ৰাজীৱ বাগ্গা-ইকবালৰ সঁচা কাহিনী - (অমিতাভ মহন্ত)

‘হায়দৰাবাদ ব্লুজ’!! তেতিয়াই প্ৰথম শুনিছিলো নাগেশ কুকুন'ৰৰ নাম৷ তেতিয়াৰ হিন্দী চিনেমাৰ ট্ৰেণ্ডৰ মাজত এইখন যেন অলপ বেলেগ কিবা চালোঁ৷ ৰৈ থাকিলো তেখেতৰ পৰৱৰ্তী চিনেমাখনলৈ৷ এইবাৰ আহিল ‘ৰকফ'ৰ্ড’, সেই বয়সত মোৰ মন মগজু হিলাই দিয়া এখন চিনেমা৷ ‘দ'ৰ’, ‘আশায়ে’, ‘লচমী’, ‘ধনক’… নাগেশ কুকুন'ৰৰ চিনেমাৰ ফেন হৈ পৰিলো৷ সৰুৰেপৰা ক্ৰিকেট বলিয়া আছিলো৷ গতিকেই তেখেতৰ ‘ইকবাল’খন নিৰ্মাণ কৰি থকা খবৰটো পোৱাৰ লগে লগে আগ্ৰহেৰে ‘ইকবাল’ৰ বাবে বাট চাই ৰৈছিলো৷
‘ইকবাল’ ৰিলিজ হ'ল৷ অপ্সৰাত মাৰপিট কৰি টিকেটটো যোগাৰ কৰিলো৷ দলে-বলে বাদাম গলিয়াই ‘ইকবাল’ চাই আছো৷ এজন বোবা-কলা নিচেই সাধাৰণ ইকবালৰ অসাধাৰণ কাহিনী৷ ঠাট্টা, মস্কৰা, উপুলুঙা অতিক্ৰমি সেই নীলা জাৰ্ছিৰ মোহত বন্দী সেই ৰোমাঞ্চকৰ কাহিনী৷
ইন্টাৰভেলত গোটেইকেইটা বহি আছো৷
- এইবোৰ ৰিয়েল লাইফত নহয় দে৷
- নোহোৱাৰ কি আছে? মন থাকিলে চব হয়৷
- এইটো বোলে ইৰফান পাঠানৰ কাহিনীটো? মছলা লগাবলৈ বোবা-কলা কৰি দিলো?
- অ', তেনেকৈয়ে শুনিছো৷
- ধুৰ!!! ফাল্টু কথা৷ ভাইটি দাই কোৱা মনত নাই ৰাজীৱ বুলি এটাৰ কাহিনী?
- ৰাজীৱ বাগ্গা? সেইটো বেডমিন্টনৰহে ঘটনা৷
- ভাৰতত বেডমিন্টনৰ চিনেমা কৰি মৰিলেহে হ'ব৷ তহঁতে যিয়েই নকৱ কিয়, এইটো ৰাজীৱ বাগ্গাৰ কাহিনী৷
------------------------------------------------------
১৯৮২ চনৰ কথা, স্থান মুম্বাইৰ হিন্দু জিমখানা৷ সঞ্জয় ব্যস্ত প্ৰেকটিচত৷ সন্মুখত নেচনেল চেম্পিয়নশ্বিপ৷ তাৰ মাজতে কোনোবা এজনে সঞ্জয়ক খবৰ দি গ'ল, কোনোবা ব্ৰিগেডিয়াৰ বাগ্গাই সঞ্জয়ক লগ পাব বিছাৰিছে৷
- নমস্কাৰ৷ কওকচোন৷
মই ব্ৰিগেডিয়াৰ বাগ্গা৷ আপুনি বেয়া নাপালে আপোনাৰ দুই মিনিট সময় ল'ব বিচাৰিম৷
- নিশ্চয়৷
- ধন্যবাদ৷ এয়া মোৰ ল'ৰা ৰাজীৱ৷ ৰাজীৱে স্কোৱাছ খেলে৷ বৰ্তমান ইয়াৰ নেচনেল জুনিয়ৰ ৰেংকিং ৩৷ কিন্তু এতিয়া ৰাজীৱক আমি বেডমিন্টন খেলা বিচাৰিছো৷ এজনে ক'লে ৰাজীৱক শিকাবলৈ আপোনাতকৈ ভাল কাকো নাপাম৷ আশা কৰো, আপুনি নিৰাশ নকৰিব৷
সঞ্জয়ৰ কেৰিয়াৰ তেতিয়া তুংগত৷ কোচিঙৰ কথা সঞ্জয়ে ভুলতেও ভবা নাই৷ হঠাৎ এনেকুৱা পোনপটীয়া প্ৰস্তাৱত সঞ্জয় আচৰিত হ'ল৷
- মইটো কোচিং কৰোৱাৰ কথা একো ভবাই নাই৷ মোক আপুনি কিয় ক'বলৈ আহিল মই ধৰিবই পৰা নাই৷ তাৰোপৰি স্কোৱাছ আধাতে এৰি তাক আপুনি বেডমিন্টনলৈ কিয় আনিব বিছাৰিছে?
গোটেই কথাখিনি চলি থাকোতে ৰাজীৱে মিচিকিয়াই হাঁহি আছিল৷
- বেয়া নাপায় যদি আপুনি ৰাজীৱকেই এই প্ৰশ্নটো কৰকচোন৷
সঞ্জয় অলপ বিৰক্ত হ'ল৷ তথাপি সেয়া প্ৰকাশ হ'বলৈ নিদি একেই কথাখিনি ৰাজীৱক সুধিলে৷ উত্তৰত সেই একেই হাঁহি৷
"সঞ্জয় সোনকালে আহ, ব'ৰ হৈছো অকলে অকলে৷"- লেৰয়' ডি ছুজাৰ চিঞৰ৷
সেইফালে সঞ্জয়ৰ খেলৰ পাৰ্টনাৰ লেৰয়' বিৰক্ত হৈছে, এইফালে সঞ্জয়! কি যে আপদডাল আহি লম্ভিল নহয়৷
আকৌ সুধিলে সঞ্জয়ে৷ আকৌ একেই হাঁহি৷ এইবাৰ সঁচাকৈয়ে বিৰক্ত হ'ল সঞ্জয়৷
- একো নকয় কিয়? ই বোবা নেকি??
- হয়৷ ৰাজীৱ বোবা আৰু কলা৷ কিন্তু ৰাজীৱ বৰ চোকা বুদ্ধিৰ৷ আপুনি গাইড্ কৰিলে ৰাজীৱ আগুৱাব পাৰিব বুলি মোৰ বিশ্বাস আছে৷ সেই বিশ্বাসতেই আমি ইয়ালৈ আহিছো৷
সঞ্জয়ে নিজৰ প্ৰশ্নত বৰ লাজ পালে৷
- ব্ৰিগেডিয়াৰ চাহাব, মই ৰাজীৱ বোবা-কলা বুলি একেবাৰে ভবা নাছিলো৷ দুয়ো একো নাভাবিব, প্লিজ৷
- নাই নাই৷ বেয়া পোৱাৰ কথা অহাই নাই৷
- পিছে এটা কথা বুজা নাই৷ মই ৰাজীৱক কেনেকৈ সহায় কৰিম৷ মইটো প্ৰশিক্ষক নহয়৷
- আপুনি কেৱল নিজৰ লগত তাক থাকিবলৈ দিয়ক৷ বাকীখিনি মোৰ বিশ্বাস আছে৷
- কিন্তু স্কোৱাছ এৰি???
- স্কোৱাছত কেতিয়াবা প্ৰতিপক্ষ আপোনাৰ পিছফালে গুচি যায়, ফলত আপুনি তেওঁক দেখা নাপায়৷ গতিকে প্ৰতিপক্ষই শ্বট লোৱা শব্দ ৰাজীৱে শুনা নাপায়৷ বাকীখিনি আপুনি বুজিছেই চাগে৷
- কিন্তু মই ৰাজীৱক কথাবোৰ কেনেকৈ বুজাম?
- ৰাজীৱে ওঁঠ সঞ্চালন বুজি পায়৷ আপুনি যদি লাহে লাহে ইংৰাজীত কথা কয় তেন্তে ৰাজীৱে সকলো বুজি পাব৷
সঞ্জয়ে নভবাকৈ প্ৰস্তাৱটোত সন্মতি দিলে৷ আৰম্ভ হ'ল এটা পাৰ্টনাৰশ্বিপ৷ ভাৰতীয় বেডমিন্টনৰ অধিনায়ক সঞ্জয় শৰ্মা আৰু ৰাজীৱ বাগ্গাৰ পাৰ্টনাৰশ্বিপ৷
ৰাজীৱ আছিল টেলেন্টেৰে ভৰপূৰ এক প্ৰতিভা৷ ১৯৮৪ চনত ৰাজীৱ নেচনেল জুনিয়ৰ চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'ল৷ এক প্ৰতিভা উদ্ভাসিত হ'ল৷ সোনকালেই ৰাজীৱে ছিনিয়ৰ লেভেলত নিজৰ নাম উজলাবলৈ সক্ষম হ'ল৷ ১৯৮৮ চনত ৰাজীৱ ভাৰতীয় দলৰ অংগ হৈ পৰিল৷ তেতিয়ালৈ ৰাজীৱ ভাৰতীয় বেডমিন্টনৰ এক অচিনাকি নাম হৈ আছিল৷ হঠাৎ এদিন চাৰিওফালে হৈ-চৈ লগাই দিলে ৰাজীৱে৷ বেডমিন্টনৰ কিংবদন্তী প্ৰকাশ পাডুকনক পৰাস্ত কৰি একেদিনাই বাতৰিৰ শিৰোনাম অধিকাৰ কৰিলে ৰাজীৱে৷ কোনেও এই পৰাজয় হজম কৰিব পৰা নাছিল৷ মেডিয়াই দোষ দিলে বেয়া শ্বাটলক৷ পিছে প্ৰকাশ পাডুকন নিজে আগুৱাই আহিল ৰাজীৱৰ প্ৰশংসা কৰিবলৈ৷ সমালোচকৰ মুখ বন্ধ কৰি পাডুকনে ঘোষণা কৰিলে এক নতুন ষ্টাৰৰ আগমনৰ কাহিনী৷ থমাছ কাপ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছ সকলোতে দেখা গ'ল ৰাজীৱক৷ সঞ্জয় শৰ্মা আৰু ৰাজীৱ বাগ্গা যুটিয়ে ডাবলছত বিভিন্ন টুৰ্নামেন্টত বিজয়ী হ'বলৈ সক্ষম হ'ল৷
ৰাজীৱ আছিল পৰিশ্ৰমী, যুঁজাৰু আৰু এক ভাল শিষ্য৷ সৰু সৰু কথাবোৰে ৰাজীৱে অতি সোনকালে আয়ত্ত কৰিব পাৰিছিল৷ ক’ৰ্টত ৰাজীৱক কোনো পৰিস্থিতিতে হতাশ হোৱা বা খং কৰা দেখা নগ'ল৷ ৰাজীৱৰ স্কোৱাছৰ জ্ঞানে বেকহেণ্ড ষ্ট্ৰোকত ৰাজীৱক ভয়ংকৰ কৰি তুলিছিল৷ প্ৰতিবন্ধতাক নেওচি ৰাজীৱে বিশ্ব ৰেংকিঙৰ চল্লিছ নম্বৰ স্থান দখল কৰিলে৷
অতি সোনকালেই ৰাজীৱ এক চৰ্চিত নাম হৈ পৰিল৷ দেশে-বিদেশে ৰাজীৱৰ গুণমুগ্ধ বাঢ়ি গ'ল৷ নেচনেল চেম্পিয়ন, অৰ্জুন বঁটা, চল্লিছ নম্বৰ স্থান আদিয়ে ৰাজীৱক কৰি তুলিলে বহুতৰে আদৰ্শ৷
"Deaf Olympiads" - ৰাজীৱৰ কেৰিয়াৰৰ এক সোণালী অধ্যায়৷ প্ৰতি চাৰি বছৰৰ মূৰত হোৱা এই প্ৰতিযোগিতাত পাঁচবাৰ অংশগ্ৰহণ কৰি ৰাজীৱে গোটালে ১৫টা সোণৰ পদক৷ ৰাজীৱৰ এই প্ৰদৰ্শনৰ প্ৰতি যোগ্য সন্মান জনালে ৱৰ্ল্ড ডেফ কাউন্সিলে৷ এই প্ৰতিযোগিতাত ৰাজীৱে শেষবাৰৰ বাবে খেলাৰ দিনা ৰাজীৱক প্ৰদান কৰা হ'ল এক বিৰল সন্মান - "ডিফ্লেম্পিয়েন অফ দা চেঞ্চুৰি"!
ৰাজীৱক প্ৰশিক্ষণ দিয়াৰ স্বাৰ্থত সঞ্জয় শৰ্মাৰ নিজৰ খেলত নিশ্চয়কৈ ব্যাঘাত জন্মিছিল৷ কিন্তু ইয়াৰ বাবে সঞ্জয়ৰ কোনো খেদ নাছিল৷ ৰাজীৱৰ লগত এই যুগলবন্দীয়ে সঞ্জয়ক শিকাইছিল জীৱন, সাহস আৰু একাগ্ৰতাৰ পাঠ৷ সঞ্জয়ৰ মতে ৰাজীৱৰ এই সফলতাত সঞ্জয় এক নিমিত্ত মাত্ৰ৷ ৰাজীৱৰ এই সফলতা কেৱল ৰাজীৱৰ প্ৰাপ্য৷
সঞ্জয় শৰ্মাই নিজৰ কেৰিয়াৰৰ আটাইতকৈ ভাল সময়খিনিত লৈছিল এটা আচৰিত সিদ্ধান্ত৷ বয়সত বহুত সৰু, এজন বোবা-কলা ল'ৰাৰ সৈতে ডাবলছ খেলাৰ দুঃসাহসী সিদ্ধান্ত৷ বহু বছৰ পিছত সঞ্জয় শৰ্মাক এই সিদ্ধান্তৰ আঁৰৰ কথা সোধাত এই চুটি উত্তৰেৰে তেওঁ বহুতো কথা কৈ গৈছিল – "he requested me and I could not refuse." সোনকালেই দুয়ো ভাৰতীয় বেডমিন্টনৰ এক নম্বৰ যুটি হৈ পৰিছিল৷ দুয়োৰে চকু, বডি মুভমেন্ট হৈ পৰিছিল খেলৰ মাজত সংকেত দিয়াৰ মাধ্যম৷ বিপক্ষৰ বাবে দুয়ো হৈ পৰিছিল ত্ৰাসৰ কাৰণ৷
১৯৯৩ চনৰ কথা৷ ৰাজীৱ তেতিয়া ভাৰতৰ দুই নম্বৰ ৰেংকিঙৰ খেলুৱৈ৷ ৱৰ্ল্ড কাপলৈ যাব লগীয়া ভাৰতীয় দলত আচৰিতধৰণে ৰাজীৱ অন্তৰ্ভুক্ত নহ'ল৷ কাৰণ?? ৱৰ্ল্ড কাপৰ বাবে আয়োজন কৰা প্ৰস্তুতি শিবিৰত ৰাজীৱ অনুপস্থিত আছিল৷ ৰাজীৱ সেই সময়ত ডেফ অলিম্পিকৰ বাবে ভাৰতৰ বাহিৰত আছিল৷ কিন্তু সেই অলিম্পিকত সোণৰ পদক লৈ ভাৰতৰ নাম উজলোৱাটোৱেই আছিল ৰাজীৱৰ দোষ৷ যাৰ বাবে ৰাজীৱ দলভুক্ত নহ'ল৷
দৃঢ়মনা ৰাজীৱৰ চকুপানীয়ে সেইদিনা সঞ্জয়কো কন্দুৱাইছিল৷ তথাপিও ৰাজীৱে খেলি গ'ল একেই নিষ্ঠা আৰু একাগ্ৰতাৰে৷ ইতিমধ্যে দুটা কাৰকে ৰাজীৱৰ কেৰিয়াৰ গ্ৰাফডাল লাহে লাহে নমাই আনিবলৈ ধৰিছিল৷ এটা আছিল বয়স, আনটো আছিল ভাৰতীয় বেডমিন্টনৰ তাৰকা গোপীচান্দৰ বিস্ময়কৰ উত্থান৷ সময়ৰ লগে লগে ভাৰতবাসীৰ বাবে যুঁজাৰু ৰাজীৱৰ স্মৃতি ধূসৰ হৈ আহিল আৰু এদিন ৰাজীৱ হেৰাই গ'ল পাহৰণিৰ গৰ্ভত৷
(সঞ্জয় শৰ্মাৰ ইন্টাৰভিউৰপৰা লেখাটোৰ ৯৯% লোৱা হৈছে)

Share Button
Print Friendly, PDF & Email

No Comments : "ৰাজীৱ বাগ্গা-ইকবালৰ সঁচা কাহিনী - (অমিতাভ মহন্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *