চলচ্চিত্ৰ : ‘আলিফা’ আৰু আনুষঙ্গিক - (আশ্ৰাফুল হুছেইন)

আলিফা এজনী কিশোৰীৰ নাম, যাৰ চকুত অযুত আশা, বুকুত অলেখ বেদনা, মন তাইৰ আকাশ চুবৰ – কিন্তু দৰিদ্ৰতাই ৰাখিছে বান্ধি। আলিফাৰ পিতৃৰ জন্ম বৰপেটাৰ ভেলেঙী নৈৰ পাৰত, তাতেই ডাঙৰ-দীঘল হোৱা আলিফাৰ পিতৃক গৰাখহনীয়াই সৰ্বহাৰা কৰাৰ পাছত এমুঠি খাদ্যৰ সন্ধানত স্থানান্তৰ হয় গুৱাহাটী মহানগৰীলৈ। অশিক্ষিত, শ্ৰমিক শ্ৰেণীৰ আলিফাৰ পিতৃ-মাতৃয়ে আলিফাৰ এজন ভাইটিৰ সৈতে থাকিবলৈ লয় নৰকাসুৰ পাহাৰত। নাই বাট-পথ, নাই খোৱাপানী, নাই বিদ্যালয়। তাৰপৰাই নামনিৰ মহানগৰীলৈ আলিফাৰ পিতৃ-মাতৃয়ে নিতৌ কামলৈ যায়, এনেকৈ কোনোমতে সংসাৰ চলায়। এনেতে এদিন ৰাজমিস্ত্ৰীৰ দিন হাজিৰা কৰা পিতৃ-মাতৃৰ মাজৰপৰা আলিফাৰ পিতৃ কৰ্মহীন হৈ পৰে। কৰ্মচাৰী ছাটাইৰ নামত কামৰপৰা অব্যাহতি দিয়ে আলিফাৰ পিতৃক। ইয়াৰপৰাই আৰম্ভ হয় পৰিয়ালটোৰ দুৰ্যোগ, অশান্তিৰ কৰুণ কাহিনী। আলিফাৰ মাতৃৰ অজানিতে ভিন পুৰুষৰ সৈতে পৰকীয়া সম্পৰ্কই বাকী কাহিনীক আগুৱাই লৈ যায়। এই সম্পৰ্কক কেন্দ্ৰ কৰি আলিফাহঁতৰ ঘৰত অশান্তি, ইপিনে আলিফাৰ পিতৃৰ হাতত কোনো স্থায়ী কাম নাই। আলিফাৰ মাকে কামলৈ ওলাই যোৱাৰ বাবে পোৱালিহালক আলিফাৰ পিতৃয়েই চোৱা-চিতা কৰিব লাগে, এইবোৰৰ পাকত পৰি কামলৈ গৈ পাওঁতে অলপ দেৰি হোৱাত মহৰী-ঠিকাদাৰৰ অশ্লীল গালি-গালাজ আদি নীৰৱে সহ্য কৰি যাবলগীয়া হয়। ইপিনে পাহাৰত বসবাস কৰা পৰিয়ালটোক অবৈধভাৱে বসবাসৰ ভয়-ভীতি দেখুৱাই ফৰেষ্ট গাৰ্ডে আদায় লয় মাহেকীয়া ধন, সেয়াও সময়ত দিব নোৱৰাত অত্যাচাৰ, গালি-গালাজ। পাহাৰত বাঘৰ আতংক, ইপিনে-সিপিনে বাঘে মানুহ খাই থকাৰ বাতৰি ওলায়, ৰাতি হ’লে পাহাৰৰ বাসিন্দাই পহৰা দিয়ে গাঁওখনক। আলিফাৰ পিতৃ এটি বিশেষ জনগোষ্ঠীৰ লোক, যি জনগোষ্ঠীক দীৰ্ঘদিনৰেপৰা বাংলাদেশীৰ নামত বিভিন্ন ভয়-ভাবুকিত ৰখা হোৱাৰ ওপৰিও হাৰাশাস্তি কৰি থকা হৈছে। আলিফাৰ পিতৃৰ কথিত অসমীয়া ভাষাত সেই জনগোষ্ঠীয় দোৱানৰ চিহ্ন আৰু শাৰীৰিক গঠনৰ ফালৰপৰা বহুতেই বাংলাদেশী বুলিও সন্দেহ কৰে, প্ৰশ্নও কৰে। . . . . . .

এয়া এখন চলচ্চিত্ৰৰ কাহিনী, সদ্যঘোষিত ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰৰ নৱাগত পৰিচালকৰ বঁটাপ্ৰাপ্ত অসমৰ চৰাঞ্চলৰ এটি পৰিয়ালৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবি 'আলিফা'ৰ কাহিনী। আমি আজি আলোচনা কৰিম এই ছবিখনৰ বিষয়ে। আচলতে, আমি কোনো চলচ্চিত্ৰ সমালোচক নহয়, দুই-এখন সৰু-সুৰা তথ্যচিত্ৰ আমি নিৰ্মাণ কৰি উলিয়ালেও ফিচাৰ ফিল্ম আমাৰ বাবে খুবেই জটিল চিন্তা। সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক আদি পৰিচালকৰ ছবি খুবেই প্রিয় আমাৰ। তেওঁলোকৰ চিনেমাত মানুহৰ কাহিনী বিচাৰি পাওঁ। এইবাৰ ‘আলিফা’তো আমি মানুহৰ সঁচা কাহিনী বিচাৰি পাইছোঁ বাবেই ছবিখনৰ বিষয়ে আলোচনা কৰিবলৈ আগ বাঢ়িছোঁ। আমাৰ সমস্ত অভিমত মাথোঁ এজন সাধাৰণ দৰ্শক হিচাপেহে।

চিনেমাখনৰ কলাকুশলী আৰু ব্যৱস্থাপকসকলৰ লগত প্ৰথমে পৰিচয় হৈ লওঁ। নৱাগত পৰিচালক দীপ চৌধুৰীৰ পৰিচালনা আৰু ৰচনাত, আৰমান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰমান আহমেদৰ প্ৰযোজনা আৰু মাহমুদা বেগমৰ সহকাৰী প্ৰযোজনা, বিক্ৰম ঘোষৰ সংগীত পৰিচালনাত নিৰ্মাণ হৈছে ছবিখন। চলচ্চিত্রখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক বাহাৰুল ইছলাম, জয়া শীল ঘোষ, পাকিজা হাছমি, ৰিয়ান আহমেদ, সত্যৰঞ্জন চাহু, প্ৰসূন গেইন, ভিক্টৰ বেনাৰ্জী, লিয়াকত আলী আদিয়ে। চিনেমাখনৰ দৃশ্যগ্ৰহণ তথা কেমেৰাৰ কাম কৰিছে নাহিদ আহমেদে। চলচ্চিত্ৰখন উপভোগ কৰিলে খুব সুন্দৰকৈ বুজিব পাৰি যে ছবিখনৰ লগত জড়িত আটাইকেইজন ব্যক্তিৰ যথেষ্ট শ্ৰমৰ ফচল এই ছবিখন। দুৰ্গম ঠাইলৈ গৈ এখন ছবি নিৰ্মাণ কৰা কিমান কষ্টৰ কাম সেয়া চাগে সকলোৱেই বুজিব পৰিছে। যথেষ্টখিনি দৃশ্যগ্ৰহণ নিশা আৰু সূৰ্য উদয়ৰ সময়ছোৱাত বাবে এই ক্ষেত্ৰত কষ্ট আৰু অধিক হোৱাটোও স্বাভাৱিক। সকলো প্ৰত্যাহ্বান নেওচিও এখন সুন্দৰ ছবি 'আলিফা' যে আমাক উপহাৰ দিছে সেই বাবে আলিফাৰ সমগ্ৰ দলটোক আমি ধন্যবাদ দিবই লাগিব।

ছবিৰ ভাষা আৰু ছবিত ভাষা! ‘আলিফা’ ছবিখনত প্ৰকৃততে দুটা ভাষা ব্যৱহাৰ কৰা হৈছে – অসমৰ চৰ-চাপৰি এলেকাত তথাকথিত মিঞাসকলে ব্যৱহাৰ কৰা থলুৱা দোৱান আৰু অসমীয়া ভাষা। চৰ-চাপৰিৰ মানুহখিনি ১৯৫০ চনৰ পূৰ্বৰপৰাই হাড়ে-হিমজুৱে অসমীয়া, অসমীয়া মাধ্যমত পঢ়া-পাতি কৰে, চৰ্চা কৰে, লোকগণনাত নিজকে অসমীয়া বুলি পৰিচয় দিয়ে, আনুষঙ্গিক সকলোবিলাকেই অসমীয়াত কৰে যদিও বেছিসংখ্যকৰ ঘৰত বৰ্তমানো বংগমূলীয় মৈমনসিঙীয়া আৰু অসমীয়াৰ মিশ্ৰিত দোৱানত কথা পাতে। যিহেতু এই ছবিখন সেইসকল চৰ-চাপৰিৰ এটি পৰিয়ালৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে, গতিকে ছবিখনত সেই নিৰ্দিষ্ট মানুহখিনিৰ মুখত সেইটো দোৱানৰ সংলাপ দি ছবিখন অত্যধিক বাস্তৱমুখী কৰিছে। ইপিনে য'ত প্ৰয়োজন হৈছে তাত এই একেখিনি মানুহৰ মুখেৰে অসমীয়াৰ সংলাপো দিছে। সমান্তৰালভাৱে তথাকথিত মূলসুঁতিৰ অসমীয়া মানুহৰ চৰিত্ৰত সঠিকভাৱে অসমীয়াতো সংলাপ দিছে। এয়া ছবিখনৰ পৰিচালকৰ নিপুণতা বুলি কোৱাৰ বাহিৰে গত্যন্তৰ নাই। পিছে ভাষা আৰু সংলাপৰ ক্ষেত্ৰত কিছুমান আসোঁৱাহ ৰৈ নোযোৱা নহয়। আমি ভাবোঁ এইবোৰ আঙুলিয়াই দিলে পৰিচালক আৰু অন্যান্য কলাকুশলীসকলে অনাগত দিনত সতৰ্কতা অৱলম্বন কৰি আৰু চমৎকাৰ কৰিব পাৰিব। যিহেতু ছবিখনৰ চৰ-চাপৰিৰ মানুহৰ যিকেইটা চৰিত্ৰ আছে তাৰে আলিফা আৰু তাইৰ ভাইটিৰ বাদে বাকীসকল সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ লোক নহয়। গতিকেই তেওঁলোকৰ মুখত সেই দোৱানৰ সংলাপত উচ্চাৰণ বিভ্ৰাট থকাটো বৰ এটা আচৰিত হ'বলগীয়া নহয়। ইপিনে সংলাপবোৰ কেতিয়াবা বৰপেটীয়া চৰুৱাৰ সংলাপ নহৈ ঢাকা বা বংগৰ মানুহৰ বাংলাৰ দৰে হৈছে, এয়া মুঠেই সঠিক কথা নহয়, বৰঞ্চ ভাষাৰ দিশত তেনেকুৱা হ'লে এটি ভুল বাৰ্তা যোৱাৰ সম্ভাৱনা আছে।

এতিয়া আহিছোঁ এটি নিৰ্দিষ্ট চৰিত্ৰলৈ। এই চৰিত্ৰটোত ভিক্টৰ বেনাৰ্জীক অনা হৈছে। যিসকলে চলচ্চিত্ৰখন উপভোগ কৰা নাই তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব লাগিব যে ভিক্টৰ বেনাৰ্জীক এক অভিজাত অসমবাসী বঙালী লোকৰ চৰিত্ৰত উপস্থাপন কৰা হৈছে। এদিন তেখেতে নিজে চাৰিচকীয়া বাহনখন চলাই ঘৰত বন কৰা মানুহ লাগে বুলি ওলাই আহি আলিফাৰ পিতৃ আৰু তেওঁৰ এজন শ্ৰমিক বন্ধুক কামলৈ লৈ যায়। আলিফাৰ পিতৃৰ বন্ধুজনে এই অভিজাত ব্যক্তিগৰাকীৰ ঘৰত পূৰ্বতেও কাম কৰিছে বাবে তেখেত পৰিচিত, কিন্তু আলিফাৰ পিতৃ সেইদিনা নতুন আছিল বাবে পৰিচয় ল’বলৈ লৈছিল। পৰিচয় লোৱাত হঠাৎ সুধি দিলে জন্ম ক'ত? সীমান্তৰ ইপাৰে নে সিপাৰে? অসমত চাগে এতিয়াও এজন বাঙালীৰ বুকুত ইমানখিনি সাহস হোৱা নাই যে এজন চৰ-চাপৰিৰ মানুহক বাংলাদেশী বুলি সন্দেহৰ সুৰত প্ৰশ্ন তুলিব। অৱশ্যেই এই চৰিত্ৰটো এজন তথাকথিত মূলসুঁতিৰ অসমীয়া মানুহৰ চৰিত্ৰ হ'ব লাগিছিল। বাস্তৱতাৰ দিশৰপৰা এইটো আমাৰ দৃষ্টিত ভুল হৈছে। অৱশ্যে ইয়াৰ অন্তৰালত ব্যৱসায়িক কাৰণ থাকিব পাৰে যদিও আমি দৰ্শক হিচাপে সেই কথাটো আপোচ নকৰোঁ।

ছবিখন আমাৰ দৃষ্টিত অমীমাংসিত হৈ থাকিল। অনাগত দিনত দ্বিতীয় খণ্ড বা ছিকুৱেল নিৰ্মাণ কৰাৰ থল আছে। এইবাৰ আমি ছবিখনৰ বাবে অপেক্ষা কৰি থাকোতে অনেক দৰ্শকে যিবোৰ কল্পনা কৰিছিলোঁ সেইবোৰ ইচ্ছা কৰিলে দ্বিতীয় নতুবা তাৰ পাছৰ খণ্ডসমূহত আনিব পাৰে। আমি অন্ততঃ ছবিখনৰ ক্ৰিপ্ট নপঢ়াকৈ এই মানুহখিনিৰ সমস্যাৰ অন্যতম গৰাখহনীয়া সমস্যাই গুৰুত্ব পাব বুলি আশা কৰিছিলোঁ, একেদৰে কৃষকৰ সমস্যা, দেৱানী প্ৰথা, অন্ধবিশ্বাস আদিয়েও স্থান পোৱাৰ আশা নথকা নাছিল, যদিও পৰিচালকে আমাৰ ঠিকা লৈ থকা নাই যে সেইবোৰ সকলো সামৰি ল'ব, ইপিনে তেখেত অন্তৰ্যামীও নহয়। গতিকেই আমি ভাবোঁ অহা দিনত যদি ছিকুৱেল নিৰ্মাণ কৰা হয় তেন্তে এইবাৰ বাদ পৰা হ'ব বিষয়ে স্থান পাব। এইক্ষেত্ৰত কাহিনীৰ ৰচকৰ চৰ-চাপৰি সন্দর্ভত গভীৰ ক্ষেত্ৰ অধ্যয়ন থকাটো জৰুৰী।

অসমীয়া চলচ্চিত্ৰ তথা অসমৰ চলচ্চিত্ৰৰ ইতিহাসত ২০১৬-১৭ বৰ্ষত যিমানবোৰ ছবিয়ে মুক্তি পাইছে সেয়া চাগে সংখ্যাগত দিশত সৰ্বাধিক হ'ব। এই ডেৰটা বছৰত গুণগত দিশতো যথেষ্টসংখ্যক ভাল ছবি মুক্তি পাইছে। কিন্তু ব্যৱসায়িক দিশত হতাশাজনক! দুৰ্ভাগ্যজনকভাৱে অসমীয়া মানুহৰ নিজৰ ছবিৰ প্ৰতি কদৰ নাই। অৱশ্যে এই ক্ষেত্ৰত আমাৰ একাংশ ছবি পৰিচালকৰ পৰম্পৰাগত কিছু ভুল নথকা নহয়। কিন্তু সেইবুলি সকলো ছবিয়েই তেনে হোৱা নাই, বিভিন্ন ৰকমৰ ভাল অসমীয়া ছবিও চিত্ৰগৃহলৈ আহি আছে যদিও মানুহ নাই চাবলৈ। শেহতীয়াকৈ ‘লোকেল কুংফু-২’ আহিছে চিত্ৰগৃহলৈ, ছবিখন একচন, কমেডিৰে ভৰপূৰ মনোৰঞ্জনধৰ্মী ছবি। তথাপিও শুভমুক্তিৰ দুদিন পাছতেই নলবাৰীৰ দৰে সাংস্কৃতিক আৰু অভিনয় আন্দোলনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঠাইত এটা দৰ্শনীত মাত্ৰ চাৰিজন দৰ্শকৰ উপস্থিতিৰ বাবে ছবিখনৰ দৰ্শনী বাতিল কৰিবলগীয়া হয়। অন্যহাতে, বহিৰাগতৰ কব্জাত থকা কৰ্তৃপক্ষই আক্ৰোশমূলকভাৱেও ভাল ছবি চিত্ৰগৃহৰপৰা উলিয়াই দিছে। উদাহৰণস্বৰূপে হিমাংশুপ্ৰসাদ দাসৰ ছবি ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’। অন্যহাতে, অসমত যথেষ্টসংখ্যক ভাল পৰিচালক আছে, অসমীয়া ছবিয়ে দেশে-বিদেশে বিভিন্ন বঁটা-বাহন বুটলি আনি আছে। কিন্তু ইয়াৰ মাজতে কিছু পৰিচালকক দেখা যায় যে তেওঁলোকৰ ছবিসমূহ লৈ কেৱল এৱাৰ্ডৰ পাছে পাছে দৌৰি আছে, যদি এৱাৰ্ডৰ বাবেই ছবি নিৰ্মাণ কৰিব লাগে তেন্তে তেনে ছবি নিৰ্মাণ নকৰাই ভাল। পিছে এইবোৰৰপৰা বাচি থকাৰ উপায় কি? বলিউডী ধুমুহা আমাৰ সৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হ'লেও আমি প্ৰতিহত কৰিব পাৰিব লাগিব। চৰকাৰীভাৱেও উদ্যোগ লৈ কিছু নীতি-নিয়ম আৰু ভাল অংকৰ ৰাজ সাহায্যৰ ব্যৱস্থা কৰি নিদিলে কেনেকৈ চলিব অসমীয়া চিনেমা? কেনেকৈ নিৰ্মাণ হ'ব গুণগত মানৰ ছবি?  অসমৰ মানুহে মনত ৰখা প্ৰয়োজন - আমাৰ থলুৱা ছবিয়েহে আমাৰ কথা ক'ব, আমাৰ সমাজৰ ছবি ফুটাই তুলিব, আমাৰ পৰিস্থিতিৰ ওপৰত লেন্স পেলাই আমাৰ জ্ঞানচক্ষু মুকলি কৰিব।

Share Button
Print Friendly, PDF & Email

No Comments : "চলচ্চিত্ৰ : ‘আলিফা’ আৰু আনুষঙ্গিক - (আশ্ৰাফুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *