অতিথি সম্পাদকৰ চ'ৰাপঞ্চম সংখ্যা (প্ৰথম বছৰ)

ৰাজনীতি? (শান্তনু ৰৌমূৰীয়া)

ৰাজনীতি? হেৰ’, ৰাজনীতি ভাতৰ লগত খায় নে কাণতে পিন্ধে আমি হ’লে নাজানো দেই । মাহেকৰ কেৰাচিন তেলটোপা আৰু দুটকীয়া চাউলকেইটা নিয়মীয়াকৈ পালেই হ’ল । দিব পাৰিম বুলি গেৰাণ্টি দিয়া, আমি ভোট দিম । বাকী আমি ৰাজনীতি-চাজনীতি একো বুজি নাপাওঁ ।

ৰাজনীতি? আমিনো আৰু ৰাজনীতি কি বুজি পাওঁ! নেৰানেপেৰা বৰষুণত অলপ-অচৰপ ঠাণ্ডা পৰিছে, মহৰো কুনকুননি বাঢ়িছে । এইহেন বতৰত কণ্ঠী ঠিকাদাৰৰ পুতেকে উমাল কম্বল একোখন আৰু আঁঠুৱা একোটাকৈ ঘৰে ঘৰে দি গৈছে । তাকনো বেয়া মানুহ বুলি কওঁ কেনেকৈ ? সি কৈছে ‘হেৰি’ চিনত ভোট দিবলৈ, আমিও দিলো আৰু ! ৰাজনীতিনো কি বস্তু! মানুহৰ সম্পর্কটোহে ডাঙৰ!

ৰাজনীতি? অতগাল ধন ভাঙি ইউনিভার্ছিটিত পঢ়ি এতিয়া আকৌ এইটো কিহৰ ৰাজনীতিৰ ভূত লম্ভিছে? চাকৰি-বাকৰি নেপালি নাই । আজিকালি টিউচন কৰিও ঘটাই ধন ঘটি আছে । টিউচন কৰি কৰি তিলকৰ ভতিজাকে গাড়ীও কিনিলে ! আমাৰ গাড়ী-গুৰা নালাগে, চাউলকিটা কিনিব পাৰিলেও হ’ব । কিবা এটা ভাল কাম কৰাত মন দে । সমাজ শুধৰাব নালাগে ।  ৰাজনীতি আমাৰ দৰে মানুহৰ বস্তু নহয় ।

ৰাজনীতি ? এঃ বৰ ভাষণ দিছে শুনা । হেৰা, এইবোৰ কথা ক’বলৈ ভাল, শুনিবলৈও ভাল । পিছে আমাৰ ইয়াত নহ’ব । আমাৰ মানুহ ভাল নহয় । কোনেও ভাল কাম কৰিবই নোৱাৰে । চবফালে অকল কূটনীতি, ৰাজনীতি !

ৰাজনীতি? কি কয়? সঁচাকৈ ৰাজনীতিত লাগিছে ? সি দেখোন পঢ়াই-শুনাই ভালেই আছিল ! ভাল ল’ৰাবোৰে আকৌ কিয় ৰাজনীতি কৰিবলৈ গৈছে ?­

ৰাজনীতি? You mean Politics? নাই ভাই, নাই । মোৰ কোনো গুণ্ডা-গার্দি কৰাৰ record নাই । যেনে তেনে হেডক পতাই attendance মিলাই পৰীক্ষাটো দিব লাগে । আৰু এবাৰ পাছ কৰিলে এম বি এ কৰিবলৈ বাহিৰলৈ যাম বুলি ভাবি আছোঁ । Politics কৰি কেৰিয়াৰ বৰবাদ কৰিব নোৱাৰি !

ৰাজনীতি? Sorry, এতিয়া এইবোৰ কথা পাতিবলৈ টাইম নাই দেই । … হেল্ল’, অঁ গগৈ, মাটিখিনিৰ কি হ’ল? কি? নিদিওঁ বুলিছে?  আচ্ছা, বুজিছো! এইবোৰ চব তালুকদাৰে কৰিছে । ৰাজনীতিৰ পাৱাৰ দেখুৱাইছে । পিছে আপুনি তেওঁকো কৈ থ’ব যে পইচাৰে ৰাজনীতি কিনিব পাৰি!

ৰাজনীতি? তই কি ডাল জান অ’? ইলেকচনত আমি পইচা খৰছ কৰিছো । মথাউৰিত শিল দিওঁ, বালি দিওঁ আমাৰ কথা! তই মাজত কিহৰ ৰাজনীতি কৰিব আহিছ?

ৰাজনীতি? হেইত চুপ থাক! ইমানৰ পাছতো ৰাজনীতি – ৰাজনীতি চিঞৰিবলৈ আহিছ! হেৰ’ দলিলত লিখি দিম – দেশ-দুনিয়া, সমাজ-সংস্কৃতি যি হয় হৈ থাকক । আমি ৰাজনীতি কৰিব নোৱাৰো, আমি ৰাজনীতি কৰিব নাজানো । আমি ভাল মানুহ!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *