চৰ ভ্ৰমণ : এটি অনুভৱ (অমিতাভ ৰঞ্জন কানু)

(এক)

হঠাৎ পাহৰি যোৱা মুখবোৰৰ চকুকেইটা উজ্বল হৈ উঠিল৷ ইয়াৰ আগতেও কেতিয়াবা কেতিয়াবা চকুকেইটাই স্মৃতিত ভিৰ নকৰা নহয়৷ ইয়াৰ আগতেও মুখকেইখন স্মৃতিৰ মানসপটত ভাঁহি ভাঁহি আকৌ এন্ধাৰত হেৰাই গৈছিল৷ অথচ এইবেলি সিহঁতে মোক আগুৰি ধৰিলে৷ কিয় তেনেকুৱা হ’ল ক’ব নোৱাৰো৷ সন্ধিয়া পৰত ব্ৰহ্মপুত্ৰৰ কোবাল ৰূপ দেখিছিলোঁ৷ হয়তোবা তাৰে প্ৰতিক্রিয়া এয়া৷ অলপ সময়ৰ বাবে বোধ হৈছিল বানগ্ৰস্ত ব্ৰহ্মপুত্ৰখন মোৰ মস্তিষ্কৰ ভিতৰত সোমাই গৈছে৷ ভিতৰে ভিতৰে শুঁহি নিছে মোৰ মস্তিষ্কৰ সকলো তেজ৷ মস্তিস্কৰ শিৰা-উপশিৰাক থানবান কৰি এক দেওলগা শক্তিয়ে ভিতৰলৈ টানি নিছে সকলো৷ সৃষ্টি কৰিছে বিৰাট-বিৰাট চাকনৈয়া, - আৰু এই চাকনৈয়াৰ পৰা উটি-ভাঁহি আহিছে কণ কণ ল'ৰাকেইটাৰ মুখ, যিবোৰ মই টাকিমাৰিত লগ পাইছিলোঁ৷ যিদিনা সিহঁতক প্ৰথম লগ পাওঁ সিদিনা পশ্চিমৰ আকাশত বেলি বুৰ যাওঁ, যাওঁ। বেলিৰ হেঙুলীয়াত উজ্বল সিহঁতৰ চকুবোৰ৷ মুখত পানীৰ ৰং৷ ভৰিৰ তলত নৈয়ে চাপৰি পেলোৱা বিস্তৃত এখন পথাৰ আৰু হাতত খেলিবৰ বাবে ফুটবল এটা৷ ময়ো যেতিয়া সিহঁতৰ লগত খেলিবলৈ বিচাৰিলোঁ, সিহঁতে লগে লগে মোক আপোন কৰি ল’লে৷ সিহঁতৰ বুকুৰ বিশালতাৰ আগত কৃপণ হৈ গৈ থাকিল মোৰ ল'ৰালি৷ খেলি থাকোতেই সিহঁতৰ স’তে পৰিচয়৷ কাৰোবাৰ নাম আউলিয়া৷ কাৰোবা আমজাদ৷ কাৰোবা ইমজাল আৰু বাকীবোৰ! সিহঁত  মালেক, জয়নাল, আব্দুল আহমেদ, বাবু, আজিজুৰ, ৰবিয়াল৷ কোনোবা দ্বিতীয় মানত পঢ়ে৷ কোনোবা তৃতীয়, চতুৰ্থ বা পঞ্চম মানত৷ সিহঁতৰ পৃথিৱী বোলোঁতে চাপৰি পেলোৱা বালিৰ এখন বিস্তৃত পথাৰ৷ তাৰে মাজে, মাজে ঘৰ৷ ঘৰৰ দাঁতিতে নৈ৷ নৈৰ আনটো চুকত বাংলাদেশ৷ আৰু স্কুলখন অলপ দূৰত৷ মই ডিঙি মেলি স্কুলখন চাবলৈ যত্ন কৰোতে কুঁৱলিময় চকুলৈ নামি আহিল একধৰণৰ অস্পষ্টতা৷

(দুই)

ধুবুৰীৰ নিউঘাটৰ পৰা হাচানৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰাৰ বেলিকাত মনৰ ভিতৰত এক ধৰণৰ কৌতুহল আছিল৷ সেই কৌতুহল কেতিয়া যে আৱেগত পৰিণত হৈছিল ক’ব নোৱাৰোঁ৷ শীতৰ এটি উমাল দুপৰীয়া৷ ধুবুৰীৰ নিউঘাটত যদি কিবা আছিল তেন্তে আছিল কিছু কিছু ঠাইত খেৰৰ পালা৷ মাটিত পোতযোৱা কেবাখনো নাওঁ৷ যেন নাওঁকেইখন উটি যাবলৈ কোৱাল বৰষুণ বাবে ৰৈ আছে৷ নিউঘাটৰ হাফেজ উদ্দিনৰ চাহৰ দোকানত চাহ খাই থাকোঁতে কৰিম প্ৰধানীক লগ পাইছিলো৷ তেওঁ খেৰৰ চৰ শিশু কল্যাণ এল.পি.স্কুলৰ শিক্ষক৷

সোধোতে ক’লে তেওঁৰ স্কুলত মুঠ প্ৰায় দুশজন ছাত্ৰ-ছাত্ৰী৷ তাৰেই সত্তৰজনীয়েই ছোৱালী৷ শিক্ষক কৰিম প্ৰধানী নিজেই৷ আয়ৰাঙজাঙলা, ভাসানিৰ চৰ, আমিনেৰ চৰ আৰু খাপৰা হৈ হৈ যেতিয়া কালাপাকানি পালোহি তেতিয়া সন্ধিয়া প্ৰায় সাত বাজিছে৷ সোলাৰ লাইটত উজ্বল হৈ আছে মোক থাকিবলৈ দিয়া কোঠালিটো৷ ঘৰখন পৰিপাটি৷ টিনপাতৰ বেৰ৷ মাটিৰে লেপি চিকুণাই থোৱা মজিয়া৷ খিড়িকীখনেৰে ভাঁহি আহিছে মাটি-কলাইৰ গোন্ধ৷

(তিনি)

পিছদিনা ধলপুৱাতেই সাৰ পালোঁ৷ দিগন্তৰ কুঁৱলি ফালি ওলাই অহা সূৰ্যৰ কোমল ৰ’দ এজাক চোতালৰ বেৰত ওলমাই থোৱা ‘কাইটা’ত চিকমিকাই আছিল৷ ‘ফাঁচি জাল’ৰ কোনোবা এডাল লাহী সুঁতাত তেতিয়াও লাগি আছিল নিয়ৰৰ মাদকতা অথচ ‘নাইলা’ই ঠন ধৰি উঠিছিল ৰ’দত৷ ঘৰৰ দুৱাৰেদি সোমাই আহিছিল ৰ’দৰ প্ৰত্যয়৷ ভাবিছিলোঁ খেৰৰ ঘৰ হোৱাহেতেঁন মিঠা মিঠা ৰ’দজাক বেৰৰ জলঙাৰে সোমাই আহিলহেতেঁন৷ এবাৰ প্ৰশ্ন কৰাত গৃহস্থই কৈছিল বানগ্ৰস্ত অঞ্চলত টিনপাতৰ বেৰ নিদিলে খুউব দিগদাৰ৷ প্ৰতিবছৰে এঠাইৰ পৰা আন ঠাইলৈ ঘৰ স্থানান্তৰিত কৰিব লাগে৷ সেয়ে টিনপাতেৰে বেৰ দিয়া হয় যাতে প্ৰয়োজনত খুলি বেলেগ ঠাইলৈ নিব পৰা যায়৷ কথাটো শুনি হঠাৎ শিয়ৰি উঠিলো৷ মই মোৰ ঘৰখন যদি এৰি যাব লগা হয় তেন্তে ক’লৈ যাম? কাৰণ ঘৰ এখন, মাটি, ইটা, বালি বা টিনপাতেৰে সাজি উলিওৱা বস্তুতো নহয়৷ ইয়াৰ প্ৰতিটো ভাজঁত থাকে এটি এটি জীয়া মুহূৰ্ত৷ হঠাৎ উল্কাৰ দৰে উজ্বল হৈ উঠিল মোৰ কোঠালিৰ পশ্চিম ফালৰ  ৱালখন৷ ৱালখনৰ ৰং উৱলি যোৱাৰ পিছতো মই কোঠালীটো ৰং কৰা নাই৷ কাৰণ সেই ৰংটো দেউতাই কৰি থৈ যোৱা৷ তাৰে কাষত কিতাপৰ চেলফ্‌খন -যেনেকৈ আছিল তেনেকৈয়ে থৈ দিছো কাৰণ তাতেই যেন লাগি আছে দেউতাৰ পৰশ৷ প্ৰিয়জনে দিয়া উপহাৰটো আজি কেবা বছৰ ধৰি সেই একেটাই চুকত আছে - তাতে থাকি থাকি শিপা গাজিছে তাৰ৷ উঘালিলেই হোৰহেৰাই বৈ যাব যেন তেজ, সেয়ে আঁতৰোৱাৰ সাহস হোৱা নাই৷ অথচ চৰৰ মানুহখিনি কি যে দুঃসাহসিক! বছৰত বা  ছমাহৰ মূৰে-মূৰে ঘৰ সলায়, ভেটি, মাটি, শিপা সকলো পিছফালে ঠেলি পানীৰ তলত বুৰাই আকৌ ঘৰ সাজে৷ মই হ’লে নোৱাৰিলোহেতেঁন৷ হয়তোবা নৈৰ পৰা আতৰত বাস কৰা আমি কোনেৱে নোৱাৰিলোহেতেঁন৷ আৰু অগত্যা তেনেকুৱা কৰিব লগা হ’লেও প্ৰথমে বিদ্ৰোহ কৰি উঠিলোহেতেঁন৷ অথচ তেওঁলোক অবলীলাক্রমে বছৰৰ পিছত বছৰ সহ্য কৰি গৈ আছে প্ৰকৃতিৰ তাণ্ডৱ। চৰকাৰৰ উপেক্ষা ৷ তেওঁলোকক শিক্ষা-দীক্ষা-অধিকাৰেদি এইদৰে দৈন্য কৰি ৰখা হৈছে যে তেওঁলোক আমাৰ দৰে বিদ্ৰোহী হৈও উঠিব নোৱাৰে৷ উলিয়াব নোৱাৰে কোনো মিছিল, আঙুলিটোৱাই দৃঢ় কণ্ঠৰে উচ্চাৰণো কৰিব নোবাৰে কোনো কবিৰ উক্তি -‘ভাত দে হাৰামজাদা, নইলে মানচিত্ৰ খাব৷’

 (চাৰি)

এৰাতি খেৰৰ চৰত থাকি পিছদিনা ভগডহৰলৈ আহিলো৷ ভগডহৰত লেখত লবলগীয়া চৰকাৰী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম ‘ভোগডহৰ ছাদিক মেম’ৰিয়াল হাইস্কুল'৷ ১৯৮৪ চনত স্থাপিত হোৱা এই স্কুলখনক ২০০৩ চনত  স্বীকৃতি দিয়া হৈছিল আৰু ২০১৩ চনত চৰকাৰীকৰণ কৰা হৈছিল৷ এই স্কুলখনত মুঠ শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা নজন৷ প্ৰধান শিক্ষকৰ নাম মোঃ কাশেম আলী সেখ৷ তেওঁৰে পৰা জানিব পাৰিছিলোঁ যে প্ৰতি বছৰে শ’, শ’ ল'ৰা ছোৱালী নৱম শ্ৰেণীত ভৰ্ত্তি  হ’বলৈ এই স্কুলখনলৈ আহে৷ কাৰণ এই বিস্তৃত অঞ্চলজুৰি এখনেই হাইস্কুল৷ সচৰাচৰ যিকেইখন চৰাঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণীত ভৰ্ত্তিৰ আবেদন কৰে- সেই অঞ্চল বা চৰাঞ্চলসমূহ হ’ল- কালাপাকানি প্ৰথম খণ্ড, কালাপাকানি দ্বিতীয় খণ্ড, আমিনেৰ চৰ, কাইম ভাষানী, হৰিগ্ৰাম ভিটা, মন্ত্ৰীৰ চৰ, মশলাবাৰী, গাইখোৱা,দীঘলটাৰী, পাটামাৰী, মণ্ডলেৰ চৰ, আবুল চৰ, সস্তাৰ ঘাট, টাকিমাৰি প্ৰথম আৰু দ্বিতীয় খণ্ড৷ ইয়াৰ বাহিৰেও ভোগডহৰৰ নিজৰ ছাত্ৰ-ছাত্ৰীসমূহতো আছেই৷ সেয়ে এক বাচনিমূলক পৰীক্ষা (লিখিত আৰু মৌখিক পৰীক্ষা)ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক বাচনি কৰা হয়৷ ফলস্বৰূপ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী বাদ পৰি যায়৷ লগে লগে ধুমুহাৰ দৰে এজাক বতাহে মোৰ মস্তিষ্কৰ শুই থকা শিৰাবোৰক কপাঁই তুলিলে৷ ফ্লেছবেকৰ দৰে পাৰ হ’ল মোৰ স্কুলীয়া জীৱন৷ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ মুহূৰ্তবোৰ৷ প্ৰথম মই কেতিয়া লিখিত টেষ্ট আৰু মৌখিক পৰীক্ষা দিছোঁ? মনত পেলাবলৈ যত্ন কৰোতে অতি সহজেই মনত পৰিল - ও, সৌ সিদিনা- পি এইচ ডিৰ বাবে প্ৰৱেশ পৰীক্ষা আৰু মৌখিক দিছিলোঁ।

নৱম শ্ৰেণীত ভৰ্ত্তি হ’বলৈ হ’লে ছাত্ৰ-ছাত্ৰীয়ে লিখিত টেষ্ট আৰু মৌখিক পৰীক্ষা দিব লগা হোৱা বিষয়টোৱে মোৰ মন আৰু মগজুক এক প্ৰকাৰ শিথিল কৰি পেলালে৷ শিথিলতাৰ ভৰত ম্ৰিয়মান হৈয়ে ভাবিলোঁ ছাত্ৰ-ছাত্ৰীয়ে যিমানেই ভাল পৰীক্ষা নিদিয়ক কিয়- এচাম ছাত্ৰ-ছাত্ৰী বাদ পৰিবই৷ কাৰণ আসনৰ সংখ্যা এটা শ্ৰেণী কোঠাত কিমান হ’ব পাৰে? যোৱা বছৰ নৱম আৰু দশম শ্ৰেণী মিলি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল আঢ়ৈশ৷ হঠাৎ চকুৰ আগত এজাক ডাঠ কুঁৱলিৰ তৰপত অস্পষ্ট হৈ গৈ থাকিল সৌ কণ-কণ ল'ৰাকেইটাৰ সপোনবোৰ৷ বিৰাট এটি চাকনৈয়াত সোমাই গৈ থাকিল আউলিয়া, আমজাদ, জয়নাল, ৰবিয়ালহঁতৰ মুখ-হাতৰ আঙুলি-ভৰি৷ যেন ব্লেকহ’ল এটাই ভিতৰৰ পৰা টানি নিছে তেওঁলোকক আৰু মই একো কৰিব পৰা নাই৷ মোৰ চকুৰ তন্দ্ৰাময় অস্পষ্টতা ভাঙি সিহঁতৰেই এজনে মোৰ হাতখন ধৰি টানোতে মই যেন সম্বিৎ ঘুৰাই পালোঁ৷ মোক ক’লে- ‘আইসেন, ফুটবল খেলি’৷ মোৰ হাতৰ আজলিত ফুটবলটো গুজি দি দলৰ সৈতে দৌৰমৰা ল’ৰাকেইটা লৈ মই একেথিৰে বহুপৰ চাই থাকিলোঁ৷ অনুভৱ হ’ল যেন মই ফুটবল নহয় ডাঙৰ এটা শূন্যতাক ধৰি আছোঁ- যেন ধৰি আছোঁ সপোনক-যি  Zero Gravity ত থৰথৰকৈ কপি আছে৷

কৃতজ্ঞ :-  হাচান, কোৰমান, ইউচুফ, জেছমিনাৰা আৰু ভ্ৰমণ কালত লগপোৱা সকলো ব্যক্তিলৈ

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ ভ্ৰমণ : এটি অনুভৱ (অমিতাভ ৰঞ্জন কানু)"

Leave a Comment

Your email address will not be published. Required fields are marked *