এন্দুৰ

প্ৰায়বোৰ প্ৰকৃতিপ্ৰেমীৰ সৈতে ময়ো একমত। সৰুকালিৰ কিছুমান খেল-ধেমালিৰ মাজেৰেই প্ৰকৃতি আৰু মানুহৰ সম্পৰ্কৰ প্ৰগাঢ়তা বৃদ্ধি পায়। ল’ৰালিত কিছুমানে হয়তো এয়াৰ-গান অথবা কেটেপাৰে চৰাই চিকাৰ কৰে, কিছুমানে পিঞ্জৰাবদ্ধ কৰি মইনা-ভাটৌক মানুহৰ দৰে মাতিবলৈ শিকায়, কিছুমানে হয়তো খাল-বিল-নৈত বৰশী, জাল অথবা সিঁচনীৰে পানী সিঁচি মাছ ধৰে আৰু কিছুমানে গছৰ ডালত বান্দৰৰ দৰে জঁপিয়াই জঁপিয়াই পকা আম-জাম-মধুৰিআম পাৰে, খায়। শৈশৱৰ এই খেল-ধেমালিবোৰৰ মাজতেই অজানিতেই প্ৰকৃতিৰ সৈতে এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠে। মোৰ শৈশৱো এনেধৰণৰ বিভিন্ন খেল-ধেমালিৰ মাজেৰেই পাৰ হৈছিল। হিমালয়ৰ পাদদেশৰ মোৰ গাঁওখন উপৰোক্ত সকলোবোৰ উপাদানেৰে ভৰপূৰ আছিল।

পথাৰৰ এন্দুৰৰ গাঁতৰপৰা ধান সংগ্ৰহ কৰা,এইবিধ আছিল আমাৰ অতি পছন্দৰ খেল। শালিধান চপোৱাৰ পিছত, উদং পথাৰৰ আলিবোৰত এন্দুৰৰ গাঁত বিচাৰিবলৈ আমিবোৰে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিলো। এফালে গৃহস্থই ধেনুভিৰীয়া হুলামাৰিৰে ধানৰ ডাঙৰিবোৰ কঢ়িয়াই আনে, আনফালে আমিবোৰে হাতত কোৰ, খন্তি, বস্তা আদি লৈ পথাৰলৈ ঢাপলি মেলো, ধান সংগ্ৰহৰ অভিযানত। পথাৰত এন্দুৰৰ গাঁত দেখিলেই এফালৰপৰা সেইবোৰ খান্দিছিলো আৰু তাত জমা কৰি থোৱা পকাধানৰ সিৰবোৰ সংগ্ৰহ কৰিছিলো। সেই ধানৰ বনা চাউলেৰে আমিবোৰে ভোগালীৰ বালিভোজ খাইছিলো।

এন্দুৰৰ গাঁত খান্দি ধান উলিয়াবলৈ কিছু কৌশল তথা অভিজ্ঞতাৰ প্ৰয়োজনীয়তা নথকা নহয়। কথাষাৰ কেঁচু খান্দোতে সাপ ওলোৱা বিধৰ নহ’লেও এন্দুৰ খান্দোতে সাপ ওলোৱা বিধৰ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, যদিহে এন্দুৰৰ গাঁত বুলি সাপৰ গাঁতত হাত সুমুওৱা হয়। তাৰোপৰি কেঁকোৰাৰ গাঁতত হাত সুমুওৱাৰ পৰিণাম বগলী বোপাইৰ নিচিনাকৈ ভোগাটো নিশ্চিতভাৱেই অনাকাংক্ষিত। অভিজ্ঞসকলৰ তেনে ভুল হোৱাৰ সম্ভাৱনা কম। কাৰণ এন্দুৰৰ গাঁতবোৰ বাহিৰৰপৰাই চিনিব পাৰি। গাঁত খন্দাৰ সময়ত এন্দুৰে সৰু সৰু মাটিৰ চপৰাবোৰ কঢ়িয়াই আনি বাহিৰত গাঁতৰ মুখতে জমা কৰে। মাটিৰ এই চপৰাবোৰ পৰীক্ষা কৰি গাঁতটো কিমান পুৰণা, কিমান দীঘল অৰ্থাৎ গভীৰ আৰু গাঁতৰ ভিতৰত থকা এন্দুৰবোৰ কিমান ডাঙৰ অতি সহজেই অনুমান কৰিব পাৰি। চপৰাবোৰৰ আকাৰ যিমানেই ডাঙৰ হয় ভিতৰত থকা এন্দুৰৰ আকাৰো সিমানেই নোদোকা হয়,গাঁতৰ মুখত চপৰাৰ পৰিমাণ যিমানেই বেছি হয় গাঁতটো সিমানেই গভীৰ হয়। এন্দুৰে দৈনন্দিন কাৰ্যৰ বাবে সঘনাই বাহিৰলৈ অহা-যোৱা কৰি থাকে, ফলত এন্দুৰ থকা গাঁতৰ মুখখন পৰিষ্কাৰ হৈ থাকে। আমিবোৰে তেনে গাঁত দেখিলেই আনন্দত জঁপিয়াই উঠো আৰু অধিক উত্সাহেৰে কোৰ মাৰিবলৈ লওঁ। ভাল গাঁত অৰ্থাৎ বেছি পৰিমাণৰ ধান সংগ্ৰহ।

বেছি ক্ষেত্ৰতেই আমিবোৰে ঠগ খাওঁ, মানে এন্দুৰে আমাক 'উল্লু বনাওইং'। কথা আছে নহয়, শিয়ালৰ মূৰত বুদ্ধি এশটা, কিন্তু এন্দুৰৰ গাঁতৰ মুখ এশ এটা। এন্দুৰে পথাৰত বহুসংখ্যক গাঁতেই ভুৱাকৈ খান্দি ৰাখে। সিঁহতৰ প্ৰাকৃতিক শত্ৰু যেনে সাপ,বাঁজ আদিক বুৰ্বক সাজিবলৈ। বিজ্ঞানৰ ভাষাত সিহঁতৰপৰা জীৱন ৰক্ষাৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিবলৈ। শত্ৰুপক্ষই ইমানবোৰ গাঁত দেখি বিভ্ৰান্ত হয়। একেদৰেই আমিবোৰো বিভ্ৰান্ত হওঁ,কষ্টবোৰ অথলে গ'লে হেমাহি ভাব আহে,আৰু মিশ্যন আধাতে পৰিত্যাগ কৰি থৈ উভতি আহো।

এন্দুৰৰ গাঁত খান্দি ধান সংগ্ৰহ কৰাতকৈ আন এটা বিষয়তহে মোৰ আগ্ৰহ বেছিকৈ আছিল। সেয়া হ'ল এন্দুৰৰ জীৱন নিৰ্বাহ প্ৰণালী নিৰীক্ষণ কৰা। কি অদ্ভুত জীৱন নিৰ্বাহ,কোনো সঁজুলি ব্যৱহাৰ নকৰাকৈ মাটিৰ তলত আচৰিতধৰণৰ নেটৱৰ্কৰ সৃষ্টি কৰে। কিছুমান সুৰক্ষিত স্থানত ধানখেৰেৰে পোৱালিৰ বাবে বাহ সাজি উলিয়ায়। আৰু সিঁহতৰ পোহপাল দিয়াৰ সময়ত খাদ্যৰ যোগান ধৰিবলৈ গাঁতৰ কিছুমান অংশত শাৰী শাৰীকৈ পকা ধানৰ সিৰবোৰ সজাই থয়। গাঁতবোৰ এক বিশেষ ৰণনীতিৰ আধাৰত প্ৰস্তুত কৰি উলিয়ায়।

প্ৰকৃতিয়ে বিৱৰ্তন নামৰ খনিকৰৰ হাতেৰে অলংকাৰ-খচিত এখনি সুন্দৰ পৃথিৱী নিয়াৰিকৈ সজাই তুলিছে। মানুহে খন্তেকীয়া জীৱনেৰে ধৰাতলৰ মহিমাবোৰ বুজি পোৱাটো সম্ভৱ নহয়। প্ৰতিটো কাৰ্যৰ সৈতে আন বহুতো কাৰ্য, অতি জটিল উচ্চ মানৰ আন্তঃজালেৰে সংযোজিত। বিজ্ঞানৰ ইক'লজি বিষয়টোত জীৱৰ এই জটিল সম্পৰ্কবোৰ বুজাৰ চেষ্টা চলে।

শৈশৱৰ এইবিধ বিশেষ খেলৰ মাজেৰেই এন্দুৰৰ ইক'লজিৰ বিষয়ে কিছুমান ধাৰণা হৈছিল। মাঘবিহুৰ খু-দুৱনিত গৃহস্থই পথাৰৰ ধান চপোৱাৰ পূৰ্বেই পথাৰত এন্দুৰবোৰে আগতীয়া পৰিকল্পনা কৰি থয়। শালিধান চপাই উঠি ৰাজ্যবাসী ভোগালীৰ আনন্দত মাহ-পষেক ধৰি উন্মাদ হৈ থাকে। একে সময়তে জন্মগ্ৰহণ কৰা এন্দুৰৰ পোৱালিবোৰে গাঁতত জমা কৰি থোৱা ধানবোৰ খাই ডাঙৰ-দীঘল হৈ আৰু মাহটোৰ ভিতৰতে গাঁতবোৰ পৰিত্যাগ কৰি আন সুৰক্ষিত ঠাইলৈ গুচি যায়। এন্দুৰৰ গাঁতবোৰ সাধাৰণতে পথাৰৰ আশে-পাশে থকা বাঁহনি অথবা জংঘলৰ কাষতহে বেছিকৈ পোৱা যায়। সম্ভৱতঃ পোৱালিবোৰ ডাঙৰ হৈ সেইবোৰ ঠাইলৈ যায়। তাৰোপৰি এন্দুৰৰ জীৱন-চক্ৰ সম্পন্ন কৰিবলৈ সময়ৰ যথেষ্ট নাটনি হয়। শালিখেতিৰ পথাৰবোৰ পানীৰে ভৰি থাকে। ধান পকাৰ ঠিক আগ মুহূৰ্ততহে পথাৰত পানীবোৰ শুকায়। সেইবাবে পথাৰৰ দাঁতিৰ ঠাইবোৰৰপৰা খৰখেদাকৈ আহি ওচৰৰে পথাৰৰ ওখ আলিবোৰত গাঁত খন্দা আৰম্ভ কৰে। অতি সীমিত সময়ৰ ভিতৰত গাঁত খন্দা, ধান সঞ্চয় কৰা আৰু পোৱালি জন্মাই পোহপাল দিবলগীয়া হয়। অৱশ্যে কাম-কাজত ক্ষিপ্ৰ এন্দুৰে এই কাৰ্য অতি সুচাৰুভাৱে সমাধা কৰে। আমি খন্দা গাঁতবোৰৰ ভিতৰত থকা বাহবোৰত সিঁহতৰ পোৱালিবোৰ পাইছিলো, অতি কম বয়সৰ পোৱালিবোৰৰ গাত নোম নাথাকে আৰু চকু মেল নাখায়। প্ৰতিটো বাহত পাঁচ-ছটাকৈ পোৱালি থাকে। পোৱালিবোৰ তেনেকৈ মৰিবলৈ দিবলৈ বেয়া লাগে। অনুতপ্ত হঁও। কিন্তু বাহৰ ভিতৰত পোৱা ধানৰ সিৰবোৰে আমাক উত্ফুল্লিত কৰি তোলে আৰু সেই চলতে পোৱালি হত্যাৰ দুখ পৰিহাৰ কৰোঁ।

এন্দুৰৰ প্ৰজনন-ঋতু আৰু ধানখেতিৰ সময় হেনো সহ-সম্বন্ধযুক্ত। যিবোৰ ঠাইত বছৰি দুটা ঋতুত ধানখেতি হয় সেইবোৰ ঠাইত এন্দুৰৰ প্ৰজনন-ঋতু বছৰত দুটা, আনহাতে যিবোৰ ঠাইত বছৰি এবাৰ ধানখেতি হয় সেইবোৰ ঠাইত এন্দুৰৰ প্ৰজনন-ঋতু এটা। অৰ্থাৎ খাদ্যবস্তুৰ উপলব্ধতা জীৱৰ প্ৰজনন আৰু বংশবৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ উপাদান।

মানুহে সদায় এন্দুৰক অদৰকাৰী/অনিষ্টকাৰী প্ৰাণী বুলি গণ্য কৰে। এন্দুৰে কিছুমান বেমাৰৰ বীজাণুৰ বাহক হিচাপেও কাম কৰে। কিন্তু খাদ্যশৃংখলৰ অংশ হিচাপে এন্দুৰৰ কিছুমান বিশেষ ভূমিকা নথকা নহয়। ইহঁত সাপ, বাঁজ, মেকুৰী আদিৰ প্ৰধান খাদ্য। বিভিন্ন ঠাইত এন্দুৰে মানুহৰ খাদ্যসম্ভাৰৰ তালিকাও শুৱনি কৰা দেখা যায়। তাৰোপৰি এন্দুৰে পেলনীয়া খাদ্য আদিবোৰ ভক্ষণ কৰি আৱৰ্জনা চাফা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এন্দুৰৰ জীৱন সম্পৰ্কীয় কিছুমান বিষয় জানিবলৈ এতিয়াও বহু বাকী। গৱেষণাৰদ্বাৰাহে প্ৰকৃত তথ্য আহৰণ সম্ভৱ।

Share Button
Print Friendly, PDF & Email

No Comments : "এন্দুৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *