চৰৰ পৰা আহিলোঁ (দিগন্ত চহৰীয়া)

দেওবাৰ বহুতৰ বাবে অৱসৰ বিনোদনৰ দিন। বন্ধৰ দিনটোত সকলোৱে স্ফূৰ্তি কৰি কটাব বিচাৰে। এনে এটা দিনতে আমি ‘মুক্ত চিন্তা’ গোটৰ হৈ বৰপেটা জিলাৰ বহৰিলৈ গলোঁ। উদ্দেশ্য চৰৰ জীৱনৰ বিষয়ে কিছু আভাস লোৱা। গুৱাহাটীৰ পৰা বহৰি প্ৰায় দুঘণ্টাৰ বাট। পিছে আমি ভুল পথেৰে যোৱাত কিছু পলমকৈ বহৰি পালোগৈ। পথ ভুল হলেও আমাৰ বহুত লাভ হ’ল। সেই কথা পিছত উল্লেখ কৰিম। বহৰি গৈ পোৱাৰ লগে লগে সন্মুখীন হোৱা সুন্দৰ আতিথ্য আছিল আমাৰ বাবে অবিস্মৰণীয়। মোৰ ভ্ৰাতৃসম আশ্ৰাফুল হুছেইনৰ ঘৰত আমাৰ বাবে সীমাহীন আশ্চৰ্য ৰৈ আছিল। গৈ পোৱাৰ লগে লগে সুস্বাদু ব্যঞ্জনেৰে পৰিবেশন কৰা বিশুদ্ধ অসমীয়া খানা। সঁচাই পাহৰিব নোৱাৰিম।

এনে সুন্দৰ আতিথ্য পালোঁ ঠিকেই, কিন্তু চৰৰ দুৰ্দশাভৰা জীৱনে আমাক বহু কথা ভবাই তুলিলে। ওচৰৰ পৰা নেদেখিলে অনুভৱ কৰিব নোৱাৰি। দূৰৰ পৰা চৰত বাস কৰা লোকৰ বিৰুদ্ধে বহুত কথা কব পাৰি। এটা সময়ত মোৰো কিছু ভুল ধাৰণা আছিল। কিন্তু স্বচক্ষে প্ৰত্যক্ষ কৰা কোনো ব্যক্তিয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰিব সাহস নকৰিব। চৰৰ মানুহবোৰ বহুত সহজ সৰল। দেৱানীৰ দাদাগিৰি আৰু ৰাজনীতিৰ পাকচক্ৰত পৰি ভেকুলীৰ জীৱন কটোৱাৰ পিছতো তেওঁলোকৰ দুখ নাই। বানপানীৰ সময়ত তেওঁলোকৰ জীৱন আৰু দুৰ্বিসহ হৈ পৰে। আমি বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত মহিশখুটি চৰলৈ যাওঁতে দেখিলো সৰু ল’ৰা-ছোৱালী কাৰো দেহত কাপোৰ নাই। তাৰ পিছতো হাঁহি স্ফুৰ্তিৰে জীৱন যাপন কৰিছে। উক্ত চৰটো অস্থায়ী, খহনীয়াৰ কবলত পৰা চৰটোত শিক্ষা, স্বাস্থ্য সেৱা প্ৰতিটো বস্তুৰে অভাৱ। দূৰৈৰ চৰত এখন স্কুল আছ। কিন্তু সচেতনতাৰ অভাৱত স্কুললৈ তেনেকৈ ল’ৰা ছোৱালী নাযায়। গৰমৰ দিনত পানীৰ তলত থকা স্কুলখনত নিযুক্ত শিক্ষকজন কাচিৎহে আহে। শিক্ষকজনক দোষ দিবও নোৱাৰি। ইমান পানী কোন যাব তালৈ? শিক্ষা, চিকিৎসা অবিহনে উক্ত চৰৰ বাসিন্দা সকলে কেনেকৈ চলিছে সেয়া নিজে নেদেখিলে অনুভৱ কৰিব নোৱাৰিব। এগৰাকী আইতা লগ পালোঁ। নাৱৰ পৰা পৰি ভৰি ভাঙিছিল। চিকিৎসাৰ অভাৱত এতিয়া আইতাগৰাকী পংগু, ইপিনে তেখেতে ‘ডি’ ভোটাৰো, অৱশ্যে এইগৰাকী আইতায়েই স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল বুলি তথ্যই প্ৰমাণ কৰে।

ইয়াৰ পিছত আমি গলো লক্ষীপুৰ চৰলৈ। এই চৰৰ অৱস্থা আৰু শোচনীয়। লক্ষীপুৰ চৰত না স্কুল আছে, না স্বাস্থ্য কেন্দ্ৰ। ভেকুলীৰ দৰে জীৱন কটোৱা এই সহজ সৰল লোক সকলৰ বাবে শেহতীয়াকৈ ভূতৰ ওপৰত দানহ পৰাদি ডি ভোটাৰৰ আতংকই খেদি ফুৰিছে। ৰিক্সা চলাই কোনোমতে চলি থকা আদহীয়া ব্যক্তি এজনক লগ পালোঁ। নাম তেওঁৰ জোৰান আলি। পিতৃ মাতৃৰ নাম এন আৰ চিত আছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতেই তেওঁৰ পূৰ্বপুৰুষ পূৰ্ব বংগৰ পৰা অহা। কিন্তু পিতৃৰ নামটোত সামান্য বানানৰ ভুল হোৱাৰ বাবে তেওঁ এতিয়া ডি ভোটাৰ। অৰ্থাৎ এই মুহূৰ্তত চৰৰ জনসাধাৰণৰ বাবে এন আৰ চিৰ নামত হাৰাশাস্তি সন্মুখীন হোৱাটো সাধাৰণ কথা হৈ পৰিছে। বাংলাদেশৰ পৰা নতুনকৈ অনুপ্ৰৱেশ কৰা বাংলাদেশীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কিন্তু অসমৰ মাজত জীণ যোৱা আৰু অসমীয়া ভাষা সলসলীয়াকৈ কব পৰা পূৰ্ববংগীয় মূলৰ লোকসকলক চৰকাৰে হাৰাশাস্তি কৰা উচিত নহয়। এওঁলোক এতিয়া বেছি অসমীয়া।

চৰলৈ যাওঁতে আমি বৰপেটাৰ এম পি চিৰাজুদ্দিন আজমলে চৰবাসীৰ বাবে দিয়া মেচিন নাৱেৰে গৈছিলো। কেওফালে কেৱল পানী আৰু পানী। পানীৰ মাজতে জীৱন বিচাৰি পোৱা চৰবাসীৰ দুৰ্দশাভৰা কথাবোৰ ৰাজনৈতিক নেতা আৰু দল সংগঠনসমূহে কিয় উপলব্ধি কৰিব নোৱাৰে সেয়া আশ্চৰ্যকৰ। বানপানীৰ সময়ত চৰবাসীৰ বাবে নিৰাপদ আশ্ৰয় ওখ ঢিপ। যাক প্লেটফৰ্ম বুলি কোৱা হয়। চৰকাৰৰ আঁচনিৰ একো ভূ নোপোৱা এইসকল লোকক স্থানীয় নেতাই গিনিপিগৰ দৰে ব্যৱহাৰ কৰি আহিছে।

এনে তিক্ত আৰু বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হলেও আমাৰ বাবে দেওবাৰৰ দিনটোৰ দুটা ভাল লগা অভিজ্ঞতা হৈছে আশ্ৰাফুলৰ ঘৰৰ মৰমৰ ভাত সাঁজ আৰু প্ৰেৰণা পুথিভঁৰাল। আশ্ৰাফুলৰ ঘৰৰ ভাতসাঁজৰ কথা উল্লেখ কৰিছো ইতিমধ্যে। এতিয়া প্ৰেৰণা পুথিভঁৰালৰ কথা অলপ কব খুজিছোঁ। নলবাৰীৰ বিহামপুৰৰ ওচৰৰ দ্বিজেন্দ্ৰনাৰায়ণ শৰ্মাৰ মানসপুত্ৰ প্ৰেৰণা পুথিভঁৰালে সমগ্ৰ নলবাৰী জিলাত গ্ৰন্থ আন্দোলনৰ সূচনা কৰিছে। তেওঁৰ ঘৰৰ সন্মুখত ৰওঁতে আচৰিত হৈছিলো। তেওঁ ইমান ধুনীয়া বিল্ডিং বনাইছে। পিছে আচৰিত হলো তেওঁ নিজৰ উপাৰ্জনৰ পইচাৰে বনোৱা বিল্ডিংটো থাকিবলৈ বনোৱা নাই। সেইটো তেওঁৰ প্ৰেৰণা পুথিভঁৰাল। বিধে বিধে কিতাপ থকা প্ৰেৰণা পুথিভঁৰালৰ সফলতাৰ আৰত এটা টীম আছে, যিয়ে দিনে-নিশাই সপোন দেখে সমাজ পৰিৱৰ্তনৰ।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰৰ পৰা আহিলোঁ (দিগন্ত চহৰীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *