ৰহিঙ্গীয়া সমস্যা আৰু তাৰ প্ৰভাৱ - ( আবু নাছাৰ চাঈদ আহমদ)

আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত ৰহিঙ্গীয়া সমস্যাৰ ওপৰত বিশ্বব্যাপী ব্যাপক চৰ্চা চলি আছে। শেহতীয়াকৈ, ম্যানমাৰৰ সেনা আৰু ৰাখিন প্ৰদেশৰ কিছুমান সশস্ত্ৰ লোকে এই সম্প্ৰদায়টোৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰি অহাৰ বাতৰি প্ৰচাৰ কৰি বিবিচি প্ৰমুখ্যে বিভিন্ন প্ৰচাৰ মাধ্যমে সমগ্ৰ বিশ্বত প্ৰবল জনমত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আমাৰ উত্তৰ-পূব ভাৰতত তেনেকুৱা বিশেষ আলোচনা হোৱা নাই। কিন্তু এই বিষয়টোৰ মানৱীয় দিশটোৰ উপৰিও আন এটা দিশ আছে, যিটোৰ বিষয়ে আমি সচেতন হোৱাটো নিতান্ত প্ৰয়োজন।

প্ৰথম কথাটো হ'ল - ৰহিঙ্গীয়াসকল কোন আৰু তেওঁলোকৰ সমস্যাটো কি? ৰহিঙ্গীয়াসকল ম্যানমাৰৰ আৰাকান অঞ্চলৰ ৰাখিন প্ৰদেশত বসবাস কৰা এক নৃগোষ্ঠীয় সম্প্ৰদায়। তেওঁলোকৰ আনুমানিক জনসংখ্যা প্ৰায় দুই নিযুত অৰ্থাৎ বিশ লাখ। তেওঁলোকৰ ইতিহাস বিচাৰি চালে দেখা যায় যে অষ্টম শতিকাত আৰব ব্যৱসায়ী আৰাকান অঞ্চললৈ অহাৰ পাছত ইয়াত থকা খিলঞ্জীয়া এচাম জনজাতীয় অ-বৌদ্ধ মানুহে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ ধৰিলে। ৰাখিন প্ৰদেশত থকা বৌদ্ধ ধৰ্মাৱলম্বীসকলতকৈ সুকীয়া ভাষা, সংস্কৃতি আৰু পৰম্পৰা থকা এইবিলাক মানুহৰ মাজত ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটো মন্থৰ আছিল। পঞ্চদশ শতিকাৰ এটা লেখাত সুকীয়া ভাষা [Indo-Aryan] কোৱা এই মুছলমান সম্প্ৰদায়টোক Rooingya বুলি উল্লেখ কৰা হৈছে। তেওঁলোকৰ লিপিও সুকীয়া; কোনোৱে আৰবী, কোনোৱে ৰোমান আৰু আন কোনোৱে বাৰ্মিজ লিপি প্ৰয়োগ কৰে। তেওঁলোকৰ ভাষাৰ লগত বাংলা ভাষাৰ কোনো সম্পৰ্ক নাই। তাত এই সম্প্ৰদায়টোৰ জনসংখ্যা তেতিয়া কিমান আছিল সেই বিষয়ে কোনো কথা কোৱা নাই। তাৰ পাছত সপ্তদশ শতিকাত প্ৰকাশিত বিভিন্ন লিখনিত তেওঁলোকক আৰাকানৰ সুকীয়া ভাষা কোৱা খিলঞ্জীয়া মুছলমান বুলি উল্লেখ কৰা হৈছে। ব্ৰিটিছ প্ৰশাসক-অৰ্থনীতিবিদ J.S. Furnivallঅৰ লিখনিত ১৯২১ চনত তেওঁলোকৰ জনসংখ্যা ৫৭৬,৪৩০ বুলি কোৱা হৈছে। বৰ্তমানৰ ম্যানমাৰৰ চৰকাৰে সেই তথ্য অগ্ৰাহ্য কৰি ৰহিঙ্গীয়াসকল ১৯৪৮ চনৰ পাছৰপৰা, বিশেষকৈ ১৯৭১ চনত বাংলাদেশ জন্ম হোৱাৰ পাছত অহা অবৈধ প্ৰব্ৰজনকাৰী বুলি ঘোষণা কৰি তেওঁলোকক ৰাষ্ট্ৰহীন মানুহ হিচাপে গণ্য কৰিছে আৰু তাত থকা সকলো ৰহিঙ্গীয়াক দেশৰপৰা খেদি দিয়াৰ নীতি গ্ৰহণ কৰি মানুহখিনিৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিলে।

ৰহিঙ্গীয়াসকলৰ ওপৰত উৎপীড়নৰ ইতিহাস বহুত পুৰণি। ১৭৮৫ চনত ৰাখিন প্ৰদেশৰ বৌদ্ধসকলে হঠাৎ এটা উৰা বাতৰিক কেন্দ্ৰ কৰি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে। এগৰাকী বৌদ্ধ ধৰ্মীয় মহিলাক এজন ৰহিঙ্গীয়াই বলাৎকাৰ কৰা বুলি বাতৰি মুখে মুখে প্ৰচাৰ হোৱাৰ পাছত এই আক্ৰমণ সংঘটিত হয়। শতাধিক সশস্ত্ৰ আৰু উন্মত্ত লোকে ৰহিঙ্গীয়াসকলৰ ওপৰত চলোৱা গণ-হত্যাত প্ৰায় সাতশজনৰ মৃত্যু হয় আৰু হাজাৰজনে নিজ ঘৰ-বাৰী এৰি স্থল আৰু জল পথেৰে তেতিয়াৰ বংগদেশলৈ পলায় যায়। তেওঁলোকৰ সতি-সন্ততি আজিও চিট্টাগং আৰু কক্সেছ বজাৰত পোৱা যায়। দেখাত বাংলাদেশীতকৈ বেলেগ আৰু নিজৰ ভাষা কোৱা আৰু এতিয়া নিজকে বাংলাদেশী বুলি গৌৰৱবোধ কৰা এই নৃগোষ্ঠীয় মানুহৰ কেইগৰাকীমান লোকক ২০০৮ আৰু ২০১৫ চনত এই দুখন নগৰলৈ আমি যাওঁতে কথা পাতিবলৈ সুযোগ পাইছিলোঁ। সি যি নহওক, ১৯৪২ চনৰ ২৮ মাৰ্চত ৰাখিন প্ৰদেশৰ মিনব্যা আৰু ৰ'হাগত ভয়ানক গণ-হত্যা সংঘটিল হ'ল। তাত প্ৰায় পাঁচ হাজাৰ ৰহিঙ্গীয়াক নিধন কৰা হ'ল আৰু লক্ষাধিক লোক গৃহহাৰা হৈ চিট্টাগং আৰু থাইলেণ্ডৰ পিনে পলাই গ'ল। ৰাখিনৰ বৌদ্ধ ধৰ্মীয় আৰু কাৰেনি উগ্ৰ-জাতীয়তাবাদীসকল এই অপৰাধত জড়িত আছিল। ৰহিঙ্গীয়াসকলৰ দোষটো আছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ম্যানমাৰলৈ সোমাই অহা জাপানীসকলক সমৰ্থন নকৰি তেওঁলোকে ব্ৰিটিছৰ পক্ষ লৈছিল। এই গণহত্যাত জাপানী সৈন্যও জড়িত হৈছিল। তাৰ পাছত ১৯৬২ চনত ম্যানমাৰত সামৰিক শাসন প্ৰতিষ্ঠা হোৱাৰ পাছৰপৰা ৰহিঙ্গীয়াসকলৰ ওপৰত নিৰ্যাতন বৃদ্ধি পাই যাবলৈ ধৰিলে।

সামৰিক জুন্টাই ৰহিঙ্গীয়াসকলক ম্যানমাৰৰ নাগৰিক নহয় বুলি তেওঁলোকক ৰাষ্ট্ৰহীন বুলি ঘোষণা কৰি সমগ্ৰ দেশৰপৰা খেদি পঠিয়াই দিয়াৰ নীতি গ্ৰহণ কৰিলে। লগতে চলিবলৈ ধৰিলে সামৰিক আৰু নিৰাপত্তা বাহিনীয়ে সময়ে সময়ে কৰা ধাৰাবাহিক অভিযান। এই প্ৰক্ৰিয়াত হাজাৰজন নিহত হ'ল আৰু লক্ষাধিক গৃহহাৰা হৈ বিদেশী ৰাষ্ট্ৰলৈ পলায়ন কৰিলে। বিদেশত শৰণাৰ্থী হৈ থকা ৰহিঙ্গীয়াসকলৰ পৰিসংখ্যা এনেধৰণৰ–

বাংলাদেশ – ৩-৫ লাখ
চৌদি আৰব – ৪ লাখ
পাকিস্তান – ২ লাখ
থাইলেণ্ড – ১ লাখ
মালয়ছিয়া – ৪০,০৭০
ইণ্ডোনেছিয়া – ১১,৯৪১
ভাৰত – ৩৬,০০০
নেপাল – ২০০

ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়ুক্তই (United Nations High Commissioner for Refugees) ৰহিঙ্গীয়াসকলক বিশ্বৰ ভিতৰতে সবাতকৈ নিৰ্যাতিত সম্প্ৰদায় বুলি ঘোষণা কৰিছে আৰু এইসকল দুৰ্ভগীয়া মানুহৰ বাবে পাৰ্যমানে সহায়ৰ হাত আগ বঢ়াইছে। ওপৰত উল্লেখ কৰা পৰিসংখ্যাই এই কথাও প্ৰমাণ কৰিছে যে লক্ষাধিক ৰহিঙ্গীয়াক বিশ্বৰ বিভিন্ন দেশে কিছু পৰিমাণে আৰু অস্থায়ীভাবে হ'লেও সকাহ দিছে। কিন্তু বাংলাদেশৰ দৰে দুখীয়া দেশ এখনৰ বাবে প্ৰায় পাঁচ লাখ শৰণাৰ্থীক অনিৰ্দিষ্ট কালৰ বাবে শিবিৰত ৰাখি পোহ-পাল দি থাকিব নোৱাৰে। এইখন দেশে অন্য এটা চিন্তনীয় সমস্যাৰ সন্মুখীন হৈছে। ৰহিঙ্গীয়া শিবিৰত অতিকৈ হতাশাজনক পৰিস্থিতত অকৰ্মণীয়ভাৱে দিন কটোৱা যুৱকক আল-কায়দা আৰু আইছিছৰ দৰে ভয়ানক সন্ত্ৰাসবাদী গোট-সংগঠনে নানা প্ৰলোভন দি নিজৰ জঘন্য এজেণ্ডাত খটুৱাবলৈ চেষ্টা কৰি আহিছে। ইতিমধ্যে, কেইবাজনো ৰহিঙ্গীয়া যুৱকক বাংলাদেশৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ২০১২ চনৰ ১ অক্টোবৰত বাংলাদেশৰ হিন্দু আৰু বৌদ্ধ মন্দিৰত আক্ৰমণ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত সেই দেশৰ চৰকাৰ ৰহিঙ্গীয়াসকলৰ প্ৰতি কঠোৰ হৈ পৰিছে। তেওঁলোকৰ দেশত যাতে আৰু ৰহিঙ্গীয়া শৰণাৰ্থী সোমাব নোৱাৰে তাৰ বাবে ম্যানমাৰ সীমান্তত চোকা পহৰা ৰাখিছে। ফলত, হাজাৰ হাজাৰ ৰহিঙ্গীয়া সাগৰৰ মাজতে অতিশয় দুৰ্দশাৰে দিন কটাই পুনৰ ম্যানমাৰলৈ উলটি যাবলৈ বাধ্য হৈছে আৰু দুনাই তাত সেই দেশৰ সামৰিক বাহিনীৰ হাতত নিৰ্যাতিত হ'বলগাত পৰিছে। আন কিছুমানে থাইলেণ্ড, মালয়ছিয়া আৰু ইণ্ডোনেছিয়াৰ পিনে যাত্ৰা কৰিছে। এই বিষয়টোত বৰ্তমান মালয়ছিয়া চৰকাৰে ব্যাপক ধৰণেৰে প্ৰচাৰ কৰি বিশ্বত প্ৰবল জনমত সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰপৰা আৰম্ভ কৰি বিভিন্ন দেশত ৰহিঙ্গীয়া সমস্যাটো লৈ আন্তৰ্জাতিক সন্মিলন হৈ আহিছে। তাত শান্তিৰ নোবেল বঁটা বিজয়ী আং ছান ছ্যু কিয়ে এই মানৱীয় সমস্যাটোৰ প্ৰতি উদাসীনতা দেখুওৱা কথাটোত উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ আছিয়ান গ্ৰুপৰ নেতাসকলেও একেদৰে বিতুষ্টি প্ৰকাশ কৰিছে। আন এগৰাকী শান্তিৰ নোবেল বঁটা বিজয়ী দালাই লামাই কেইবাবাৰো ছ্যু কিক ৰহিঙ্গীয়াৰ ওপৰত চলি থকা অমানৱীয় অত্যাচাৰৰ কথা উল্লেখ কৰি তেওঁক এই দিশত কিবা এটা কৰিবলৈ অনুৰোধ কৰিছে; কিন্তু ম্যানমাৰৰ নেত্ৰীগৰাকীয়ে এই দিশত সম্পূৰ্ণভাৱে নীৰৱতা প্ৰকাশ কৰা দেখি তেখেতে দুখ প্ৰকাশ কৰিছে। যোৱা ২০১৬ চনৰ ১৩ জুনত তেখেতে আমেৰিকাত খেদ প্ৰকাশ কৰি কৈছে যে গৌতম বুদ্ধ যদি আজি আমাৰ মাজত থাকিলহেঁতেন তেনেহ'লে তেখেতে নিশ্চয় আমাৰে এই ভাই-ভনীসকলক সুৰক্ষা দিবলৈ আগ বাঢ়ি আহিলহেঁতেন। তাৰ আগতেও দালাই লামাই বিভিন্ন প্ৰচাৰ মাধ্যমত তেখেতে ছ্যু কিৰ নীৰৱ ভূমিকাত উদ্বিগ্নতা প্ৰকাশ কৰিছে। দেখা গৈছে যে ছ্যু কিয়ে ম্যানমাৰৰ জনতাৰ মানৱ আৰু গণতান্ত্ৰিক অধিকাৰৰ বিষয়টোৰপৰা তেওঁৰে দেশৰ এক বৃহৎসংখ্যক মানুহক আঁতৰাই ৰাখিছে; হয়তো তেওঁৰ দৃষ্টিত ৰহিঙ্গীয়াসকল ৰহিঙ্গীয়াহে, মানুহতো নহয়। তেওঁলোকৰ ওপৰত চলা অত্যাচাৰত দুখিত হ'বলগীয়া একো নাই। শেহতীয়াকৈ হোৱা ৰহিঙ্গীয়া-বিৰোধী অভিযান আৰু হত্যাকাণ্ডক সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা পদক্ষেপ বুলি যি মন্তব্য দিছে তাকেই নোবেল শান্তি বঁটা বিজয়ী ছ্যু কিয়ে মানি লৈ কৈছে যে এই সমস্যাটো বৰ জটিল আৰু ই তেওঁৰ দেশৰ আভ্যন্তৰীণ বিষয়।

আগতে কোৱা হৈছে যে আমাৰ দেশত ইতিমধ্যে ৩৬,০০০গৰাকী ৰহিঙ্গীয়া শৰণাৰ্থীক নিয়মমতে পঞ্জীভুক্ত কৰি দিল্লী, হায়দৰাবাদ, জম্মু-কাশ্মীৰত শিবিৰ পাতি আশ্ৰয় দিয়া হৈছে। প্ৰাণৰ মমতাত দেশৰপৰা যেনি-তেনি পলাই অহা ৰহিঙ্গীয়া মানুহ আমাৰ উত্তৰ-পূব অঞ্চললৈও সোমাই আহিছে। আমি পোৱা তথ্য অনুযায়ী মণিপুৰ-ম্যানমাৰ সীমান্তইদি যিসকল সোমাই আহিছে, তেওঁলোকৰ ভালেমানক ঠিকাদাৰসকলে সস্তীয়া বনুৱা হিচাপে বিভিন্ন ক্ষেত্ৰত খটুৱাই আহিছে। অসমতো তেনেকৈ ৰহিঙ্গীয়া সোমাইছে বুলি শুনিবলৈ পোৱা হৈছে। কিন্তু কিমান সোমাইছে তাৰ কোনো তথ্য নাই। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাংলাদেশত ৰহিঙ্গীয়া শৰণাৰ্থীৰ যুৱক আল-কায়দা আৰু আইছিছৰ দৰে সন্ত্ৰাসবাদী হাতোৰাত সোমাইছে বুলি তথ্য লাভ কৰি সেই দেশৰ চৰকাৰে নতুনকৈ কোনো ৰহিঙ্গীয়া যাতে সোমাব নোৱাৰে আৰু যিবিলাক মানুহ শৰণাৰ্থী শিবিৰত আছে তেওঁলোকে কি কৰি আহিছে তাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ বিহিত ব্যৱস্থা লৈছে। আমাৰ দেশতো একে ব্যৱস্থা লোৱাটো নিতান্ত প্ৰয়োজন। আমাৰ ইয়াৰ শিবিৰবিলাকৰপৰা কোনোবা বাহিৰলৈ ওলাই গৈ যদি কোনো কু-কাৰ্যত লিপ্ত হয় তেতিয়া তাৰ পৰিণাম ভয়ানক হ'ব - সেই কথাৰ প্ৰতি আমাৰ দেশৰ চৰকাৰ, বিশেষকৈ গৃহ বিভাগ সচেতন হ'ব লাগিব। কাৰণ, আমি পাহৰিলে নহ'ব যে ২০১২ চনৰ ৯ নৱেম্বৰত মুম্বাইত সংঘটিত হোৱা হিংসাত্মক বিক্ষোভত ভালেমান ৰহিঙ্গীয়া যুৱকে অংশ গ্ৰহণ কৰিছিল বুলি প্ৰমাণিত হৈছে। তাৰ পাছত ২০১৩ চনৰ ৭ জুলাইত বোধগয়াৰ মহাবোধি মন্দিৰত ধাৰাবাহিকভাৱে দহটা বিস্ফোৰণ ঘটিছিল। সেই কূটাঘাতমূলক কাৰ্যত লগোৱা ঘড়ীকেইটা গুৱাহাটীৰ পাণ বজাৰৰপৰা ৰঙিয়াৰ এজন মানুহে কিনি ৰহিঙ্গীয়া যুৱকৰ হাতত দিছিল বুলি নিয়াই ব্যক্ত কৰিছিল। ২০১৪ চনৰ ২ অক্টোবত বৰ্ধমানত হোৱা বোমা বিস্ফোৰণত জড়িত বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰা এজন অপৰাধী হায়দৰাবাদত থকা শৰণাৰ্থী শিবিৰত আশ্ৰয় লোৱা খালেদ নামৰ ৰহিঙ্গীয়া। এইবিলাক ঘটনাৰ ওপৰত অনুসন্ধান আজিও চলি আছে আৰু তাৰ অন্ত পৰিলে প্ৰকৃত সত্য কি সেয়া জনা যাব। কিন্তু তেনেধৰণৰ ঘটনা দুনাই যাতে নহয় তাৰ বাবে সকলো সচেতন হ'ব লাগিব।

আমাৰ ধাৰণা যে যেতিয়ালৈকে ৰহিঙ্গীয়াসকলৰ ওপৰত উৎপীড়ন চলি থাকিব আৰু ম্যানমাৰৰপৰা তেওঁলোকক একেবাৰে খেদি পঠিয়াই দিয়াৰ নিচিনা নিষ্ঠুৰ আৰু অমানৱীয় নীতি চলি থাকিব তেতিয়ালৈকে একেবাৰে হতাশাগ্ৰস্ত ৰহিঙ্গীয়া যুৱক-যুৱতীয়ে যে সন্ত্ৰাসৰ পথ নল'ব তাৰ কোনো নিশ্চয়তা নাই। পেলেষ্টাইনৰ উদাহৰণ আমাৰ আগত আছেই। তাৰোপৰি, বিশ্বৰ বিভিন্ন দেশত যিদৰে ম্যানমাৰৰ সাধাৰণ জনতাক সামৰিক শাসনৰপৰা মুক্ত কৰিবলৈ আজিও অলেখ সংগঠনে জনমত তৈয়াৰ কৰি আৰু আৰ্থিক পুঁজিৰ যোগান ধৰি আহিছে, ঠিক একেদৰে ৰহিঙ্গীয়া সমস্যাটো লৈ বিভিন্ন দেশত প্ৰবল জনমত সৃষ্টি কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘই এই বিষয়টোত আগভাগ লৈ ভূতপূৰ্ব সচিবপ্ৰধান কফি আন্নানক নিয়োগ কৰি এক চৰজমিন অধ্যয়ন কৰিবলৈ দায়িত্ব দিছে। ভাৰতেও এই সমস্যাটো নিজৰ স্বাৰ্থৰ খাতিৰতে স্বকীয় ধৰণেৰে এই দুৰ্ভগীয়া মানুহবিলাকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ হকে মাত মতাটো প্ৰয়োজন হৈ পৰিছে।

আমাৰ ধাৰণা আৰু বিশ্বাস, ৰাখিন প্ৰদেশত আৰাকান অঞ্চলত এক নিৰ্দিষ্ট এলেকাত ৰহিঙ্গীয়াসকলৰ বাবে স্বায়ত্ত শাসন ব্যৱস্থা কৰি ম্যানমাৰ চৰকাৰে এই অঞ্চলটো ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিলে সমস্যাটোৰ সমাধান হ'ব। তাকে কৰিবলৈ সেই দেশৰ চৰকাৰক বাধ্য কৰাব লাগিব, যিটো কাম অসম্ভৱ নহ'লেও নিশ্চয় সহজসাধ্য নহ'ব। ৰহিঙ্গীয়া সমস্যাটোৰ সমাধান কৰিব নোৱৰিলে ই বিপদজনক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Share Button
Print Friendly, PDF & Email

No Comments : "ৰহিঙ্গীয়া সমস্যা আৰু তাৰ প্ৰভাৱ - ( আবু নাছাৰ চাঈদ আহমদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *