ৰূপিৰ কাহিনী-(ঋজু শইকীয়া)

বিচিত্ৰ ভাৰতৰ নিকট অতীতত নানা ৰঙী হোৱা বিচিত্ৰ বহুৰূপী 'ৰূপি'ৰ সাধু শুনিবনে? শুনে যদি কওঁ, শুনক। পিছে এই ৰূপি কোনো বিৰহ বেদনাত আক্ৰান্ত ৰাজকুমাৰী নহয় দেই, ই ভাৰতীয় মুদ্ৰাহে। আপুনিতো জানেই, বিগত দিনবোৰত ডলাৰৰ তুলনাত ৰূপিৰ মূল্যৰ পতনে নিত্য নতুন অভিলেখ গঢ়িবলৈ ধৰিছে। আজিৰ তাৰিখত ৭২.৬১ টকা হিচাপেৰে ৰূপিৰ ইতিহাসত ই সৰ্বনিম্ন মূল্য (৭২.৭০)। বৰ্তমান অৰ্থনীতিবিদসকলে ইয়াৰ আৰু পতনৰ আশংকা কৰিছে। কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে ঠিক স্বাধীনতাৰ পাছতে ৰূপিৰ মূল্য ডলাৰৰ সমান আছিল। তেন্তে আজিৰ তাৰিখত এই শোচনীয় অৱনমনৰ ৰহস্য কি? জানিবলৈ মন নাযায়নে বাৰু?

দৰাচলতে, ১৯৪৭ৰ আগতে অৰ্থাৎ ভাৰত ইংলেণ্ডৰ অধীনত থাকোতে ভাৰতৰ অৰ্থ ব্যৱস্থাও ইংৰাজৰ অধীনত আছিল। সেয়ে স্বাধীনতাৰ ঠিক পাছতে ভাৰতৰ কোনো ৰাষ্ট্ৰৰ লগত দেনা-পাওনা নাছিল। সেয়ে ৰূপিৰ মূল্য ডলাৰৰ সমান ৰূপে আত্মপ্ৰকাশ কৰিছিল। কিন্তু স্বাধীনতাৰ লগে লগেই ভাৰতৰ অৰ্থব্যৱস্থাক গতি দিবলৈ বৈদেশিক ঋণৰ প্ৰয়োজনীয়তা আহি পৰে। ১৯৫১ চনত ভাৰতে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰে। এই পৰিকল্পনাৰ বাস্তৱিক ৰূপায়ণৰ বাবে ঋণ বা বিনিয়োগ ৰূপে ভাৰতক অৰ্থৰ প্ৰয়োজন হয়। সেয়ে বৈদেশিক সাহায্যৰ বাবে ভাৰতে প্ৰথমবাৰৰ বাবে ৰূপিৰ মূল্য হ্ৰাস কৰে। উদ্দেশ্য মাথোঁ এটাই, বৈদেশিক বিনিয়োগক উৎসাহিত কৰা আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল টনকিয়াল কৰা। ঘটনাটো বুজিবলৈ এইদৰে ভাবিব পাৰি যে - যি দেশৰ তুলনাত ভাৰতৰ মুদ্ৰাৰ মূল্য কম হ'ব, তেনেবোৰ দেশে ভাৰতৰ পৰা সামগ্ৰী আমদানি কৰিবলৈ উৎসাহিত হ'ব। ধৰক কোনো দেশৰ মুদ্ৰাৰ মূল্য টকাৰ মূল্যতকৈ অধিক হয় তেন্তে সেই দেশৰ কোনো ব্যক্তিয়ে সেই দেশৰ মূল্য অনুপাতে ভাৰতৰ পৰা যথেষ্ট সস্তাত কোনো সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হ'ব অথবা কোনো বিনিয়োগকাৰীয়ে ধৰক এটা ফেক্টৰী স্থাপন কৰিব বিচাৰিলে তেওঁ, নিজ দেশৰ তুলনাত বহু কম বিনিয়োগ কৰিয়ে ভাৰতত ফেক্টৰী স্থাপন কৰিবলৈ সক্ষম হ'ব। সেয়ে বিনিয়োগ আৰু ৰপ্তানিক উৎসাহিত কৰাৰ উদ্দেশ্যে কোনো দেশে নিজ মুদ্ৰাৰ মূল্য হ্ৰাস কৰে। "এইটো তেন্তে বৰ ভাল কথা নহয়নে? ইয়াৰ বাবে আকৌ হৈ-ছৈ কিয় কৰিব লাগে? দেশলৈ পইচা আহিব! সেইটো উৎসাহজনক খবৰহে, এই বিৰোধীবোৰ যে আৰু যি কোনো কথাতে খালি হৈ-ছৈ কৰে....." - ৰ'ব, ৰ'ব। ব্ৰেক মাৰক। কথাটো ইমান সহজ নহয়। কিয়? এই বিষয়ে পাছলৈ আলোচনা কৰিম। কথা হ'ল, স্বাধীনতাৰ ঠিক পাছতে ভাৰতে ৰূপিৰ ক্ষেত্ৰত "স্থিৰ বিনিময় দৰ" ব্যৱস্থা আঁকোৱালি লৈছিল। অৰ্থাৎ এই ব্যৱস্থা অনুসৰি ডলাৰৰ তুলনাত ভাৰতীয় ৰূপিৰ মূল্য কিমান হ'ব সেইয়া সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিছিল চৰকাৰে। সেয়ে এই ব্যৱস্থা মৰ্মেই বিনিয়োগ আৰু মূল্যৰ টনাটনিত ১৯৪৮ৰ আশে-পাশে এক ডলাৰ হয় গৈ ৪°৭৯ টকা।

ধৰক, আপুনি এজন সাধাৰণ খেতিয়ক। আকালো নাই ভঁৰালো নাই। এতিয়া আপোনাক কিবা কাৰণত টকাৰ প্ৰয়োজন হ'ল। আপুনি ধৰক বাৰীৰ নেমু কেইটামান লৈ বজাৰ পালেগৈ। আপোনাক টকাৰ যিহেতু বহুত প্ৰয়োজন সেয়ে আপুনি জোৰা দহ টকা বজাৰ দৰ চলি থকা দিনত দহ টকাত তিনিটা হিচাপত নেমুকেইটা লৰালৰিকৈ বিক্ৰী কৰি থৈ আহিল। কথাটো ভাল হ'ল নে বেয়া হ'ল বাৰু ? মই কওঁনে! - "আপোনাৰ হাতত জমা টকা নথকাটো আপোনাৰ দোষ। যাৰ বাবে বজাৰৰ দ্বাৰা আপুনি প্ৰতাৰিত।" ভাবকচোন!, মই সাধু শুনাওঁ। যুদ্ধ, অব্যৱস্থা আদি অৰ্থনীতিৰ সুস্থ বিকাশৰ প্ৰধান অন্তৰায়। তেনে ক্ষেত্ৰত ভাৰত ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত থাকিব বুলি কল্পনা কৰিব পাৰি জানো? হয়, ভাৰতৰ ক্ষেত্ৰতো সেয়ে হ'ল। চন ১৯৬২ আৰু ১৯৬৫। দুখন ভয়ানক যুদ্ধ। প্ৰস্তুতি নাই, ৰছদ নাই, অৰ্থ নাই .... এক অবৰ্ণনীয় পৰিস্থিতি। সেইবুলিতো দেশ আনৰ হাতত এৰি দিব নোৱাৰি! সেয়েহে যুদ্ধবিধ্বস্ত অৰ্থনীতিক টনকিয়াল কৰিবলৈ পুনৰবাৰ ৰূপিৰ মূল্য অৱনমিত কৰা হয়। এইবাৰ এক ডলাৰৰ মূল্য হয়গৈ প্ৰায় ৭.৫৭ টকা। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিস্তৃত বিৱৰণ সদ্যহতে নিদিওঁ। কিন্তু জানি থোৱা ভাল ১৯৭১ চনত ভাৰতীয় ৰূপিৰ যোগসূত্ৰ ব্ৰিটিছ পাউণ্ডৰ স্থানত ডলাৰৰ লগত স্থাপন কৰা হয়। (ইয়াৰ আগৰ কোনো এক লেখাত মই 'নিক্সন শ্বক'ৰ কথা উল্লেখ কৰিছিলোঁ। সেই চনটো ১৯৭১ চনেই আছিল, নহয়নে!) ইয়াৰ পাছৰ পৰায়ে ৰূপিৰ মূল্যৰ খৰতকীয়া ক্ৰমাগত অৱনমন প্ৰক্ৰিয়া আৰম্ভ হয়। ১৯৭৫ চনত ই যদি হয় ৮.৩৯ টকা, ১৯৮৫ আহি পায় মানে ই হয়গৈ ১২ টকা। ১৯৯১ চনটো ভাৰতীয় অৰ্থনীতিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। এই কথা এইখিনিতে উনুকিওৱা ভাল হ'ব যে - পৃথিৱীত বৰ্তমান যিটো 'ধাৰ নিৰ্ভৰ' (Debt base) অৰ্থনৈতিক ব্যৱস্থা সেই ব্যৱস্থাৰ অৱধাৰিত পৰিণতি স্বৰূপে অৰ্থনীতিৰ উত্থান আৰু পতন চক্ৰ জড়িত। ইয়াৰে সাক্ষী চন ১৯৯১। এই সময়লৈ ভাৰতৰ অৰ্থনীতি এক প্ৰগতিহীন ধাৰা আৰু অত্যধিক মূল্যবৃদ্ধিৰ কবলত পৰাৰ পৰিণামত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল প্ৰায় শূন্য হোৱাৰ উপক্ৰম হৈছিল।(বিষয়টোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপট এৰাই চলিছোঁ) ফল স্বৰূপে ডলাৰৰ তুলনাত সেই সময়লৈ ৰূপিৰ মূল্য হয় ১৭.৯০ টকা। ৰূপিৰ মূল্য সুস্থিৰ কৰাৰ সকলো চৰকাৰী প্ৰচেষ্টা বিফল হোৱাত ১৯৯৩ চনত "স্থিৰ মূল্য দৰ"ৰ স্থানত ৰূপিক মুৰকত 'বজাৰ'ক অৰ্পণ কৰা হয়। অৰ্থাৎ তেতিয়াৰে পৰা ৰূপিৰ মূল্য বজাৰে নিৰূপণ কৰে। অৱশ্যে সংকটকালত ৰূপিৰ মূল্য স্থিৰ কৰিবলৈ RBIৰ কিছু ক্ষমতা আছে। এই নীতিৰ পাছতে ৰূপিৰ ক্ৰমাগত অৱনমনৰ গতি ক্ষিপ্ত হয়। চন ২০১০ আহে মানে, ডলাৰৰ বিপৰীতে ৰূপিৰ মূল্য ৪৫ থকালৈ অৱনমিত হয় আৰু আজিৰ তাৰিখত মোদী চৰকাৰ আৰু RBIৰ সমস্ত চেষ্টাৰ বিপৰীতে ই ৭২.৬১ টকা। দৰাচলতে ৰূপিৰ মূল্য বহু কাৰকৰ ওপৰত নিৰ্ভৰশীল। যেনে - মূল্যবৃদ্ধি, সুতৰ হাৰ, কৰ্ম সংস্থান, উন্নয়ন দৰ, ব্যৱসায়িক লোকচান, শ্বেয়াৰ বজাৰৰ উত্থান-পতন, বৈদেশিক মুদ্ৰাৰ ভঁৰাল আদি অসংখ্য কাৰক উল্লেখ কৰিব পাৰি। কিন্তু প্ৰকৃততে বা বিশেষভাৱে কোনো দেশৰ মুদ্ৰাৰ মূল্যৰ উত্থান-পতন ঘাইকৈ "বৈদেশিক মুদ্ৰা ভঁৰাল" সম্বন্ধীয়। কোনো দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল যদি টনকিয়াল হয় তেন্তে সেই দেশৰ মুদ্ৰাও সুস্থিৰ হয় আৰু এই ভড়াঁলৰ জমা হ্ৰাস হ'লে মুদ্ৰাৰ মূল্যও অৱনমিত হয়। আনহাতে বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ পোনপটীয়াকৈ আমদানি আৰু ৰপ্তানিৰ লগত যোগসূত্ৰ আছে। ধৰক কোনো দেশে যদি ৰপ্তানিতকৈ অধিক আমদানি কৰিব লগীয়া হয় তেন্তে বৈদেশিক মুদ্ৰাৰ ভঁৰাল দুৰ্বল হয়। যাৰ বাবে সেই দেশৰ মুদ্ৰাৰ মূল্যও হ্ৰাস হয়। আনহাতে ৰপ্তানি অধিক হ'লে বৈদেশিক মুদ্ৰা ভঁৰালো টনকিয়াল হয় আৰু দেশীয় মুদ্ৰাৰ মূল্যও বৃদ্ধি হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত যথেষ্ট সন্তুলনৰ প্ৰয়োজন। কাৰণ কোনো দেশৰ মুদ্ৰাৰ মূল্য অধিক হ'লে অন্যান্য দেশসমূহে সেই দেশৰ পৰা আমদানি কৰিবলৈ অনীহা প্ৰকাশ কৰিব, যাৰ ফলত দেশখনৰ ৰপ্তানি বাধাপ্ৰাপ্ত হ'ব। উদাহৰণ স্বৰূপে , ধৰক এক ডলাৰ মূল্য যদি পঞ্চাশ টকা হয়, তেন্তে আমেৰিকাৰ কোনো এক ব্যৱসায়ীয়ে ভাৰতৰ পৰা যিমান সামগ্ৰী কিনিব পাৰিব, সেই মূল্য সত্তৰ টকা হ'লে তাতকৈ অধিক সামগ্ৰী কিনিব পাৰিব। আজিৰ প্ৰেক্ষাপট যদি বিচাৰ কৰা যায় তেন্তে ৰূপিৰ মূল্য অৱনমনৰ প্ৰধান কাৰক হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে প্ৰধান কাৰক ৰূপে ধৰা দিয়ে। দ্বিতীয়তে ভাৰতৰ 'কাৰেন্ট একাউণ্ট ডেফিচিট'ও ২০১৯ লৈ ২.৫% হাৰত বৃদ্ধিৰ অনুমান কৰা হৈছে। সাধাৰণভাৱে এই কথাৰ চিধা অৰ্থ হ'ল - ৰপ্তানিতকৈ আমদানি অধিক হোৱা, যাৰ ফলত 'বৈদেশিক মুদ্ৰা ভঁৰাল'ৰ সঞ্চয় কমা। আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ স্থিতি সবল হোৱাও ৰূপিৰ মূল্য হ্ৰাসৰ অন্যতম কাৰণ। কথাখিনি ইমানতে সামৰিব পৰা হ'লে ভাল আছিল, কিন্তু নোৱাৰি। কথা হ'ল বৰ্তমান ভাৰতৰ বেংকিং ক্ষেত্ৰ অদেয় কৰ্প'ৰেট ঋণৰ হেঁচাত বৰ বেয়াকৈ আক্ৰান্ত। ইয়াৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি বিগত সময়ত ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত বিমুদ্ৰাকৰণ আৰু GSTৰ মাধমাৰ পৰে। আগৰে পৰা যুঁজি থকা ব্যৱস্থাটিত সংযোগ ঘটোৱা এনে হঠকাৰী সিদ্ধান্তবোৰে বৰ্তমান ভাৰতৰ অৰ্থনীতিৰ ভেটি জোকাৰি তুলিছে। অৰ্থনীতিত পুঁজিৰ অভাৱে দেখা দিছে। এই পুঁজিৰ অভাৱৰ বাবেই চৰকাৰে মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাটো বিচাৰে। কথাটো এইখিনিতে শেষ হোৱা হ'লে ভাল আছিল, কিন্তু কথা হ'ল বৈদেশিক পুঁজিৰ লগতে চৰকাৰে দেশীয় অৰ্থনীতিতো মুদ্ৰাস্ফীতি বিচাৰিছে। যাৰ বাবে পেট্ৰল-ডিজেলৰ পৰা অত্যধিক হাৰত কৰ সংগ্ৰহ কৰিছে। এই বৰ্ধিত দামে দেশীয় অৰ্থনীতিত মূল্যবৃদ্ধি সূচনা কৰিব। যাৰ আঁৰত চৰকাৰে পইচা ছপাবলৈ সুবিধা পাব। আনহাতে চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ হৈ আছে বুলি ধাৰণাৰ বাবে কৃষিখণ্ডৰ উৎপাদিত সামগ্ৰীৰ মূল্য যথাসম্ভৱ সুস্থিৰ কৰি ৰাখিছে যাৰ ফল ভোগ কৰিছে কৃষকসকলে। সকলো সামগ্ৰীৰে মূল্য বিগত বৰ্ষবোৰত বৃদ্ধি হৈছে যদিও অকল কৃষিখণ্ডহে ইয়াৰ পৰা আঁতৰত আছে। দৰাচলতে এয়াও চৰকাৰৰ সফলতা নহয়, ছলনা। মুঠতে এই চৰকাৰৰ নীতি, কাৰ্যপ্ৰণালী আৰু মনোভাব কোনো দিশেৰে জনমুখী নহয়, সকলো মাথোঁ কৰ্প'ৰেটমুখী। আগন্তুক সময়ত ৰাইজৰ প্ৰতিক্ৰিয়া লক্ষণীয় হ'ব।

Share Button
Print Friendly, PDF & Email

No Comments : "ৰূপিৰ কাহিনী-(ঋজু শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *