চৰ অঞ্চলৰ ৰাজনীতি : এক বিহংগম দৃষ্টি (বিবেক দাস)

চৰ অঞ্চলৰ ৰাজনীতি বুলিলে সৌ সিদিনাখনলৈকে ইয়াক কংগ্ৰেছৰ ভোট বেংক বুলিয়ে গণ্য কৰা হৈছিল। ইউ এম এফ জন্ম হোৱাৰ পাছত এক সংখ্যালঘু ৰাজনীতিয়ে চৰ অঞ্চলত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰে। অৱশ্যে ইউ এম এফ আছিল একেসময়তে অসম আন্দোলনৰ পৰিণতিত গঢ় লৈ উঠা ৰাজনৈতিক ক্ৰিয়াৰ প্ৰতিক্ৰিয়া আৰু আনহাতে অসম আন্দোলনৰ প্ৰতি শাসক শ্ৰেণীৰ পৰিৱৰ্তিত দৃষ্টিভংগীৰ প্ৰতি একাংশ সংখ্যালঘু শাসকীয়  নেতাৰ  বিৰোধিতাৰ প্ৰতিফলন। 'সংখ্যালঘু ৰাজনীতি' হিচাপে আত্মপ্ৰকাশ কৰিলেও এয়া শাসকীয় ৰাজনীতিৰে অংশ আছিল। সেই সময়ত 'সংখ্যালঘু'ৰ সংজ্ঞা ধৰ্মৰ ভিত্তিত নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু হিন্দু বঙালীসকলে এই সংখ্যালঘু মৰ্চাৰ ভিতৰত এটা শক্তিশালী সামাজিক ভিত্তিক প্ৰতিনিধিত্ব কৰিছিল। ৰাজনীতিৰ গতিশীলতা সঁচাকৈয়ে আমোদজনক। বৰ্তমান সেই হিন্দু বঙালীসকল উগ্ৰ হিন্দুত্ববাদী মৰ্চাৰ অংশীদাৰ হৈ উগ্ৰ হিন্দুত্ববাদীৰ মুছলিম বিৰোধী অভিযানক বাস্তৱ ৰূপ দিয়াত সহায় কৰিছে। প্ৰকৃততে এইসকল লোকক সম্প্ৰদায়টোৰ নেতা সকলে পাশাখেলৰ গুটিৰ দৰে ব্যৱহাৰ কৰিছে বুলি কোৱাটোহে সমীচিন হ'ব। ইউ ডি এফো আছিল উগ্ৰ হিন্দুত্ববাদী ৰাজনীতিৰ উত্থানৰ বিপৰীত মেৰুত জন্ম হোৱা একধৰণৰ ধৰ্মীয় ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ প্ৰতিফলন। ই আপাত:দৃষ্টিত, এফালেদি আছিল চৰ অঞ্চলত সংখ্যালঘু ৰাজনীতিৰ নতুন ধাৰাবাহিকতা আৰু আনফালেদি আছিল কংগ্ৰেছৰ ব্যৰ্থতাৰ বিৰুদ্ধে চৰ অঞ্চলৰ জাগৰণ। এই ব্যৰ্থতা প্ৰকৃততে বিজেপিক ৰোধ কৰিব নোৱাৰা আৰু বিজেপিৰ এজেণ্ডাত কংগ্ৰেছ (ই)য়ে আত্মসৰ্মপন কৰা। সকলোৱেই স্বীকাৰ কৰিব যে ২০১১ চনৰ কংগ্ৰেছ(ই)-ৰ যাদুকৰী বিশাল জয়ৰ ৰহস্য লুকাই আছিল অসমৰ ৰাজনীতিৰ সাম্প্ৰদায়িকক ধৰ্মীয় মেৰুকৰণৰ মাজত। আশ্চৰ্যকৰ কথাটো আছিল যে এই মেৰুকৰণত কংগ্ৰেছ(ই) দলে হিন্দুক প্ৰতিনিধিত্ব কৰিছিল আৰু এ আই ইউ ডি এফে মুছলমানক। আনকি বৰাক উপত্যকা য'ত বিজেপিৰ পৰম্পৰাগত ভিত্তি, সেই ভিত্তিকো তচনচ কৰি কংগ্ৰেছে নিজৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল। "Who is Badaruddin" আৰু লাচিতৰ হেংদাঙ'ক কংগ্ৰেছে সাম্প্ৰদায়িক মেৰুকৰণৰহে প্ৰতীক কৰিছিল। খুব স্বাভাৱিকভাৱেই এই মেৰুকৰণৰ পিঠিত উঠিয়েই পৰৱৰ্তী লোকসভা নিৰ্বাচনত ভাৰতৰ উগ্ৰ হিন্দুত্বৰ চৰ্দাৰ মোদী বাহিনীয়ে অসমত জয়লাভ কৰিছিল। সেইবাৰো উগ্ৰ হিন্দুত্বৰ বিপৰীত মেৰুত এ আই ইউ ডি এফৰ উত্থান পৰিলক্ষিত হয়। গতিকে বৰ্তমানৰ বিজেপিৰ উত্থানৰ ভেটি কংগ্ৰেছেই সৃষ্টি কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই ঠিকেই কৈছে যে "শৰাইঘাটৰ শেষ যুদ্ধ" তেওঁলোকে অসমৰ ৰাজনৈতিক ক্ষমতা মুছলিম আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ অৰ্থতে ব্যৱহাৰ কৰিছিল। কংগ্ৰেছৰ শাসনত হোৱা সৰ্বদিশৰ ব্যৰ্থতা ঢাকিবলৈ আগ্ৰাসী হৈ পৰা সাম্প্ৰদায়িক বিজেপি দলৰ কাৰ্যসূচীৰ লগত প্ৰতিযোগিতাত লিপ্ত হোৱাটোকে আশ্ৰয় হিচাবে বাছি লৈছিল কংগ্ৰেছে। এনেদৰে ২০১১ চনৰ  নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ তৰুণ-হিমন্ত যুটীয়ে সাম্প্ৰদায়িক নাওঁ খনকে ব্যৱহাৰ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এই নাওঁখনৰ প্ৰকৃত গৰাকী "গেৰুৱা বাহীনি" আহি তৰুণ গগৈৰ পৰা কাঢ়ি লয় আৰু তাৰ পাচৰ কাহিনী আমি সকলোৱে জানোঁ।

যদিও সংখ্যালঘু মুছলিম বসতি অৰ্থাৎ চৰ অঞ্চলত হৈ থকা ৰাজনৈতিক কৰ্মকাণ্ডবোৰ আচলতে মূলসূঁতিৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ প্ৰতিক্ৰিয়া আৰু পাৰ্শ্চক্ৰিয়াহে তথাপি মূলসূঁতিৰ মানসিক পৰিমণ্ডলত ইয়াক স্বতন্ত্ৰ ক্ৰিয়া হিচাপেই বিবেচনা কৰা হয়। যেতিয়া বিজেপিয়ে অসমীয়া জাতীয়ত্ব আৰু হিন্দুত্ব একে বুলি প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিল আৰু এই প্ৰচেষ্টাত মূলসূঁতিৰ অসমীয়া, অনান্য খিলঞ্জীয়া ৰাইজেও সঁহাৰি জনালে তেতিয়া চৰবাসীয়ে নিজৰ পৰিচয় ধৰ্মৰ জৰিয়তে দাঙি ধৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। অসমীয়া জাতিৰ মাজতো তেওঁলোকৰ স্থান নাই আৰু হিন্দু বঙালীসকলৰ লগত তেওঁলোকে কেতিয়াবাই সম্পৰ্ক ছেদ কৰিছে। বদৰুদ্দিনে এই পৰিস্থিতিৰে সুযোগ ল'লে। তেঁওলোকক এনে এটা পৰিস্থিতিৰ ফালে ঠেলি দি আকৌ যদি তেওঁলোকক ধৰ্মীয় গোড়া, ধৰ্মীয় সংগঠনৰ মতে চলা বুলি দোষাৰোপ কৰা হয় আৰু "আমি আমাৰ ধৰ্মীয় গোড়ামি এৰিব নালাগে" বুলি প্ৰচাৰ কৰা হয় তেন্তে সেইটো কেনেকুৱা কথা হ'ব?

বহুতো লোকে প্ৰশ্ন উঠাব পাৰে যে চৰ অঞ্চলৰ মুছলিমৃঁসকলে ধৰ্মীয়-ৰাজনৈতিক ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি গণতান্ত্ৰিক ৰাজনীতিৰ আশ্ৰয় ল'ব পাৰিলেহেতেন। প্ৰগতিশীল মহলত এটা কথা প্ৰায়ে শুনা যায় যে হিন্দু মৌলবাদ-মুছলিম মৌলবাদ দুয়োটাকে সমানে বিৰোধিতা কৰিব লাগে। সাধাৰণ মন্তব্য হিচাপে কথাটো সত্য। কিন্তু পাকিস্তানত যদি কোনোবাই হিন্দু মৌলবাদক মুছলিম মৌলবাদৰ সমানেই বিপজ্জনক বুলি চিহ্নিত কৰে তেন্তে তেওঁ আচলতে মুছলিম মৌলবাদৰ যুক্তিযুক্ততাহে সাব্যস্ত কৰিছে। সেইদৰে ভাৰতৰ ক্ষেত্ৰটো একেটাই কথা খাটে। ভাৰতবৰ্ষত মুছলিম জনসংখ্যা গড়ে ১৪.২%। গুজৰাটত মাত্ৰ ৯%মুছলিম। এই মুছলিম আতংক (কাল্পনিক) দেখুৱাই-দেখুৱাই বিজেপিয়ে মুছলিমমেধ যজ্ঞ কৰি কেনেদৰে ক্ষমতালৈ আহিল সকলোৱেই জানে। সমগ্ৰ ভাৰতবৰ্ষৰ তুলনাত অসমত মুছলিমৰ সংখ্যা বেছি। কিন্তু এইয়া বৃটিছৰ সময়ৰ জনগাঁথনিৰহে ধাৰাবাহিকতা। আহোমৰ ৰাজত্বৰ অসমৰ জনগাঁথনি আৰু বৃটিছৰ অধীনৰ অসমৰ জনগাঁথনি আৰু সীমা একে নহয়। কোনো ষড়যন্ত্ৰৰ ফল হিচাপে মুছলিম খেতিয়ক আৰু চাহ বনুৱাসকলৰ অসমলৈ আগমন হোৱা নাছিল। উৎপাদনৰ গতিশীলতাইহে তেওঁলোকৰ প্ৰব্ৰজন ঘটাইছিল। ভাৰত বিভাজনৰ সময়ত অবিভক্ত গোৱালপাৰা জিলাকে ধৰি নামনি অসমৰ কেইবাখনো জিলাত মুছলিমৰ জনসংখ্যা যথেষ্ঠ বেছি আছিল। গোৱালপাৰা অসমত অন্তৰ্ভুক্ত হৈছিল ১৮৭৪ চনত। আনহাতে দেশ বিভাজনৰ সময়ত এই কেইখন জিলাৰ মুছলিমৰ বেছি সংখ্যকেই পাকিস্তানৰ ফালে ভোট নিদি ভাৰতত থকাৰ সপক্ষেই মত দিছিল। কাছাৰ জিলাতো ৩৮% মুছলিম আছিল ১৯৫১ৰ গণনা মতে আৰু অসমত অন্তৰ্ভুক্ত হৈছিল বৃটিছৰ অধীনৰ অসমতহে।

গতিকে এটা সময়ত ধৰ্মীয় মৌলবাদৰ বিৰুদ্ধে দৃঢ় স্থিতি লোৱা এই মুছলিমসকল যদি মৌলবাদী ৰাজনীতিৰ প্ৰভাৱত পৰিছে তেন্তে কাৰণটো মুলসুঁতিৰ ৰাজনৈতিক আচৰণৰ মাজত বিচৰাটোহে উচিত হব। Politics is the concentrated expression of economics (ৰাজনীতি হৈছে অৰ্থনীতিৰ ঘনীভূত প্ৰকাশ- মাও চে তুং)। আমি আচলতে এই সূত্ৰায়নৰ ভিত্তিতেই অসমৰ ৰাজনীতি তথা চৰ অঞ্চলৰ ৰাজনীতিৰ উৎস বিচাৰিবলৈ যোৱাটোহে উচিত হ'ব। সাধাৰণতে দেখা যায় যে উপৰুৱা কিছু বৰ্হিপ্ৰকাশ বা আচৰণৰ পৰাই ৰাজনৈতিক বিশ্লেষণ কৰাৰ প্ৰৱণতা আমাৰ সমাজত বেছি। যাৰ বাবে চিলাৰ আঁৰত থকা মানুহজন লুকাই থকাৰ দৰে ৰাজনীতিৰ নাচ নচুৱাই থকা অৰ্থনৈতিক কাৰকবোৰ জনসাধাৰণৰ চকুৰ পৰা লুকাই থাকে। উদাহৰণ স্বৰূপে বদৰুদ্দিন আৰু হিমন্তৰ মাজত ৰাইজে শত্ৰুতামূলক বিৰোধিতাহে দেখিছে, কিন্তু মিত্ৰতা দেখা নাই। প্ৰকৃততে বদৰুদ্দিন আৰু হিমন্ত একেজন মানুহে দুয়োহাতে উৰুওৱা দুখন চিলাহে। অৰ্থনীতিৰ সঠিক বিশ্লেষণেই আমাক এই ৰহস্যৰ সম্ভেদ দিব পাৰে। চৰ অঞ্চলৰ লোকসকল যে ভৌগোলিকভাৱে বিচ্ছিন্ন তেনে নহয় অৰ্থনৈতিকভাৱেও বিচ্ছিন্ন। 'ভৌগোলিকভাৱে' কথাটোত বহুতে আপত্তি কৰিব পাৰে, কিন্তু প্ৰত্যেকটো চৰ অঞ্চলেই (দুই এটা ব্যতিক্ৰম বাদ দি) একো একোটা অসমৰ ভিতৰতে থকা দ্বীপৰ দৰে। ইয়াত বসবাস কৰা লোকসকলৰ প্ৰায় সকলৰে মাটিৰ পট্টা নাই। অৰ্থাৎ মাটিৰ ওপৰত অধিকাৰ নাই। ফলত মূলসূঁতিৰ অৰ্থনীতিৰ বিপৰীতে এক স্বতন্ত্ৰ অৰ্থনীতিৰ তাত প্ৰচলন আছে যাক মাতব্বৰী অৰ্থনীতি বুলিব পাৰি (কোম্পানীৰ চাহ বাগিছাবোৰো অসমৰ ভিতৰত সৰু-সৰু দ্বীপৰ দৰে য'ত মেনেজাৰৰ কানুনহে চলে)। এফালে মাটিৰ অধিকাৰ নাই আনফালে বানপানী গৰাখহনীয়াৰ নিয়মীয়া আক্ৰমণত এওঁলোকৰ মাজত অনিশ্চয়তা আৰু আতংকতে দিন কটাবলগীয়া পৰিস্থিতি সদা বিদ্যমান। এই চৰ অঞ্চলৰ মাতব্বৰী অৰ্থনীতিৰ এটা Commonness থকাৰ বাবে আৰু ৯৯% মানুহেই একেটা ধৰ্ম আৰু সংস্কৃতিৰ হোৱা বাবে তেওঁলোক এক সুকীয়া পৰিচয়ৰে গঢ় লৈ উঠিল। চাহ অৰ্থনীতি আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো একেটাই কথা খাটে। কিন্তু চাহ জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক (Caste and Tribe) বিভিন্নতা বেছি বাবে তেওঁলোকৰ মাজত একতাৰ স্বাভাৱিক কেন্দ্ৰ নাই। আনহাতে চৰ অঞ্চলৰ লোকসকলৰ মাজত ধৰ্মই একতাৰ স্বাভাৱিক কেন্দ্ৰ হিচাপে ভূমিকা লোৱাটো বাধ্যতামূলক হৈ পৰে। কিয়নো সামন্তীয় উপাদানবোৰ ধ্বংস কৰাৰ বাবে প্ৰয়োজনীয় ভিত্তি প্ৰস্তুত কৰিবলৈ চৰ অঞ্চলত পুঁজিবাদী সংস্কাৰৰ কাম হাতত লোৱাটো আগৰ চৰকাৰে ভবা নাছিল। বৰং মাতব্বৰ আৰু ধৰ্মীয় গুৰুসকলৰ হাতত চৰবাসীৰ কটকটীয়া নিয়ন্ত্ৰণ থকা বাবেই কংগ্ৰেছ (ই) দলে এই সকলকে ভোট সংগ্ৰহৰ  কামত লগাইছিল আৰু ৰাজনৈতিক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল। ফলত চৰ অঞ্চলত এইসকলৰ সৰ্বময় কৰ্তৃত্ব প্ৰতিষ্ঠা হয় আৰু এক শাসনকাৰী গোটৰ চৰিত্ৰ লাভ কৰিবলৈ ধৰে। পিচত এই ব্যৱস্থাটো নিজৰ গতিত বিকাশ হয় আৰু ই তাৰ স্বাধীন অস্তিত্ব ঘোষণা কৰে। এটা কথা ঠিক যে চৰ অঞ্চলৰ বিশেষ কাৰকসমূহে গঢ় দিয়া এই ধৰ্মীয় ৰাজনৈতিক ব্যৱস্থাটোক অস্বীকাৰ কৰি কোনো ৰাজনৈতিক শক্তিয়ে তাত ভোট লাভ কৰাটো সম্ভৱ নহয়। কমিউনিষ্ট আৰু গণতান্ত্ৰিক মনোভাৱাপন্ন লোকসকলে চৰ অঞ্চলত গা-কৰিব নোৱাৰাৰ কাৰণটো ইয়াতেই বোধকৰো লুকাই আছে। কিয়নো উগ্ৰ হিন্দুত্ববাদৰ উত্থানে চৰ অঞ্চলৰ এই লোকসকলৰ ওপৰত ধৰ্মীয় ৰাজনৈতিক ব্যৱস্থাটোৰ নিয়ন্ত্ৰণ আৰু বেছি কটকটীয়াকৈহে প্ৰতিষ্ঠিত কৰিছে। বৰ্তমান চৰ অঞ্চলত পুঁজিবাদী অৰ্থনীতিৰ প্ৰৱেশ ঘটিছে যদিও উৎপাদনৰ সামন্তীয় সম্পৰ্ক ধ্বংস হোৱা নাই। ফলত উৎপাদনকাৰী পমুৱাসকল আগৰ দৰেই শোষণৰ বলি হ'ব লগা হৈছে। চৰ অঞ্চলৰ সামাজিক ব্যৱস্থাৰ গণতান্ত্ৰিকীকৰণ অবিহনে অসমৰ সমাজ-জীৱনৰ গণতান্ত্ৰিকীকৰণৰ কৰ্মসূচী আগুৱাই নিয়াটো সম্ভৱ নহ'ব। চৰ অঞ্চলত ভূমি সংস্কাৰ আৰু চৰ অঞ্চলৰ কৃষকসকলৰ মাটিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলেহে অসমৰ সমাজ-জীৱনৰ গণতান্ত্ৰিকীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু ভোট বেংকৰ ৰাজনীতি আৰু সংখ্যালঘু মুছলমানসকলক মূলসূঁতিৰ পৰা আচুতীয়া কৰি ৰাখি "সাপ হৈ খোটা আৰু বেজ হৈ জৰা" ৰাজনীতিৰো অৱসান ঘটিব। এয়া বিহংগম দৃষ্টিত কিছু পৰ্যবেক্ষণ মাথোঁ।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ অঞ্চলৰ ৰাজনীতি : এক বিহংগম দৃষ্টি (বিবেক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *