বিজ্ঞান, বৈজ্ঞানিক মানসিকতা আৰু আধুনিক সমাজ

মানুহ চেতনাশীল আৰু চিন্তাশীল প্ৰাণী। এই গুণৰ বলতেই মানুহে অতীতৰেপৰা প্ৰকৃতিক বিশ্লেষণ আৰু অনুধাৱন কৰি প্ৰাকৃতিক নিয়মসমূহ নিজৰ তথা সমাজৰ কল্যাণৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। মানুহৰ এই প্ৰচেষ্টাই,অৰ্থাৎ প্ৰকৃতিৰ অধ্যয়নেই হ'ল বিজ্ঞান। প্ৰকৃতিক অধ্যয়ন কৰি ইয়াৰ ৰহস্য উদঘাটন কৰাৰ লগত জড়িত হৈ থকা বিশেষ পদ্ধতিয়েই হ'ল বৈজ্ঞানিক পদ্ধতি। সাধাৰণভাৱে ক'বলৈ গ'লে,বৈজ্ঞানিক পদ্ধতি হ'ল প্ৰধানকৈ এটা পৰীক্ষা-নিৰীক্ষাভিত্তিক পদ্ধতি। এই পদ্ধতিৰ সহায়ত প্ৰকৃতিৰ ঘটনা-পৰিঘটনা, প্ৰাকৃতিক উপাদান আদি বিশ্লেষণ কৰি সত্যৰ সন্ধান কৰা হয়।

     ধৰ্মৰ দৰে বিজ্ঞানত কোনো পৰম সত্যৰ স্থান নাই। বিজ্ঞানৰ অধ্যয়নৰ দুৱাৰ সদায় সকলোৰে বাবে খোলা। নিউটনৰ মহাকৰ্ষণ তত্ত্বটো হাজাৰ হাজাৰ পৰীক্ষাৰদ্বাৰা প্ৰমাণ কৰা হৈছিল। তাৰ পাছতো নতুন তথ্যৰ আৱিষ্কাৰে সেই তত্ত্বৰ প্ৰাসংগিকতা নাইকিয়া কৰি পেলালে। মাইকেলছন-মৰ্লিৰ পোহৰৰ বেগ সম্পৰ্কীয় পৰীক্ষাৰ ফলাফলে ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ ভেঁটিটোকে কঁপাই তুলিছিল। ফলত, আইনষ্টাইনে আপেক্ষিকতাবাদৰ অৱতাৰণা কৰিলে। কিন্তু, আইনষ্টাইনো বিপদমুক্ত নহয়; নতুন নতুন তত্ত্ব ওলায়েই আছে। মুঠতে, বিজ্ঞান গতিশীল, ইয়াৰ বিকাশ আৰু প্ৰগতি চিৰন্তন।

     মানুহে প্ৰায়বোৰ দৈনন্দিন কাম-কাজত জ্ঞাতে-অজ্ঞাতে,কম-বেছি পৰিমাণে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰে। উদাহৰণস্বৰূপে, এজন খেতিয়কে বিজ্ঞান শিক্ষাৰে শিক্ষিত নহ'লেও অভিজ্ঞতাৰ ভিত্তিত কৃষিকাৰ্যত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিব পাৰে। আমাৰ প্ৰচলিত আনুষ্ঠানিক বিজ্ঞান শিক্ষাৰ নিম্ন স্তৰত বৈজ্ঞানিক পদ্ধতিৰ প্ৰশিক্ষণ নিদিয়াৰ ফলতেই বিজ্ঞান শিক্ষা যান্ত্ৰিক আৰু মূলতঃ তথ্যভিত্তিক হৈছে। মানুহৰ বৈজ্ঞানিক মানসিকতা আৰু লগতে বৈজ্ঞানিক সজাগতা গঢ়ি নুঠাৰ ই প্ৰধান কাৰণ। বিশেষকৈ, শিশুসকল আজন্ম বিজ্ঞানী; অৰ্থাৎ শিশুৱে জন্মগতভাৱেই বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হৈ আহে। পাছৰ জীৱনত উপযুক্ত বিজ্ঞান শিক্ষাদানেৰে তেওঁলোকৰ বৈজ্ঞানিক মানসিকতাৰ প্ৰতিপালন তথা বিকাশ নঘটালে ভৱিষ্যত জীৱনত তেওঁলোকৰ মনত অন্ধবিশ্বাসে বাহ ল'ব পাৰে। 'কোঠাৰী শিক্ষা আয়োগ'ৰ প্ৰতিবেদনত এই কথাষাৰেই কোৱা হৈছে : ''যদি বিজ্ঞান উপযুক্তভাৱে শিকোৱা নহয়, আৰু বেয়াকৈ শিকে, তেন্তে ই আনকি শিকাৰুৰ মনত নতুন অন্ধবিশ্বাসৰ জন্ম দিব পাৰে।'' [“If Science is poorly taught and badly learnt , it may led even to new superstition.”]

     বৈজ্ঞানিক মানসিকতানো কি ? চমুকৈ ক'বলৈ হ'লে, মানুহৰ চিন্তা আৰু কাম-কাজত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ সামৰ্থ্যই হ'ল বৈজ্ঞানিক মানসিকতা। এই 'বৈজ্ঞানিক মানসিকতা' [Scientific temper] বিষয়টো প্ৰথমবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৬ চনত তেওঁৰ 'ডিস্ক'ভাৰি অব ইণ্ডিয়া' নামৰ গ্ৰন্থত উল্লেখ কৰিছিল। (তাৰো আগতে ১৯২৬ চনত বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ 'অন এডুকেচন'নামৰ ৰচনাত ইয়াৰ উল্লেখ কৰিছিল।) ভাৰতবৰ্ষ স্বাধীন হোৱাৰ ঠিক পাছতে প্ৰধান মন্ত্ৰী নেহৰুৱে বিজ্ঞান-প্ৰযুক্তিৰ সুপ্ৰয়োগেৰে দেশখন প্ৰগতিৰ পথত আগ বঢ়াই নিবলৈ যে জনসাধাৰণৰ এটা অন্ধবিশ্বাস- আৰু অন্ধসংস্কাৰ-মুক্ত মনৰো প্ৰয়োজন, সেই কথাত গুৰুত্ব আৰোপ কৰিছিল।

     ভাৰতে স্বাধীনতা লাভ কৰাৰ আজি তিনি কুৰি সাত বছৰৰো অধিক কালৰ পাছত আমাৰ দেশ বৈজ্ঞানিক শিক্ষা আৰু গৱেষণা, মহাকাশবিজ্ঞান, পাৰমাণৱিক শক্তি আহৰণ, কৃষি, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত আশানুৰূপ নহ'লেও ভালেখিনি আগ বাঢ়িল। মানুহ বিজ্ঞান শিক্ষাত আগ বাঢ়িল, প্ৰযুক্তিবিজ্ঞানক মানুহে জীৱন নিৰ্বাহৰ লগৰীয়া কৰিবলৈ শিকিলে, কিন্তু সৰহভাগ মানুহৰে বৈজ্ঞানিক সজাগতা আৰু মনস্কতা গঢ় লৈ নুঠিল। দেশৰ সৰহখিনি মানুহ অন্ধবিশ্বাস, অন্ধসংস্কাৰ তথা কুসংস্কাৰ, ধৰ্মান্ধতা আদিৰপৰা এতিয়াও মুক্ত হ'ব পৰা নাই। সমাজত আজিও ডাইনী হত্যা, ধৰ্মৰ নামত নৰবলি আৰু প্ৰাণীহত্যা, ভ্ৰান্ত ধাৰণাৰ বাবে গঁড়, কেঁকো সাপ আদি প্ৰাণীৰ হত্যা, কন্যা শিশু হত্যা, বেজালি আৰু মন্ত্ৰ-জৰা-ফুঁকা, ধৰ্মৰ অচিলা লৈ বাবা, পীৰবাবা, গডমেন আদিৰ জন-প্ৰৱঞ্চনা আৰু ব্যৱসায়-দুৰ্নীতি, ভাগ্য গণনা আদি এশ-এবুৰি কু-কৰ্মকাণ্ড চলি থকাটোৱে বৈজ্ঞানিক মানসিকতাৰ প্ৰতি চৰম প্ৰত্যাহ্বান সূচায়। ১৯৭৬ চনত ভাৰতবৰ্ষই বিশ্বত প্ৰথমবাৰৰ বাবে নিজৰ সংবিধানত সমাজৰ সকলো শ্ৰেণীৰ লোকৰে বৈজ্ঞানিক মানসিকতা থকাটো জনসাধাৰণৰ এটা মৌলিক অধিকাৰ বুলি অন্তৰ্ভুক্ত কৰিছে। তথাপিও, এই সংবিধানপ্ৰদত্ত অধিকাৰ সাব্যস্ত কৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ এইখন দেশতে নৰেন্দ্ৰ ডাভোলকাৰৰ দৰে যুক্তিবাদী লেখকেও আততায়ীৰ হাতত প্ৰাণ হেৰুৱাবলগা হয়।

     বৰ্তমান আমাৰ সংস্কৃতি যে বিজ্ঞান-নিৰ্ভৰশীল হৈছে, অকল সেয়ে নহয়, আমি বৈজ্ঞানিক সংস্কৃতিৰ মাজতেই বাস কৰিছোঁ। প্ৰযুক্তিবিজ্ঞানে দান কৰা সমস্ত সম্ভাৰ আমি বিনাদ্বিধাই আমাৰ মনোৰঞ্জন, সুখ-স্বাচ্ছন্দ্য, আৰু অৰ্থনৈতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰা সত্ত্বেও আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱ আৰু কুসংস্কাৰ-অন্ধবিশ্বাসৰ প্ৰভাৱ এতিয়াও বিৰাজমান। বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তি, আৰু স্বয়ং বিজ্ঞানীও অন্ধবিশ্বাসৰপৰা মুক্ত নহয়। সেইকাৰণেই, ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানৰ শিক্ষকেও গণেশৰ মূৰ্তিক গাখীৰ খুৱায়; কেতিয়াবা নিঃসন্তান ডাক্তৰেও সন্তান লাভৰ আশাৰে বেজালি আৰু বন-দৰবৰ সহায় লোৱা দেখা যায়।

     অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সংজ্ঞা কি ? শব্দগত অৰ্থৰপৰা চাবলৈ গ'লে, যুক্তিহীন বা ভিত্তিহীন বিশ্বাসেই হ'ল অন্ধবিশ্বাস, আৰু অন্ধবিশ্বাস জড়িত হৈ থকা নীতি-নিয়ম বা আচাৰ-অনুষ্ঠানেই হ'ল অন্ধসংস্কাৰ বা কুসংস্কাৰ। উদাহৰণস্বৰূপে, বসন্ত বা আই ওলোৱা এবিধ ভাইৰাছজনিত ৰোগ। কিন্তু, আমাৰ সমাজত বসন্ত ওলালে 'শীতলা আই'ৰ আৱিৰ্ভাৱ হোৱা বুলি আইক সন্তুষ্ট কৰিবলৈ বিভিন্ন আচাৰ-অনুষ্ঠান পতা হয়। সেইদৰে, পুত্ৰ সন্তান লাভৰ বাবে সত্যনাৰায়ণ পূজা পতা, গৰ্ভস্থ সন্তানৰ লিংগ পৰিৱৰ্তন কামনা কৰি পূজা-পাতল কৰা, শৰাই-শলিতা দিয়া আদি অন্ধবিশ্বাসযুক্ত কুসংস্কাৰ। প্ৰেতাত্মা থকা বুলি কৰা অন্ধবিশ্বাসৰ বাবেই মৃতকৰ শ্ৰাদ্ধাদি (প্ৰেতকৰ্ম) পতা হয়।

     'সৰ্বপ্ৰাণবাদ', অৰ্থাৎ পৃথিৱীৰ সকলো বস্তুৰেই প্ৰাণ আছে বুলি কৰা ভ্ৰান্ত ধাৰণাৰ বাবেই মানুহে আদিম যুগৰপৰাই শিল, গছ, নদী, পানী আদিক পূজা কৰি আহিছে। এইবোৰত ভূত, প্ৰেত, যখিনীয়ে বাস কৰে বুলি বিশ্বাস কৰে। আধুনিক যুগত এই বিশ্বাসৰ উদাহৰণ হ'ল মটৰগাড়ী, বাইক, কম্পিউটাৰ আদিক সেন্দূৰৰ ফোঁট পিন্ধোৱা, ঘৰ-দুৱাৰ, গাড়ীৰ ষ্টিয়াৰিং আদিক সেৱা কৰা ইত্যাদি। আনকি, ভাৰতৰ মহাকাশ বিজ্ঞান সংস্থা 'ইছৰো'ৱে প্ৰতিটো মহাকাশ অভিযানৰ আগতে মহাকাশযানৰ প্ৰতিকৃতি এটা বালাজী মন্দিৰত উছৰ্গা কৰে।

     পদাৰ্থবিজ্ঞানী ড° মেঘনাদ সাহাই ১৯৩৯ চনতে লিখা এটা প্ৰবন্ধত উল্লেখ কৰিছিল যে ভাৰতৰ শতকৰা ৯৯ জন মানুহেই পঞ্জিকা আৰু প্ৰায়োগিক জ্যোতিষত বিশ্বাস কৰে। তথাকথিত শুভদিন নহ'লে, বা কোষ্ঠী নিমিলিলে বিবাহ নহয়। এই অবৈজ্ঞানিক বিশ্বাসবোৰ এতিয়াও আমাৰ সমাজত প্ৰচলিত। আলোচনী, বাতৰিকাকত, টিভিযোগে প্ৰচাৰিত ৰাশিফল, ভাগ্যগণনা মানুহে আজিও আস্থাৰে গ্ৰহণ কৰে। আনকি, বিদেশতো জ্যোতিষ সমাদৃত। বহুতে জ্যোতিষবিদ্যা আৰু জ্যোতিৰ্বিজ্ঞান বিষয় দুটাক একাকাৰ কৰি দেখুৱাব খোজে। 'নাছা'ই শনি গ্ৰহলৈ কেছিনি উপগ্ৰহ প্ৰেৰণ কৰাৰ সময়ত ভাৰতৰ কোনো কোনো ঠাইত শনি পূজাৰ আয়োজন কৰা হৈছিল - যাতে গ্ৰহদোষ নঘটে।

     অতীজত কৃষিকাৰ্য, দূৰ ভ্ৰমণ, নৌযাত্ৰা আদিৰ বাস্তৱ প্ৰয়োজনত গ্ৰহ, নক্ষত্ৰ, চন্দ্ৰ আদিৰ অৱস্থান নিৰ্ণয়ৰ প্ৰয়োজন হৈছিল। মানুহে অভিজ্ঞতাৰপৰা দেখিছিল যে এইবোৰৰ অৱস্থানে বতৰ আৰু জলবায়ু নিয়ন্ত্ৰণ কৰে। পিছৰ যুগত এই গ্ৰহ-নক্ষত্ৰবোৰে মানুহৰ জীৱন তথা ভাগ্যৰ ওপৰতো প্ৰভাৱ পেলায় বুলি মানুহে ধাৰণা কৰিবলৈ লয়। সেয়াই আছিল জ্যোতিষবিদ্যাৰ আৰম্ভণি। প্ৰত্যেক ব্যক্তিৰে নিজৰ ভৱিষ্যত বা ভাগ্যক জনাৰ এটা স্বাভাৱিক আগ্ৰহ থাকে। মানুহৰ এই দুৰ্বলতাৰ সুযোগ লৈয়েই জ্যোতিষ তথা ভাগ্য গণনাৰ ৰমৰমীয়া বজাৰখন চলি আছে। জ্যোতিষৰ কিছুমান কথা কেতিয়াবা কাকতালীয়ভাৱে মিলি যায়, সেইবোৰ প্ৰচাৰিত হয়, আৰু নিমিলাবোৰ প্ৰচাৰ নহয়। এবাৰ কেইবাজনো বিখ্যাত জ্যোতিষীক কেইজনমান ব্যক্তিৰ জন্মপত্ৰিকা দি মানুহকেইজন কেনেকুৱা সেই বিষয়ে ক'বলৈ কোৱা হৈছিল। পাছত দেখা গ'ল, জ্যোতিষীয়ে ভাল বুলি কোৱা আটাইকেইজন মানুহেই আছিল কুখ্যাত ব্যক্তি। বিজ্ঞানীসকলে এটা পৰীক্ষাত দুহাজাৰৰো অধিক ব্যক্তি বাছি লৈছিল, যিসকলৰ জন্মৰ তাৰিখ-তিথি একে, আৰু সময়ো এক মিনিটৰ ভিতৰত। কিন্তু, সেইসকলৰ মাজত কোনো মিল পোৱা নগৈছিল। ১৯৭৫ চনত বিশ্বৰ ১৮৬গৰাকী বৰেণ্য বিজ্ঞানীয়ে জ্যেতিষশাস্ত্ৰৰ সাৰশূন্যতাৰ বিষয়ে এখন ইস্তাহাৰত স্বাক্ষৰ দান কৰিছিল। সেইসকলৰ ভিতৰত ওঠৰজন ন'বেল বঁটা পোৱা বিজ্ঞানীও আছিল।

     বৰ্তমান আধুনিক সমাজৰ শিক্ষিত-অশিক্ষিত উভয় অংশতে কিছুমান নতুন অন্ধ সংস্কৃতিয়ে কুপ্ৰভাৱ পেলাইছে। ইয়াৰ দুটা উদাহৰণ হ'ল চীনৰ ফেংচুই আৰু জাপানৰ ৰেইকি চিকিৎসা পদ্ধতি। সৌভাগ্যৰ আশাৰে ঘৰত ব্যৱহাৰ কৰা ফেংচুই সামগ্ৰীবোৰৰ কলাত্মক সৌন্দৰ্য উপভোগ্য। কিন্তু, তাৰ লগত জড়িত অন্ধবিশ্বাসবোৰে শিশু-কিশোৰ-মহিলা সকলোৰে মন ভ্ৰান্ত ধাৰণাৰে ভৰাই পেলায়। ৰেইকিৰ দৰে চিকিৎসা পদ্ধতিয়ে জৰা-ফুঁকাৰ দৰে সাময়িকভাৱে কিছুমান ৰোগৰ উপশম ঘটোৱাৰ বাহিৰে আন একো কৰিব নোৱাৰে। বনৌষধি বা আয়ুৰ্বেদৰ সহায়ত কেনছাৰ আৰু এইডছৰ চিকিৎসা সম্ভৱ বুলি দাবী কৰাটোও বিজ্ঞানসন্মত নহয়। ২০০৫ চনত বিশ্বৰ বিজ্ঞানীমহলে উচ্চ পৰ্যায়ৰ অধ্যয়ন চলাই চতুৰ্থবাৰৰ বাবে ঘোষণা কৰিছিল যে হোমিঅ'পেথিক চিকিৎসাৰো হেনো কোনো বৈজ্ঞানিক ভিত্তি নাই।

     বজাৰত বটলত কিনিবলৈ পোৱা 'অক্সিজেন-সমৃদ্ধ' খোৱাপানীৰো কোনো বৈজ্ঞানিক ভিত্তি নাই। কাৰণ, অক্সিজেন পেটলৈ গ'লে অতিৰিক্ত গেছ হোৱাৰহে সম্ভাৱনা থাকে। এই গেছ হাঁওফাঁওৰ জৰিয়তেহে শৰীৰে গ্ৰহণ কৰে, মুখেৰে পেটলৈ ভৰাই নহয়। সেইদৰে, ইলেকট্ৰিক ব্লেংকেট, হাৰ্বেল পদ্ধতিৰে ল'ৰা-ছোৱালীৰ উচ্চতা বঢ়োৱা, বেক্টেৰিয়ামুক্ত কলম, বায়'টেলিভিছন আদি হ'ল আধুনিক সামগ্ৰীৰে সমাজত অন্ধবিশ্বাস বিস্তাৰ কৰাৰ কেতবোৰ উদাহৰণ।

     সমাজত প্ৰচলিত কিছুমান লোকবিশ্বাস আৰু পৰম্পৰাৰ বৈজ্ঞানিক ভিত্তি থাকিবও পাৰে। মানুহে স্বাস্থ্য ৰক্ষা আৰু কৃষিকাৰ্যত ব্যৱহাৰ কৰা কিছুমান উদ্ভিদজাত দ্ৰব্য আৰু খনিজাত পদাৰ্থ ইয়াৰ উদাহৰণ। সেইবোৰৰ উপযুক্ত গৱেষণা আৰু প্ৰণালীবদ্ধ প্ৰয়োগে সমাজৰ কল্যাণ সাধন কৰে। ইংলণ্ডৰ গ্ল'চেষ্টাৰ অঞ্চলত বহু বছৰৰ আগৰেপৰা এটা লোকবিশ্বাস চলি আছিল যে গো-বসন্তৰদ্বাৰা আক্ৰান্ত হোৱা মানুহৰ বসন্ত ৰোগ নহয়। এই লোকবিশ্বাসৰ ভিত্তিতেই চিকিৎসাবিজ্ঞানী এডৱাৰ্ড জেনাৰে বসন্ত ৰোগৰ ছিটা উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু, জৰা-ফুঁকা, যাদু-মন্ত্ৰ, স্বপ্নপ্ৰাপ্ত ঔষধ, বেজালি আদিৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

     সমাজত প্ৰচলিত অন্ধবিশ্বাস, অন্ধসংস্কাৰ, ভ্ৰান্ত ধাৰণা আদি আঁতৰাই প্ৰতিজন ব্যক্তিকে বৈজ্ঞানিক মানসিকতাসম্পন্ন কৰি তুলিবলৈ ব্যক্তি, সংগঠন আৰু চৰকাৰে সমাজৰ তৃণমূল স্তৰৰপৰাই প্ৰচেষ্টা চলাব লাগিব। জনসাধাৰণৰ মাজত বৈজ্ঞানিক সাক্ষৰতাৰ বিস্তাৰৰ লগতে তেওঁলোকক বৈজ্ঞানিক পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিব লাগিব। শিশু তথা ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়ৰপৰাই হাতে-কামে বিজ্ঞানৰ শিক্ষা দান কৰিব লাগিব, যাতে তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰ প্ৰশিক্ষণ লৈ তেওঁলোকৰ মন কাৰ্য-কাৰণৰ ধাৰণাৰে পৰিপুষ্ট হ'ব পাৰে, আৰু তেওঁলোকৰ জন্মগত বৈজ্ঞানিক অনুসন্ধিৎসা আৰু মানসিকতাৰ পূৰ্ণ বিকাশ ঘটিব পাৰে। বিদ্যালয়ৰ পাঠ্যপুথিসমূহতো বিভিন্ন অন্ধবিশ্বাসৰ উৎস, সেইবোৰৰপৰা হ'ব পৰা ক্ষয়-ক্ষতি, দূৰ কৰাৰ উপায় আদি সম্পৰ্কীয় পাঠ সন্নিৱিষ্ট কৰা উচিত।

     আমাৰ সংবাদ মাধ্যমবোৰেও অন্ধবিশ্বাসমূলক আৰু চাঞ্চল্যকৰ বা-বাতৰি পৰিৱেশন কৰাত সাৱধানতা অৱলম্বন কৰা উচিত। তেনে সংবাদ প্ৰচাৰৰ লগতে কোনো বিশেষজ্ঞৰ সহায়ত ঘটনাৰ লগত জড়িত অন্ধবিশ্বাসৰ বৈজ্ঞানিক তথা যুক্তিসংগত ব্যাখ্যা কৰোৱাই তাক জনসাধাৰণক জনোৱাটো সমাজৰ বাবে মংগলজনক।

     এখন বিজ্ঞানমনস্ক সমাজ গঢ়িবলৈ এটা যুক্তিবাদী আন্দোলনৰ প্ৰয়োজন, আৰু ইয়াৰ বাবে প্ৰয়োজনীয় স্বেচ্ছাসেৱী সংগঠনৰ। অসমত ঊনবিংশ শতিকাতে হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য্য, যাদুৰাম ডেকা বৰুৱা প্ৰমুখ্যে অগ্ৰণী ব্যক্তিসকলে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুক্তিবাদী চিন্তাধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ অভিযান চলাইছিল। প্ৰগতিশীল চিন্তাধাৰাৰ বাটকটীয়া এই মহান ব্যক্তিসকলে অসমীয়া ভাষা-সাহিত্যৰ বিকাশ সাধন কৰাৰ লগতে অসমত যুক্তিবাদী আন্দোলনৰো বীজ সিঁচি থৈ গৈছে। বৰ্তমান ৰাজ্যখনৰ অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসম বিজ্ঞান লেখক সংস্থা প্ৰমুখ্যে সংগঠনসমূহে এই ক্ষেত্ৰত আগৰণুৱা হৈ কাম কৰিলে এখন প্ৰকৃতাৰ্থত বৈজ্ঞানিক সমাজ গঢ়াত নিশ্চয় সফল হ'ব পৰা যাব।

 

লেখক: ক্ষীৰধৰ বৰুৱা

[লেখক ক্ষীৰধৰ বৰুৱা অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, ৰসায়ন-বিজ্ঞান বিভাগ, বিশ্বনাথ মহাবিদ্যালয়, চাৰিআলি৷ বিজ্ঞান-জনপ্ৰিয়কৰণৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্টীয় বঁটাপ্ৰাপ্ত বিজ্ঞান-লেখক৷ ঘৰৰ ঠিকনাঃ হাটখোলা, চাৰিআলি (পিন-৭৮৪১৭৬), শোণিতপুৰ, অসম। ফোনঃ- ৯৪৩৫১-৮৩৮৮৮]

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞান, বৈজ্ঞানিক মানসিকতা আৰু আধুনিক সমাজ"

Leave a Comment

Your email address will not be published. Required fields are marked *