শিল্প-কলা-সংস্কৃতিসাক্ষাৎকাৰ

সংগীত শিল্পী ৰূপম ভূঞাৰ সাক্ষাৎকাৰ – (সাক্ষাৎ গ্ৰহণ- সুজাতা হাতীবৰুৱা)

অসমৰ সাম্প্ৰতিক সংগীত জগতখনত ৰূপম ভূঞা এটি পৰিচিত নাম। এগৰাকী পাৰ্শ্ব গায়ক হিচাপে ভালেকেইখন অসমীয়া চলচ্চিত্ৰত আৰু আধুনিক গীতৰ এলবামত গীত গোৱাৰ উপৰিও তেওঁৰ নিজা ৰক বেণ্ড ‘নৰ্থ-ইষ্ট ব্ৰিজ’ৰ জৰিয়তেও শ্ৰোতালৈ এৰি দিছে কেইবাটাও গীত। লগতে বহুকেইখন প্ৰতিযোগিতাতো বেণ্ড হিচাপে অশগ্ৰহণ কৰি নিজৰ যোগ্যতাৰে দেশ-বিদেশৰ শ্ৰোতাৰ সমাদৰ বুটলিছে। এইজন যুৱ গায়ক, সংগীতজ্ঞৰ সৈতে এটি চমু অন্তৰংগ আলাপ ‘মুক্ত চিন্তা’ আলোচনীৰ হৈ সুজাতা হাতীবৰুৱাৰ।

প্ৰশ্ন : সংগীত জগতখনলৈ আপুনি কেনেকৈ আকৰ্ষিত হ’ল?
ৰূঃ ভূঞা : সংগীত জগতখনলৈ মই কেনেকৈ আকৰ্ষিত হ’লো – আচলতে মোৰ মাই প্ৰথমতে মোক সংগীতজগতখনৰ লগত চিনাকি কৰাই দিছিল। তেখেতে মোক সংগীতৰ গুৰুৰ ওচৰলৈ লৈ গৈছিল। আৰু তেনেদৰেই গীত শিকিবলৈ আৰম্ভ কৰিলো। কিন্তু কটন কলেজত পঢ়ি থকা সময়তে আচলতে মই সংগীতজগতখনলৈ বেছি আকৰ্ষিত হ’লো। কাৰণ তেতিয়া কলেজৰ কিছু প্ৰতিযোগিতাত ভাগ ল’লো আৰু কটন কলেজৰ শ্ৰেষ্ঠ গায়ক হ’লো আৰু সংগীতৰ কিছু গুণী-জ্ঞানী লোকক সেইখিনি সময়ত লগ পালো। কটনৰ শতবাৰ্ষিকীৰ সময়ত। আৰু তেনেদৰে লাহে লাহে এই সংগীত জগতখনত মই নিজে ক’ব নোৱৰাকৈ সোমাই পৰিলো।

প্ৰশ্ন : আপুনি নিজে এটা বেণ্ডত একাণপতীয়াকৈ লাগি আছে। লগতে চিনেমাত পাৰ্শ্ব গায়ক হিচাপেও কাম কৰিছে। এই দুয়ো ক্ষেত্ৰৰে অভিজ্ঞতা একেধৰণৰ নে?
ৰূঃ ভূঞা : আমাৰ বেণ্ড ‘নৰ্থ-ইষ্ট ব্ৰিজ’ৰ জৰিয়তে আমি কিছুমান এক্সপেৰিমেন্ট চলাই থাকো। আচলতে ক’বলৈ গ’লে আমি এটা ফ’ক ৰকবেণ্ড আৰু আমি লোকসংগীতৰ ওপৰত ভিত্তি কৰি অন্যান্য গীতসমূহ ৰচনা কৰো। গতিকে বেণ্ডৰ ক্ষেত্ৰত গান গোৱাত মই বহুখিনি স্বাধীনতা পাওঁ আৰু অন্য ক্ষেত্ৰত পাৰ্শ্ব গায়ক হিচাপে যেতিয়া মই আন এজন সংগীত পৰিচালকৰ গান গাবলগা হয় তেতিয়া সেই পৰিচালকজনৰ কথা মতেহে গীতখিনি গোৱা হয়। বেণ্ডৰ ছ’ল’ এলবামখিনি কৰোতে বহু স্বাধীনতা ল’ব পাৰো। কাৰণ সেইবিলাক গীতৰ বেছিভাগেই মই নিজেই কম্প’জ কৰা বা নিজে নকৰাখিনিও মই নিজৰ পছন্দমতেহে লওঁ। গতিকে নিজা গীতৰ কাম বেছিকৈ কৰিছো। অৱশ্যে যিখিনি অন্য কম্প’জাৰৰ গীত গোৱা হৈছে, এতিয়ালৈকে কোনোধৰণৰ অসুবিধা পোৱা নাই। মই নিজে কম্প’জাৰজনৰ লগত খুব ভালদৰে বহি তেখেতে কি বিচাৰিছে, কেনেকুৱাধৰণৰ গায়কী বিচাৰিছে সেইখিনি আলোচনা কৰি তেনেদৰে আগ বাঢ়ো।

প্ৰশ্ন : গীত এটা গাবৰ বাবে বাছনি কৰোঁতে কি কি দিশৰ ওপৰত গুৰুত্ব দিয়ে? নিজে কিবা পৰীক্ষা-নিৰীক্ষা চলোৱাৰ কথা ভাবে নেকি?
ৰূঃ ভূঞা : গীত এটা গাবলৈ বাছনি কৰোতে আটাইতকৈ দৰকাৰী হ’ল গীতৰ কথা। কিন্তু গীত এটা গোৱাৰ সময়ত মই গীতৰ কথা আৰু সুৰ দুয়োটাৰে ওপৰত খুব গুৰুত্ব আৰোপ কৰো। আৰু পৰীক্ষা-নিৰীক্ষা চলোৱাৰ কথা সাধাৰণতে নিজৰ কম্প’জিচনৰ ওপৰতহে ভাবো। আনৰ ৰচনাত কেতিয়াও নাভাবো। সেইটো গীত ৰচোতাজনৰহে অধিকাৰ বুলি মই ভাবো।

প্ৰশ্ন : অসমীয়াৰ বাহিৰেও আন বেলেগ ভাষাত গীত গাইছে নেকি?
ৰূঃ ভূঞা : অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, ৰাজস্থানী আদি ভাষাত গীত গাইছো। তাৰ বাহিৰে আমাৰ উত্তৰ-পূবৰ কুকি ভাষাত গীত গাইছো আৰু চাহ-বাগিচাৰ গীতো গাইছো।

প্ৰশ্ন : গীত এটা সৃষ্টিৰ ক্ষেত্ৰত গীতৰ কথা নে সুৰ কোনটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে?
ৰূঃ ভূঞা : গীত এটা সৃষ্টিৰ ক্ষেত্ৰত গীতৰ কথা বা সুৰ কোনোটো কাৰণতে এটা আনটোতকৈ কম বা বেছি গুৰুত্বপূৰ্ণ বুলি ক’ব নোৱাৰি। আমি যেতিয়া লোকসংগীতৰ ওপৰত ভিত্তি কৰি এটা গান ৰচনা কৰো, তেতিয়া ভিত্তি হিচাপে ইতিমধ্যেই এটা সুৰ আৰু কথা আমাৰ হাতত থাকে। আমি কিছু কথা নিজৰ ফালৰপৰা যোগ কৰো আৰু পূৰ্বৰ সুৰটোৰ লগত মিল বা সংগতি ৰাখি এটা কম্প’জিচন কৰিব লাগে। কিন্তু তাৰ বাহিৰে আমি যেতিয়া অন্য কিছুমান গীত ৰচনা কৰিব লাগে যাক আমি আধুনিক গীত বুলি কওঁ, তেনেকুৱা গীতৰ ক্ষেত্ৰত কেতিয়াবা সুৰটো বা কম্প’জিচন আগত আহে সুৰকাৰজনৰ। তাৰ পাছত তেওঁ গীতিকাৰৰদ্বাৰা গীতটো লিখায় আৰু আন কিছুমান ক্ষেত্ৰত যেতিয়াবা শাস্ত্ৰীয় গীতৰ ওপৰত আধাৰিত গীত এটি বনায় তেতিয়া চাগে ৰাগটোৱে বেছি প্ৰাধান্য পায়। আৰু তাৰ পাছত সেইখিনিৰ ওপৰত ভিত্তি কৰি গীতৰ কথা ৰচনা কৰা হয়। কিন্তু মই নিজে ব্যক্তিগত ক্ষেত্ৰত আগতে গীতৰ কথা পঢ়ি তাৰ ওপৰত সুৰ দি বেছি ভাল পাওঁ।

প্ৰশ্ন : গীত এটা প্ৰযোজনা কৰাটো ব্যয়বহুল কথা। এই ক্ষেত্ৰত আপুনি ব্যৱসায়িক দিশটোত কিদৰে সতৰ্ক বুলি ভাবে?
ৰূঃ ভূঞা : মোৰ ক্ষেত্ৰত মই একেবাৰে ব্যৱসায়িক দিশটোৰ প্ৰতি সতৰ্ক নহয়। মোৰ গান এটা প্ৰযোজনা কৰোতে বহুত বেছি খৰচ হয়। গান এটা প্ৰযোজনা কৰোতে কেতিয়াও নাভাবো যে গীতটো চলিব, মানুহে কিনিব বা ইয়াৰপৰা বহুত পইচা পাম। তথাপিও মই ভাল বুলি ভবা, ভাল পোৱা কিছু গীতৰ প্ৰযোজনা কৰি গৈ থাকিম আৰু ব্যৱসায়িক দিশৰ কথা ভাবি গীতৰ গুণক লৈ কেতিয়াও আপোচ নকৰো।

প্ৰশ্ন : সংগীত মানে কি একাষাৰতে কি বুলি ক’ব?
ৰূঃ ভূঞা : সংগীত শিল্পীসকলৰ ক্ষেত্ৰত জীৱন আৰু সংগীত একেলগে গৈ থাকে। এজন সংগীতজ্ঞ বা গায়কৰ নিজৰ জীৱনটো বিশেষকৈ স্বাধীন সংগীত বা নিজাববীয়া সংগীতৰ ক্ষেত্ৰত তেওঁৰ সংগীতৰদ্বাৰা প্ৰতিফলিত হয়। তেওঁৰ ব্যক্তিত্ব, তেওঁৰ চিন্তা আচলতে জীৱনধাৰাৰ গোটেইখিনি তেওঁৰ সংগীতৰ মাজেদিয়ে প্ৰতিফলিত হয়।

প্ৰশ্ন : অসমীয়া সংগীত জগতখনৰ বিপৰ্যয় কিম্বা সম্ভাৱনা সম্পৰ্কে আপোনাৰ ক’বলগা?
ৰূঃ ভূঞা : অসমৰ সংগীতজগতখনৰ বৰ্তমান বিপৰ্যয় বুলি একাষাৰে ক’ব নোৱাৰি। কাৰণ ইয়াৰ মাজতো কিছু গীত যিবিলাকৰ গুণগত মান উন্নত তেনেকুৱা গীতো হৈয়ে আছে। আৰু মই খুব আশাবাদী যে অসমৰ ভৱিষ্যতৰ নতুন প্ৰজন্মই ভাল কথা থকা সংগীত কৰি যাব আৰু উচ্চ মানৰ অসমীয়া সংগীতে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিব।

প্ৰশ্ন : গীতক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা?
ৰূঃ ভূঞা : এখন বাংলা এলবাম কৰি আছো। নতুন বছৰটোত সেইখন ৰিলিজ কৰিম। তাৰোপৰি এখন নতুন অসমীয়া আধুনিক গীতৰ এলবামো ৰিলিজ হ’ব। আৰু লগতে কেইটামান গজলৰ কাম কৰি আছো। আশা কৰিছো, এই গজলকেইটা এই বছৰটোত সম্পূৰ্ণ কৰিব পাৰিম আৰু ২০১৮ চনত ৰিলিজ কৰিব পাৰিম।

প্ৰশ্ন : নতুন সংগীত শিল্পীসকলক কিবা ক’ব বিচাৰে নেকি?
ৰূঃ ভূঞা : নৱ প্ৰজন্মৰ সংগীত শিল্পীসকললৈ মোৰ এটাই অনুৰোধ, তেওঁলোকে যাতে ভাল গীত শুনে আৰু যিটো ভাষাতে গীত গায় সেই ভাষাটোৰ বিষয়ে অলপ অধ্যয়ন কৰে, যাতে ব্যাকৰণৰ ভুল হোৱাকে গীত ৰচনা নকৰে আৰু সুৰসমূহ যাতে গীতৰ কথাৰ লগত সংগতি ৰাখি শুৱলাকৈ সংযোজন হয়।

প্ৰশ্ন : আপোনাৰ ভৱিষ্যতলৈ শুভকামনা আৰু অভিনন্দন, লগতে আপুনি ইমান সময় ‘মুক্ত চিন্তা’ৰ পাঠকক দিয়া বাবে বহু বহু ধন্যবাদ।
ৰূঃ ভূঞা : ধন্যবাদ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *