চাহ শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত (জিতেন বেজবৰুৱা)

এটা কথাত কোনো সন্দেহ নাই যে চাহ শ্ৰমিক আদিবাসীসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। ঔপনিবেশিক যুগৰেপৰা এইসকল লোকে চাহ বাগান-কেন্দ্ৰিক ঘেট’সমূহত যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি ক’ব নোৱাৰি। আন দিশৰপৰা, সম্পূৰ্ণ অৰ্থত শ্ৰমিক বুলি ক’বলৈ হ’লে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত হয়তো একমাত্ৰ তেওঁলোকলৈকে আঙুলিয়াব পাৰি – কিয়নো আংশিক বা বিক্ষিপ্তভাৱে নহয়, এটা জনগোট হিচাপে উমৈহতীয়া ৰূপত পুঁজিবাদী উদ্যোগত শ্ৰমিকৰ ভূমিকা পালন কৰা তেওঁলোকেই একমাত্ৰ জনগোষ্ঠী, যি একে সময়তে ছিন্নমূল আৰু শ্ৰমৰ বাদে জীৱন ধাৰণৰ আন সকলো সম্বলৰপৰা বঞ্চিত। কিন্তু ইউৰোপীয় পুঁজিবাদৰ চিনাকি শ্ৰমিকজনৰ বৈশিষ্ট্যসমূহো অসমৰ চাহ শ্ৰমিকজনে আয়ত্ত কৰিব পৰা নাই, কাৰণ তেওঁৰ বিকাশ ঘটিছে ঔপনিবেশিক ঔৰসত আৰু প্ৰতিকূল সামাজিক প্ৰেক্ষাপটত। ইয়াৰ বিপৰীতে মাৰ্কিন ইতিহাসৰ আফ্ৰিকীয় দাসসকলৰ লগতহে তেওঁৰ ইতিহাস আৰু জীৱন সংগ্ৰামৰ অধিক মিল পৰিলক্ষিত হয়। গতিকে এফালে পুঁজিবাদী শোষণ আৰু আনফালে সামাজিক-ৰাজনৈতিক দাসত্ব – এই দুটাই হয়তো জনগোট হিচাপে চাহ শ্ৰমিকসকলৰ প্ৰগতিৰ প্ৰধান প্ৰতিবন্ধক। এইখিনিতে জনগোষ্ঠীটোক লৈ হোৱা অভিধাগত সমস্যাৰ বিষয়ে এষাৰ কোৱাটো প্ৰয়োজনীয়। আমি জনপ্ৰিয় ব্যৱহাৰৰ দিশৰপৰা ‘চাহ জনগোষ্ঠী’ শব্দযুগল বা তাৰ আংশিক ভিন্নৰূপকে প্ৰধানকৈ ব্যৱহাৰ কৰিছো। কিন্তু সাংস্কৃতিকভাৱে আৰু সম্প্ৰতি বৃত্তিগতভাৱে বৈচিত্ৰ্যপূৰ্ণ আৰু বহুল জনগোষ্ঠী এটাক এটা পণ্য বা এটা কৰ্মৰ সৈতে সাঙুৰি ৰাখিব খোজাটো সামাজিক অন্যায়। বহুতে সেয়ে ‘ঝাড়খণ্ডী আদিবাসী’ আদি অভিধা সংগত কাৰণতেই ব্যৱহাৰ কৰিছে : এই অভিধাটো অচিনাকি আৰু সি অতিৰিক্ত ব্যাখ্যা অবিহনে সাধাৰণ পাঠকৰ সন্মুখত জনগোষ্ঠীটোৰ এখন স্পষ্ট আৰু নিৰ্দিষ্ট ছবি দাঙি ধৰিব পাৰিব যেন নালাগে; কিন্তু জনগোষ্ঠীটোৰ সাংস্কৃতিক আত্মপৰিচয়ৰ সূচক তথা ঘোষণা হিচাপে এই অভিধা নিশ্চয়কৈ আদৰণীয়। এই অভিধাৰ সমস্যাটো কেৱল ভাষাগত সমস্যা নহয়, তাৰ ৰাজনৈতিক আৰু সমাজ-ঐতিহাসিক আয়তনো মন কৰিবলগীয়া। অসমীয়া জাতীয় জীৱনৰ বৰমূৰীয়াসকলৰ ভালেমানে ‘চাহপতীয়া’, ‘সেউজ অসমীয়া’ আদি বিভিন্ন অভিধা জনগোষ্ঠীটোৰ প্ৰতি আগ বঢ়াই অহা দেখা যায়। সেয়া অভিভাৱকত্ববাদৰ স্পষ্ট নিদৰ্শন। সামাজিক আধিপত্যৰ এক প্ৰধান হাতিয়াৰ হ’ল সংজ্ঞায়ন : সংজ্ঞা নিৰ্ধাৰণৰ অধিকাৰ থাকে সমাজৰ আধিপত্যশীল অংশৰ হাতত আৰু সেই সংজ্ঞা বিনাপ্ৰশ্নে প্ৰান্তীয় গোষ্ঠীসমূহে মূৰ পাতি ল’বলগা হয়, আৰু ইয়াৰ মাধ্যমেৰেই সেই গোষ্ঠীসমূহৰ ওপৰত আধিপত্যশীল অংশৰ সাংস্কৃতিক আধিপত্যই আনুষ্ঠানিক ৰূপ লাভ কৰে।

আনহাতে, এক একক আৰু সমসত্ব সত্তা হিচাপে ‘চাহ জনগোষ্ঠী’ পৰিচয়টোৰ বিকাশৰ বাবে চাহ উদ্যোগৰ লগতে অসমীয়া জাতীয়তাবাদৰ বিশেষ চৰিত্ৰও সমানে দায়ী। বহল অসমীয়া সমাজখনৰপৰা নিলগাই চাহ শ্ৰমিকসকলক দ্বীপসদৃশ ঘেট’সমূহত চিৰকাল আবদ্ধ কৰি ৰাখিবৰ বাবে ব্ৰিটিছ চাহ মালিক আৰু ঔপনিবেশিক চৰকাৰে যুটীয়াভাৱে আৰম্ভণিৰেপৰাই সকলোধৰণে আইনগত, ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ বিপৰীত দিশৰপৰা ক্ৰিয়া কৰিছিল মূলসুঁতিৰ অসমীয়া সমাজৰ ঘৃণাৰ নীতিয়ে। চমুকৈ ক’বলৈ গ’লে, অসমীয়া জাতীয়তাবাদৰ বৰ্ণবাদী চৰিত্ৰ আৰু ঔপনিবেশিক উন্নাসিকতাৰ চূড়ান্ত প্ৰকাশ ঘটিছে চাহ জনগোষ্ঠীৰ প্ৰতি ইয়াৰ মনোভাবত। চাহ শ্ৰমিকসকলৰ প্ৰতি মালিক-কৰ্তৃপক্ষই গ্ৰহণ কৰা ৰাজনৈতিক-সামাজিক অৱদমন আৰু একাষৰীয়াকৰণৰ নীতি তথা জোৰ-জবৰদস্তিৰে জাপি দিয়া দাসত্বৰ প্ৰমূল্যৰ হেঁচাৰ দীৰ্ঘদিনীয়া পৰিণতি হিচাপে তেওঁলোকৰ মনত যেনেকৈ সাংস্কৃতিক আত্মনিমগ্নতা আৰু হীনমন্যতাৰ জন্ম হৈছিল, তেনেকৈ মূলসুঁতিৰ অসমীয়া সমাজখনৰ ঘৃণাৰ মনোভাবে তেওঁলোকক আৰু বেছিকৈ সংকুচিত কৰি তুলিছিল। এনেকৈয়ে বৰ্তমানৰ ঝাড়খণ্ড, ওড়িশা, পশ্চিমবংগ, ছট্টিশগড় আৰু মধ্যপ্ৰদেশৰ বিভিন্ন অঞ্চলৰপৰা অহা বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আৰু বিবিধ জীৱনধাৰাৰ বিভিন্ন গোষ্ঠীৰ লোকৰ একীভৱন আৰু সমসত্বকৰণ ঘটি নিৰ্মাণ হৈছিল ‘চাহ জনগোষ্ঠী’ নামৰ একক আৰু একশৈলিক সত্তাটো, মধ্যবিত্ত বৰ্ণহিন্দু অসমীয়াৰ ভাষাত ‘কুলী’ সত্তাটো। আজিৰ চাহ জনগোষ্ঠীৰ সাংস্কৃতিক আত্মপৰিচয়ৰ জাগৰণে নিশ্চয় প্ৰথমে সেই পৰিচয়ৰ জড় আৰু একশৈলিক ৰূপটোকে প্ৰত্যাহ্বান জনাব লাগিব, আৰু উন্মোচন কৰিব লাগিব তেওঁলোকৰ মাজৰ বৈচিত্ৰ্যপূৰ্ণ আৰু জীৱন্ত সংস্কৃতিসমূহ।

নক’লেও হ’ব যে অসমীয়া জাতীয় জীৱনৰ বৰমূৰীয়াসকলে চাহ জনগোষ্ঠীৰ প্ৰতি সদায় অভিভাৱকসুলভ মনোভাব গ্ৰহণ কৰি আহিছে, কিন্তু একে সময়তে গোষ্ঠীটোৰ জংগীপনা তথা ‘হিংস্ৰতা’ৰ প্ৰতি আতংকগ্ৰস্তও হৈ আহিছে। স্বাধীনতা আন্দোলনৰ সময়ছোৱালৈ যদি লক্ষ্য কৰো, অসমৰ কংগ্ৰেছ নেতৃবৃন্দই প্ৰথমে চাহ জনগোষ্ঠীসকলক আন্দোলনত চামিল কৰিব বিচৰা নাছিল; বৰং তেওঁলোকৰ জংগী শ্ৰমিক বিক্ষোভ দমন কৰাত বহু সময়ত ব্ৰিটিছৰ মধ্যস্থতাকাৰীৰ ভূমিকাহে পালন কৰিছিল। ইয়াৰ আঁৰত যেনেকৈ চাহৰ লগত জড়িত মধ্যবিত্ত নেতৃবৃন্দৰ স্বাৰ্থৰ ভূমিকা আছিল (বহুসংখ্যকৰ নিজৰ চাহ বাগিছা আছিল), তেনেকৈ চাহ জনগোষ্ঠীৰ প্ৰতি থকা তেওঁলোকৰ যুগপৎ ঘৃণা আৰু ভীতিৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এনেবোৰ কাৰণতে আন্দোলনৰ নেতৃত্বই জনগোষ্ঠীটোক আন্দোলনত চামিল কৰিবও নোৱাৰিলে, আৰু তেওঁলোকৰ স্বতন্তৰীয়া আন্দোলনসমূহকো স্বীকৃতি নিদিলে – আনকি আজিও অসমৰ জাতীয় আন্দোলনৰ ইতিহাসত জনগোষ্ঠীটোৰ অৱদানে যথাযথ গুৰুত্ব লাভ কৰা নাই। সি যি নহওক, আমি ইয়াত মূলতঃ ক’ব খুজিছো অসমীয়া জাতীয়তাবাদৰ ধ্বজাধাৰী শ্ৰেণীটোৰ চাহ জনগোষ্ঠীৰ প্ৰতি থকা মনোভাবৰ কথা। অসমীয়া জাতীয়তাবাদে সুবিধাজনকভাৱে ‘হিংসা’ৰ দায়িত্ব অৰ্পণ কৰিছে ইয়াৰ ‘অন্য’ সত্তা প্ৰান্তীয় জনগোষ্ঠীসমূহৰ ওপৰত যাৰ বিপৰীতে অসমীয়া জাতীয় সত্তাটোৱে নিজক থিয় কৰিব খোজে : এই অনুসৰি সেই সেই জনগোষ্ঠীসমূহ অন্তৰ্নিহিতভাৱেই হিংসাত্মক; সেইবাবেই নগা বা বড়োৰ ‘হিংসাত্মক’ চৰিত্ৰত বিশ্বাস কৰিবলৈ আমাক কোনো প্ৰমাণৰ প্ৰয়োজন নহয়। অসমীয়া মধ্যবিত্তৰ বাবে চাহ জনগোষ্ঠী ইয়াৰ ভিতৰত সবাতোকৈ অচিনাকি, এলিয়েন-সদৃশ, যাৰ সৈতে মূল অসমীয়া সমাজখনৰ কোনো জৈৱিক সম্পৰ্ক নাই; সেইবাবেই হয়তো জনগোষ্ঠীটোৰ মাজত সৰ্বাধিক ‘হিংসা’ৰ সম্ভাৱনা লুকাই থাকে। ইয়াৰ বিভিন্ন উদাহৰণ আমি দেখি আহিছো; কিছু বছৰৰ আগেয়ে ঘটা লক্ষ্মী ওৰাঙৰ অমানৱীয় অপমান আৰু তৎসংলগ্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰতো অসমীয়া জাতীয়তাবাদৰ এই চৰিত্ৰ পৰিস্ফুট হৈ উঠিছিল। ইয়াৰ জৰিয়তে প্ৰকৃততে অসমীয়া জাতীয়তাবাদে এই প্ৰান্তীয় জনগোষ্ঠীসমূহৰ বিৰুদ্ধে প্ৰাতিষ্ঠানিকীকৃত সামাজিক হিংসাৰ প্ৰয়োগ কৰি আহিছে অথচ নিজে দায়মুক্ত অভিভাৱকৰ ৰূপত পৰিচয় দি আহিছে। ‘অন্য’ৰ হিংসাৰ বিৰুদ্ধে থিয় দিয়াটো সহজ, সেয়া জনগোষ্ঠীৰে হওক বা ভাৰতীয় ৰাষ্ট্ৰৰে হওক, কিন্তু নিজৰ অন্তৰ্নিহিত হিংসাৰ সন্মুখীন হোৱাটো সহজ নহয়। কিন্তু অসমীয়া জাতীয়তাবাদে যদি চাহ জনগোষ্ঠীৰ প্ৰতি আন্তৰিকতা থকা বুলি দেখুৱাব খোজে তেন্তে সি এই প্ৰশ্নৰ মুখামুখি হ’বই লাগিব। চাহ জনগোষ্ঠীৰ আন এটা প্ৰতিমূৰ্তি মধ্যবিত্ত অসমীয়াৰ সংস্কৃতিজগতত অহৰহ দেখিবলৈ পোৱা যায় যাক প্ৰতিনিধিত্ব কৰে চাহ বাগানৰ সেউজীয়াৰ মাজত আপোনপাহৰা হোৱা ৰাংঢালী-লচপচী চামেলী-লচমীহঁতে। নক’লেও হ’ব যে এয়া অসমীয়া জাতীয়তাবাদৰ উপৰোক্ত ‘অন্য’ সত্তাটোৰে আনটো ৰূপ, যিটো অতি-ঐতিহাসিক কল্পস্বৰ্গীয় প্ৰতিমূৰ্তিয়ে এহাতে অসমীয়া মধ্যবিত্তৰ ৰোমাণ্টিক হাবিয়াস পূৰণ কৰে আৰু আনহাতে জনগোষ্ঠীটো সম্পৰ্কীয় অস্বস্তিকৰ প্ৰশ্নসমূহৰপৰা সুবিধাজনকভাৱে আঁতৰাই থাকে। (এই প্ৰতিমূৰ্তি সম্পৰ্কে বিশদ বিশ্লেষণ সোনকালেই আমাৰ অন্য লেখাত পঢ়িবলৈ পাব।)

চাহ জনগোষ্ঠীৰ ৰাজনৈতিক মুক্তিৰ প্ৰশ্নটো বৰ জটিল আৰু বহু আয়তনবিশিষ্ট। আমি থোৰতে দুটামান দিশলৈ আঙুলিয়াব খুজিছো। প্ৰথমতে, চাহ উদ্যোগৰ ভিতৰত বৰ্তি থকা শোষণৰ ব্যৱস্থাটো পৰিকল্পিতভাৱে নিৰ্মিত আৰু সুপ্ৰতিষ্ঠিত। ইয়াত সম্বলহীন শ্ৰমিক শ্ৰেণীটোৰ সৈতে মধ্যবিত্তীয় কেৰাণী শ্ৰেণীটোৰ আত্মীয়তাৰ সম্পৰ্ক পৰিলক্ষিত নহয়। যদিও দুয়োটা শ্ৰেণীয়েই শ্ৰমিক, প্ৰথমটো শাৰীৰিক শ্ৰমৰ আৰু দ্বিতীয়টো মানসিক শ্ৰমৰ, তথাপি দুয়োটা শ্ৰেণীৰ মাজত দুৰ্লংঘ্য প্ৰাচীৰ গঢ় লৈ উঠিছে; সেইবাবে প্ৰথমটোৰ প্ৰতি দ্বিতীয়টোৰ মনোভাব সহমৰ্মী হোৱাতকৈ মূলতঃ প্ৰভুসুলভহে। গতিকে এই দুই শ্ৰেণীৰ মাজত ৰাজনৈতিক ঐক্য প্ৰতিষ্ঠা হোৱা অতিশয় জৰুৰী। দ্বিতীয়তে, চাহ শ্ৰমিকসকলৰ মাজৰপৰা ওলাই গৈ অন্যান্য বিভিন্ন অধিক মৰ্যাদাপূৰ্ণ আৰু আৰ্থিকভাৱে লাভজনক বৃত্তি গ্ৰহণ কৰি যিটো মধ্যবিত্ত শ্ৰেণী গঢ়ি উঠিছে, সি বৰ্তমান শোষিত চাহ শ্ৰমিকসকলৰ সৈতে জৈৱিক ৰাজনৈতিক সম্পৰ্ক বৰ্তাই ৰাখিছেনে? নে সেয়া সাংস্কৃতিক প্ৰতীকীবাদতে সীমাবদ্ধ? তৃতীয়তে, বিভিন্ন ৰাজনৈতিক দলৰ ছত্ৰছায়াত চাহ শ্ৰমিকৰ উন্নয়নৰ উদ্দেশ্যে গঠিত সংগঠনসমূহৰ মাজত এহাতে অভিভাৱকত্ববাদী মনোভাব আৰু আনহাতে চাহ উদ্যোগৰ নিয়ন্ত্ৰণকাৰী শক্তিসমূহৰ সৈতে আপোচকামী সুবিধাবাদী ৰণনীতিৰ প্ৰাধান্যহে দেখিবলৈ পোৱা যায়। আনহাতে, অন্যান্য সংগঠনসমূহৰ অধিকাংশৰ মাজতো সাংস্কৃতিক আত্মপৰিচয়-কেন্দ্ৰিক আৰু অৰ্থনৈতিক প্ৰশ্নসমূহেহে অধিক গুৰুত্ব লাভ কৰা যেন ভাব হয়। (অৱশ্যে তুলনামূলকভাৱে বাঁও শক্তি নেতৃত্বাধীন সংগঠনসমূহে অধিক ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰিছে।) তদুপৰি ইউনিয়ন সংগঠনক কেন্দ্ৰ কৰি এলিট শ্ৰেণী এটাও গঢ় লৈ উঠিছে। গতিকে চাহ জনগোষ্ঠীৰ ৰাজনৈতিক মুক্তিৰ বিচাৰত আমাৰ বোধেৰে এটা প্ৰশ্ন অতিশয় গুৰুত্বপূৰ্ণ হৈ উঠিছে : জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে কোনে প্ৰতিনিধিত্ব কৰিব তাৰ নিৰ্ধাৰণ আৰু প্ৰতিষ্ঠিত সংগঠনসমূহৰ সৰ্বাত্মক গণতান্ত্ৰিকীকৰণ। চাহ উদ্যোগৰ নিয়ন্ত্ৰণৰ চাবিকাঠি এতিয়াও সৰ্বভাৰতীয় আৰু বহুজাতিক পুঁজিপতি গোষ্ঠীৰ হাততে আছে, বিশ্বায়নৰ পৰৱৰ্তী কালত পৰিস্থিতি আৰু অধিক জটিল হৈ উঠিছে। গতিকে চাহ শ্ৰমিকৰ ৰাজনৈতিক মুক্তিৰ প্ৰশ্নটো সমাজৰ অন্যান্য গণতান্ত্ৰিক সংগ্ৰামসমূহৰ সৈতে একে সমতলত আহি পৰিছে। এই মুহূৰ্তত ক’বলৈ গ’লে, চাহ বাগিছাৰ ভিতৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু বাহিৰত গণতান্ত্ৰিক শক্তিসমূহৰ সৈতে একেলগ হৈ আগ বঢ়া – এয়াই হয়তো চাহ শ্ৰমিকসকলৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ ঘাই বাট।

Share Button
Print Friendly, PDF & Email

No Comments : "চাহ শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *