অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰপ্ৰথম সংখ্যা (দ্বিতীয় বছৰ)

ৰাভালৈ চিঠি- (নিকু দুৱৰা)

(১)
স্বাধীনতাৰ নামত এটা ৰাতি উজাগৰে কটাইছো।
ৰঙা জীৱনৰ আৱেগ বুকুত বান্ধি –
কাঁইটৰ ওপৰেৰে খোজ কাঢ়িছো।
দুচকুত অহৰহ কঢ়িয়াই ফুৰিছো
জনতাৰ মুক্তিৰ হেঁপাহ,
সমুখৰ পথ ধূসৰিত –
মাজনিশাৰ পোতাশালৰ আৰ্তনাদেৰে ভৰা।
তথাপি মাজনিশা শুনা পাওঁ সেই চিৰপৰিচিত সুৰ,
সমস্বৰৰ সমদলৰ শ্লোগান
কেতিয়াবা শুনা পাওঁ
কৃষকৰ পদধ্বনিত দোলায়িত পৃথিৱীৰ কম্পমান আতংক
“নাঙল যাৰ-মাটি তাৰ”…

(২)
বিষ্ণু ৰাভা!
সমাজ আজি বোবা-নপুংসক –
কাহানিও নুপুওৱা ৰাতি এটাৰ বিশ্বাসী চকীদাৰ,
যাৰ বাবে হয়-হজুৰেই
মালিকৰ মন ভুলোৱাৰ একমাত্ৰ উপায়?
তেতিয়াহে যদি যোগাৰ হয়
এৰাতিৰ বাবে এজাপ টকা
এবটল ৰঙীন পানীয়
আৰু অলপমান আমোদৰ অৱকাশ!

বিষ্ণু ৰাভা, সমাজ আজি পেৰেলাইজড
কিয় জানো ভাব হয়
ৰজাৰ সামান্য উচিষ্টতেই জোকাৰ খায়
সিহঁতৰ বাপতিসাহোন নেগুৰ,
জোকাৰৰ ছন্দত প্ৰাণ পাই উঠে
আমাৰ ৰজা দীৰ্ঘজিৱী হওক
আমাৰ ৰজা দীৰ্ঘজীৱী হওক …।

(৩)
বিষ্ণু ৰাভা –
তুমি কথা নক’বা
গান নাগাবা
নানাচিবা
দেৱালত ছবি নাআঁকিবা-
আমি স্বাধীন –
ভুলতো তুমি নাযাবা
ৰজা যোৱাৰ বিপৰীত দিশে
এয়াই যে গণতন্ত্ৰ!

বিষ্ণু ৰাভা,
আশীৰ দশক পাৰ হৈ অহা প্ৰতিজন অসমীয়াক
মই সুধিম অধিকাৰৰ সংজ্ঞা কি?
মণিপুৰৰ প্ৰতিগৰাকী যুৱতীক সুধিম
লিংকনৰ মতে গণতন্ত্ৰ কি?
প্ৰতিগৰাকী আখলাকক সুধিম
ধৰ্মনিৰপেক্ষতা মানে কি?
প্ৰজন্মৰ পাছত প্ৰজন্ম জুৰি
চাহ বাগিছাত কাম কৰা বাগানীয়া শিশুক সুধিম
ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত সোমাই আছে
শিক্ষাৰ অধিকাৰ?

৪)
বিষ্ণু ৰাভা
তোমাৰ পথেৰেই আজি আমাৰ যাত্ৰা
দূৰণিত দেখিছো আজি মুক্তিৰ পতাকা
সমস্বৰে আজি চিঞৰিছে
“নাঙল যাৰ-মাটি তাৰ”
“নাঙল যাৰ-মাটি তাৰ” …।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *