বিজ্ঞান আৰু সমাজ - (অঞ্জন জ্যোতি ডেকা)

এগৰাকী জীৱনীকাৰে ন'বেল বঁটা বিজয়ী বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ জীৱনী আৰম্ভ কৰিছে বিজ্ঞানীজনাই ন'বেল বঁটা গ্ৰহণ কৰোঁতে দিয়া ভাষণৰ অন্তত কোৱা এই বাক্যটিৰে - "সত্যৰ মোহৰ হ'ল সৰলতা, সত্যৰ জ্যোতি হ'ল সৌন্দৰ্য"। সৰলতা আৰু জ্যোতি এই দুটাই হ'ল বৈজ্ঞানিক তথ্য তথা বিজ্ঞানীৰ বাবে মোহৰ।

মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই বিজ্ঞানে মানুহক প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ শিকোৱাৰ লগতে নানা ধৰণৰ প্ৰতিকূল পৰিস্থিতিক বশ কৰি নিজৰ জীৱন ধাৰণ প্ৰণালী উন্নত আৰু সহজসাধ্য কৰি তোলাত সহায় কৰি আহিছে। কিন্তু তথাপি যেন কোনোবাখিনিত বিজ্ঞানৰ প্ৰকৃত অৰ্থ আমি বুজি পোৱা নাই - আমাৰ সমাজত প্ৰচলিত নানা কু-সংস্কাৰ আৰু অ-বৈজ্ঞানিক ৰীতি-নীতিয়েই তাৰ ইংগিত বহন কৰে। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ তথা অসমত বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে অলপ বিশ্লেষণ কৰিলেই এই কথা জলজল পতপতকৈ ওলাই পৰে। এই যে বিজ্ঞানে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয় বাৰু?

শেহতীয়াকৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সন্মানীয় মন্ত্ৰী হৰ্ষ বৰ্ধন ডাঙৰীয়াই মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আমাৰ হিন্দু ধৰ্মৰ বেদসমূহত এলবাৰ্ট আইনষ্টাইনৰ যুগান্তকাৰী আপেক্ষিকতাবাদৰ তত্বতকৈও শ্ৰেষ্ঠ বৈজ্ঞানিক তত্ব আছে বুলি বিজ্ঞানী হকিঙে কৈছিল। এই বিবৃতিটো সম্পূৰ্ণৰূপে ভুল আৰু যুক্তিহীন। বেদসমূহত আমাৰ সমাজ জীৱনত প্ৰয়োজন হোৱা বহুতো মূল্যবান জীৱন দৰ্শন মনীষীসকলে লিপিবদ্ধ কৰি থৈ গৈছে। কিন্তু সেইসমূহৰ লগত বৈজ্ঞানিক তত্বৰ কোনোধৰণৰ সম্পৰ্ক নাই। গতিকে এনে ধৰণৰ কিছুমান অবান্তৰ আৰু জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা বিবৃতি যদি স্বয়ং বিজ্ঞান-মন্ত্ৰীজনেই প্ৰকাশ কৰে তেতিয়াহ'লে আমি দেশখন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত চহকী হোৱাৰ আশা কেনেদৰে কৰিব পাৰো? ইয়াৰ উপৰি ত্ৰিপুৰাৰ তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কিছু ভাষ্যটো আমি এনে কিছুমান অহৌবলিয়া দিশ প্ৰত্যক্ষ কৰিছো যিয়ে সত্য প্ৰতিষ্ঠা কৰাত এক ভাবুকি কঢ়িয়াই আনিছে। সেই অৰ্থে আমাৰ প্ৰতিনিধিসকলে বিজ্ঞানৰ প্ৰকৃত অৰ্থ আৰু গুণাগুণ সম্পৰ্কে অধ্যয়ন কৰি সমাজত বিজ্ঞানৰ জৰিয়তে এক উন্নয়নৰ বাৰ্তা কঢ়িয়াব বুলি আশা ৰাখিছো।

আমাৰ শিক্ষা ব্যৱস্থাটোৰ বাবেই হওঁক বা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অনিচ্ছাৰ বাবেই হওঁক, বৰ্তমান সময়ত বিজ্ঞান-শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ। সৰহ সংখ্যকেই ইঞ্জিনিয়াৰিং আৰু মেডিকেলক সোণৰ কণী পৰা হাঁহ বুলি ধৰি লৈ অহৰহ তাৰ পাছত দৌৰিছে। আকৌ, মৌলিক বিজ্ঞান পঢ়াসকলৰো প্ৰায়ভাগে কেৱল পঢ়িব লাগে কাৰণেই অধ্যয়ন কৰিছে যেন অনুভৱ হয়। এই ধৰণৰ কাৰ্যই বিজ্ঞানৰ জৰিয়তে সত্যৰ সন্ধান কৰাৰ পৰা আমাক বঞ্চিত কৰিছে।

সাধাৰণতে, বিজ্ঞানী বা যিকোনো ধৰণৰ শিক্ষামূলক কাৰ্যত জড়িত হৈ থকা সাধক সকলৰ জনপ্ৰিয়তা (?) কম। অসমত ড৹ জিতেন্দ্ৰ নাথ গোস্বামীতকৈ শিলাদিত্য দেৱক মানুহে বেছিকৈ চিনি পায়। এনে ধৰণৰ কথাই সমাজখনত এক বিষাক্ত আৰু ঋণাত্মক পৰিৱেশ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সত্য প্ৰতিষ্ঠা কৰাত অহৰহ ব্ৰতী হৈ থকা জ্ঞানীসকলক সমাজৰ মাজত চিনাকি কৰাই দিয়াৰ দায়িত্বও সংবাদ মাধ্যমৰে। এনে কৰিলে জনসাধাৰণে এইসকল ব্যক্তিৰ সংগ্ৰাম আৰু অসীম জীৱনী শক্তিৰ দ্বাৰা প্ৰভাৱিত হ'ব আৰু এনেদৰেই এক সুস্থ-সৱল জনমত সৃষ্টি কৰিব পৰা যাব।

বিজ্ঞানক মানুহৰ মাজলৈ লৈ যাব পৰা আন এক মাধ্যম হৈছে সাহিত্য, যাৰ দ্বাৰা সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আদি আমি সম্পূৰ্ণৰূপে বিনাশ কৰিব পাৰিম। অসমীয়া সাহিত্যত সৌৰভ কুমাৰ চলিহা, দীনেশ চন্দ্ৰ গোস্বামী, দিলীপ কুমাৰ চৌধুৰী, ড৹ শিৱনাথ বৰ্মন, বন্দিতা ফুকন আদি বৰেণ্য ব্যক্তিসকলে নানা সময়ত সাহিত্যৰ জৰিয়তে বিজ্ঞানক জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ অহৰহ চেষ্টা কৰি আহিছে/আহিছিল। এতিয়া আমাক 'অশান্ত ইলেক্ট্ৰন'ৰ দৰে আৰু অধিক গল্পৰ প্ৰয়োজন। আৰু বহুতো সৌৰভ কুমাৰ চলিহাৰ প্ৰয়োজন। প্ৰকৃততে বিজ্ঞান, এই বিষয়টো আচহুৱা যেন লাগিলেও ই এক প্ৰকাৰৰ বস্তুধৰ্মী সাহিত্য। কিয়নো ইয়াৰ লীলাক্ষেত্ৰ হ'ল বস্তুজগত (world of sect)। গতিকে শেষত ক'ব পাৰি যে বিজ্ঞান হৈছে আনন্দদায়ক বৌদ্ধিক অনুসন্ধিৎসাৰ পৰা উৰ্ধত তন্ময় (objective) সাহিত্য।

বিজ্ঞানৰ কথা লিখিব বিচাৰিলেই তাত আন এটা দিশ সাঙোৰ খাই পৰে, সেইটো হৈছে ধৰ্ম। বিজ্ঞান সম্পূৰ্ণ দৰ্শনপূৰ্ণ, আনহাতে ধৰ্ম নীতি-নিয়মপূৰ্ণ। আমাৰ সমাজত ধৰ্মৰ ধাৰণাই যেনেকৈ আমাৰ মন-মানসত কিছু ঠাই অধিকাৰ কৰে, বিজ্ঞানৰ ধাৰণা বা বৈজ্ঞানিক মানসিকতাই খুব কম ঠাইহে অধিকাৰ কৰে। এই ক্ষেত্ৰত অজ্ঞতা আৰু অধ্যয়নহীনতাও কাৰক হ'ব পাৰে৷ মাৰ্ক্সবাদী বিজ্ঞানীসকলে religion is the spirit of spiritless situation বুলি কয়। অৰ্থাৎ শক্তিহীন অৱস্থা বা দুৰ্বল অৱস্থা বা অচল অৱস্থা এটাৰ শক্তি হ'ল ধৰ্ম। মহান বিজ্ঞানী আইনষ্টাইনে ধৰ্মক বিজ্ঞানৰ লগত নাসাঙুৰি ধৰ্মীয় দৰ্শনক তিনিটা পৰ্যায়ত বিশ্লেষণ কৰিছিল। যেনে-

১/ religion of fear ভয়ৰ ধৰ্ম (ভাল - বেয়া, পাপ-পূণ্যৰ মনোভাৱ)

২/ moral religion নৈতিক ধৰ্ম (মানৱীয় মূল্যবোধৰ চৰিত্ৰ বিশ্লেষণ)

৩/ cosmic religion মহাজাগতিক ধৰ্ম (সৃষ্টিৰ ৰহস্য উদঘাটন, ধৰ্মৰ উৎপত্তি)

ইয়াৰ উপৰি আইনষ্টাইনৰ ধাৰণাত ঈশ্বৰ হ'ল - "A brief bound up with deep feeling is a superior mind that reveals itself in the world of experience, represents my conception of god". অৰ্থাৎ "আমাৰ অভিজ্ঞতাৰ জগতত প্ৰকাশমান এটা উচ্চতৰ মানৱ অস্তিত্বত এই যে গভীৰ অনুভূতি মিশ্ৰিত পৰম বিশ্বাস, এয়ে হ'ল মোৰ ঈশ্বৰ সম্পৰ্কে ধ্যান-ধাৰণা"।

মানৱ জাতিয়ে বিজ্ঞানৰ সুব্যৱহাৰ কৰি মানৱ-সভ্যতা জিলিকাই তোলক। এক বিজ্ঞান আন্দোলনৰ জন্ম হওক, যিয়ে বিজ্ঞানসন্মত নতুন পুৰুষ গঢ় দিব আৰু প্ৰকৃতি মানৱৰ সম্পৰ্ক নিবিড় কৰি তুলিব।

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞান আৰু সমাজ - (অঞ্জন জ্যোতি ডেকা)"

Leave a Comment

Your email address will not be published. Required fields are marked *