ৰামলীলা - (সমুদ্ৰ কাজল শইকীয়া)

ত্ৰিছ বছৰৰো অধিক কাল হ’ল। বিষম দেশত একেৰাহে সফলতাৰে ৰামলীলা উদযাপন হৈ আহিছে। ঢং সমিতি, অং সমিতি আৰু খং সমিতি নামৰ তিনিখন সমিতিয়ে সময়ে সময়ে এই উদযাপনৰ গুৰুভাৰ কান্ধ পাতি লৈ আহিছে। অৱশ্যে খং সমিতি বিষম দেশত নতুন। ঢং সমিতি আটাইতকৈ পুৰণা আৰু গোটেই ভাৰস্ততে নাম থকা সমিতি। দর্শক ৰাইজ আছিল শিং জোকাৰি ঘাঁহ খোৱাবিধৰ। তেওঁলোকেই বেছিভাগ ৰামলীলা সমাপন কৰি আহিছিল আৰু তেওঁলোকৰ ওপৰতে ভৰসা ৰাখি দৰ্শক সমজুৱা ৰাইজে বৰ আৰামেৰে এই ৰামলীলা উপভোগ কৰি আহিছিল। সেয়েহে এটা সময়ত ৰামলীলা গৈ থৈ আৰামলীলা নামেৰে জনাজাত হ'বলৈ ল'লে। বিষম দেশৰ এই আৰাম লীলাৰে কিছু কথা আজি ক'বলৈ মন মেলিছোঁ।

আমাৰ বাতিৰামে এবাৰ ঘটিৰামক সুধিছিল। এই ৰামলীলাখনক নো ৰামলীলা বুলি কিয় কয়? কি ক'ব বুজি নাপাই বহুত ভাবি ভাবি ঘটিৰামে উত্তৰ দিলে - "চা ভাই। উগ্ৰ টেঙাটোক আমি কি কওঁ? টেঙাও টেঙা এক্কেবাৰে ৰামটেঙা। কোনোবা মদাহী এটাক ধৰি ৰাইজে পাব্লিক ধুলাই দিলে আমি কওঁ - পিটনো পিটন একেবাৰে ৰামপিটন। সৰুতে যে তোক ছাগলী বুলি জোকাইছিলোঁ - ছাগলীও ছাগলী একেবাৰে ৰামছাগলী! সেই তেনেকৈয়ে এইখন লীলাওতো কম লীলা নহয়। এয়া লীলাও লীলা, একেবাৰে ৰামলীলা!"

বহুকাল ঢং সমিতিখনে একেৰাহে ৰামলীলাখন চলাই থকাত লাহে লাহে ঢেৰ খেলিমেলিয়ে দেখা দিবলৈ ল'লে। ঢং সমিতি সকলো সময়তে নিজৰ বংশ বংশ বুলি দাং খাই থাকে। সমিতিখনৰ বংশৰ এটা বিৰাট প্ৰকাণ্ড ঐতিহ্য আছে বুলি একেখিনি কথাকে পাগুলি পাগুলি দাং খাই খাই কথা কৈ থাকে আৰু একাংশ ৰাইজে ভাং খোৱা মানুহৰ দৰে লাং খাই পৰি পৰি সেইবোৰকে শুনি মূৰ দুপিয়াই থাকে। বিৰক্ত হৈ এটা সময়ত সকলো মানুহে এঙামুৰি দি উঠি একে আষাৰতেই ক'লে যে এখন নতুন সমিতি লাগে। তেনেকৈয়ে অং সমিতিয়ে পাঁচ বছৰমান লীলাখন চলালে। কিন্তু অং সমিতি হ'ল অভং সমিতি। গোটেইখিনি লোকেল অভং কিন্তু সিহঁতৰ অহং কিনো চাবা! সিহঁতৰ অভঙালিত গোটেইখনতে খেলিমেলি কমক ছাৰি আৰু বেছি বাঢ়িলহে। কামত ফাং-ফুং বাবেই ভালকৈ চলাব নোৱৰাত ঢলং-পলংকৈ ৰামলীলা চলি থাকিল কোনোমতে। ৰামলীলাখন যে সোণৰ সোলেং। যেনেকৈয়ে হওক ৰামলীলা কিন্তু চলিয়েই থাকিব লাগিব।

আকৌ আহিল ঢং সমিতি। ঢং সমিতি, অং সমিতি - এবাৰত এখনে সিবাৰত সিখনে এনেকৈয়ে মুঠতে সমিতি দুখনে এংকৰি-বেংকৰি লীলাখন চলাই থকা হ'ল। বহু যুগ ধৰি খং সমিতি নামৰ এখন সমিতিয়ে লীলা চলাবলৈ পাং পাতি আছিল বুলি ৰাইজে শুনি আছিল। কিন্তু খং সমিতিৰ খঙৰ ঢং দেখি ৰাইজে বৰকৈ তেওঁলোকক বিচৰা নাছিল। খং সমিতিৰ ইটো কথাতো খং, সিটো কথাতো খং। কোন মানুহে কিহৰ মাংস খায় সেই কথাতো খং, কোন মহিলাই কি সাজ পিন্ধে সেই কথাতো খং। মানুহৰ মতে সিহঁতৰ বাহিৰেহে ৰং-চং। আমাৰ বাবে সিহঁত ওফৰা জেং। সেয়েহে বহুকাললৈকে ৰং-ৰহইচ ভাল পোৱা বিষম দেশৰ শান্তিপ্রিয় মানুহখিনিৰ মাজলৈ খং সমিতি অহাটো আকাশত চাং পতাৰ দৰে কথা আছিল। কিন্তু ত্ৰিছ বছৰমান ধৰি একঘেয়ামিকৈ অং আৰু ঢং আৰু ঢং আৰু অং সমিতিৰ জেং লীলাবোৰ দেখি দেখি এসময়ত ৰাইজৰো খং ধৰা হ'ল। এনেকৈ হ’লে এদিন ৰামলীলাই সাং হ’ব দেখোন! সংসাৰৰ মানুহে কি ক’ব? সেয়ে এইবাৰ খাটাংকৈ থিৰাং কৰি মতা হ'ল নতুন ৰং সানিব পৰা নতুন পণ লোৱা খং সমিতি।

এইখিনিতে আৰু এটা কথা কৈ থোৱা ভাল। ঢং, অং কিংবা খং - সমিতি যিয়েই নহওক, কৰ্মকৰ্তা আৰু কলাকুশলীৰ বেছিভাগ কিন্তু একেখিনি মানুহেই - কমন। মানে এবাৰ ঢং সমিতিৰ লীলাত ভাও লোৱাজনেই পাছৰবাৰ অং সমিতিতো ভাও দিয়া দেখা যায়। সেই একেখিনি মানুহেই সকলো সমিতিৰে অংশ। ৰামলীলাৰ পোষ্টাৰ-বেনাৰ আঁৰিবলৈ যোৱাবোৰকো দেখি ধৰিব নোৱাৰি সিহঁতে কোন সমিতিৰ পোষ্টাৰ আঁৰিবলৈ গৈছে।

ৰামলীলাৰ কাহিনী সম্পৰ্কে আপোনালোকক ক'বলৈ নাযাওঁ। ৰাম, ৰাৱণ, সীতা, বিভীষণ, হনুমন্ত সহিতে অগণন চৰিত্ৰবোৰকো আপোনালোকে জানে, তেনেকৈয়ে কাহিনীভাগো আপোনালোকে জানে। বছৰৰ পিছত বছৰ ধৰি সেই একেখিনিয়েই কাহিনী। হয়তো। মনোৰঞ্জনৰ মাধ্যমবোৰত আমি আচলতে ইতিমধ্যে জনা বস্তুবোৰকেই চাবলৈ বিচাৰোঁ। নতুন কিবা লাগে বুলি আমি চিঞৰ-বাখৰ কৰি থাকোঁ হয়, কিন্তু আচলতে নতুন কিবা এটা আমি আচলতে চাবলৈ বিচাৰোঁ জানো? এই যে চলমান খান। চলমান খানৰ চিনেমাবোৰ কেনেকুৱাধৰণৰ হয়, বা চলমান খান নিজে কেনেকুৱা ৰূপত আবিৰ্ভাৱ হয় সেইবোৰ সম্পৰ্কে আমাৰ ধাৰণা এটা ইতিমধ্যে হৈছেই। এতিয়া চলমান খান থকা চিনেমা এখন চাবলৈ যাওঁতে আমি চিনি পোৱা, আমি জনা চলমান খান এজনকেই চাবলৈ নাযাওঁ জানো? আৰু তেনেকৈয়ে আমাৰ ইচ্ছা, আমাৰ হেঁপাহ, আমাৰ সপোনবোৰ যদি চলমান খানে পূৰণ নকৰে তেতিয়া সেইখন চাবলৈ বিচাৰিম জানো? এই ধৰক, চলমান খানে ৰাস্তাত গুণ্ডাৰ হাতত মাৰ খাই ঘৰলৈ উভতি আহিল। সেইখন চিনেমা বজাৰত চলিব জানো? নচলে। সেইখন ফ্লপ। কোনেও নাচায়। কথাটো অলপ-অচৰপ তেনেকুৱাই। ৰামায়ণ আৰু মহাভাৰত আমি সৰুতেই শুনিছিলোঁ। কিন্তু বছৰৰ পিছত বছৰ ধৰি একেখিনি কাহিনীকে ৰামলীলাৰ ৰূপতেই হওক বা আমাৰ ভাওনাৰ ৰূপতেই হওক - আমি চাই নাথাকিম জানো?

বিষম দেশৰ ৰামলীলা, মানে এই আৰামলীলাখনো ঠিক তেনেকুৱাই। বছৰৰ পিছত বছৰ ধৰি একো নতুনত্ব নাই। ৰ'ব। কেৱল কাহিনীৰ কথাই কোৱা নাই। যিজন মানুহে ৰামৰ ভাও লয়, বছৰৰ পিছত বছৰ তেওঁ ৰামৰ ভাৱেই লয়। ৰাৱণৰ ভাও লোৱাজনে ৰাৱণৰ, হনুমানৰ ভাও লোৱাজনে হনুমানৰ ... এনেকৈয়ে ভাৱৰীয়াখিনিও একেবাৰে - ফিক্সড। সমিতি যিয়েই নহওক। গতিকে সেইফালৰপৰাও কোনো নতুনত্ব নাই বুলিয়েই ক'ব লাগিব। কিন্তু এইবাৰ আৰু নহ'ব। আৰাম কৰি ৰামলীলা চাই চাই মানুহবোৰৰ আমনি লাগি গ'ল। ভাৱৰীয়াবোৰেও একেখিনি সংলাপ আওৰাই আওৰাই আমনি পোৱা হ'ল আৰু নতুন কিবা ক'বলগীয়া হ'লেও মুখেৰে কিবা আং-বাংহে বকিবলৈ লোৱা হ'ল। মিছা ক'লেনো কিডাল হ'ব? বাৰে বাৰে একেখিনি কথাকে পেঘেনিয়াই থাকি কিডাল হ'ব? গতিকে এইবাৰ সকলোৱে সমস্বৰে কৈ উঠিল - এইবাৰ আমাক পৰিৱৰ্তন লাগে।

অঁ, এৰাতো, পৰিৱৰ্তন নহ'লে আৰু কিডাল হ'ব। কিন্তু পৰিৱৰ্তন কৰিব কিহত? এতিয়া ৰামলীলাততো ৰামায়ণেই কৰিব লাগিব। ৰামায়ণৰ ঠাইত মহাভাৰত কৰিলেতো আৰু নচলিব। বালি-সুগ্রীৱৰ ঠাইত কংস ওলালেতো নহ’ব! ৰাৱণে সীতাক হৰণ কৰিব, হনুমানে ৰামক সহায় কৰিব, ৰামে ৰাৱণক বধ কৰিব। ইয়াত নতুন কি কৰিব পাৰি? সম্ভৱেই নহয়। গতিকে পৰিৱৰ্তনৰ নামত এটা সিদ্ধান্ত লোৱা হ'ল। এইবাৰ ৰামৰ ভাও লোৱা ভাৱৰীয়াজনে ৰাৱণৰ ভাও ল'ব। তেনেকৈয়ে, ইমান বছৰ ধৰি ৰাৱণৰ ভাও লৈ অহাজনে ৰামৰ ভাও ল'ব। সেইমতেই কাম। বাকীবোৰ চৰিত্ৰ আৰু ভাৱৰীয়াও সলনা-সলনি কৰি লোৱা হ'ল। যেনে বিভীষণৰ ভাও লোৱাজনে হনুমানৰ ভাও, আৰু হনুমানৰ ভাও লোৱাজনে এইবাৰ বোলে বিভীষণৰ ভাওহে ল'ব। বঢ়িয়া। সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্তমতেই সকলোখিনি আয়োজন আগ বাঢ়িল।

এতিয়া সমস্যা অলপ হ'ল নহয়। ৰাৱণৰ দৰে তৰ্জন-গৰ্জন কৰি, খঙৰ ভমকত টেলেকা টেলেকা কৰি ৰঙা চকু দেখুৱাই বচন মতা ভাৱৰীয়াজনে সদাহাস্যময় ৰামৰ কোমল মুখখনেৰে বচন মাতে কেনেকৈ? সেইমতে ইমানকালে ৰামৰ ভাও দি অহাজনেও কেনেকৈ সেই তৰ্জন-গৰ্জনখন কৰে বাৰু? হনুমান বিভীষণ হ'বলৈ গৈ, আৰু সেইমতে বিভীষণ হনুমান হ'বলৈ গৈ মহা অথন্তৰ ঘটালে। তথাপি ৰামলীলা আৰম্ভ হ'ল যথা সময়ত। আৰু আপোনালোকে হয়তো এই কথাটোও জানে যে ৰামলীলা ন দিন ধৰি চলে। দহ নম্বৰ, অৰ্থাৎ দশম দিনটোতেই দছেৰা অৰ্থাৎ ৰাৱণ দহন হয়গৈ। ৰামলীলা, দুৰ্গা পূজা, নৱৰাত্ৰী, গৰ্বা - এই সমান্তৰালভাৱে হোৱা উৎসৱবোৰৰ কথা আপোনালোকে জানে - কিনো নতুনকৈ ক'ম আৰু। মোৰ আগ্ৰহ মাথোঁ বিষম দেশৰ আৰামলীলাখনতহে।

এই যে ভাওবিলাক অদল-বদল কৰি লোৱা হ'ল অলপমান পৰিৱৰ্তনৰ নামত, তাত যে ভাৱৰীয়াসকলৰহে অসুবিধা হৈছিল তেনে নহয়। ভাৱৰীয়াসকল যিহেতু ভাৱৰীয়া, ভাও দিয়াটোৱেই তেওঁলোকৰ কাম, আৰু ভাও ধৰাটোতেই তেওঁলোকৰ কুশলতা - সেয়েহে তেওঁলোকে বাৰু যেনে-তেনে অসুবিধাখিনি মেনেজ কৰি ল'লে। কিন্তু দৰ্শকে এতিয়া কৰিব কি? তেওঁলোকে ইমানদিনে একেজন ভাৱৰীয়াকে ৰামৰ ৰূপত দেখি দেখি আহি সেইমতেই পতিয়ন গৈ বহি আছিল যে - ৰাম হ'লে এনেকুৱাই হ'ব লাগে। এতিয়া সেইজন ভাৱৰীয়াকে ৰাৱণৰ ৰূপত দেখা পাই তেওঁলোকে বিচূৰ্তি খালে। মানুহ অভ্যাসৰ দাসহে। ভাৱৰীয়াবোৰো মানুহ, দৰ্শকবোৰো মানুহ। প্ৰথমতে অলপ সময় ঠিকেই আছিল। লাহে লাহে মানুহৰ খোকোজা লাগিবলৈ ধৰিলে। তথাপি আৰামলীলাৰ এদিন গ'ল। হাজাৰটা বিসঙ্গতি আৰু খেলিমেলিৰ মাজেৰে দুদিন গ'ল। কোনে কাৰ অংগী-ভংগী কৰিছে কোনেও ধৰিব নোৱৰা হ’ল। সূত্রধাৰ, গায়ন-বায়নৰ ইংগিত-সংকেত একোৰে একো কাম নোহোৱা হ’ল। এটা সময়ত ৰাৱণৰ খোজ-কাটলেৰে খোজ কঢ়া ৰামক দেখি, ৰাৱণৰ দৰে ভ্ৰূ-কোঁচাবলৈ ধৰা ৰামক দেখি, ক্ষণে ক্ষণে ঘনে ঘনে ৰাৱণৰ ৰূপ ফুটি উঠা ৰামক দেখি মানুহে সমস্বৰে হামৰাও কাঢ়িবলৈ ধৰিলে - হায় ৰাম! হায় ৰাম!! হা হা ৰাম!!!

এটা সময়ত যেনেকৈ ৰামলীলাখনে আৰামলীলা নাম পাইছিল, এতিয়া পৰিৱৰ্তনৰ নামত হোৱা এই নতুন আৰামলীলাখনে হা হা হাহাকাৰৰ পিছত হা-ৰামলীলা নাম পালে। গতিকে এতিয়াৰেপৰা ৰামলীলা বা আৰামলীলা নুবুলি আমি হাৰামলীলা বুলিম।

এনেকৈয়ে হাৰামলীলাৰ তৃতীয় দিন গ'ল, হাৰামলীলাৰ চতুৰ্থ দিন গ'ল। শান্তিপ্ৰিয় দেশখনৰ সকলো শান্তিয়ে পলাই পত্ৰং দিয়াৰ দৰে হ’ল। পঞ্চমদিনাৰপৰা মানুহে আৰু ধৰিব নোৱৰা হ'ল প্ৰভুভক্ত আৰু একান্ত নিষ্ঠাৱান কোন - হনুমান নে বিভীষণ? এজনে মাজতে চিঞৰ ধৰিলে – সৌটো চা ঘৰশত্ৰু হনুমান! বাকী ৰাইজে শুধৰাই দিলে, নহয় নহয়, বিভীষণহে ঘৰশত্ৰু। হনুমানতো পৰম ভক্ত। কিন্তু কথা হ'ল সন্মুখৰ কোনজননো হনুমান আৰু কোনজননো বিভীষণ মানুহে যদি বুজি নোপোৱা হয়, তাত মানুহৰ দোষ কি?

মানুহৰ মাজত কোলাহল বাঢ়ি গৈ এটা সময়ত বিৰাট খেলিমেলিৰ পৰিৱেশ এটা আৰম্ভ হ'ল। ঘটিৰামে বাতিৰামক ৰিং এটা মাৰি মাতিলে। নলে গলে লগা ঘটিৰাম আৰু বাতিৰামৰ মাজতো তামাম কাজিয়া আৰম্ভ হ'ল। কোন ৰাম আৰু কোন ৰাৱণ, কোন হনুমান আৰু কোন বিভীষণ এইবোৰ কথাকে লৈ। কাজিয়া গৈ গৈ একেবাৰে তুংগত। প্ৰায় কোনেও কাৰো মাত নুশুনা অৱস্থা। ঘটিৰামে মাথোন কৈছিল - “আজি ৰামে এনেকৈ কিয় খোজ কাঢ়িছে?”

লগে লগে বাতিৰামে জকজকাই উঠিল নহয়। “ইমান বছৰৰ পিছত বছৰ ধৰি তোৰ সেই ৰাৱণটোৱে ৰামৰ ভাও লৈ থাকোতে যে তেনেকৈ খোজ কাঢ়ি ভাও দি আহিছিল তেতিয়াতো একো কোৱা নাছিলি? ইমান বছৰ ধৰি কিয় নিমাত আছিলি? ১৯৭২ চনত তই কি কৰিছিলি?”

“১৯৭৯ চনত তই ক'ত আছিলি?”

“মই য'তেই নাথাকোঁ কিয়, ১৯৮৫ চনত তই নিজে ক'ত আছিলি?”

“মানৱতাবাদৰ নামতেই ৰামে তেনেকৈ খোজ কাঢ়িব নোৱাৰিব”।

“নহয় নহয়, মানৱতাবাদৰ নামতেই কৈছোঁ, ৰামে তেনেকৈয়ে খোজ কাঢ়িব লাগিব”।

“মইহে মানৱতাবাদী।“

“তই ক'লেই হ'ব নেকি? মইহে মানৱতাবাদী”।

... মুঠতে কথাৰো কোনো লাগ-বান্ধ নাই, কাজিয়াৰো কোনো মীমাংসা নাই।

ঘটিৰামে দেখিলে কথা বিষম। গতিকে সি মনে মনে থাকিল - ভাবিলে এই অল্পমতিবোৰৰ লগত তৰ্ক কৰিয়েই বা কি লাভ? এনেকৈয়ে ষষ্ঠ দিন, সপ্তম দিন আগ বাঢ়িল। ৰামলীলা ইমান পুৰণা কাহিনী যিহেতু, সংলাপত কাহানিও কাৰো খেলিমেলি লগা নাছিল। এইবাৰ হোৱা খেলিমেলিখিনি কম কৰিবলৈ সংলাপ সোঁৱৰাই দিবলৈ পম্‌প্টাৰ একোজনকৈ ৰখা হ'ল। কিন্তু একো লাভ নহ'ল। পম্‌প্টাৰে নিজেই চিনি নোপোৱা হ'ল কোন ভাৱৰীয়াৰ গাৰ চেলেং গৈ কাৰ গাত আছেগৈ। আগফালে মাৰো দাং, পিছফালে ধোবাং-বাং।

কথা ভয়ংকৰ হৈ গৈ থাকিল, তথাপি হাৰামলীলা চলি থাকিল। এতিয়া বাতিৰামে কথাই কথাই পিঙাই থাকিল। এইটো এনেকুৱা কিয়, সেইটো তেনেকুৱা কিয়। অতিষ্ঠ হৈ অষ্টম দিনত ঘটিৰামে ক'লে, “বচ, চুপ বাতিৰাম। আৰু নহয়।”

তেনেকৈয়ে হাৰামলীলাখন চলি থাকিল।

শেষৰ ফালে হ’ল কি, এফালে নতুন ভাওত ভাও দিবলৈ গৈ আৰু আনফালে ইমান বছৰ ধৰি দি অহা ভাওবোৰৰ দস্তুৰ এৰিব নোৱাৰি ভাৱৰীয়াবোৰে প্ৰলাপ বকিবলৈ ধৰিলে। কোনেও একো টং কৰিব নোৱৰা হ’ল। খোজবোৰ হ'ল জলং-জপং। মাইক্ৰ'ফোনৰ সন্মুখত চিঞৰি-বাখৰি লম্ফ-জম্ফ কৰি সংলাপৰ সলনি আং-বাং প্ৰলাপ বকিবলৈ ধৰিলে। যাৰ যাৰ মনত উৰহৰ খং আছিল, তাৰে কোনো কোনোৱে আকৌ সুবিধা ল’লে, এয়েই সময়, যিয়ে যাৰ মূৰত পাৰ এতিয়াই কঁঠাল ভাং! মানুহ কেতিয়া কেনেকৈ নৃশংস হৈ উঠে তাৰ কোনো ঠিক নাথাকে। হুলস্থূলৰ প্রকোপত পেণ্ডেলৰ টিং উৰি যাওঁ যাওঁ। ভাৱৰীয়াসকলেই নিজৰ মাজতেই যেতিয়া কোনেও কাৰো মাত নুশুনা অৱস্থা হ'ল সকলো মহা পয়মালত পৰিল। এনেকৈ হ’লে দেখোন সকলো ধ্বংস হ’ব।

ভাৱৰীয়াসকলৰ সন্মুখত মাইক্ৰ'ফোন থকাত মাইকত সিহঁতৰ চিঞৰ-বাখৰবোৰে তালফাল লগাই গোটেই বিষম দেশ ৰজনজনাই আছিল। এনে অৱস্থাত ৰাইজৰ মাজৰ কোনোবা এজনে থিয় হৈ কথা ক'বলৈ চেষ্টা কৰাটো বৃথা চেষ্টা মাত্ৰ। ঘটিৰাম আৰু বাতিৰাম গৈ সৰুকণ কাইটিৰ কাষ চাপিল। সৰুকণ কাইটি বয়োবৃদ্ধ আৰু তেখেতে বহুত কথা জানে বুলি সকলোৱে সমীহ কৰি চলিছিল। সৰুকণ কাইটিয়ে গম লৈ গা টঙাই উঠিল। ক'লে - “আপোনালোক সকলো ৰাইজে মিলি চাপৰি বজাওক। আপোনালোকে কেৱল চাপৰিহে বজাব পাৰে, গতিকে তাকেই কৰক সকলোৱে মিলি। যেতিয়া সমস্ত ৰাইজে সমস্বৰে মিলি জাউৰিয়ে জাউৰিয়ে চাপৰি বজাব সেই চাপৰিৰ শব্দত সকলো নিতাল পৰিব। ওফাইদাং মাৰি থকা ভাৱৰীয়াই তেতিয়াহে বুজিব যে ৰাইজৰ চাপৰিৰ জোৰ তেওঁলোকৰ মাততকৈ ডাঙৰ। হাজাৰটা মাইক্ৰ’ফোন সিঁহতৰ মুখৰ সন্মুখত থাকিলেও তেওঁলোকে ৰাইজৰ হাতচাপৰিৰ জোৱাৰক তল পেলাব নোৱাৰিব। দেখিব সময়ত সকলো নিতাল মাৰিব।”

কথা মতেই কাম। সকলো ৰাইজে মিলি চাপৰি বজাবলৈ ল'লে।

ধৰক ধৰক, ৰাইজ, আপোনালোকেও চাপৰি ধৰক। এয়েই সময়।

 

Share Button
Print Friendly, PDF & Email

No Comments : "ৰামলীলা - (সমুদ্ৰ কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *