গল্প-কবিতা

ৰাভালৈ চিঠি – ( নিকু দুৱৰা, প্ৰযত্নে, কুলখুৰাৰ চোতাল)

যোৱানিশা এটা সমাজিকত দেখিলোঁ
গাজী ৰাভাৰ জিভাখন হেনো পৰি আছিল মহাজনৰ বকৰাণিত।

বকৰাণিৰ কাষতেই মহাজনৰ দালান
দালানৰ ভিতৰত বিদেশী কুকুৰৰ কুঁ-কুঁৱনি,
বাহিৰত গাজী ৰাভাৰ জিভাখন
আৰু এজাক আধিয়াৰী খেতিয়ক।
জিভাখনে আজি কথা ক’ব নোৱাৰে…

জিভা নথকা গাজী ৰাভা
আৰু আজিৰ জিভা নথকা ভদ্ৰলোকসকল –
কিয় জানো একে-একে দুই কৰিবলৈ সত নগ’ল।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *