সমানাধিকাৰ বিষয়টোও তুলি ধৰা হয়। কিছু কিছু ক্ষেত্ৰত বিচ্ছিন্ন বা সীমাবদ্ধভাৱে কিছু আংশিক অধিকাৰ মহিলাসকলে লাভো কৰে যদিও, পূৰ্ণ মুক্তিৰ কোনো শ্লোগান শুনা নগ’ল বা তেনে কোনো ইংগিতো বহন নকৰিলে আন্দোলনে।

১৮৬৮ চনত শ্ৰমিক শ্ৰেণীৰ 'প্ৰথম আন্তৰ্জাতিক সংগঠন' (International Workingmen's Association ) গঠনৰ সময়তেই কাৰ্ল মাৰ্ক্সে নাৰীৰ অধিকাৰৰ বিষয়টো উত্থাপন কৰে। আনপিনে, একে সময়তে আন আন কিছুসংখ্যক সংশোধনবাদী সমাজতান্ত্ৰিকে মহিলাসকলে কল-কাৰখানাত কাম কৰাটো সমাজৰ নৈতিক দিশৰপৰা অৱমাননাকৰ, সেয়ে মহিলাই গৃহকৰ্মতে আবদ্ধ থকা ভাল বুলি প্ৰস্তাৱ দিয়ে। মাৰ্ক্সে বিৰোধ কৰাৰ লগতে মহিলাৰ অৰ্থনৈতিক অধিকাৰৰ সপক্ষে যুক্তি দাঙি ধৰে। কৰ্মক্ষেত্ৰত পৰ্যাপ্ত সা-সুবিধা তথা মজুৰি বৃদ্ধি কৰাৰ ওপৰতহে মাৰ্ক্সে গুৰুত্ব প্ৰদান কৰে। প্ৰথম আন্তৰ্জাতিকৰ নীতি-নিৰ্দেশনা অনুসৰিয়েই ট্ৰেড ইউনিয়নৰ সৈতে মহিলা শ্ৰমিকৰ অধিকাৰো যুক্ত কৰি আন্দোলন সংঘটিত কৰা হয়।

পৰৱৰ্তী পৰ্যায়ত শোষণৰ বিৰুদ্ধে আন্দোলনৰ ধাৰা অব্যাহত থাকে। জাৰ্মানিৰ সূতাকলৰ মহিলাসকলৰ আন্দোলন এইক্ষেত্ৰত এক উল্লেখযোগ্য উদাহৰণ। ১৮৭১ চনত পেৰিছ বিপ্লৱৰ সময়ত শ্ৰমজীৱী সংগ্ৰামী নাৰীৰ ভূমিকা ঐতিহাসিক। কল-কৰখানাৰ শ্ৰমিকৰ উপৰি, দৰ্জী মহিলা, সংগঠিত-অসংগঠিত খণ্ডৰ মহিলা কৰ্মী আদি কৰি, শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী – সৰ্বস্তৰৰ মহিলা একত্ৰিত হৈ সংগ্ৰামত জঁপিয়াই পৰা ঘটনা অবিস্মৰণীয়। বহু নাৰী সংগ্ৰামীয়ে আত্মবলিদান দিবলৈও কুন্ঠাবোধ নকৰিলে। সেই সময়ত যুদ্ধ পৰিষদে ১০৫০ গৰাকী মহিলাক অভিযুক্ত কৰিছিল। অৱশ্যে পেৰিছ বিপ্লৱে ফৰাচী বিপ্লৱৰ ঐতিহ্য বহন কৰা বুলিয়েই ক'ব লাগিব। ওঠৰ শতিকাত (১৭৮৯) ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ শ্লোগানে সৰ্বস্তৰত আলোড়নৰ সৃষ্টি কৰা সময়তেই নাৰীৰ অধিকাৰৰ দাবীত বিচ্ছিন্নভাৱে হ'লেও আৱাজ উঠিছিল। ১৭৯৩ চনত 'মানুহৰ অধিকাৰ' ঘোষণাপত্ৰ পাঠৰ সময়ত ওমল্যান দা গুজ নামৰ ফৰাচী মহিলা এগৰাকীয়ে প্ৰশ্ন কৰিছিল – "নাৰীসকলক যদি ফাঁচী কাঠত ওলমোৱাৰ অধিকাৰ আছে, তেন্তে পাৰ্লিয়ামেন্টত তেওঁলোকৰ অধিকাৰ কিয় নাথাকিব?" পৰিতাপৰ কথা যে সেই সেই বছৰতেই ওমল্যান দা গুজক ফাঁচী দিয়া হয়।

বিভিন্ন সময়ত পুৰুষৰ সৈতে বহু নাৰীয়েও শোষণৰ বিৰুদ্ধে সংগ্ৰাম কৰি জীৱন উৎসৰ্গা দি আহিছে। কিন্তু দুখৰ বিষয়, ইতিহাসত সকলোৰে নাম বিচাৰি পোৱা নাযায়। পেৰিছ বিপ্লৱৰ সময়তে অনেক নাৰী সংগ্ৰামীয়ে জীৱন বলিদান দিয়ে। পেৰিছ বিপ্লৱৰ অন্যতম নেতৃ লুই মিচেলৰ নাম ইতিহাসত উল্লেখ আছে।

পেৰিছ বিপ্লৱত মহিলাসকলৰ অৱদান সম্পৰ্কে মাৰ্ক্সে লিখিছে – "পেৰিছৰ ৰমণীসকল প্ৰাচীন কালৰ নাৰীসকলৰ দৰেই মহান, তেওঁলোকে একনিষ্ঠভাৱে আগুৱাই বেৰিকেড তথা বধ্যভূমিত উৎফুল্লিত মনেৰে আত্মবলিদান দিছে।" পেৰিছ বিপ্লৱৰ সময়তেই শ্ৰমজীৱী নাৰীয়ে সংগঠিতভাৱে ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰে। মহিলাসকলৰ মাজত সমাজতান্ত্ৰিক চেতনাৰ বিকাশো এই সময়ৰেই অৱদান। ঊনবিংশ শতিকাৰ আন্তৰ্জাতিক সৰ্বহাৰা শ্ৰেণীৰ মুক্তিৰ আন্দোলনৰ সৈতে নাৰীৰ অধিকাৰ ৰক্ষাৰ দাবীও যুক্ত হয়। ১৮৮৯ চনত পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত কমিউনিষ্ট নেত্ৰী ক্লাৰা জেটকিনে সৰ্বপ্ৰথম, সকলো ক্ষেত্ৰতে নাৰীৰ সমানাধিকাৰৰ দাবী উত্থাপন কৰি বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাই বিশ্বজুৰি এক আলোড়নৰ সৃষ্টি কৰে। কাৰণ ইয়াৰ পূৰ্বে কোনো আন্তৰ্জাতিক মঞ্চৰপৰা নাৰীৰ সমান অধিকাৰৰ কথা ঘোষণা হোৱা নাছিল। অৱশ্যে বিভিন্ন ঠাইত বিচ্ছিন্নভাৱে নাৰীৰ অধিকাৰ ৰক্ষাৰ আন্দোলন সংঘটিত হৈছিল। ১৮৫৭ চনৰ ৮ মাৰ্চত নিউয়ৰ্কৰ কাপোৰ চিলাই কাৰখানাৰ দৰ্জী মহিলা শ্ৰমিকে উপযুক্ত মজুৰি তথা ১০ ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰাৰ দাবীত আন্দোলন কৰিছিল। পৰৱৰ্তী সময়ত এই সংগ্ৰামৰ ঐতিহ্য বহন কৰিয়েই ৮ মাৰ্চ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়।

পুঁজিবাদী ব্যৱস্থাই মহিলাৰ বাবে সামাজিক উৎপাদনত অংশগ্ৰহণৰ পথ মুকলি কৰিছে, তাত কোনো সন্দেহ নাই। কিন্তু সমান্তৰালকৈ জটিল সমস্যাৰ সৃষ্টি হোৱাত শোষণৰ মাত্ৰাও বাঢ়ি গৈ থাকে। পুঁজিবাদত পুৰুষ-মহিলা নিৰ্বিশেষে সকলো শ্ৰমিকেই উৎপাদনৰ সঁজুলিৰ গৰাকীক উদ্বৃত্ত মূল্য যোগান ধৰা যন্ত্ৰহে। শ্ৰেণীবিভক্ত সমাজত সামগ্ৰিকভাৱে সৰ্বস্তৰৰ মহিলাৰ সৰ্বাঙ্গীণ বিকাশ সম্ভৱ নহয়। তাৰ বাবে শ্ৰেণীশোষণবিহীন এক বিকল্প ব্যৱস্থাৰ প্ৰয়োজন আমি নুই কৰিব নোৱাৰো। অৱশ্যে বৰ্তমান এই ব্যৱস্থাৰ মাজেৰেই অধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিব লাগিব।

Share Button
Print Friendly, PDF & Email

No Comments : "পুঁজিবাদৰ বিকাশ আৰু নাৰীৰ অৱস্থান - (পূজা নিৰালা)"

Leave a Comment

Your email address will not be published. Required fields are marked *