চেন্সৰ আৰু মাৰ্ক্স - ( জিতেন বেজবৰুৱা)

প্ৰস্তাৱনা

শেহতীয়াভাৱে দেশত চেন্সৰছিপ, বাক স্বাধীনতা, গণতান্ত্ৰিক অধিকাৰ আদি বিষয়ক লৈ ব্যাপক বিতৰ্ক-আলোচনাৰ সৃষ্টি হৈছে। এনে প্ৰেক্ষাপটতে আমি কাৰ্ল মাৰ্ক্সৰ এই সম্পৰ্কীয় কিছুমান ধ্যান-ধাৰণা স্মৰণ কৰাৰ প্ৰয়োজন বোধ কৰিলো। ঊনবিংশ শতিকাৰ মাজভাগত মাৰ্ক্সে সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক-বৌদ্ধিক বাদ-বিবাদৰ মাজত অংশগ্ৰহণৰ জৰিয়তে কিদৰে এই প্ৰশ্নসমূহৰ বিচাৰ কৰিছিল তাৰ কিছু প্ৰাসংগিকতা আজিৰ প্ৰেক্ষাপটতো থকা বুলি আমি অনুভৱ কৰিছো। এই লেখাটো প্ৰসিদ্ধ মাৰ্ক্সতত্ত্ববিদ হল ড্ৰেপাৰৰ পাঁচটা খণ্ডত বিভক্ত ‘Karl Marx’s Theory of Revolution’ (Hal Draper, ‘Karl Marx’s Theory of Revolution’; in 5 volumes, originally published by Monthly Review Press, 1977; the present edition published by Aakar, 2011) গ্ৰন্থৰ প্ৰথম খণ্ডত অন্তৰ্ভুক্ত ‘The Political Development of the Young Marx’ শীৰ্ষক ভাগটোৰ কিছু অংশৰ সাৰাংশস্বৰূপ। ইয়াত আমাৰ নিজা বুলিবলৈ বিশেষ একো নাই। লেখাটোৰ জৰিয়তে আমি ড্ৰেপাৰৰ কিছু কিছু ব্যাখ্যাত্মক বক্তব্যৰ লগতে ঘাইকৈ সংশ্লিষ্ট বিষয়ত মাৰ্ক্সৰ অৰিজিনেল বক্তব্যসমূহ দাঙি ধৰিব খুজিছো, যিসমূহ পৰৱৰ্তী সময়ত বহল আলোচনাৰ বাবে, ব্যাখ্যা-বিশ্লেষণৰ কেঁচামাল হিচাপে ব্যৱহৃত হ’ব পাৰে। সেইবাবে আমি তেওঁৰ বক্তব্যসমূহ অনুবাদ কৰিবলৈ বা কেৱল সিবোৰৰ মূলভাবটো লিখিবলৈ ইচ্ছা নকৰিলো।

মাৰ্ক্সে সক্ৰিয় ৰাজনৈতিক জীৱনত প্ৰবেশ কৰিছিল চৌবিছ বছৰ বয়সত এজন উদাৰ গণতান্ত্ৰিক সাংবাদিক হিচাপে, ৰাজনৈতিক গণতন্ত্ৰৰ সমৰ্থক হিচাপে। ৰাজনৈতিক জীৱনৰ প্ৰথম পৰ্যায়টো আৰম্ভ হৈছিল ১৮৪২ চনৰ প্ৰথমভাগত লিখা তেওঁৰ প্ৰথমটো প্ৰকাশিত ৰাজনৈতিক প্ৰবন্ধৰ মাজেদি আৰু সামৰণি পৰিছিল পিছৰ বছৰৰ শেষভাগত তেওঁৰ সাম্যবাদীলৈ হোৱা ৰূপান্তৰৰ মাজেদি। ইয়াৰ মাজৰছোৱাত ঘটা পৰিবৰ্তনখিনিৰ কেন্দ্ৰবিন্দু আছিল ‘ৰেইনিশ্চ্ জেইটুং’ (Rheinische Zeitung) নামৰ কাকতখন। ১৮৪২ চনৰ অক্টোবৰ মাহত মাৰ্ক্সে কাকতখনৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল, আৰু ইয়াক কেন্দ্ৰ কৰিয়েই এজন ৰেডিকেল-গণতান্ত্ৰিক উদাৰতাবাদীৰপৰা তেওঁৰ ৰূপান্তৰ ঘটিছিল এজন বৈপ্লৱিক-গণতান্ত্ৰিক সাম্যবাদীলৈ।

এই পৰ্যায়ৰ আৰম্ভণিতে মাৰ্ক্সৰ আকৰ্ষণৰ ঘাই বিষয় আছিল দৰ্শন। কিন্তু পৰ্যায়টোৰ শেষলৈ সেই আকৰ্ষণে প্ৰবেশ কৰিছিল সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ মাজত। গতিকে, ড্ৰেপাৰৰ ভাষাত, তেওঁ আৰম্ভ কৰিছিল এজন ৰেডিকেল দাৰ্শনিক হিচাপে আৰু সামৰণি মাৰিছিল এজন সামাজিক বিপ্লৱী হিচাপে। এই ৰূপান্তৰটো কেৱল এটা দাৰ্শনিক প্ৰক্ৰিয়া নাছিল, কেৱল দৰ্শনৰ অধ্যয়নৰ মাজেৰে সেইটো ঘটা নাছিল। সমাজ আৰু ৰাষ্ট্ৰ সম্পৰ্কে হেগেলৰ ৰচনাৰাজিৰ সমালোচনাৰ মাজেৰেই ডেকা মাৰ্ক্সে সমাজৰ বিষয়ে এক বৈপ্লৱিক উপলব্ধিত উপনীত হৈছিল বুলি সচৰাচৰ বিশ্বাস কৰা হয়। কিন্তু প্ৰকৃতাৰ্থত হেগেলৰ ধাৰণাৰ সমালোচনা মাৰ্ক্সৰ চিন্তাত বিকশিত হৈছিল ডেৰ বছৰকাল জুৰি তেওঁ জীৱনৰ সামাজিক আৰু ৰাজনৈতিক ঘটনাৰাজিৰ সৈতে কৰা অহৰহ যুঁজ-বাগৰৰ মাজেদিহে। এই যুঁজ-বাগৰ তেওঁ চলাইছিল তৎকালীন জাৰ্মানিৰ আটাইতকৈ চৰম বাঁওপন্থী গণতান্ত্ৰিক বাতৰিকাকতখনৰ সম্পাদক হিচাপে। তদুপৰি সমসাময়িক ৰাজনৈতিক সাহিত্যৰ অধ্যয়নেও এই ক্ষেত্ৰত বৰঙণি যোগাইছিল। সি যি নহওক, এই সময়পৰ্বত আমি মাৰ্ক্সক পাওঁ এজন গণতান্ত্ৰিক চৰমপন্থী হিচাপে।

মাৰ্ক্সৰ ৰাজনৈতিক কৰ্মৰাজিৰ ক্ষেত্ৰখন আছিল জাৰ্মানিৰ ৰাইনলেণ্ড, যিখন ঠাই মূল জাৰ্মানিৰপৰা বিভিন্ন দিশত মূলগতভাৱে পৃথক আছিল। ১৭৯৫ চনত নেপোলিয়নৰ সেনাবাহিনীয়ে ঠাইখন দখল কৰিছিল আৰু তাক সামাজিকভাৱে সংস্কাৰিত কৰিবলৈ চেষ্টা কৰিছিল। ১৮১৫ চনত তাক প্ৰুছিয়া, অৰ্থাৎ জাৰ্মানিয়ে দখল কৰিছিল, কিন্তু সামাজিকভাৱে তাক প্ৰুছীয় ৰূপ দিবলৈ আৰু বহু বছৰ লাগিছিল। এনে কাৰণতে ঠাইখন মূল জাৰ্মানিৰপৰা পৃথক আছিল, কিন্তু ফ্ৰান্সৰ সৈতে নিকটাত্মীয় আছিল। ঠাইখনৰ সামাজিক আৰু বৌদ্ধিক বাতাবৰণত ফ্ৰান্সৰ বাৰুকৈয়ে প্ৰভাৱ আছিল। সাংবিধানিকতাবাদ, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, স্বাধীনতা-সমতা-ভাতৃত্ব আদি ‘ফৰাচী’ ধাৰণাসমূহ তাত চিনাকি আছিল। আনকি ফৰাচী সমাজবাদী ধ্যান-ধাৰণাসমূহো প্ৰবেশ কৰিছিল। বিশেষকৈ আধুনিকীকৰণপন্থী নতুন ঔদ্যোগিক শ্ৰেণীটোক আকৰ্ষণ কৰিব পৰা ছেইণ্ট ছাইমনৰ ধাৰণাৰাজিৰ প্ৰসাৰ ঘটিছিল। আনহাতে, ৰাইনলেণ্ড আছিল জাৰ্মানিৰ ঔদ্যোগিকভাৱে সবাতোকৈ আগবঢ়া আৰু অৰ্থনৈতিকভাৱে উন্নততম ঠাই, য’ত সবাতোকৈ সচেতন উদাৰ বুৰ্জোৱা শ্ৰেণীটোৱে বসবাস কৰিছিল। ১৮৪৮ চনৰ বৈপ্লৱিক চৰকাৰৰ ঘাই নেতাসকলেই আছিল ৰেইনিছ, আৰু সেইসকলৰ বহুকেইজনেই আছিল ‘ৰেইনিশ্চ জেইটুং’ কাকতৰ পৃষ্ঠপোষক। গতিকে ফ্ৰান্সৰপৰা বৈ অহা ধ্যান-ধাৰণাৰাজি আৰু লগতে ৰেইনিছ উদাৰ বুৰ্জোৱা সমাজখনে যিটো ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপট ৰচনা কৰিছিল, তাৰ মাজতেই মাৰ্ক্সৰ ৰাজনৈতিক কৰ্মৰাজিৰ অৱস্থান। এই প্ৰেক্ষাপটত স্বাধীনতা-সমতা-ভাতৃত্বৰ ধাৰণা তথা ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণত জনপ্ৰিয় অংশগ্ৰহণৰ প্ৰশ্নটো চৰ্চাৰ বিষয় হৈ পৰিছিল।

ফ্ৰিডৰিখ ৱিলহেম চতুৰ্থ নামৰ নতুন ৰজাজনে সিংহাসনত আৰোহণ কৰিছিল ১৮৪০ চনত। তাৰ পূৰ্বে তেওঁ সংবাদপত্ৰৰ স্বাধীনতাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি বহুত উচ্চ-বাচ্য কৰিছিল আৰু তেওঁৰ বাবে সেয়ে উদাৰতাবাদীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছিল। ১৮৪১ চনত তেওঁ চেন্সৰশ্বিপ সম্পৰ্কে নতুন নীতি-নিয়ম (‘instructions’) ঘোষণা কৰে। উদাৰতাবাদীসকলে আৰু যুৱ হেগেলবাদীসকলে এই পদক্ষেপক উৎসাহেৰে আদৰণি জনায়, আনকি ‘ৰেইনিশ্চ জেইটুং’-এও প্ৰথমাৱস্থাত সেইটোকে কৰিছিল। মাৰ্ক্সে দুখন ৰচনাৰ জৰিয়তে এই নতুন নীতি-নিয়মৰ মাজত লুকাই থকা ছদ্ম-উদাৰতাবাদৰ স্বৰূপ উন্মোচন কৰে, আৰু তাৰ ঠাইত ৰাজনৈতিক গণতন্ত্ৰৰ ৰূপত নিজৰ স্বাধীনতাৰ ধাৰণা দাঙি ধৰে। আমি মন কৰা ভাল যে উক্ত পৰিস্থিতিত মুক্ত সংবাদপত্ৰ আৰু চেন্সৰশ্বিপৰ ইছ্যুটো বিভিন্ন উদাৰতাবাদী ইছ্যুৰ ভিতৰৰে এটা মাত্ৰ নাছিল। উদাৰ গণতন্ত্ৰবাদীসকলে সংবিধানৰ লগতে ইয়াকো ৰাজনৈতিক পৰিবৰ্তনৰ চাবিকাঠি হিচাপে গণ্য কৰিছিল।

এই আলোচনাত মাৰ্ক্সৰ দুখন ৰচনাৰ ওপৰত আলোকপাত কৰা হ’ব। প্ৰথমখন হ’ল ‘Comments on the Latest Prussian Censorship Instructions’। এয়া আছিল মাৰ্ক্সৰ জীৱনৰ প্ৰথম ৰচনা, ১৮৪২ চনৰ জানুৱাৰিত লিখা, কিন্তু প্ৰকাশ পাইছিল পিছৰ বছৰতহে ছুইজাৰলেণ্ডত। দ্বিতীয়খন হ’ল ৰেইনিছ ডায়েট (আইনসভা)ত সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা বিতৰ্কক লৈ লিখা, ‘ৰেইনিশ্চ জেইটুং’-অত প্ৰকাশিত এইখন তেওঁৰ প্ৰথম ৰচনা।

দ্বিতীয়খন ৰচনাই প্ৰথমে আলোচনা কৰিছে সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰুদ্ধে থিয় দিয়া বক্তাসকলৰ বক্তব্য। ডায়েটত সমাজৰ তিনিটা এষ্টেটক প্ৰতিনিধিত্ব কৰা ডেপুটিসকলে দাঙি ধৰা যুক্তিৰাজিৰ বিশ্লেষণ ইয়াত কৰা হৈছে : ৰাজকুমাৰসকল, ভূসম্পত্তিশালী ভদ্ৰসমাজ, আৰু নগৰীয়া বুৰ্জোৱাজি। তাৰ পাছত বিশ্লেষণ কৰা হৈছে সংবাদপত্ৰৰ স্বাধীনতাৰ সমৰ্থকসকলৰ যুক্তিৰাজি : এইসকল আছিল নগৰীয়া বুৰ্জোৱাজি আৰু চতুৰ্থ এষ্টেট, অৰ্থাৎ কৃষকসমাজৰ মাজৰপৰা অহা।

এই সময়ছোৱাত মাৰ্ক্সে সমাজ সম্পৰ্কে বুৰ্জোৱা-গণতান্ত্ৰিক দৃষ্টিভংগীৰ ফ্ৰেমৱৰ্কৰ ভিতৰত থাকিয়ে চিন্তা-চৰ্চা কৰিছিল। উৎপাদনত ব্যক্তিগত সম্পত্তিক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰা নাছিল, বিশেষকৈ ভূমিৰ ক্ষেত্ৰত। একেদৰে তেওঁৰ সামাজিক তত্ত্বটোও আছিল এই ফ্ৰেমৱৰ্কৰে ভিতৰুৱা – তেওঁৰ উদ্দেশ্য আছিল স্বাধীনতাক সুৰক্ষা দিয়া। তেওঁ লিখিছিল যে স্বাধীনতাক তেওঁ বুজিব খোজে তাৰ অন্তৰ্লীন চৰিত্ৰৰ মাজেৰে, তাৰ বাহ্যিক সম্পৰ্কসমূহৰ মাজেৰে নহয় – এইটো হ’ল চৰিত্ৰগতভাৱে এক ভাববাদী ধাৰণা। কিন্তু আমোদজনকভাৱে, আলোচ্য ৰচনা দুখনত মাৰ্ক্সৰ চিন্তা যিটো দিশত গতি কৰিছে সি এটা বিন্দুত উক্ত ফ্ৰেমৱৰ্কটোৰ সৈতে খাপ নোখোৱা হৈ পৰিছে, আৰু সেই ফ্ৰেমৱৰ্ক ফালি ওলাই যাবৰ উপক্ৰম কৰিছে। যদিও তেওঁক দৰ্শনে কৈছে যে এটা বিষয়ক বুজিব লাগিব ‘বাহ্যিক সম্পৰ্কসমূহ’ক একাষৰীয়া কৰি থৈ, প্ৰকৃতাৰ্থত তেওঁৰ এই সময়ছোৱাৰ চিন্তা-চৰ্চা দখল কৰি আছে সেই সামাজিক সম্পৰ্কসমূহেই।

আলোচ্য ৰচনা দুখনত সংবাদপত্ৰৰ স্বাধীনতা আৰু চেন্সৰশ্বিপ হ’ল অচিলা মাত্ৰ, যাৰ মাধ্যমেদি মাৰ্ক্সে স্বাধীনতা তথা গণতন্ত্ৰৰ প্ৰশ্নটোৰ বিশ্লেষণ দাঙি ধৰিছে। বিশুদ্ধভাৱে সংবাদপত্ৰৰ স্বাধীনতাৰ সৈতে জড়িত অংশসমূহৰ গুৰুত্ব গৌণ। দুই-এটা উদাহৰণ দিব পাৰি। চৰকাৰ-অনুমোদিত প্ৰেছে “lies without cease; it must give up even the consciousness of lying, and lose all shame.” সত্যৰ অনুসন্ধান কৰিব খোজাসকলৰ প্ৰথম দায়িত্ব হ’ল “to make directly for the truth without looking right or left” –“Won’t I forget the heart of the matter if it is more important that I speak it in the prescribed form?” চেন্সৰশ্বিপে মুকলি আলোচনাৰ সকলো সম্ভাৱনা মষিমূৰ কৰি পেলায়।

কিন্তু আলোচনাৰ প্ৰকৃত বিষয়টো ৰজাই প্ৰৱৰ্তন কৰা নতুন নীতি-নিয়মৰ ইছ্যুটো নহয়। বিষয়টো হ’ল বহল অৰ্থত গণতান্ত্ৰিক অধিকাৰ। আৰু পুৰণি স্বৈৰতন্ত্ৰৰ সমৰ্থকবৃন্দ নহয়, বৰঞ্চ স্বাধীনতাৰ স্বয়ং উদাৰতাবাদী ৰক্ষাকৰ্তাসকলহে – ইয়াত মাৰ্ক্সৰ আক্ৰমণৰ প্ৰধান লক্ষ্য।

স্বাধীনতাৰ অখণ্ড ৰূপ

সংবাদপত্ৰৰ স্বাধীনতাৰ প্ৰশ্নটোক কেন্দ্ৰ কৰি ডায়েটত যিসমূহ বিতৰ্ক হৈছিল সেইসমূহৰ বিশ্লেষণ আগ বঢ়াই মাৰ্ক্সে বিতৰ্কৰত বক্তাসকলে প্ৰতিনিধিত্ব কৰা শ্ৰেণীসমূহৰ চৰিত্ৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে। যেতিয়া ৰাজকুমাৰসকল, ভূসম্পত্তিশালী ভদ্ৰসমাজ আৰু নগৰীয়া বুৰ্জোৱা শ্ৰেণীৰ বক্তাসকলে সংবাদপত্ৰৰ স্বাধীনতাক আক্ৰমণ কৰিছিল – তেতিয়া সেই আক্ৰমণ বক্তা ব্যক্তিসকলে কৰা নাছিল, বৰঞ্চ তেওঁলোকে প্ৰতিনিধিত্ব কৰা শ্ৰেণীসমূহেহে কৰিছিল। তেনেহ’লে এই বিতৰ্কসমূহৰ বাদে আন কিহে ইয়াতকৈ অধিক বিশ্বাসযোগ্য ৰূপত ডায়েটৰ প্ৰকৃত চৰিত্ৰ প্ৰতিফলিত কৰিব পাৰিব? তেওঁ লিখিছে –

“It is in the opposition to freedom in general that the spirit of a particular shere of people, the individual interest of a specific class, the natural one-sidedness of its character, manifests itself most crudely and harshly, and shows its teeth, so to speak.”

সংবাদপত্ৰৰ স্বাধীনতা হ’ল এটা বিশেষ দিশ মাত্ৰ, ই সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে। ই স্বয়ং কোনো পূৰ্ণাংগ বস্তু নহয়, আৰু সেয়ে ই অকলে পূৰ্ণাংগতা দান কৰিবও নোৱাৰে। কিন্তু সোঁপন্থীসকলে সংবাদপত্ৰৰ স্বাধীনতাৰ ৰূপত যিটোৰ বিৰুদ্ধে থিয় দিছে সেয়া হ’ল মানৱ স্বাধীনতা (“argues against in freedom of the press is human freedom”)। কিয়নো কোনো এবিধ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ কৰা মানেই সকলোধৰণৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আক্ৰমণ কৰা। এইখিনি মুহূৰ্তক ‘ৰেইনিশ্চ্ জেইটুং’-অৰ ৰচনাখনৰ শীৰ্ষবিন্দু বুলি অভিহিত কৰিব পাৰি –

“. . . with the lack of freedom of the press, all other freedoms become illusory. Every form of freedom conditions the others, just as every bodily member affects every other. Every time one form of freedom is rejected, it is freedom that is rejected and deprived of any semblance of life; after that, pure chance will decide just what will be the butt of unfreedom’s overweening power. Unfreedom then becomes the rule, and freedom an exception to chance and arbitrariness. Thus there is nothing more topsy-turvy than to believe, when it is a question of a special existence-form of freedom, that this is a special question. It is the general question within a special sphere. Freedom remains freedom, whether it expresses itself in printer’s ink or land or conscience or a political assembly. . . . Thus the Sixth Rhenish Diet condemned itself in uttering its condemnation of the press.”

উদাৰতাবাদী অৱস্থানৰ প্ৰত্যাখ্যান

আমি ইতিমধ্যে কৈ আহিছো যে মাৰ্ক্সে এজন উদাৰ গণতন্ত্ৰবাদী হিচাপেই ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল। কিন্তু আৰম্ভণিৰেপৰাই তেওঁ তাৰ চূড়ান্ত বাঁওপন্থী পথটোহে গ্ৰহণ কৰিছিল; কেৱল সিমানেই নহয়, তাক তেওঁ মুকলিকৈ আক্ৰমণো কৰিছিল।

তেওঁৰ চেন্সৰশ্বিপ সম্পৰ্কীয় জানুৱাৰি মাহৰ ৰচনাখনতে তেওঁ উদাৰতাবাদীসকলৰ মৌলিক দৃষ্টিভংগীক সমালোচনা কৰিছিল। তেওঁ লিখিছিল যে চেন্সৰশ্বিপৰ ক্ষেত্ৰত নীতি-নিয়মবিলাক বা কৰ্মচাৰীসকলৰ সংস্কাৰ সাধন কৰি কোনো লাভ নাই, কাৰণ “in the essence of censorship lies a basic defect which no law can correct.” গতিকে চেন্সৰশ্বিপৰ ব্যৱস্থাটোক আক্ৰমণ নকৰি ব্যক্তিসকলক, চেন্সৰসকলক আক্ৰমণ কৰাটো ভুল। “It is this kind of pseudo-liberalism from which concessions are squeezed, to sacrifice individual persons, the tools, but maintain the heart of the matter, the institution.” সেইবাবে, চেন্সৰশ্বিপৰ সমস্যাটোৰ প্ৰকৃত ৰেডিকেল সমাধান হ’ল চেন্সৰশ্বিপৰ বিলোপ সাধন; কিয়নো ব্যৱস্থাটোৱেই হ’ল গণ্ডগোলীয়া।

ডায়েটৰ বিতৰ্ক সম্পৰ্কীয় ৰচনাখনত মাৰ্ক্সে স্বাধীনতাৰ উদাৰতাবাদী সমৰ্থকসকলৰ চৰিত্ৰ শ্লেষাত্মকভাৱে দাঙি ধৰিছে। সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰোধীসকলৰে ভাল – তেওঁলোকে এক গভীৰ পক্ষপাতিতাৰে বিতৰ্ক কৰিছিল আৰু সেইটোৱে তেওঁলোকক বিষয়টো সম্পৰ্কত এক প্ৰকৃত অৱস্থান প্ৰদান কৰিছিল। কিন্তু তাৰ বিপৰীতে সমৰ্থকসকলৰ –

“have no real relationship to what they are defending. They have never felt the need for freedom of the press. For them it is an intellectual thing, in which the heart has no place. For them it is an ‘exotic’ plant, which they are concerned with simply as ‘hobbyists’.”

সংবাদপত্ৰৰ স্বাধীনতাৰ সৈতে তেওঁলোকৰ কোনো গভীৰ সম্পৰ্ক নাই, আৰু সেইবাবে তেওঁলোকে তাক উপযুক্তভাৱে সুৰক্ষা দিবলৈও সক্ষম হোৱা নাই। এজন নগৰীয়া বক্তাই বিষয়টোক এক খাৰাংখাচ ব্যৱসায়ীসুলভ দৃষ্টিকোণৰপৰা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। বক্তাজনৰ পোনপটীয়া-মূৰ্ত চিন্তাৰ সৈতে উদাৰতাবাদী বুদ্ধিজীৱীসকলৰ অস্পষ্ট-বিমূৰ্ত সাধাৰণীকৰণবিলাকৰ তুলনা কৰি মাৰ্ক্সে আৰু কৈছে –

“. . . we must recognize the unconditional advantage he has over the rambling and shambling argumentation lacking any standpoint which is put forward by those German liberals who think they are honoring freedom when they transport it into the starry heaven of the imagination instead of the solid ground of reality. It is to these theoriticians of the imagination, these sentimental enthuisiasts, who shun any contact between their ideal and vulgar reality as a profanation, that we Germans partly owe the fact that freedom has upto now remained a thing of the imagination and sentimentalism.”

“The Germans are in general inclined to sentimentalities and extravagances; they have a fondness for music out of the blue. . . . Out of pure respect for ideas, they do not put them into practice. They devote a cult of worship to them, but they do not cultivate them. The speaker’s method, therefore, seems to be suitable one to familiarize the German with his ideas, to show him that involved here are not remote matters but his immediate interests, to translate the language of gods into the language of men.”

ৰচনাখনৰ শেষৰপিনে মাৰ্ক্সে উদাৰতাবাদীসকলক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰোধীসকল আৰু সমৰ্থকসকলৰ মাজত সাৰমৰ্মৰ পিনৰপৰা কোনো পাৰ্থক্য নাই, যদি পাৰ্থক্য আছে সেয়া হ’ল মাত্ৰ প্ৰৱণতাৰহে।

“. . . Some want the priviledge for the government alone; some want a complete censorship, others only a half censorship; some want three-eights of freedom of the press, others none at all. God protect me from my friends!”

দুই-এটা ব্যতিক্ৰমৰ কথা চমুকৈ উল্লেখ কৰি মাৰ্ক্সে লিখিছে যে ডায়েটৰ বিতৰ্কলানিয়ে সামগ্ৰিকভাৱে এক ‘বিষণ্ণতা আৰু অসুস্থতাবোধ’ৰ ভাবহে জগাই তোলে। বিতৰ্কলানি পাকঘূৰণি খাই আছিল “between the willful callousness of priviledge and the natural impotence of a half-liberalism.”

গণতন্ত্ৰৰ বুৰ্জোৱা ধাৰণাৰ প্ৰত্যাখ্যান

বুৰ্জোৱা-গণতান্ত্ৰিক ফ্ৰেমৱৰ্কৰ ভিতৰত থাকিয়ে মাৰ্ক্সৰ চিন্তাৰ আৰম্ভণি ঘটিছিল যদিও পোন প্ৰথমেই তেওঁ মুক্ত সংবাদপত্ৰৰ ইছ্যুত গণতন্ত্ৰ সম্পৰ্কীয় বুৰ্জোৱা ধাৰণাৰ ওপৰত আক্ৰমণ চলাইছিল। ‘ৰেইনিশ্চ্ জেইটুং’-অৰ ৰচনাখনত ডায়েটৰ তিনিজন বক্তাৰ আলোচনা প্ৰসংগত এইটো স্পষ্ট হৈ উঠিছে।

ভূসম্পত্তিশালী ভদ্ৰসমাজৰ বক্তাজনে ফ্ৰান্সত সংবাদপত্ৰৰ স্বাধীনতাৰ পৰিণামসমূহ কেনেধৰণৰ হৈছে সেইটো সোঁৱৰাই দিছে। তাৰ প্ৰত্যুত্তৰ হিচাপে মাৰ্ক্সে ফ্ৰান্সত সংবাদপত্ৰৰ প্ৰকাশকসকলে বণ্ড হিচাপে চৰকাৰৰ ওচৰত বৃহৎ পৰিমাণৰ ছিকিউৰিটি-মানি জমা দিবলগা হোৱাৰ কথালৈ আঙুলিয়াই দিছে। গতিকে ফৰাচী সংবাদপত্ৰও সিমান মুক্ত নহয়। তাত বৌদ্ধিক চেন্সৰশ্বিপ নাথাকিলে কি হ’ল? বৃহৎ ছিকিউৰিটি-মানিৰ ৰূপত বস্তুগত চেন্সৰশ্বিপ আছে। এই ব্যৱস্থাই সংবাদপত্ৰক বৃহদায়তন ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে সাঙোৰ খুৱাই পেলাইছে। যিহেতু বৃহদায়তন ব্যৱসায়িক ক্ষেত্ৰখন বৃহৎ চহৰসমূহতে সীমাবদ্ধ, সেইবাবে ফৰাচী সংবাদপত্ৰও কেইখনমান ঠাইতে সীমাবদ্ধ হৈ পৰিছে। গতিকে প্ৰশ্ন হয় – “. . . if material power concentrated in few places has a diabolical effect, how can it be otherwise with intellectual power?”

নগৰীয়া বুৰ্জোৱাজিৰ প্ৰতিনিধিজনৰ কথা মাৰ্ক্সে বিদ্ৰূপেৰে সৈতে উল্লেখ কৰিছে। প্ৰতিনিধিজনে কৈছে যে সংবাদপত্ৰৰ স্বাধীনতা হ’ল এটা ভাল বস্তু, যেতিয়ালৈকে বেয়া মানুহ কিছুমানে আহি খেলিমেলি নকৰে। মাৰ্ক্সে এইটো এটা বুৰ্জোৱা মন্তব্য বুলি কৈছে, আৰু প্ৰতিনিধিজনৰ আন কিছুমান একেধৰণৰ ফিলিষ্টাইন সাধাৰণীকৰণো উল্লেখ কৰিছে। কিন্তু মাৰ্ক্সৰ সমালোচনাৰ ঘাই লক্ষ্য হ’ল সংবাদপত্ৰৰ স্বাধীনতাৰ তথাকথিত সমৰ্থকসকলে গ্ৰহণ কৰা প্ৰস্তাৱটো। তেওঁৰ মতে, উক্ত প্ৰস্তাৱটোৰ প্ৰকৃত চৰিত্ৰটো এনেধৰণৰ –

“The proposer wants the freedom of the press-business not to be excluded from the general freedom of business . . . ‘The labors of arms and legs are free, but those of the head are put under tutelage. . . ‘”

অৰ্থাৎ, সংবাদপত্ৰৰ স্বাধীনতাক ‘ব্যৱসায়ৰ স্বাধীনতা’ৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু সেই কৰাৰ মানে হ’ল এটা মহাকায় দানৱক পিগমিৰ ঘৰৰ ভিতৰত সুমুৱাবলৈ চেষ্টা কৰা। প্ৰতিবিধ স্বাধীনতাই (সংবাদপত্ৰ, আদালত, ধৰ্ম, ব্যৱসায় আদি যিহৰে নহওক) হ’ল নিজৰ গুণেৰেই স্বাধীনতা, যিটোহঁত একে সময়তে স্বাধীনতাৰ সামগ্ৰিক ব্যৱস্থাৰো একো একোটা অংশ।

“To put freedom of the press in a class under freedom of business is to defend it while killing it in the course of the defense; for do I not abolish the freedom of a character when I demand that it be free in the same way another character is? Your freedom is not my freedom, cries the press to business. I will obey the laws of my sphere as you do the laws of yours. To be free in your way is to me identical with unfreedom, just as the cabinetmaker would hardly feel pleased if he demanded freedom to carry on his trade and was given freedom to philosophize as an equivalent.”

গতিকে মাৰ্ক্সে সংবাদপত্ৰক এক ব্যৱসায়লৈ অৱনমিত হোৱাটোৰ বিৰোধিতা কৰিছে, যিটোৱে সংবাদপত্ৰৰ উচ্চ চৰিত্ৰক কলুষিত কৰিব। অন্য অৰ্থত তেওঁৰ যুক্তিটো হ’ল এই যে গণতান্ত্ৰিক অধিকাৰসমূহক বুৰ্জোৱাজিৰ স্বাৰ্থ ত্বৰান্বিত কৰাৰ নিছক সঁজুলিলৈ অৱনমিত কৰিবলৈ দিব নোৱাৰি।

চিন্তাৰ আমোলাতান্ত্ৰিক নিয়ন্ত্ৰণৰ বিৰুদ্ধে

গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ ঐতিহাসিক বিকাশৰ এইটো পৰ্যায়ত কোনোবাই আইনৰ শাসনৰ দাবী কৰাৰ অৰ্থই হ’ল স্বেচ্ছাচাৰী ৰাষ্ট্ৰ আৰু ইয়াৰ আমোলাসকলৰ শাসনৰ বিৰুদ্ধে থিয় দিয়া। মাৰ্ক্সৰ আলোচ্য ৰচনাকেইখনৰ মাজত ফুটি উঠা সামগ্ৰিক কাৰ্যক্ৰমৰ এয়াও এক অভিন্ন অংগ।

চেন্সৰশ্বিপ হ’ল “স্বাধীনতাৰ বিৰুদ্ধে পুলিচৰ এক প্ৰতিৰোধী ব্যৱস্থা”। তাৰ বিপৰীতে, এখন ভাল সংবাদপত্ৰ আইনহে লাগে। আইনত ব্যাখ্যা থকা অপব্যৱহাৰবিলাকৰ বিৰুদ্ধেহে আইন এখনৰ প্ৰয়োগ কৰিব পাৰি; ইয়াত সাধাৰণভাৱে স্বাধীনতাক সংবাদপত্ৰৰ ‘স্বাভাৱিক অৱস্থা’ বুলিয়ে গণ্য কৰা হয়। প্ৰকৃতাৰ্থত স্বাধীনতাৰ বাবে আইনৰ প্ৰয়োজন আছে, কিন্তু স্বেচ্ছাচাৰী ক্ষমতাৰ প্ৰয়োজন নাই। “গতিকে এখন সংবাদপত্ৰ আইন হ’ল সংবাদপত্ৰৰ স্বাধীনতাৰ আইনগত স্বীকৃতি।” আনহাতে, স্বাধীনতাৰ অৰ্থ হ’ল বিৰুদ্ধ মত প্ৰকাশৰ স্বাধীনতা। বিৰুদ্ধ মত কেৱল যে বৈধ, তেনে নহয় – ই অতিকে প্ৰয়োজনীয়। আনকি ভাল প্ৰশাসনৰ দৃষ্টিকোণৰপৰাও ই অপৰিহাৰ্য। সেইবাবে তেওঁ লিখিছে –

“Since a legal development is not possible without the development of laws; since a development of laws is impossible without a crtiticism of laws; since every criticism of laws sets the citizen’s heads, hence also hearts, at variance with the existing laws; since this variance is perceived as dissatisfaction: then a loyal participation by the press in the development of the state is impossible if it must not stir up dissatisfaction with the existing legal conditions.”

এইটো অৱস্থান উদাৰতাবাদৰ মাজত সুলভ। কিন্তু ইয়াৰ ওপৰত ভিত্তি কৰি মাৰ্ক্সে গতি কৰিছে চিন্তা তথা মতামতৰ ওপৰত যিকোনো নিয়ন্ত্ৰণৰ সৰ্বাত্মক বিৰোধিতাৰ পিনে। এই ক্ষেত্ৰত তেওঁ কাৰ্যকলাপক মতামতৰপৰা পৃথক হিচাপে বিবেচনা কৰিছে। তেওঁ প্ৰশ্ন কৰিছে – এজন বিচাৰক আৰু এজন চেন্সৰৰ মাজত পাৰ্থক্য কি?

“The censor has no law except his master. The judge has no master except the law. . . . . . . If I am haled before a court, I am charged with contravening an existing law, and for a law to be violated it must first exist. Where no press law exists, none can be violated. The censorship does not charge me with violating an existing law. It condemns my opinion because it is not the opinion of the censor and his master. My public act, which stands before the world and its judgement, before the state and its law, is judged by a hidden and merely negative power which cannot constitute itself as law, shuns the light of day, and is not linked to any general principle.

“A censorship law is an impossibility because it would punish not offenses but opinions, because it cannot be anything but a formularized censor.”

এনে পদক্ষেপ এটা আমোলাই নিজৰ স্বেচ্ছাচাৰী সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি লোৱাই হওক বা আইনৰ ওপৰত ভিত্তি কৰি আদালতে লোৱাই হওক – ডায়েটৰ বক্তাজনৰ মানেকত কিন্তু এইবিলাকৰ মাজত কোনো পাৰ্থক্য নাই। সেইবাবে মাৰ্ক্সৰ ভাষাত, আকাশত দৃষ্টি নিবদ্ধ হৈ থকা উক্ত বক্তাজনে তলৰ পৃথিৱীখনক দেখা পায় এটা মাত্ৰ জাবৰৰ স্তূপ হিচাপে, আৰু তেওঁ ফুলৰ বিষয়ে যদি কিবা ক’ব লাগে তেন্তে তেওঁ মাত্ৰ এইটোহে ক’ব পাৰিব যে ফুলবিলাক ধূলিৰে ঢাক খাই আছে। কিন্তু উপৰোক্ত পাৰ্থক্যবিলাক স্বাধীনতাৰ মৌলিক অংশস্বৰূপ : “Freedom involves not only what but just as much how I live, not only that I perform a free act but that I perform it freely.” ইয়াৰ বিপৰীতটো হ’ল নৈৰাজ্যক উৎসাহ যোগোৱা। যদি মানুহে স্বাধীনমনা লেখা-মেলাক আইন-বৰ্জিত বা আইন-বিৰোধী বুলি ভাবিবলগা হয়, তেন্তে তেওঁলোকে এনেকৈয়ে ভাবিবলৈ ল’ব যে যিটো আইন-বৰ্জিত সেইটোৱেই স্বাধীন, যে স্বাধীনতা হ’ল আইন-বৰ্জিত, আৰু যিটো আইনসন্মত সেইটো হ’ল পৰাধীন। এনেকৈয়ে চেন্সৰশ্বিপে সামাজিক উদ্যমক হত্যা কৰে। কিন্তু চেন্সৰশ্বিপৰ সবাতোকৈ ডাঙৰ অপৰাধটো হ’ল ই মানুহৰ চেতনাক কঠোৰ অনুশাসনৰ শিকলি পিন্ধায়। ই –

“exercises tutelage over the highest interest of the citizens, their minds . . . [it] regulates the behaviour of the public mind, which is more than the Roman censors did . . .

“You marvel at the delightfull diversity, the inexhaustible riches of nature. You do not ask the rose to smell like the violet; but the richest of all, the mind, is supposed to exist in only a single manner?”

ৰজাই প্ৰবৰ্তন কৰা নতুন নীতি-নিয়মসমূহে দাবী কৰিছে যে লেখা-মেলাবিলাক ‘সৎ উদ্দেশ্যপ্ৰণোদিত’ হ’ব লাগে। মাৰ্ক্সে তেনে কথাৰ আঁৰত লুকাই থকা আইনৰ আচল চৰিত্ৰ উদঙাই দেখুৱাইছে, আৰু আইনৰ দৃষ্টিকোণৰপৰা মতামত আৰু কাৰ্যকলাপৰ মাজৰ মৌলিক পাৰ্থক্য ফঁহিয়াই দেখুৱাইছে এনেধৰণে –

“The writer is thus subjected to the most frightful terrorism, the jurisdiction of suspicion. Tendentious laws, laws that do not provide objective norms, are laws of terrorism such as were conceived by the state’s extremeties under Robespierre and the state’s rottenness under the Roman experors. Laws that make their main criterion not the act as such, but what is in the mind of the person acting, are nothing but positive sanctions of lawlessness . . .

“Only insofar as I express myself by entering the sphere of the actual do I enter the sphere of the legislator. In the eyes of the law I have no existence, I am not its object, except in my acts. They are the only things the law has to hold me to . . . However, a tendentious law punishes not only what I do but what I think apart from my act . . . The law punishes me not for the wrong I do but for the wrong I do not do.”

এইধৰণৰ আমোলাতান্ত্ৰিক ৰেগুলেচনৰ এটা সমস্যা হ’ল এইসমূহে বিধি-নিষেধৰ সীমাহীন সম্ভাৱনা মুকলি কৰি ৰাখে স্পষ্ট ব্যাখ্যা দাঙি নধৰাকৈ, যিটোৱে চেন্সৰৰ হাতত অৰ্পণ কৰে অবাধ স্বাধীনতা। প্ৰকৃততে ইয়াত সকলোকে চেন্সৰজনৰ মেজাজৰ ওচৰত দয়াৰ প্ৰাৰ্থীত পৰিণত কৰা হয়। আনহাতে, উপৰোক্ত একেখিনি নীতি-নিয়মেই ‘সত্যৰ গভীৰ আৰু সংযত সাধনা’ৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছে। কিন্তু সত্যৰ তেনেকুৱা সাধনাক সংজ্ঞায়িত কৰা যায় কেনেকৈ? সত্যক জানো ইমান সৰলভাৱে বুজিব পাৰি যে যিটো চৰকাৰে ফৰমান জাৰি কৰি জনাই দিয়ে সেইটোৱেই সত্য?

“And how is a law of this kind to be carried out? Through means more revolting than the law itself, through spies, or through agreement in advance to consider whole literary tendencies suspect, in which case indeed it remains to ferret out to what tendency an individual belongs.”

এইটোৱে অফিচাৰ-আমোলাবৰ্গৰ হাতত অসীম ক্ষমতাৰ পুঞ্জীভৱন ঘটায়। নতুন নীতি-নিয়মসমূহে স্পষ্টভাৱে অফিচাৰ-আমোলাবৰ্গৰ ওপৰত থকা অসীম বিশ্বাসৰ কথা ঘোষণা কৰিছে। কিন্তু বাহিৰৰ জনসাধাৰণৰ প্ৰতি থকা ৰাষ্ট্ৰৰ চৰম অবিশ্বাসৰপৰাই এইটো সৃষ্টি হোৱা নাইনে? “. . . it flows from unlimited distrust of all nonofficials.” তেনেহ’লে আমিনো কিয় তেনে নীতিক প্ৰশ্ন নকৰিম? বৰং, আমি সেই আমোলাতন্ত্ৰকেই প্ৰথম প্ৰশ্নৰ কাঠগৰাত থিয় কৰাব লাগিব। এনেধৰণে মাৰ্ক্সে চেন্সৰশ্বিপ সম্পৰ্কে এটা সৰ্বাত্মক সিদ্ধান্তত উপনীত হৈছে –

“So the essence of censorship is in general based on the arrogant delusion of the police state about its officials. Even the simplest thing is considered beyond the understanding and good will of the public; but even the impossible is supposed to be possible for the officials.

“This basic defect permeates all our institutions.”

স্বাধীনতাৰ অৰ্থ হ’ল তলৰ পিনৰপৰা গণতান্ত্ৰিক নিয়ন্ত্ৰণ

ৰাষ্ট্ৰৰ আমোলাতন্ত্ৰটোৱেই যে কেৱল নিজকে জনসাধাৰণৰ নিয়ন্ত্ৰণৰ ঊৰ্ধ্বত অৱস্থান কৰা বুলি গণ্য কৰে তেনে নহয়। ডায়েটত থকা জনসাধাৰণৰ প্ৰতিনিধিসকলেও তেনেকৈয়ে ভাবে। কিন্তু প্ৰতিনিধিসকলে জনসাধাৰণৰ সমূহীয়া ইচ্ছাক সাৰ্থকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। তাৰ অবিহনে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ সফল হ’ব নোৱাৰে। প্ৰতিনিধিসকলে নিজকে জনসাধাৰণৰপৰা পৃথকীকৰণ কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে সতৰ্কবাণী শুনাই মাৰ্ক্সে কৈছে –

“Certainly the development of parliamentary freedom in the old French sense, independence in respect to public opinion, stagnation of the caste spirit, may develop most completely through isolation; but it is precisely against this development that one cannot warn too early. A truly political assembly blossoms out only under the great protectorate of the public spirit, just as living things do only under the protectorate of the open air.”

প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ অৰ্থপূৰ্ণতা সম্পৰ্কে এই পৰ্যবেক্ষণক ভিত্তি কৰি তেওঁ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিনে গতি কৰিছে। ভূসম্পত্তিশালী ভদ্ৰসমাজৰ প্ৰতিনিধি ডায়েটৰ বক্তাজনে সংবাদপত্ৰৰ স্বাধীনতাৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰি কৈছে – মানুহ প্ৰকৃতিগতভাৱেই অপূৰ্ণ আৰু অপৰিপক্ব, মানুহৰ বিকাশৰ সমগ্ৰ পৰ্যায়টোত শিক্ষাৰ প্ৰয়োজন হয়, কেৱল মৃত্যুৰ লগে লগেহে সেই প্ৰয়োজনৰ অন্ত পৰে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে মাৰ্ক্সে অকাট্য আৰু বলিষ্ঠ যুক্তি দাঙি ধৰিছে। তাৰ আৰম্ভণি ঘটিছে এনেদৰে –

“To fight freedom of the press, one must maintain the thesis of the permanent immaturity of the human race . . .

“If the immaturity of the human race is the mystical ground for opposing freedom of the press, then certainly censorship is a most reasonable means of hindering the human race from coming of age.”

এইটো হ’ল প্ৰথমটো যুক্তি : পৰিপক্ব নহয় বুলি যদি গণতান্ত্ৰিক অধিকাৰৰপৰা বঞ্চিত কৰি ৰখা হয় তেন্তে জনসাধাৰণে নিজক পৰিচালনা কৰিব পৰাকৈ কেতিয়াও ‘পৰিপক্ব’ হৈ উঠিব নোৱাৰিব। শিশু এটাই যেতিয়া খোজ কাঢ়িবলৈ শিকে তেতিয়া সি পৰিবলৈও শিকে। আচলতে পৰাৰ মাজেদিহে সি খোজ কাঢ়িবলৈ শিকে। খোজ কাঢ়িব নোৱাৰে বুলি শিশু এটাক জানো ওৰেটো জীৱনলৈ দোলনাৰ মাজতে আবদ্ধ কৰি ৰাখিব পাৰি? যদি দোলনাৰ মাজতে ৰাখিবলগা হয় তেন্তে দোলনা নচুৱাবনো কোনে? যদি আমি সকলোৱে জে’লত বাস কৰিব লাগে, তেন্তে জে’লৰ ৰখীয়ানো হ’ব কোন? এই ব্যাখ্যাই ‘শিক্ষামূলক’ একনায়কত্ববাদৰ সপক্ষে থকা সকলো যুক্তি ভুল প্ৰমাণিত কৰে। গণতান্ত্ৰিক অধিকাৰ পৰিপক্বতাৰ কোনো চাৰ্টিফিকেট নহয় যে তাক আমি এটা নিৰ্দিষ্ট পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে লাভ কৰিব পাৰিম। জনসাধাৰণে গণতান্ত্ৰিক অধিকাৰ আয়ত্ত কৰে সংগ্ৰামৰ প্ৰক্ৰিয়াৰ মাজেদি – তাৰ বাবে জনসাধাৰণ আগতীয়াকৈ ‘প্ৰস্তুত’ হৈ নাথাকে, বৰং সংগ্ৰামত অংশগ্ৰহণৰ মাজেৰে তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে গণতান্ত্ৰিক অধিকাৰত উপনীত হয়। তাৰ বাবে আন কোনেও তেওঁলোকক পৰিপক্বতাৰ চাৰ্টিফিকেট প্ৰদান কৰাৰ প্ৰয়োজন নাই। মাৰ্ক্সৰ এই অৱস্থানক আমি বুৰ্জোৱা গণতান্ত্ৰিক উদাৰনীতিবাদৰ বিখ্যাত প্ৰবক্তা জন ষ্টুৱাৰ্ট মিলৰ ধাৰণাৰ সৈতে থোৰতে ৰিজাই চাব পাৰো। তেওঁৰ মতে স্বাধীনতাৰ ধাৰণাটো কেৱল মানসিক শক্তিৰ দিশৰপৰা পৰিপক্ব মানুহৰ ক্ষেত্ৰতহে প্ৰযোজ্য – “only to human beings in the maturity of their faculties.” গতিকে অনুন্নত সমাজসমূহত স্বাভাৱিকতেই ইয়াৰ প্ৰয়োগ সম্ভৱ নহয়। এইদৰে তেওঁ স্বৈৰতন্ত্ৰৰ ন্যায্যতা প্ৰতিপন্ন কৰিব বিচাৰিছে। ‘On Liberty’ গ্ৰন্থত তেওঁ লিখিছে –

“. . . Despotism is a legitimate mode of government in dealing with barbarians, provided the end be their improvement and the means justified by actually effecting that end. Liberty, as a principle, has no application to any state of things anterior to the time when mankind have become capable of being improved by free and equal discussion. Until then, there is nothing for them but implicit obedience to an Akbar or a Charlemagne, if they are so fortunate as to find one.”

উক্ত সময়ৰ বুৰ্জোৱা উদাৰতাবাদৰ গণতন্ত্ৰ তথা স্বাধীনতা সম্পৰ্কীয় ধাৰণাৰ সাৰমৰ্মটো মিলৰ এই উক্তিৰ মাজতে নিহিত হৈ আছে। মাৰ্ক্স-কথিত ডায়েটৰ বক্তাজনৰ বক্তব্যৰ সৈতে ইয়াৰ মিল আছে। মাৰ্ক্সে লিখিছে যে এনে ধাৰণাই যে কেৱল জনসাধাৰণৰ বিকাশ অৱৰুদ্ধ কৰি ৰাখে তেনে নহয়, লগতে ই তেওঁলোকক নৈৰাশ্যৰ গৰাহলৈ ঠেলি দিয়ে।

“The government hears only its own voice, it knows it hears only its own voice, and yet hangs on to the illusion that it hears the voice of the people; and it demands that the people likewise hang on to this illusion. On its part, therefore, the people sink partly into political superstition, partly into political skepticism, or, withdrawn from political life, they become a privatized rabble.”

এটা কথা ঠিক যে মানুহ অপূৰ্ণ আৰু অপৰিপক্ব। কিন্তু তাৰপৰা আমি কি সিদ্ধান্তত উপনীত হ’ম সেইটোহে আচল কথা।

“Man is by nature imperfect, individually or in mass . . . . What follows from this? Our speaker’s arguments are imperfect, governments are imperfect, Diets are imperfect, freedom of the press is imperfect, every sphere of human existence is imperfect. Hence if any one of these spheres is not to exist on account of this imperfection, then none of them has a right to exist . . . .

“The imperfect needs education. Is not education also human, hence imperfect? Does not education [itself] also need education?”

গতিকে মানুহৰ অপৰিপক্বতাৰ সমাধান বিশেষ একশ্ৰেণীৰ তথাকথিত উচ্চতৰ ব্যক্তিৰ ওচৰত আঁঠু লোৱাৰ মাজত নাই। কিন্তু চেন্সৰশ্বিপে সেইটোকে কৰিবলৈ শিকায়। মাৰ্ক্সে ‘আদেশ-চালিত প্ৰগতি’ৰ ধাৰণাটোক নস্যাৎ কৰিছে আৰু তাৰ সমৰ্থকসকলক কঠোৰভাৱে সমালোচনা কৰিছে। সেইসকলে সাধাৰণভাৱে মানৱ জাতিৰ সক্ষমতা সম্পৰ্কে সন্দেহ পোষণ কৰে, কিন্তু বিশেষ কিছুমান ব্যক্তিৰ ওপৰত মাহাত্ম্য আৰোপ কৰে। তেওঁলোকে মানৱ চৰিত্ৰৰ এক বীভৎস চিত্ৰ দাঙি ধৰে, কিন্তু একে সময়তে কিছুমান বিশেষাধিকাৰপ্ৰাপ্ত ব্যক্তিৰ পৱিত্ৰ ভাবমূৰ্তিৰ ওচৰত সকলোকে আঁঠু ল’বলৈ কয়। ইয়াৰ বিপৰীতে মাৰ্ক্সে কৈছে যে মানুহৰ অপৰিপক্বতাৰ সমাধান লুকাই আছে জনসাধাৰণৰ সংগ্ৰামৰ মাজত। গণতান্ত্ৰিক অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ মাজেৰেহে পৰিপক্বতাৰ প্ৰশ্নটো মীমাংসা কৰিব পাৰি।

এইখিনিতে সংবাদপত্ৰৰ প্ৰশ্নটোৰ আন এটা দিশ উনুকিয়াব পাৰি। মাৰ্ক্সে স্পষ্টভাৱে ঘোষণা কৰিছে যে একেটা যুক্তিতে তেওঁ সোঁপন্থী বাতৰিকাকতৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধেও থিয় দিব – “. . . for the juridical position is not altered by the moral character of the individual case, let alone its political and religious views.” মতামতৰ চৰিত্ৰৰ ওপৰত যদি সংবাদপত্ৰৰ অস্তিত্ব নিৰ্ভৰ কৰিবলৈ হয় তেন্তে সেয়া দেখদেখকৈ স্বাধীনতাহীনতাৰে নামান্তৰ। আন এখন কাকতে মাৰ্ক্সৰ এই কথাকেইষাৰ ভুলভাৱে উপস্থাপন কৰাত তেওঁ পাছত পুনৰ্বাৰ কথাটোৰ ব্যাখ্যা দাঙি ধৰে এনেদৰে –

“We counterpose the fact of bad opinions, for which there is no law-court, to the fact of bad actions which, if they are illegal, do have their law-court and their penal law.”

তিনি বছৰৰ পাছত মাৰ্ক্সে তেওঁৰ ‘Theses on Feuerbach’অৰ তৃতীয়টো প্ৰমেয়ত পৰিপক্বতাৰ প্ৰশ্নটো অধিক সম্প্ৰসাৰিত ৰূপত দাঙি ধৰিছে। তেওঁ দেখুৱাইছে যে (১) স্বয়ং শিক্ষাদাতাজনক শিক্ষা প্ৰদান কৰাটো জৰুৰী, আৰু (২) যেতিয়ালৈকে শিক্ষাদাতাজন নিজে শিক্ষিত তথা পৰিবৰ্তিত হৈ নুঠে তেতিয়ালৈকে তেওঁৰ পক্ষে শাসক আৰু শাসিতৰ মাজত থকা সমাজৰ বিভাজনক অতিক্ৰম কৰাটো সম্ভৱ হৈ নুঠে।

“The materialist doctrine concerning the changing of circumstances and upbringing [that men are products of circumstances and upbringing and that therefore changed men are products of other circumstances and changed upbringing] forgets that circumstances are changed by men [themselves], and that it is essential to educate the educator himself. Hence this doctrine must [necessarily have the effect to] divide society into two parts, one of which is superior to society. [For example, in Robert Owen]
“The coincidence of the changing of circumstances and of human activity or self-changing can be conceived and rationally understood as revolutionary practice.”
(অৰ্থ স্পষ্টতৰ কৰিবৰ বাবে বৰ বন্ধনীৰ ভিতৰৰ কথাখিনি এংগেলছে ১৮৮৮ চনত খাঁজি দিয়া।)

মাৰ্ক্সৰ ৰাজনৈতিক দৰ্শনৰ ক্ষেত্ৰত এই কথাখিনিৰ মৌলিক গুৰুত্ব আছে। শিক্ষাদাতাক কোনে শিক্ষা প্ৰদান কৰিব? এই প্ৰশ্নটোৰ উত্তৰৰ মাধ্যমেৰে মাৰ্ক্সে কেৱল উদাৰতাবাদৰে সমালোচনা দাঙি ধৰা নাই, সমাজবাদ সম্পৰ্কেও এক মূল্যৱান ধাৰণা দাঙি ধৰিছে। আমি মাৰ্ক্সৰ আলোচ্য ৰচনা দুখনৰ সৈতে ফুয়েৰবাখ সম্পৰ্কীয় প্ৰমেয়ৰ ধাৰাবাহিকতালৈ লক্ষ্য ৰাখিহে এই কথাটো কৈছো – অন্যথা উপৰোক্ত প্ৰমেয়টো সমাজবাদ তথা বস্তুবাদৰ প্ৰসংগতহে উত্থাপন কৰা হৈছে। সি যি নহওক, অজ্ঞ জনসাধাৰণৰ মাজলৈ উন্নত চেতনাসম্পন্ন একশ্ৰেণী ব্যক্তিয়ে সমাজবাদ কঢ়িয়াই আনিব – এনেধৰণৰ এলিটিষ্ট ধাৰণাৰ প্ৰতি মাৰ্ক্সৰ সমৰ্থন নাই। এইটোত কোনো সন্দেহ নাই যে উন্নত চেতনাসম্পন্ন শ্ৰেণীটোৱেই জনসাধাৰণৰ সন্মুখত সমাজবাদৰ ধাৰণাটো তুলি ধৰিব। এইধৰণেই হয়তো সমাজবাদৰ আৰম্ভণি ঘটিব, কিন্তু শেষপৰ্যন্ত সি এটা নিছক একপক্ষীয় সম্পৰ্ক হৈ নাথাকেগৈ। মাৰ্ক্সে প্ৰমেয়টোত সেই কথাকে সাব্যস্ত কৰিছে।

শিক্ষাদাতাসকলক কেনেকৈ শিক্ষা প্ৰদান কৰা হ’ব, আৰু লগতে অজ্ঞসকল কেনেকৈ নিজে শিক্ষাদাতাত পৰিণত হ’ব – আত্মপৰিবৰ্তনৰ এই দ্বিপাক্ষিক প্ৰক্ৰিয়াটো কেনেকৈ চালিত হ’ব? মাৰ্ক্সৰ উত্তৰ হ’ল : বৈপ্লৱিক প্ৰেক্টিচৰ মাধ্যমেৰে। ব্যক্তিয়ে নিজৰ ৰূপান্তৰ সাধনৰ মাধ্যমেৰেই সমাজৰ ৰূপান্তৰৰ বাটত ভৰি দিব; সমাজৰ ৰূপান্তৰ সাধনৰ প্ৰচেষ্টাৰ মাজেৰেই ব্যক্তিয়ে নিজকো ৰূপান্তৰ কৰিবলৈ শিকিব। এনেদৰে এটা প্ৰক্ৰিয়াই আনটোৰ ওপৰত ক্ৰিয়া কৰিব। বৈপ্লৱিক প্ৰেক্টিচৰ এই ধাৰণাই মাৰ্ক্সবাদৰ দাৰ্শনিক ভিত্তি আৰু ৰাজনৈতিক প্ৰচেষ্টাৰ মাজত অংগাংগী সম্পৰ্ক প্ৰতিষ্ঠা কৰিছে। সংগ্ৰামে সংগ্ৰামীজনৰ আৰু তেওঁৰ ৰাজনৈতিক তত্ত্বৰো ৰূপান্তৰ সাধন কৰিব। ড্ৰেপাৰে মন্তব্য কৰিছে যে এয়া হয়তো সমাজবাদী চিন্তাত প্ৰথমটো পৰিস্থিতি যেতিয়া তত্ত্বই তাত্ত্বিকজনৰ ওপৰত কঠোৰভাৱে দৃষ্টিপাত কৰিছে। (আলোচ্য গ্ৰন্থ, পৃ. ২৩৪)

সি যি নহওক, এইসমূহ ধাৰণাৰ অস্পষ্ট উঁহ এটা মাৰ্ক্সে ‘ৰেইনিশ্চ্ জেইটুং’ কাকতৰ সময়ত লিখা আলোচ্য ৰচনা দুখনত পৰিলক্ষিত হয়। সংবাদপত্ৰৰ স্বাধীনতা তথা তৎকেন্দ্ৰিক বহল প্ৰশ্নবোৰৰ সম্পূৰ্ণ মাৰ্ক্সীয় মীমাংসা উক্ত ৰচনা দুখনত নথকাই স্বাভাৱিক। ফুয়েৰবাখ সম্পৰ্কীয় উপৰোক্ত প্ৰমেয়টোত তাৰে কিছু অংশৰ পৰিপূৰ্ণতাপ্ৰাপ্তি আমি দেখিবলৈ পালো। তেনে কাৰণতে অপ্ৰাসংগিক যেন লাগিলেও প্ৰমেয়টো উল্লেখ কৰা হ’ল।

প্ৰসংগ : পৰিণাম আৰু উপায়

জন ষ্টুৱাৰ্ট মিলে স্বৈৰতন্ত্ৰৰ সমৰ্থনত আগ বঢ়োৱা যুক্তিখিনিৰপৰা বুজা যায় যে সমস্যাটো পৰিপক্বতাৰ প্ৰশ্নটোৰ সৈতে নিবিড়ভাৱে জড়িত। স্বেচ্ছাচাৰী, স্বৈৰতান্ত্ৰিক, সাৰ্বভৌম চৰকাৰ বা সাধাৰণভাৱে, ওপৰৰপৰা নিয়ন্ত্ৰণ – অৰ্থাৎ পৰাধীনতাক ন্যায্য প্ৰতিপন্ন কৰিব বিচৰা হয় এটা ভাল উদ্দেশ্যৰ প্ৰসংগৰে। কোৱা হয় যে জনসাধাৰণৰ দীৰ্ঘম্যাদী স্বাৰ্থ তথা কল্যাণৰ বাবেই এই ওপৰ-গধুৰ ৰাজনৈতিক ব্যৱস্থাসমূহ প্ৰয়োজনীয়। সংবাদপত্ৰৰ স্বাধীনতাক কেন্দ্ৰ কৰি হোৱা আলোচনাত মাৰ্ক্সে এই ধাৰণাটোক তীব্ৰভাৱে আক্ৰমণ কৰিছে।

“পৰিণামে উপায়ক ন্যায্য প্ৰতিপন্ন কৰে” – এই ধাৰণাৰ স্থূল ব্যাখ্যাৰ মৌলিক ত্ৰুটি মাৰ্ক্সে জানুৱাৰি মাহৰ আলোচ্য ৰচনাখনতে উন্মোচন কৰিছে। তেওঁ কৈছে যে চেন্সৰশ্বিপৰ সপক্ষে যুক্তি দাঙি ধৰিবলৈ গৈ স্বয়ং সত্যৰ ধাৰণাটোকে সম্পূৰ্ণ উল্টা-পুল্টা আৰু বিমূৰ্ত ৰূপত দাঙি ধৰা হৈছে। এটা বিষয়ৰ চৰিত্ৰই অনুসন্ধানকো প্ৰভাৱান্বিত কৰে, আৰু “not only the result, but also the way to it, belongs to the truth. The inquiry into truth must itself be true . . . .” আন ভাষাত, পৰিণাম আৰু উপায়ক সিহঁতৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ভিত্তিতহে বিচাৰ কৰিব লাগিব। এইধৰণেই মাৰ্ক্সে চেন্সৰশ্বিপৰ প্ৰশ্নটো বিচাৰ কৰিছে –

“But the censorship itself admits that it is not an end in itself, that it is not a good in and of itself, that it is therefore based on the principle that ‘the end sanctifies the means’. But an end that needs unholy means is not a holy end.”

তদুপৰি মাৰ্ক্সে যুক্তি দিছে যে পৰিণাম-উপায়ৰ এই নীতিটোক ওলোটা পিনৰপৰাওতো প্ৰয়োগ কৰিব পাৰি : মহৎ উদ্দেশ্যৰ কথা কৈ যদি চেন্সৰশ্বিপৰ অন্যায়সমূহক ন্যায্য প্ৰতিপন্ন কৰিব পাৰি, তেন্তে চৰকাৰ-বিৰোধী সংবাদপত্ৰয়ো একেদৰে নিজৰ নিজৰ মহৎ উদ্দেশ্যৰ কথা ক’ব পাৰে। আনহাতে, এক প্ৰতিৰোধী পদক্ষেপ হিচাপে চেন্সৰশ্বিপৰ ন্যায্যতাকো মাৰ্ক্সে আক্ৰমণ কৰিছে –

“You consider it wrong to catch birds. Isn’t a cage a preventive measure against birds of prey, bullets, and storms? You consider it barbaric to blind nightingales, but you don’t think it a piece of barbarism to jab out the eyes of the press with the sharp pens of the censorship? You consider it despotic to cut a free man’s hair against his will, but the censorship daily carves the flesh of thinking people, and only puts the stamp of approval on the health of bodies without a heart, bodies that do not react, bodies that are respectfully submissive!”

চেন্সৰশ্বিপ কেৱল এটা পুলিচী ব্যৱস্থাই নহয়, ই এটা বেয়া পুলিচী ব্যৱস্থা। কিয়নো ই যিটো কৰিব বিচাৰে সেইটো কেতিয়াও সাধন কৰিব নোৱাৰে, আৰু ই যিসমূহ পৰিণামৰ জন্ম দিয়ে সেইসমূহো ই গ্ৰহণ কৰিব নোখোজে। ই কৰিব পৰা একমাত্ৰ কামটো হ’ল এই যে ই চেন্সৰশ্বিপৰ ভুক্তভোগীসকলৰ ওপৰত ছহিদি আৰু ৰহস্যৰ মোহিনী শক্তিহে আৰোপ কৰে। কথাটো আনধৰণে এনেকৈ ক’ব পাৰি : উপায়ৰ ন্যায্যতা কেৱল ঘোষিত উদ্দেশ্যৰ মাজত বিচাৰিলেই নহ’ব, বৰং বিচাৰিব লাগিব তাৰ বাস্তৱ পৰিণামসমূহৰ মাজত। পৰিণাম মানে নিছক বিষয়ীগত অভিপ্ৰায় মাত্ৰ নহয়, বৰং বস্তুগত ফলাফলৰ ৰূপতো তাক বুজিব লাগিব। গতিকে যদি এটা ‘অসাধু’ উপায়ক একেৰাহে কামত লগোৱা হয় তেন্তে সি যে কেৱল ‘বস্তুগত ফলাফল হিচাপে’ ‘অসাধু’ পৰিণামৰ জন্ম দিব তেনে নহয়, সি একে সময়তে ‘অভিপ্ৰায় হিচাপে’ পৰিণামৰো ৰূপান্তৰ সাধন কৰিব বা তাক আত্মসাৎ কৰি পেলাব।

মাৰ্ক্সে ইতিমধ্যেই লিখিছে যে চেন্সৰশ্বিপে স্বেচ্ছাচাৰী ক্ষমতাক সাৰ-পানী যোগায়। এতিয়া তেওঁ যোগ দিছে যে এটা প্ৰতিৰোধী ব্যৱস্থা হিচাপে চেন্সৰশ্বিপে প্ৰতিৰোধ কৰিব পৰা যিকোনো বস্তুতকৈ সি নিজে বহুগুণে বেছি ভয়ানক –

“There is no danger it can prevent which is greater that it itself. For every living thing the main danger consists in losing itself. Unfreedom is therefore the real deadly peril for men. Leaving aside the ethical consequences for the moment, keep in mind that you could not enjoy the advantage of a free press without tolerating its inconveniences. You could not pluck the rose without its thorns! And what do you lose in losing a free press?

“. . . It [a free press] is the intellectual mirror in which a people beholds itself, and self-examination is the first condition of wisdom. It is the public spirit which can be spread to every cottage more cheaply than can material gas. It is universal, omnipresent, omniscient. It is the ideal world which springs unceasingly out of the actual world and then, ever enriched in spirit, flows back into it, to animate it anew.”

উচ্ছ্বাসপূৰ্ণ ভাষাটো যদি আওকাণ কৰা যায় তেন্তে দেখা যাব যে ইয়াত মাৰ্ক্সে পৰিণামৰ ধাৰণাটো পুনৰ্গঠন কৰিছে – কেৱল তাৎক্ষণিক ৰাজনৈতিক দিশৰপৰাই নহয়, বৰং মানৱ চেতনাৰ দীৰ্ঘম্যাদী উন্নতি বা সমৃদ্ধিৰ দিশৰপৰাও।

অতিকে পৰিহাসৰ বিষয় এয়ে যে “পৰিণামে উপায়ক ন্যায্য প্ৰতিপন্ন কৰে” বোলা যেছুইট মতবাদটো মাৰ্ক্সৰ ওপৰত খাড়াই খাড়াই আৰোপ কৰা সঘনে দেখিবলৈ পোৱা যায়। এনেধৰণৰ স্থূলতা মাৰ্ক্সৰ ৰচনাৱলীৰ ক’তোৱেই পাবলৈ নাই। এই ক্ষেত্ৰত মাৰ্ক্সৰ অৱস্থান স্পষ্ট কৰিবলৈ আৰু এটা সৰু উদাহৰণ দিব পাৰি। ১৮৫২ চনত কৰা এটা তীৰ্যক মন্তব্যত তেওঁ কৈছে এনেদৰে – এ. ৰিউজে ভাবে যে “he has the right to allow himself every kind of base action because he knows that his baseness springs from honest motives.” (পৃ. ৫৪)
(সমাপ্ত। ১৮-০৬-২০১৬)

Share Button
Print Friendly, PDF & Email

No Comments : "চেন্সৰ আৰু মাৰ্ক্স - ( জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *