সাঁদৰি ভাষা-(ডo কমল কুমাৰ তাঁতী)

ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শাসন-আগ্ৰাসনৰ সময়ৰেপৰা আৰ্থ-সামাজিক-ৰাজনৈতিক দিশৰপৰা ভাৰতবৰ্ষৰ সকলোতকৈ আৰু সৰ্বতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত জনসমষ্টিটো হৈছে আদিবাসীসকল আৰু পৰৱৰ্তী সময়ত অসমলৈ প্ৰব্ৰজন কৰা আদিবাসীমূলীয় চাহ-জনগোষ্ঠীৰ লোকসকল৷ সাম্প্ৰতিক কালৰ অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ পক্ষত থিয় হৈ আৰু তাৰ লগে লগে অসমৰ সমূহ গণতান্ত্ৰিক ৰাইজৰ সপক্ষে মাত মাতিবলৈ গৈ এটা কথা উপলব্ধি হৈছে যে ক্ৰমাৎ অসম আৰু অসমীয়া জাতি বুলি যিটো সমূহ আছে, সাম্প্ৰতিক পৰিৱৰ্তিত ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু জনসংখ্যাগত পৰিস্থিতিৰ পিনৰপৰা, অসমৰ এক কোটি আদিবাসী-চাহ জনগোষ্ঠী জনগণ তাৰ অন্যতম মূল মেৰুদণ্ডত পৰিণত হৈছে ৷ ইয়াৰ লগে লগে এজন অসমীয়া হিচাপে, এজন আদিবাসী হিচাপে, মনৰ অন্ত:কৰণৰ পৰা মোৰ বিশ্বাস হৈছে যে সম-অধিকাৰ, সম-মৰ্যাদা আৰু সহাৱস্থানৰ ভিত্তিত, অসমৰ প্ৰত্যেকটো জনগোষ্ঠী, জনজাতি আৰু সম্প্ৰদায়সমূহৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদিকে ধৰি সকলোধৰণৰ অধিকাৰ সুষমভাৱে, গণতান্ত্ৰিকভাৱে বিতৰণ কৰাটোৱেই হৈছে অসমৰ সাম্প্ৰতিক জ্বলন্ত পৰিস্থিতিসমূহৰ সমাধানৰ একমাত্ৰ উপায় ৷

এই কথা মই আগতেও কৈছোঁ যে সৰ্বভাৰতীয় আদিবাসী জাতীয়তাবাদৰ এটা বিৰল অথচ ঐতিহাসিক অস্তিত্ব আৰু প্ৰয়োজন আছে; ই অসমীয়া জাতীয়তাবাদকৈও বহু পুৰণি আৰু গাঢ় ৷ কিন্ত্ত, অসমৰ আদিবাসী জাতীয়তাবাদে অসমৰ বুকুত এই সৰ্বভাৰতীয় আদিবাসী জাতীয়তাবাদৰ পথতকৈ প্ৰায় সম্পূৰ্ণ পৃথক এটা পথ বাছি ল'লেও, সাংস্কৃতিকভাৱে ইয়াৰ সৈতে নিশ্চিতভাৱে সংপৃক্ত হৈ থকাৰ বহুখিনি প্ৰমাণ আছে ৷

মোৰ ধাৰণা, অসমৰ আদিবাসী-চাহ জনগোষ্ঠী ৰাইজৰ মাজত প্ৰকট হোৱা আদিবাসী জাতীয়তাবোধ সকলোধৰণেৰে অসমীয়া, অসমৰ সাৰুৱা ভূমিত সৃষ্ট আৰু প্ৰায় সময়তে ইয়াৰ মূল অনুপ্ৰেৰণা হৈছে বৃহত্তৰ অসমীয়া গণজীৱন, প্ৰচণ্ড জাতীয়তাবোধ আৰু জাতীয় ঐক্য ৷ অসমৰ আদিবাসী-চাহ জনগোষ্ঠী ৰাইজ অসমৰ মূলসুঁতিৰ ৰাইজৰ সৈতেহে এক বৃহত্তৰ জাতীয় ঐক্য গঢ়ি তোলাত অধিক আগ্ৰহী ৷ বৃহত্তৰ অসমীয়া জাতীয়তাবাদ যিদৰে অসমীয়া ভাষা-কেন্দ্ৰিক, সেইদৰে অসমৰ আদিবাসী জাতীয়তাবাদো অসমীয়া ভাষা-কেন্দ্ৰিকেই ৷ কিন্ত্ত অসমীয়া ভাষাৰ লগে লগে নিজস্ব আদিবাসী মূলৰ ভাষাসমূহৰ উত্তৰোত্তৰ উন্নতিৰ প্ৰসংগটোও এই প্ৰসংগত এক অন্যতম  গুৰুত্বপূৰ্ণ বিষয় ৷

এনে এটা দৃষ্টিকোণৰপৰাই মই কিছুদিনৰ পূৰ্বে অসমৰ বিশিষ্ট ভাষা-তাত্ত্বিক আৰু ভাষাবিদসকলৰ লগতে অসমৰ সমূহ অসমীয়া ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাঙি ধৰিছিলোঁ৷()  এই প্ৰস্তাৱকেইটাৰ মূল উদ্দেশ্য আছিল - সাঁদৰি, চাওঁতালী, মুণ্ডাৰীকে আদি কৰি অসমৰ সমূহ আদিবাসী ভাষাৰ চৰ্চা-অধ্যয়ন আৰু বিকাশৰ অৰ্থে আৰু এইবোৰৰ প্ৰসাৰ, প্ৰচাৰ আৰু লগতে আনুষ্ঠানিক, সাংবিধানিক আৰু চৰকাৰী স্বীকৃতি আদায় কৰাৰ বাবে সাৰ্বিক প্ৰচেষ্টা হাতত লোৱা ৷  মই এই লেখাত উক্ত প্ৰস্তাৱসমূহৰ তিনিটা প্ৰস্তাৱৰ পুনৰুল্লেখ কৰিব খুঁজিছো - (ক) অসমৰ চাহ-বাগিছাসমূহৰ অন্তৰ্গত আৰু আদিবাসী-অধ্যুষিত অঞ্চলসমূহত থকা বিদ্যালয়সমূহৰ শিক্ষাৰ মাধ্যম হিচাপে (সম্প্ৰতি প্ৰচলিত) অসমীয়া আৰু ইংৰাজী ভাষাৰ লগে লগে সাঁদৰি ভাষাও (অসমৰ আদিবাসী-চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত লিংগুৱা-ফ্ৰাংকা হিচাপে প্ৰচলিত) প্ৰৱৰ্তন কৰা আৰু তাৰ লগে লগে আন আন আদিবাসী ভাষাসমূহৰ চৰ্চা-অধ্যয়ন কৰাৰ বাবে অসমৰ নিম্ন-শিক্ষা আৰু উচ্চ-শিক্ষাৰ পাঠ্যক্ৰম আৰু কাৰিকুলামত সেইসমূহ ভাষা-উপভাষা অন্তৰ্ভুক্ত কৰা; (খ) অসমৰ গোটেইকেইখন বিশ্ববিদ্যালয় আৰু আন আন গুৰুত্বপূৰ্ণ উচ্চ-শিক্ষাৰ অনুষ্ঠানসমূহত সাঁদৰি, চাওঁতালী, মুণ্ডাৰী, পাঁচ-পৰগণীয়া, খৰতা, হো, খাৰিয়া, ভূমিজ, কুৰ্মালী, বিৰহৰ, ওৰাঁও, আদিকে ধৰি আন আন আদিবাসী ভাষাসমূহৰ গৱেষণা-চৰ্চা, অধ্যয়ন আৰু বিকাশৰ বাবে সুকীয়া বিভাগ গঠন কৰা – ‘আধুনিক আদিবাসী ভাষা বিভাগ’ হিচাপে; (গ)  হেমকোষ, চন্দ্ৰকান্ত অভিধান, অসমীয়া জাতীয় অভিধান আদিকে ধৰি অসমীয়া ভাষাৰ সকলোবোৰ অভিধান আৰু শব্দকোষ-বিশ্বকোষসমূহৰ সংশোধন, পৰিমাৰ্জন আৰু সংবৰ্ধন কৰি, সেইসমূহত অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰচলিত সকলোবোৰ ভাষা-উপভাষাৰ শব্দসম্ভাৰ, বাক্য-গাঁথনি, জতুৱা ঠাঁচ, ব্যাকৰণ আদি অন্তৰ্ভুক্ত কৰা৷ এনে প্ৰস্তাৱসমূহৰ আধাৰতে, এই লেখাত সাঁদৰি ভাষাৰ ঐতিহ্য আৰু ক্ৰমবিকাশ সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিব খুজিছো ৷

সাঁদৰি ভাষা হৈছে পূব আৰু মধ্য ভাৰতৰ কিছুমান বিশেষ জনজাতি-জনগোষ্ঠীৰ মাজত ‘আন্ত:-জনজাতীয় সামূহিক যোগাযোগ’ৰ বাবে সময়ৰ সোঁতত গঢ় লৈ উঠা এক গুৰুত্বপূৰ্ণ লিংগুৱা-ফ্ৰাংকা ৷ পশ্চিম আৰু মধ্য ঝাৰখণ্ড, ওড়িশা, ছট্টিশগড়, পশ্চিম বংগ, অসম আৰু বাংলাদেশত সাঁদৰিক কথিত ভাষা হিচাপে বহুলভাৱে ব্যৱহাৰ কৰা হয় ৷ আনহাতে, খাৰিয়া (দক্ষিণ মুণ্ডাৰী), মুণ্ডাৰী, ভূমিজ (উত্তৰ মুণ্ডাৰী), ওঁৰাও, কুৰুখকে আদিকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন আদিবাসী জনজাতি-জনগোষ্ঠীসমূহৰ মাজত সাঁদৰিক লিংগুৱা-ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰা হয় ৷ তদুপৰি, বিহাৰ আৰু ঝাৰখণ্ডৰ চেৰু নামৰ অনুসূচিত জাতিৰ লোকসকলে সাঁদৰিকে তেওঁলোকৰ প্ৰথম ভাষা হিচাপে ব্যৱহাৰ কৰে ৷ ২০০১ চনৰ ভাৰতবৰ্ষৰ লোকগণনা অনুসৰি, ভাৰতবৰ্ষত সাঁদৰি ভাষা কোৱা মুঠ জনসংখ্যা হ’ল ২০,৪৪,৭৭৬ জন ৷()      

প্ৰসিদ্ধ ভাষাতাত্ত্বিক আৰু ১৮৯৮ চনৰপৰা ১৯২৮ চনলৈকে চলা ভাৰতবৰ্ষৰ ভাষাতাত্ত্বিক জৰীপৰ মূল হোতা ছাৰ জৰ্জ আব্ৰাহাম গ্ৰিয়েৰছনে ‘Linguistic Survey of India’-ৰ পঞ্চম খণ্ড ১৯০৩ চনত প্ৰকাশ কৰি উলিওৱাৰ পিছত ভাষাতাত্ত্বিকসকলৰ মাজত এক সাধাৰণ ঐকমত্য মানি চলা হৈছে যে সাঁদৰি ইণ্ডো-আৰ্য ভাষাসমূহৰ পূব গোটত (eastern group) অন্তৰ্ভুক্ত আৰু ইয়াক ওড়িয়া, বাংলা আৰু অংগিকা ভাষাৰ ভগ্নী-ভাষা হিচাপে গণ্য কৰা হয় ৷()  

পিটাৰ শান্তি নৌৰংগীয়ে ১৯৫৬ চনত প্ৰকাশ কৰি উলিওৱা তেওঁৰ ‘A Simple Sadani Grammar’ শীৰ্ষক গ্ৰন্থৰ পাতনিত এইবুলি উল্লেখ কৰিছে যে – ‘সাঁদৰি’ পৰিভাষাটো আহিছে ‘সাঁদান’ শব্দৰপৰা আৰু এই শব্দটোৰ উৎপত্তি হৈছে এটা প্ৰাচীন ইণ্ডো-এৰিয়ান শব্দ ‘নিষাদ’ শব্দৰপৰা যিয়ে উত্তৰ-পূব ভাৰতবৰ্ষৰ এটা জনজাতিক নিৰ্দেশ কৰে ৷()  

জাৰ্মানিৰ কিয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপক জন পিটাৰছনে সংকলিত কৰি উলিওৱা ‘Bibliography for seldom studied and endangered South Asian Languages’ শীৰ্ষক ভাষাতাত্ত্বিক পঞ্জীখনত সাঁদৰি ভাষাকো অন্তৰ্ভুক্ত কৰিছে ৷ ২০০৯ চনৰ মাৰ্চ মাহত ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত চলোৱা এক জৰীপ আৰু তাৰ পৰৱৰ্তী গৱেষণা-কাৰ্যৰ পিছত জন পিটাৰছন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা সবিতা কিৰণে সাঁদৰি ভাষা সম্পৰ্কে যুটীয়াভাৱে প্ৰকাশিত কৰি উলিওৱা এখন গৱেষণাপত্ৰত() উল্লেখ কৰিছে যে – ‘সাঁদৰি’/‘সাঁদানি’ শীৰ্ষক পৰিভাষাটো দুটা অৰ্থত ব্যৱহাৰ কৰিব পাৰি ৷  প্ৰথমতে, এক বহল অৰ্থত, সাঁদানিয়ে ঝাৰখণ্ডৰ ঘনিষ্ঠভাৱে-সম্পৰ্কিত ভাষাগত বিভিন্নতাক, যেনে পাঁচ-পৰগণীয়া, খৰটা আৰু কুৰ্মালী ভাষাকে নিৰ্দেশ কৰে, যিবোৰক সাধাৰণতে স্বাধীন ভাষা বুলি গণ্য কৰা হয় ৷ এই পৰিভাষাটোৱে তথ্যগতভাৱে ইয়াকে বুজায় যে ঝাৰখণ্ডৰ ‘সাঁদান’ নামেৰে পৰিচিত জনগোষ্ঠীসমূহেই এই ভাষাগত বিভিন্নতাসমূহক কথিত ৰূপত ব্যৱহাৰ কৰে ৷ ‘সাঁদানি’ শীৰ্ষক পৰিভাষাটোৰ দ্বিতীয়টো অৰ্থ সীমাবদ্ধ ৰূপতহে ব্যৱহাৰ কৰা হয় ৷ এই অৰ্থটোৱে মধ্য ঝাৰখণ্ডৰপৰা পশ্চিম ঝাৰখণ্ডলৈ এই বৃহৎ অঞ্চলটোত প্ৰচলিত ভাষাটোক বুজোৱাৰ লগতে ‘সাঁদৰি’ অথবা ‘নাগপুৰী’/‘নাগপুৰীয়া’ নামেৰে স্থানীয়ভাৱে জনাজাত অধিক ঘনিষ্ঠভাৱে-সম্পৰ্কিত উপভাষা/ডাইলেক্টসমূহৰ এটা ভাষাগোটকো নিৰ্দেশ কৰে ৷’

বিশ্বৰ বিশিষ্ট সমাজ-ভাষাবিজ্ঞানী এম. প’ল লিৱিছৰ সম্পাদনাত ২০০৯ চনত প্ৰকাশিত হৈ ওলোৱা ‘Ethnologue: Statistical Summaries’ শীৰ্ষক ভাষাতাত্ত্বিক পঞ্জীখনত() ‘সাঁদৰি’ ভাষাৰ আন কেইটামান অতিৰিক্ত নামৰ উল্লেখ কৰিছে ৷ সেইবোৰ হৈছে - ছোটনাগপুৰী, দিক্কু কাজি, গঁৱাৰী, গাউৰী, গোঁৱাৰী, ঝাৰখণ্ডী, নাগপুৰী, নাগপুৰীয়া, সাঁদান, সাঁদানি, সাঁদনা, সাঁদৰিক আদি ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষিকা ডলাকী দেই তেওঁৰ “Argument selection in Sadani/Sadri as spoken in Assam” শীৰ্ষক পি.এইছ.ডি গৱেষণাপত্ৰখনত() সাঁদৰি ভাষাৰ ঐতিহ্য আৰু ক্ৰমবিকাশ সম্পৰ্কে উল্লেখ কৰিছে এইদৰে - “সাঁদানি/সাঁদৰিৰ উৎপত্তি হয় ছোটনাগপুৰ প্লেটুৰ অনা-আৰ্যসকলৰ মাজৰ এটা আৰ্য গোট সাদানসকলৰ মাতৃভাষা হিচাপে ৷ এতিয়াৰ বিহাৰ, ঝাৰখণ্ড, ছত্তিশগড় আৰু তাৰ লগতে ওড়িশা আৰু পশ্চিম বংগৰ কিছু অংশ সামৰি লোৱা (প্ৰাচীন কালৰেপৰা আৰু ঔপনিৱেশিক কালতো) ছোটনাগপুৰ প্লেটু নামেৰে জনাজাত অঞ্চলটোত আৰু ইয়াৰ আশে-পাশে বাস কৰা আদিবাসীসকলৰ মাজত সংযোগী ভাষা (link language) হিচাপে ইয়াৰ উদ্ভৱ হৈছিল৷ … Pidgin-ভাষাৰ পৰা সাঁদৰি ক্ৰমান্বয়ে Creole-ভাষা হিচাপে উদ্ভৱ হ’ল – মূলত: তেওঁলোকৰ অন্তৰ্ভুক্ত বিভিন্ন ভাষা-ভাষী গোটসমূহৰ মাজত আন্ত:সম্প্ৰদায় বিবাহ সম্পৰ্কবোৰৰ বাবে ৷ এনে দ্বিভাষিক পিতৃ-মাতৃসকলৰ সতি-সন্ততিয়েও এই সংযোগী ভাষাটোক তেওঁলোকৰ মাতৃভাষাৰূপে মানি/তুলি ল'লে ৷ …. ২০০১ চনৰ Census Report-মতে, ভাৰতবৰ্ষত সাঁদৰি ভাষা কোৱা মুঠ লোকৰ সংখ্যা হ’ল ২০,৪৪,৭৭৬ জন ৷ … যেতিয়া ১৯শ শতিকাত ব্ৰিটিছ চাহ-খেতিয়কসকলে আদিবাসীসকলক চাহ-শ্ৰমিক হিচাপে অসমলৈ আনিলে, তেতিয়াই তেওঁলোকৰ লগতে সাঁদৰি ভাষাটোও সংযোগী ভাষা হিচাপে অসমলৈ আহিল৷ … যেতিয়া সম্প্ৰদায়সমূহে সামাজিক পৰ্যায়ত কথা-বতৰা আৰম্ভ কৰিলে, তেতিয়াই সংযোগী ভাষা হিচাপে ইয়াৰ গুৰুত্ব বাঢ়িল ৷ … যোৱা দুশ বছৰৰো অধিক কালত সাঁদৰিৰ ওপৰত দুটা প্ৰভাৱশালী আঞ্চলিক ভাষাৰ ব্যাপক প্ৰভাৱ পৰিল - ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াৰ আৰু বৰাক উপত্যকাত বাংলাৰ ৷ নাগপুৰীয়া সাঁদৰি হিচাপে জনাজাত ছোটনাগপুৰ প্লেটুত কোৱা সাঁদৰিৰ পৰা ইয়াক পৃথক হিচাপে স্বীকৃতি দিবৰ কাৰণে অসমত কোৱা সাঁদৰিৰ নামকৰণ কৰা হ’ল - Assam Sadri (অসম সাঁদৰি) ৷ … অৱশ্যে সাম্প্ৰতিক কালৰ ভাষাতাত্ত্বিকসকলে ইয়াক এটা স্বাধীন ভাষা বুলি দাবী কৰে ৷ অসমত যোৱা দুশ বছৰৰো অধিক কালছোৱাত এই ভাষাটোৱে অসমীয়া আৰু বাংলাৰ বহু ভাষাতাত্ত্বিক ৰূপ পৰিগ্ৰহণ কৰিছে ৷”

অসম বিশ্ববিদ্যালয়ৰ ভাষাতাত্ত্বিক বিভাগৰ গৱেষিকা জুৰি শইকীয়াই লিখিছে যে – ‘উজনি অসমৰ চাহ বাগিছাসমূহত খাৰিয়া, মুণ্ডাৰী, ভূমিজ, ওৰাওঁ আৰু কুৰুখ আদিকে ধৰি এক বৃহৎসংখ্যক ‘চাহ জনজাতীয়’ লোকে নিজৰ মাজৰ যোগাযোগৰ মাধ্যম হিচাপে সাঁদৰি ভাষাক এক লিংগুৱা-ফ্ৰাংকা হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ এই জনজাতীয় গোটসমূহৰ এক বৃহৎসংখ্যক লোকে সাঁদৰি ভাষাকে তেওঁলোকৰ নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে৷ অসমৰ চাহ-বাগিছাসমূহত তেওঁলোকে এতিয়া আৰু নিজৰ মূল মাতৃভাষাত কথা নাপাতে ৷’ তেওঁ লগতে এইবুলিও উল্লেখ কৰিছে যে ‘সাঁদৰি ভাষা অসমৰ মূল প্ৰভাৱশালী ভাষা অসমীয়াৰদ্বাৰা বহুলাংশে প্ৰভাৱিত হৈছে আৰু সেই কাৰণেই ঝাৰখণ্ড, ওড়িশা, ছত্তিশগড় আৰু পশ্চিম বংগত কথিত সাঁদৰিতকৈ ই বহুখিনি পৃথক৷()  

সাঁদৰি ভাষাৰ ঐতিহ্য আৰু ক্ৰমবিকাশ সম্পৰ্কে এইখিনি কথাৰ লগতে আন দুটামান গুৰুত্বপূৰ্ণ কথাও যোগ দিব খুজিছো ৷ Ethnologue: Languages of the World-শীৰ্ষক বিশ্বৰ সম্প্ৰতি প্ৰচলিত সকলোবোৰ ভাষাৰ (১৯৫১ চনৰপৰাই) এক বৃহৎ ৰেফাৰেন্স হিচাপে পৰিচিত বিখ্যাত গৱেষণা প্ৰকল্পটোৰ ৱেবছাইটত এইবুলি উল্লেখ আছে যে অসমৰ ৭,০০০,০০০ জনজাতীয় লোকে বৃহত্তৰ ভাষিক-যোগাযোগৰ কাৰণে সাঁদৰি ভাষাটো ব্যৱহাৰ কৰে ৷() এইটো কথা কোৱাৰ নিশ্চয় প্ৰয়োজন নাই যে এই ৭ নিযুত জনজাতীয় লোক প্ৰকৃততে অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ ৰাইজৰে অন্তৰ্ভুক্ত ৷

২০১৩ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীত উন্মোচন কৰা হয় “Peoples Linguistic Survey of India (PLSI)”-ৰ অসমীয়া সংস্কৰণ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাদ্বয় ডবিভা ভৰালী আৰু ডবনানি চক্ৰৱৰ্তীৰদ্বাৰা সম্পাদিত) () (১০)৷ এই ভাষিক জৰীপৰ হিচাপমতে, অসমত ৫৫ টা ভিন্ন ভিন্ন ভাষা কথিত আৰু লিখিত ৰূপত প্ৰচলিত হৈ আছে ৷ এই প্ৰকল্পৰ অন্যতম গৱেষক, অসম বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঅম্বেশ্বৰ গগৈয়ে এই বৃহৎ গৱেষণা আৰু জৰীপ-কাৰ্য চলি থকা সময়তে হোৱা তেওঁৰ এক অভিজ্ঞতাৰ কথা ‘Down to Earth’ শীৰ্ষক বিখ্যাত আলোচনীখনৰ লেখক অনুপম চক্ৰৱৰ্তীৰ আগত বৰ্ণনা কৰিছিল ৷(১১)  ২০১১ চনত তেওঁ উজনি অসমৰ ডুমডুমা আৰু আন আন চাহ বাগিছা-অধ্যুষিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰিছিল ৷ তেতিয়ালৈকে ভাষাবিদসকলৰ এক সাধাৰণ ধাৰণা আছিল যে অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ ৰাইজে নিজ নিজ মাতৃভাষাৰ ব্যাকৰণ নাজানে ৷ এওঁলোকৰ অধিকাংশই অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু এই কথা আশা কৰা যায় যে তেওঁলোকে নিজ নিজ আদিবাসী মূলৰ মাতৃভাষাসমূহ পাহৰি পেলাব ৷

গগৈয়ে ‘Down to Earth’-ৰ লেখক অনুপম চক্ৰৱৰ্তীৰ প্ৰশ্নৰ উত্তৰত এইবুলি উল্লেখ কৰিছে – “কিছুসংখ্যক চাহ-বনুৱা জনজাতিয়ে তেওঁলোকৰ নিজ নিজ ভাষাৰ ব্যাকৰণ ‘আৱিষ্কাৰ কৰাটো’ আৰু এজন বহিৰাগতক শুধৰাই দি তেওঁক শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ জোৰ দিয়াটো চিত্তাকৰ্ষক দৃশ্য আছিল” ৷(১১) অনুপম চক্ৰৱৰ্তীৰ এই ৰিপ'ৰ্টটোৰ সংযোজন হিচাপে বিশিষ্ট ভাষাতাত্ত্বিক ডবনানি চক্ৰৱৰ্তীয়ে সাঁদৰি ভাষা সম্পৰ্কে কিছু কথা উল্লেখ কৰিছে ৷ তেওঁ কৈছে – “উজনি অসমৰ চাহ-বাগিছাসমূহত হোৱা অম্বেশ্বৰ গগৈৰ অভিজ্ঞতাক সাধাৰণীকৰণ কৰিব নোৱাৰি ৷ অসমৰ চাহ-বনুৱা জনজাতিসমূহৰ মাজত আন্ত:ভাষিক মাধ্যম হিচাপে প্ৰচলিত সাঁদৰি ভাষাই অসমীয়া ‘মূূলসুঁতি’ৰ ৰাজহুৱা ক্ষেত্ৰখনত প্ৰৱেশ কৰে - জনপ্ৰিয় দৃশ্য-শ্ৰাব্য চিডি আৰু কথাছবিসমূহৰ মাজেদি ৷ এইটো এটা জীৱন্ত আৰু বিকশমান ভাষা ৷ আন আন দেশী অথবা আদিবাসী-চাহ জনগোষ্ঠীয় ভাষাসমূহ, যেনে, চাওঁতালী, ওড়িয়া, মুণ্ডাৰী আৰু চাওঁৰা আদি ভাষাসমূহ ব্যক্তিগত ক্ষেত্ৰখনত আৰু সম্প্ৰদায়সমূহৰ নিজৰ ভিতৰতে এতিয়াও বহুলভাৱে ব্যৱহৃত হয় ৷ ব্যাকৰণ-গ্ৰন্থৰ অস্তিত্ব থকাটো খুব উপযোগী, কিন্ত্ত ভাষা এটা জীয়াই থাকিবলৈ ই সদায়েই প্ৰয়োজনীয় নহয় ৷ অসমত আদিবাসী-চাহ জনগোষ্ঠীয় ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহৃত নহয়, কিন্ত্ত সেইবুলি তেওঁলোকে নিজ নিজ মাতৃভাষাবোৰ পাহৰি যোৱাটোও কাৰোৱে কাম্য নহয় ৷” (১১)          

বনানি চক্ৰৱৰ্তীৰ এই কথাখিনিৰ আঁত ধৰি মই দুটা কথা প্ৰস্তাৱ আকাৰে সংযোজন কৰিব খুজিছোঁ ৷ প্ৰথমটো হ’ল - সাঁদৰি, চাওঁতালী, মুণ্ডাৰী, পাঁচ-পৰগণীয়া, খৰটা, হো, খাৰিয়া, ভূমিজ, কুৰ্মালী, বিৰহৰ, ওৰাঁও আদিকে ধৰি অসমৰ সকলোবোৰ আদিবাসী-চাহ জনগোষ্ঠীয় ভাষাৰ ব্যাকৰণ-গ্ৰন্থ, জঁটুৱা ঠাঁচ-সম্বলিত শব্দকোষ আৰু অভিধান প্ৰণয়ন কৰাৰ বাবে অসমৰ ভাষাতাত্ত্বিক আৰু ভাষাবিদসকলে আনুষ্ঠানিক আৰু ব্যক্তিগত সাৰ্বিক, সময়োপযোগী প্ৰচেষ্টা হাতত লওক ৷

দ্বিতীয়টো প্ৰস্তাৱ ইতিমধ্যেই এই লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা হৈছে ৷ সেইটো হৈছে - অসমৰ চাহ-বাগিছাসমূহৰ অন্তৰ্গত আৰু আদিবাসী-অধ্যুষিত অঞ্চলসমূহত থকা বিভিন্ন বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে (সম্প্ৰতি প্ৰচলিত) অসমীয়া আৰু ইংৰাজী ভাষাৰ লগে লগে সাঁদৰিকে আদি কৰি আদিবাসী-চাহ জনগোষ্ঠীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম হিচাপে চৰকাৰী আৰু সাংবিধানিক স্বীকৃতি প্ৰদান কৰিবলৈ সময়োপযোগী প্ৰচেষ্টা হাতত লোৱা হওক ৷

এই প্ৰসংগতে বাংলাদেশত ২০১৪ চনৰ জানুৱাৰী মাহৰপৰা কাৰ্যকৰী হোৱা এক নতুন শিক্ষা-নীতিৰ কথা উল্লেখ কৰিব খুজিছো ৷ এই নতুন শিক্ষা-নীতিৰ আধাৰত সেই দেশৰ প্ৰাথমিক বিদ্যালয়সমূহত সকলোবোৰ পাঁচ-বছৰীয়া জনজাতীয় শিশুক প্ৰথম এবছৰৰ কাৰণে সম্পূৰ্ণভাৱে নিজ নিজ জনজাতীয় মাতৃভাষাত শিক্ষা-প্ৰদান কৰা হ’ব ৷ শিক্ষাগ্ৰহণৰ দ্বিতীয়টো বছৰত শিশুসকলক নিজ নিজ মাতৃভাষাৰ লগতে বাংলা আৰু ইংৰাজী ভাষা শিকোৱা হ’ব ৷ তৃতীয় আৰু চতুৰ্থটো বছৰত নিজ নিজ মাতৃভাষাৰ বোজা কমাই দিয়া হ’ব, যাতে শিশুসকলে শিক্ষাৰ আন আন গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিক মনোযোগ দিব পাৰে ৷ বাংলাদেশৰ ৰাষ্ট্ৰীয় কাৰিকুলাম আৰু পাঠ্যপুথি ব’ৰ্ডে ইতিমধ্যেই ছয়টা জনজাতীয় ভাষাত শিশুসকলৰ বাবে পাঠ্যপুথি যুগুতাই প্ৰকাশ কৰি উলিয়াইছে ৷ সেই ছয়টা জনজাতীয় ভাষা হৈছে – চাকমা, ককবৰক, মৰ্মা, চাওঁতালী, সাঁদৰি আৰু অঁচিক ৷(১২)

সেই দেশৰ সংশ্লিষ্ট পক্ষসমূহে এই সিদ্ধান্তক ইতিমধ্যেই ব্যাপকভাৱে আদৰণি আৰু অনুমোদন জনাই কৈছে যে ই মূলসুঁতিলৈ জনজাতীয়, সংখ্যালঘু সম্প্ৰদায়সমূহক ওচৰ চপাই আনিব আৰু লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াক এক নতুন দিক-নিৰ্দেশনা দিব ৷ লগতে ই বাংলাদেশৰ আদিবাসী লোকসকলক মূূলসুঁতিৰ ওচৰ চপাই আনিব আৰু আদিবাসীসকলক সম-মৰ্যাদা আৰু সম-অধিকাৰ প্ৰদান কৰিব ৷

এই প্ৰসংগৰ উল্লেখ কৰি মই এক সংযোজিত প্ৰস্তাৱ দাঙি ধৰিব খুজিছো ৷ সেইটো হৈছে, অসমতো আদিবাসী-চাহ জনগোষ্ঠীৰ শিক্ষাৰ ক্ষেত্ৰত সম্প্ৰতি প্ৰচলিত শিক্ষা-নীতিৰ সালসলনি ঘটাই, বাংলাদেশৰ দৰে একে ধৰণৰ নীতি-নিৰ্দেশনাৰ অনুমোদন কৰি, সেয়া অনতিপলমে কাৰ্যকৰী কৰা হওক৷ অসমতো আদিবাসী-চাহ জনগোষ্ঠীৰ শিশুসকলৰ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাগ্ৰহণৰ বাবে একেটা আৰ্হি বা মডেল কাৰ্যকৰী কৰা  হওক ৷ শিশু-শিক্ষাৰ প্ৰথম চাৰিটা বছৰত শিক্ষাৰ মাধ্যম হিচাপে, অসমীয়া আৰু ইংৰাজী ভাষাৰ লগতে, সাঁদৰিকে আদি কৰি আন আন আদিবাসী-চাহ জনগোষ্ঠীয় ভাষাসমূহক গ্ৰহণ কৰা হওক আৰু এই সম্পৰ্কীয় চৰকাৰী আৰু সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে যথোপযুক্ত প্ৰচেষ্টা হাতত লোৱা হওক ৷ এই একেইধৰণৰ শিক্ষা-নীতি আৰু ব্যৱস্থা অসমৰ আন আন খিলঞ্জীয়া-জনজাতীয় শিশুসকলৰ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ বাবেও প্ৰৱৰ্তন কৰাটোৱেই হ’ব একৈশ শতিকাত অসমৰ শিক্ষা-জগতৰ বাবে সবাতোকৈ উল্লেখযোগ্য পদক্ষেপ ৷

oooooooooo

 

গ্ৰন্থপঞ্জী:

  • তাঁতী, কমল কুমাৰ, ২০১৩; “অসমৰ আদিবাসী ৰাজনীতিৰ দিক্-নিৰ্ণয়”, অসমীয়া প্ৰতিদিন, সম্পাদকীয় পৃষ্ঠা, ১৩-১৫ মে’, ২০১৩ ৷
  • Kiran, Savita & Peterson, John, 2011; “Sadani / Sadri”, in New Indo-Aryan languages. Ed. count. LI Kulikov, TI Orange, AY Rusakov. - "Languages of the World", v. 16, Russian Academy of Sciences, Institute of Linguistics. Moscow: Academia. 367-379.
  • Grierson, Sir George Abraham, 1903; ‘Linguistic Survey of India”, Vol.V: Indo-Aryan Family, Eastern Group, Pt.II: Specimens of the Bihari and Oriya Languages, Calcutta.
  • Nowrangi, Peter Shanti, 1956; “A Simple Sadani Grammar”, D. S. S. Book Depot., Ranchi.
  • Lewis, M. Paul (ed.), 2009; “Ethnologue: Statistical Summaries”. SIL, International.
  • Dey, L., 2013; “Argument selection in Sadani/Sadri as spoken in Assam”, PhD Thesis, Tezpur University, Tezpur.
  • Saikia, J., 2014; “Uses of Radio for Teaching English to Sadri Students of Upper Primary Schools in Assam”, Language in India, Vol. 14:9, September, 2014.
  • https://www.ethnologue.com/language/sck
  • Bharali, Bibha & Chakravarty, Banani (eds.), 2013; “Asamar Bhasha: People’s Linguistic Survey of India”, Vol. V, part II, Guwahati: Banalata, 2013.
  • Bharali, Bibha & Chakravarty, Banani (eds.), “Languages of Assam: People’s Linguistic Survey of India”, Vol. V, part 1 (forthcoming, Orient Blackswan)
  • Chakravartty, Anupam, 2013; “Assam’s lost and found languages”, Down to Earth, September 9, 2013.
  • Chowdhury, K. R. 2013; “Native tongue offers ethnic children a good start”, khabarsouthasia.com, 21 May, 2013.

Share Button
Print Friendly, PDF & Email

No Comments : "সাঁদৰি ভাষা-(ডo কমল কুমাৰ তাঁতী)"

Leave a Comment

Your email address will not be published. Required fields are marked *