ৰাৱণ - (অম্লানজ্যোতি দেউৰী)

গাঁৱৰ আটাইতকৈ হৃষ্ট-পুষ্ট আৰু ওখ ল'ৰাজনৰ নাম ৰাৱণ
সকলোৱে চায়, আৰু ৰাৱণক জোকায়

দহজনৰ কাম অকলে কৰা ৰাৱণ গুচি যায় নদীৰ সিপাৰে
ৰাতিপুৱাই
ৰাৱণে গৰু চৰায়

বিয়া সবাহৰ ৰভাৰ খুঁটাটো ৰাৱণে পোতে
পিছফালে নিঃশব্দে গছ বগৰায়, খৰি কাটে

ৰাৱণৰ চাকৰি নাই
ৰাৱণে গৰু চৰায়

ফাকুৱাৰ ৰং বুলি ৰাধাৰ বুকু চুব খোজা
চহৰৰ ডেকাক পহুখেদা দিছিল ৰাৱণে অকলে
অথচ ৰাৱণৰ প্ৰেম নাই
কুচকাৱাজ নাই প্ৰেমৰ
ৰাৱণ ল'ৰাটো ভালেই – ৰাইজে বখানে

হঠাৎ, জানকী পেহীৰ জীয়েকক কেৰিয়াৰত তুলি ৰাৱণ উধাও
পূজা বুলি ঘৰ চপা ৰাৱণক পাই ৰাইজে দিলে শাও

বিচাৰত ৰাৱণ নিজিকিল, জানকী পেহীৰ জীয়েকো উভতিল

দশমী পূজাৰ দিনা টকা তিনিশ এক আৰু তামোল পাণ নামঘৰত থাপি
ৰাৱণ হেৰাল

ৰাৱণ আছিল শকত-আবত ল'ৰা, ওখ-পাখ

দশমীৰ দিনাই ৰাৱণ হেৰাইছিল
অথচ, দশমী মানেই দেৱী বিদায়ৰ ৰং-ৰহইচ

আমি বিচাৰি ফুৰো অহৰ্নিশে
ৰাৱণ এতিয়া ক'ত থাকে

বুকু শুদা কৰি জানকীৰ জীয়েকে কান্দে
ৰাৱণে মোক গাত হাত দিয়া নাছিল
ফাকুৱাৰ ৰং দিওঁতেও!

৩০ অক্টোবৰ, ১৬

Share Button
Print Friendly, PDF & Email

No Comments : "ৰাৱণ - (অম্লানজ্যোতি দেউৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *