চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ)

যোৱা ৬ মাৰ্চত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত অবাঞ্ছিত ঘটনাই সমগ্ৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশৰ ওপৰত ব্যাপক প্রভাৱ পেলাই থৈ গৈছে। নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ)য়ে সিদিনাখন এই সৰু চহৰখনত বাংলাদেশৰপৰা অবৈধভাৱে প্রবেশ কৰা হিন্দু বাঙালী লোকসকলৰ নাগৰিকত্বৰ সমৰ্থনত এক বৃহৎ সমাবেশ আৰু সমদলৰ আয়োজন কৰিছিল। সিদিনাখনৰ ঘটনাৱলীৰ সম্পূর্ণ বিৱৰণ এতিয়াও সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই। কিন্তু একাংশ সমদলকাৰীয়ে স্থানীয় 'আছু'ৰ কাৰ্যালয়ত আক্রমণ কৰে, শ্বহীদ বেদী, ড° ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি লণ্ডভণ্ড কৰে আৰু অসমীয়া-বিদ্বেষী শ্লোগান দিয়ে। এই বাতৰি বিয়পি যোৱাৰ ফলত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। খবৰ পোৱা মতে সিদিনাখন ৰাতিয়েই হেজাৰ হেজাৰ মানুহ চিলাপথাৰৰ চাৰিওফালৰপৰা সমবেত হৈছিল চহৰখনৰ বাঙালী মানুহখিনিক আক্ৰমণ কৰাৰ বাবে। বৃহৎসংখ্যক পুলিচ আৰু নিৰাপত্তা বাহিনীৰ পহৰাৰ মাজতো দোকান আৰু বাসগৃহত অগ্নিসংযোগৰ ঘটনা সংগঠিত হয়। চাৰি-পাঁচদিন ধৰি চিলাপথাৰত দোকান আৰু বাসগৃহত অগ্নিসংযোগৰ ঘটনা ছেগা-চোৰোকাকৈ চলি থাকে। অৱশেষত সান্ধ্য আইন কঠোৰভাৱে প্রয়োগ কৰিহে এনেবোৰ ঘটনা বন্ধ কৰিব পৰা গৈছে। ধেমাজি চহৰতো বাঙালী দোকানীসকলে সন্ত্রস্ত হৈ আৰু ভয়-ভাবুকিৰ বাবে এসপ্তাহৰো অধিক কাল দোকান-পোহাৰ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। গোলাঘাট, ৰঙিয়া, সোণাৰি আদিতো কেতবোৰ ঘটনা সংঘটিত হয়। অৱশ্যে এনে উত্তেজনা আৰু হিংসাত্মক ঘটনাবোৰ এতিয়া শাম কাটিছে। অসমীয়া, বাঙালী উভয় সম্প্রদায়ৰ শুভবুদ্ধি আৰু সাৱধানতাৰ বাবে এই পর্বত বৃহদাকাৰ হিংসাত্মক ঘটনা আৰু সংঘাত-সংঘর্ষ এৰাই চলিব পৰা গ’ল।

প্রেক্ষাপট

নাগৰিকত্ব (সংশোধনী) বিল অসমৰ জটিল জন-গাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইয়াত নিজৰ প্ৰভাৱ আৰু সংগঠন বৃদ্ধি কৰাৰ বাবে নানান কৌশল অৱলম্বন কৰিছে। তাৰ ভিতৰত অন্যতম হ’ল বাঙালী হিন্দুসকলৰ মাজত নিজৰ ভোট বেংক সৃষ্টি কৰা। ১৯৯০ৰ দশকৰপৰা অসমত বিজেপিৰ জনসমর্থন বৃদ্ধি পাবলৈ আৰম্ভ কৰে। বৰাক উপত্যকাৰ বাঙালী হিন্দুসকলৰ মাজতে তেওঁলোকে প্রথম খোপনি পোতে। ব্ৰহ্মপুত্র উপত্যকাতো বাঙালী আৰু হিন্দীভাষীসকলৰ মাজত বিজেপিৰ জনসমৰ্থনৰ ভেটি এটা তুলনামূলকভাৱে আগ বাঢ়ে। অৱশ্যে ২০১৪ চনৰ লোকসভা নির্বাচন আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত অসমীয়া হিন্দুকে ধৰি সকলো হিন্দু সম্প্রদায় আৰু জনজাতিৰপৰাই তেওঁলোকে যথেষ্ট সমর্থন লাভ কৰিবলৈ সমর্থ হৈছে। যি কি নহওক, হিন্দু বাঙালীৰ মাজত পোৱা জনসমর্থনক যাতে স্থায়ী ভোট বেংকলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ বাবেই বিজেপিৰ নিয়ন্ত্ৰক আৰ এছ এছে পৰিকল্পনা আৰম্ভ কৰে। অসম আৰু পশ্চিমবংগৰ বিধানসভাৰ নির্বাচনত প্রভাৱ সৃষ্টি কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদী চৰকাৰে দুখন জাননী জাৰি কৰে। ইয়াত যিসকল লোকে অবৈধভাৱে ভাৰতত প্রৱেশ কৰিছে অথবা প্ৰবেশৰ অনুমতিৰ ম্যাদ পাৰ হোৱাৰ পাছতো বসবাস কৰিছে তেওঁলোকক ভাৰতত বসবাসৰ অনুমতি দিয়া হয়। জাননী অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত যিসকল অমুছলমান (কার্যক্ষেত্ৰত হিন্দু) আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানী নাগৰিকে ধর্মীয় নির্যাতন অথবা নির্যাতনৰ ভয়ত ভাৰতবৰ্ষত প্রৱেশ কৰিছে তেওঁলোকৰ বাবে এই সুবিধা ঘোষণা কৰা হয়। এই সিদ্ধান্তই অসমত যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। কাৰণ ৰাজ্যখনৰ সুকীয়া বাস্তৱতা। সকলোৱে জানে যে বাংলাদেশৰপৰা প্ৰব্ৰজনৰ বিষয়টোৱে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গভীৰ আৰু দীর্ঘস্থায়ী প্রভাৱ পেলাইছে। ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ ৰাজ্যখনত 'আছু' আৰু অসম গণ সংগ্রাম পৰিষদৰ নেতৃত্বত সংগঠিত বৃহৎ আন্দোলনৰ পটভূমিও আছিল এই সমস্যা। মন কৰিবলগীয়া যে বহিৰাগত-বিৰোধী আন্দোলন হিচাপে সূত্রপাত হোৱা আন্দোলনটোৰ দাবী আছিল ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ। চিপিআই(এম) আৰু অন্যান্য বাঁওপন্থী শক্তিবোৰে এই দাবী যুক্তিসংগত নহয় বুলি অভিহিত কৰি তাৰ বিৰোধিতা কৰিছিল আৰু ১৯৭১ চনৰ ২৫ মাৰ্চক সময়সীমা হিচাপে চিহ্নিত কৰাৰ দাবী জনাইছিল। কাৰণটো তেনেই পোনপটীয়া - ১৯৭১ চনৰ ২৬ মাৰ্চতহে বাংলাদেশ এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠিত হয়। গতিকে তাৰ পূৰ্বৰ দায়িত্ব তেওঁলোকে বহন কৰিব বুলি ভবাটো অর্থহীন। ইন্দিৰা-মুজিব চুক্তিৰ মাজেৰেও এনে এক সময়সীমা যৌক্তিক বুলি প্রতিষ্ঠিত হয়। এনে এক নীতিগত অৱস্থান লোৱাৰ বাবেই বাঁওপন্থীসকল ব্যাপক ৰোষৰ বলি হ’ল। কেৱল চি পি আই(এম)-য়েই ৫০জন কর্মীক হেৰুৱাবলগীয়া হ’ল। এই দলটো ‘বাঙালী” আৰু "মিঞাৰ দালাল” বুলি ব্যাপক অপপ্ৰচাৰৰ বলি হ’ল। অৱশ্যে প্রচণ্ড প্রতিকূলতা আৰু আক্রমণেও চি পি আই (এম) আৰু অন্যান্য বাঁওপন্থীসকলক নিজৰ অৱস্থানৰপৰা টলাব নোৱাৰিলে। অৱশেষত ১৯৮৫ চনত স্বাক্ষৰিত ‘অসম চুক্তি'ত বিদেশী বহিষ্কৰণৰ সময়সীমা হিচাপে ১৯৭১ চনৰ ২৫ মার্চকে নির্ধাৰণ কৰা হ’ল। পিছে অসম চুক্তি স্বাক্ষৰিত হ’ল যদিও বিদেশী নাগৰিকৰ সমস্যাটো জীয়াই থাকিল। বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ সুযোগ সম্পূর্ণ বন্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাৰ অভাৱ, বিদেশী চিনাক্তকৰণ প্রক্রিয়াত ত্ৰুটি আৰু অহেতুক বিলম্বই অসমীয়া মানুহৰ মাজত উদ্বিগ্নতা, আশংকা আৰু ক্ষোভ জীয়াই ৰাখিলে। ইয়াৰ লগত যুক্ত হ’ল সমস্যাটো সম্পর্কে নিৰন্তৰ অতিৰঞ্জিত আৰু অবাস্তৱ প্ৰচাৰ। আনহাতে, বাঙালী আৰু মুছলমান, বিশেষকৈ পূর্ববংগীয় লোকসকলৰ মাজতো চলি থাকিল বিদেশী হিচাপে চিনাক্তকৰণৰ আশংকা আৰু দুঃশ্চিন্তা। বিশেষকৈ ১৯৯৭-৯৮ চনৰপৰা নির্বাচন আয়োগে প্রবর্তন কৰা ‘ডি’ ভোটাৰ ব্যৱস্থাই সমস্যাটো আৰু অধিক জটিল কৰি তুলিলে। কেৱল সন্দেহৰ ভিত্তিত ভোটাধিকাৰৰপৰা বঞ্চিত কৰাৰ অদ্ভূত ব্যবস্থা এতিয়াও অব্যাহত আছে। স্বাভাৱিকতে এই সন্দেহৰ কবলত পৰিছে মূলতঃ বাংলাভাষী হিন্দু আৰু পূর্ববংগীয় মূলৰ মুছলমানসকল। অসমত বিজেপি-আৰ এছ এছৰ কৰ্মতৎপৰতা বৃদ্ধি পোৱাৰ লগে লগে বিদেশী নাগৰিক সমস্যাটোৰে সাম্প্রদায়িকীকৰণ ঘটিছে। পূর্ববংগীয় মূলৰ সকলো মুছলমানকে ‘বাংলাদেশী’ আখ্যাৰে চিহ্নিত কৰাৰ প্রচেষ্টা চলিছে। অথচ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্রবেশ কৰি থিতাপি লোৱাসকলক ভাৰতীয় হিচাপে গণ্য কৰাৰ ব্যৱস্থা আইনত সন্নিবিষ্ট হৈছে। কিন্তু এইবোৰলৈ কেৰেপ নকৰি পূৰ্ববংগীয় মুছলমানসকলক “সন্দেহযুক্ত বাংলাদেশী” বুলি ছাপ মাৰি দিয়া আৰু অযথা হাৰাশাক্তি কৰাৰ প্রক্রিয়া এটা অবিৰত চলি আছে। আৰ এছ এছ-বিজেপিয়ে সকলো হিন্দুৱেই ভাৰতীয় আৰু পূর্ববংগীয় মুছলমানসকল বিদেশী – এই তত্ত্ব এটা প্রতিষ্ঠিত কৰাৰ বাবে ধাৰাবাহিকভাৱে সাম্প্রদায়িক প্রচাৰ এটা চলাই আছে। এই তত্ত্বৰ ভেটিতে বাংলাদেশৰপৰা অবৈধভাৱে প্রব্রজন কৰি অসমত প্রৱেশ কৰা হিন্দু আৰু মুছমলানক বেলেগ বেলেগ দৃষ্টিভংগীৰে চাবলৈ বিজেপি চৰকাৰ আৰু দলীয় নেতৃত্ব তৎপৰ হৈ পৰিছে। এই উদ্দেশ্যে ২০১৫ চনৰ ৭ ছেপ্টেম্বৰত কেন্দ্রীয় চৰকাৰে দুখন জাননী জাৰি কৰে। এই জাননীৰদ্বাৰা কোৱা হ’ল, ২০১৪ চনৰ ৩১ ডিচেম্বৰ পর্যন্ত যিসকল অমুছলমান লোক বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰপৰা তাত হোৱা ধর্মীয় নির্যাতন বা নির্যাতনৰ ভয়ত ভাৰতবৰ্ষত প্রৱেশ কৰিছে, তেওঁলোকক ভাৰতত কোনো বৈধ নথি নোহোৱাকৈ থাকিবলৈ দিয়া নহ’ব। এই নিৰ্দেশৰদ্বাৰা অসমৰ ক্ষেত্ৰত কার্যক্ষেত্ৰত বাংলাদেশৰপৰা অহা হিন্দু নাগৰিকসকলক অসমত আশ্রয় দিয়াৰ কথাটোহে ইয়াতে কোৱা হৈছে। এনে এক সিদ্ধান্তৰ ক্ষেত্ৰত অসমত ব্যাপক প্রতিক্রিয়া দেখিবলৈ পোৱা গ’ল। কাৰণটো হ’ল ইতিমধ্যে ১৯৭১ চনৰ ২৪ মার্চ পর্যন্ত পূব পাকিস্তানৰপৰা অসমত প্রৱেশ কৰা সকলো নাগৰিককে ৰাজ্যখনত আশ্রয় দিয়া হৈছে আৰু তেওঁলোকৰ বাবে নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। অসম চুক্তি অনুসৰি এই সিদ্ধান্ত গ্ৰহণৰ পাছত ১৯৮৫ চনৰ ডিচেম্বৰত নাগৰিকত্ব আইন, ১৯৫৫ সংশোধনী কৰি ইয়াক আইনতঃ সিদ্ধ কৰা হৈছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কেৱল অসমৰ বাবেহে এই বিশেষ ব্যৱস্থা (নাগৰিকত্ব আইন, ১৯৫৫-ৰ ৬(ক) ধাৰা) প্রযোজ্য। স্বাভাৱিকতে দেশৰ বাবে এনে এক গুৰু দায়িত্ব পালন কৰাৰ পাছত পুনৰাই এই জাননী কার্যকৰী কৰাৰ বাবে অসমৰ জনসাধাৰণ প্রস্তুত নহয়। অসমৰ ৰাইজৰ এই প্রতিক্রিয়ালৈ লক্ষ্য ৰাখি বিজেপি দলে এই বিষয়টোক লৈ তৰ্ক-বিতর্ক কৰাৰপৰা বিৰত থাকিল। ২০১৬ চনত অনুষ্ঠিত বিধানসভা নির্বাচনত এই বিষয়টো নির্বাচনী ইছ্যু হিচাপে বিবেচিত নহ’ল। কংগ্ৰেছৰ বিৰুদ্ধে প্রতিষ্ঠানবিৰোধী ঢৌ আছিল তীব্ৰ আৰু কংগ্ৰেছক পৰাস্ত কৰাৰ বাবে বি জে পি আৰু সহযোগী দলবোৰকে অসমৰ মানুহে বাছি ল’লে। উল্লেখযোগ্য যে বিজেপি দলে “জাতি-মাটি-ভেটি” ৰক্ষা কৰাৰ শ্লোগানেই ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল আৰু অসমীয়া মানুহক এই শ্লোগানে যথেষ্ট আকৰ্ষিত কৰিছিল। বিধানসভা নির্বাচনৰ পাছত বিজেপিয়ে পুনৰাই অমুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব দিয়াৰ প্ৰশ্নটো সন্মুখলৈ আনিছে। কাৰণ অইন কোনো বিষয়তে বিজেপিয়ে জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিব পৰা নাই। বৰং বহুতো ক্ষেত্ৰত নিজৰ প্রতিশ্রুতি আৰু পূৰ্বৰ অঘোষিত অবস্থানৰ ঠিক বিপৰীতে কাম কৰিছে। সেয়ে জনসাধাৰণক ধৰ্মৰ ভিত্তিত বিভাজিত আৰু সমৱেত কৰাৰ পথটোকে বাৰে বাৰে ব্যৱহাৰ কৰিছে। এই লক্ষ্যৰে এইবাৰ নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ প্রস্তুত কৰিছে। শীতকালীন অধিবেশনত উত্থাপন কৰা এই বিল বিৰোধী ৰাজনৈতিক দলবোৰৰ হেঁচাৰ বাবে ছিলেক্ট কমিটিলৈ প্ৰেৰণ কৰা হৈছে। এই সংশোধনীৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰপৰা ভাৰতলৈ অহা সকলো অমুছলমান নাগৰিকৰ বাবে ভাৰতবৰ্ষৰ নাগৰিকত্ব প্রদান কৰাৰ পথ প্রশস্ত কৰা হৈছে। ২০১৫ চনৰ ছেপ্টেম্বৰত জাৰি কৰা নির্দেশত যি সময়সীমা (২০১৪ চনৰ ৩১ ডিচেম্বৰ) আছিল, সেয়া এই সংশোধনীত অন্তৰ্ধান হৈছে। তদুপৰি ধৰ্মীয় কাৰণত নির্যাতিতৰ চৰ্তও এইবাৰ নাই। অর্থাৎ পোনপটীয়াকৈ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ প্রস্তাৱ কৰা হৈছে। সংবিধানৰ যি ধর্মনিৰপেক্ষ চৰিত্ৰ, তাৰ মৰ্মস্থলতে আঘাত কৰিছে এই সংশোধনীয়ে। কোনো ধর্মনিৰপেক্ষ দল-সংগঠন অথবা ব্যক্তিকে ইয়াক সমর্থন কৰিব নোৱাৰে। অসমত বিজেপিত বাদে অইন কোনো ৰাজনৈতিক দলে ইয়াক সমর্থন কৰা নাই, বিৰোধিতা কৰিছে। কিন্তু আৰ এছ এছ-বিজেপিয়ে ৰাজ্যখনৰ জনমতক আওকাণ কৰি নিজৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰাৰ বাবে এই বিলখনক লৈ আগুৱাবৰ বাবে বদ্ধপৰিকৰ। তেওঁলোকৰ লক্ষ্য হ’ল ভোটবেংক সৃষ্টি। অসমৰ পৰিস্থিতিত বাঙালী হিন্দু লোকসকলকে ইয়াৰ বাবে লক্ষ্য কৰি লৈছে। এইসকল লোক “ডি” ভোটাৰ সমস্যাৰদ্বাৰা যথেষ্ট হায়ৰান হৈছে। বহু লোকক বিদেশী নাগৰিক হিচাপে চিহ্নিত কৰি গোচৰ তৰা হৈছে। তদুপৰি দেশ-বিভাজনৰ সময়ত বা তাৰ পাছত পাকিস্তানত যি ধর্মীয় ভিত্তিত আতিশয্য হৈছে তাৰদ্বাৰা যিহেতু বাঙালী হিন্দু বহু লোক ক্ষতিগ্রস্ত হৈছিল, স্বাভাৱিকতে তাৰ মনস্তাত্ত্বিক প্রভাৱ এই সম্প্রদায়ৰ বহু লোকৰ মাজত আছে। এনেবোৰ কাৰকৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নাগৰিত্ব (সংশোধনী) বিলৰ দৰে সাম্প্রদায়িকভাৱে পক্ষপাতদুষ্ট আইনগত পদক্ষেপক অস্ত্ৰ হিচাপেলৈ অসমত এই সম্প্রদায়টোৰ মাজত স্থায়ী সমর্থন-ভিত্তি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে। কিন্তু অসমৰ দৰে জটিল জনগাঁথনিৰ ৰাজ্যত নাগৰিকত্ব (সংশোধনী) বিলে নতুন সমস্যা মাতি আনিছে। অসমীয়া আৰু জনজাতীয় জনসাধাৰণৰ বৃহত্তৰ অংশই এই বিলখনৰ প্রতিবাদ কৰিছে৷ আনকি এক বুজনসংখ্যক বাঙালী হিন্দু মানুহেও এই বিলখন সমর্থন কৰিব পৰা নাই। কাৰণ অসমৰ স্থায়ী বাসিন্দা এইসকল লোকে নিজৰ অভিজ্ঞতাৰপৰা দেখিছে যে দীর্ঘদিনীয়া বিবাদ আৰু অশাস্তিৰ পাছত ১৯৭১ চনৰ ২৫ মাৰ্চক বিদেশী চিনাক্তকৰণৰ সময়সীমা হিচাপে লৈ অসমত এক বহল ঐকমত্য সৃষ্টি হৈছে। এতিয়া নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ৰ মাজেৰে আৰ এছ এছ-বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ ফলত অসমীয়া-বাঙালীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা সদ্ভাব যথেষ্ট ক্ষতিগ্রস্ত হ’ব পাৰে। পৰিণতিত অসমত সংখ্যালঘু বাঙালী মানুহৰ গণতান্ত্রিক অধিকাৰ বিপদাপন্ন কৰি বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লাখ লাখ বাঙালী মানুহক অহেতুক অশান্তি আৰু অনিশ্চয়তাৰ মুখত পেলোৱাৰ দুৰ্ভাবনা নোহোৱা নহয়। এনে এক প্রেক্ষাপটত বিজেপিয়ে নিজৰ ৰাজনৈতিক শুদ্ধতা প্রতিপন্ন কৰিবলৈ
নাগৰিকত্ব সংশোধনী বিলৰ সপক্ষে জনসমর্থন প্রদর্শন কৰিবলৈ তৎপৰ হৈ উঠিছে। ইয়াৰ বাবেই নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ দৰে সংগঠন আৰু সুবোধ বিশ্বাসৰ দৰে নেতা(!)ক নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। চিলাপথাৰ কাণ্ড হ’ল আৰ এছ এছ-বিজেপিৰ এনে বিষময় ৰাজনীতিৰ ভয়ংকৰ প্রতিফলন। সংঘ পৰিয়ালৰ ইতিহাসত চকু ফুৰালে এই কথা বুজিবলৈ অকণো অসুবিধা নহয় যে নিজৰ ঠেক ৰাজনৈতিক স্বার্থ পূৰণ কৰিবলৈ ই যিকোনো সম্প্রদায়ক জুইৰ মুখলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰে।

অসমীয়া-বাঙালীৰ বিৰোধ

অসমীয়া-বাঙালীৰ মাজত ক্ৰমাৎ সবল হ’ব ধৰা পাৰস্পৰিক সদ্ভাব আৰু বুজাবুজিক নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬-এ এক প্রত্যাহ্বানৰ মুখত পেলোৱা পৰিলক্ষিত হৈছে। এই কথা ভু-ৰখা সকলোৱে জানে যে ৰাজ্যখনত অসমীয়া আৰু বাঙালীৰ মাজত বিৰোধ আৰু ভুল বুজাবুজিৰ এক দীঘলীয়া ইতিহাস আছে। ব্রিটিছ চৰকাৰে ১৮৩৬-১৮৭১ চনত অসমত অসমীয়াৰ ঠাইত বাংলাক চৰকাৰী ভাষা কৰাৰ মাজেৰে এই বিৰোধৰ সূত্রপাত হয়। পৰৱৰ্তী সময়ত চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যমক কেন্দ্ৰ কৰি কেইবাবাৰো এনে বিৰোধে হিংসাত্মক ৰূপ ধাৰণ কৰে। অসম আন্দোলনৰ সময়ত বাঙালী আৰু মুছলমান জনসাধাৰণৰ ওপৰত আক্রমণ সংগঠিত হোৱাৰ ইতিহাস, ভু-ৰখা সকলোৰে জ্ঞাত। কিন্তু অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ধীৰে ধীৰে এই বিৰোধ প্রশমিত হ’বলৈ ধৰে। অসমীয়া আৰু বাঙালীৰ মাজত পাৰস্পৰিক আস্থা আৰু আদান-প্রদান সবল হ’বলৈ ধৰে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ জনগণৰ মাজত থকা ব্যৱধানো বহু পৰিমাণে হ্রাস পাইছে। কিন্তু নাগৰিকত্ব (সংশোধনী) বিল, ২০১৬ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অসন্তোষ আৰু ক্ষোভৰ আলম লৈ পুনৰ উগ্র জাতীয়তাবাদী কথা-বতৰা কিছুমানে ভুমুকি মৰা দেখা গৈছে। বিশেষকৈ চিলাপথাৰ কাণ্ডৰ পাছত ইয়াৰ বাবে সমগ্র বাঙালী জাতিক দোষী সজোৱা আৰু তেওঁলোকৰ বিৰুদ্ধে উত্তেজনা বিয়পাবলৈ কেতবোৰ লোকে চেষ্টা কৰিছে।

সংমিশ্রণ আৰু বাঙালী জাতি

এচামে ধাৰাবাহিকভাৱে যুক্তি আগ বঢ়াইছে যে অসমলৈ অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অসমীয়া জাতিত লীণ হৈ গৈছে। কিন্তু বাঙালী বিশেষকৈ হিন্দু বাঙালীসকলে অসমীয়া ভাষা-সংস্কৃতি ক’তো গ্রহণ কৰা নাই, বৰং তেওঁলোকে এক সম্প্রসাৰণবাদী দৃষ্টিভংগীহে অনুসৰণ কৰি আহিছে। কিন্তু তেওঁলোকে ড° অমলেন্দু গুহ, হেমাংগ বিশ্বাস, কুলদাকুমাৰ ভট্টাচার্যৰ দৰে প্ৰাতঃস্মৰণীয় লোকসকলৰ অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনলৈ অমূল্য বৰঙণিক কিদৰে অস্বীকাৰ কৰিব? পৰৱৰ্তী প্রজন্মৰ পুলক বেনাৰ্জী, ডলি ঘোষ, বিভুৰঞ্জন চৌধুৰী, নন্দ বেনাৰ্জী, মৃদুল গুপ্ত, কিৰণ শংকৰ ৰায়, আনকি নৱতম প্রজন্মৰ অনিন্দিতা পাল আদিৰ অসমীয়া সংগীত-সংস্কৃতি জগতৰ ক্ষেত্ৰত ভূমিকা কোনজন অসমীয়াতকৈ কম? আন এক কথা সততে প্ৰচাৰ কৰা হয় যে বাঙালীসকলে অসমৰ ক’তো অসমীয়া মাধ্যমৰ স্কুলত পঢ়া-শুনা নকৰে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অজস্র গাঁৱৰ উদাহৰণ দিব পাৰি য'ত হেজাৰ হেজাৰ বাংলাভাষী ল’ৰা-ছোৱালীয়ে অসমীয়া মাধ্যমৰ স্কুলত পঢ়া-শুনা কৰিছে। উদাহৰণস্বৰূপে ৰঙিয়া সমষ্টিৰ অন্তর্গত গোৰেশ্বৰ-মহৰিপাৰা অঞ্চলৰ বৃহৎসংখ্যক বাঙালী জনসংখ্যাৰ মাজত এখনো বাংলা মাধ্যমৰ হাইস্কুল নাই। তেনেদৰে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া মৌজাৰ পূব মালৈবাৰী, দুৰুং, কৈকাৰী আদিৰ দৰে ঘনবসতিপূর্ণ অঞ্চলবোৰত বৃহৎসংখ্যক বাঙালী মানুহ বসবাস কৰি আছে য’ত এখনো বাংলা স্কুল নাই। চহৰ অঞ্চলৰ চিত্ৰখন কিছু বেলেগ হ’লেও নিজৰ বিচাৰ-বিবেচনাৰে, স্বেচ্ছাই বাঙালী সম্প্রদায়ৰ লোকে অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰি পঢ়া-শুনা কৰাৰ উদাহৰণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন জিলাৰে গ্ৰামাঞ্চলত দেখিবলৈ পোৱা যায়। অসমৰ যিসকল লোকে বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্রীতি আৰু সংহতি বৃদ্ধি কৰিব বিচাৰে তেওঁলোকে স্বেচ্ছামূলক আৰু গণতান্ত্রিক সংমিশ্রণৰ প্রক্রিয়াক অৱশ্যে উৎসাহিত কৰে। কিন্তু জোৰপূর্বক নিজৰ ভাষা জাপি দিয়াৰ বাবে প্রচেষ্টাৰ পৰিণাম যে ভাতৃঘাতী সদৃশ, অসমীয়া জাতিৰ কাণ্ডাৰীসকলে বাৰে বাবে তাৰ প্রমাণ পাইছে। ২০০১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ শতাংশ লক্ষণীয়ভাৱে কমি যোৱাৰ এক গুৰুত্বপূর্ণ কাৰণ হ’ল পূর্বতে নিজকে অসমীয়া বুলি ঘোষণা কৰা বহুতো লোকে এই লোকগণনাত নিজকে অইন ভাষিক গোষ্ঠীৰ বুলি পৰিচয় দিছে। গতিকে অসমত বসবাসকাৰী অইন জনগোষ্ঠীবোৰৰ দৰে বাঙালী ভাষা-সংস্কৃতিও চর্চা কৰাৰ অধিকাৰক অস্বীকাৰ কৰাটো কোনো গণতান্ত্ৰিক আৰু দূৰদৰ্শী লোকৰ পৰিচায়ক হ’ব নোৱাৰে। গতিকে উগ্র জাতীয়তাবাদ অসমীয়া জাতিৰ বিকাশৰ পথ নহয়, ধ্বংস আৰু অৱক্ষয়ৰহে পথ । সেয়ে অসমীয়া জাতিৰ ভবিষ্যতক লৈ যিসকল সঁচাকৈ উদ্বিগ্ন উগ্ৰ জাতীয়তাবাদৰ পথ পৰিহাৰ কৰি গনতান্ত্ৰিক চিন্তা-চেতনা আৰু জনগোষ্ঠীৰ মাজত সদ্ভাব-সম্প্রীতিৰেহে নিজৰ ন্যায়সংগত সমস্যা সমাধানৰ পথ বিচাৰিব লাগিব। একে সময়তে বাঙালী সম্প্রদায়েও সন্মুখীন হোৱা এমুঠি জটিল সমস্যাৰ নিৰসনৰ বাবেও গণতান্ত্রিক চিন্তা-চেতনা আৰু ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ অসমীয়াভাষীসকলৰ সৈতে সদ্ভাব-সম্প্রীতি বৃদ্ধি কৰাৰ পৰীক্ষিত পথৰহে আশ্রয় লোৱা উচিত। কোনোধৰণৰ সংকীর্ণতাই তেওঁলোক স্বার্থ সুৰক্ষিত কৰাৰ সলনি নতুন বিপদহে মাতি আনিব। গতিকে ন্যস্ত স্বার্থৰ বাবে প্রত্যাক্রমণমূলক মানসিকতাক উচটনি দিয়াসকলৰপৰা বাঙালীসকলো সতর্ক থকা উচিত। মনত ৰখা প্রয়োজন যে উগ্র জাতীয়তাবাদ কোনো জাতিৰে আছুতীয়া সম্পদ নহয়, সকলো জাতিৰ মাজতেই ক্রিয়া কৰিব পাৰে। যিসকলে শত-সহস্র সমস্যাৰে জৰ্জৰিত অসমৰ ঠাইত এক সমৃদ্ধিশালী, বিকাশমুখী অসমৰ স্বপ্ন দেখে, তেওঁলোকে অসমৰ জনসাধাৰণৰ সকলো সম্প্রদায়ৰ মাজত ঐক্য ৰক্ষাৰ প্ৰশ্নটোক সর্বাধিক গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব। তাৰ বাবে ধর্মীয় ক্ষেত্ৰত ৬১.৪৭ শতাংশ হিন্দু আৰু ৩৪.২২ শতাংশ মুছলমানৰ মাজৰ ঐক্য ৰক্ষা কৰাটো খুবেই গুৰুত্বপূর্ণ। আনহাতে, ভাষিক ক্ষেত্ৰত ৰাজ্যখনত অসমীয়াভাষী প্রায় ৪৯ শতাংশ আৰু বাংলাভাষী ২৭ শতাংশ। এই দুই বৃহত্তম ভাষিক গোষ্ঠীৰ ঐক্য অবিহনে এখন শাস্তি-সম্প্ৰীতিৰ অসম কল্পনা কৰিব নোৱাৰি। কিন্তু উদ্বেগৰ কথা, বিজেপি-আৰ এছ এছৰ ভেদবাদী নীতিৰ ফলত অসমত ধর্মীয় ক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ মাজত আৰু ভাষিক ক্ষেত্ৰত অসমীয়া আৰু বাঙালীৰ মাজত বিৰোধ আৰু বিভাজন তীব্রতৰ হোৱাৰ আশংকা সৃষ্টি হৈছে। সেয়ে সকলো ধর্মীয় আৰু ভাষিক গোষ্ঠীয়ে বিজেপিৰ চক্রান্ত সম্পর্কে সচেতন হৈ ঐক্যবদ্ধ হোৱাৰ বাবে আগ বাঢ়ি অহা উচিত।

Share Button
Print Friendly, PDF & Email

No Comments : "চিলাপথাৰ কাণ্ড, নাগৰিকত্ব সংশোধনী আৰু আনুষংগিক প্ৰসংগ - (সুপ্রকাশ তালুকদাৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *