সংলাপ (গৌৰীশংকৰ দাস)

এক প্ৰাচীন অভিনেতাৰ দৰে হৈ পৰিছোঁ

প্ৰাচীন; বহু শতিকাৰ পুৰণি

পাহৰণিৰ ধূলিত পোত যোৱা সময়ৰ ফছিল

মুখত সানিছোঁ মিছা ৰং

মাটিৰ ৰংগমঞ্চ, আখজা পোহৰ,সাঁচিপাতৰ সংলাপ

পিন্ধিছোঁ যুগসন্ধিৰ বাখৰ খটোৱা পোছাক;

 

জীৱন যেন সূত্ৰধাৰ,

ঠাৰে-চিঁয়াৰে কৈছে

চকু পকাই ধৰিছে

অভিনয় কৰিছোঁ

গীত গাইছোঁ

নাচিছোঁ; মই যেন মাটিৰ পুতলা !!

 

মাত্ৰ তাত প্ৰান আছে ৷

নাটঘৰ নিজম পৰি আহিছে

মোৰ সমুখত এয়া ৰংগমঞ্চ নহয় বিশাল মৰুদ্যান

পৰি আছে,

পৰি আছে-বুকুত লৈ অনেক সঁচা-মিছা কাহিনী

অনেক হাঁহি আৰু সংলাপ

অনেক জয়গানৰ ঐক্যতান জীৱনৰ

 

মই মুখৰ মিছা ৰং গুছাইছোঁ,

নিজকে প্ৰবোধ দিছোঁ,মই অভিনয়হে কৰিছোঁ

হয় মই অভিনয়হে কৰিছোঁ ৷

 

মোৰ চৰিত্ৰ-শেলুৱৈ গজা এক ভগ্ন প্ৰাসাদত

ৰজা হোৱাৰ আখৰা কৰা এজন নাম নোহোৱা নাগৰিক ৷৷

Share Button
Print Friendly, PDF & Email

No Comments : "সংলাপ (গৌৰীশংকৰ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *