অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (চতুৰ্থ সংখ্যা)

ৰামসেতুৰ বৈজ্ঞানিক ভিত্তি আৰু অন্যান্য প্ৰসংগ-(কৌশিক তালুকদাৰ)

ছবি-১: ৰামায়ণৰ ৰামসেতু নিৰ্মাণত ব্যস্ত শ্ৰীৰামৰ বান্দৰ সেনা (উৎস:ইন্টাৰনেট)

মহাকাব্য ৰামায়ণত উল্লেখ থকা মতে ৰাৱণৰ লগত যুদ্ধ কৰাৰ উদ্দেশ্যে লংকা (শ্ৰীলংকা)লৈ যাবৰ বাবে প্ৰভু শ্ৰীৰামৰ সেনাবাহিনীয়ে (বান্দৰ সেনা) তামিলনাডুৰ ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজৰ  সমুদ্ৰপৃষ্ঠত এক বিশেষধৰণৰ শিলেৰে ৰামসেতু সাজিছিল৷ বিজেপি তথা হিন্দুত্ববাদী শিবিৰে সজোৰে বিশ্বাস আৰু প্ৰচাৰ কৰি আহিছে যে ৰামসেতুৰ বাস্তৱিকতা আছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত নাছা(NASA)ই প্ৰকাশ কৰা এখন বিশেষ ছবিৰ আধাৰত (ছবি-২ চাওক) এই বিজ্ঞানবিৰোধী শিবিৰটোৱে জোৰদাৰ প্ৰচাৰ চলাই আহিছে যে নাছাৰ অধ্যয়নত মানৱনিৰ্মিত এডামৰ সেতু (মানে ৰামসেতু)ৰ অস্তিত্ব ধৰা পৰিছে ৷ অৱশ্যে নাছাৰ বিষয়ববীয়াই এই দাবী ভিত্তিহীন আৰু অবৈজ্ঞানিক বুলি স্পষ্ট ভাষাত ঘোষণা কৰিছে ৷ নাছাৰ প্ৰবক্তা Michael Braukus-এ কৈছে – “The age, substratum, geological structure or anthropological status of the ocean bed in Palk strait cannot be determined by the astronauts’ photographs. So there is no basis for these claims”. নাছাৰ আন এগৰাকী বিষয়ববীয়া Mark Hess-এ মন্তব্য দিছে – “Remote sensing images or photographs from orbit cannot provide direct information about the origin or age of a chain of islands, and certainly cannot determine whether humans were involved in producing any of the patterns seen………The mysterious bridge was nothing more than a 30 km long, naturally-occurring chain of sandbanks called Adam’s bridge”. অৰ্থাৎ নাছাৰপৰা উপলব্ধ বিশেষ ছবিখনে কেতিয়াও কোনো মানৱনিৰ্মিত ৰামসেতুৰ বৈজ্ঞানিক ভিত্তিৰ কথা আৱিষ্কাৰ কৰা নাই ৷ তৎসত্ত্বেও অন্ধ ঐতিহ্যপ্ৰেমীয়ে ছবিখনৰ বিকৃত ব্যাখ্যা দি ৰামসেতুৰ বাস্তৱিকতাৰ ভুৱা প্ৰচাৰ কৰিছে ৷ তদুপৰি Archaeological Survey of India (ASI)এ স্পষ্টভাৱে ঘোষণা কৰিছে যে মানৱনিৰ্মিত ৰামসেতুৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ কোনো ঐতিহাসিক সমল মজুত নাই ৷ আৰু এখোপ আগুৱাই সংস্থাটোৱে কৈছে যে ৰামায়ণৰ শ্ৰীৰামৰো কোনো ঐতিহাসিক ভিত্তি আজিলৈকে প্ৰতিপন্ন কৰিব পৰা নাই ৷ বিজ্ঞানবিৰোধী হিন্দুত্ববাদী শিবিৰে অৱশ্যে অন্তঃকৰণেৰে ৰামায়ণৰ কাহিনীক সত্য আৰু ইতিহাস বুলি বিশ্বাস কৰে ৷ সেয়ে এ এছ আইৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে (২০০৭ চনত) উচ্চতম ন্যায়ালয়ক শপতনামা দিয়াৰ সময়ত বিজেপিকে ধৰি হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদে চৰকাৰক কঠোৰ সমালোচনা কৰি কৈছিল যে ৰামৰ ঐতিহাসিক অস্তিত্ব অস্বীকাৰ কৰি চৰকাৰে কোটি কোটি হিন্দু মানুহৰ বিশ্বাসত আঘাত হানিছে ৷ এইখিনিতে কৈ থওঁ, আধুনিক বিজ্ঞানে বিশ্বাসতকৈ তথ্য-প্ৰমাণকহে প্ৰশ্ৰয় দিয়ে ৷ এইখিনিতে আৰু এটা কথা কৈ থোৱাটো ভাল হ’ব যে বিজ্ঞানপ্ৰেমী বস্তুবাদী ইতিহাসবিদসকলে বিস্তৰ অধ্যয়ন আৰু গৱেষণা কৰি ইতিমধ্যে কৈছে যে ৰামায়ণখন কেতবোৰ সত্য, কল্পনা আৰু অতিকথাৰ অপূৰ্ব সংমিশ্ৰণত সৃষ্টি হোৱা এক উৎকৃষ্ট মহাকাব্য ৷ গতিকে এনে এখন মহাকাব্যৰ প্ৰতিটো কথা সত্য বুলি দাবী কৰা আৰু তাক প্ৰমাণ কৰিবলৈ গাৰ জোৰেৰে চেষ্টা কৰাটো জানো বিজ্ঞানসন্মত কথা?

ছবি-২: নাছাৰ বিশেষ ছবিখন (উৎস: ইন্টাৰনেট)

সি যি নহওক, আজি কিছুদিনৰপৰা ৰামসেতু সম্পৰ্কে হিন্দুত্ববাদী মহল পুনৰ সক্ৰিয় হৈ উঠিছে ৷ ২০১৭ চনৰ ১১ ডিচেম্বৰত আমেৰিকাৰ বিজ্ঞান চেনেল এটাই ৰামসেতু সম্পৰ্কে প্ৰচাৰ কৰা আঢ়ৈ মিনিটৰ ভিডিঅ’ এটাৰ কথা উল্লেখ কৰি সৰহভাগ ভাৰতীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে যে ৰামায়ণত উল্লেখিত ৰামসেতুৰ বাস্তৱিকতা সম্পৰ্কে আমেৰিকাৰ এদল বিজ্ঞানীয়ে নতুন তথ্য-প্ৰমাণ পাইছে ৷ অশ্বত্থামা হত, কিন্তু ইতি গজ! বৰ্তমানৰ সৰহভাগ সংবাদ মাধ্যমৰ হিন্দুত্ববাদী দল-সংগঠনৰ প্ৰতি অস্বাভাৱিক প্ৰীতি আছে ৷ এইবোৰ সংবাদ মাধ্যমে মুনাফা আৰু টিআৰপিৰ লোভত প্ৰকৃত সত্যটো গাপ দি ৰাখি নিৰ্দিষ্ট পক্ষৰ উদ্দেশ্য সফল হোৱাকৈ এটা নতুন ‘সত্য’ পলকতে নিৰ্মাণ কৰি দিয়ে ৷ কিন্তু আমি প্ৰকৃত সত্যৰ সন্ধান কৰিবই লাগিব ৷ আচলতে উক্ত ভিডিঅ’টোত কোনো বৈজ্ঞানিক তথ্য-প্ৰমাণৰ উৎস নিদিয়াকৈয়ে সূত্ৰধাৰজনেহে ৰামসেতুৰ বাস্তৱতাৰ কথা কৈছে ৷ ভিডিঅ’টোত দুটা কথা কোৱা হৈছে – “প্ৰথম, বৈজ্ঞানিক অনুসন্ধানে প্ৰমাণ কৰিছে যে তথাকথিত ‘ৰামসেতু’খনত ৪০০০ বছৰীয়া বালিৰ গেদৰ ওপৰত ৭০০০ বছৰীয়া শিলৰ শাৰী আছে ৷ দ্বিতীয়তে, শিলবোৰ সেই অঞ্চলৰ আশে-পাশে পোৱা নাযায়, সেয়ে এইবোৰ সম্ভৱতঃ আন ঠাইৰপৰা মানুহৰদ্বাৰা অনা হৈছিল ৷” উল্লেখ্য যে ভিডিঅ’টোত বক্তব্য ৰখা কোনো এগৰাকী বিশেষজ্ঞই উক্ত দাবী দুটা উত্থাপন কৰা নাই ৷ তেওঁলোকে স্পষ্টভাৱে ৰামসেতুৰ কাহিনী সঁচা বা বিজ্ঞান-সমৰ্থিত বুলিও কোৱা নাই ৷ কিন্তু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সাগৰপৃষ্ঠত কিদৰে বালিৰ গেদবোৰৰ ওপৰত শিলবোৰ জমা হৈছে সেয়া তেওঁলোকৰ বাবে এক সাঁথৰ ৷ ভিডিঅ’টোত মন্তব্য দিয়া এগৰাকী বিশেষজ্ঞ Erin Argyilan–এ The Indian Express-ক স্পষ্টভাৱে জনাইছে যে তেওঁ ৰামসেতু সম্পৰ্কে প্ৰাৰম্ভিক পৰ্যায়ৰ বৈজ্ঞানিক গৱেষণাও কৰা নাই, কেৱল ‘নাছা’ৰ ছবিখন সম্পৰ্কে মন্তব্যহে দিছে ৷ সি যি নহওক, ভাৰতবৰ্ষৰ সৰহভাগ সমুদ্ৰবিজ্ঞানী তথা ভূতত্ত্ববিদে কৈছে যে যিহেতু উক্ত ভিডিঅ’টোত বৈজ্ঞানিক অনুসন্ধানৰ কোনো তথ্য-প্ৰমাণৰ উৎসৰ কথা উল্লেখ নকৰাকৈয়ে ‘ৰামসেতু’ৰ স্থিতিৰ কথা দাবী কৰা হৈছে, সেয়ে এই দাবী মুঠেও গ্ৰহণযোগ্য নহয় ৷ বৈজ্ঞানিক অনুসন্ধানৰ তথ্য-পাতি দিলেহে উক্ত দাবীৰ যুক্তিযুক্ততা সম্পৰ্কে আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিব ৷ জে এন চি এছ আৰ (Jawaharlal Nehru Centre for Advanced Scientific Research, Bangalore)ৰ ভূ-বিজ্ঞানী চি পি ৰাজেন্দ্ৰনে কৈছে যে তামিলনাডু আৰু শ্ৰীলংকাৰ মাজত ‘ৰামসেতু’ থকা বুলি দাবী কৰা স্থানখিনিৰ বালি আৰু শিলৰ বয়স নিৰ্ধাৰণৰ বাবে কোনো বৈজ্ঞানিক অনুসন্ধান চলোৱাৰ কথা জনা নাযায়, সেয়ে শিলবোৰ ৭০০০ বছৰীয়া পুৰণি বুলি দাবী কৰাটো গ্ৰহণযোগ্য নহয় ৷ বিজ্ঞানীগৰাকীৰ মতে চাইক্ল’ন বা ঘূৰ্ণীবতাহৰ ফলত শিলবোৰ অন্য ঠাইৰপৰা সেই ঠাইলৈ অহাৰ সম্ভাৱনা আছে ৷ সেই অঞ্চলটো সঘনে চাইক্ল’নৰ কবলত পৰে ৷ পৃথিৱীৰ অইন কিছুমান ঠাইত প্ৰাকৃতিক প্ৰক্ৰিয়াৰদ্বাৰা সাগৰৰ বুকুত বালিৰ গেদ বা শিল জমা হোৱা আৰু ঘূৰ্ণীবতাহৰ ফলত এঠাইৰপৰা আন এঠাইলৈ শিল-বালি ইত্যাদি স্থানান্তৰিত হোৱাৰ প্ৰমাণ পোৱা গৈছে ৷ গতিকে সঠিক বৈজ্ঞানিক অনুসন্ধান নকৰাকৈয়ে কেৱল বিশ্বাসৰ ভিত্তিত ৰামসেতুৰ বাস্তৱিকতাৰ কথা ঘোষণা কৰাটো চৰম অবৈজ্ঞানিক ৷ কিন্তু একাংশ মিডিয়াৰ সহায়ত আৰু ভাৰতীয় ঐতিহ্যৰ অন্ধ-পূজাৰী চৰকাৰৰ পৃষ্ঠপোষকতাত হিন্দুত্ববাদী শিবিৰে সজোৰে ৰামসেতুৰ কাহিনী সঁচা বুলি প্ৰচাৰ কৰি ফুৰিছে ৷

এইখিনিতে আন এটা কথালৈ আঙুলিয়াব খুজিছোঁ ৷ ৰামায়ণৰ বৰ্ণনা মতে জনক ৰজাই এদিন হাল বাই থাকোতে এটা পাত্ৰ নাঙলৰ ফালত লাগিছিল ৷ সেই পাত্ৰটোৰ ভিতৰত আছিল এটি কন্যা শিশু যি কালক্ৰমত সীতা বুলি পৰিচিত হৈছিল ৷ সেয়ে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা মঞ্চত কৈ দিছে যে ৰামায়ণৰ সীতা এগৰাকী টেষ্ট-টিউব শিশু আছিল ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে মহাভাৰতৰ সময়তে হেনো ভাৰতবৰ্ষত ইন্টাৰনেট আছিল ৷ গুজৰাটৰ মন্ত্ৰীও পিছ পৰি নাথাকিল ৷ তেওঁৰ মতে, হিন্দু শাস্ত্ৰৰ দেৱৰ্ষি নাৰদেই হ’ল আধুনিক কালৰ গুগল (google) ৷ তদুপৰি দেশৰ প্ৰধানমন্ত্ৰীৰ ‘গণেশদেৱতাৰ হাতীৰ মূৰ থকাটোৱেই প্ৰমাণ কৰে যে ভাৰতত প্ৰাচীন কালত প্লাষ্টিক ছাৰ্জাৰি কৰা হৈছিল’ বোলা ৰাজহুৱা ঘোষণাটো কোনেনো পাহৰিব পাৰে! আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থোৱাটো ভাল হ’ব যে হিন্দুধৰ্মীয় শাস্ত্ৰত তথা প্ৰাচীন ভাৰতত আধুনিক বিজ্ঞানৰ চমৎকাৰী উদ্ভাৱন-প্ৰযুক্তিবোৰ বিদ্যমান বুলি দাবী কৰা প্ৰতিগৰাকী মন্ত্ৰীয়েই হিন্দুত্ববাদৰ পূজাৰী আৰু বিজেপিৰ দলৰ সদস্য ৷ এওঁলোকৰ বিজ্ঞানমনস্কতা শূন্য ৷ সেয়ে এওঁলোকে বিজ্ঞানসন্মত তথ্য-প্ৰমাণতকৈ নিজৰ ধৰ্মীয় বিশ্বাসক প্ৰাধান্য দিয়ে আৰু অবিজ্ঞানক বিজ্ঞান বুলি প্ৰচাৰ কৰিবলৈ বিজ্ঞানৰ সহায় লয় ৷ ৰামায়ণৰ আন এক কাহিনী মতে ভগৱান শ্ৰীৰামচন্দ্ৰই ভৰিৰে এটা শিল স্পৰ্শ কৰি দিয়াৰ লগে লগে শিলটোৱে অহল্যা নামৰ এগৰাকী সুন্দৰীৰ ৰূপ লৈছিল ৷ আমি জনাত এই মুহূৰ্তলৈকে হিন্দুত্ববাদীসকলে উক্ত চমৎকাৰী কাহিনীটো আধুনিক বিজ্ঞানৰ সহায়ত ব্যাখ্যা কৰাৰ চেষ্টা কৰা নাই ৷ গতিকে তেওঁলোকৰ মতে এয়া নিশ্চয়কৈ প্ৰভু শ্ৰীৰামৰ লীলা ৷ কিন্তু কাইলৈ যদি আধুনিক বিজ্ঞানে এনেকুৱা কিবা প্ৰযুক্তিৰ উদ্ভাৱন কৰে যাৰদ্বাৰা শিলৰ গৰ্ভতো সন্তান জন্ম দিয়াটো সম্ভৱ হ’ব পাৰে, তেতিয়া ধৰ্মান্ধ হিন্দুত্ববাদীয়ে সজোৰে দাবী কৰিব যে ৰামায়ণৰ সময়তে এনেকুৱা প্ৰযুক্তিৰ উদ্ভাৱন হৈছিল, অহল্যা তাৰ প্ৰমাণ ৷ কোৱা বাহুল্য যে ধৰ্মগ্ৰন্থতে জগতৰ সমস্ত বিজ্ঞান বিদ্যমান বুলি কেৱল ধৰ্মান্ধ হিন্দুত্ববাদীয়েই দাবী নকৰে, ইছলাম-খ্ৰীষ্টান আদি সকলো ধৰ্মৰে অন্ধ উপাসকসকলেও বিভিন্ন সময়ত, বিভিন্ন ঠাইত সেই একে দাবীকেই কৰি আহিছে ৷ আমাৰ বাবে আটাইতকৈ আমোদজনক কথাটো হ’ল আধুনিক বিজ্ঞানে কোনো তথ্য-তত্ত্ব-প্ৰযুক্তি আৱিষ্কাৰ কৰি ৰাজহুৱা কৰাৰ পাছতহে সদায় এই ধৰ্মান্ধসকলে তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থসমূহত সেই চমৎকাৰী বিজ্ঞানবোৰ বিচাৰি পায় ৷ যদি বিজ্ঞানৰ তত্ত্ব-আৱিষ্কাৰবোৰৰ কথা ধৰ্মীয় গ্ৰন্থসমূহত লিখা আছেই তেন্তে আধুনিক বিজ্ঞানে প্ৰকৃতিৰ কোনো ৰহস্য ভেদ কৰা বা কোনো চমৎকাৰী প্ৰযুক্তি উদ্ভাৱন কৰাৰ আগতেই ধৰ্মান্ধসকলে এইবোৰৰ বিষয়ে বিশ্ববাসীক কোনো সম্ভেদ নিদিয়েনো কিয়?

শেষত এটা কথা কৈ লেখাটো সামৰিছোঁ ৷ সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত বিজ্ঞানবিৰোধী ৰাজনৈতিক শক্তিসমূহ অভাবনীয়ভাৱে শক্তিশালী আৰু প্ৰভাৱশালী হৈ উঠিছে ৷ এফালে চৰকাৰে ‘ডিজিটেল ইণ্ডিয়া’ কাৰ্যসূচী হাতত লয়, আনফালে চৰকাৰৰ ভক্ত-সমৰ্থক-অংশীদাৰসকলে ‘ডিজিটেল অন্ধবিশ্বাস’ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিজ্ঞান লেখক অনিল কুমাৰ অগ্ৰৱালে বোধহয় সঠিক কথাকেই কৈ গৈছে – “In the towns and the villages of the Third World, modern science and technology has in many ways become the new superstition, creating more bewilderment and wonder instead of comprehension.” অন্ধবিশ্বাস-উৰাবাতৰিৰ বশৱৰ্তী হৈ অশিক্ষিত-অজ্ঞানী সমাজে ডাইনী, সোপাধৰা সাজি নিৰীহ লোকক হত্যা কৰে ৷ আকৌ একেখন অন্ধবিশ্বাসী সমাজেই সেই হত্যাৰ প্ৰতিবাদো কৰে ৷ প্ৰতিবাদী ৰাইজক ক্ষান্ত কৰিবৰ বাবে চৰকাৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে ব্যৱস্থা ল’ব বুলি ঘোষণা কৰে ৷ আনহাতে একেখন চৰকাৰেই পঞ্জিকাত তিথি-বাৰ চাই বিজ্ঞান-প্ৰযুক্তিৰে নিৰ্মিত দলং মুকলি কৰে, কেন্সাৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মহোৎসৱত ভূমিপূজন কৰে ৷ ডক্টৰেট ডিগ্ৰীধাৰী মন্ত্ৰীয়ে কয় – পাপ কৰা মানুহৰ দুৰ্ঘটনাত মৃত্যু হয়, পাপী মানুহৰহে কেঞ্চাৰ হয় ৷ দুৰ্ভাগ্যজনকভাৱে বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰীসকলৰো গৰিষ্ঠসংখ্যক অন্ধবিশ্বাসৰপৰা মুক্ত হ’ব পৰা নাই ৷ ফে’চবুক, হোৱাটছএপত বিজ্ঞানবিৰোধী বাৰ্তা প্ৰেৰণ কৰা উচ্চশিক্ষিত মানুহৰ পয়োভৰ সমাজত কম নহয় ৷ ৰজা বিজ্ঞানবিৰোধী বাবেই প্ৰজাও বিজ্ঞানবিৰোধী নে প্ৰজা বিজ্ঞানবিদ্বেষী হোৱা বাবেই বিজ্ঞানবিৰোধী লোকক ৰজা পাতিছে আমি নুবুজো ৷ কিন্তু ভাৰতবৰ্ষৰ গৰিষ্ঠসংখ্যক নাগৰিক বিজ্ঞানপ্ৰেমী তথা বিজ্ঞানমনস্ক হ’ব নোৱৰাটো অতি দুখজনক, অনুজ্জ্বল ভৱিষ্যতৰ এক উজ্জ্বল ইংগিত ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *