অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

ৰাজস্থানত কৃষক সভাৰ আন্দোলনে ৰূপ ল’লে বৃহৎ গণ আন্দোলনৰ (মূল : নেহা মিশ্ৰ, অনুবাদ : ভবেশ নাথ)

ৰাজস্থানৰ চিকৰত সংঘটিত হৈ থকা জংগী কৃষক আন্দোলনে সমাজৰ সকলো অংশৰ জনসাধাৰণৰপৰা সমৰ্থন পাবলৈ সক্ষম হৈছে। পূৰ্বৰেপৰা ৰাজস্থানৰ চিকৰ জিলা বিভিন্ন সময়ত বিভিন্ন গণ আন্দোলন সংঘটিত হোৱাৰ ঐতিহ্যৰে মহিমামণ্ডিত। কিন্তু আজি যিটো হৈ গ’ল সেয়া সঁচাকৈয়ে আশ্চৰ্যজনক। আন বিষয়বোৰৰ দৰেই যেতিয়া কোনো এক বিষয়ৰ ওপৰত প্ৰতিবাদ হয় তেতিয়া সাধাৰণতে মধ্যবিত্ত শ্ৰেণীটোৱে সেই প্ৰতিবাদৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, কিন্তু এইবাৰৰ কৃষকসকলে তেওঁলোকৰ 11টা দাবীক লৈ যি কৃষক আন্দোলনৰ পাতনি মেলিলে ; সংবাদ মাধ্যমৰপৰা আৰম্ভ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে আন্দোলনটোৱে।

   কৃষকসকলৰ দাবী সমূহ এনেধৰণৰ–

  1. কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়া ।
  2. উৎপাদিত ফচলৰ উচিত মূল্য প্ৰদান কৰা। স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা
  3. পশুধন বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বাতিল কৰা। পশুধন বিক্ৰেতাসকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা
  4. 60 বছৰ বয়সৰ ওপৰৰ কৃষকসকলক মাহিলি 5000 টকাৰ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা।
  5. কৰ্মহীনসকলক কাম দিয়াৰ ব্যৱস্থা কৰা।
  6. কৃষকৰ কৃষিকৰ্মৰ বাবে বিজুলীৰ ব্যৱস্থা বিনামূলীয়া কৰা।
  7. মহিলা, দলিত, সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰা। খাদ্য সুৰক্ষা আৰু MNREGA ব্যাপকভাৱে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা। ইত্যাদি।

    কৃষকে কৃষকৰ হৈ আন্দোলন কৰাৰ বিপৰীতে এই আন্দোলনে এনে এক পৰ্যায় পাইছেগৈ যেন জনতাই কৃষকৰ স্বাৰ্থত আন্দোলন কৰিছে।

বিস্তৃত বিৱৰণ এনেধৰণৰ –

16 জুন, 2017:

নিখিল ভাৰত কৃষক সভাই চিকৰৰ ‘কিষাণ উপজ মেণ্ডী’ ভৱনত ৰাজস্থানৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ এখন সভা আহ্বান কৰে। সভাৰ আলোচনাৰ অন্তত প্ৰাক্তন CPIM বিধায়ক তথা জননেতা অমৰা ৰামৰ আহ্বান মৰ্মে 17 জুলাইত এক “কৃষক কাৰ্ফিউ”ৰ পৰিকল্পনা গ্ৰহণ কৰা হয়।

    কৃষক কাৰ্ফিউ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সমগ্ৰ চিকৰ জিলাত সংগঠিত প্ৰচাৰ অভিযান আৰম্ভ কৰা হয়। কৃষক নেতা অমৰা ৰাম আৰু পেমা ৰামৰ নেতৃত্বত সমগ্র জিলাখনৰ প্ৰায় 1000 গাঁও আৰু 343 পঞ্চায়তত কৃষক কাৰ্ফিউ কাৰ্যসূচীৰ বাবে প্ৰচাৰ অভিযান তীব্রতৰ কৰা হয়।

17 জুলাই, 2017:

   কিষাণ উপজ মেণ্ডীত অনুষ্ঠিত হোৱা প্ৰথম সভাখনৰ এমাহৰ অন্তত সমগ্ৰ চিকৰ জিলাত ৰাতিপুৱা 8 বজাৰপৰা আবেলিলৈ কৃষক কাৰ্ফিউ কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়। তেওলোকে জিলাখনৰ প্ৰায় 40 টা স্থান কাৰ্ফিউ কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্দিষ্ট কৰি লয়। তেওলোকে ইয়াক নামকৰণ কৰিছিল “Kisan Chawki” হিচাপে। সাধাৰণতে কাৰ্ফিউ প্ৰশাসনৰদ্বাৰা আৰোপ কৰা হয় আৰু পুলিচ চকীসমূহৰদ্বাৰা ইয়াক প্ৰয়োগ কৰা হয়। কিন্তু কৃষকসকলৰ এই কাৰ্ফিউৰ উদ্দেশ্য আছিল চৰকাৰী বিষয়াসকলক তেওঁলোকৰ ভ্ৰমণত বাধা দিবলৈ “Chakka jam” কৰা।

এই কাৰ্ফিউ কাৰ্যসূচীৰ পিছত কৃষক নেতাদ্বয় অমৰা ৰাম আৰু পেমা ৰামে কৃষকসকলৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ বাবে চৰকাৰক 10 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে। যদি চৰকাৰে আলোচনাৰ বাবে সন্মতি প্ৰদান নকৰে তেতিয়া আন্দোলনৰ প্ৰক্ৰিয়া আৰু অধিক তীব্র কৰি তোলা হ’ব, লগতে 27 জুলাইৰ ভিতৰত আন্দোলনৰ পৰৱৰ্তী কাৰ্যাৱলীৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি ঘোষণা কৰা হয়।

27 জুলাই, 2017:

কৃষক সভাৰ ৰাজ্যিক কমিটি পুনৰ কিষাণ উপজ মেণ্ডীত মিলিত হয়। লগে লগে 9 আগষ্ট তাৰিখে সমগ্ৰ ৰাজস্থানত কৃষকসকলে ক’ৰ্ট মাছ এৰেষ্ট কাৰ্যসূচী স্থানীয় তেহছিলসমূহত ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে।

এই সিদ্ধান্তৰ পিছত সমগ্র ৰাজ্যখনত প্ৰায় 13 দিন ধৰি ক’ৰ্ট মাছ এৰেষ্ট কাৰ্যসূচীৰ প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলা হয়।

 

9 আগষ্ট, 2017:

কৃষক সভাৰ সদস্য আৰু কৃষকসকলে সমগ্র ৰাজ্যখনত ক’ৰ্ট মাছ এৰেষ্ট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় 1000ৰো অধিক কৃষক উক্ত কাৰ্যসূচীৰ বাবে এৰেষ্ট হয়।

নেতাসকলে ভৱিষ্যত পৰিকল্পনাৰ বাবে কৃষকসকলৰ লগত আলোচনা অব্যাহত ৰাখে।

18 আগষ্ট, 2017:

আন্দোলনৰ কাৰ্যসূচী অধিক তীব্রতৰ কৰাৰ স্বাৰ্থত কৃষক সভাই পুনৰ কিষাণ উপজ মেণ্ডীত মিলিত হয়। কৃষক সভাই ‘মহাপাদভ’ (অৱস্থান)ৰ বাবে আহ্বান জনায়। জিলা সদৰসমূহত 1 ছেপ্টেম্বৰৰপৰা এই কাৰ্যসূচী ৰূপায়ণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সমগ্ৰ ৰাজ্যখনত প্ৰচাৰ কাৰ্য চলোৱা হয়। এই সময়লৈকে আন্দোলনৰ নেতৃত্ব বহন কৰি আছিল অমৰা ৰাম আৰু পেমা ৰাম নামৰ কৃষক নেতা দুগৰাকীয়ে। কিন্তু মহাপাদভ কাৰ্যসূচীৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব লয় কৃষক সভাৰ গ্ৰাম্য ইউনিটবোৰে। কৃষক সভাৰ সদস্যসকলে গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰচাৰ অভিযান চলায়। আন্দোলনৰ কাৰ্যসূচী সফলভাৱে পৰিচালনাৰ বাবে গাঁৱৰ লোকসকলৰপৰা ঘেঁহু আৰু আৰ্থিক বৰঙনি সংগ্ৰহ কৰে।

1 ছেপ্টেম্বৰ, 2017:

কৃষকসকলে খাদ্য আৰু অন্যান্য লাগতিয়াল সামগ্ৰীসমূহ লৈ ট্ৰেক্টৰেৰে কিষাণ উপজ মেণ্ডীলৈ দলে দলে আহিবলৈ আৰম্ভ কৰে। থকা-খোৱাৰ সকলোবোৰ বন্দৱস্ত কৃষকসকলে নিজে যোগাৰ কৰি ল’বলৈ আৰম্ভ কৰিলে।

প্ৰায় 15 সহস্ৰাধিক কৃষকে তেওঁলোকৰ দাবীসম্বলিত পত্ৰ লৈ জিলা ৰাজহ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। জিলা ৰাজহ বিষয়াৰ জৰিয়তে বসুন্ধৰা ৰাজেলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰতিবাদী সমদলৰ অন্তত কৃষকসকল পুনৰ কিষাণ উপজ মেণ্ডীলৈ ৰাওনা হয়, প্ৰচাৰ অভিযান পুনৰাই তীব্ৰ কৰি তোলা হয়।

কৃষক নেতা অমৰা ৰামে সকলো দল-সংগঠনক কৃষক আন্দোনলত চামিল হ’বলৈ আহ্বান জনায়‌।

2 ছেপ্টেম্বৰ, 2017:

ৰাতিপুৱা 11.30 বজাৰপৰা কিষাণ উপজ মেণ্ডীত এক জনসভা ‘আম সভা’ আৰম্ভ হয়। কৃষক নেতাসকলে কৃষকসকলৰ সন্মুখত বক্তব্য দাঙি ধৰে। সভাৰ কাৰ্যাৱলী প্ৰায় 5 বজালৈ চলে। এই সময়খিনিৰ ভিতৰতে সুশৃংলভাৱে সৰু সৰু গ্ৰুপ সভাও অনুষ্ঠিত হয়, যাতে কৃষকসকলৰপৰাও আন্দোলন সম্পৰ্কে তেওঁলোকৰ মতামত শুনিব পৰা যায়। খেতিয়কসকলেও প্ৰত্যক্ষভাৱে আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে নিজস্ব মতামত দাঙি ধৰে।

কৃষকসকলে ৰাজহ বিষয়াৰ বাসভৱনলৈ ৰাতি 9 বজাত এক প্ৰতিবাদী সমদল উলিয়ায়। তেওঁলোকৰ মূল শ্লোগান আছিল – প্ৰশাসন কি নীন্দ হাৰাম কৰনে কে লিয়ে। পুলিচ প্ৰশাসনে প্ৰতিবাদী সমদলৰ মাজেৰে এম্বুলেন্স আৰু অন্যান্য বাহন চলাই শান্তিপূৰ্ণ প্ৰতিবাদী সমদলটিক বিঘ্নিত কৰিব বিচাৰিছিল। কৃষক নেতা অমৰা ৰামৰ আহ্বানত প্ৰায় সহস্ৰাধিক কৃষকে এম্বুলেন্স আৰু অন্যান্য বাহনসমূহ পাৰ হৈ যাবলৈ ঠাই এৰি দিয়ে। প্ৰতিবাদকাৰীসকলৰ ভাষ্য আছিল – তেওঁলোকে প্ৰশাসনকহে জাগ্ৰত কৰিব বিচাৰে। সাধাৰণ জনতাক সমস্যাত পেলোৱা তেওঁলোকৰ উদ্দেশ্য নহয়। প্ৰতিবাদী সমদলটিৰ শান্তিপূৰ্ণ ৰূপ দেখি পিছৰ দিনাখন চহৰৰ বাসিন্দা আৰু সংবাদ মাধ্যমে উক্ত প্ৰতিবাদী সমদলৰ সমৰ্থনতহে নিজৰ মত ব্যক্ত কৰে।

3 ছেপ্টেম্বৰ, 2017:

আলোচনা আৰু সভাৰ কাৰ্যাৱলীৰপৰা কিছু আঁতৰি আহি কৃষকসকলৰ মনোৰঞ্জনৰ বাবে কিষাণ উপজ মেণ্ডী ভৱনত এক কবি সন্মিলন আয়োজন কৰা হয়। পৰৱৰ্তী দিনটোত কৃষকসকলে বসুন্ধৰা ৰাজেৰ এক শৱযাত্ৰা উলিওৱাৰ সিদ্ধান্ত ঘোষণা কৰা হয়। উক্ত নিশা প্ৰায় 2 ঘণ্টা ধৰি গাঁও অঞ্চলত গাঁৱৰ লোকসকলক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাৰ বাবে প্ৰচাৰ অভিযান চলোৱা হয়।

4 ছেপ্টেম্বৰ, 2017: প্ৰায় লক্ষাধিক কৃষকৰ লগতে দহ সহস্ৰাধিক মহিলাই পৰম্পৰাগত ৰঙা শাৰী পৰিধান কৰি বসুন্ধৰা ৰাজে বিজেপি চৰকাৰৰ বিৰুদ্ধে তথা বসুন্ধৰা ৰাজেৰ শৱ লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদী সমদলটি ইমানেই বিশাল আছিল যে পূৰ্বতে এনে বিশাল সমদল ৰাজস্থানৰ জনতা আৰু সংবাদ মাধ্যমে কাহানিও দেখা নাছিল। প্ৰতিবাদী সমদলত ছাত্র, যুৱক, ব্যৱসায়ী, শ্ৰমিক সকলো অংশৰ জনতাই ভাগ লৈছিল। যাৰ পৰিণতিত কৃষক আন্দোলনটিয়ে এক বৃহৎ জন আন্দোলনৰ ৰূপ লৈছিল।

5 ছেপ্টেম্বৰ, 2017:

      ক্ৰমান্বয়ে অন্যান্য সংগঠন, ইউনিয়ন, গণ মাধ্যমসমূহে আৰ্থিক সহায়-সহযোগিতাৰে আন্দোলনলৈ সহমৰ্মিতা প্ৰদৰ্শন কৰিব ধৰিলে। Kiln brick makers নামৰ ইউনিয়নটোৱে প্ৰায় 500 ট্ৰেক্টৰ আৰু টেইলাৰ লৈ আন্দোলনত যোগদান কৰে।

6 ছেপ্টেম্বৰ, 2017:

ব্যৱসায়ী, ঠিকাদাৰসকলে কিষাণ উপজ মেণ্ডীত থাকিবলৈ লোৱা কৃষকসকলৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ আৰম্ভ কৰে। (আৰম্ভণিৰপৰা এতিয়ালৈ ব্যৱসায়ী সম্প্ৰদায়ৰ বিভিন্ন লোকে কৃষকসকলৰ খাদ্যৰ যোগান ধৰি আছে, ফিল্টাৰ পানী প্ৰদান কৰা ইউনিয়নে বিশুদ্ধ খোৱা পানীৰ যোগান অব্যাহত ৰাখিছে।) ব্যৱসায়ী সন্থাই কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই পৰৱৰ্তী দিনটোত ব্যৱসায়িক লেনদেন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। গাখীৰ যোগান ধৰা ইউনিয়নে গাখীৰ যোগান বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ৰাতিলৈ কৃষকসকলে এক টৰ্চ লাইট প্ৰতিবাদী সমদল কৰে।

7 ছেপ্টেম্বৰ, 2017:

সৰ্বাত্মক বন্ধ পালিত হয়। কৃষক সভাৰ কোনোধৰণৰ প্ৰচাৰ অবিহনে স্বতঃস্ফূৰ্তভাৱে গাঁও, নগৰ, চহৰৰ সকলো বাসিন্দাই বন্ধৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। চিটি বাছ সন্থাই আন্দোলনৰ প্ৰতি সহমৰ্মিতা স্বৰূপে প্ৰায় 100খন বাছ চহৰৰ মাজেৰে সমদল কৰি নিয়ে। এম্বুলেন্স ইউনিয়ন, অটো ৰিক্সা ইউনিয়ন, টেম্পু ইউনিয়ন আদি প্ৰায় সকলোবোৰ ইউনিয়নে এই সমদলত অংশগ্ৰহণ কৰে।

8 ছেপ্টেম্বৰ, 2017:

কৃষক নেতা অমৰা ৰামে চৰকাৰক তেওঁলোকৰ দাবীসমূহ মানি ল’বলৈ 2 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ কথা আম সভাত ঘোষণা কৰে। যদি দুদিনৰ ভিতৰত এই চৰকাৰে কোনো ব্যৱস্থা নলয়, তেতিয়াহ’লে 11 ছেপ্টেম্বৰৰ ভিতৰত সকলোবোৰ পথ বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে।

9 ছেপ্তেম্বৰ, 2017:

 চিকৰ জিলাৰ ডি জে ইউনিয়নে প্ৰায় 100খন ডি জে ট্ৰাকেৰে চিকৰ চহৰৰ প্ৰায় সকলোবোৰ মূল পথেৰে সমদল কৰি কিষাণ মেণ্ডীত উপস্থিত হয়।

10 ছেপ্টেম্বৰ, 2017:

প্ৰায় 50টাতকৈ অধিক সংগঠনে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। অন্যান্য দলৰ স্থানীয় ৰাজনীতিবিদসকলেও আন্দোলনৰ ব্যাপকতাৰ প্ৰতি লক্ষ্য ৰাখি আম সভাত তেওঁলোকৰ সমৰ্থনৰ কথা ব্যক্ত কৰিবলৈ বাধ্য হয়।

অৱশেষত প্ৰশাসনে খেতিয়কসকলক পৰৱৰ্তী দিনটোত আলোচনাৰ বাবে মাতিবলৈ বাধ্য হয়।

11 ছেপ্টেম্বৰ, 2017:

 

নেতৃত্বৰ আহ্বানত, মহিলাসকলে গোটেই জিলাখনৰ পথসমূহ অৱৰোধ কৰে। গাঁও আৰু চহৰ সংযোগী সকলোবোৰ পথ বন্ধ কৰি দিয়া হৈছিল।

প্ৰায় সহস্ৰাধিক কৃষকে আলোচনাৰ বাবে কালেক্টৰেল অফিচলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মেণ্ডী ত্যাগ কৰে। এই সুযোগতে প্ৰশাসনে মেণ্ডীৰ আশে-পাশে পুলিচ বেৰিকেড গঢ়ি তোলে। চাৰিওফালে পুলিচৰ পয়োভৰ। 144 ধাৰা জাৰি কৰা হয়। ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। সেয়ে প্ৰশাসনে ভাবি লৈছিল যে কৃষকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে তেওঁলোক সম্পূৰ্ণ সাজু। কিন্তু চিকৰৰ কৃষকসকলে কোনো কাৰণতে কোনোধৰণৰ ব্যাঘাত জন্মাব বিচৰা নাছিল। সেয়ে কৃষকসকলে তেওঁলোকৰ অস্থায়ী বাসস্থান মেণ্ডীৰ ভিতৰৰপৰা বাহিৰলৈ পুলিচৰ বেৰিকেড শেষ হোৱা ঠাইলৈ স্থানান্তৰিত কৰি ল’লে। বেৰিকেডৰ মুখামুখি হ’বলৈ যথেষ্টসংখ্যক কৃষক আছিল যদিও শান্তি বিঘ্নিত হ’ব পাৰে বুলি কৃষকসকল সেই কাৰ্যৰপৰা বিৰত থাকিল। এয়াই আছিল আন্দোলনটোৰ এক গুৰুত্বপূৰ্ণ দিশ যে আৰম্ভণিৰপৰা শেষলৈ আন্দোলনটোৱে শান্তিপূৰ্ণ পৰিবেশ ধৰি ৰাখিবলৈ সক্ষম হৈছিল। যাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমৰ্থন পাবলৈ ই সক্ষম হৈছে।

পৰৱৰ্তী পৰ্যায়ত প্ৰশাসনে কোনোধৰণৰ আলোচনা নকৰাত কৃষকসকলে পুনৰায় অৱস্থান কাৰ্যসূচী লয় আৰু মহিলাসকলেও অৱৰোধ কাৰ্যসূচী চলাই নিবলৈ আৰম্ভ কৰে। 12 ছেপ্টেম্বৰৰ সন্ধিয়া 5 বজাত কৃষকসকলক প্ৰশাসনে পুনৰায় আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। যেতিয়া পথ অৱৰোধকাৰী মহিলাসকলৰ সৈতে আমি কথা পাতো তেওঁলোকৰ ভাষ্য আছিল এনেধৰণৰ – জব তক কৰ্জা মাফ নহী কৰতি, হম নহী উঠেংগে।

বৰ্তমানেও মেণ্ডীৰ পৰিবেশ প্ৰতিবাদ, লক্ষ্য সাধন আৰু সাধাৰণ মানুহৰ উদযাপনেৰে ভৰপূৰ। কৃষকসকলে ৰাস্তাৰ দাঁতিত সজাই লোৱা জুপুৰিসদৃশ ঘৰত থাকিবলৈ লৈছে। শেষ নিশা প্ৰতিবাদী সংগীতৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। প্ৰতিবাদী সংগীত, নৃত্য, কিষাণ সভা, কৃষক আন্দোলন এই সকলোবোৰ মহাপাদভৰ এৰাব নোৱৰা অংগ হৈ পৰিছে। কৃষকসকল ভাগৰুৱা হোৱা নাই। কৃষকসকলে তেওঁলোকৰ শ্লোগান, গীত, লক্ষ্য আৰু ৰঙা পতাকাৰ সৈতে তেওঁলোকৰ প্ৰতিবাদী আন্দোলনৰ সফল পৰিসমাপ্তিৰ বাবে অপেক্ষাৰত।

 ৰাজস্থানৰ সংবাদ মাধ্যমেও কৃষকসকলৰ এই আন্দোলনক ব্যাপকভাৱে প্ৰচাৰ কৰিছে।

মই আৰু কেমেৰামেন অবিনাশ সৌৰভে মংগলবাৰে ৰাতিপুৱাই চিকৰ ত্যাগ কৰাৰ কথা আছিল যদিও সৰ্বাত্মক বন্ধই আমাৰ যাত্ৰাক স্থগিত ৰাখিলে। আমি আন্দোলনলৈ সহমৰ্মিতা প্ৰকাশ কৰিছো আৰু আন্দোলনটোৱে সফলতা লাভ কৰক, এয়াই আমি আশা কৰিছো।

 বিশেষ সংযোগ :

12 – 14 ছেপ্তেম্বৰ, 2017:

12 ছেপ্টেম্বৰত কৃষকসকল বসুন্ধৰা ৰাজে বিজেপি চৰকাৰৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনা চাৰিটা পৰ্যায়ত 14 ছেপ্টেম্বৰৰ ৰাতি 1 বজালৈ চলে। আলোচনাৰ অন্তত চৰকাৰে কৃষকসকলৰ কেইবাটাও দাবী মানি ল’বলৈ বাধ্য হয়। কৃষকসকলৰ দাবীৰ বিপৰীতে চৰকাৰে তলত দিয়া দাবীসমূহ মানি ল’বলৈ সন্মতি প্ৰকাশ কৰে।

  1. 50 হাজাৰ টকালৈ কৃষি ঋণ ৰেহাই।
  2. ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰত ন্যূনতম সমৰ্থন মূল্যত সকলো জিলা কেন্দ্ৰৰপৰা কৃষকৰ উৎপাদিত কৃষি পণ্য ক্ৰয় কৰিব।
  3. জলসিঞ্চনৰ বাবে ব্যৱহৃত বিদ্যুৎৰ বৰ্ধিত মাছুল প্ৰত্যাহাৰ।
  4. পশুধন কিনা-বেচাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল। পশুধন ব্যৱসায়ীসকলক নিৰাপত্তা প্ৰদানৰ আশ্বাস।
  5. ST, SC, OBC ছাত্ৰ বৃত্তি পুনৰায় প্ৰৱৰ্তন।
  6. কৃষকৰ মাহিলি পেঞ্চন 2000 টকালৈ বৃদ্ধি।

 

প্ৰায় এমাহ জোৰা অবিৰতভাৱে চলাই নিয়া কৃষক সভাৰ আন্দোলনে অৱশেষত সফলতা পালে। কৃষকসকলৰ অক্লান্ত পৰিশ্ৰম, নেতৃত্বতৰ সঠিক পৰিকল্পনা, লগতে সমাজৰ সকলো অংশৰ জনসাধাৰণৰ আন্দোলনত অংশগ্রহণে কৃষক আন্দোলনটোক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। সঁচা অৰ্থত এই আন্দোলনে এক বৃহৎ গণ আন্দোলনৰ পৰ্যায়লৈ গতি কৰিলে। ৰাজস্থানৰ কৃষক আন্দোলনৰ এই সফলতা ভাৰতৰ কৃষক আন্দোলনৰ ইতিহাসত সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

(News Click সংবাদ গোষ্ঠীৰ সৌজন্যত)

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *