বিজ্ঞানমনস্কতাৰ সপক্ষে : খণ্ড-৩

বিজ্ঞানৰ ক্ষেত্ৰ (Domain)

পূৰ্বৰ খণ্ড »

প্ৰতিটো সঁজুলিৰেই এটা নিৰ্দিষ্ট বিচৰণ পৰিসীমা থাকে, যি ক্ষেত্ৰৰ ভিতৰত সেই সঁজুলিবিধে কাম কৰে। উদাহৰণস্বৰূপে, এখন ট্ৰেক্টৰ কেতিয়াও ফৰ্মুলা ৱানৰ ৰেচিং ট্ৰেকত চলিব নোৱাৰে, বা ঠিক একেদৰে এখন বিলাসী গাড়ীৰ পাছফালে নাঙলৰ ফাল বান্ধি লৈ তাক আমি হাল চলোৱা কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ।

পিছে, এইধৰণৰ বিচৰণ ক্ষেত্ৰৰ সীমা একোটাহঁতে সঁজুলিবিধৰ সীমাবদ্ধতা সূচিত নকৰে। প্ৰতিটো সঁজুলি একোটা নিৰ্দিষ্ট কামৰ বাবে বিকাশ কৰা হয় আৰু সেই কামটো সঁজুলিবিধে কিমান ভালকৈ কৰিব পাৰিছে সেইটোৱেহে তাৰ কাৰ্য-কুশলতা সূচিত কৰে। কথাটো এনেকুৱা, আমি এটা মোবাইল ফোন কিনিবলৈ গ’লে ফোনটো ভাল নে বেয়া সেয়া সিদ্ধান্ত লওঁতে নিশ্চয় এই কথাটো বিবেচনালৈ নানো যে আঞ্জাত দিয়া মছলা পিচিবলৈ সেই ফোনটো প্ৰশস্ত হ’ব নে নহয়।

কথাটো অতি তৰল বা হাস্যকৰ যেন লাগিলেও ইয়াৰপৰা কেইবাটাও সিদ্ধান্তৰ ইংগিত পাব পৰা যায়। সেইখিনি কথা আমি মূল লেখাটোত আলোচনা কৰিম।

বিজ্ঞানো একপ্ৰকাৰৰ সঁজুলিয়েই; ই এনে এবিধ তাত্ত্বিক সঁজুলি যাৰ মূল আধাৰ যুক্তি আৰু মূল উদ্দেশ্য হৈছে প্ৰকৃতি জগতৰ ৰহস্যৰ অনুসন্ধান।

বহু সময়ত, বিশেষতঃ ঈশ্বৰৰ প্ৰসংগক লৈ বা প্ৰমূল্যগত প্ৰশ্নক লৈ বিজ্ঞানৰ সীমাবদ্ধতাৰ ওপৰত প্ৰশ্ন উঠা দেখা যায়। প্ৰশ্নবোৰ মূলতঃ দুটা ধৰণৰ,

১. প্ৰমাণ অবিহনে একো কথা মানি নলওঁ বুলি কোৱা কিছুমান স্বঘোষিত বিজ্ঞানমনস্ক লোকে ঈশ্বৰৰ অনস্তিত্বৰ গাণিতিক বা প্ৰায়োগিক প্ৰমাণ অবিহনেও কিয় বাৰে বাৰে নিৰীশ্বৰবাদৰ কথা কয়? ষ্টিফেন হকিং প্ৰমুখ্যে বিজ্ঞানীসকল, যি নিজকে বাৰে বাৰে নাস্তিক বুলি নিৰ্দ্বিধায়ে কৈ আহিছে, তেওঁলোকে একপ্ৰকাৰৰ স্ববিৰোধিতাৰ মাজত সোমাই পৰা নাইনে?

২. মানুহৰ বাবে বিজ্ঞান বা বিজ্ঞানমনস্কতাই একমাত্ৰ অৱলম্বন হ’ব পাৰে নে? মানুহৰ প্ৰমূল্য চেতনা বা নৈতিকতাৰ মাপকাঠী বিজ্ঞান বা বিজ্ঞানমনস্কতাই কেনেকৈ নিৰ্দিষ্ট কৰি দিব পাৰিব?

কেনে উদ্দেশ্যত প্ৰশ্নসমূহ ব্যৱহাৰ হ’ব পাৰে, সেই প্ৰসংগ সদ্যহতে বাদ দি আমি প্ৰশ্নসমূহৰ প্ৰাসংগিকতা সম্পৰ্কে অলপ ভাবি চাব পাৰোঁ।

এইধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ বা ভিত্তিৰ বিষয়ে ভালকৈ বুজিবলৈ প্ৰয়োজন হয় বিজ্ঞানৰ সংজ্ঞা, বৈজ্ঞানিক যুক্তি নিৰ্মাণ পদ্ধতিৰ লগতে বিজ্ঞানৰ বিচৰণ ক্ষেত্ৰৰ সুস্পষ্ট ধাৰণাৰ।

ইতিমধ্যে আমি বৈজ্ঞানিক মডেল বা প্ৰকল্প নিৰ্মাণৰ বিষয়ে আলোচনা কৰিছিলোঁ। একোটা মডেল তৈয়াৰ কৰা হয় কিছুমান সিদ্ধান্তৰ ওপৰত। পিছে,এটা মডেল কেনেকুৱা কিছুমান সিদ্ধান্তৰ ওপৰত ভেঁজা দি থিয় হ’ব পাৰে? সেই সিদ্ধান্তসমূহৰ কিছুমান অত্যাৱশ্যকীয় গুণমান থকিব নালাগিবনে?

নিশ্চয় লাগিব; আৰু ইয়াৰ একেবাৰে প্ৰাথমিক চৰ্তটো হ’ল এই সিদ্ধান্তসমূহৰ থাকিব লাগিব “মিছা প্ৰমাণ হ’ব পৰাৰ সক্ষমতা”।

সত্যৰ অন্বেষণ কৰা এটা পদ্ধতিৰ মূল সৌধটোৰ এনেকুৱা চৰ্তই নিশ্চয়কৈ কিছু খেলিমেলিৰ সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়।

এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰা যাওক।

“এনে এবিধ কণিকাৰ অস্তিত্ব আছে, যাক গাণিতিকভাৱে বা পৰীক্ষামূলকভাৱে - কোনোপ্ৰকাৰেই প্ৰমাণ কৰিব পৰা নাযায়”- এই সিদ্ধান্তটো মন কৰক। এইটো এনে এক সিদ্ধান্ত যাক কোনোপ্ৰকাৰেই ভুল বুলি প্ৰমাণ কৰাৰ উপায় নাই।

আকৌ ধৰক, এইটো সিদ্ধান্ত “এনে এবিধ কণিকাৰ অস্তিত্ব আছে, যাৰ ভৰ ইলেক্ট্ৰনৰ ভৰৰ এহেজাৰ ভাগৰ এক অংশ; আধান পঞ্চাছটা ইলেক্ট্ৰনৰ সমান”- এই সিদ্ধান্তটো হয় ভুল বা নহয় ভুল বুলি প্ৰমাণ কৰিব পৰা যায়।

প্ৰথম সিদ্ধান্তটো এনেকুৱা যে তাক ভুল বুলি কোৱাৰ ৰাস্তাই নাই। এইধৰণৰ সিদ্ধান্তক লৈ বিজ্ঞানে কেতিয়াও কাম কৰিব নোৱাৰে। গতিকে যিবোৰ সিদ্ধান্তৰ “মিছা প্ৰমাণ হ’ব পৰাৰ সক্ষমতা” নাই, সেইবোৰ বৈজ্ঞানিক প্ৰকল্প নিৰ্মাণত কেতিয়াও উপযোগী নহয়।

এই কথাটোৱে বিজ্ঞানৰ এখন সুস্পষ্ট ক্ষেত্ৰ নিৰ্ধাৰণ কৰি দিয়ে।

পিছে, এই কথাটোৱে বাৰু বিজ্ঞানৰ সীমাবদ্ধতা আঙুলিয়াই দিয়ে নেকি?

বিজ্ঞানৰ উদ্দেশ্য হ’ল প্ৰকৃতিৰ নীতি-নিয়মবোৰৰ স্বৰূপৰ উদ্ঘাটন। এই পদ্ধতিগত যাত্ৰাত ওপৰত উল্লেখ কৰা প্ৰথম সিদ্ধান্তটোৰ ওপৰত ভেঁটি কৰি থিয় হোৱা প্ৰকল্পৰ কোনো গুৰুত্ব‍ই নাই, কাৰণ ই প্ৰকৃতিৰ স্বৰূপ বুজাৰ এই পদ্ধতিগত যাত্ৰাত (যাক আমি বিজ্ঞান বুলি কওঁ) কোনো প্ৰভাৱ নেপেলায়। যদি এনেকুৱা এবিধ কণিকা থাকেও, যাৰ অস্তিত্ব কোনো প্ৰকাৰে ধৰা নপৰে, যাৰ কোনো প্ৰভাৱ নায়েই, তেনে কণিকা এবিধ থকা আৰু নথকাৰ কি প্ৰভেদ?

যদি তেনেকুৱা সিদ্ধান্তক বুনিয়াদী স্তৰত গ্ৰহণ কৰি আমি এটা প্ৰকল্প নিৰ্মাণ কৰোঁ, তেনেহ’লে বিজ্ঞানৰ সহায়ত প্ৰকৃতিজগতৰ বস্তুনিষ্ঠ অধ্যয়ন অসম্ভৱ হৈ পৰিব।

গতিকে, বৈজ্ঞানিক সিদ্ধান্তৰ বাবে অত্যাৱশ্যকীয় এই চৰ্তটোৱে বিজ্ঞানৰ সীমাবদ্ধতা দেখুৱাই নিদিয়ে, বৰং বৈজ্ঞানিক পদ্ধতিক অধিক সুস্পষ্টহে কৰি তোলে।

প্ৰকৃতিজগত কেনেকৈ পৰিচালিত হৈছে তাৰ পৰম কাৰণ আৰু পৰম নীতি এতিয়াও বিজ্ঞানে ঢুকি পোৱাৰপৰা বহু দূৰৈত। পিছে “বিজ্ঞানৰ শেষ সীমা য’ত, অধ্যাত্মবাদ বা ঈশ্বৰবাদ বা ধৰ্মৰ আৰম্ভণি ঠিক তাতেই” বোলা জনপ্ৰিয় বাণীটোক সাৰোগত কৰি এই পৰম কাৰণৰ উত্তৰ দিয়াৰ অন্য এক প্ৰচেষ্টাও চলোৱা হৈছে। সেই প্ৰচেষ্টাই দাঙি ধৰা প্ৰকল্পটোৱে এক বুদ্ধিদীপ্ত সত্তাৰ (ঈশ্বৰ) কথা কয়। এই বুদ্ধিদীপ্ত সত্তাটো এনেকৈ সংজ্ঞাবদ্ধ কৰা হৈছে যে ইয়াক কোনো মানৱীয় কাৰ্যৰ যোগেদি (পৰীক্ষামূলক বা তাত্ত্বিক) ধৰা পেলোৱাটো অসম্ভৱ।

সেই সত্তাটো কিয় ধৰা পৰা হোৱা নাই বুলি প্ৰশ্ন কৰিবলৈ এতিয়া কোনো উপায় নাই। কাৰণ তাৰ সংজ্ঞায়েই এনেকুৱা যে মানৱীয় কাৰ্যৰ ই ঊৰ্ধ্বত।

পিছে মন কৰক, এই সংজ্ঞাৰ ওপৰত ভিত্তি কৰি কোনো বৈজ্ঞানিক প্ৰকল্প তৈয়াৰ কৰিব পৰা যাবনে?

কোনোপধ্যেই নাযাব, কাৰণ এই সংজ্ঞাটো এনেকুৱা যে ইয়াৰ “মিছা প্ৰমাণ হ’ব পৰা ক্ষমতা” নাই। আমাৰ অধ্যয়নৰ মূল সত্তাটোক যদি “মানৱীয় কাৰ্যৰ যোগেদি (পৰীক্ষামূলক বা তাত্ত্বিক) ধৰা পেলোৱাটো অসম্ভৱ” বুলি সংজ্ঞাবদ্ধ কৰি পেলোৱা হয়, ই কোনোপধ্যেই বৈজ্ঞানিক সিদ্ধান্ত হ’ব নোৱাৰে। অন্য অৰ্থত এইধৰণৰ প্ৰকল্প বা মডেলক বৈজ্ঞানিক যুক্তিবাদৰ ভিতৰুৱা কৰিব পৰা নাযাব।

ঈশ্বৰৰ সংজ্ঞা যদি এই বুদ্ধিদীপ্ত সত্তাটোৱেই হয়, তেনেহ’লে সেই সত্তাৰ কোনো স্থান বিজ্ঞানত নাথাকে, থাকিব নোৱাৰে। আমোদজনক কথাটো হ’ল ইয়াৰ ব্যতিৰেকে ঈশ্বৰৰ কোনো সংজ্ঞাও পাবলৈ নাই।

তাৰ উপৰি ঈশ্বৰবাদক বিজ্ঞানে নাকচ কৰাৰ আন এটা কাৰণ হ’ল প্ৰকৃতিৰ অন্যান্য ৰহস্যবোৰ উদ্ঘাটন কৰাতো ই কোনোদিনেই সফল হোৱা নাই।

লেখাৰ আৰম্ভণিতে উল্লেখ কৰা প্ৰথম প্ৰশ্নটো মনত পেলোৱা যাওক। উক্ত প্ৰশ্নটোৰ যে বিজ্ঞানৰ প্ৰকৃত ক্ষেত্ৰখনৰ লগত কোনো সম্পৰ্কই নাই সেয়া আমি নিৰ্দ্বিধায় ক’ব পাৰোঁ। এই প্ৰশ্নটোৰ উত্তৰ উদ্ঘাটনৰ প্ৰক্ৰিয়াটোৱে আমাক বৈজ্ঞানিক প্ৰকল্প নিৰ্মাণৰ বুনিয়াদী স্তৰৰ প্ৰক্ৰিয়াৰ স্বৰূপ বুজি উঠাত সহায় কৰে।

ইমানখিনিৰ পাছত দ্বিতীয় প্ৰশ্নটোৰ স্বৰূপ ফটফটীয়াকৈ বুজি উঠিব পাৰি। প্ৰমূল্য বা নৈতিকতাও বিজ্ঞানৰ ক্ষেত্ৰৰ বাহিৰা এক উপাদান। বিজ্ঞানৰ বিকাশৰ উদ্দেশ্য হ’ল প্ৰকৃতিৰ সেই পৰম কাৰণৰ সন্ধান, নৈতিকতাৰ মানদণ্ড নিৰ্দিষ্ট কৰি দিয়া নহয়। এই প্ৰশ্নটোৰে বিজ্ঞানৰ সীমাবদ্ধতা সন্ধান কৰাৰ লগত লেখাৰ আৰম্ভণিতে উল্লেখ কৰা মোবাইল ফোনেৰে আঞ্জাৰ বাবে মছলা পিচা কথাটোৰ কোনো মূলগত পাৰ্থক্য নাথাকিব।

গৌৰীশংকৰ ভূঞা

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞানমনস্কতাৰ সপক্ষে : খণ্ড-৩"

Leave a Comment

Your email address will not be published. Required fields are marked *