পুঁজিবাদৰ স্বতঃস্ফূর্ততা-(মূল:প্রভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ তৃতীয়টো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব” তথা “লেনিনীয় সন্ধিক্ষণ” শীর্ষক প্রথম দুটা ভাষণৰ অনুবাদ আগ বঢ়োৱা হৈছে – অনুবাদক।)

উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত পুঁজিবাদৰ এক পুনর্গঠন প্রক্রিয়া সম্পন্ন কৰা হৈছিল যাৰ ভিতৰত উপনিবেশবোৰৰ মুক্তকৰণ, কেইনছীয় চাহিদা মেনেজমেণ্ট নীতি তথা সার্বজনীন ভোটাধিকাৰভিত্তিক গণতন্ত্র স্থাপন অন্যতম উপাদান আছিল। ই আচলতে পুঁজিবাদে আগ বঢ়োৱা কেতবোৰ ৰেহাইকেই সূচিত কৰিছিল কিয়নো সেই সময়ছোৱাত কমিউনিজমৰ ভূতে সমগ্র বিশ্বখন পেঁপুৱা লগাই থৈছিল। এফালে ফেচিবাদবিৰোধী সংগ্রামত সিবিলাকৰ ভূমিকাৰ বাবে ছোভিয়েট ইউনিয়ন তথা ইউৰোপৰ বিভিন্ন কমিউনিষ্ট দলবোৰ সকলোৰে সন্মানৰ পাত্র হৈ পৰিছিল, আনফালে চীনত নব্য গণতান্ত্রিক বিপ্লৱ সংঘটিত হৈছিল। পূব ইউৰোপৰ বিভিন্ন দেশো ৰেড আর্মিৰ দখললৈ আহিছিল। অৱশ্যে এইটোও সঁচা যে য়াল্টা চুক্তিয়ে পশ্চিম ইউৰোপত ছোভিয়েট ইউনিয়নৰ হাত বান্ধি থৈছিল; পূব ইউৰোপত সমাজবাদ স্থাপনৰ প্রতিদান হিচাপে ছোভিয়েট ইউনিয়নে ফ্ৰান্স, ইটালি তথা গ্রীচৰ কমিউনিষ্ট জনজাগৰণত কোনো হস্তক্ষেপ কৰিব পৰা নাছিল। উত্তৰ-যুদ্ধকালৰ প্রথমটো নির্বাচনত ইটালিৰ কমিউনিষ্ট পার্টি দেশখনৰ সর্ববৃহৎ দল হিচাপে আৱির্ভাৱ হোৱা সত্ত্বেও দলটোক চৰকাৰ গঠন কৰিবলৈ দিয়া হোৱা নাছিল। ঠিক তেনেকৈয়ে গ্রীচৰ গৃহযুদ্ধত স্থানীয় কমিউনিষ্ট পার্টিয়ে অকলেই ব্ৰিটিছ সাম্রাজ্যবাদৰ আশীর্বাদপুষ্ট প্রতিক্রিয়াশীল শক্তিবোৰৰ সৈতে যুঁজিব লগা হৈছিল। যি কি নহওক, মুঠৰ ওপৰত মেট্র’পলিটান পুঁজিবাদে কমিউনিজমৰ ভাবুকিটোক অতি গম্ভীৰভাৱে গ্রহণ কৰিছিল। অতি সোনকালেই শীতল যুদ্ধৰ আৰম্ভণি ঘটিছিল আৰু আমি ইতিমধ্যেই উল্লেখ কৰাৰ দৰে কমিউনিজমৰ প্রত্যাহ্বানটোৰ সৈতে মোকাবিলা কৰিবলৈ পুঁজিবাদৰ এক পুনর্গঠন প্রক্রিয়া হাতত লোৱা হৈছিল।

লক্ষণীয় যে এই পুনর্গঠন পুঁজিবাদী ব্যৱস্থাটোৰ কোনো “স্বতঃস্ফূর্ত” বিকাশৰ ফলাফল নাছিল। বৰং পৰিস্থিতিয়েই পুঁজিবাদৰ বুকুৰ পৰা এই ৰেহাইবোৰ কাঢ়ি আনিছিল। পুঁজিবাদ হৈছে এক স্বতঃস্ফূর্ত ব্যৱস্থা – এই অর্থত যে ব্যৱস্থাটো তাৰ অন্তর্নিহিত কেতবোৰ প্রৱণতাৰ দ্বাৰা চালিত হয়। আপাত দৃষ্টিৰে চাবলৈ গ’লে বিভিন্ন মানৱ এজেণ্টৰ নানান সিদ্ধান্তই ব্যৱস্থাটোৰ চৰিত্র তথা গতিশীলতা গঠন কৰে, কিন্তু প্রকৃত সত্যটো এয়ে যে মানৱ এজেণ্টৰ এই সিদ্ধান্তবোৰ কোনো ব্যক্তিগত চয়নৰ ফলাফল হোৱাৰ বিপৰীতে প্রতিযোগিতাৰ হেঁচাই সিবিলাকৰ নির্মাণ কৰে। আন কথাত ক’বলৈ গ’লে – এনে অনুভৱ হয় যেন ব্যৱস্থাটোৱে নিজেই নিজকে পৰিচালনা কৰে – অর্থাৎ ই হৈছে এক স্বয়ংচালিত ব্যৱস্থা আৰু এইক্ষেত্রত মানৱ এজেণ্টৰ একচনবোৰ হৈছে ব্যৱস্থাটোৰ আত্মপৰিচালনাৰ বাবে গঠিত হোৱা কেতবোৰ সমল মাথোঁ। লক্ষণীয় যে মার্ক্সে পুঁজিবাদৰ তথাকথিত নায়ক অর্থাৎ পুঁজিপতিসকলক “মানৱীকৃত পুঁজি” নামেৰে নামকৰণ কৰিছিল। অর্থাৎ পুঁজিপতিসকলো এই ব্যৱস্থাটোৰ অধীনত একাংগিত্বৰ চিকাৰ হয় – আৰু তেওঁলোকে প্রতিযোগিতাই দাবী কৰা মতে পদক্ষেপ ল’বলৈ বাধ্য হয়। কোনো মানৱীয় ইচ্ছা-অনিচ্ছাৰ বিপৰীতে এই প্রতিযোগিতাই পুঁজিপতিসকলৰ মাজত এক ডার্বিনবাদী  (ডাৰউইনীয়) মৰণপণ সংঘাত সৃষ্টি কৰে।

পুঁজিবাদৰ এই বিভিন্ন অন্তর্নিহিত প্রৱণতাসমূহ – যেনে পুঁজিৰ কেন্দ্রীয়কৰণৰ প্রৱণতা, আদিম সঞ্চয়নৰ যোগেদি প্রাক-পুঁজিবাদী উৎপাদনবোৰক বশলৈ অনাৰ প্রৱণতা, সকলো বস্তুকে পণ্যলৈ পর্যবসিত কৰাৰ প্রৱণতা – সাধাৰণতেই পুঁজিবাদী ৰাজ্যৰ দ্বাৰা সাহায্যপ্রাপ্ত হৈছিল। প্রায়েই ৰাজ্যৰ সহযোগে এই প্রৱণতাবোৰক অধিক তীব্রও কৰি তুলিছিল। আন কথাত, পুঁজিবাদৰ অন্তর্নিহিত প্রৱণতাবোৰক সাহায্য প্রদান তথা তীব্রতৰ কৰি তোলাৰ ক্ষেত্রত ৰাজ্যৰ এই ভূমিকাৰ বাবেই পুঁজিবাদী ব্যৱস্থাৰ অধীনত সাধাৰণতে অর্থনীতিয়ে ৰাজনীতিক পৰিচালনা কৰে।

অৱশ্যে মাজে-সময়ে এনে কেতবোৰ পৰিস্থিতি আহিব পাৰে – যেনে উত্তৰ-যুদ্ধকালৰ পৰিস্থিতি – যেতিয়া শ্রেণী শক্তিবোৰৰ সন্তুলন এনেধৰণৰ হয় যে ৰাজ্যই – আনকি পুঁজিবাদৰ সুৰক্ষাৰ প্রতি প্রতিশ্রুতিবদ্ধ ৰাজ্যইও - পুঁজিবাদৰ অন্তর্নিহিত প্রৱণতাবোৰক অধিক তীব্র কৰি তোলাৰ বিপৰীতে সিবিলাকৰ ওপৰত কিছু বাধা-নিষেধ আৰোপ কৰে। পিছে এনেধৰণৰ বাধা-নিষেধ কোনো স্থায়ী পৰিঘটনা হ’ব নোৱাৰে, কিয়নো যেতিয়ালৈকে ব্যৱস্থাটো অটুট থাকে তেতিয়ালৈকে এই প্রৱণতাবোৰ উপস্থিত হৈয়েই থাকিব আৰু পাছলৈ পৰিস্থিতি সলনি হোৱাৰ লগে লগে সিবিলাকে পুনৰ সমস্ত বাধা অতিক্রম কৰি ক্রিয়াশীল হৈ পৰিব। অর্থাৎ পুনর্গঠনৰ অর্থ হৈছে ৰাজ্যৰ দ্বাৰা পুঁজিবাদৰ অন্তর্নিহিত প্রৱণতাবোৰৰ প্রতিস্থাপন (displacement), সিবিলাকৰ সামগ্রিক সমাপ্তি নহয়। এই প্রৱণতাবোৰক ক্ষান্ত কৰাৰ অহৰহ প্রচেষ্টাই সমগ্র ব্যৱস্থাটোকে আসোঁৱাহপূর্ণ (dysfunctional) কৰি পেলাব পাৰে যাৰ ফলত শেহত দুটাই বিকল্প ৰ’বগৈ পাৰে – হয় বাৰম্বাৰ তথা অধিকাধিক ৰাজ্যিক হস্তক্ষেপৰ যোগেদি সমস্ত ব্যৱস্থাটোকে অতিক্রম কৰাৰ দিশেৰে আগ বাঢ়িব লাগিব, নতুবা প্রাৰম্ভিক কালৰ ৰাজ্যিক হস্তক্ষেপৰ পাছত ব্যৱস্থাটোৰ অন্তর্নিহিত প্রৱণতাবোৰ পুনৰ ক্রিয়াশীল হৈ উঠি ৰাজ্যিক হস্তক্ষেপৰ প্রভাৱবোৰ নাইকিয়া কৰি পেলাব। আন কথাত ক’বলৈ গ’লে, সামগ্রিক ব্যৱস্থাটোৰ অতিক্রমণৰ প্রতি প্রতিশ্রুতিবদ্ধ নহ’লে এসময়ত গৈ ৰাজ্যৰ হস্তক্ষেপবোৰ পিছ হুঁহকিবলৈ বাধ্য হ’ব।

উত্তৰ-যুদ্ধকালৰ মেট্র’পলিটান পুঁজিবাদৰ ক্ষেত্রত ঠিক এইটো ঘটনাই দেখা পোৱা গ’ল। দুটা পৰিদৃশ্য পোহৰলৈ আহিল : প্রথমটো হৈছে এক দীর্ঘ কাল জুৰি উচ্চ নিয়োগ হাৰৰ অৱস্থিতি। ১৯৬০ৰ দশকৰ প্রথমছোৱাৰ ব্ৰিটেইনখনলৈ চালে দেখা যায় যে দেশখনত চৰকাৰী পৰিসংখ্যামতে নিবনুৱাৰ হাৰ ২ শতাংশতকৈও কম আছিল; আনহাতে আমেৰিকা যুক্তৰাজ্যত এই হাৰ আছিল প্রায় ৪ শতাংশ। শান্ত পৰিস্থিতিৰ অধীনত পুঁজিবাদে এনে সুন্দৰ নিয়োগ হাৰ পূর্বে কেতিয়াও লাভ কৰা নাছিল। পুঁজিবাদৰ বাবে সাধাৰণতেই এক বুজন আকাৰৰ অতিৰিক্ত শ্রম বাহিনীৰ উপস্থিতি প্রয়োজনীয় হয় কিয়নো ই প্রকৃত মজুৰিৰ হাৰ নিয়ন্ত্রণ কৰি শোষণৰ ব্যৱস্থাটোক সুগম কৰি ৰাখে তথা নিয়োগহীনতাৰ ভয় দেখুৱাই শ্রম-অনুশাসন বাহাল কৰি ৰাখে; কিন্তু ইয়াৰ বাহিৰেও আন কেতবোৰ কাৰণো আছে যাৰ বিষয়ে সাধাৰণতেই আলোচনা কৰা নহয়। অতিৰিক্ত শ্রম বাহিনীৰ উপস্থিতিয়ে ‘মজুৰি-ইউনিট’বোৰৰ স্থিৰতা বজাই ৰাখে অর্থাৎ ই নগদ মজুৰিৰ বৃদ্ধি নিয়ন্ত্রণত ৰাখে যাতে cost push inflation সংঘটিত নহয় (cost push inflationৰ অর্থ হৈছে মাটি, পুঁজি, শ্রম আদি বিভিন্ন উৎপাদিকা উপাদানবোৰৰ অতিশয় মূল্য বৃদ্ধি হোা - অনুবাদক)। মন কৰিবলগীয়া যে cost push inflation অতিশয় মন্থৰ গতিৰে সম্পন্ন হ’লেও ই টকাৰ মূল্যৰ প্রতি ভাবুকি কঢ়িয়াই আনে যি নগদ-ব্যৱস্থা-নির্ভৰশীল এই পুঁজিবাদী ব্যৱস্থাটোক সংকটত পেলাব পাৰে। সেয়েহে উত্তৰ-বিশ্বযুদ্ধকালত পৰিলক্ষিত হোৱা অতিৰিক্ত শ্রম বাহিনীৰ দ্রুত হ্রাসকৰণ বহুদিনলৈ একেৰাহে চলি থকাটো সম্ভৱপৰ নাছিল।

এনে পৰিস্থিতিত নিবনুৱাৰ হাৰ যদি নিম্নস্তৰৰ কৰি ৰাখিবলৈ হয়, তেনেহ’লে পুঁজিবাদৰ পুনর্গঠন প্রক্রিয়াটো আৰু অধিক ক্ষিপ্র কৰাটো প্রয়োজনীয় হৈ পৰিল। আৰু সেয়াই কৰা হ’ল। ৰাজহুৱা বিনিয়োগ অধিকতকৈ অধিক কৰা হ’ল, যি প্রাইভেট বিনিয়োগৰ বিপৰীতে “মজুৰি তথা বেতন নীতি”বোৰ অধিক সহজতে মানি লৈছিল। পুঁজিবাদৰ এই পুনর্গঠন প্রক্রিয়াটো অহৰহ চলাই যোৱা হ’লে এসময়ত ই পুঁজিবাদৰ পৰিসীমা অতিক্রম কৰি গ’ল হয়। কিন্তু যিহেতু ৰাজ্যৰ অধিক হস্তক্ষেপে পুঁজিৰ অন্তর্নিহিত লজিকৰ সৈতে খুন্দা খাবলৈ ধৰিলে আৰু ই ব্যৱস্থাটোক আসোঁৱাহপূর্ণ (dysfunctional) কৰি তুলিলে, সেয়েহে এসময়ত গৈ ৰাজ্যৰ হস্তক্ষেপবোৰ কমাই অনা হ’ল। ব্যৱস্থাটোৰ এই আসোঁৱাহবোৰৰ উত্তৰ বিচাৰি এইবাৰ পূর্বৰ তেনেবোৰ ৰাজ্যিক হস্তক্ষেপকো আঁতৰাই পেলোৱা হ’ল যিবোৰক এসময়ত ব্যৱস্থাটোৰ ক্রিয়াপদ্ধতিবোৰ “উন্নত” কৰিবলৈকে প্রয়োগ কৰা হৈছিল।

১৯৬০ৰ দশকৰ শেহৰ ফাললৈ নিবনুৱাৰ হাৰ অহৰহভাৱে নিম্নতৰ কৰি ৰখাৰ ফলত cost push inflation  সংঘটিত হোৱা দেখা গ’ল আৰু ই “মজুৰি ইউনিট”বোৰকো অস্থিৰ কৰি তুলিলে। এইখিনিতেই ৰাজ্যই ব্যৱস্থাটোৰ ওপৰত আৰু অধিক হস্তক্ষেপ কৰাৰ থল আছিল, কিন্তু কোনেও এই সুযোগ গ্রহণ কৰিবলৈ সাহস নকৰাৰ ফলত এসময়ত গৈ ৰনাল্ড ৰেগান আৰু মার্গাৰেট থেছাৰৰ দৰে চৰিত্রবোৰ ক্ষমতালৈ আহিল। ৰেগান আৰু থেছাৰে এইবাৰ শ্রমিক শ্রেণীটোৰ ৰাজহাড় ভাঙিবলৈ তথা পুঁজিৰ অন্তর্নিহিত প্রৱণতাবোৰ অধিক মুকলি কৰিবলৈ ৰাজ্য-যন্ত্রটো বাৰুকৈয়ে ব্যৱহাৰ কৰিলে।

পুঁজিৰ “সোণালী যুগ”ত দেখা পোৱা দ্বিতীয় পৰিঘটনাটো হৈছে পুঁজিৰ ভীষণ কেন্দ্রীয়কৰণ - যি পুনর্গঠনৰ প্রক্রিয়াটোৰ পাছত অধিকাধিক পোহৰলৈ আহিল। এইক্ষেত্রত বৰঙণি যোগোৱা দুটা কাৰক আছিল, অৱশ্যে দুয়োৰে গুৰুত্ব সমান নাছিল। কাৰক দুটাৰ ভূমিকা বুজিবলৈ হ’লে সমগ্র বিকশিত পুঁজিবাদী পৃথিৱীখনকে একেলগে চোৱাটো দৰকাৰ (এইক্ষেত্রত জাপানকো অন্তর্ভুক্ত কৰা হৈছে)। যিহেতু উত্তৰ-বিশ্বযুদ্ধ কালছোৱাত উচ্চ বিকাশ দৰৰ অর্থ আছিল উচ্চ বিনিয়োগ হাৰ, ই উচ্চ হাৰৰ জমাৰাশি (savings)কো সূচিত কৰিছিল। প্রাইভেট জমাৰাশিৰ হাৰ অতি উচ্চ হোৱাটো প্রয়োজনীয় আছিল কিয়নো ইয়াৰ দ্বাৰাই চৰকাৰী খৰছ বা বিত্তীয় ঘাটি পূর্ণ কৰা হৈছিল; বিশেষকৈ আমেৰিকাত এই পদ্ধতিটো বিশেষভাৱে প্রয়োগ কৰা হৈছিল যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত আমেৰিকান সামৰিক ঘাটি স্থাপন কৰা হৈছিল তথা পাছলৈ ভিয়েটনাম যুদ্ধখনৰ খৰছো উলিওৱা হৈছিল। এয়া সম্ভৱপৰ হৈছিল কিয়নো ব্রেটন ৱুডছ ব্যৱস্থাৱলী অনুসৰি আমেৰিকান ডলাৰক বিশ্ব মুদ্রা বা “সোণ সদৃশ” বুলি গণ্য কৰা হৈছিল।

এই জমাৰাশিবোৰক পুঞ্জীভূত ৰূপত বেংকত ৰখা হৈছিল। চাবলৈ গ’লে বেংকেই জমাকর্তা তথা বিনিয়োগকর্তাৰ মাজত মধ্যস্থতা কৰিছিল, কিন্তু যিহেতু আমেৰিকান চৰকাৰবোৰ “খৰচহীন ঋণ”ৰ প্রতি (অর্থাৎ বজাৰত বণ্ড মেলি দিয়াৰ বিপৰীতে ডলাৰ ছপা কৰাৰ প্রতি) আগ্রহী আছিল, তাৰ অর্থ আছিল এই যে বেংকবোৰ - বিশেষকৈ ইউৰোপত কার্যশীল বেংকবোৰৰ বেলেঞ্চ শ্বিটবোৰ সিহঁতৰ নিজা দৃষ্টিৰে optimal আছিল। এই বেংকবোৰ ডলাৰেৰে ভৰি পৰিছিল আৰু সিবিলাকক পুঁজি-প্রদান-কৰা-সম্পত্তিবোৰ (যেনে ষ্টক, বণ্ড, ৰিয়েল ষ্টেট আদি) কিনা-বেচা কৰাত “বিনিয়োগ” কৰিবলৈ বেংকবোৰে ইচ্ছা প্রকাশ কৰিছিল। কিন্তু এইক্ষেত্রত ব্রেটন ৱুডছ ব্যৱস্থাৱলীৰ কেতবোৰ নিয়মে বাধা প্রদান কৰিছিল কিয়নো এই ব্যৱস্থাৱলীৰ অধীনত থকা আন্তর্জাতিক মুদ্রা ব্যৱস্থাটোৱে বিশ্বৰ দেশবোৰক পুঁজিৰ ওপৰত নিয়ন্ত্রণ আৰোপ কৰাৰ অধিকাৰ প্রদান কৰি থৈছিল; এই অধিকাৰে বিত্ত পুঁজিক “জাতীয়” পৰিসীমাৰ ভিতৰত আবদ্ধ হৈ থাকিবলৈ বাধ্য কৰিছিল, যি কেইনছীয় চাহিদা মেনেজমেণ্ট নীতিও সম্ভৱপৰ কৰি তুলিছিল। বিত্ত পুঁজিক মুক্ত কৰিবলৈ হ’লে এই সমস্ত ব্যৱস্থাৱলীক আঁতৰাই পেলোৱাটো প্রয়োজনীয় আছিল। বিত্ত পুঁজিয়ে য’লৈকে ইচ্ছা তালৈকে গৈ বিনিয়োগ কৰিবলৈ হ’লে – অর্থাৎ বিত্ত পুঁজিক “গোলকীয়” কৰি পেলাবলৈ হ’লে সকলো দেশকে পুঁজিৰ বাবে - বিশেষকৈ বিত্ত তথা পণ্যৰ বাবে মুকলি কৰি লোৱাটো প্রয়োজনীয় আছিল।

এই দুয়োটা পৰিঘটনাই এসময়ত গৈ উত্তৰ-বিশ্বযুদ্ধকালৰ আর্থিক ব্যৱস্থাৱলীবোৰক পুঁজিবাদী দেশবোৰত কায়েম কৰি ৰখাটো অসম্ভৱ কৰি পেলালে। “গোলকীকৰণ”ৰ এক নতুন ব্যৱস্থা – যাৰ অর্থ আছিল মূলতঃ পুঁজিৰ গোলকীকৰণ – বিশেষকৈ বিত্ত পুঁজিৰ গোলকীকৰণ – এইবাৰ বিশ্বমঞ্চত আৱির্ভাৱ হ’ল।

গোলকীকৰণৰ এই ব্যৱস্থাটো সম্পর্কে বহুতো বিভ্রান্তিকৰ ধাৰণা আছে আৰু সেয়েহে প্রথমে সিবিলাকৰ আলোচনাৰ পৰাই আৰম্ভ কৰা যাওক। গোলকীকৰণক সাধাৰণতে কেতবোৰ নীতিৰ সৈতে যুক্ত কৰি চোৱা হয় যাক “নব্য-উদাৰবাদ” নামেৰে জনা যায় - ই এনে এখন ছবি অংকন কৰে যেন ৰাজ্যৰ হস্তক্ষেপবোৰ আঁতৰাই বজাৰৰ প্রভুত্ব স্থাপন কৰাই হৈছে সিবিলাকৰ লক্ষ্য; সেয়েহে এনে অনুভৱ হয় যেন সাম্প্রতিক গোলকীকৰণৰ যুগত “ৰাজ্যৰ পশ্চাদপসৰণ” ঘটিছে।

আচলতে ই মুঠেই সঁচা নহয়। গোলকীকৰণৰ অধীনত ৰাজ্যৰ হস্তক্ষেপ অকণো কমা নাই, বৰং এই হস্তক্ষেপৰ চৰিত্রহে সলনি হৈছে। যিহেতু পুঁজি হৈ পৰিছে গোলকীকৃত, আৰু আনহাতে ৰাজ্যবোৰ এতিয়াও জাতি-ৰাজ্যৰ ৰূপতেই সীমিত হৈ আছে, সেয়েহে ৰাজ্যই পুঁজিৰ দাবীবোৰৰ আগত সেও মানিবই লাগিব – অন্যথা সংশ্লিষ্ট দেশখনৰ পৰা পুঁজিয়ে বহিৰ্গমন কৰিব। গোলকীকৰণৰ পূর্বৰ যুগত যদিও ৰাজ্যই পুঁজিৰ লালন-পালন কৰিছিল তথাপিও এনে অনুভৱ হৈছিল যেন ৰাজ্যৰ স্থান সমাজৰ সকলো শ্রেণীৰ ঊর্ধত অৱস্থিত তথা ৰাজ্যই সকলো শ্রেণীৰে স্বার্থ পূৰণ কৰিব, কিন্তু গোলকীকৰণৰ যুগলৈ আহি ৰাজ্যৰ একমাত্র উদ্দেশ্য হৈ পৰিল আন্তর্জাতিক বিত্ত পুঁজি তথা তাৰ সৈতে যুক্ত দেশীয় বিত্তীয়-কর্প’ৰেট কুলীনতন্ত্রৰ (তথা সিবিলাকৰ সহযোগী ভূস্বামীসকলৰ) ৰক্ষণাৱেক্ষণ তথা অগ্রগতি।

এই পৰিৱর্তনৰ তাৎপর্য সম্পর্কে আলোচনা কৰাৰ  আগেয়ে মই এটা বিন্দু উল্লেখ কৰি থ’ব খোজোঁ। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিয়ে এটা নতুন যুগৰ সূচনা কৰিছিল য’ত আন্তঃসাম্রাজ্যবাদী সংঘাতবোৰ মূক হৈ পৰিছিল তথা সমগ্র পুঁজিবাদী বিশ্বৰ নির্বিবাদ নেতা হিচাপে আমেৰিকাৰ উদয় হৈছিল। গোলকীকৰণৰ এই যুগত আন্তঃসাম্রাজ্যবাদী সংঘাতবোৰ আৰু অধিক পৰিমাণে মূক হৈ পৰিল। পূর্বে যদি এই মূককৰণৰ কাৰণ আমেৰিকাৰ বিশ্ব প্রতিপত্তি বুলি ভবা হৈছিল (বহুতেই যাক ছুপাৰ-সাম্রাজ্যবাদ বুলিও কৈছিল), আজিৰ দিনৰ কিন্তু এই মূককৰণৰ উৎস হৈছে আন এটা কাৰণহে। এই কাৰণটো হৈছে -  পুঁজিৰ আন্তর্জাতিকীকৰণ।

লেনিনে যেতিয়া সাম্রাজ্যবাদৰ বিষয়ে আলোচনা কৰিছিল তেওঁ বিত্ত পুঁজিক বিভিন্ন জাতি-ৰাজ্যৰ স্তৰত আধাৰিত তথা জাতি-ৰাজ্যৰ দ্বাৰা সাহায্যপ্রাপ্ত সত্তা হিচাপে চিহ্নিত কৰিছিল। একোখন দেশৰ স্তৰত বিত্তীয় পুঁজি তথা ঔদ্যোগিক পুঁজি ঘনিষ্ঠভাৱে সংলগ্ন হৈ পৰিছিল তথা অন্যান্য দেশৰ বিত্ত পুঁজিৰ সৈতে ই প্রতিযোগিতাত নামিছিল। পিছে আজিৰ দিনত পৰিস্থিতি সলনি হৈ পৰিছে। আজিৰ বিত্ত পুঁজি হৈছে গোলকীকৃত বিত্ত পুঁজি আৰু সেয়েহে ইয়াৰ চৰিত্র হৈছে আন্তর্জাতিক, যি বিকশিত দেশবোৰৰ লগতে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ কেতবোৰ দেশতো সিচঁৰতি হৈ আছে। এই সমস্ত বিত্ত পুঁজি হৈছে সংলগ্ন বিত্ত পুঁজি – তাক দেশ অনুসৰি ভাগ ভাগ কৰিব পৰা নাযায়। অর্থাৎ আজিৰ দিনত একোখন দেশৰ বিত্তীয় পুঁজিয়ে দেশখনৰ ঔদ্যোগিক পুঁজিৰ সৈতে মিলি কোনো বিশেষ “জাতীয়” এজেণ্ডাৰ অন্বেষণ কৰি থকা নাই; এনে পৰিস্থিতি বর্তি থকা নাই য’ত সংশ্লিষ্ট দেশখনৰ ৰাজ্যযন্ত্রটোৰ সহযোগত বিত্ত পুঁজিয়ে নিজৰ দেশৰ বাবে কোনো আর্থিক অঞ্চলৰ সন্ধানত নামিছে আৰু এই প্রক্রিয়াটোৰ জৰিয়তে অন্যান্য দেশবোৰৰ বিত্তীয় কুলীনতন্ত্রৰ সৈতে সংঘাতত লিপ্ত হৈছে। ইয়াৰ বিপৰীতে আজিৰ দিনৰ বিত্ত পুঁজিয়ে বিভিন্ন বিৰোধী পুঁজিবাদী শক্তিৰ মাজত বিশ্বৰ আর্থিক বিভাজনৰ বিৰোধিতা কৰে যি আন্তর্জাতিক পৰিসীমাইদি পণ্যৰ – বিশেষকৈ বিত্ত পুঁজিৰ - মুক্ত চলাচলত বাধাৰ সৃষ্টি কৰিব পাৰে। এই আন্তর্জাতিক বিত্ত পুঁজি কোনো উদ্যোগৰ সৈতে সংলগ্ন হৈ থাকিব বুলিও কোনো কথা নাই (তাৰ বিপৰীতে বিভিন্ন পুঁজিজাত সম্পত্তি পলকতে ক্রয়-বিক্রয় কৰি মুনাফা আদায় কৰাটো হৈছে তাৰ অন্যতম লক্ষ্য) আৰু কোনো বিশেষ ৰণনীতিগত “জাতীয়” স্বার্থৰ সৈতেও সি জড়িত নহয়।

আন কথাত ক’বলৈ গ’লে, সাম্প্রতিক কালৰ আন্তঃসাম্রাজ্যবাদী সংঘাতৰ মূককৰণৰ উৎস  সমকালীন পুঁজিবাদৰ চৰিত্রৰ মাজতেই – অর্থাৎ বিশ্বমঞ্চৰ কেন্দ্রত আন্তর্জাতিক বিত্ত পুঁজিৰ উদয়ৰ মাজতেই – লুকাই আছে। উত্তৰ-বিশ্বযুদ্ধ কালছোৱাৰ দৰে বিকশিত পুঁজিবাদী দেশবোৰৰ শক্তি-সন্তুলনৰ ওপৰত আজি ই নির্ভৰ নকৰে।

এইখিনিতে কোনোবাই ক’ব পাৰে – তেনেহ’লে দেখোন লেনিনৰ বিপৰীতে কার্ল কাউটস্কিৰ পজিচনটোৱেই আজিৰ দিনত শুদ্ধ বুলি প্রমাণিত হ’ল!  কাউটস্কিয়ে এক ছুপাৰ-সাম্রাজ্যবাদৰ কল্পনা কৰিছিল য’ত বিভিন্ন বৈৰী সাম্রাজ্যবাদী দেশে শান্তিপূর্ণভাৱে আলোচনা কৰি সমগ্র বিশ্বখন নিজৰ মাজত ভাগ-বাটোৱাৰা কৰি ল’ব; অর্থাৎ এইক্ষেত্রত লেনিনে ভবাৰ দৰে আন্তঃসাম্রাজ্যবাদী যুদ্ধ প্রয়োজনীয় নহ’ব। লেনিনে উত্তৰত কৈছিল যে সাম্রাজ্যবাদী শক্তিবোৰৰ মাজত এনে বুজাবুজি খন্তেকীয়া হ’বলৈ বাধ্য, কিয়নো বিভিন্ন দেশৰ ক্ষমতা পুঁজিবাদী বিকাশৰ অসমান সূত্র অনুসৰি অহৰহ বঢ়া-টুটা কৰি থাকে; যিহেতু প্রতিখন বুজাবুজি চুক্তিকেই বিভিন্ন দেশৰ আপেক্ষিক শক্তি অনুসৰিয়েই সম্পন্ন কৰা হয়, ইয়াৰ অর্থ হৈছে – প্রতিবাৰেই দেশবোৰৰ শক্তি বঢ়া-টুটা হোৱাৰ পাছত পুৰণি চুক্তিবোৰ অপ্রাসংগিক হৈ পৰিব আৰু ফলত নতুনকৈ সংঘাত আৰম্ভ হ’ব।

কিন্তু আচল কথাটো হৈছে যে লেনিন আৰু কাউটস্কি দুয়োজনেই পুঁজিবাদক বিভিন্ন বৈৰী জাতি-ৰাজ্য আধাৰিত পুঁজিৰ সংঘাতৰ দ্বাৰা সংজ্ঞায়িত ব্যৱস্থা বুলি ভাবিছিল। এইক্ষেত্রত দুয়োৰে মাজত মতভেদ মাথোঁ এটা প্রশ্ন লৈয়েই আছিল; সেয়া হৈছে - এনে বিভিন্ন জাতি-ৰাজ্য আধাৰিত পুঁজিৰ মাজত শান্তিপূর্ণভাৱে বুজাবুজি হ’ব – নে সিবিলাকৰ মাজত আন্তঃসাম্রাজ্যবাদী সংঘাত তীব্রতৰ হৈ পৰিব? কিন্তু এসময়ত গৈ যে পুঁজি আন্তর্জাতিক চৰিত্রৰ হৈ পৰিব – সেয়া সেই সময়ত কল্পনা কৰাটোও কঠিন আছিল।

এই যে আজিৰ বিশ্বখনত আন্তঃসাম্রাজ্যবাদী সংঘাতবোৰ মূক হৈ পৰিছে – তাৰ কাৰণ এইটো নহয় যে বিভিন্ন বৈৰী জাতি-ৰাজ্যৰ পুঁজিৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে, বৰং তাৰ কাৰণ এইটোহে যে গোলকীকৰণৰ যুগত জাতীয় পুঁজিৰ সমস্ত ধাৰণাটোৱেই অপ্রাসংগিক হৈ পৰিছে। কোনো পুঁজিয়ে আজিৰ দিনত কোনো বিশেষ জাতীয় উদ্দেশ্য লৈ কাম নকৰে। অর্থাৎ কাউটস্কিৰ দৃষ্টিৰে আজিৰ পুঁজিবাদক পৰিভাষিত কৰাটো তেনেই ভুল কথা হ’ব।

সমকালীন পুঁজিবাদৰ তিনিটা মূল বৈশিষ্ট্য দেখা পোৱা যায় যাৰ ওপৰত গোলকীকৰণৰ প্রক্রিয়াটোও নির্ভৰশীল। প্রথম – আজিৰ যুগত বিত্তীয় খণ্ডটোৰ ওজন ভীষণভাৱে বৃদ্ধি হৈছে, কোনো কোনো পণ্ডিতে ইয়াক বিত্তীয়কৰণৰ যুগ বুলিও অভিহিত কৰিছে (যেনেকৈ পূর্বৰ যুগটোক ঔদ্যোগীকৰণৰ যুগ বোলা হৈছিল)। প্রথম বিশ্বৰ লগতে তৃতীয় বিশ্বৰ দেশবোৰতো এই পৰিঘটনাটো দেখা পোৱা গৈছে; অৱশ্যেই প্রথম বিশ্বত ইয়াৰ উপস্থিতি অধিক লক্ষণীয়। এই বিত্তীয়কৰণৰ অংশ হিচাপেই চীন, ভাৰত আদি তৃতীয় বিশ্বৰ দেশবোৰলৈ প্রথম বিশ্বৰ পৰা কেতবোৰ ঔদ্যোগিক তথা সেৱা প্রদান কৰা খণ্ডৰো স্থানান্তৰণ ঘটিছে।

 

দ্বিতীয়তে, উচ্চ-মজুৰিৰ দেশবোৰৰ পৰা নিম্ন-মজুৰিৰ দেশবোৰলৈ এই ঔদ্যোগিক তথা সেৱা খণ্ডৰ স্থানান্তৰণ গোলকীকৰণৰ প্রক্রিয়াটোৰ জৰিয়তেই সম্ভৱপৰ হৈছে। এই উদ্যোগ তথা সেৱা খণ্ডবোৰে আজিৰ দিনত কোনো বিশেষ স্থানীয় বা জাতীয় বজাৰৰ বাবে মাল তথা সেৱা উৎপাদন নকৰে। বৰং সিবিলাকৰ লক্ষ্য হৈছে গোলকীয় চাহিদা পূর্ণ কৰা। পুঁজিবাদৰ ইতিহাসত এয়া হৈছে এক অভূতপূর্ব ঘটনা। সস্তা শ্রমৰ সন্ধানত আগেয়ে পুঁজিয়ে এনেদৰে বিশ্ব পৰিভ্রমণ কৰা হ’লে বিকশিত তথা অনগ্রসৰ দেশবোৰৰ মাজত কোনো পার্থক্যই দেখা নগ’লহেঁতেন। বিকশিত তথা অনগ্রসৰ বিশ্বৰ মাজত থকা এই পার্থক্যৰ অন্যতম বৈশিষ্ট্য হৈছে – দুয়োখন বিশ্বৰ মানুহৰ জীৱন স্তৰৰ ক্ষেত্রত দেখা পোৱা পার্থক্য – যাৰ অন্যতম প্রকাশ্য ৰূপ হৈছে মজুৰিৰ ক্ষেত্রত দেখা পোৱা পার্থক্য। পূর্বৰ দিনত অনগ্রসৰ দেশবোৰৰ পৰা বিকশিত দেশবোৰলৈ শ্রমৰ অবাধ প্রব্রজনৰ সুবিধা থকা হ’লে, বা পুঁজিয়ে সঁচাকৈয়ে বিকশিত দেশবোৰৰ পৰা অনগ্রসৰ দেশবোৰলৈ পৰিভ্রমণ কৰা হ’লে মজুৰিৰ এনে সমস্ত পার্থক্যৰ অন্ত পৰিলহেঁতেন।

কিন্তু সেই সময়ত এয়া সংঘটিত নহ’ল। বাণিজ্য তথা বিত্ত খণ্ডৰ বাহিৰে অনগ্রসৰ দেশবোৰৰ চাহ, কফি, খনি আদিৰ প্রাথমিক পণ্য প্রস্তুত কৰা খণ্ডবোৰলৈহে বিকশিত দেশবোৰৰ পৰা পুঁজিৰ আগমন ঘটিল; মুখ্য ঔদ্যোগিক উৎপাদনৰ খণ্ডবোৰত এনে কোনো পুঁজিৰ আগমন দেখা পোৱা নগ’ল। কিন্তু সাম্প্রতিক গোলকীকৰণৰ যুগটোত এই সমস্ত পেটার্নৰ পৰিৱর্তন ঘটিছে। আজিৰ দিনত আন্তর্জাতিক পুঁজিয়ে চীনত ঔদ্যোগিক অঞ্চলবোৰত বাহৰ পাতিছে, বিভিন্ন সেৱা খণ্ডৰ কাম-কাজ ভাৰতলৈ “আউটছ’ৰ্চ” কৰা হৈছে। অৱশ্যে এতিয়াও প্রযুক্তিগত প্রাবল্যৰ দিশৰ পৰা “নিম্ন স্তৰৰ কার্যকলাপ”য়েই এইক্ষেত্রত বেছিকৈ দেখা পোৱা গৈছে, তথাপিও এনে বিশ্বব্যাপী  প্রসাৰ তাৎপর্যপূর্ণ।

গোলকীকৰণৰ অধীনত দেখা পোৱা তৃতীয়টো প্রক্রিয়া হৈছে – কৃষক আধাৰিত কৃষিকার্য, কাৰিকৰ  শিল্প আদি বিভিন্ন পৰম্পৰাগত ক্ষুদ্র উৎপাদনৰ খণ্ডৰ ওপৰত পুঁজিৰ বৃহৎ আক্রমণ। ক্ষুদ্র উৎপাদকসকলক তেওঁলোকৰ সংশ্লিষ্ট খণ্ডবোৰৰ পৰা উচ্ছেদ কৰা হৈছে (পানীৰ দামত তেওঁলোকৰ সম্পদবোৰ বিক্রী কৰি দিয়া হৈছে, এইক্ষেত্রত ৰাজ্যয়ো সহযোগ কৰিছে) বা তেওঁলোকৰ আয় সংকুচিত কৰি অনা হৈছে, যি আচলতে উচ্ছেদকৰণৰ এক মন্থৰ প্রক্রিয়াৰ ৰূপ মাত্র। মেট্র’পলিছৰ পৰা তৃতীয় বিশ্বলৈ আর্থিক কার্যকলাপৰ স্থানান্তৰণ যদি ঔপনিবেশিক পেটার্নটোৰ সৈতে এক বিচ্ছেদ বুলি ধৰা হয়, তেনেহ’লে ক্ষুদ্র উৎপাদকসকলৰ উচ্ছেদকৰণ (যাক মার্ক্সে “পুঁজিৰ আদিম সঞ্চয়” নাম দিছে) ঔপনিবেশিক পেটার্নটোৰ ধাৰাবাহিকতা বুলি ক’ব লাগিব। উত্তৰ-ঔপনিবেশিক dirigisme ব্যৱস্থাৱলীৰ অধীনত ঔপনিবেশিক শোষণৰ সৈতে এক বিচ্ছেদ সম্পন্ন কৰা হৈছিল কিয়নো নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবোৰে ক্ষুদ্র উৎপাদন খণ্ডবোৰক পুঁজিৰ আক্রমণৰ পৰা সুৰক্ষা তথা উদগনি দিবলৈ বিচাৰিছিল (অৱশ্যে একে সময়তে এই নতুন ৰাজ্যবোৰে ক্ষুদ্র উৎপাদকসকলৰ মাজত শ্রেণী পৃথকীকৰণৰ প্রক্রিয়াটো বৃদ্ধি হোৱাতো সহায় কৰিছিল)। কিন্তু গোলকীকৰণৰ যুগলৈ আহি নব্য-উদাৰবাদী এজেণ্ডাবোৰ সক্রিয় হোৱাৰ পাছত ৰাজ্যই এনে ৰক্ষাকবচীয় হস্তক্ষেপবোৰ সংকুচিত কৰি আনিলে যাৰ চিধা ফলাফল হ’লগৈ – কৃষি সংকট তথা বিপুল পৰিমাণে কৃষকৰ আত্মহত্যা (আজিৰ ভাৰতত এই দৃশ্য তেনেই সুলভ)। মন কৰিবলগীয়া যে এই সংকট কেৱল কৃষি খণ্ডতে আবদ্ধ হৈ ৰোৱা নাই; বৰং কাৰিকৰী শিল্প, মাছমৰীয়াসকল, পৰম্পৰাগত বয়নশিল্প আদি পৰম্পৰাগত ক্ষুদ্র উৎপাদকেৰে ভৰা অগণন খণ্ডত আজি এই সংকট দেখা পোৱা গৈছে।

গোলকীকৰণে সমাজবাদী দেশবোৰতো গভীৰ প্রভাৱ পেলালে, অৱশ্যে এই প্রভাৱৰ চৰিত্র কিছু ভিন্ন আছিল। আমি পূর্বেই উল্লেখ কৰিছোঁ যে একক দলৰ একনায়কত্ব তথা “গণতান্ত্রিক কেন্দ্রীয়তাবাদ” নীতিৰে চালিত পার্টিৰ শাসনযুক্ত এই সমাজবাদী দেশবোৰত পুঁজিবাদতকৈ পৃথক এক সুকীয়া একাংগিত্বৰ জন্ম হৈছিল। শেষ বিচাৰত এই একাংগিত্বৰ বাবেই সমাজবাদী দেশবোৰৰ পতন ঘটিছিল, কিন্তু এয়া সম্পন্ন হৈছিল গোলকীকৰণৰ ঘূর্ণীবতাহৰ মাজলৈ এই দেশবোৰক টানি নিয়াৰ জৰিয়তে। আমোদজনকভাৱে, সেয়েহে ক’ব পাৰি যে “পুঁজিবাদৰ সোণালী যুগ”ৰ বাবে সমাজবাদৰ অন্ত পৰা নাছিল; বৰং গোলকীকৰণেহে সমাজবাদ তথা “পুঁজিবাদৰ সোণালী যুগ” - দুয়োৰে অন্ত পেলাইছিল। সমাজবাদৰ সুকীয়া একাংগিত্বই এই দেশবোৰক গোলকীকৰণৰ দিশেৰে লৈ গৈছিল যি অৱশেষত সিবিলাকৰ সমাজবাদী চৰিত্রৰ অন্ত পেলাইছিল।

বিকশিত দেশবোৰৰ বেংকবোৰত অত্যধিক নগদ ঠাহ খাই থকা হেতুকে সিবিলাকে অতি সস্তাতে ঋণ দিবলৈ আৰম্ভ কৰিছিল আৰু ফলত সহজলভ্য ঋণ দেখি ছোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ দেশবোৰেও বিয়াগোম হাৰত ঋণ ল’বলৈ আৰম্ভ কৰিছিল। ঘৰুৱা উপভোগৰ বাবে সমাজবাদী দেশবোৰে এই ঋণবোৰ ব্যৱহাৰ কৰিছিল যাতে দেশৰ জনগণৰ মাজত চৰকাৰৰ গ্রহণযোগ্যতা তথা জনপ্রিয়তা বৃদ্ধি হয়। কিছু সময়ৰ বাবে এই ৰণনীতিয়ে ঠিকেই কাম দিছিল, কিন্তু ঋণ পৰিশোধ কৰাৰ সময়ত এই চৰকাৰবোৰৰ অৱস্থা কাঢ়িল হৈ পৰিছিল। বৈদেশিক বিনিয়োগৰ সমস্যাবোৰ দেখি ছোভিয়েট ইউনিয়নৰ কিছুসংখ্যক ৰপ্তানি ফার্মে আনকি কিছু সময়ৰ বাবে নিজা বৈদেশিক আর্জনবোৰো দেশলৈ আনিবলৈ বাদ দিছিল (অর্থাৎ ই আছিল এক প্রকাৰৰ পুঁজিৰ পলায়ন) যি অৱশেষত ছোভিয়েট ইউনিয়নক আঁঠু ল’বলৈ বাধ্য কৰাইছিল। এইখিনি সময়তেই পার্টিৰ বহুবোৰ নেতাই ৰাজ্যৰ সম্পত্তিবোৰ কুক্ষিগত কৰি পুঁজিপতিত পৰিণত হ’ল – অর্থাৎ জনগণৰ সম্পদবোৰ “পুঁজিৰ আদিম সঞ্চয়ন”ৰ জৰিয়তে নিজৰ হাতলৈ আনি সিহঁত পুঁজিৰ মালিকত পৰিণত হ’ল।

ইয়াৰ বিপৰীতে, চীনৰ ক্ষেত্রত আন এটা পৰিঘটনা দেখা পোৱা গ’ল। এইখিনি সময়লৈকে বিকশিত দেশবোৰৰ পৰা উৎপাদনৰ সৈতে জড়িত পুঁজিয়ে তৃতীয় বিশ্বৰ দেশবোৰলৈ আগমন কৰাৰ ইচ্ছা প্রকাশ কৰিবলৈ ধৰিছিল যাতে এই দেশবোৰৰ সস্তা শ্রমৰ সুবিধা ল’ব পৰা যায়। চীনে ইয়াৰ সুযোগ ল’লে আৰু অৱশেষত ই এক বিশাল পৰিমাণৰ export surplus গঠন কৰিবলৈও সক্ষম হ’ল। উৎপাদনশীল পুঁজিৰ বিপৰীতে বিত্ত পুঁজিৰ ওপৰত পূর্বৰ বাধা-নিষেধবোৰ বাহাল থাকিল, আনকি আমদানিকো পৰোক্ষভাৱে নিৰুৎসাহিত কৰা হ’ল তথা ঘৰুৱা উপভোগৰ স্তৰ নিম্ন কৰি ৰখা হ’ল। ৰপ্তানি-নির্ভৰ তীব্র আর্থিক বিকাশ হাৰক ঘৰুৱা উপভোগৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হ’ল তথা বিশ্বৰ বিভিন্ন দেশ – বিশেষকৈ আমেৰিকা চীনৰ ঋণী দেশত পৰিণত হ’ল (আমেৰিকাক বিক্রয় কৰা পণ্যবোৰৰ বাবদ চীনে শত-সহস্র আমেৰিকান ট্রেজাৰি বিল ক্রয় কৰি থৈছে – অনুবাদক)।

ছোভিয়েট ইউনিয়নৰ বিপৰীতে চীনৰ এটা বিশেষ বৈশিষ্ট্য আছিল এই যে চীনত এতিয়াও এক বিপুল পৰিমাণৰ শ্রম-ভঁৰাল ব্যৱহাৰ হ’বলৈ বাকী আছিল। আন ভাষাত ক’বলৈ গ’লে – ছোভিয়েট ইউনিয়নৰ অর্থনীতিখন সঘনভাৱে (intensive) প্রসাৰিত পুনৰুৎপাদনৰ স্তৰত আছিল, আনহাতে চীনা অর্থনীতিখন বিস্তৃতভাৱে (extensive) প্রসাৰিত পুনৰুৎপাদনৰ স্তৰত আছিল।

কিছুসংখ্যক লোকে ক’ব খোজে যে চীনৰ এই শ্রম-ভঁৰালৰ ইতিমধ্যে অন্ত পৰিছে আৰু ইয়াৰ ফলস্বৰূপে এতিয়া মজুৰিও বৃদ্ধি হ’ব ধৰিছে। কিন্তু মন কৰিবলগীয়া যে শ্রম-বজাৰৰ এনে আটিলতা কেৱল উপকূলীয় অঞ্চলবোৰতহে দেখা পোৱা গৈছে, এতিয়াও চীনৰ ভিতৰুৱা অঞ্চলবোৰত ব্যাপক পৰিমাণৰ শ্রম-ভঁৰাল মজুত আছে। তদুপৰি মজুৰিৰ এই বৃদ্ধি প্রশাসনিক হুকুমৰ বলতহে হৈছে, শ্রমিকৰ পৰিমাণ কম হৈ পৰাৰ বাবে হোৱা নাই। তদুপৰি কেৱল প্রশাসনিক পদ্ধতিৰে মজুৰি বৃদ্ধি এটা সীমালৈকেহে কৰিব পাৰি, যিহেতু গোলকীকৰণৰ এই যুগত চীনা শ্রমিকসকলেও তৃতীয় বিশ্বৰ অন্যান্য দেশৰ শ্রমিকসকলৰ সৈতে প্রতিযোগিতাত নামিব লগা হৈছে; এই দেশবোৰতো যথেষ্ট পৰিমাণৰ শ্রম-ভঁৰাল মজুত আছে তথা ইবিলাকত মজুৰিৰ মাত্রাও হৈছে তেনেই নিম্নস্তৰৰ। অর্থাৎ চীনৰ তীব্র বিকাশ দৰ সত্ত্বেও এই ৰণনীতিৰ দ্বাৰা আৰু কিমানদূৰলৈ চীনা জনগণৰ জীৱন পৰিস্থিতি উন্নত কৰিব পৰা যাব – এইটো এটা মুকলি প্রশ্ন হৈয়েই আছে। গোলকীয় আর্থিক সংকটৰ ফলত চীনা বিকাশ দৰো আজি হ্রাসমান হৈ পৰিছে আৰু ই এনে আশংকাবোৰকো অধিক বৃদ্ধি কৰিছে।

বিকশিত পুঁজিবাদী বিশ্বখনক, বিশেষকৈ আমেৰিকাক প্রত্যাহ্বান জনাই ক্ষমতাৰ নতুন কেন্দ্র হিচাপে চীন আৰু শেহতীয়াকৈ ৰাছিয়াৰ উদয় সম্পর্কে ইতিমধ্যেই বহুতে লিখা-মেলা কৰিছে। পিছে মন কৰিবলগীয়া যে চীন, ৰাছিয়া আৰু ভাৰতৰ নব্য-ধনিক শ্রেণীটোৱে সিহঁতৰ ধন-সম্পদ, ল’ৰা-ছোৱালী তথা শেহত নিজকো বিকশিত দেশবোৰলৈ, বিশেষকৈ আমেৰিকালৈ প্রব্রজিত কৰাৰহে সপোন দেখে। যেতিয়া এই দেশবোৰৰ সমস্ত এলিটহঁতেই পুঁজিবাদী মেট্র’পলিছলৈ নিজকে স্থানান্তৰ কৰাৰ সপোন দেখে, এনেস্থলত এই দেশবোৰে এদিন মেট্র’পলিছৰ বাবে ভাবুকি সৃষ্টি কৰিব – এই কথাষাৰ কল্পনা কৰাটোও কঠিন। তদুপৰি সাম্প্রতিক পুঁজিবাদী সংকটৰ ফলত বিশ্বৰ সমস্ত দেশৰ এলিটহঁতেই ডলাৰৰ ৰূপত সিহঁতৰ ধন-সম্পদবোৰ জমা ৰাখিব বিচাৰে (কিয়নো বিশ্ব-মুদ্রা হোৱা হেতুকে ডলাৰ হৈছে সোণ-সদৃশ)। এনে স্থিতিলৈ মন কৰিলে কাহানিবা যে নতুনকৈ উদীয়মান দেশবোৰৰ সৈতে পুৰণা পুঁজিবাদী মেট্র’পলিছৰ আর্থিক সংঘাতবোৰ শত্রুতামূলক হৈ পৰিব – সেই কথা কষ্টকল্পিত যেনেই প্রতীয়মান হয়, তেহেলৈ এই সংঘাতবোৰ মাজে-মধ্যে যিমানেই তীব্রতৰ হৈ পৰা যেন অনুভৱ নহওক কিয়।

গোলকীকৰণে বিভিন্ন শ্রেণীবোৰৰ স্থিতি আমূলভাৱে সলনি কৰি পেলালে আৰু ফলত অর্থনীতিবোৰৰ আভ্যন্তৰীণ শ্রেণী-গাঁথনিবোৰো সলনি হৈ পৰিল। সকলো দেশতেই এই পৰিঘটনাটো সংঘটিত হোৱা দেখা পোৱা গ’ল। ই সাম্প্রতিক কালৰ বিকাশ ধাৰাৰ এক বিশেষ বৈশিষ্ট্যকেই সূচিত কৰে।  সেয়েহে এই বিষয়ে আৰু কিছু কথা কৈ লোৱাটো জৰুৰী হ’ব।

গোলকীকৰণৰ পৰা আটাইতকৈ লাভৱান হোৱা গোষ্ঠীটো হৈছে - প্রতিখন দেশৰে বিত্তীয়-কর্প’ৰেট কুলীনতন্ত্রবোৰ যি গোলকীয় পুঁজি প্রবাহৰ সৈতে যুক্ত হৈ পৰিছে। এই বিত্তীয়-কর্প’ৰেট কুলীনতন্ত্রই হৈছে “এক পার্চেণ্ট” শোষকৰ দল – যাৰ বিৰুদ্ধে ‘অকুপাই’ তথা অন্যান্য আন্দোলনবোৰ সংগঠিত হৈছে। বিশ্বৰ বেছিভাগ দেশতে সম্পদৰ ক্রমবর্ধমান অসমান বিতৰণৰ প্রশ্নটোৱে বহুতকে চিন্তিত কৰি তুলিছে আৰু থমাছ পিকেটিৰ Capital in the Twenty-first Century গ্রন্থখনৰ জনপ্রিয়তাই এই বর্ধিত চিন্তাকেই যেন আঙুলিয়াই দিছে। এই বিষয়ে কোনো সন্দেহ নাই যে গোলকীকৰণৰ যুগত এই কুলীনতন্ত্রই নিজকে ভীষণভাৱে ধনী কৰি তুলিছে।

ইয়াৰ বিপৰীতে শ্রমজীৱী জনগণৰ গৰিষ্ঠসংখ্যকৰেই জীৱন স্থিতি পূর্বতকৈ শোচনীয় হৈ পৰিছে। শ্রমজীৱী জনগণ মানে মই চাকৰিযুক্ত তথা চাকৰিবিহীন - দুয়োপ্রকাৰৰ শ্রমিক আৰু লগতে কৃষক, কৃষি শ্রমিক তথা পৰম্পৰাগত ক্ষুদ্র উৎপাদকসকলক বুজাইছোঁ। বিকশিত দেশবোৰৰ ক্ষেত্রত এই ধাৰাটো অতিশয় স্পষ্ট, কিয়নো বিভিন্ন ঔদ্যোগিক তথা সেৱা খণ্ডৰ কাম-কাজ তৃতীয় বিশ্বৰ দেশবোৰলৈ সস্তা শ্রমৰ সন্ধানত স্থানান্তৰ কৰাৰ ফলত স্বাভাৱিকতে ই বিকশিত দেশবোৰৰ শ্রমিকসকলৰ মাজত নিবনুৱা সমস্যা বৃদ্ধি কৰিছে আৰু ফলত মজুৰিৰ হাৰো তললৈ নামি আহিছে। যোছেফ ষ্টিগলিজৰ মতে ২০১১ চনত আমেৰিকান পুৰুষ শ্রমিক একোজনে লাভ কৰা প্রকৃত মজুৰিৰ পৰিমাণ ১৯৬৮ চনত লাভ কৰা মজুৰিতকৈও কিছু পৰিমাণে কম।

পিছে তৃতীয় বিশ্বৰ শ্রমিক জনগণৰ দুৰৱস্থাইহে প্রশ্নবোধক চিহ্ন খাৰা কৰিছে : তেওঁলোকৰ অৱস্থাতো গোলকীকৰণৰ অধীনত ভাললৈ অহাৰ কথা আছিল? পিছে ইয়াৰ ওলোটাটোহে কিয় সংঘটিত হোৱা দেখা গৈছে? ইয়াৰ চিধা উত্তৰ হৈছে এনেধৰণৰ - পৰম্পৰাগত ক্ষুদ্র উৎপাদকসকলক ক্রমান্বয়ে চেপি অনা হৈছে, ৰাজ্যই তেওঁলোকক পূর্বে প্রদান কৰা সুৰক্ষা-কবচ আঁতৰাই পেলোৱা হৈছে (গোলকীকৰণৰ পূর্বে ভাৰতীয় কৃষকক ইনপুটৰ বাবে ভর্তুকী প্রদান কৰা হৈছিল তথা পণ্য ব’র্ডবোৰৰ জৰিয়তে কৃষিজাত সামগ্রীৰ বাবে সুনিশ্চিত দামো প্রদান কৰা হৈছিল, পিছে এতিয়া এই সমস্ত ব্যৱস্থা আঁতৰাই অনা হৈছে)। ফলত এই ক্ষুদ্র উৎপাদকসকলে তেওঁলোকৰ জীৱিকা ত্যাগ কৰি আন ঠাইত কাম বিচাৰি ওলাই আহিবলৈ বাধ্য হৈ পৰিছে।  ইয়াৰ লগতেই অর্থনীতিৰ প্রযুক্তিগত তথা গাঁথনিগত পৰিৱর্তনৰ ক্ষেত্রত থকা সকলোবোৰ বাধা-নিষেধ আঁতৰাই দিয়াৰ ফলত (যেনে শেহতীয়াকৈ মাল্টি ব্রাণ্ড ৰিটেইলৰ বজাৰখন প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ বাবে মুকলি কৰি দিয়া হৈছে) - এফালে শ্রমৰ উৎপাদনশীলতা বৃদ্ধি হৈছে, আৰু ই নিয়োগ বৃদ্ধিৰ হাৰ হ্রাস কৰি পেলাইছে আৰু ফলত নতুনকৈ যিমান চাকৰি ওলাইছে তাৰ তুলনাত চাকৰি বিচাৰি ওলাই অহা মানুহৰ অনুপাত অত্যধিকভাৱে বৃদ্ধি পাইছে (যিহেতু শ্রম বাহিনীৰ স্বাভাৱিক বৃদ্ধিৰ লগতে উচ্ছেদিত হৈ অহা পৰম্পৰাগত ক্ষুদ্র উৎপাদকসকলো এইক্ষেত্রত যুক্ত হৈছে)। ইয়েই নিয়োজিত শ্রমিকৰ তুলনাত শ্রম-ভঁৰালৰ অনুপাত বৃদ্ধি কৰিছে (তদুপৰি নিয়োগহীনতাই মুক্ত ৰূপত আত্মপ্রকাশ কৰিব লাগিবই বুলিও কোনো কথা নাই)। শ্রম-ভঁৰালৰ এই অনুপাত বৃদ্ধিয়ে শ্রমজীৱী জনগণৰ অৱস্থা শোচনীয় কৰি তোলাৰ লগতে সংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰো মজুৰি তললৈ নমাই আনিছে।  বিভিন্ন মৌলিক সেৱা যেনে, শিক্ষা, স্বাস্থ্য আদিৰ ব্যক্তিগতকৰণ আৰু তাৰ ফলস্বৰূপে সিবিলাকৰ বর্ধিত খৰছেও জনগণৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছে। ভাৰতে নব্য-উদাৰবাদী নীতিবোৰ গ্রহণ কৰাৰ সময়ছোৱাতে ক্ষুধার্ত মানুহৰ সংখ্যাও বৃদ্ধি পাইছে আৰু ই জনগণৰ ক্রমবর্ধিত দৰিদ্রতাৰ প্রতিয়েই আঙুলিয়াই দিছে।

শ্রমজীৱী জনগণ আৰু বিত্তীয় কর্প’ৰেট গোষ্ঠী - এই দুয়োটা গ্রুপৰ বাহিৰেও অৱশ্যে আন এটা “শ্রেণী” গঢ় লৈ উঠিছে। এই শ্রেণীটো হৈছে “মধ্যবিত্ত শ্রেণী” - যি গোলকীকৰণৰ যুগত বেছ উন্নতি কৰিছে আৰু সর্বত্রতে সি গোলকীকৰণৰ সমর্থক হিচাপে পৰিচিত হৈছে (“মধ্যবিত্ত শ্রেণী” শব্দটো মই ইয়াত কেৱল বর্ণনামূলক অর্থতহে ব্যৱহাৰ কৰিছোঁ)। বিকশিত দেশবোৰত বিত্তীয় খণ্ডবিলাকৰ সৈতে জড়িত লোকসকলেই এই মধ্যবিত্ত শ্রেণীটো গঠন কৰিছে। আনহাতে, তৃতীয় বিশ্বৰ দেশবোৰত এই চামটোৰ লগতে মেট্র’পলিছৰ পৰা স্থানান্তৰিত হৈ অহা বিভিন্ন খণ্ডবোৰত উচ্চ দৰমহাৰ চাকৰি কৰা চামটোও যুক্ত হৈছে। এই অংশটোৰ উচ্চ দৰমহাৰ হেতুকে বিভিন্ন পণ্য তথা সেৱাৰ চাহিদাও সৃষ্টি হৈছে আৰু সি আন কিছুমান মধ্যবিত্তীয় নিয়োগ সৃষ্টি কৰিছে (বিশেষকৈ সেৱাখণ্ডত)। আন কথাত ক’বলৈ গ’লে, গোলকীকৰণৰ অধীনত এটা সম্পদশালী মধ্যবিত্ত শ্রেণীৰ উদয় ঘটিছে যি গোলকীকৰণৰ সমর্থনৰ মূল আধাৰ হিচাপে চিহ্নিত হৈছে। এই শ্রেণীটোৱে তলত থকা অংশবোৰৰ  মাজতো প্রত্যাশা জগাই তুলিছে যে এদিন তেওঁলোকো মধ্যবিত্ত হ’বলৈ সমর্থ হ’ব।

গোলকীকৰণৰ ফলস্বৰূপে মুঠ নিয়োজিত শ্রম-শক্তিৰ অংশ হিচাপে মধ্যবিত্তৰ অনুপাত বৃদ্ধি হৈছেনে হ্রাস হৈছে - এই ছবিখন এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ভাৰতৰ উদাহৰণটোৰ প্রতি মন কৰিলে অনুভৱ হয় – এই বৃদ্ধি বহুত বেছি হয়তো নহ’ব। মধ্যবিত্ত শ্রেণীটোৰ visibility বেছি কিয়নো তাৰ উচ্চ দৰমহাৰ বাবে ই বাকী শ্রম-শক্তিৰ পৰা নিজকে নিলগ কৰি লৈছে।

গোলকীকৰণৰ অধীনত সেয়েহে শ্রমজীৱী জনগণ আৰু মধ্যবিত্তীয় শ্রেণীৰ মাজত অন্তর্বিৰোধ ভীষণভাৱে বৃদ্ধি হৈছে। সকলোতেই এই পৰিঘটনাটো দেখা পোৱা গৈছে। স্বয়ং ইউনাইটেড কিংডমত (ব্ৰিটেইনত) দেখা পোৱা গ’ল - শ্রমজীৱী জনগণে “ব্রেক্সিট”ৰ সপক্ষে ভোট দিলে, আনহাতে লণ্ডন চহৰৰ আশে-পাশে গঢ় লৈ উঠা মধ্যবিত্তসকলে কিন্তু তাৰ বিপৰীতে ভোট দিলে। ভাৰততো দেখা যায় যে ভূমিৰ অধিগ্রহণৰ বাবে কৃষকৰ ওপৰত বিভিন্ন প্রকাৰে বল প্রয়োগ কৰা হৈছে; এনে অধিগ্রহণে যিধৰণৰ বিকাশৰ সূচনা কৰিব, সি মূলতঃ মধ্যবিত্তসকলেই লাভৱান কৰিব। অর্থাৎ ইয়াতো মধ্যবিত্ত বনাম কৃষক জনগণৰ অন্তর্বিৰোধ বৃদ্ধি হৈছে।

অনাগত সময়ত এই অন্তর্বিৰোধে কেনে ৰূপ ল’ব, সাম্প্রতিক কালৰ পুঁজিবাদী সংকট আৰু গোলকীকৰণৰ সৈতে মোহভংগৰ প্রেক্ষাপটত কেনেধৰণৰ নতুন সন্ধিক্ষণ পোহৰলৈ আহিব – এই বিষয়ে মই অনাগত বক্তৃতাটোত আলোচনা কৰিম। সদ্যহতে আন এটা বিন্দু উল্লেখ কৰিয়েই মোৰ বক্তব্যৰ সামৰণি মাৰিম।

সমাজবাদৰ পতনে সমগ্র বিশ্বৰে মুক্তিকামী জনগণৰ মানসত হাহাকাৰ সৃষ্টি কৰিছিল। এইক্ষেত্রত দুখৰ এটা প্রধান কাৰণ আছিল এই যে অক্টোবৰ বিপ্লৱৰ সমস্ত ঐতিহ্য সমাজবাদৰ পতনৰ পাছত তাৰ মূল গৃহভূমিতে নাইকিয়া হৈ পৰিছিল। ইয়াৰ বিপৰীতে পূর্বৰ বিপ্লৱবোৰলৈ চালে দেখা যায় যে বিপ্লৱৰ পৰাজয়ৰ পাছতো বিপ্লৱ-সৃষ্ট বহুতো প্রগতিশীল উপাদান সমাজত বাকী ৰৈ গৈছিল। উদাহৰণস্বৰূপে, ইংলিছ বিপ্লৱৰ পাছত ১৬৮৮ চনত পুনৰ ৰাজতন্ত্রৰ আৱির্ভাৱ ঘটিছিল যদিও সি ইংৰাজী বুর্জোৱা বিপ্লৱৰ ফলাফলবোৰ সম্পূর্ণভাৱে মোহাৰি পেলাব পৰা নাছিল। ঠিক তেনেদৰেই নেপোলিয়নৰ উদয়ৰ পাছতো ফৰাচী বিপ্লৱৰ বহুখিনি প্রগতিশীল উপাদান বাকী ৰৈ গৈছিল। কিন্তু অক্টোবৰ বিপ্লৱৰ ক্ষেত্রত দেখা গ’ল যে সমাজবাদৰ পতনৰ পাছত তাৰ সমস্ত প্রগতিশীল কৃতিত্ববোৰ ৰাছিয়াৰ ভূমিৰ পৰা সম্পূর্ণভাৱে নাইকিয়া হৈ পৰিল। পূব ইউৰোপৰ ক্ষেত্রতো একে কথাই ক’ব পাৰি; কালিলৈকে কোনোবা নহয় কোনোবা সমাজবাদী দলে শাসন কৰা এনে কেইবাখনো দেশত আজি আনকি ফেচিবাদী দলৰো উত্থান ঘটিছে।

কিন্তু ই দুখৰ বিপৰীতে আশাবাদৰহে কাৰণ হোৱা উচিত। কিয়নো ই স্পষ্টকৈ দর্শাইছে যে পুঁজিবাদ আৰু সমাজবাদৰ মাজত মধ্যৱর্তী কোনো স্থান থাকিব নোৱাৰে। হয় পুঁজিবাদক উৎখাত কৰিব লাগিব আৰু তাৰ “স্বতঃস্ফূর্ততা” অতিক্রম কৰি যাব লাগিব,  নতুবা  তাৰ স্বতঃস্ফূর্ততাই পুনৰ গতি লাভ কৰি সমাজবাদৰ সকলো কৃতিত্ব নাশ কৰি পেলাব। এই অর্থত পুঁজিবাদ হৈছে এক অনন্য (unique) উৎপাদন প্রণালী; পূর্বৰ আন কোনো উৎপাদন প্রণালীৰ সৈতে তাৰ তুলনা নহয়। ঐতিহাসিক ভৌতিকবাদৰ পাঠ্যপুথিবোৰেও প্রায়েই পুঁজিবাদৰ এই সুকীয়া বৈশিষ্ট্যক চিনাক্ত কৰিবলৈ অসমর্থ হয়; এনে অনুভৱ হয় যেন পুঁজিবাদো হৈছে অন্যান্য উৎপাদন প্রণালীৰ দৰেই আন এক উৎপাদন প্রণালী।

ইয়াৰ অর্থ হৈছে - পুঁজিবাদ-বিৰোধী বিপ্লৱবোৰৰ চৰিত্র পূর্বৰ সমস্ত বিপ্লৱতকৈ ভিন্ন হ’ব- কেৱল এইবাবেই নহয় যে ইয়াৰ জৰিয়তে মানৱ জাতিয়ে “প্রাক-ইতিহাস”ৰ পৰা “ইতিহাসৰ পাত”ত প্রবেশ কৰিব, বৰং এইবাবেও যে এই বিপ্লৱৰ জৰিয়তেই মানৱ জাতিয়ে পোন প্রথমবাৰৰ বাবে এক “স্বতঃস্ফূর্ত ব্যৱস্থা”ৰ অৱসান ঘটাই সমূহীয়া সচেতন হস্তক্ষেপৰ জৰিয়তে চালিত হোৱা এক নব্য ব্যৱস্থা গঢ়ি তুলিব। এই যে পূর্বৰ বুর্জোৱা বিপ্লৱবোৰে অক্টোবৰ বিপ্লৱৰ বিপৰীতে পতনৰ সময়তো নিজা কিছু ঐতিহ্য এৰি যাবলৈ যাবলৈ সক্ষম হ’ল, ইয়েই আচলতে পুঁজিবাদী ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”কেই সূচিত কৰে। বুর্জোৱা ৰাজনৈতিক বিপ্লৱৰ জৰিয়তে ৰাজ্যত পুঁজিপতিৰ শাসন প্রতিষ্ঠা হোৱাৰ বহু আগেয়েই পুঁজিবাদৰ অন্তর্নিহিত প্রৱণতাবোৰে পুৰণা ব্যৱস্থাটোৰ অংগ-প্রতংগবোৰ ভক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল অর্থাৎ বুর্জোৱা বিপ্লৱৰ বহু পূর্বেই পুঁজিবাদৰ বিকাশ সম্ভৱপৰ হৈছিল (সামন্তবাদৰ বুকুতেই পুঁজিবাদ বিকশিত হৈছিল)। কিন্তু সমাজবাদৰ ক্ষেত্রত এই কথা ক’ব নোৱাৰি; সমাজবাদে স্বতঃস্ফূর্তভাৱে পুঁজিবাদৰ বুকুত বিকশিত হ’ব নোৱাৰে। আচলতে সমাজবাদক কোনো “স্বতঃস্ফূর্ত ব্যৱস্থা” বুলিয়েই ক’ব নোৱাৰি - যি কোনো অন্তর্নিহিত প্রৱণতাৰ দ্বাৰা চালিত হয়।

মোৰ ছাত্র জীৱনত ছোভিয়েট ইউনিয়নৰ চৰিত্র সম্পর্কে আমি প্রায়েই তর্ক কৰিছিলো। কাৰোবাৰ মতে ই আছিল এক ৰাজ্যিক পুঁজিবাদৰ ৰূপ, আন কাৰোবাৰ মতে ই সমাজবাদেই আছিল, আন কিছুমানৰ মতে আকৌ ই পুঁজিবাদ তথা সমাজবাদৰ মাজৰে  কোনো অন্তৱর্তীকালীন ব্যৱস্থা আছিল। পিছে এনে সমস্ত তর্কযুদ্ধত পুঁজিবাদৰ স্বতঃস্ফূর্ততা সম্পর্কে কোনো আলোচনা হোৱা নাছিল।  মোৰ বোধেৰে পুঁজিবাদৰ এই স্বতঃস্ফূর্ত চৰিত্রৰ বাবেই পুঁজিবাদৰ পৰা সমাজবাদলৈ সংক্রমণ ইউজিন পটিয়াৰৰ ভাষাত - এক “অন্তিম সংগ্রাম”ৰ ৰূপতেই হ’ব পাৰে (অৱশ্যেই এটা মাত্র বৈপ্লৱিক অধ্যায়ৰ জৰিয়তেই ই সম্পন্ন হ’ব লাগিব বুলি কোনো কথা নাই)।

সমাপ্ত

Share Button
Print Friendly, PDF & Email

No Comments : "পুঁজিবাদৰ স্বতঃস্ফূর্ততা-(মূল:প্রভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *