ৰাভাক বিচাৰি- (পার্থপ্রতীম বৰকটকী)

 “অ’ অসমীয়া ডেকা দল, অ’ অসমীয়া ডেকা দল

আজি তোৰ তেজাল বদন মলিন কিয় হ’ল ?

দুৰ্গম নদ-পাহাৰ-গিৰি, লংঘিছিলে ডেকাগিৰী

সুন্দৰ শংকৰে লৰি কৰিছিলে তল

দেখুৱাইছিল লগত জুৰি অসীম বাহুৰ বল

সিও যে তোৰ নাইকিয়া হ’ল ৷…”

উষ্ণ হৃদয়বৃত্তি, অসাধাৰণ ব্যক্তিত্ব, অতুলনীয় প্ৰতিভা আৰু কল্পনাতীত ত্যাগেৰে অসমীয়া জনজীৱনৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আজিও এক উৎকৃষ্ট নিদৰ্শন হৈ আছে৷ সাম্প্ৰতিক কালৰ সামাজিক দৃশ্যপটে প্ৰতিটো পলতে চিঞৰি চিঞৰি ক’ব খোজে— বিষ্ণু ৰাভা এতিয়া খুবেই প্ৰাসংগিক৷ এই অতীব প্ৰাসংগিকতা থকা সত্ত্বেও চৰম ত্যাগেৰে হালোৱা, হজুৱা, সৰ্বহাৰাৰ বাবে নিজকে বিলীন কৰি দিয়া এই মহান শিল্পীগৰাকীৰ আজিকোপতি প্ৰকৃত মূল্যায়ন কৰা নহ’ল৷ জাতিটোৰ বাবে ইয়াতকৈ পৰিতাপৰ কথা অন্য কি হ’ব পাৰে? ধৰ্মীয় অসহিষ্ণুতা, ৰাজনৈতিক কূটিলতা, অৰ্থনৈতিক শোষণ, জাতিগত আৰু ভৌগোলিক অৱস্থিতিগত বিভেদ তথা সাংস্কৃতিক অৱক্ষয়ে বৰ্তমান অসমীয়া জাতিৰ মেৰুদণ্ডত মাধমাৰ শোধাই তাক কোঙা কৰি পেলাইছে৷ শংকৰৰ সপোন, ৰাভাৰ ত্যাগ যেন এতিয়া কাল-গহ্বৰত সোমাই হেৰাই গৈছে৷ শংকৰৰ সপোন থান-বান হ’বলৈ দিব নোৱাৰি৷ ৰাভাৰ ত্যাগ পাহৰিব নোৱাৰি৷ সেয়েহে আমি আকৌ এবাৰ ৰাভাক বিচাৰিব খুজিছোঁ৷ ৰাভাৰ আদৰ্শৰ মাজেৰে শংকৰৰ সপোন দিঠক কৰাৰ আশা পুহি ৰাখিছোঁ৷ ভূপেনদাই সৌ তেতিয়াই কৰা এটি প্ৰশ্নৰ উত্তৰ বিচাৰি আকৌ এবাৰ ৰাভাৰ জীৱনলৈ ভুমুকিয়াই চাব বিচাৰিছোঁ— ”এতিয়া বিষ্ণু ৰাভাক সোঁ-শৰীৰে আমি ৰাইজৰ মুখলৈ আনি দিব নোৱাৰোঁ৷ কোনেও নোৱাৰে৷ কিন্তু যি বিষ্ণু ৰাভা জীৱিত কালতে এটি institution বা সংস্থা হৈ গৈছিল সেই চিৰজীৱন্ত ভাবমূৰ্তিক জানো আজিৰচাম ডেকা-গাভৰুৰ মাজত জীয়াই ৰাখিব নালাগে?”

বৃহত্তৰ অসমীয়া জাতিৰ স্বপ্নদ্ৰষ্টা এইজনা মনীষীৰ প্ৰতিভাৰ বিকাশ আৰু প্ৰকাশৰ ধাৰা তেওঁৰ জীৱনকালত কোনো সময়তে স্তব্ধ হোৱা নাছিল৷ ১৯০৯ চনৰ ৩১ জানুৱাৰি বৃহস্পতিবাৰৰপৰা ১৯৬৯ চনৰ ২০ জুন শুক্ৰবাৰলৈ সেয়া আছিল এক শব্দাতীত অভিজ্ঞতালব্ধ ৰোমাঞ্চেৰে ভৰপূৰ ষাঠি বছৰীয়া পৰিক্ৰমা৷ বিখ্যাত নাট্য পৰিচালক কালাচাঁদ বাবুৰ পৰিচালনাত ঢাকাৰ এক নাট্য মঞ্চত অংশগ্ৰহণৰ সুযোগ পোৱাৰপৰাই আৰম্ভ হৈছিল সেই অপ্ৰতিৰোধ্য যাত্ৰা৷ একাধাৰে গীত, নৃত্য, অভিনয়, পৰিচালনা আদিৰে বহুবিদ্যা-পাৰদৰ্শী তেওঁৰ দৰে ব্যক্তিত্ব খুবেই বিৰল৷ ৰাভাৰ সংস্পৰ্শত সকলো উজ্জীৱিত হৈ উঠিছিল৷ তেওঁ য’লৈকে গৈছিল ত’তেই কলা-ক্ৰীড়া-সংস্কৃতিয়ে প্ৰাণ পাই উঠিছিল৷ সুন্দৰৰ সাধক বিষ্ণু ৰাভা কলেজীয়া জীৱনৰ আৰম্ভণিৰেপৰা ব্ৰিটিছ শাসন আৰু ৰক্ষণশীল সমাজব্যৱস্থাৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰিছিল৷ বংকিম চন্দ্ৰ চট্টোপাধ্যায়, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, নজৰুল ইছলাম আদিৰ ৰচনাৰে প্ৰভাৱিত ৰাভা হৈ পৰিছিল ইংৰাজ চৰকাৰৰ দুৰ্ঘোৰ বিৰোধী৷ সেই বিদ্ৰোহানলৰ এক তীব্ৰ প্ৰতিফলন ঘটিছিল ৰাভা ভিক্ট’ৰিয়া কলেজৰ ছাত্ৰ হৈ থকা সময়ত৷ ব্ৰিটিছ জেনেৰেল হকিঞ্চ আৰু দেৱান নলিনী ৰঞ্জন খাস্তগীৰ বিৰুদ্ধে ৷ প্ৰতিবাদী ৰাভাই প্ৰাচীৰ চিত্ৰ আঁকি লিখিছিল—

“ৰাজ্যে আসে দুইটি পাঠা

একটি কালো একটি চাদা

ৰাজ্যেৰ যদি মংগল চাও

দুইটি পাঠাই বলি দাও ৷”

ফলস্বৰূপে সেই কলেজ এৰিবলৈ বাধ্য হোৱা ৰাভা গ’ল ৰংপুৰ কলেজলৈ৷ অদম্য সাহসী ৰাভাই কলেজৰ চূড়াত উৰি থকা ‘ইউনিয়ন জেক্‌’ নমাই ‘ত্ৰিবৰ্ণ’ জাতীয় পতাকা উৰুৱাই দিলে৷ পৰিণামস্বৰূপে তীক্ষ্ণ মেধাসম্পন্ন হোৱা সত্ত্বেও অৱশেষত ৰাভাই নিজৰ শিক্ষাজীৱন আধৰুৱাকৈয়ে সামৰিব লগা হ’ল৷

বিষ্ণু ৰাভাৰ বহুমুখী প্ৰতিভা বিকাশৰ মূলতেই আছিল কিজানি শংকৰদেৱৰ জীৱনাদৰ্শ৷ শংকৰদেৱৰ সংঘাতপূৰ্ণ জীৱনৰ লগত ৰাভাৰ জীৱনৰ বহুখিনি সাদৃশ্য দেখিবলৈ পোৱা যায়৷ শংকৰদেৱৰ বিপুল সাংগঠনিক ক্ষমতা, বৈপ্লৱিক সমাজ সংস্কাৰ, সাংস্কৃতিক কৰ্মৰাজি আৰু গতিশীলতাই ৰাভাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল আৰু ৰাভাৰ অন্তৰত আছিল শংকৰদেৱৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা৷ সেয়েহে তেওঁ শংকৰদেৱৰ কথা শ্ৰদ্ধাৰে লিখিছিল— “শংকৰ নাথাকিলে অসমীয়াৰ একোকে নাথাকে৷ এনে যি শংকৰদেৱ, তেৰাই কিনো নাজানিছিল, কিনো নিদিছিল আৰু কিনো নিলিখিছিল৷ অসমীয়াক তেৰাই সকলো দি গৈছিল৷” শংকৰৰ সপোন দিঠক কৰাৰ সপোন ৰচি ধৰ্ম-জাতি-বৰ্ণ ভেদ সমাজৰপৰা নিলগত ৰখাৰ প্ৰয়াসেৰে ৰাভাই লিখিছিল— “মুছলমান সংস্কৃতিয়েও অসমীয়াক গঢ় দিলে অজ্ঞানে, অজ্ঞাতে৷...আজান ফকীৰ আৰু চৈয়দ ফকীৰৰ গীত, নাম, পদে অসমীয়াৰ প্ৰাণতো স্পন্দন জগালে৷ পুৰণিগুদামৰ আদি নগাঁৱৰ মুছলমানসকলে এক ধৰ্মৰ বাহিৰে বিয়াই-সবাহে, সভাই-সমাজে অসমৰ অসমীয়াৰ বুকুৰ মাজত হিয়াৰ অভ্যন্তৰত ঠাই পালে৷ খাম্‌তি-ফাকিয়ালৰ মাজত শ্বন্‌ বৌদ্ধ-কৃষ্টি চলিল৷ বিহাৰ, উৰিষ্যা, মাদ্ৰাজ, ছোটনাগপুৰৰ বনুৱা, হজুৱা, হালোৱাসকলে ইয়াত অসমত বসতি কৰিলে৷” ষোড়শ শতিকাত শংকৰদেৱক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জাগৰণৰ আধ্যাত্মিক তাৎপৰ্যৰ তন্ময়তাই শংকৰী আদৰ্শৰ সামাজিক আৰু সাংস্কৃতিক দিশবোৰ কুৰি শতিকাৰ তৃতীয় দশকলৈকে উপেক্ষিত কৰি ৰাখিছিল৷ শংকৰদেৱৰ ধৰ্মীয় ভাবাদৰ্শতকৈ তেওঁৰ সাংস্কৃতিক ভাবাদৰ্শই ৰাভাক বেছি আকৰ্ষিত আৰু প্ৰভাৱিত কৰিছিল৷ সমাজ সংস্কাৰৰ বাবে ৰাভাই বিপ্লৱৰ পথত বিশ্বাস ৰাখিছিল৷ আৰু ৰাভাই শংকৰদেৱক সেই বিপ্লৱৰ আদৰ্শৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল৷ আধ্যাত্মিক মোহগ্ৰস্ততাৰপৰা মুক্ত হৈ শংকৰদেৱক এই দৃষ্টিৰে চোৱা ৰাভা কিজানি প্ৰথম ব্যক্তি৷

বহুখিনি দিশৰ মাজৰপৰা ৰাভাৰ ইতিহাস-সচেতনতাৰ দিশটো বিশেষভাৱে মন কৰিবলগীয়া৷ ৰাভাই কৈছিল—“অসমৰ ভেটি এটা বিৰাট নাট মঞ্চ, নাট— অসম বুৰঞ্জী ৷” তেতিয়াৰ প্ৰচলিত ৰক্ষণশীল ইতিহাস চৰ্চাৰ প্ৰতি থকা বিৰাগ তেওঁ মুকলিকৈয়ে প্ৰকাশ কৰিছিল এইদৰে—“কামৰূপ অনুসন্ধান সমিতিৰ মিউজিয়াম দেখিলে গৌৰৱত অসমীয়াৰ বুকু ফুলি উঠে৷ কিন্তু মোৰ মতে সেই সংগ্ৰহ আৰু অনুসন্ধান এতিয়াও কেঁচুৱা অৱস্থাতেই আছে৷ তাৰ অনুসন্ধান আৰু প্ৰকাশ দেখিলে মনত হয় যেন সিবিলাক অতি মৃদু গতিতহে চলিছে৷ তাৰ বাবে আমি সূৰ্য্যকুমাৰ ভূঞা আদি কৰি অসমৰ আন আন প্ৰত্নতত্ত্ববিদ পণ্ডিতসকলক অনুৰোধ কৰোঁ যেন তেওঁলোকে নানান শাখা হাতত লৈ বিজ্ঞানমতে অনুসন্ধান বিশ্লেষণ কৰি অসমৰ গূঢ়তত্ত্ব আৰু কাহিনী অসমীয়াৰ চকুৰ আগত সোনকালে মেলে৷ পুৰণি বস্তুৰে যেন নতুন সংস্কৰণ কৰি প্ৰকাশ নকৰে৷ অসমৰ গৌৰৱ সুপণ্ডিত ড° বাণীকান্ত কাকতি ডাঙৰীয়ালৈও আমাৰ একান্ত মিনতি যেন তেখেতে কেৱল পুথিগত বিদ্যাৰে বিশ্লেষণ কৰি পুথি নিলিখি প্ৰত্যেক জাতিৰ মানুহৰ লগত বেলেগ বেলেগ ভাষাত কথা পাতি নিজ অভিজ্ঞতাৰে পুথি লিখে৷ নহ’লে অতি কষ্টৰে লিখা তেখেতৰ পুথিৰ বহুতো ভুল থাকিবৰ সম্ভাৱনা থাকে৷ যি কি নহওক কামৰূপ অনুসন্ধান সমিতিৰ ঘৰটোৰ বাহিৰেও গোটেই অসমখনেই এটা বিৰাট মিউজিয়াম৷” ৰাভাই তেতিয়াই (১৯৪৫ চনতে) গণমুখী ধাৰাৰ ইতিহাস চৰ্চাৰ কথা কৈছিল, যেতিয়া ভাৰতৰ ক’তোৱেই সেই ধাৰাৰ ইতিহাস চৰ্চা আৰম্ভ হোৱা নাছিল৷ কোনো আনুষ্ঠানিক ইতিহাসবিদ নহৈও ৰাভাই ড° বাণীকান্ত কাকতি, ড° সূৰ্য্যকুমাৰ ভূঞাৰ দৰে সৰ্বজনবিদিত পণ্ডিতক সমালোচনা কৰাৰ সাহস কৰিব পাৰিছিল৷ ইয়াৰপৰাই অনুমান কৰিব পাৰি, ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ৰাভাৰ ক্ষেত্ৰভিত্তিক অভিজ্ঞতা কিমান গভীৰ আছিল৷

মহাত্মা গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনত ৰাভাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল৷ কিন্তু স্বাধীনতাৰ পিছত তেতিয়াৰ চৰকাৰৰ কাম-কাজবোৰ দেখি চৰকাৰৰ চৰিত্ৰৰ প্ৰতি তেওঁ সন্দিহান হৈ পৰিছিল৷ তেতিয়াৰ নেতা, পালি-নেতা, ধনী-জমিদাৰ, সুবিধাবাদী দালাল আদিৰ কৰ্মৰাজি, তেওঁলোকৰ চৰকাৰৰ লগত থকা মিতিৰালি আৰু ক্ৰমবৰ্ধমান ৰূপত আগতকৈও অধিক বেয়া অৱস্থাৰ পিনে ঢাল খোৱা দুখীয়া-নিছলা, হালোৱা-হজুৱাৰ দুখ-দুৰ্দশাই ৰাভাক আকাংক্ষিতভাৱেই তেতিয়াৰ শাসন ব্যৱস্থাৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিলে৷ সেই স্বাধীনতাত অসন্তুষ্ট হোৱা ৰাভাই ক’লে—এই স্বাধীনতা ভুৱা স্বাধীনতা ৷ কাজেই, ৰাভাক দেশদ্ৰোহী সাব্যস্ত কৰিবলৈ তেতিয়াৰ চৰকাৰখন উঠি-পৰি লাগিল৷ হোৱাই-নোহোৱাই অনেক মোকৰ্দমা জাপি দি ৰাভাক জে’লত ভৰাই ৰাখিলে৷ ভাৰত-চীন সংঘাতৰ সময়ত হেনো ৰাভাক চৰকাৰী বাহিনীয়ে পঘাৰে বান্ধি লৈ গৈছিল৷ কাৰণ আছিল ৰাভাৰ সাম্যবাদী আদৰ্শৰ ওপৰত থকা বিশ্বাস আৰু তাৰ মুকলি প্ৰকাশ৷ সাম্যবাদী হ’লেই যেন চীনৰ মিতিৰ—ভাৰতৰ ঘৰ-বিভীষণ! সাম্যবাদৰ প্ৰতি ৰাভা এদিনতে আকৃষ্ট হোৱা নাছিল৷ চঞ্চল চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে ৰাভাৰ জীৱনাদৰ্শৰ কথা বহুজনে সমালোচনা কৰে৷ এই ক্ষেত্ৰত সমালোচনাৰ কিছু থল একেবাৰে নথকাও নহয়৷ কিন্তু সাম্যবাদী আদৰ্শৰ ক্ষেত্ৰত ৰাভা তেওঁৰ জীৱনৰ শেষ মুহূৰ্তলৈকে অটল হৈ আছিল৷ বিস্তৰ অধ্যয়নেৰে নহয়; কৃষক, বনুৱা, দুখীয়া, হালোৱা, হজুৱা, শ্ৰমিকৰ মাজত দিন-ৰাতি একাকাৰ কৰি ঘূৰি-ফুৰি তেওঁলোকৰ দুখ-কষ্টৰ লগত একাত্ম হৈ ৰাভা অভিজ্ঞতালব্ধ সাম্যবাদী হৈছিল৷ ৰাভাৰ সাম্যবাদী স্থিতিক বহুতেই সন্দেহৰ আৱৰ্তত ৰাখে৷ ইয়াৰ কাৰণ, ৰাভাৰ দৰে এজন সৃষ্টিশীল ব্যক্তিয়ে মাৰ্ক্সবাদৰ ওপৰত একোকে লিখি যোৱা নাই৷ এতিয়া প্ৰশ্ন হ’ল, কোনোবাই মাৰ্ক্সবাদৰ ওপৰত তাত্ত্বিক কিতাপ নিলিখিলে বা নপঢ়িলে তেওঁ সাম্যবাদী হ’ব নোৱাৰে বুলি প্ৰমাণ কৰিব বিচৰাটো কিমান দূৰ যুক্তিসংগত হ’ব? এনেকুৱা চৰ্চা-সমালোচনাৰ বিপৰীতে ৰাভাৰ এখন চিঠিৰ কিয়দংশই ৰাভাৰ সাম্যবাদী সত্তাক স্পষ্টৰূপে প্ৰকট কৰিবলৈ যথেষ্ট হ’ব –“১৯৪৫ চনৰপৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা-সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিছিলোঁ৷ তেতিয়াৰপৰাই ভাৰতৰ “বিপ্লৱী কমিউনিষ্ট দলৰ” লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু লেনিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰে প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ ৷…” উত্তৰাধিকাৰ সূত্ৰে অগাধ সম্পত্তিৰ গৰাকী হোৱা ৰাভা দুখীয়া, নিছলা, শোষিতসকলৰ মাজে-মাজে ঘূৰি ফুৰিছিল৷ ৰাভাই কৈছিল আৰু বিশ্বাস কৰিছিল—নাঙল যাৰ মাটি তাৰ৷ চৰকাৰী চাকৰি পাইও শোষক চৰকাৰৰ তলত চাকৰি কৰা নাছিল৷ দ্বিতীয়া পত্নী নিৰুপমা দেৱীৰ লগত এটি জুপুৰি ঘৰত ভালদৰে খাবলৈ সামগ্ৰী নোহোৱাকৈ দিন পাৰ কৰিছিল৷ আনকি সেই পত্নীয়ে নিজৰ ব্যৱহৃত শাৰী ৰাভাৰ বাবে ধূতিৰূপে চিলাই দিব লগা হৈছিল৷ আৰু ৰাভাই প্ৰসন্নচিত্তে সেই ধূতি পিন্ধি ঘূৰি ফুৰিছিল৷ এক আৰামদায়ক, মসৃণ জীৱন ত্যাগ কৰি সমাজৰ শোষিত, অৱদমিত শ্ৰেণীৰ মুক্তিৰ হকে হাবিয়ে-বনে, অনিদ্ৰা-অনাহাৰে ঘূৰি ফুৰা এই বিষ্ণু ৰাভা যদি প্ৰকৃত সাম্যবাদী নহয়, তেন্তে সাম্যবাদী কোন?

কিছু দিনৰ আগৰ এক ঘটনা—বিশ্ববিশ্ৰুত সাহিত্যিক উমবাৰ্ট’ এক’ই (Umberto Eco) সাহিত্যৰ ন’বেল বঁটা নাপালে৷ এই ঘটনাই পৃথিৱীৰ গৰিষ্ঠসংখ্যক সাহিত্যপ্ৰেমী লোকক ব্যথিত কৰিলে৷ বহু চিন্তাশীল মনীষীয়ে ক’ব খোজে যে এক’ই ন’বেল বঁটা লাভ নকৰাৰ অন্তৰালত আছে এক’ৰ সামাজিক আৰু ৰাজনৈতিক সাম্যবাদী আদৰ্শ৷ উল্লেখ বাহুল্য মাথোঁ, আমাৰ জনজাতীয় মহাপ্ৰতিভা বিষ্ণু ৰাভাৰ প্ৰকৃত মূল্যায়নৰ ক্ষেত্ৰতো চাগৈ তেনেকুৱাই হৈছিল আৰু হৈ আছে৷ ৰাভাৰ মৃত্যুৰ এটা দশকৰ পিছৰপৰাহে ৰাভাই অসমীয়া মূলসুঁতিৰ বৌদ্ধিক মহলত কিছু প্ৰাসংগিকতা লাভ কৰিলে৷ বিদেশী বিতাড়ন আন্দোলনৰ জাতীয়তাবাদী ধাৰাটোক অধিক সবল কৰাৰ লক্ষ্যৰে ৰাভাক জনজাতীয় আৰু অজনজাতীয় লোকসকলৰ মাজত সমন্বয় ঘটোৱাৰ বাবে এক যোগসূত্ৰৰূপে ব্যৱহাৰ কৰা হ’ল৷ ইয়াৰদ্বাৰা ৰাভাৰ প্ৰকৃত মূল্যায়ন কৰা নহ’ল যদিও তেতিয়াৰ অৱহেলিত আৰু অৱদমিত জনজাতীয় লোকসমাজে বহুখিনি মূৰ দাঙি উঠিল৷ সেয়েহে ৰাজনৈতিক মেৰপাশত বান্ধ খোৱা সত্ত্বেও এই প্ৰয়াস প্ৰশংসনীয়৷ বহুতৰে বাবে, বিশেষকৈ ৰাভাৰ সহকৰ্মীসকলৰ বাবে ৰাভাক প্ৰদান কৰা ‘কলাগুৰু’ সন্মানৰ বিশ্বাসযোগ্যতা প্ৰশ্নাতীত নহয়৷ কোৱা হয়, কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে বিষ্ণু ৰাভাক ‘কলাগুৰু’ আখ্যাৰে সন্মানিত কৰিছিল৷ কিন্তু এই বিষয়ে বিষ্ণু ৰাভাৰ ৰাজনৈতিক সতীৰ্থ, ৰাভাৰ জীৱনৰ উল্লেখযোগ্য দিশবোৰৰ গৱেষণামূলক আৰু বস্তুনিষ্ঠ আলোচক মোহনলাল মুখাৰ্জীয়ে লিখা কথা গুৰুত্বপূৰ্ণ৷ তেখেতে লিখিছে—“১৯৪৪ চনৰপৰা ৰাভাৰ মৃত্যুৰ আগলৈকে তেখেতৰ লগত ওতপ্ৰোতভাৱে সহযাত্ৰী হৈ বিভিন্ন পৰিবেশ, ঘাত-প্ৰতিঘাতৰ মাজেদি জড়িত থকাৰ সময়ত, আনকি কাৰাগাৰত একেলগে বহুদিন সুখ-দুখৰ সমভাগী হৈ বন্দী হৈ থকাৰ কালতো বিষ্ণু ৰাভাৰ মুখৰপৰা কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ৰাভাক ‘কলাগুৰু’ আখ্যাৰে ভূষিত কৰা বা প্ৰশংসাবাণীৰে সন্মানিত কৰাৰ কথা কোনোদিনে শুনা নাছিলোঁ বা তেনেবিধৰ মানপত্ৰ প্ৰদান কৰাৰ বিষয়েও কম্‌ৰেড ৰাভাই আমাক কেতিয়াও কোৱা নাছিল৷ এই বিষয়ে আটাইতকৈ কৌতূহলৰ প্ৰশ্ন হৈছে যে বিষ্ণু ৰাভাৰ জীৱন কালত কেতিয়াও এই কথা শুনা নাছিলোঁ, বিশেষকৈ ড° ৰাধাকৃষ্ণনৰ জীৱদ্দশাতেও ৰাভাক ‘কলাগুৰু’ সন্মানেৰে ভূষিত কৰাৰ কথা কেতিয়াও জনা নাছিলোঁ৷ কম্‌ৰেড ৰাভাই ১৯৬৯ চনত অসম বিধান সভাত সদস্য নিৰ্বাচিত হোৱাৰ সময়ত বা পিছতো কোনোদিনেই এই প্ৰশ্ন উঠা নাছিল, বা সেই উপাধিৰে ৰাভাক সম্বোধনো কৰা হোৱা নাছিল ৷ ১৯৪৫ চনত কামাখ্যা পাহাৰৰ তলৰ শ্ৰীমতী নিৰুপমা দেৱীৰ জুপুৰি ঘৰত থকাৰ সময়ত আমাৰকেইজনৰ আগত কম্‌ৰেড ৰাভাই কৈছিল যে কাশী বিশ্ববিদ্যালয়ত নৃত্য-কলা প্ৰদৰ্শনত পাৰদৰ্শিতাৰ সন্মানত এটি ৰূপৰ পদক পুৰস্কাৰ স্বৰূপে লাভ কৰিছিল ৷...বনবাসী জীৱনত ৰাভাই অৰবিন্দ ঘোষক কৈছিল—বেনাৰসত ৰাভাৰ নৃত্য দেখি নৃত্যশিল্পী উদয়শংকৰে ৰাভাৰ ভূয়সী প্ৰশংসা কৰিছিল৷ কিন্তু ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনে ৰাভাক কলাগুৰু আখ্যাৰে ভূষিত কৰাৰ কথা কোৱা নাছিল৷” ৰাভাক প্ৰদান কৰা কলাগুৰু সন্মানৰ ওপৰত প্ৰশ্ন কৰিও মোহনলাল মুখাৰ্জীয়ে লিখিছে—“কোনে বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ সন্মানৰে ভূষিত কৰিলে বা কোনো সাহিত্যিকমণ্ডলী বা শিল্পী সংঘই ৰাভাক ‘কলাগুৰু’ আখ্যাৰে ভূষিত কৰিছে নে নাই, এই কথাটো খাটাংকৈ সাব্যস্ত নহ’লেও এই কথাটো কোনেও নুই কৰিব নোৱাৰে যে অসমৰ কোনো এজন ব্যক্তিৰ চৰিত্ৰত ৰাভাৰ দৰে ইমান বহুমুখী গুণাৱলী বা প্ৰতিভাৰ সমাৱেশ স্ফুৰিত হোৱাৰ উদাহৰণ দাঙি ধৰা নাযায়৷ কোনো এটি বিশেষ বিষয়ত ৰাভাতকৈ অধিক উৎকৰ্ষ প্ৰদৰ্শন কৰাৰ ব্যক্তি-মেধা অসমত নোহোৱা নহয়৷ কিন্তু ৰাভাৰ দৰে বহুবিদ্যাত পাৰদৰ্শিতাৰ দীপ্তি প্ৰকাশ কৰিব পৰা কোনো ব্যক্তিয়েই ৰাভাৰ বিকল্প হ’ব পৰা নাই৷” সন্দেহৰ এনেকুৱা অৱকাশে কলা-সংস্কৃতিৰ ধ্বজাবাহক ৰাভাক ‘কলাগুৰু’ আখ্যাৰে সৰ্বব্যাপ্ত কৰি তেওঁৰ বিপ্লৱী ৰাজনৈতিক আৰু সামাজিক আদৰ্শক জনমানসত অৱদমিত কৰি ৰখাৰ বাবে ৰক্ষণশীল সুবিধাবাদী চক্ৰই কৰা এক সুচতুৰ কৌশল বুলি ভবাৰ থল দিয়ে ৷

বিষ্ণুপ্ৰসাদ ৰাভাই দৃঢ়ভাবে বিশ্বাস কৰিছিল যে সমাজৰ উন্নতি সাধন কেৱল সমাজৰ কৃষক, হালোৱা-হজুৱা, বনুৱা, দুখীয়া-নিছলাসকলৰ উন্নতি সাধনৰদ্বাৰাহে সম্ভৱ হ’ব ৷ সেয়ে তেওঁৰ প্ৰায়বোৰ সৃষ্টিতে সমাজৰ শোষিত আৰু নিপীড়িত শ্ৰেণীৰ মৰ্মবেদনা আৰু তেওঁলোকক ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামৰ বাবে উদ্বুদ্ধ কৰাৰ চেষ্টা দেখা পোৱা যায়৷ অমানুষিক পৰিৱেশত জীৱন নিৰ্বাহ কৰি থকা কয়লা খনি, চাহ বাগিচা আদিৰ বনুৱাৰ দুখ-দুৰ্গতি দেখি ৰাভাৰ হিয়াই কান্দিছিল—
“কাৰখানাৰ চিটিৰ হুমুনিয়াহ,

কলৰ ঘৰঘৰণি বুকু কঁপোৱা,

শুনি শুনি কাঁহৰ মাত কঠুৱা;

–কান্দে দুখীয়া বনুৱা ৷

শুদা মজিয়াতে অকলশৰীয়া

বিনায় কোলাত হিয়া-লগৰীয়া,

পুৱায় লঘোণ, ভাত নাইকিয়া;

হায় ! হায় !! হায় !!! দুৰকপলীয়া

–কান্দে দুখীয়া বনুৱা…”—সমাজৰ শোষক শ্ৰেণীক তীব্ৰ সমালোচনাৰে সকীয়নি দি ৰাভাই লিখিছিল—

“দুখীয়াৰ কলিজা নিঙাৰি লৱ,

টুপি টুপি তেজ শুহি শুহি পিৱ,

ৰুকি ৰুকি মঙহ চোবাই খাৱ,

কিৰুকি হাড়কেইডালো চোবাৱ,

হুঁচিয়াৰ ! হুঁচিয়াৰ !!

ধনী ! মহাজন !! জমিদাৰ !!!

হুঁচিয়াৰ ! হুঁচিয়াৰ !!...”

এয়া লিখি আৰু কৈ শেষ কৰিব নোৱৰা কথা৷ ৰাভাৰ সংগীতৰ তালত, শব্দশৈলীৰ যাদুত সমাজৰ শোষিত, নিষ্পেষিত, অৱদমিত শ্ৰেণীয়ে সাৰ পাই উঠিছিল আৰু উঠি থাকিব ৷ অসমীয়া বৌদ্ধিক সমাজত সৃষ্টিৰ মাজেৰে সামাজিক দায়বদ্ধতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিষ্ণুপ্ৰসাদ ৰাভা অপ্ৰতিদ্বন্দ্বী৷ বুকুৰ মাজত জ্বলন্ত অগ্নিকুণ্ড কঢ়িয়াই ফুৰা ৰাভাৰ বুকুৰ মাজতে আছিল পত্নীৰ প্ৰতি অগাধ প্ৰেম৷ প্ৰথমা পত্নী প্ৰিয়বালাৰ বিয়োগে ৰাভাক বৰকৈ দুখ দিছিল৷ সেই দুখতে তেখেতে লিখিছিল—

“পৰজনমৰ শুভ লগনত

যদিহে হয় আমাৰ দেখা

পূৰাবানে প্ৰিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা…”

প্ৰেমিক ৰাভাৰ কলমেৰে নিগৰিছিল—

“লগন উকলি গ’ল

তেও যে নহ’ল কোৱা

মনৰ কথাটি মোৰ

হিয়াত গুপুতে থোৱা

কিমান হেঙুলী ঊষা

কিমান জোনাকী নিশা

মিছাতেই গ’ল মোৰ

কিমান গধূলি পুৱা…”

প্ৰকৃতিৰ ৰূপত মুগ্ধ হৈ ৰাভাই সৌন্দৰ্য সঞ্চাৰি লিখিছিল—

“নাহৰ ফুলে নুশুৱাই

তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱাই

কপৌ ফুলে শুৱাব…”

কলা-কৃষ্টি আৰু সংগ্ৰামৰ মাজেৰে সমাজৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়া ৰাভাই ব্যক্তিগত জীৱনত তুমুল সংকট, সমস্যাৰ সন্মুখীন হৈছিল৷ তথাপি তেওঁৰ মনোবল ভাঙি পৰা নাছিল৷ তেওঁ আদৰ্শত স্থিৰ হৈ ৰৈছিল৷ সাংঘাতিক অৰ্থ-কষ্টত পৰি পত্নী মোহিনী ৰাভাই লিখা চিঠিৰ উত্তৰত ৰাভাই লিখিছিল – “তোমাৰ দ্বিতীয় চিঠিখন পাইছোঁ৷ পাই বৰ বেজাৰ পালোঁ৷ সাংসাৰিক ধুমুহাৰ মাজেদি আগ বাঢ়ি যাব লাগিব৷ কিন্তু হিয়া আৰু চকুৰ আগত আদৰ্শৰ প্ৰতি দৃষ্টি ৰাখি আগুৱাই যোৱাহে কৰ্তব্য৷ ইমানতে হতাশ হোৱা উচিত নহয়৷ মই দুৰ্বহ জীৱন লৈ প্ৰগতিৰ বাটেদি যেনেকৈ গৈছোঁ, তুমিও যাব লাগিব৷ তুমি আগুৱাই নিলেহে ময়ো যাব পাৰিম৷”

সমাজখনক আত্মকেন্দ্ৰিকতা আৰু অৰ্থ-সৰ্বস্বতাই গ্ৰাস কৰাৰ এই ঘোৰ সংকটকালত বিষ্ণুপ্ৰসাদ ৰাভা খুবেই প্ৰাসংগিক৷ আমি বিচাৰিম, ৰাভাৰ সঠিক মূল্যায়নৰ বাট নিৰ্ণয় হওক৷ মতাদৰ্শৰ ভিত্তিত ৰাভাক লৈ বৌদ্ধিক সমাজখনত চলি থকা টনা-আঁজোৰাবোৰৰ সমাপ্তি হওক৷ ৰাভাৰ ত্যাগ আৰু কৰ্মৰাজিৰ সৰ্বত্র চৰ্চা হওক৷ ৰাভাৰ বৃহত্তৰ অসমীয়া জাতিৰ সপোন পূৰ্ণ হওক৷ বিশ্বৰ ছন্দে ছন্দে, মহানন্দে, আনন্দে অসমীয়া সমাজখন আকৌ এবাৰ নাচি উঠক…।

সহায়ক গ্ৰন্থপঞ্জী :

১. বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ

২. সৈনিক শিল্পী বিষ্ণু ৰাভা, ড° হীৰেন গোহাঁইৰ সম্পাদনা ৷

৩. বিষ্ণু ককাইদেউ, ড° ভূপেন হাজৰিকা ৷

৪. সৈনিক শিল্পী বিষ্ণু ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা জন্ম শতবৰ্ষ উদ্‌যাপন সমিতি, গোৱালপাৰা জিলা৷

৫. সহকৰ্মীৰ দৰ্পণত বিষ্ণুপ্ৰসাদ ৰাভা, মোহনলাল মুখাৰ্জী ৷

৬. বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তিলক দাস ৷

৬. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তিলক দাস ৷

৭. গৰীয়সী আৰু সাতসৰী আলোচনীৰ কিছু খণ্ড ৷

Share Button
Print Friendly, PDF & Email

No Comments : "ৰাভাক বিচাৰি- (পার্থপ্রতীম বৰকটকী)"

Leave a Comment

Your email address will not be published. Required fields are marked *