নিবন্ধশিল্প-কলা-সংস্কৃতি

কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে: ‘চেনেহীৰ ফটা ৰিহা’ – (বৰ্ণালী বৰুৱা দাস)

লোক-সমাজৰ জীৱন-ঘনিষ্ঠ কথা, সুৰ আৰু ছন্দেৰে নিৰ্মিত ‘চেনেহীৰ ফটা ৰিহা’ ভূপেন হাজৰিকাৰ এক অনন্য সৃষ্টি‌। এক কথাত, লোক-সংগীতৰ আধাৰত নিৰ্মিত প্ৰেম আৰু প্ৰতিবাদৰ যুগলবন্দী‌। পৰম্পৰাগতভাবে প্ৰচলিত লোক-সংগীতৰ সুৰ, ৰূপক আৰু চিত্ৰকল্পক সামাজিক সমস্যাৰ কথা ক’বলৈ ইমান সাৰ্থকভাবে প্ৰয়োগ কৰা হৈছে যে শ্ৰেণী বিভক্ত সমাজত শোষিত কৃষকৰ যন্ত্ৰণাময় জীৱনক গানটোৱে শ্ৰোতাৰ সন্মুখত জীৱন্তভাবে তুলি ধৰিছেহি‌। 

গানটোৰ কথাখিনি:

চেনেহীৰ ফটা ৰিহা ফুলে জকেমকি

উৰি যায় বতাহৰ আগত

নেখাই চাৰি সাজো থাকিব পাৰোঁ মই

ব’হাগৰ বিহুৰে লগত হে

গানটোৰ প্ৰথম বাক্যটোতেই এক ইংগিতময় ভাষাৰে ফুটাই তুলিছে কৃষকৰ আৰ্থ-সামাজিক অৱস্থাটো‌। জকমকীয়া ফুলৰ ৰিহা এখন এক বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যৰ লগতে এক সন্তোষজনক অৰ্থনৈতিক অৱস্থাৰো প্ৰতীক‌। সন্তোষজনকৰ অৰ্থ ইয়াত খুব স্বচ্ছল নহয়‌। আকালো নাই ভঁড়ালো নাই‌ ধৰণৰহে। সৰগভাগ কৃষকৰে সৰুকৈ হ’লেও মাটিৰ ভেটি এটুকুৰা আছিল‌। বাৰীৰ শাকে, তামোল পাণে, তাঁতৰ শালে কাৰো ওচৰত হাত নপতাকৈ চলি যাব পৰা অৱস্থা এটা আছিল‌।  পেটৰ ভাত মুঠিকলৈ আহুকাল নথকা এনেবোৰ সময়তে ৰিহাৰ আচলত জকমকীয়া ফুল তোলা হৈছিল। কিন্তু লাহে লাহে অৰ্ধ-ঔপনিবেশিক সমাজত ভুমিৰ চিৰস্থায়ী ব্যৱস্থাৰ ভূমিপতিসকলৰ শোষণ বাঢ়ি আহিল‌। বহু কৃষকৰ মাটি বন্ধকীত গ’ল‌। থকাসকলৰ খাজনাৰ ভৰতে কঁকাল ভাগিল‌। গানটোৰ পাছৰ অংশই প্ৰকট কৰে জকমকীয়া ফুল তোলা চেনেহীহঁতৰ নিৰুদ্বেগ জীৱনলৈ নামি অহা এনেবোৰ সংকটৰ কথা‌। চেনেহীৰ গাৰ ৰিহা ফাটিছে‌। নতুন ৰিহা মেৰিওৱাৰ সামৰ্থ্যও নোহোৱা হৈছে‌। ফুলাম ৰিহাৰ ফটা আঁচলে বতাহত উৰি উৰি যেন সেই বঞ্চনা আৰু নিপীড়নৰ ইতিহাসকেই গাই শুনাইছে‌। কেৰাচিনৰ অভাবত টিপ চাকি জ্বলাব নোৱাৰা অন্ধকাৰ অনাটনৰ দিনতো কিন্তু ৰঙালী বিহু আহিছে আগৰ দৰেই‌। ৰঙালী বিহুৰ বাবে চাৰিসাজ নাখাই থাকিলেও থাকিব পাৰে‌। চাকি নজ্বলা আন্ধাৰতো গাত তত নাইকীয়া হ’ব পাৰে।

শশী মিলনদৈ জালুকগুটি পিপলদৈ

কেৰাচিন নহ’লে চাকিটি নজ্বলে

তথাপি গাৰ নাই তত‌।

‘ঔৰে গছতে মৌৱে বাঁহে ল’লে, দাদা পাৰি দিয়া খাওঁ’‌ -এই প্ৰচলিত বিয়ানাম বা বিহুনাম ফাকিৰ আলম লৈ গীতটোত এক সুন্দৰ দেহজ প্ৰেমৰ প্ৰকাশ কৰিছে –

ঔৰে গছতে মৌৱে বাঁহে ল’লে

মই নবগালো গছত, বোলো গছত

গছৰ মৌ নাপাৰি, মৌ বিচাৰিলোঁ

চেনেহীৰ মিঠাকৈ ওঁঠত‌।

জেতুকাবুলীয়া, তাই কুমলীয়া

পকা সুমথিৰা, গোন্ধায় বিৰাজৰা

চাকি চাম ভাতৰে লগত‌।

বিহুনামত মুক্তভাবেই দেহজ প্ৰেমক স্বীকৃতি দিয়া হয়‌। প্ৰেমিকে প্ৰেমিকাক খোলাখুলিভাবেই কয় –

চ’তে নো মহীয়া ৰ’দে চৌৱে চৌৱে

কি নো দুপৰৰে ভোকে

তিয়ঁহো নহলি চিৰালো নহলি কেঁচাই খালোহেতেন তোকে‌।

এই একেটা প্ৰকাশেই এই গীতটোলৈকো আহিছে‌। ডেকাৰ স্বাভাবিক কামনা আৰু প্ৰেমক চেনেহীয়েও সঁহাৰি‌ জনায়। ৰঙালীৰ আগমনৰ সময়তে দুয়ো প্ৰেমৰ বান্ধোনত বান্ধ খায়‌। এইখিনিতো প্ৰচলিত বিহুনাম এফাকিৰ প্ৰয়োগ বৰ সুন্দৰভাবে কৰিছে‌ –

-“আগলি বাঁহৰে লাহৰি গগণা”‌।

আগলি বাঁহৰে লাহৰি গগনা

বাজিছিল দূৰণিৰ বনত, বোলো বনত

দুয়োৰে মৰমত দুয়ো বান্ধে খালোঁ, যোৱাটো বছৰৰ চ’তত এ’

বহাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ

আকৌ আহি পৰিল চ’ত‌।

দূৰণিৰ বনৰ পৰা ভাঁহি অহা গগণাৰ সুৰে ৰোমান্টিক প্ৰেম বিলাসৰ ইংগিত বহন কৰা যেন লাগিলেও দেখা যায়, এই প্ৰেম শ্ৰমিকৰ ঘামভৰা জীৱনৰ পৰা বিচ্ছিন্ন ৰোমান্টিকতা নহয়‌। কাৰণ সেই প্ৰেমে সমাজৰ অন্তৰ্লীন সমস্যাৰ কথা গোপন কৰি কেৱল চেনেহীৰ ওঁঠৰ মৌ চুহি খোৱাতেই ব্যস্ত থকা নাই‌। থাকিব নোৱাৰে‌। সেয়ে তাৰ মাজতেই উন্মোচিত হৈছে ‘চেনেহীৰ ফটা ৰিহাৰ’ আঁৰৰ ইতিহাস‌।

এটা চ’তৰ পৰা আনটো চ’ত‌। এই এটা বছৰ কেনেকৈ গ’ল? শোষণত সৰ্বশ্ৰান্ত কৃষকৰ হাতৰ সাঁচতীয়া সকলো শেষ‌। আনকি বছেৰেকৰ বিহুটোৰ বাবে অপৰিহাৰ্য, বিহুৱানখনৰ বাবেও সূতা কিনাৰ টকা-সিকা নাই‌। ভূতৰ ওপৰত দানহৰ দৰে যোৱাবছৰৰ বানত পথাৰৰ ধানো উটি গ’ল‌। লঘোনীয়া পেটেৰে বিহু মৰাৰ দিন আহিল‌। ‘বিহুৱতী চৰায়ে কৰে বিহু বিহু, আমাৰ বিহু কাপোৰ নাই’ বুলি বিহুৱা ডেকা-গাভৰুৱে যিদৰে বিনায়, সেই একে ভাষাৰেই এই গীততো কাতৰভাবে প্ৰকাশ কৰিছে –‘এতিয়া টকা নাই সিকা নাই, বিহুৱানৰ সূতা নাই’ বুলি‌। আকৌ ‘ফুলচ’তি লগাই লৈ বৰঘৰ সাঁজিলোঁ, খেৰ নাইকীয়া চালত’ অংশইও বৰ অৰ্থবহভাবে অভাবৰ স্বৰূপ ফুটাই তুলিছে‌। আশা কৰি সঁজা বৰঘৰত মূৰৰ ওপৰৰ চালখনেই নাই‌। অভাৱে জুৰুলা কৰা এই নি:স্ব দিনতো কিন্তু জীৱন অনিত্য অসাৰ বুলি বৈৰাগ্যৰ গীত গোৱা নাই‌। তাৰ সলনি দুয়ো দুয়োৰো মৰমক ধিয়াই জীয়াই আছে‌। চাৰিসাজ নোখোৱাকৈ থাকি হ’লেও বিহুৰ আনন্দ কৰিছে‌। অভাবে জীৱনবিমুখী কৰি তোলা নাই‌।

গীতটো কিন্তু কেৱল দৰিদ্ৰ কৃষকৰ দাৰিদ্ৰৰ ছবি অঁকাতেই ব্যস্ত থকা নাই‌। দৰিদ্ৰতাৰ বাবে ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ ভাগ্যক ধিয়াই বহি পৰা জীৱন-নিৰ্লিপ্তি বা বৈষ্ণবী আত্মসমৰ্পনৰ পৰিবৰ্তে লোক-সংগীতসমূহৰ যিটো লোকায়ত নিৰ্যাস সেই নিৰ্যাসেৰে গীতটি বিঢৌত‌। শ্ৰেণী শোষণেই যে এই নি:স্বতাৰ মূল কাৰক তাক স্পষ্টভাবে ব্যক্ত কৰিছে‌ গীতটোৰ পাছৰ পংক্তিত‌।

কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে

চান কঢ়া ধনৰে বলত, বোলো বলত

বিহুতো যাওকগৈ সিঁহতক চাই ল’ম

খাই ললো আজিয়েই শপত এ’

মাৰ্ক্সৰ অৰ্থনৈতিক মতবাদৰ এক অন্যতম আধাৰ ‘উদ্বৃত্ত মূল্যৰ তত্ত্ব’ (Law of surplus value)‌। পুঁজিবাদী উৎপাদন পদ্ধতিত উৎপাদিত পণ্য এটাত শ্ৰমিকৰ অতিৰিক্ত শ্ৰমৰ মূল্য শোষণ কৰি পুঁজিৰ বৃদ্ধি কৰা হয়‌। এই তত্ত্বটো বুজাবলৈ তাত্ত্বিকসকলে অৰ্থনীতি বিজ্ঞানৰ সমীকৰণেৰে বিস্তৃত ব্যাখ্যা আগবঢ়ায়‌। কিন্তু একেবাৰে থলুৱা ভাষাৰে, থলুৱা চিত্ৰকল্পৰে মাৰ্ক্সৰ এই তত্ত্বকেই যেন গীতটোত ব্যাখ্যা কৰা হৈছে‌। কুঁহিয়াৰ পেৰাদি পেৰি পেৰি ৰস উলিওৱাৰ উপমাৰে এচামৰ দ্বাৰা শ্ৰমিকৰ শ্ৰম-শোষণ কৰাৰ আৰু ‘চান কঢ়া ধনৰ’ বলত সেইচামৰ শক্তি আৰু বৃদ্ধি হোৱাৰ এনে শক্তিশালী আৰু স্পষ্ট প্ৰকাশ ভংগী সতকাই পোৱা টান।

সময় চমু চাপিছে‌। শোষণ আৰু বঞ্চনাৰ ওৰ পেলাবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে শোষিতজন‌।  এই যন্ত্ৰণাৰ পৰা মুক্তিৰ বাট বিচাৰি কৈছে- ‘বিহুতো যাওক গৈ, তহঁতক চাই ল’ম’‌। এই শোষণ চিৰদিন বৰ্তাই ৰাখিব নোৱাৰাকৈ শোষিতজন সাহসী হৈছে‌। প্ৰতিবাদৰ জুইৰ ফিৰিঙতি উফৰি পৰিছে‌। শ্ৰেণী সংঘাতৰ জড়িয়তে শোষণৰ অবসান ঘটোৱাৰ এক সুতীক্ষ্ন সাবধান বাণীৰে গীতটো শেষ হৈছে‌।

হেৰি ডাঙৰীয়া

বতৰ ডাৱৰীয়া

টিংপাত টিঙিৰি, জুই পৰে উফৰি

কাইলৈ পৰিবা ফান্দত বোলো কাইলৈ পৰিবা ফান্দত‌।

গানটোৰ সুৰ, লয় ইত্যাদি:

অসমৰ কৃষকৰ কথা ক’বলৈ বিহুৰ বাহিৰে আৰু কি সুৰ উপযুক্ত? বিশেষকৈ এইটো গীত য’ত বাৰে বাৰে প্ৰচলিত বিহুনামৰ শাৰীয়ে ভুমুকি মাৰিছেহি‌। গানটোৰ যিটো স্পিৰিট তাৰ সৈতেও বিহুৰ সুৰেই মিলি পৰিছে‌। অফুৰন্ত আশাবাদ, জীৱনৰ প্ৰতি গভীৰ মমতা, প্ৰকৃতিৰ সৈতে অন্তহীন একাত্মতা আদিয়েই বিহুৰ প্ৰাণশক্তি‌। ৰহস্যময় দেহতত্ত্বৰ সলনি স্বাভাবিক দৈহিক কামনাৰ আড়ষ্টতাহীন প্ৰকাশ আৰু সৰ্বোপৰি জাগতিক দুখ বেদনাৰ বাবে পূৰ্বজন্মৰ পাপ-পূণ্যৰ আভুৱা তত্ত্বৰ সলনি প্ৰকৃত জাগতিক কাৰণৰ বিচাৰ কৰি বিদ্ৰোহৰ যোগেদি শ্ৰেণী বৈষম্য আতৰ কৰাৰ যি আহ্বান গীতটোত আছে তাৰ সৈতে বিহুৰ সুৰৰ প্ৰয়োগে সাৰ্থকতা প্ৰদান কৰিছে‌‌।

বিহুৰ লগতে অসমৰ আন প্ৰায়বোৰ লোক-সংগীতৰেই মূল ভিত্তি সা, কোমল গা, মা পা আৰু কোমল নি, এই প‌ঞ্চস্বৰৰ বিন্যাস‌। এই Pentatonic minor Scale (পঞ্চগ্ৰামৰ ক্ষুদ্ৰ ঠাট) ক হেমাংগ বিশ্বাসে ‘বিহুৰাগ’ আখ্যা দিছে‌।

বিহুত যিধৰণেৰে প্ৰথমে তালবিহীনভাবে এটি যোজনাৰে আৰম্ভ কৰি পাছৰ অংশখিনি মধ্যম বা দ্ৰুত লয়ত গোৱা হয় এই গীতটোতো একেধৰণৰ তাল আৰু লয়েৰে বন্ধা হৈছে‌। কাহাৰবা তালৰ দুটা লয় গানটোত ব্যৱহাৰ হৈছে‌। স্থায়ী আৰু চাৰিওটা অন্তৰাতে যোজনাৰ দৰে আৰম্ভ কৰা হয়‌। আকৌ এই পৰম্পৰাগত বিহুৰ ঠাঁচটোৰ লগতে সুন্দৰকৈ দলীয়ভাবে গোৱা কাৱালীৰ ঠাঁচ এটাও মন কৰা যায়‌। গীতটোৰ দুটা পৃথক ৰেকৰ্ডিং উপলব্ধ‌। তাৰ ভিতৰত প্ৰথমটোত অৰ্থাৎ ১৯৭৪ চনত (https://www.youtube.com/watch?v=38LYczUdPHs&list=RD38LYczUdPHs&start_radio=1) ভূপেন হাজৰিকাৰ একক কণ্ঠত (লগত কোৰাচ অংশত পুৰুষ কণ্ঠৰ সংযোগেৰে) পৰিবেশিত ৰূপটোত এই ৰূপটো অধিক স্পষ্ট‌।

গায়ন-শৈলী:

ইতিমধ্যে উল্লেখ কৰা হৈছে যে গীতটোৰ দুটা পৃথক ৰেকৰ্ডিং উপলব্ধ‌। দুয়োটা গায়কীৰে সুকীয়া সৌন্দৰ্য আছে‌। অৱশ্যে তাৰ ভিতৰত প্ৰথম ৰেকৰ্ডিঙৰ গায়ন শৈলীত বিহু আৰু কাৱালীৰ সংমিশ্ৰণ খুব সৃজনীশীলভাবে কৰা হৈছে‌। কাৱালীত যেনেকৈ মূল কাৱালজনে দীৰ্ঘ আলাপৰ সুৰত কথাখিনিৰ বিস্তাৰ কৰে তেনেকুৱা ধৰণেৰে ‘আগলি বাঁহৰে লাহৰি গগণা’ অংশত‌ একেখিনি স্বৰৰ সজ্জাতে আলাপৰ সুৰত গোৱা হয়। ‘বাজিছিল দূৰণিৰ বনত’ মূল গায়কে কোৱাৰ পাছতেই কাৱালীৰ দৰেই সমবেতভাবে দোহৰা হয় ‘বোলো বনত’‌। ঠিক একেদৰে ‘এতিয়া টকা নাই সিকা নাই বিহুৱানৰ সূতা নাই’ অংশখিনি বা ‘কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে’ অংশখিনিও মূল কাৱালে কৰা বিস্তাৰৰ দৰেই‌। কাৱালীত সাধাৰণতে শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱ থাকে‌। সেইটো ফৰ্মৰ লগত যে মাত্ৰ পাঁচটা স্বৰবিশিষ্ট লোক-সংগীত এটাক এনেকৈ খাপ খুৱাই ল’ব পৰা যায় সেইটো ভাবিবলৈকে অসুবিধা হয়‌। কিন্তু গানটোত অতি সফলভাবেই সেই সম্পৰীক্ষা কৰিছে‌।

গীতটোত প্ৰত্যেকটো শব্দৰ প্ৰক্ষেপন মন কৰিবলগীয়া‌। ‘চেনেহীৰ ফটা ৰিহা’ বুলি কওঁতে কণ্ঠত ফুটি উঠিছে এক অসহায় ভাব‌, স্বত:স্ফূৰ্তভাবে মাতটো ভাগিও গৈছে। আকৌ ঠিক তাৰ পৰবৰ্তী বাক্যটোত অৰ্থাৎ ‘ফুলে জকেমকি’ত প্ৰকাশ পাইছে এক উচ্ছাসিত ভাব‌। ‘উৰি যায় বতাহৰ আগত’ বুলি কওঁতে ‘আগত’ শব্দটোত বহু দূৰৈৰ পৰা ‘সৌৱা’ বুলি আঙুলি টোঁৱাই দেখুৱালে যেনে এটা সুৰ ফুটি উঠে ঠিক তেনেকুৱা। ‘নেখাই চাৰি সাজো থাকিব পাৰোঁ মই’ ‘ এতিয়া টকা নাই সিকা নাই, বিহুৱানৰ সূতা নাই’ অংশখিনি গাওঁতেও কণ্ঠত কাতৰতা প্ৰকাশ পাইছে‌। ‘কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে’ ত নিস্পেষনত জুৰুলা কণ্ঠ আৰু তাৰ পাছতেই ‘টিংপাত টিঙিৰি জুই পৰে উফৰি’ত প্ৰতিবাদী সুৰ।

এইখিনিতে গীতটোত ভূপেন হাজৰিকাৰ উচ্চাৰণৰ দুটা কথা উনুকিয়াব পাৰি‌। অসমীয়া ভাষাত মূঢৰ্ণ্য আৰু দন্ত্য বৰ্ণৰ উচ্চাৰণৰ পাৰ্থক্য সাধাৰণতেই উহ্য হৈ থাকে‌। ভূপেন হাজৰিকাৰ মুখত কিন্তু এই বৰ্ণ দুটাৰ পাৰ্থক্যও স্পষ্ট ৰূপত প্ৰকট হয়‌। এই গীতটোৰ প্ৰথম শাৰীৰ ‘ফটা’ শব্দটো মন কৰিলেই বুজিব পাৰিব‌। ইয়াত মূঢণ্য ‘ট’ৰ উচ্চাৰণ অতি স্পষ্ট‌। তেওঁ গোৱা ‘শুন শুন ৰে সুৰ’ত ‘ঠাট প্ৰকট পটু কৌটি কৌটি কপি’ আদি কেইবা অংশতো উচ্ছাৰণৰ এই সচেতনতা মন কৰা যায়।  আনহাতে ‘ঐ’ কাৰৰ উচ্চাৰণত সকলো গীততেই ভূপেন হাজৰিকাৰ আসোঁৱাহ ৰৈ যায়‌। ‘ঐ’ কাৰডাল ‘অয়’ ধৰণেৰে উচ্ছাৰণ কৰে‌। যেনে ‘ওখকৈ পাহাৰৰ টিঙটিত উঠিছো’ গাওঁতে গায় ‘ওখকয় পাহাৰৰ ––’‌ ‘বৰ লুইত পাৰৰে শীতলকৈ নাদৰে’ হয়গৈ ‘শীতলকয় নাদৰে’ ইত্যাদি‌। এই গীতটিতো ‘গছৰ মৌ নেপাৰি মৌ বিচাৰিলো চেনেহীৰ মিঠাকয় ওঁঠত’ বুলিয়েই গাইছে‌।

গীতটোৰ ৰূপান্তৰ:

দ্বৈত কণ্ঠত ‘চেনেহীৰ ফটা ৰিহা’

১৯৭৪ ৰ প্ৰথম ৰেকৰ্ডিঙৰ পাছত সন্ধ্যা মেননৰ সৈতে দ্বৈত কণ্ঠত গীতটো বাণীবদ্ধ কৰা হৈছে‌ (https://www.youtube.com/watch?v=hSyU5F0Jspc&list=RDhSyU5F0Jspc&start_radio=1)। দুয়োটা পৰিবেশনত কিছু পাৰ্থক্য আছে‌। সন্ধ্যা মেননৰ সৈতে গোৱাটোত বিহু আৰু কাৱালীৰ মিশ্ৰিত ৰূপটো স্পষ্ট নহয়‌। তদুপৰি এইটোত প্ৰথমটোত থকা ‘দুখতে ইলাই দুখতে বিলাই’ শাৰীটো বাদ পৰিছে‌। ‘ঔৰে গছতে মৌৱে বাঁহে ল’লে মই নবগালো গছত’ এই শাৰীটো নাৰী কণ্ঠত দিয়াৰ হয়তো প্ৰয়োজন নাছিল‌। কাৰণ তাৰ পৰবৰ্তী ‘গছৰ মৌ নাপাৰি মৌ বিচাৰিলো চেনেহীৰ মিঠাকৈ ঔঁঠত’ – এই শাৰীটোৰ সৈতে প্ৰথম শাৰীটো সংযুক্ত আৰু সেইফালৰ পৰা এই দুয়োটা শাৰী পুৰুষ কণ্ঠতহে খাপ খায়‌।

বাংলা ৰূপান্তৰ:

গীতটোৰ সুৰৰ আধাৰত এটি বাংলা গীত কৰা হৈছে‌ (https://www.youtube.com/watch?v=oJLDyhjcR4U)‌। বাংলা গীতৰ কথা শিৱদাস বন্দোপাধ্যায়ৰ‌।

শাওনেৰ মেঘ ভাসে কালো হয়ে আকাশে

হাওয়া লাগে মেথো ঘাসে ঘাসে,

আহা ঘাসে

আমন ধানেৰ ছাড়া ডুবজলে ভাসে তাৰা

থৈ থৈ জলধাৰা নেমেছে.

কাজল কাজল

মেঘেৰ মাদল

বাজায় বাদল

বৃষ্টিৰ বোল

তুলছে নতুন ধান‌।

বাংলা গীতটোৰ ভাবাৰ্থৰ সৈতে ‘চেনেহীৰ ফটা ৰিহা’ৰ সামঞ্জস্য নাই‌। ‘বিহুটো যাওকগৈ তহঁতক চাই ল’ম’ বুলি শোষকৰ বিৰুদ্ধে দিয়া মাৰাত্মক হুংকাৰ ধ্বনিও ইয়াত নাই‌। তথাপিও গীতটো শাওনীয়া পথাৰত কৰ্মৰত কৃষকৰ এক সাৰ্থক শ্ৰম সংগীত হৈ পৰিছে‌। গীতটোৰ প্ৰথমেই আৰু মাজে মাজে বৃন্দভাবে দিয়া ‘হে এ’ এ’ এ’’ হামিং অংশই লোক-সংগীতৰ সমষ্টি চেতনাকেই যেন মূৰ্ত কৰিছে‌। আকাংক্ষিত শ্ৰমোৎপাদনৰ ছন্দত বান্ধ খাই থকা গীতটোত আছে ‘নবান্ন ঘৰে ফিৰে এসেছে’ বুলি কৰা আনন্দৰ বহি:প্ৰকাশ‌। সৰ্বোপৰি ভূপেন হাজৰিকাৰ অপূৰ্ব গায়কীয়ে গীতটো শ্ৰোতাৰ বাবে স্মৰণীয় কৰি ৰাখিব‌ সদায়।

হিন্দী ৰূপান্তৰ:

কল্পনা লাজমী পৰিচালিত ‘দমন’ বোলছবিত ‘চেনেহীৰ ফটা ৰিহা’ৰ মূল সুৰটো সৈতে ‘প্ৰতিধ্বনি শুনো’ গীতটোৰ সুৰৰ সংমিশ্ৰণত এটি গীত নিৰ্মান কৰিছে‌ – বাজে পায়ল তৰি(https://www.youtube.com/watch?v=SCClM7XDH7g&list=RDMMSCClM7XDH7g&start_radio=1)‌। ভূপেন হাজৰিকাই মুম্বাইৰ বাণিজ্যিক সোঁতত গা এৰি দিয়াৰ সময়ত নিৰ্মিত এই গীতটোত মূল গীতৰ নিৰ্যাস অলপো নাই‌। ‘চেনেহীৰ ফটা ৰিহা’ ইয়াত হয়গৈ জোন-তৰাৰ মায়াবী নিশা প্ৰিয়াৰ দেহা উদঙাই উৰি যোৱা আঁচল‌। হেমা সৰদেশাইয়ে কণ্ঠত যিমান পাৰি যৌন আবেদন সানি গীতটো গোৱাৰ চেষ্টা কৰিছে‌। মূল অসমীয়া গীতটোৰ আবেদন এই হিন্দী গীতটোত একেবাৰে নাই‌।

সামৰণি:

‘চেনেহীৰ ফটা ৰিহা’ লোক-সংগীতৰ অৰ্থাৎ বিহুৰ আংগিক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা সাৰ্থক গণসংগীত‌। শোষিত কৃষকৰ নিস্পেষণৰ ইতিহাস ই উন্মুক্ত কৰিছে‌। আৰু সেই নিস্পেষণৰ অবসান বিচাৰি শ্ৰেণী সংঘাতৰ দিশেৰেও ই স্পষ্ট পথ নিৰ্দেশনা দিছে‌। গণ-সংগ্ৰামৰ চেতনাৰে উদ্বুদ্ধ‌ এই গীত ভূপেন হাজৰিকাৰ সংগ্ৰামী গীতখিনিৰ এক অন্যতম সুন্দৰ সৃষ্টি হৈ জিলিকি ৰ’ব‌।

Print Friendly, PDF & Email

One thought on “কুঁহিয়াৰ পেৰাদি আমাক যি পেৰিছে: ‘চেনেহীৰ ফটা ৰিহা’ – (বৰ্ণালী বৰুৱা দাস)

  • নৱজ্যোতি বৰগোহাঁই

    আপোনাৰ লেখাটো পঢ়ি ভাল লাগিল। গীতটো ‘শুনা’ৰ আনন্দৰ লগেলগে আপোনাৰ লেখটোৱে ‘চিন্তা’ৰ আনন্দৰ কথা কঢ়িয়াই আনিছে।

    ভূপেন হাজৰিকাৰ এই অনবদ্য সৃষ্টিত লোক সংগীতৰ প্ৰয়োগ সঁচাই অসাধাৰণ। ‘প্ৰেম’ আৰু ‘শ্ৰেণী সংগ্ৰাম’ এই গীতটোৰ যেন মূল বিষয়বস্তু। মোৰ এনে লাগে ,গীতটোত এক অৱচেতনভাবে ‘বিহু’ৰ চেতনাৰে সিক্ত , বহু দ্বন্দমুখৰ বিশেষ ৰিদমযুক্ত তৰংগই যেন আৰম্ভণিৰ পৰা শেষলৈকে গোটেই গীতটোত বিৰাজ কৰি আছে। আমেৰিকাৰ নিগ্ৰো শ্ৰমিকৰ জীৱন শৈলীৰ পৰা সৃষ্ট ‘ব্লুজ’ সংগীতৰ ‘call and response’ৰ লগত কিছু তুলনীয়। গীতটোত ‘কাহিনী’ কোৱাৰ ধৰণটোও মনকৰিব লগীয়া। যিটো ভূপেন হাজৰিকাৰ বহু গীতত পোৱা যায়। ইয়াত কাহিনীটো আকৌ শ্ৰেণী সংগ্ৰামৰ কাহিনী। হেমাংগ বিশ্বাসে কোৱা ‘ Minor Pentatonic scale’ বিপ্লৱী শুকগাথাৰ অন্যতম আধাৰ। যাৰ বাবে গীতটোৱে প্ৰাণ পাই উঠিছে।
    জনা-নজনাকৈ, বুজা-নুবুজাকৈ আপোনাৰ লেখাটো পঢ়ি , মোৰ অনুভৱ বিনিময় কৰিলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *