ৰঙাজানৰ নাট্যকর্মী প্রদীপ গগৈৰ সৈতে এটি সাক্ষাৎকাৰ-(ত্ৰিলোচন গগৈ)

? আপুনি সৰুৰে পৰাই লিখা-মেলা কৰিছে। প্ৰবন্ধ, গল্প, কবিতা, উপন্যাস, নাটক আৰু ব্যংগ ৰচনা—এই সকলাতে আপোনাৰ দখল।  মই জানিব খুজিছোঁ, কোনখন ক্ষেত্ৰত আপুনি বেছি একাত্মবোধ কৰে ? আপোনাৰ কোনটো পৰিচয়ত আপুনি সুখ অনুভৱ কৰে ?

প্রদীপ গগৈঃ এই সকলো ক্ষেত্ৰই আছিল মোৰ বাবে সৃষ্টিধর্মী ক্ষেত্র। সেয়ে মই কবিতা লিখি যিটো আনন্দ পাওঁ, নাটক, গল্প, উপন্যাস লিখিও একে আনন্দই পাওঁ। সেয়ে, কোনটো ভাল পাওঁ, কোনটো কম ভাল পাওঁ কোনোদিন বিচাৰ কৰি চোৱা নাই। আটাইকেইটা ক্ষেত্ৰই মোৰ বাবে সমানে প্রিয়।

আপোনাৰ অভিজ্ঞতাৰে ৰঙাজানৰ নাট্য-চর্চা সম্পর্কে কওক। আপোনাৰ দিনত পৰিৱেশটো কেনেকুৱা আছিল, কি নাটক কৰিছিল বিতংভাৱে কওক।

প্রদীপ গগৈঃ মই নাটক কৰাৰ আগেয়েই সমগ্ৰ ৰঙাজানতে প্ৰকৃতাৰ্থত নাট্য-চৰ্চাৰ এটাপৰিৱেশ গঢ় লৈ উঠিছিল। মই দেখা নাটকৰ ভিতৰত সম্ভৱ ১৯৫৫ চনত, ‘পিয়লি ফুকন’ নাটকখনলৈ মনত পৰে। তাৰ আগৰবোৰ মনত নাই। নাট্য-চৰ্চাৰ কেন্দ্ৰ আছিল ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। ১৯৩০-৩৫ চনৰ ভিতৰত মোৰ দেউতা হেমচন্দ্ৰ গগৈয়ে 'কল্যাণী' নামৰ পূৰ্ণাংগ নাটক এখন পৰিচালনা আৰু অভিনয়ো কৰিছিল। 'চাহজাহান' নামৰ আন এখন পূর্ণাংগ নাটকো তেওঁ পৰিচালনা কৰিছিল।

মোৰ দেউতাৰ ভাগিনীয়েক, মুক্তি যুঁজাৰু, ৰঙাজান বেছিকৰ প্ৰাক্তন প্রধান শিক্ষক প্রয়াত ফণীন্দ্রনাথ হাতীবৰুৱাই স্বাধীনতাৰ আগে-পিছে এবিধ ‘চোতাল নাটক’ কৰিছিল। কাৰোবাৰ বৰবিয়া হ'লে, বিয়াৰ দুই-এদিন মানৰ আগত চোতালত মঞ্চ সাজি এইবিধ নাটক কৰা হৈছিল। সহ অভিনয় হোৱা নাছিল। পুৰুষেই নাৰী চৰিত্ৰত অভিনয় কৰিছিল।

যোৱা শতিকাৰ পঞ্চম কি ষষ্ঠ দশকত গড়গুৰিৰ ৰজনী গগৈ, কৈটি গগৈ আৰু ফণীন্দ্রনাথ হাতীবৰুৱাই 'চৈকটা যুৱক সংঘ' নামৰ এটা অনুষ্ঠান গঢ়ি তুলিছিল। সম্ভৱতঃ সমগ্র ৰঙাজানৰ ভিতৰত এইটোৱে আছিল প্রথম যুৱক সংঘ।  তেওঁলােকে গড়গুৰি আৰু তাৰ আশে-পাশে বিভিন্ন পূর্ণাংগ নাটক কৰিছিল। তেওঁলোকে চোতাল নাটকো কৰিছিল। তেওঁলোকে যিমান নাটক কৰিছিল, ৰঙাজানৰ কোনো অনুষ্ঠানে আজিও সিমান কৰিব পৰা নাই।

ৰঙাজান হাইস্কুলত নাট্য-চৰ্চাৰ এটা পৰিৱেশ গঢ়ি তুলিছিল প্রাক্তন প্রধান শিক্ষক চিত্রসেন ৰাজকুমাৰে। ১৯৫৯ চনত তেওঁ স্কুলৰ প্রীতি সন্মিলনত হিন্দু-মুছলমানৰ সাম্প্রদায়িক ঐক্যৰ ভিত্তিত লিখা একাংকিকা এখন মঞ্চস্থ কৰিছিল। এই নাটকত মই গুৰুত্বপূর্ণ চৰিত্র এটাত অভিনয় কৰিছিলোঁ। চিত্রসেন ৰাজকুমাৰৰ পৰাই মই প্রথম নাটক কেনেকৈ পৰিচালনা কৰিব লাগে, অভিনয় কি, পদ সঞ্চালন ইত্যাদি পৰিপাটিকৈ শিকিছিলোঁ। সেই বছৰতে তেওঁ ‘পিয়লি ফুকন’ নাটকখন পৰিচালনা কৰিছিল। তাত মই 'নাচনী' নামৰ নাৰী চৰিত্ৰটোত অভিনয় কৰিছিলোঁ। ইয়াতে মই প্রথম নাৰী চৰিত্ৰত অভিনয় কৰিছিলোঁ। 'পিয়লি ফুকন' কৰাৰ পিছদিনাই ৰঙাজান হাইস্কুলত সম্পূর্ণ ছাত্ৰীয়ে 'নল-দময়ন্তী' কৰিছিল। সম্পূর্ণ ছোৱালীয়ে ৰঙাজানত বোধহয় এইখনতেই প্রথম অভিনয় কৰিছিল। সহ-অভিনয়ৰ নাটকত নাৰী চৰিত্ৰত প্রথম অভিনয় কৰা অভিনেত্রীগৰাকী হ’ল, গড়গুৰিৰ জীয়াৰী, অর্জুনগুৰিৰ প্ৰয়াত ৰুদ্ৰ গগৈৰ পত্নী কিৰণ গগৈ। তেওঁ ডিফুত থাকোঁতে ১৯৬২ চনতে ডিফু ক্লাবৰ হৈ গুৱাহাটীত ‘ৰৌটোতে ঢৌটো’ নামৰ নাটকখনত অভিনয় কৰিছিল। ডিফু ক্লাবত প্রত্যেক মাহতে এখন বা দুখন নাটক হৈছিল। তেওঁ প্রত্যেকখন নাটকতে নায়িকা আছিল। স্থানীয় মহিলা বা ছোৱালীয়ে সহ-অভিনয় কৰাত বাধা আছিল বাবে তেওঁ সেইফালৰ পৰাও সুবিধাটো পাইছিল।কিৰণ গগৈ ৰঙাজানৰ একমাত্র মহিলা নাট্যকাৰ। ৰঙাজান হাইস্কুলৰ প্রাঙ্গণত এটা অনুষ্ঠানত তেওঁ লিখা 'নয়ন তৰা' একাংকিকাখন মঞ্চস্থ কৰা হৈছিল।

১৯৫৪ চনত মই চোতাল নাটক কৰিছিলোঁ। আমাৰ চোতালতে হৈছিল। দেউতাই পৰিচালনা কৰিছিল। নাটকখনৰ নামটো আছিল 'ধ্ৰুৱ'। চোতালৰ একোণত দ্ৰপচিন হিচাপে দুখন তিৰপাল জোৰা লগাই ওলোমাই দিয়া হৈছিল। সন্মুখত উইংছ হিচাপে দুফালে দুখন চাদৰ ওলোমাই দিয়া হৈছিল। মেক আপ মেন আছিল হৰিপ্ৰসাদ বৰুৱা। 'ধ্ৰুৱ' চৰিত্ৰত শিশু মোহন গগৈয়ে অভিনয় কৰিছিল। ৰজা হৈছিলোঁ মই নিজে। ৰাণী হৈছিল জগত গগৈৰ এজনী ছোৱালী। ৫০ জনমান দর্শক হৈছিল। নাটকখন দ্বিতীয়বাৰ জগত গগৈৰ চোতালত কৰোঁতে প্রায় ১৫০ জনমান দৰ্শক হৈছিল। তাৰ পিছত মাজে-সময়ে আমাৰ চোতালত কোনো নাটকৰ একোটা দৃশ্য প্ৰদৰ্শন কৰিছিলোঁ।  নাটক কৰোঁতে দুটাকৈ পেট্র’মাক্স ব্যৱহাৰ কৰিছিলোঁ। খুব সম্ভৱ ১৯৬০ চনত গটঙাত'কনৌজ কুঁৱৰী' নাটকখন কৰিবলৈ লোৱা হৈছিল। তাত মুহিচন্দ্ৰ গগৈয়ে সকলো অভিনেতাকে মদ খাই নাহিবলৈ সকীয়াই দিছিল। আখৰা বা নাটক মঞ্চস্থ কৰাৰ দিনা কোনো অভিনেতাই মদ খোৱাৰ প্রমাণ পালে নাটক বন্ধ কৰি দিব বুলি হুমকি দিছিল। আমাৰ আখৰা ঠিকমতেই চলিল। নাটক মঞ্চস্থ কৰাৰ দিনা মোৰ লগত যোৱা এজন প্রবীণ অভিনেতাই বচন পাহৰি যায় আৰু মঞ্চত ঢলং-পলং কৰা দেখি সেই দৃশ্যত অভিনয় কৰা মুহিচন্দ্ৰ গগৈৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। তেওঁ মঞ্চতে মূৰৰ কীৰিটি আৰু পোছাক খুলি উচ্চস্বৰে ক'লে—“মই আগতেই কৈছিলোঁ, মদ খালে নাটক বন্ধ কৰি দিম। নাটক আৰু নহ'ব। ৰাইজ আপোনালোক ঘৰাঘৰি যাওক।” আমি আটায়ে হাতে-ভৰিয়ে ধৰিও তেওঁক সৈমান কৰাব নোৱাৰিলোঁ। দর্শক ঘৰাঘৰি গুচি যাব লগা হ'ল।

নাটক বন্ধ হোৱাৰ আন এটা ঘটনা ঘটিছিল ১৯৬৮ চনত। জালুকনিবাৰীৰ এটা যুৱক সংঘই ৰঙাজানৰ পৰা এখন নাটক প্রদর্শনৰ বাবে মোক অনুৰোধ জনাইছিল। মই এমাহৰ ভিতৰত “এই যাত্রা জয় যাত্রা” নামৰ পূৰ্ণাংগ নাটকখন লিখি উলিয়ালোঁ। ১৭ টা চৰিত্ৰ থকা নাটকখন মই প্রতিষ্ঠা কৰা ৰঙাজান যুৱক সংঘৰ বেনাৰত মৰাণ চেতিয়া গাঁৱৰ যুৱক-যুৱতীৰ দ্বাৰা কৰাবলৈ সিদ্ধান্ত লোৱা হয়। তালৈ গৈ আৰম্ভণিতেই মোৰ এটা সন্দেহ হৈছিল নাটকখন শান্তিৰে কৰিব নোৱাৰিম নেকি ! সন্দেহ কৰাটোৱেই সত্য হ’ল। নাটক আধা ঘণ্টা কৰাৰ পাছতে মঞ্চৰ ওপৰত দিয়া টিঙৰ চালি আৰু মণ্ডপত শিল পৰিবলৈ ধৰিলে। নাটক বন্ধ কৰিবলৈ বাধ্য হ’লো। বন্ধ হোৱা বাবে মোৰ এটা ভাল হ'ল। মই দুমাহ সময় লৈ নাটখন পুনৰ লিখিলোঁ।

তৃতীয়বাৰ নাটক বন্ধ হৈছিল ১৯৮৯ চনত। ৰঙাজান বেছিকত ‘চিৰাজ’ মঞ্চস্থ কৰিবলৈ কেইজনমান যুৱকে সিদ্ধান্ত লৈছিল। মোক পৰিচালনা কৰিবলৈ কোৱাৰ উপৰি চিৰাজ চৰিত্ৰত অভিনয় কৰিবলৈও অনুৰোধ কৰিছিল। মোৰ এটা চৰ্ত আছিল। কোনো অভিনেতাই আখৰা বা নাট মঞ্চস্থ কৰাৰ দিনা মদ খাব নোৱাৰিব। সাবিত্রী চৰিত্ৰৰ বাবে মই বিশেষভাৱে নির্বাচন কৰি আনিছিলোঁ ৰীতা শইকীয়াক। পাছত তেওঁ জিলা পৰিষদৰ সদস্যা হৈছিল। কেইদিনমান আখৰা ভালদৰেই চলিল। কিন্তু এদিন মুখ্য উদ্যোক্তা তথা নাটকৰ নায়কজনে ঢলং-পলংকৈ আখৰা থলীত উপস্থিত হ'ল আৰু সংলাপ কওঁতে জিভা ঘূৰ নোখোৱা হ'ল। মই খঙত ফাটি পৰোঁ-“মইতো নাটক পৰিচালনা বা অভিনয় নকৰােৱেই, ৰীতা শইকীয়াকো কৰিবলৈ নিদিওঁ। কোনে কি কৰা কৰি থাকিবা।” গতিকে চিৰাজখন আৰু নহ'লগৈ।।

১৯৬২ চনত চীন ভাৰতৰ যুদ্ধ হোৱাত সেই বছৰতে ৰঙাজান বেছিকত চৰকাৰৰ প্ৰতিৰক্ষা পুজিৰ সাহায্যার্থে গণেশ গগৈৰ 'কাশ্মীৰী কুমাৰী' নাটকখন মঞ্চস্থ কৰা হয়। ইয়াত মূল নাৰী চৰিত্ৰটো ময়েই ৰূপায়ণ কৰিলোঁ। উল্লেখযোগ্য যে, এই নাটকখনত আবহ সংগীত পৰিচালনা কৰিছিল পৰৱৰ্তী সময়ত বােলছবি পৰিচালক হিচাপে খ্যাতি লাভ কৰা অতুল বৰদলৈয়ে।১৯৬৩ চনত গুৱাহাটীৰ বামুণীমৈদামত লক্ষ্যধৰ চৌধুৰীৰ 'ৰক্ষকুমাৰ’ নাটকৰ নায়িকা 'সীতা’ চৰিত্ৰটোত মোকেই অভিনয় কৰিবলৈ দিয়ে। তেতিয়া মই গুৱাহাটীত আছিলোঁ। আগতে লাৱণ্য শইকীয়া নামৰ এজন যুৱকে নাৰী চৰিত্ৰত অভিনয় কৰিছিল। নাটকখন যাত্রা পাৰ্টিৰ আৰ্হিত কৰা হৈছিল। যাত্ৰা বুলি কওঁতে মনত পৰিছে ১৯৪০ নে ৫০ৰ দশকত ৰঙাজানৰ প্রবীণ অভিনেতা অচ্যুত কোঁৱৰে এটা যাত্রা দল উলিয়াইছিল। পূজাৰ সময়ত ৰঙাজান বাগানত এবাৰ যাত্রা দলটিয়ে নাটক কৰিছিল। যাত্ৰা কৰা মঞ্চটো সম্পূর্ণ মুক্ত থাকে। কিন্তু এখন বেকড্ৰপ থাকে। বেকড্ৰপৰ দাঁতিয়েদি অভিনেতাসকলৰ প্ৰৱেশ-প্রস্থান ঘটে। ইয়াক কোনো কাৰণতে দাঙি দিয়া নহয়। এনেকুৱা মুক্ত মঞ্চ ৰবীন্দ্রনাথেও সমর্থন কৰিছিল। ইয়াত প্ৰছেনিয়াম নাটক কৰাৰ দৰে ছেটিং নাথাকে।

যিহেতু প্রবীণসকলে বুৰঞ্জীমূলক আৰু পৌৰাণিক নাটকহে কৰিছিল, মই দুজনমানৰ লগত আধুনিক-সামাজিক নাটক কৰা সম্পর্কে আলোচনা কৰিলোঁ। মঞ্চ আৰু বোলছবিৰ অভিনেতা স্ববীন অধ্যাপকৰ 'পুৱতি নিশাৰ সপোন’, ‘এপ্রিল ফুল’(নাট্যকাৰৰ নাম পাহৰিলোঁ) আৰু মোৰ বন্ধুদ্বয় বিজন দত্ত আৰু উমেশ কর্মকাৰৰ অভিনীত ‘গজপ মিঞা’- নাটককেইখন বাছি ল’লো। এয়া ১৯৬৪ চনৰ কথা।

এই নাটকৰ ফাংচনটো ৰঙাজান বেছিকত কৰিবলৈ আলোচনা কৰিছিলোঁ যদিও এজন প্রবীণ অভিনেতাই বাধা দিলে। তেওঁৰ কথা হ’ল- আগতে তেওঁলোকে যিহেতু ছোৱালী লৈ নাটক কৰা নাছিল, গতিকে আমিও সহ-অভিনয় কৰিব নোৱাৰোঁ। তেওঁ নাটক বন্ধ কৰাৰ ধমকি দিলে। কথাটো বন্ধুবৰ্গৰ লগত আলােচনা কৰিলোঁ। তেওঁলােকে ইয়াতে কৰাৰ কথা ক’লে যদিও কাজিয়া হ’লে নাটকৰ পৰিৱেশ নাথাকিব বুলি ভাবি বুধবৰীয়া হাটখােলাত নাটক কৰাৰ সিদ্ধান্ত ল'লোঁ। তাত নাৰী চৰিত্ৰত অভিনয় কৰিবলৈ সাহসেৰে ওলাই আহে প্রয়াত প্রধান শিক্ষক লােকেশ্বৰ গগৈৰ মাজু জী ইন্দু গগৈ। তেওঁ আছিল ৰঙাজান অঞ্চলৰ সহ-অভিনয় কৰা প্ৰথম গৰাকী যুৱতী। আমাৰ পষ্টাৰিং ব্যতিক্রমী আছিল। সময় দিয়া হৈছিল সন্ধ্যা ৭ বাজি ২৯ মিনিট। আমি এই সময়টো এই কাৰণেই দিলোঁ যে, প্রবীণচামে নাটক কৰোঁতে ৭-৩০ বা ৮ বজা বুলি উল্লেখ কৰে। দর্শক নির্দিষ্ট সময়তকৈ বহু পিছত উপস্থিত হয়। আমাৰ ব্যতিক্রমী সময়টো দেখি দর্শক নির্দিষ্ট সময়ত আহিব বুলি আশা কৰিলোঁ। আমি ভবাতকৈ কথাটো বহুত বেলেগ হ'ল। নির্দিষ্ট সময়তকৈ এক-ডেৰ ঘণ্টা আগত আহি ৰভাতলী ভিৰ কৰিলেহি। আমি কাঁটাই কাঁটাই নাটক কৰা সম্ভৱ নহ'ব বুলি অনুমান কৰিয়ে এজন গায়কক নিমন্ত্রণ কৰি গীত পৰিৱেশনৰ ব্যৱস্থা কৰিছিলোঁ। তেওঁ নির্দিষ্ট সময়ত মঞ্চৰ আঁৰ কাপােৰ আঁতৰােৱাৰ লগে লগে হামনিয়াম বজাই গীত আৰম্ভ কৰিলে। এই মুহূর্তত তেওঁৰ নাম মনত পৰা নাই। 'পুৱতি নিশাৰ সপােন' আৰু ‘এপ্রিল ফুল’- মঞ্চ নির্মাণ কৰি মই পৰিচালনাকৰা প্ৰথম নাটক আছিল। আনৰ মুখত শুনিবলৈ পােৱা মতে আমাক বিধি-পথালি দিয়া অভিনেতাজন দর্শকৰ পিছৰ শাৰীত আছিল। তেওঁ কাৰো আগত কোনোধৰণৰ মতামতনিদিলে।

এই সফল সহ-অভিনয়ে মোক ইমান সাহস আৰু প্ৰেৰণা দিলে যে, পিছৰ বছৰত তিতাবৰ পাব্লিক ক্লাবত প্রথমবাৰৰ বাবে সহ-অভিনয়ৰ পাতনি মেলা পৰিচালক তৰুণ শৰ্মাৰ কাষ চাপোঁ। নাটকখন আছিল 'আর্চি'। সহ-অভিনয়ৰ সিদ্ধান্ত লোৱা বুলি জানি নন্দনাথ শইকীয়া কলেজৰ অধ্যক্ষ চক্ৰ শইকীয়াই বাধা দিছিল। তাৰ প্ৰতিবাদ কৰিলে মৌজাদাৰ মহেন্দ্র শইকীয়াই। তেওঁ তৰুণ শৰ্মাৰ পক্ষে থিয় দিলে। প্রতিবাদী সভা হ’ল আৰু প্ৰচিডিঙো হ'ল। তেতিয়া অধ্যক্ষ শইকীয়া পিছ হোঁহকিল। কিন্তু তিতাবৰৰ ক’তো ছোৱালী পোৱা নগ'ল। ন-আলি ঢেকিয়াজুলিৰ দীপিকা দত্ত নামৰ ছোৱালীজনীক কোৱাত তাই সন্মতি প্রদান কৰে। তেওঁ নিয়মিতভাৱে আহি আখৰাত যোগ দিয়ে। নাটকখন প্রথমে তৰুণ শৰ্মাই পৰিচালনা কৰিছিল যদিও পিছত যােৰহাটৰ মঞ্চ আৰু বোলছবিৰ অভিনেতা নেইমউদ্দিন আহমেদক মাতি আনি পৰিচালনাৰ দায়িত্ব দিয়ে। তেওঁ পৰিচালনাৰ উপৰি এজন কেপ্টেইনৰ চৰিত্ৰত অভিনয় কৰে। এই ‘আর্চি’ নাটকত গােলাঘাটৰ বিখ্যাত নাট পৰিচালক পৰৱৰ্তী সময়ত বহুতো অসমীয়া ছবিৰ পৰিচালক শিৱ ঠাকুৰেও এটা গুৰুত্বপূর্ণ চৰিত্ৰত অভিনয় কৰে। নাটকখন সফলভাৱে মঞ্চায়ন হয়। মই এজন উন্মাদ সাহিত্যিকৰ ভাৱত অভিনয় কৰিছিলোঁ।

এই নাটকখন কৰাৰ পিছত সেই বছৰতে মই মৰাণ চেতিয়া প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত তাৰ যুৱক-যুৱতীক লৈ ‘সেই বাটেদি’ নামৰ পূৰ্ণাংগ নাটকখন মঞ্চস্থ কৰোঁ। দ্বিতীয়বাৰ তাত 'ঘাত-প্রতিঘাত’নামৰ পূৰ্ণাংগ নাটকখন আগৰদৰে সহ-অভিনয়েৰে মঞ্চস্থ কৰোঁ ১৯৬৭ চনত। ১৯৬৮ চনত কৰঙাত চিত্রসেন ৰাজকুমাৰৰ পৰিচালনাত বঙ্গৰ উৎপল দত্তৰ 'ৰাত্ৰেৰ অতিথি’নামৰ নাটকখনৰ মুখ্য চৰিত্ৰটোত মই অভিনয় কৰিছিলোঁ।

১৯৬৬ চনত প্ৰথমবাৰৰ বাবে ৰঙাজান বেছিকৰ প্রাঙ্গণত শংকৰদেৱ উৎসৱ পালন কৰা হয়। মই আছিলোঁ সাংস্কৃতিক সম্পাদক। মই দুখন নাটক কৰাৰ সিদ্ধান্ত ল'লোঁ। এখন দুবছৰৰ আগতে কৰা 'পুৱতি নিশাৰ সপোন’ আৰু আনখন ডাক্তৰ উপেন কাকতিৰ 'বৰলা মেচ'। প্রথমখন কৰিবলৈ আগৰ দলটোকে ল’লোঁ। 'বৰলা মেচ'ৰ অভিনয়ৰ বাবে কেইবাজনো আগৰ অভিনেতা আৰু কোনােদিন সহ-অভিনয় নকৰা এজনী ছোৱালী বাছি ল'লোঁ। মই বহুদিন ভাবি এবাৰাে আখৰা নকৰাকে নাটক কৰাৰ কিটিপ এটা উদ্ভাৱন কৰিছিলোঁ। বৰলা মেচৰ গােটেই কাহিনীটো কৈ দিলোঁ। চৰিত্ৰ কাষ্টিং কৰিলোঁ। সকলোকে ক'লো-“কাহিনীটো যেতিয়া জানিলাই, সংলাপবোৰ নিজে ঠিক কৰি ল’বা।” তেওঁলাকে ক'লে, ‘পাৰিম।’ অভিনয়ে দর্শকক যথেষ্ট আমোদ দিলে। এই পদ্ধতিটো আজিকালি স্কুল অব ড্রামাৰ অভিনয় শিক্ষা গ্রহণ কৰাসকলে ৱৰ্কশ্ব’প পাতিলে 'ইমপ্র’ভাইজেচন’ বুলি কয়। তেতিয়া এই শব্দটোৰ লগত কিন্তু মোৰ পৰিচয় নাছিল। 'বৰলা মেচ’খন মোৰ পৰীক্ষামূলক প্রথম পৰিচালনা । এবাৰো আখৰা নকৰাকৈ নাটক কৰা বুলি কোৱাত বহুতে বিশ্বাস কৰিবলৈ টান পাইছিল।

ইয়াৰ পিছত মই প্রত্যেক বছৰে ধাৰাবাহিকভাৱে ১৯৭৬ চনলৈকে নাটক কৰি যাওঁ। মই ৰচনা আৰু পৰিচালনা কৰা দুখনমান উল্লেখযোগ্য পূর্ণাংগ নাটক হ'ল— 'ঋণ পৰিশোধ' (হাস্য ৰসাত্মক) আৰু 'লুইতক ভেটিব কোনে' (বানপীড়িত ৰাইজৰ দুখ-দুর্দশাক কেন্দ্ৰ কৰি লিখা প্রতীক ধর্মী নাটক)। মোৰ 'নায়িকা বিচাৰি’ নাটকখনৰ উপস্থাপন পদ্ধতি আছিল এন্টি থিয়েটাৰ। এনেধৰণৰ নাটক ৰঙাজানত আগতে কোনেও কৰা নাছিল। পিছতো এতিয়ালৈকেকোনেও কৰা নাই।

? আপুনি আৰু কি কি নাটক কৰিছিল ?

প্রদীপ গগৈঃ প্রখ্যাত চলচিত্র নির্মাতা অতুল বৰদলৈ ৰচিত ‘ত্ৰিশংকু’ আৰু গোলাঘাটৰ এজন নাট্যকাৰৰ 'নাটক আৰু নেলাগে’ পৰিচালনা কৰিছিলোঁ। দর্শকৰ বিপুল সহাঁৰি লাভ কৰিছিলোঁ। তাৰ উপৰি লক্ষ্মীনাথ বেজবৰুৱাৰ 'পাচনি’ নাটকখন মই পৰিচালনা কৰিছিলোঁ। এইখন নাটকত ন-আলি ঢেকিয়াজুলিৰ বিখ্যাত অভিনেতা দেৱেন বৰাই 'ঋণ পৰিশোধ’খন ছাদ্ৰী ভাষালৈ অনুবাদ কৰিছিল। খাচ অসমীয়া কোৱা মানুহৰ জৰিয়তে সেইখন মঞ্চস্থ কৰা হৈছিল। আটাইকেইখন নাটক ৰঙাজান বেছিক স্কুলত কৰা হৈছিল। 'ঋণ পৰিশোধ’ (অসমীয়া) অন্য ঠাইত একাধিকবাৰ কৰা হৈছিল।

? আপোনাৰ শ্রেষ্ঠ নাটক কোনখন বুলি ভাবে ?

প্রদীপ গগৈঃ মই ভাবোঁ যে, অভিনয়ৰ দিশৰ পৰা মই লিখা সর্বোত্তম নাটকখন—'আপুনি বয়স হইলে'। ১৯৮৮ চনত ৰঙাজানত পতা বিহু সন্মিলনত প্রথম নিশা প্রায় ২০০০ দর্শকৰ আগত নাটকখন মঞ্চস্থ কৰা হৈছিল।

? আপুনি লিখা নাটকবিলাকৰ নাম কওকচোন। কেইখন লিখিলে ?

প্রদীপ গগৈঃ পূর্ণাংগ নাটক পাঁচখন- ঋণ পৰিশোধ, এই যাত্রা জয় যাত্রা, লুইতক ভেটিব কোনে, আপুনি বয়স হইলে (মোৰ অনার্তাৰ নাট ‘অপছন্দ’ৰ মঞ্চ নাটৰ ৰূপ) আৰু থ্রিলাৰ ৰঘুবীৰ। শেষৰখন ক’তো কৰা নহ'ল। একাংকিকা দুখন- মোৰ আই (কৰা নহ'ল) আৰু নতুন পুৱাৰ বেলি।

? অনাতাঁৰ নাটকো লিখিছিলে বুলি শুনিছো। কি কি লিখিছিল? আটাইবিলাক সম্প্রচাৰ হৈছিল নে?

প্রদীপ গগৈঃ মই লিখা আটাইকেইখন নাটকেই আকাশবাণী ডিব্ৰুগড় আৰু যোৰহাট কেন্দ্ৰৰ যোগেদি সম্প্রচাৰিত হৈছিল। ১৯৮৬ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কাৰণে মই এলানি নাটক লিখিবলৈ পাইছিলোঁ। চুটি হাস্য ব্যংগৰ এই নাটককেইখন হ'ল ক্রমে- (১)হাই ফ্ৰিকুৱেঞ্চি, (২) চিকিৎসা (স্বয়ংসম্পূর্ণ প্রথম খণ্ড), (৩) চিকিৎসা (স্বয়ংসম্পূর্ণ ২য় খণ্ড), (৪) আচল চাহাব (৫) অপছন্দ (৬) শিক্ষা (৭) শিল্পী (স্বয়ংসম্পূর্ণ প্রথম খণ্ড) আৰু (৮) শিল্পী (২য় খণ্ড)। এই নাটককেইখনৰ বেছিভাগেই পৰিচালনা কৰে প্রযোজক মুনীন ভূঞাই। অভিনয় কৰে অনাতাঁৰ শিল্পীসকলে।

১৯৯২ চনত যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ নাট প্রযোজকৰ লগত যোগাযোগ কৰি যোৰহাট প্রিন্স অব ৱেলছৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক লৈ মই ৰচনা কৰা ‘শিলবােৰ’ নামৰ নাটখন (৪০ মিনিটৰ) পৰিচালনা কৰোঁ। যোৰহাট কেন্দ্রৰ নাট প্রযােজক অসমৰ বিখ্যাত মঞ্চনাট, বোলছবি অভিনেতা নীলু চক্ৰৱৰ্তীয়ে নাটখন বাণীবন্ধন কৰে। তেওঁ আমাৰ অভিনেতা-অভিনেত্রীসকলক উচ্চ প্রশংসা কৰি কয় যে, অতি শীঘ্ৰে নাটকখন সম্প্রচাৰ কৰা হ'ব। কিন্তু নানা অজুহাত দেখুৱাই দুবছৰ পেলাই থ’লে। পিছত প্রযোজক হিচাপে অহা কবি, গল্পকাৰ কৌস্তুভমণি শইকীয়াই এদিন বাণীবন্ধন কৰা নাটখনি উদ্ধাৰ কৰে আৰু বজাই শুনে। লগে লগে তেওঁ দুটা খণ্ড সম্প্রচাৰ কৰে। নীলু চক্ৰৱৰ্তীয়ে কিয় সম্প্রচাৰ নকৰিলে আজিও মোৰ বাবে সাঁথৰ হৈ ৰ'ল। তাৰ পাছত আৰু অনাতাঁৰ নাট লিখা নহ'ল।

? আপোনাৰ অনুপ্ৰেৰণাৰ উৎস কি ?

প্ৰদীপ গগৈঃ প্ৰথম অনুপ্ৰেৰণা পাইছোঁ মোৰ দেউতা হেমচন্দ্ৰ গগৈৰ পৰা, নাটকৰ ক্ষেত্ৰত। দ্বিতীয়তে, সিদ্ধেশ্বৰ গগৈ, প্ৰমোদচন্দ্ৰ বুঢ়াগোহাঁই, মানৱ চলিহা। তিনিওজন কবিতাৰ ক্ষেত্ৰত। আৰু মোৰ বন্ধুবৰ্গই সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল।

(তিতাবৰৰ ৰঙাজানৰ তিনিটা সামাজিক-সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপা ক্ৰীড়া সাংস্কৃতিক বিকাশ কেন্দ্ৰ, জ্যোতিৰূপা মইনা পাৰিজাত আৰু লখিমী মহিলা সমিতিৰদ্বাৰা যৌথভাৱে আয়োজিত ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ "মন্থন"(১৯ ছেপ্টেম্বৰ, ২০১৫, সম্পাদক- ত্ৰিলোচন গগৈ)ৰ পাতৰ পৰা সম্পাদিত ৰূপত পুনৰপ্ৰকাশ কৰা হৈছে।)

Share Button
Print Friendly, PDF & Email

No Comments : "ৰঙাজানৰ নাট্যকর্মী প্রদীপ গগৈৰ সৈতে এটি সাক্ষাৎকাৰ-(ত্ৰিলোচন গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *