ভেঁকোভাওনা (সাগৰ সৌৰভ)

(১)

চাৰিআলি মূৰত চাৰি-পাঁচজনমান মানুহ। শীতমহীয়া কোমল ৰ'দজাকে বৃদ্ধ গছজোপাৰ ডাল-পাতেৰে সৰকি আহি তেওঁলোকক চুই যাব খুজিছে। সেই স্পৰ্শতে প্ৰাণ পাই উঠিছে তেওঁলোকৰ শৰীৰ। মনতো একধৰণৰ উজ্জীৱতা। কথাৰ মহলা। বিষয় : মাজৰখেলৰ নামঘৰত হ'বলগীয়া ভাওনাখন।

- “সি কিবা সেইটো ভাও ল'ব পৰা বিধৰনে, গাত মঙহেই নাই।"

- “তাক সেইটো ভাও দিলে মই কোনো কাৰণতে সহযোগ নকৰোঁ, এতিয়াই কৈ দিছোঁ হুঁ।"

- “সেইটো ভাও 'ৰবি'ক দিয়াতকৈ 'সোম'ক দিয়াই ভাল, ন'হলে 'মঙ্গল' আৰু 'বুধে'ও ভাও নলয়।"

চকুৰ তললৈ খহি পৰা চছমাযোৰৰ ওপৰেৰে ৰাস্তাৰ ফটা শিলবোৰ গণি গণি কেশৱে পঞ্চায়তৰ অফিচলৈ খোজ লৈছে। সেই আলোচনাত অংশগ্ৰহণৰ তীব্ৰ হাবিয়াস আছিল যদিও কথামতে কোনো মানুহ নহাৰ আগতেই ল'ৰাদুজন আহি অফিচ পাবহি আৰু সামান্যতম ধনৰ বিনিময়ত কাগজ-পাতিবোৰ সামৰি ল'ব। সেয়ে খৰখেদাকৈ তেওঁ বাট পোনাইছে। কেশৱৰ পুতেকে ঘৰত দিছে দুশাসনৰ ভাও, কত দ্ৰৌপদীয়ে বস্ত্ৰ হেৰুৱাইছে পঞ্চায়ত অফিচত।

কেশৱৰ খোজটো যিমানেই বাঢ়িছে, বুকুখনো সিমান কঁপিছে। 'অৰ্জুন'ৰ ভাওটো যেনেতেনে 'ৰবি'ক দিয়াব লাগিব, ন'হলে সি মহা পয়মালখন লগাব। এনেও সি নহ'লে তেওঁৰ খেতি-বাতিকে ধৰি চাহৰ বাগানখন চাবলৈও দ্বিতীয় এটা নাই। পুতেকৰ গাত এতিয়ালৈ ততেই নাই। সেই কথা ভাবি ভাবি তেওঁ পঞ্চায়তৰ অফিচ পালেগৈ। ল'ৰা দুজন ইতিমধ্যে ৰৈ আছিল। সিহঁতো বিনাদ্বিধাই অফিচৰ ভিতৰলৈ সোমাই গ'ল। গুণগুণনিৰ এক শব্দ।

(২)

দেওবৰীয়া সন্ধিয়াটো জিতমল অহালৈকে বাট চাই থাকে।

বগলীঠেঙীয়া নাচনী খোজেৰে বজাৰৰপৰা সি উলটি আহোঁতে বাঢ়ি আহে আলিবাটৰ শৰীৰ

পদূলিয়ে পদূলিয়ে জুম বান্ধি অশ্লীল বেদপাঠৰ শ্ৰোতা

কাৰ বুকুৱেদি কিমান ৰে'ল চলে ৰঙত, খঙত, ভয়ত….

জিতমল স্বাভাৱিক অৱস্থাত খুব শান্ত, নিৰ্জু। মুখৰ মাত এটাকে নোলায়। কিবা এটা সুধিলেহে উত্তৰ দিয়ে। কিন্ত পানীটোপা ধৰিলেই হৈ গ'ল। বিশেষকৈ দেওবাৰৰ দিনা। বজাৰৰপৰা লাওপানী খাই উলটি আহোঁতে বাটত যি-টি বলকে। বিশেষকৈ কেশৱ মাষ্টৰৰ ঘৰৰ সন্মুখত ৰৈ। বহু সময় চিঞৰি চিঞৰি কথা কয়। জিতমলৰ ঘৈণীয়েকৰ বুকু কঁপি থাকে। ৰাতিপুৱালৈহে তাৰ নিচা ফাটে।

পুহমহীয়া ৰাতিপুৱা। দেওবাৰ। নিহালীখনৰ তলত সোমাই দেবেন শইকীয়াই আকাশ-পাতাল ভাবি থাকে। উঠাৰ নামকে নলয়। একে সময়তে গাঁৱৰে চিৰবৈৰী কেশৱে ভেলৌগুৰি চেন্টাৰত গৈ তিতাচপা কাঠখিনি একেবাৰে কম দামতে কিনি পেলালেগৈ বুলি “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে” জাতীয় অনাভুৱা দুশ্চিন্তাই মনটোক তোলপাৰ লগাব খুজিলেও ৰাতিপুৱাৰ এই আমেজকণৰ প্ৰতি তেওঁ সততে অনুৰক্ত। প্ৰায় সকলো কথাতে ফেৰ মাৰিব নোৱৰা আৰু ৰাজহুৱা কথাবোৰত শেষত গৈ কেশৱৰ কথাতে হয়ভৰ দিবলগীয়া হোৱা বিফলতাই তেওঁক ৰঘুমলাৰ দৰে আৱৰি ধৰিছে আৰু প্ৰতি মুহূৰ্ততে অভ্যন্তৰে নৈয়ে পাৰ ভঙাৰ দৰে কোবাব ধৰিছে।

বেলি পৰাৰ আগেয়ে দেবেনে বজাৰত গৈ জিতমলক লগ ধৰিছে। খোঁচনিৰপৰা উলিয়াই দুপইচামান তাৰ হাতত তুলি দিছে।

(৩)

কেতেকী বাইদেউৰ বিয়াখন আৰু ন'হল।

কেতেকীয়ে তাঁত বয়। তাঁতে কেতেকীক বয়। সুমথিৰা দেহাটো মাকোটোৱে বিন্ধি বিন্ধি আধাভেটি হ'ল। তাইৰ দৰে কাজী গাঁওখন কি অঞ্চলটোতে নাই। কেতেকীয়ে বছা ফুলৰ গামোচা কোনোবা এনজিঅ' এটাই অসমৰ বহিৰলৈও হেনো লৈ গৈছে। সেই হিচাপে এনজিঅ'ৰ সভাপতিয়ে কিবা মেডেলো পাইছে।

- “….কেতেকীক চাবলৈ দৰা আহিব। নাৰায়ণপুৰৰ। হেলেমৰ ভানুৰ বিয়াত ল'ৰাজন আহিছিল বোলে। মালতী বায়ে তাতে চিনাকী হ'ল। ল'ৰাটোৰ হেনো অলপ বয়সো হৈছে। বিয়া পাতিবলৈ এতিয়া ছোৱালী বিচাৰি ফুৰিছে।“

- “ হয়নে ? আজিকালি হ'বলা ক'তনো চেঙেলীয়া এজনী পাব ?”

- “ সেইহেতুকে মালতী বায়ে কেতেকীকে সাঙুৰি দিয়াৰ কথা ভাবিছে। ইফালে কেতেকীৰ গাত ততেই নাই। মাকো সৰি পৰাৰ বিহুনামফাকি এতিয়াহে জমিছে। মৰতীয়ে ঘৰটোৱো টিপটপকৈ সাজিছে। দুৱাৰ-খিৰিকীত নতুন পৰ্দা ওলমিছে। চকী-টেবুলত নতুন কুছন।“

- “আই-ঐ, দেহি ইমানদিনে ক'তনো সাঁচি ৰাখিছিল ….”

- “কেতেকীহঁতৰ ঘৰলৈ সোমোৱা বাটটোতে খগেন মাষ্টৰৰ ঘৰ। খগেনৰ চাৰিজনীকে জীয়েক। ঘৰতে বহি ভাতসোপা গিলিছে।“

- “তাৰ পিছত “ - “খগেন কেতেকীক চাবলৈ দৰা আহিব বুলি ক'ৰবাত গম পালে। পিছদিনা খবৰ-খাটি লৈ খগেন বোলাটো নাৰায়ণপুৰ পালেগৈ।

- “হে হৰি…ক'তে মৰো।“

কেতেকী বাইদেউৰ বিয়াখন আৰু নহ’ল।

দিন গ'ল

পষেক গ'ল

বছৰ গ'ল

নাতিনীক কোলাত লৈ খগেনে সোলা হাঁহি মাৰিছে

এধানিমান ৰাতিলৈকে কেতেকীৰ তাঁতখনে হিয়া ধুনি কান্দিছে

(৪)

এবাৰ কোনোবা এখন থিয়েটাৰ আহিছিল। হায়াৰ ছেকেণ্ডেৰি ফিল্ডত। ইতিমধ্যে তপন দাস আৰু মৃদুল ভূঞাৰ অভিনয়ৰ কথা ডাঙৰ ল'ৰাবোৰৰ মুখত শুনিছো। সেই সময়ত টিকট এটাৰ বাবে টকা বিচাৰি সামান্যতম উপাৰ্জন এটাৰে ঘৰখন কোনোমতে চলাই থকা দেউতাক আমনি কৰাৰ দুঃসাহস নাছিল। তথাপিও নাটক আৰু অভিনয়ৰ য'তে-ত'তে ইমান আলোচনা শুনিলো, যি হ'ব দেখা যাওক বুলি বাকচৰপৰা কাপোৰ-কানি উলিয়াই পিন্ধি ল'লো। সময়মতে যথাস্থানত উপস্থিত হ'লো। ভিতৰলৈ সোমোৱাৰ সুযোগ এটা বিচাৰিহে আছিলো। তেনেতে প্ৰবেশদ্বাৰত আমাৰ গাঁৱৰ 'দুল দা'ক দেখিলো। অলপ সময় কাকূতি-মিনতিৰ শেষত গেলেৰিত বহি কিৰিলি পাৰিবলৈ সুযোগ এটা পালোঁ।

বাকীকেইদিন সেই স্থানত 'দুল দা'বা তেনে কোনো চিনাকি মানুহ নথকাৰ বাবে থিয়েটাৰ চোৱাৰ হাবিয়াস অন্তৰতে পুহি ৰাখিলো। ডাঙৰ ল'ৰাবোৰৰ আলোচনাৰপৰা শুনি হ'লেও লগৰবোৰৰ আগত নানাধৰণৰ সমালোচনাত্মক মন্তব্য আগ বঢ়াইছিলো।

(৫)

গাঁওখনত সোমোৱাৰ লগে লগেই এনেকুৱা বহু ঘটনা চকুৰ আগত ভাহি উঠে। ৰাজনীতি নহ’লে যেন একোৱেই নচলে। দিনটোৰ সৰু-বৰ সকলো কথাতে ৰাজনীতি জড়িত হৈ থাকে। এইদৰে ই সৰ্বাত্মক হৈ পৰিছে। জীৱন নিৰ্বাহৰ এই আয়োজনত প্ৰতিদিনেই আমি সকলো কথাতে ৰাজনীতিৰ প্ৰশয় লওঁ। আমাৰ সমাজব্যৱস্থাত ই এটা এৰাব নোৱৰা কাৰক হৈ পৰিছে।

সকলোতে ভেঁকোভাওনা। একে নামেৰে গাঁৱলীয়া পৰিবেশত ঘটা কিছু ঘটনাৰ আলমত আমি এখন চুটি ছবি নিৰ্মাণ কৰিছোঁ। অলপতে মুক্তি পাবলগীয়া ছবিখনত গাঁও এখনত সৰু-বৰ সকলো কথাতে ঘটি থকা ৰাজনীতিটোকে আমি বিষয় হিচাপে বাছি লৈছোঁ। ৰাজনীতি যে কেৱল দল-সংগঠনবোৰে পাঁচ বছৰৰ বাবে ক্ষমতালৈ আহিবলৈ কৰা এক অনুশীলন নহয়, প্ৰাত্যহিক জীৱনৰ সকলো কথাতেই ওতপ্ৰোতভাবে জড়িত সেই কথা ইতিমধ্যে আমি বুজি উঠিছোঁহঁক।

 

Share Button
Print Friendly, PDF & Email

No Comments : "ভেঁকোভাওনা (সাগৰ সৌৰভ)"

Leave a Comment

Your email address will not be published. Required fields are marked *