শ্যেইক্সপিয়েৰীয় নাট্য সাহিত্য : আত্মনিষ্ঠা আৰু সমাজ-বাস্তৱৰ শৈল্পিক ৰূপায়ণ - (ড০ হাছিনুছ চুলতান)

(এক)

শ্যেইক্সপিয়েৰ সম্পৰ্কে আমাৰ পৰম্পৰাগত ধাৰণাটি এনেকুৱা যে তেওঁ আছিল এগৰাকী অসাধাৰণ ধী-শক্তিসম্পন্ন ৰেনেছাঁ কবি তথা প্ৰতিভাশালী নাট্যকাৰ। কোৱা হয় যে ডেৰ শতাধিক ছনেটৰ ৰচয়িতা কবি শ্যেইক্সপিয়েৰে তেওঁৰ ছনেটসমূহত ব্যক্তিগত ভাবানুভূতি, আৱেগ-অনুযোগ, হেঁপাহ-হুতাহ, প্ৰেম তথা হৃদ্যতা উজাৰি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল যদিও তেওঁৰ অনন্যসাধাৰণ শিল্প প্ৰতিভাৰ পৰিচায়ক নাটকসমূহত কিন্তু তেওঁ এক আদৰ্শসচেতন নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ কৰিবলৈ কেতিয়াও ব্যৰ্থ হোৱা নাই। তেওঁৰ নাটকসমূহৰ শ্ৰেষ্ঠত্ব আৰু বিশেষত্বও হেনো এইখিনিতে যে কোনোধৰণৰ মতাভিমত ব্যক্ত কৰাৰ অৱকাশ নৰখাকৈও সিবোৰক তেওঁ সৰ্বকালৰ বাবে আবেদনক্ষম, চিৰায়ত সাহিত্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ওঠৰ শতিকাৰ মাজভাগতেই শ্যেইক্সপিয়েৰৰ ৰচনাৱলী সম্পৰ্কে সমালোচক ড০ জনছনে তেওঁৰ মন্তব্য প্ৰকাশ কৰিছিল এনেদৰে, ‘শ্যেইক্সপিয়েৰৰ ৰচনাসমূত কোনো অভিমত কিম্বা যুক্তি বিচাৰি পোৱা নাযাব . . . সেইবোৰ পঢ়িব লাগিব মাথোন আনন্দ লাভৰ নিমিত্তে।’২

আমোদজনকভাৱে, আনকি তেওঁৰ ছনেটসমূহৰ বিষয়েও ঊনবিংশ শতাব্দীৰ বৰেণ্য কবিসমালোচক ৱৰ্ডছৱৰ্থে কৰা উক্তি, ‘এই সঁচাৰ-কাঠিৰে শ্যেইক্সপিয়েৰে তেওঁৰ হৃদয়দ্বাৰ উন্মুক্ত কৰিছিল’। দুঃসহ যেন অনুভৱ কৰি আন এগৰাকী কবি-সমালোচকে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এইবুলি - ‘কৰিছিলেনে তেওঁ? যদিহে কৰিছিল, তেন্তে তেওঁ নহয় সিমান (মহৎ) শ্যেইক্সপিয়েৰ (যিমান বুলি তেওঁক ভবা হয়)।’ পিছে, ডেৰ শতাধিক ছনেট আৰু সাতত্ৰিছখন নাটকৰ ৰচয়িতা শ্যেইক্সপিয়েৰৰ ৰচনাৱলীত লেখকজনৰ স্বাভিমত ক’তো এবাৰলৈকো ধ্বনিত হোৱা নাই – কথাষাৰ কেৱল অপ্ৰত্যাশিতই নহয়, বিভ্ৰান্তিজনকো। শ শ চৰিত্ৰৰ সংলাপবোৰতো স্ৰষ্টাৰ ব্যক্তি-সত্তা অথবা মানসিকতাৰ প্ৰতিবিম্বন ঘটিবই নোৱাৰে, সেয়া কেতিয়াও বিশ্বাসযোগ্য নহয়। বন্ধুত্ব, প্ৰেম, পৰিণয়, সময়, মৃত্যু, বিশ্বাসঘাতকতা, পৃষ্ঠপোষকতা, ধৰ্ম তথা ৰাজনীতি আদি সকলো বিষয়তে শ্যেইক্সপিয়েৰৰ দৰে সংবেদনশীল আৰু অন্তৰ্দৃষ্টিসম্পন্ন শিল্পী এজনে গভীৰ আত্ম-চিন্তাৰ বিম্বন নঘটোৱাকৈ মাথোন প্ৰথাগত সাহিত্য-ৰীতি আৰু নৈৰ্ব্যক্তিক জীৱনদৰ্শন আগ বঢ়োৱা বুলি ভবাটো যুক্তি-বিৰুদ্ধ কল্পনাহে।

কোনো প্ৰেক্ষাপট নোহোৱাকৈ সাহিত্য-কৰ্মৰ বিকাশৰ কথা ভাবিব নোৱাৰি। ৰবীন্দ্ৰনাথৰ ভাষাত, ‘সাহিত্য বৰ্তি থাকে কেৱল নিজ গুণতেই নহয়, চৌদিশৰ গুণৰ বলতহে ই তাৰ সঠিক ৰূপত বিৰাজ কৰে।’ সাহিত্যক সাহিত্যিকৰ চেতনা আৰু পৰিৱেশৰপৰা সম্পৰ্কচ্যুত কৰি মূল্যায়ন কৰাটো অসমীচীন। ‘ইতিহাসৰ প্ৰতিটো পৰ্যায়তে উৎপাদিকা-শক্তি আৰু উৎপাদন-সম্পৰ্কৰ মাজৰ যি পাৰস্পৰিক প্ৰতিক্ৰিয়া ঘটি থাকে তাৰেই প্ৰতিফলন হয় সেই যুগৰ সকলো সাহিত্য, বিজ্ঞান, আইন, দৰ্শন, ধৰ্ম, লোকাচাৰ, ৰাষ্ট্ৰ তথা ৰাজনীতিত।’৪ (কাৰ্ল্ মাৰ্ক্স) যিখন সমাজত শ্যেইক্সপিয়েৰে বাস কৰিছিল, ইতিহাসৰ যি মুহূৰ্তত তেওঁ লেখনী হাতত তুলি লৈছিল – সেইখন সমাজ, ইতিহাসৰ সেই বিশেষ পৰ্যায় আৰু তৎকালীন সমাজৰ বিভিন্ন শ্ৰেণীৰ মূল্যবোধসমূহ তেওঁৰ চিন্তা-চেতনা আৰু সাহিত্য-কৃতিত অহৰহ ক্ৰিয়াশীল হ’বলৈ বাধ্য।

(দুই)

শ্যেইক্সপিয়েৰৰ নাট্য জগতখনৰ অন্যতম বৈশিষ্ট্য হৈছে নাট্যকাৰৰ সৃষ্ট চৰিত্ৰসমূহৰ অফুৰন্ত জীৱন-বৈচিত্ৰ্য। ঠিক যেন জীৱনৰ দৰেই তেওঁৰ চৰিত্ৰসমূহ বহুধা-বিচিত্ৰ। তেওঁৰ নাট্যলোকত বিচৰণ কৰিলে চ’ছাৰৰ ‘প্ৰৌলগ টু দ্য কেন্টাৰবেৰি টেইলজ’ৰ দৰেই অনুভৱ হয় যেন সি ‘ঈশ্বৰৰ প্ৰাচুৰ্য’-ৰে৫ মহিমামণ্ডিত। ৰজা-ৰাণী, সভাসদ, বহুৱা, দুষ্ট-সাধু, প্ৰেমিক-প্ৰেমিকা, মানৱপ্ৰেমী, মনুষ্যদ্বেষী প্ৰভৃতি জীৱনৰ প্ৰতিটি খোজৰে মানুহৰ সমাবেশ ঘটিছে তেওঁৰ নাট্যলোকত। এই আটাইবোৰ স্তৰৰ মানুহৰে গিজগিজাই থকা সমাজখনৰ সৰু-বৰ অসংখ্য দ্বন্দ্ববোৰৰ লগতে এই সমাজখনৰ মূল বিৰোধৰো প্ৰতিফলন ঘটিছে শ্যেইক্সপিয়েৰৰ নাটকত। শ্যেইক্সপিয়েৰে বাস কৰা সমাজখনৰ মূল বিৰোধ আছিল ক্ষয়িষ্ণু সামন্ততন্ত্ৰৰ সৈতে নৱোত্থিত পুঁজিবাদৰ। তেনেস্থলত আমাৰ মনত প্ৰশ্ন উদয় হয় – এই শ্ৰেণীদ্বয়ৰ কোনটোক শ্যেইক্সপিয়েৰে সহানুভূতিৰ চকুৰে চাইছিল?

বহু সমালোচকৰ সততে প্ৰলোভন জাগে শ্যেইক্সপিয়েৰক তথাকথিত নব্য-প্ৰগতিশীল পুঁজিবাদীসকলৰ সমৰ্থক সজাবলৈ। লুনাচাৰস্কি প্ৰমুখ্যে বহুতো তীক্ষ্ণদৃষ্টিসম্পন্ন পণ্ডিতেও শ্যেইক্সপিয়েৰক এজন ৰেনেছাঁৰ প্ৰবক্তা হিচাপে ধৰি লৈহে আলোচনাত প্ৰবৃত্ত হোৱা যেন পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে ৰেনেছাঁৰ প্ৰবক্তা বুলি কওঁতে তেওঁলোকে শ্যেইক্সপিয়েৰক এজন ‘বিপ্লৱী বুৰ্জোৱা’ বুলিহে চিহ্নিত কৰিছে। পিছে, শ্যেইক্সপিয়েৰৰ নাটকত দ্ব্যৰ্থহীনভাৱে বুৰ্জোৱা-বিদ্বেষৰ সপক্ষে চকুত লগাকৈ অজস্ৰ প্ৰমাণ পোৱাৰ পিছতো তেওঁক ‘বিপ্লৱী বুৰ্জোৱা’ বুলি কোৱাৰ লোভ সম্বৰণ কৰিব নোৱৰাটো বস্তুনিষ্ঠ সমালোচনাৰ পৰিচায়ক নহয়। আনহে নালাগে, তৎকালীন সমাজৰ বণিকসকলৰ মূল ব্যস্ততা সমুদ্ৰযাত্ৰা সম্পৰ্কে শ্যেইক্সপিয়েৰৰ মতামতবোৰ অনুধাৱন কৰিলেই তেওঁ যে প্ৰকৃততে বণিক শ্ৰেণীৰ মতাদৰ্শৰ বিপৰীত মেৰুত আছিল, সেই কথা স্পষ্ট হৈ পৰে।

ইংৰাজী সাহিত্যত শ্যেইক্সপিয়েৰৰ যুগান্তকাৰী অভ্যুত্থান ঘটিছিল ষোড়শ শতাব্দীৰ অন্তিম পৰ্যায়ত আৰু তেওঁৰ সৃষ্টি-প্ৰয়াস অব্যাহত আছিল সপ্তদশ শতাব্দীৰ আৰম্ভণিলৈকে। এইছোৱা আছিল ইংৰাজী সাহিত্যত নৱজাগৰণৰ ভৰপক সময়। নৱজাগৰণে উন্মোচিত কৰা জ্ঞানৰ অভিনৱ দিগন্ত, ন ন আৱিষ্কাৰ আৰু সাম্ৰাজ্য বিস্তাৰৰ বিপুল সম্ভাৱানাই সেই সময়ৰ প্ৰায় প্ৰতিগৰাকী প্ৰ্ৰভাৱশালী কবি-সাহিত্যিকৰ হৃদয়-মন পৰশি গৈছিল। বিস্ময়াৱহ ভৌগোলিক আৱিষ্কাৰৰ শ্বাসৰুদ্ধ আৱেগত বিচূৰ্তি হৈ ‘কবিকুলৰ কবি’ স্পেন্সাৰে লিখিছিল, ‘আৰু সদায়ে কিমান দুষ্কৰ প্ৰয়াসে/ কৰিছে যে অলেখ অঞ্চল আৱিষ্কাৰ/ সৌ সিদিনালৈকে যিবোৰ আছিল সকলোৰে অজ্ঞাত’।৬ আমেৰিকা আৱিষ্কাৰৰ আসিশ-ধন্য যেন নিজকে ভাবি কবি জন্ ডানেও তেওঁৰ প্ৰেয়সীক উদ্দেশি কৈছিল, ‘অ’ মোৰ আমেৰিকা! মোৰ সদ্যোঘাটিত দেশ/. . . কিমান যে আশিস-ধন্য মই, তোমাক এনেকৈ আৱিষ্কাৰ কৰাত!’৭

এইদৰে, আন আন কবি-সাহিত্যিকসকলে বণিকসকলৰ দুঃসাহসিক সমুদ্ৰাভিযানৰ জয়ঢোল কোবাই থকাৰ সময়তো শ্যেইক্সপিয়েৰে দেখোন এই ক্ষেত্ৰত এজন দ্বিধাহীন দোষদৰ্শীৰ ভূমিকাহে গ্ৰহণ কৰা যেন লাগে। ‘পেৰিক্লিজ’ (১৬০৮) নাটকৰ আৰম্ভণিতে তেওঁ তীব্ৰ নিন্দাত জৰ্জৰিত কৰিছে মনৰ শান্তি-হাৰী সমুদ্ৰ যাত্ৰাৰ চাপল্যক। নাটকখনৰ সূত্ৰধাৰে কৈছে, ‘তেওঁ সমুদ্ৰ যাত্ৰা কৰিছিল। সমুদ্ৰ এনে এক ঠাই য’ত অৱস্থান কৰিলে কাচিৎহে পোৱা যায় মনৰ প্ৰশান্তি। বতাহ বলিবলৈ লয় অতৰ্কিতে। ওপৰত বজ্ৰ আৰু অধোভাগত তলীবিহীন পাৰাবাৰ। হৃদয়-চিত্ত অস্থিৰ কৰে, ইমানেই যে যিখন জাহাজৰ উচিত আছিল নিৰাপদ নিলয় হৈ তেওঁক আশ্ৰিত কৰা, সেইখন জাহাজ হয় ধ্বংস, বিদীৰ্ণ। সুশীল যুৱৰাজে, সেয়ে, সকলো হেৰুৱাই পেলাই হৈছে উপকূলৰপৰা উপকূললৈ নিক্ষিপ্ত। তেওঁৰ অনুচৰসকল, তেওঁৰ ক্ষমতা-ঐশ্বৰ্য সকলো লয় পালে। মাথোন ব্যক্তি-সত্তাটোত বাজে তেওঁৰ আন একো ৰক্ষা নপৰিল।’৮

সমুদ্ৰ-যাত্ৰা-নিৰ্ভৰ বণিক সভ্যতাৰ ঘৃণনীয় ৰূপটো ‘দ্য মাৰ্চেন্ট্ অব ভেনিচ’ নাটকতো ফুটি ওলাইছে, বহু প্ৰসঙ্গত। নাটকখনৰ প্ৰথম দৃশ্যতেই এন্টৌনিয়’ৰ স্বভাৱসুলভ চিন্তা-প্ৰৱণতাৰ হেতু বিচাৰি ছেলেৰিয়’ আৰু ছেলেৰিনোই যিবোৰ যুক্তিৰ অৱতাৰণা কৰিছে, সেই আটাইবোৰ সমুদ্ৰ-যাত্ৰাৰ কুফল-জ্ঞাপক উক্তি।

শ্যেইক্সপিয়েৰ সম্পৰ্কে দ্বন্দ্ববাদ প্ৰয়োগ কৰাৰ প্ৰশংসনীয় উদ্যোগ গ্ৰহণকাৰী আৰ্থাৰ ছিউ-ৱেলৰ মতে ‘দ্য মাৰ্চেন্ট্ অব ভেনিচ’ নাটকৰ সমাজখন মূলত চুক্তিভিত্তিক। চুক্তিৰ আধাৰত প্ৰতিষ্ঠিত এই সমাজত বণিক শ্ৰেণীৰ অপ্ৰতিহত ক্ষমতা। ইয়াৰ পৰিণতিটো অৱশ্যে ঘৃণাৰ – হীন জাতি-বিদ্বেষ, পৰস্পৰৰ বিৰুদ্ধে কুৎসা ৰটনা, নতুবা খোলাখুলি সংঘৰ্ষ। প্ৰতি মুহূৰ্ততে বণিকসকল ভ্ৰাম্যমাণ বাণিজ্য তৰণীৰ চিন্তাত শঙ্কাকুল। অৰ্থ-লোলুপতাৰ এই দুৰাৰোগ্য ব্যাধিৰপৰা পোৰ্শ্বিয়াৰ অন্যতম পাণি-প্ৰাৰ্থী বেছানিয়’ও মুক্ত নহয়। পোৰ্শ্বিয়াক তেওঁ বিবাহ-পাশত আবদ্ধ কৰিব খুজিছে প্ৰেম অথবা মানৱতাৰ স্বাৰ্থত নহয়, বৰং আৰ্থিক সমৃদ্ধিৰ গৰজতহে : ‘মোৰ মুখ্য চিন্তা হৈছে কেনেকৈ মই সসন্মানে মুক্ত হ’ব পাৰো এই বিয়াগোম ঋণৰপৰা, যিয়ে মোৰ সমগ্ৰ জীৱনৰ অপব্যয়ৰ ফলত আজি মোক জৰ্জৰিত কৰিছে।. . . তোমাৰ (এন্টৌনিয়’ৰ) ভালপোৱাবোৰে মোক দিয়া আশ্বাসৰ বাবেই মই তোমাৰ আগত ব্যক্ত কৰিছো মোৰ সকলো পৰিকল্পনা আৰু উদ্দেশ্য, যাৰদ্বাৰা মই মোৰ ধাৰ শুজিব পাৰো।’৯ কথাখিনি কোৱাৰ অলপ পিছতেই তেওঁ সদৰী কৰিছে, ‘বেল্মেণ্টত আছে এগৰাকী ৰমণী, প্ৰচুৰ ধনৰ উত্তৰাধিকাৰিণী।’১০ এয়াই জানো সেই পবিত্ৰ বিবাহ-বান্ধোনৰ নিভাঁজ প্ৰেমানুভূতি যাৰ স্বৰূপ শ্যেইক্সপিয়েৰে তেওঁৰ ‘ছনেট-১১৬’ত সুদৃঢ় কণ্ঠে ঘোষণা কৰি গৈছে? এয়ে জানো সেই হৃদয়জ প্ৰেম যি নহয় ‘সময়ৰ পুতুলা বাজি’ অথবা যি প্ৰেমে তাৰ গতি নসলায় সময়ৰ ‘ক্ষুদ্ৰ ঘণ্টা আৰু সপ্তাহ’ৰ আগত শিৰ নত কৰি, বৰং বৈ থাকে অবিৰাম ‘মৰণৰ তীৰৱধি’? কাহানিও নহয়। কাৰণ, হৃদয়ৰ নিভৃত কোণত ওপজা এই অটল প্ৰেমৰ সংজ্ঞা নিৰূপণ কৰি কবিয়ে নিজেই আমাক সপ্ৰতিভ আশ্বাস দি কৈছে যে ‘যদিহে সি হয় প্ৰমাদী’ আৰু তেওঁৰ ব্যক্তিগত জীৱনতো মিছা বুলি প্ৰমাণযোগ্য, তেন্তে জীৱনত ‘তেওঁ কাহানিও লিখা নাই’ নতুবা ‘কোনেও কাকো অন্তৰেৰে ভাল পোৱা নাই’।১১

মুঠৰ ওপৰত, ‘দ্য মাৰ্চেণ্ট অব ভেনিচ’ নাটকখন বণিক-শাসিত সমাজৰ ওপৰত শ্যেইক্সপিয়েৰৰ ‘এক তীব্ৰ, আপোচহীন’ আক্ৰমণ। তেওঁৰ অন্যান্য নাটক – যথা ‘দ্য টেম্পেষ্ট্’, ‘কমেডি অব এৰৰ্জ্’, ‘ৱিণ্টাৰজ্ টেইল’, ‘পেৰিক্লিজ’ প্ৰভৃতি – সমুদ্ৰ-যাত্ৰা সম্পৰ্কিত মতামতৰ সৈতে ই সঙ্গতিপূৰ্ণ।

(তিনি)

বুৰ্জোৱা সমাজৰ যিসকল ব্যক্তি আটাইতকৈ অগ্ৰসৰ, যিসকলে বুৰ্জোৱা সভ্যতাৰ চূড়ান্ত বিজয়ৰ পথ নিৰঙ্কুশ কৰাত ঐকান্তিকভাৱে আত্ম-নিয়োজিত, সেই বুৰ্জোৱা সমাজৰ কৰ্ণধাৰ নাৱিক-বণিকসকলৰ প্ৰতি শ্যেইক্সপিয়েৰে এনে বিৰূপ অভিমত পৰিপোষণ কৰাৰ পিছতো তেওঁক বিপ্লৱী বুৰ্জোৱাৰ পোছাক পিন্ধোৱাৰ চেষ্টা নকৰাটোৱে বাঞ্ছনীয়। একে সময়তে আকৌ বিপ্লৱী বুৰ্জোৱা নহয় বুলি তেওঁক প্ৰতিক্ৰিয়াশীল বুলি কোৱাও অযুগুত। কিয়নো, অৰ্থনৈতিক দ্বন্দ্বত প্ৰগতিশীল শ্ৰেণীৰ প্ৰবক্তা নহ’লেই ব্যক্তি এজন প্ৰতিক্ৰিয়াশীল শিবিৰৰ অন্তৰ্ভুক্ত বুলি একেষাৰে কৈ পেলাব নোৱাৰি। সৰ্বাত্মক বৈপ্লৱিক পৰিস্থিতিত হয়তো এই সিদ্ধান্ত গ্ৰহণযোগ্য হ’বও পাৰে; কিন্তু ষোল্ল-সোতৰ শতিকাৰ সন্ধিক্ষণতো প্ৰতিজন চিন্তাবিদে স্বচ্ছ ধাৰণাৰে অৰ্থনৈতিক দ্বন্দ্ব বুজি লৈ প্ৰগতিশীল অৱস্থান ল’বই লাগিব, অন্যথা তেওঁ প্ৰতিক্ৰিয়াশীল হৈ যাব – এনে যুক্তি ভিত্তিহীন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বুৰ্জোৱা সকলোকো যুগপৎ প্ৰগতিশীল বুলি কোৱাটো সমীচীন নহয়। ব্যক্তি-নিৰপেক্ষ, উদ্দেশ্য-নিৰপেক্ষ বিশ্লেষণত বুৰ্জোৱাৰ উত্থান হ’বও পাৰে ইতিহাসৰ এক মহান প্ৰগতিশীল অধ্যায়। ইতিহাসক আগুৱাই লৈ যোৱাৰ দৃষ্টিকোণৰপৰা পুঁজিবাদ অতি অৱশ্যে সামন্ততন্ত্ৰতকৈ শ্ৰেয়। কিন্তু তাৰ মানে মানৱ-জীৱনৰ শোষণ-নিপীড়ন কমি গ’ল, এনে নহয়, বৰং সি শতগুণে তীব্ৰতৰহে হ’ল। ইতিহাসৰ বিচাৰত বুৰ্জোৱাক যিমানেই অগ্ৰগতিশীল যেন নালাগক কিয়, অৱশেষত দেখা যায় যে জঘন্য উপায়েৰে হ’লেও ব্যক্তিগত মুনাফা অৰ্জনহে তাৰ প্ৰকৃত উদ্দেশ্য। শ্যেইক্সপিয়েৰৰ দিনৰ বুৰ্জোৱা নাৱিক-বণিকসকলে সামুদ্ৰিক অভিযান চলাই যোৱাৰ লগতে যে নিগ্ৰোসকলৰ সকলো মানৱীয় অধিকাৰ ভৰিৰে গৰকি তেওঁলোকক দাসলৈ পৰ্যৱসিত কৰিছিল আৰু আইৰিছ্সকলকো যে হত্যা-লুণ্ঠন কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, তাৰ উল্লেখ অলপীয়াকৈ হ’লেও জি এম্ ট্ৰিভিলিয়েনৰ ‘ইংলিছ ছৌশ্বেল হিষ্ট্ৰি’১২-ত পোৱা যায়। শ্যেইক্সপিয়েৰৰ চকুৰ আগত যি লুণ্ঠনযজ্ঞ অনুষ্ঠিত হৈছিল তাৰ বিষয়ে মাৰ্ক্সেও কৈ গৈছে, ‘প্ৰত্যক্ষ উৎপাদকসকলক লুণ্ঠন কৰা হৈছিল নিৰ্দয় বৰ্বৰতাৰে। সেই লুণ্ঠনৰ আঁৰত আছিল এনেবোৰ ৰিপুৰ উত্তেজনা যি আটাইতকৈ ঘৃণনীয়, নিকৃষ্ট, জঘন্য, গৰ্হিত।’১৩

(চাৰি)

শ্যেইক্সপিয়েৰ যদিহে তথাকথিত বিপ্লৱী অথবা প্ৰগতি-বিৰোধী প্ৰতিক্ৰিয়াশীল কোনোটো শিবিৰৰে অন্তৰ্গত নহয়, তেন্তে তেওঁ কাৰ মুখপাত্ৰ আছিল? অহেতুক উত্তেজনা সৃষ্টিকাৰী উচ্ছৃঙ্খল ৰাইজক তেওঁ হঠকাৰী, হুজুগী আৰু অবিবেকী হিচাপে চিত্ৰিত কৰিলেও (যেনে ‘জুলিয়াছ চিজাৰ’ আৰু ‘কৰিয়’লেইনাছ’ নাটকত) তেওঁ যে শোষিত, দুঃস্থ ৰাইজৰ দুৰ্দশাৰ প্ৰতি সহানুভূতিশীল আৰু গভীৰভাৱে সচেতন আছিল, সেই কথা ‘চতুৰ্থ হেনৰি’ নাটকত সুব্যক্ত। ‘কিং লিয়েৰ’ নাটকতো দাৰিদ্ৰ-পীড়িতসকলৰ প্ৰতি তেওঁৰ আন্তৰিক অনুকম্পা ব্যঞ্জিত হৈছে আৱেগমথিত কৰুণ ভাষাত। ‘শ্যেইক্সপিয়েৰৰ ভালপোৱা-হৃদ্যতা, ঠিক আমি আশা কৰাৰ দৰেই, বিশেষভাৱে বৰ্ষিত হৈছে সমাজৰ আটাইতকৈ নিম্ন স্তৰৰ অৱহেলিত মানুহৰ ওপৰত।’১৪ ‘শ্যেইক্সপিয়েৰ আছিল জনসাধাৰণৰ প্ৰবক্তা, নিৰ্যাতিতসকলৰ মুখপাত্ৰ। এই ভূমিকাৰপৰা তেওঁৰ পদস্খলন হোৱা নাই, এবাৰলৈও।’১৫ শোষিত ৰাইজৰ মুখপাত্ৰ হিচাপে বুৰ্জোৱা শ্ৰেণীটোক অতি ওচৰৰপৰা প্ৰত্যক্ষ কৰি শ্যেইক্সপিয়েৰৰ অন্তৰখনো যদি মাৰ্ক্সৰ দৰেই ক্ৰোধাগ্নিত প্ৰজ্বলিত১৬ হয়, তেন্তে শ্যেইক্সপিয়েৰকো আমি মাৰ্ক্সৰ দৰেই প্ৰগতিশীল বুলি ক’ব লাগিব।

(পাঁচ)

শ্যেইক্সপিয়েৰ সম্পৰ্কে এটি স্থূল সমালোচনা প্ৰায়ে শুনা যায় – সমাজৰ প্ৰভাৱশালী আৰু অতিমানৱীয় গুণসম্পন্ন ব্যক্তিৰ জীৱন আৰু জীৱনাচৰণক মূল উপজীব্য কৰি লৈ ৰচা শ্যেইক্সপিয়েৰৰ নাটকসমূহত সাধাৰণ ৰাইজৰ কিম্বা শ্ৰমিক-কৃষকৰ ভাবানুভূতিৰ যথাযথ বিম্বন ঘটাৰ অৱকাশ নাই হেতুকে এইটি দিশত মাত্ৰাধিক গুৰুত্ব দিয়াটো মথোন পৰ্বতত কাছ কণী বিচৰাসদৃশ নিষ্ফল প্ৰয়াসহে। নাটসমূহত শ্যেইক্সপিয়েৰে অসাধাৰণ ব্যক্তিত্বসম্পন্ন চৰিত্ৰক প্ৰাধান্য দিলেও আমি পাহৰিলে নচলিব যে এনে প্ৰভাৱশালী চৰিত্ৰৰ ক্ৰিয়া-কলাপৰ ওপৰতেই বৃহৎ জনসাধাৰণৰ ভাগ্যও নিৰ্ভৰ কৰিছে। এই চৰিত্ৰাৱলীৰ কৰ্ম-চিন্তাৰ মাজেদিয়ে তৎকালীন সামাজৰ সমস্যাসমূহ মূৰ্ত হৈ উঠিছে।

শ্যেইক্সপিয়েৰে কেৱল শিল্পৰ গজদন্ত মিনাৰত বহি বহি তেওঁৰ নাটবোৰ ৰচি যোৱা নাই। এলিজাবেথীয় যুগৰ দৰ্শক-ৰাইজক তেওঁ নিচেই ওচৰৰপৰা জানিছিল। সমাজৰ আটাইতকৈ উচ্চ স্তৰৰ প্ৰভাৱশালী ব্যক্তিত্বক কেন্দ্ৰবিন্দুত ৰাখি নাটবোৰ ৰচনা কৰিলেও শোষণ, নিপীড়ন, বঞ্চনা, বিশ্বাসঘাতকতাৰ দৰে পাপাচাৰৰ শেষ দশাটোও তেওঁ দৰ্শক ৰাইজৰ আশাব্যঞ্জকভাৱেই চিত্ৰিত কৰিব পাৰিছিল।

(ছয়)

‘নাটসমূহত শ্যেইক্সপিয়েৰে যিমানেই অলৌকিক উপাদানৰ অৱতাৰণা নকৰক, জীৱন-বাস্তৱক অঙ্কন কৰাত তেওঁ বিফল হোৱা নাই, কেতিয়াও ক’তো। শ্যেইক্সপিয়েৰৰ নাটক, সেয়ে, মূলতঃ মানৱনিষ্ঠ। কবিৰ এই মানৱনিষ্ঠাৰ বাবে তেওঁক জীৱনবাদী বোলাটো অসমীচীন নহ’ব। সৰু-বৰ, জটিল-সৰল সকলোধৰণৰ মানুহকে বিশিষ্ট আৰু বাস্তৱ কৰি তোলাই তেওঁৰ সৃষ্টি-কৰ্মৰ উদ্দেশ্য।’১৭

শ্যেইক্সপিয়েৰৰ নাট্যজগতত প্ৰৱেশ কৰি কোনোবাই হয়তো বিভোৰ হৈ থাকিবও পাৰে কবি-নাট্যকাৰৰ অপূৰ্ব কল্পচিত্ৰ, শিল্প-শৈলী অথবা সুৰীয়া ধ্বনিযুক্ত শব্দ-সমলয়ৰ ছন্দোচ্ছলতাত। কিন্তু শ্যেইক্সপিয়েৰীয় সাহিত্য অধ্যয়নে তাতোকৈ বহল মানসিক পৰিসৰ দাবী কৰে। এলিজাবেথীয় যুগৰ দৰ্শক পাঠকৰ ৰুচি-অভিৰুচি তথা সমাজ-বাস্তৱৰ প্ৰতি সৰ্বদা সচেতনভাৱেই শ্যেইক্সপিয়েৰে তেওঁৰ নাটকসমূহ ৰচনা কৰিছিল। অথচ তেওঁৰ সৃষ্ট চৰিত্ৰবোৰ সদায়ে প্ৰাণৱন্ত আৰু সকলো যুগৰ, সকলো দেশৰে জীৱন্ত মানুহ। সময়ৰ সত্যক স্বীকাৰ কৰি লোৱাৰ পিছতো তেওঁৰ সৃষ্টি-কৰ্ম সময়োত্তীৰ্ণ, কালজয়ী। নাটসমূহ পঢ়ি থাকোতে এনে লাগে যেন সেই বিশেষ পৰিস্থিতিত, প্ৰদত্ত পটভূমিত চৰিত্ৰ এটাই সেইদৰে আচৰণ নকৰি উপায় নাই। ‘মেকবেথ’, ‘হেমলেট’, ‘অ’থেল’’ৰ ঠাইত পাঠক কিম্বা দৰ্শকজন নিজে হোৱাহেঁতেন, তেৱোঁ কিজানি তেওঁলোকৰ দৰেই আচৰণ কৰিলেহেঁতেন। কৈ থোৱা ভাল যে ধ্ৰুপদী গ্ৰ্ৰীক নাটকৰ সাঁচত পেলাই কোনোবাই হয়তো ক’বও পাৰে যে শ্যেইক্সপিয়েৰৰ নাটকৰ মুখ্য চৰিত্ৰসমূহ এক অজান ভাগ্য অথবা দৈৱ-শক্তিৰ দাস মাত্ৰ। পিছে এনে ধাৰণাৰ ভিত্তি দুৰ্বল। নিজৰ জীৱনৰ কৰুণ পৰিণতিৰ বাবে শ্যেইক্সপিয়েৰৰ নায়কসকল নিজে দায়ী।১৮ অসাধ্য সাধন কৰিব পৰা শ্যেইক্সপিয়েৰীয় নায়কসকল এনে এক দুৰাৰোগ্য মাৰাত্মক দোষৰ বলি হৈ পৰে, যি দোষৰপৰা হয়তো এজন অতি সাধাৰণ মানুহো মুক্ত হ’ব পাৰে। ‘মেকবেথ’ নাটকত ডাইনীবোৰে মেকবেথক উচটনি দিবও পাৰে সঁচা, কিন্তু মেকবেথৰ জীৱনৰ মূল দুৰ্বলতা তেওঁৰ অতি উচ্চাশা আৰু তেওঁৰ আত্যন্তিক কল্পনাপ্ৰৱণ মন। হেমলেটৰ ক্ষেত্ৰত এই দোষ তেওঁৰ অলস চিন্তা আৰু কৰ্মবিমুখতা অথবা কিংকৰ্তব্যবিমূঢ়তা। অ’থেল’ৰ অতিৰিক্ত মৰম আৰু ঈৰ্ষা, এণ্টোনিয়’ৰ বিকৃত উগ্ৰ প্ৰেম, ৰজা লিয়েৰৰ মাত্ৰাতীত বিশ্বাস-প্ৰৱণতা তথা প্ৰয়োজনাতিৰিক্ত বাৎসল্য, কৰিয়’লেইনাছৰ আত্মম্ভৰিতা – ইত্যাদিয়েই এই সকলো ‘মহান’ নায়কৰ অপৰিহাৰ্য মানৱীয় দুৰ্বলতা আৰু ট্ৰেজেডিৰ মূল।

(সাত)

শ্যেইক্সপিয়েৰৰ সমসাময়িক নাট্যকাৰ সমালোচক বেন্ জনছনে শ্যেইক্সপিয়েৰক ‘কেৱল এটি যুগৰে নহয়, বৰং সৰ্বকালৰ’১৯ নাট্যকাৰ বুলি ভূয়সী প্ৰশংসা কৰাৰ পিছতো কিন্তু তেওঁৰ নাটসমূহত নৈতিক দৰ্শন আৰু আদৰ্শ বিচাৰৰ অভাৱ অনুভৱ কৰি ব্যথিত হৈছিল। প্ৰায় একে সুৰতে আৰু এখোজ আগ বাঢ়ি গৈ ড০ ছেমিউল জনছনেও কৈছিল, ‘উদ্দেশ্য সিদ্ধিৰ স্বাৰ্থত তেওঁ নৈতিক উৎকৰ্ষ পৰিত্যাগ কৰে আৰু নীতি-শিক্ষা প্ৰদান কৰাতকৈ আনন্দ দান কৰিবলৈ ইমানেই বেছি যত্নশীল যে কোনো নৈতিক উদ্দেশ্য নৰখাকৈয়ে তেওঁ তেওঁৰ লিখনি ব্যৱহাৰ কৰা যেনহে লাগে।’২০ আমি পিছে পাহৰিলে নচলিব যে প্ৰকৃত সাহিত্য নীতিশাস্ত্ৰ নহয়, নহয় সমাজবিজ্ঞানো। সেয়েহে, নৈতিক আদৰ্শৰ সুবাস থাকিলেও কেৱল নীতিকথাৰ নিৰস প্ৰচাৰ কিম্বা কেৱল সামাজিক সমস্যাৱলীৰ যথাযথ খুটি-নাটি বৰ্ণনা বা সিবোৰৰ সঠিক সমাধানেই কেতিয়াও প্ৰকৃত সাহিত্য-পদবাচ্য হ’ব নোৱাৰে। বাৰ্নাৰ্ড্ শ্ব’ প্ৰমুখ্যে কিছুসংখ্যক ইবছেনপন্থী নাট্যকাৰ-সমালোচকেও শ্যেইক্সপিয়েৰৰ নাটকত উদ্দেশ্যৰ গাম্ভীৰ্য অথবা ভব্যতা অনুপস্থিত বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু শ্যেইক্সপিয়েৰ আছিল এনে স্থূল বিবেচনাৰ ঊৰ্ধ্বত শিল্প সাধনাত ব্ৰতী এগৰাকী অসাধাৰণ, কৃতী নাট্যকাৰ। শৈল্পিক উৎকৰ্ষ সাধনেই আছিল তেওঁৰ সৃষ্টি-কৰ্মৰ মহৎ উদ্দেশ্য।

এই কথা অনস্বীকাৰ্য যে শ্যেইক্সপিয়েৰে তেওঁৰ নাটকসমূহত উত্থাপন কৰা মৌলিক মানৱীয়, প্ৰশ্নাৱলী কিম্বা সামাজিক সমস্যাসমূহৰ সমাধানৰ পথ নিৰ্দেশ কৰি থৈ যোৱা নাই। ষোড়শ শতিকাৰ প্ৰেক্ষাপটত সেয়া সম্ভৱো নাছিল। কোৱা বাহুল্য যে ইতিহাসৰ যি পৰ্যায়ত শ্যেইক্সপিয়েৰে তেওঁৰ কলম হাতত তুলি লৈছিল, সেই সময়ত সমাজৰ অৱহেলিত শ্ৰেণীটোৰ মুক্তিৰ কোনো নিৰ্দিষ্ট পথো মূৰ্ত হৈ উঠা নাছিল। তাৰ বাবে নিশ্চয় শ্যেইক্সপিয়েৰ দায়ী নহয়।

প্ৰসঙ্গ টোকা :
১৷ প্ৰবন্ধটোৰ মূল বক্তব্য উৎপল দত্তৰ শেকসপিয়ারের সমাজ চেতনা শীৰ্ষক গ্ৰন্থৰ আধাৰত উপস্থাপিত।
২৷ দত্ত, উৎপল, ১৯৮৮, শেকসপিয়ারের সমাজ চেতনা, কলকাতা,-৭৩: এম সি সৰকাৰ এণ্ড সন্স প্ৰাইভেট লিমিটেড গ্ৰন্থত উদ্ধৃত, পৃষ্ঠা-৭।
৩৷ দ্ৰষ্টব্য Goodman, W. R., 1988, A History of English Literature, Vol. I, Delhi : Doaba House, p. 301.
৪৷ উৎপল দত্ত ৰচিত পূৰ্বোক্ত গ্ৰন্থত উদ্ধৃত, পৃষ্ঠা ২।
৫৷ দ্ৰষ্টব্য Long, William J., 1997, English Literature: Its History and Its Significance (enlarged edition),
Cal-6 : Radha Publishing House.
৬৷ Daiches, David, 1998, A Critical History of English Literature, Vol-I, N. Delhi-64: Allied Publishers Ltd.ত উদ্ধৃত, পৃষ্ঠা-১৪৭।
৭৷ ডি ডিয়াচেছৰ পূৰ্বোক্ত গ্ৰন্থত উদ্ধৃত, পৃষ্ঠা ১৪৭।
৮৷ দ্ৰষ্টব্য Bradley, A. C., 1986, Shakespearean Tragedy (Lectures on Hamlet, Othello, King Lear, Macbeth), New York, 10010: Macmillan, St. Martins Press.
৯ আৰু ১০৷ The Merchant of Venice, Act-I, Scene-I.
১১৷ শেইক্সপীয়েৰৰ ছনেট নং ১১৬।
১২৷ Trevelyan, G. M., 1986, English Social History: A Survey of Six Centuries, Chaucer to Victoria, London: Penguin Books, p. 155.
১৩৷ উৎপল দত্ত ৰচিত পূৰ্বোক্ত গ্ৰন্থত উদ্ধৃত, পৃষ্ঠা ২২।
১৪৷ Spurgeon, Caroline, 1935, Shakespeare’s Imagery, UK: Cambridge University Press, pp. 142-43.
১৫৷ উৎপল দত্তৰ পূৰ্বোক্ত গ্ৰন্থ, পৃষ্ঠা ২৪।
১৬৷ ঐ, পৃষ্ঠা ২২।
১৭৷ ইসলাম, আজাহাৰ, ১৯৯৭, সাহিত্যে বাস্তবতা/সমাজতন্ত্ৰের দৃষ্টিভঙ্গি ও ইংরেজি সাহিত্যের প্ৰেক্ষাপট, ঢাকা, বাংলা একাডেমি, পৃষ্ঠা ৪৫।
১৮৷ দ্ৰষ্টব্য এ চি ব্ৰেডলিৰ পূৰ্বোক্ত গ্ৰন্থ, পৃষ্ঠা ৬-৭।
১৯৷ Legouis and Cazamian, 1997, History of English Literature, Macmillan India Ltd.ত উদ্ধৃত, পৃষ্ঠা ৪৩৭।
২০৷ Daiches, David, 1998, Critical Approaches to Literature, Cal-72: Orient Longman Ltd., p. 85ত Dr. Samuel Johnsonৰ ‘Preface to the Plays of Shakespeare’ৰপৰা উদ্ধৃত।

Share Button
Print Friendly, PDF & Email

No Comments : "শ্যেইক্সপিয়েৰীয় নাট্য সাহিত্য : আত্মনিষ্ঠা আৰু সমাজ-বাস্তৱৰ শৈল্পিক ৰূপায়ণ - (ড০ হাছিনুছ চুলতান)"

Leave a Comment

Your email address will not be published. Required fields are marked *