ৰাজহাড়ৰ অসুখ (নিত্যানন্দ শইকীয়া)

আঢ়ৈকুৰি বছৰীয়া ইন্দ্র বৰা মোৰ গাঁৱৰ সমন্ধীয়া ভাই৷ ধূলি খেলাৰপৰা হুঁচৰি গোৱালৈকে সি মোৰ লগৰীয়া আছিল৷ গাঁও এৰি অহাৰ বাবে তাক সতকাই লগ নোপোৱা হ’লোঁ৷ কেইদিনমান আগতে সি মোৰ চেম্বাৰলৈ আহিল৷ কুশলবার্তা বিনিময়ৰ পাছত সুধিলোঁ– ‘ধান কেইটামান পালিনে এইবাৰ?’ ‘মই আজিকালি খেতি নকৰোঁ৷ ময়েই নহয়, আমাৰ লেখীয়াবোৰে কোনেও মাটি নিজে নোৰোৱে৷ কোনোৱে মাটি বিক্রী কৰি দিছে৷’ ইন্দ্রই ক’লে৷ তাৰ কথাত মই আচৰিত হ’লোঁ– ‘খেতি নকৰি বাবু হৈ চলিছ কেনেকৈ?’ তাৰ পাছৰ কথাখিনিৰ সাৰভাগ এনেধৰণৰ৷ ইন্দ্রহঁতৰ দৰে উপান্ত কৃষকে মাটিকেইডৰা নিজে ৰুলে লাভতকৈ লোকচান বেছি৷ গাঁৱৰ প্রায়বোৰ মানুহৰ ঘৰতে গৰু-ম’হ নাই৷ ৰুবলৈ হ’লে ট্রেক্টৰ, ৰাসায়নিক সাৰ, ৰোৱা-তোলাৰ হাজিৰাৰপৰা ধৰি যিটো খৰচ হয় উৎপাদিত ধানখিনিৰ মূল্য সিমান নহয়গৈ৷ গতিকে মাটিকেইডৰা গাঁৱৰে কোনো যোত্রৱান কৃষকক ধন বা ধানৰ বিনিময়ত ‘লগাই দিয়ে’ (leased out)৷ সেইঘৰ কৃষকৰ হয়তো এখন ট্রেক্টৰ আৰু এখন মিঞাচালি আছে৷ মিঞাচালিখনত নগাঁও, মৰিগাঁৱৰপৰা খেতিৰ কাম কৰা মানুহবোৰ আহি ছিজনটোত কেইবাঘৰতো কৰি বাকীকেইমাহ নিজৰ ঘৰলৈ যায়গৈ৷ সেইকেইঘৰ কৃষকেও লাভ কৰিব নোৱাৰে যদিহে ধানখিনি চৰকাৰী বিভাগত বিক্রী কৰিব নোৱাৰে৷ তাৰ বাবেও বহুত কিটিপ৷ কৃষি বিভাগৰপৰা খেতিয়কৰ প্রমাণ-পত্র উলিয়াই কৃষি বিপণন পৰিষদক ধান বিক্রী কৰিব পাৰিব লাগিব৷ চৰকাৰে ধার্য কৰা  ন্যূনতম সহায়ক মূল্য (Minimum Support Price) গাঁৱলীয়া বেপাৰীৰ প্রায় দুগুণ৷ ৰাজস্থানী বণিয়াই শাসন কৰা গাঁৱলীয়া বেপাৰীয়ে পানীৰ দৰত ধান লৈ ৰাইচ মিলবোৰত দিয়ে আৰু মিলবোৰে ধান বানি চাউলবোৰ স্থানীয় বজাৰৰ উপৰি চুবুৰীয়া ৰাজ্যলৈ পঠায়৷ ইন্দ্রৰ এখন বি পি এল কার্ড আছে৷ সিহঁতৰ পাঁচজন মানুহৰ বাবে লগা চৰকাৰী চাউলখিনি অতি কম পইচাতে বিতৰকৰপৰা পায়৷ বাকী খৰচবোৰ উলিয়ায় বাপেক-পুতেকে হাজিৰা কৰি৷

: ‘এতিয়া ককাইদেউ বহুত সুখত খাই আছোঁ৷ খেতি কৰিলে দুবেলা দুমুঠি খোৱাৰে উপায় নোলালেহেঁতেন৷’ ‘তই যে আগতে ঢোল বজাইছিলি এতিয়া বজাৱনে? ল’ৰাটোক শিকালিনে?’ ‘নাই অ’ ককাইদেউ, সেইবোৰ এৰিলোঁ আৰু৷ ল’ৰাকো বিদ্যাটো নিদিলোঁ৷ আজিকালি গাঁৱত হুঁচৰিয়েই নাই৷ ল’ৰা-ছোৱালী দুটামানে কাষতে চকিয়াল গাঁৱৰ কাৰোবাৰ লগ হৈ সন্মিলন কৰেগৈ৷ আমাৰ গাঁৱত নাই৷ কুলি-কেতেকীৰ মাতো শুনিবলৈ নোপোৱা হ’লোঁ৷ হাবিবোৰ ভঙি চাহপুলি লগালে৷’ ইন্দ্রই থাউকতে বহুত খবৰ দি গ’ল৷ এৰা, ইন্দ্রহঁতে উপায়ান্তৰ নাপাই খেতি বাদ দিছে৷ গাঁৱলীয়া বেপাৰীবোৰে অনন্যোপায় হৈ বেপাৰটো ধৰি আছে৷ মিলৰ মালিকসকলে কয়– ‘বেবছা ইকদম মন্দা চলিছে৷’ গণ্ডগোলটো ক’ত? ন্যূনতম সহায়ক মূল্য পোৱাসকলে টানি-আঁজুৰি খেতিটো প্রৱর্তাই ৰাখিছে৷ সুপুৰুষ কিৰিষণা– হয়তো ডাকপুৰুষে সাজপানী খাই কৈছিল৷

কৃষিকার্যত জড়িত মানুহবোৰৰ জীৱিকাৰ বিচ্যুতিৰ অন্তৰালত পোনপটীয়াভাৱে জগৰীয়া ৰাষ্ট্রৰ দুর্বল কৃষিনীতি৷ বিগত এক দশকত হোৱা কৃষকৰ আত্মহত্যাই প্রতিজন সচেতন নাগৰিকৰ হৃদয় বিদাৰি গৈছে৷ হয়তো বাতৰিত পঢ়ি উঠি আমি পাহৰি গৈছোঁ সেই দুর্কপলীয়া পৰিয়ালবোৰৰ হাহাকাৰ৷ পৰিসংখ্যা বঢ়াব খোজা নাই৷ সুস্থ কৃষি নীতিৰ অভাৱৰ উপৰি এনৰেগা আৰু খাদ্য সুৰক্ষাৰ দৰে আঁচনিৰ প্রৱর্তন, দ্রুত নগৰায়ন আৰু বজাৰ সংস্কৃতিৰ (market culture) শ্রীবৃদ্ধিয়ে দেশৰ কৃষিখণ্ডলৈ আবতৰীয়া দুৰ্যোগ কঢ়িয়াই আনিছে৷ বিশেষকৈ, অসমত ধান খেতিৰ লগতে দুর্বল হৈছে গো পালন, মৎস্য পালন, এৰী-মুগা পালন, হাঁহ-কুকুৰা পালন, মৌ পালনৰ দৰে গ্রাম্য অর্থনীতিত প্রভূত বৰঙণি আগ বঢ়োৱা অথচ অতি ক্ষুদ্রকায় ব্যৱস্থাবোৰ৷ গাখীৰ, মাছ, মৌ বাহিৰৰপৰা আহে৷ কৃষিকর্মৰ সৈতে জড়িত কুটীৰ শিল্পবিলাক মৰি গৈছে৷ অসমৰ সংস্কৃতিও কৃষিভিত্তিক৷ কৃষিকার্য হ্রাস হোৱাৰ লগে লগেই লোককৃষ্টিৰপৰাও জনসাধাৰণ বিচিছন্ন হৈ পৰিছে৷

দৰাচলতে ভাৰতবর্ষ কৃষিভিত্তিক দেশ৷ দেশখনৰ অর্থনীতিৰ ৰাজহাড় হ’ল ইন্দ্রহঁতৰ দৰে মানুহবোৰৰ শ্রমশক্তি৷ আম্বানি-টাটা-বিৰলা-সিংঘৱীহঁতৰ যন্ত্রশক্তি কামিহাড়হে৷ ৰাজহাড়ত অসুখ হ’লে থিৰেৰে থকাত অসুবিধা৷ পিছে কিছুমান কাৰণত এতিয়া ৰাজহাড়ৰ কেনছাৰ আৰম্ভ হৈছে৷

জে পি মর্গানৰ (J P Morgan) সমীক্ষা মতে, ২০০১ চনৰ মে’ মাহত গ্রাম্য হাজিৰা হঠাৎ স্খলিত হোৱাৰ বিপৰীতে ২০০৫ চনত এনৰেগা আঁচনিৰ প্রৱর্তনৰ পাছৰেপৰা ই ঊর্ধগামী হ’বলৈ ধৰে৷ কৃষিভিত্তিক হাজিৰা অ-কৃষিভিত্তিক হাজিৰাতকৈ বাঢ়ি যায়৷ এছ’চামে (Associated Chambers of Commerce and Industry=ASSOCHAM) প্রকাশ কৰা গ্রাম্য নিয়োজন গাঁথনিৰ বিচ্যুতিত (Structural shift in Rural Employment) কোৱা হৈছে যে কৃষিজীৱী মানুহ কৃষিকর্মৰপৰা ফালৰি কাটি আন বৃত্তিলৈ ধাৱিত হৈছে৷ অধ্যয়নটোৱে প্রতিপন্ন কৰিছে যে গ্রাম্য দৰিদ্রতা শাম কাটিছে আৰু খণ্ডবিভেদে মানুহৰ জীৱিকাৰ বিচ্যুতি ঘটিছে৷ কৃষিখণ্ডত কর্মীৰ সংখ্যা বহু কমিছে আৰু কৃষিকর্মৰপৰা উপার্জনো হ্রাস পাইছে৷ বিগত বাৰ বছৰত খণ্ড অনুসাৰে নিয়োগৰ বিন্যাস এনেধৰণৰ :

দেখা গৈছে বাৰ বছৰৰ আগৰ কৃষিখণ্ডত নিযুক্ত ৬০ লোকৰ ঠাইত এতিয়া ৪৯তকৈও কমিছে৷ এই মানুহবোৰ নির্মাণ খণ্ডত নৈমিত্তিক শ্রমিক (Casual labour) হ’বলৈ গৈ আছে৷ এইখিনিতে কেইটামান প্রশ্নৰ অৱতাৰণা হয়৷

(১) ভাৰতবর্ষৰ দৰে দেশৰ বাবে কৃষিখণ্ড দেশৰ মেৰুদণ্ড হোৱা বাবে ইন্দ্রহঁত এনেকৈ আঁতৰি গৈ থাকিলে ৰাজহাড় পোনাব নোৱৰা অৱস্থা এটা নহ’বনে? (২) নির্মাণ কার্য এসময়ত সীমিত বা স্তিমিত হ’ব৷ তেতিয়া এই শ্রমিকবোৰৰ জীৱিকাৰ অৱলম্বন কি হ’ব? (৩) দেশত খাদ্য সংকট নহ’বনে? (৪) কৃষিখণ্ডত কর্প’ৰেট ফার্মিঙৰ আৱির্ভাৱ হ’লে মুদ্রাস্ফীতিৰ চাবকটা অৱধাৰিত নহ’বনে? (৫) মুদ্রাস্ফীতিৰ ফলত ভাৰতবর্ষৰ বহু লোকৰ অনাহাৰত মৃত্যু নহ’বনে? এইবোৰ অলেখ নিৰুত্তৰ প্রশ্ন৷

মন্ত্রীৰ বুদ্ধিৰ পৰীক্ষা কৰিবলৈ ৰজাই দুডাল বাঁহৰ কাঠী লৈ চুটিডাল দেখুৱাই ক’লে– ‘এইডাল তুমি হাতেৰে নোচোৱাকৈ দীঘল কৰিব পাৰিবানে?’ মন্ত্রীয়ে দীঘল কাঠীডাল তুলি লৈ চুটিডালতকৈও চুটিকৈ ভাঙি কাষতে থৈ ক’লে– ‘চাওক মহাৰাজ, এইডালচোন দীঘলেই, মই হাতেৰে চুব লগীয়া নহ’লেই৷’ ৰাজসভাৰ কাহিনীটোৰ আলম লৈ দৰিদ্রতাৰ মাপকাঠীডালো সালসলনি কৰি অতি সহজেই দৰিদ্রতাৰ হাৰ কমাব পাৰি৷

প্রকৃত ছবিখন  দুর্ভাবনাদায়ক৷ ২০১১-১২ বর্ষটোত প্রতিজন ভাৰতীয় লোকৰ মাহেকীয়া ব্যয় (MPCE) গ্রাম্য ১,২৮৭ টকা, নগৰীয়া ২,৪৭৭ টকা৷ পৰিকল্পনা আয়োগৰ মতে ২০০১–২০১১ সময়ছোৱাত ভাৰতবর্ষৰ বার্ষিক বৃদ্ধি ৮৷ খণ্ডভিত্তিক বিকাশ (২০০৫–২০১১) : কৃষি ৩.৮, উদ্যোগ ৭.৫, সেৱাখণ্ড ৯.৬৷ উক্ত তথ্যকেইটাৰ গ্রাম্য লোকৰ মাহেকীয়া ব্যয় আৰু কৃষিখণ্ডৰ বিকাশৰ হাৰ লক্ষ্য কৰিলে দেখা যায়, অবিশ্বাস্য ধৰণে দুখলগা৷ আনহাতে, ২০০৪–২০০৯ সময়ছোৱাত বৃদ্ধিৰ হাৰ ৯ হোৱা সত্ত্বেও সেৱাখণ্ডত কেৱল ৪৫৯ মিলিয়নতে নিশ্চল হৈ থাকে৷ ২০০৯–২০১১ৰ দুটা বছৰত মুঠ ঘৰুৱা উৎপাদন (GDP) ৬লৈ নিম্নগামী হ’লেও সেৱাখণ্ডত ১৪ মিলিয়ন অতিৰিক্ত নিযুক্তিৰ যোগ হৈ মুঠ ৪৭৩ মিলিয়ন হয়গৈ৷ মুঠৰ ওপৰত, উদ্যোগ আৰু সেৱাখণ্ডৰ ছবি দুখনো মনঃপূত নহয়৷ অৱশ্যে আজি আমাৰ প্রধান বিবেচ্য বিষয় গাঁৱৰ খেতিহে৷

দ্রুত গতিৰ নগৰায়ণ উদ্বিগ্নতাৰ আন এটা কাৰণ৷ এটা দশকত প্রায় ৫০০০ নগৰৰপৰা ৮০০০লৈ বৃদ্ধি হৈছে নগৰৰ সংখ্যা৷ হয়, ইয়াৰ এটা ধনাত্মক দিশ আছে৷ শ্রমিকে দৰ-দাম কৰি পাৰিশ্রমিক লৈছে আৰু নগৰীয়া সা-সুবিধাবোৰ ভোগ কৰিছে৷ গতিকে উপার্জন আৰু সামাজিক স্থিতিত দুটা ঠেলা (economic and social push effect) পাবলৈ সক্ষম হৈছে৷ এই ঠেলা ৰিজাব পাৰি দুর্গাপূজাৰ অষ্টমীৰ সন্ধিয়া জনস্রোতৰ মাজত থিয় হৈ পোৱা ঠেলাৰ লগত৷ এই জনস্রোতৰ একক লক্ষ্য নাথাকে আৰু জনস্রোতৰ প্রৱহমানতাৰ বাবে অষ্টমী তিথিও সদায় নাথাকে৷ নগৰায়ণৰ ফলত স্বনিয়োজন ঘটে, পৰম্পৰাগত সামাজিক স্তৰৰ সীমাৰেখাডাল অস্পষ্ট হয়৷ পিছে এনেকৈ নগৰায়ণ হ’লে পথাৰত খেতি কোনে কৰিব? জীয়াই থাকিবলৈ হ’লে খাবতো লাগিবই৷

ক্রিছিল (CRISIL) নামৰ উৎকর্ষ-মাপক এজেঞ্চিটোৱে কৈছে যে ২০১৪–১৯ৰ পাঁচ বছৰত ৰাজনৈতিক দলবোৰে প্রতিশ্রুতি দিয়া ধৰণে বিকাশ ৯ নহ’বগৈ৷ এখন সুস্থিৰ চৰকাৰ হ’লেহে গড়ে ৬.৫ বিকাশ ঘটাৰ সম্ভাৱনা আছে৷ জনাদেশ অসুস্থ হ’লে ৫তে সীমাবদ্ধ হ’ব৷ ক্রিছিলৰ মুখ্য অর্থনীতিবিদ ডি কে যোশীয়ে কৈছে– ‘অর্থনীতিত কমাবর্ত নীতি নাই৷ সুতৰ হাৰো কমাব নোৱাৰি, বিকাশ ঘটাবলৈ চৰকাৰে অতিমাত্রা ব্যয় কৰিবও নোৱাৰিব৷ ফলত বাজেটখন কষ্টকৰ হ’ব৷ মুদ্রাস্ফীতি বাঢ়িব৷’ যোশী বাহিনীয়ে আটাইকেইটা খণ্ডতে মন্দ বিকাশৰ পূর্ব ঘোষণা কৰিছে৷  পূর্বৰ পাঁচ বছৰৰ (২০০৯–১৪) তুলনাত অহা পাঁচ বছৰত (২০১৪–১৯) কৃষিখণ্ডৰ বিকাশৰ হাৰ ৪.১ৰপৰা হ্রাস হৈ ৩ হ’ব পাৰে৷ উদ্যোগত প্রায় একে (৫.৩) থাকিলেও সেৱাখণ্ডত ৮.১ৰ বিপৰীতে ৭.৮লৈ নিম্নগামী হ’ব পাৰে৷ ক্রিছিলৰ মতে, ৯ বিকাশৰ বাবে আগৰ সময়ছোৱাৰ (২০০৪–২০১১) সহায়ক কাৰকবোৰ অহা পাঁচ বছৰত অনুকূলীয় নহ’ব৷ মুখ্য কল্যাণৰ সূচকাংকৰ (Principal wellbeing Index) মতেও ভাৰতীয় লোকে অনাগত বর্ষত ভাল দিন দেখা নাপাব৷ ৬১ৰ মতে অর্থনীতি একে থাকিব বা নিম্নগামী হ’ব, ৭৭ৰ মতে ৰচদ, ইন্ধন আৰু আন ঘৰুৱা সামগ্রীৰ অভূতপূর্ব মূল্যবৃদ্ধি ঘটিব৷ ৭৪ৰ মতে মুদ্রাস্ফীতি হ’ব চিন্তাৰ বিষয়, ৭৮ৰ মতে গৃহঋণৰ সুত বাঢ়িব৷

যিকোনো পৰিস্থিতিতে যিকোনো প্রকাৰে কৃষিখণ্ডৰ অগ্রগতি অব্যাহত ৰখাটো আমাৰ প্রধান কর্তব্য৷ ভাৰতবর্ষৰ কৃষি উৎপাদন বর্তমানলৈকে জোৰা মৰা যদিও কৃষকৰ এনেধৰণৰ স্থানান্তৰ ঘটি থাকিলে বর্ধিত জনসংখ্যাৰ তুলনাত উৎপাদনৰ নাটনি হোৱাটো স্বাভাৱিক৷ অর্ধশতিকাৰ পূর্বে পি এল ৪৮০ চুক্তিৰ দৰে আন দেশৰপৰা খাদ্যৰ আমদানি কৰাটোতো কেইটামান অসুবিধা আছে৷ প্রধানতঃ আনবিলাক দেশতো খাদ্য শস্যৰ উৎপাদন কমিছে আৰু অত্যধিক মূল্যবৃদ্ধি ঘটিছে৷ খাদ্য সুৰক্ষাৰ জৰিয়তে আমাৰ দেশত এটকাত আগ বঢ়োৱা এক কিল’গ্রাম খহটা শস্যৰ মূল্য কিছুমান দেশত ১০ মার্কিন ডলাৰ (৬০০ টকা)৷ গতিকে খাদ্য আৰু ইন্ধনৰ বেলিকা হাত ধৰি চলাটো হ’ব দ্বিতীয় কর্তব্য৷ এই ক্ষেত্রত আমাৰ মনলৈ অহা প্রসংগটো হ’ল ‘চঞ্জা চুলহা’৷ পঞ্জাবৰ গ্রাম্য জীৱনক প্রতিফলিত কৰা ‘চঞ্জা চুলহা’ (অর্থাৎ সমজুৱা চুলা) ধাৰাবাহিকখনত পাকিস্তানী লোকশিল্পী ৰেছমাই গোৱা গীতটো শ্রোতা-দর্শকৰ নিশ্চয় আজীৱন মনত থাকিব৷ ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ গঞাই ইতিমধ্যে এই আদর্শৰ খতিয়ান মেলিছে৷ ‘চঞ্জা গেছ আঁচনি’ নামৰ গোবৰ গেছেৰে চলা ৰাজহুৱা পাকঘৰৰপৰা দৰিদ্র লোকৰ বাবে সুলভ মূল্যত খাদ্য যোগান ধৰা হৈছে৷ অন্ন, ইন্ধন আৰু সময়ৰ সঞ্চিত ব্যৱহাৰৰ (Sustainable use) বাবে এই মূহূর্তত ইয়াতকৈ সুফলদায়ী আঁচনি একো নাই৷ সর্বশেষত কওঁ, ডাল-দৰিদ্রবোৰ জীয়াই থাকিবলৈ হ’লে আমাৰ ঘর্মসিক্ত পথাৰবোৰৰ লহপহীয়া শইচত সোণগুটি জিলিকিবই লাগিব৷

Share Button
Print Friendly, PDF & Email

No Comments : "ৰাজহাড়ৰ অসুখ (নিত্যানন্দ শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *