চৰ-চাপৰিৰ বিহু পৰম্পৰা (ৰেহনা চুলতানা)

বিহু অসমৰ জাতীয় উৎসৱ। জাতীয় ঐক‍্যৰ বীজ হিচাপে এই জাতীয় উৎসৱটি জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পালন কৰি আহিছে। অসমৰ অন্যান্য জনগোষ্ঠীৰ লোকে যিমান হেঁপাহ তথা আন্তৰিকতাৰে বিহু উৎসৱ পালন কৰে; তদ্ৰুপ অসমৰ এক বৃহৎ জনগোষ্ঠী চৰ-চাপৰিৰ মিঞা মুছলমানসকলেও সমান আন্তৰিকতাৰে বিহু উৎসৱটি পালন কৰা দেখা যায়। প্ৰব্ৰজনৰ ঐতিহাসিক কাৰণত পমুৱা, লুইতপৰীয়া, পূৰ্ব-বংগীয়, অভিবাসী, ন-অসমীয়া আদি বিভিন্ন নামেৰে অভিহিত কৰিলেও অসমৰ নৈপৰীয়া চৰ-চাপৰিত বসবাস কৰা মিঞা মুছলমানসকল অসমৰেই অসমীয়া; অসমৰ ভাষাই যাৰ ভাষা, অসমৰ সংস্কৃতিয়েই যাৰ সংস্কৃতি।

অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে চৰ-চাপৰিৰ মুছলমানসকলেও জাতীয় উৎসৱ হিচাপে অসমীয়াৰ তিনি বিহু- ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বা ভোগালী বিহু- এই তিনিটা বিহুয়েই পালন কৰা দেখা যায়। অৱশ্যে তেওঁলোকে নিজৰ কিছু গোষ্ঠীগত পৰম্পৰাৰে এই তিনি বিহুৰ পালন কৰে।

চৰ-চাপৰিত ব'হাগ বিহুৰ পৰম্পৰা: কেৱল আনুষ্ঠানিকতা আৰু দুই-চাৰিটা বিহু নামৰ বাহিৰে অসমৰ চৰ-চাপৰিৰ মুছলমানসকলে পালন কৰা ব'হাগ বা ৰঙালী বিহুটি অসমৰ মূলসুঁতিৰ অসমীয়া মানুহে পালন কৰা বিহুটিৰ সৈতে একেই। চৰ-চাপৰিৰ ৰঙালী বিহু বুলি ক'লে বেলেগ বিহু নাই, অসমীয়া ৰঙালী বিহুকেই তেওঁলোকে জাতীয় উৎসৱ ৰূপে পালন কৰে।

বহুতৰে ধাৰণা যে দাড়ি থকা, লুঙী পৰিহিত চৰ-চাপৰিৰ মুছলমান মানেই বাংলাদেশী। গতিকে চৰ-চাপৰিতো যে বিহু উৎসৱটি বৰ আদৰেৰে, আন্তৰিকতাৰে পালন কৰা হয় সেয়া বহুতেই মানি লব নোখোজে। অথচ অসমৰ চৰ-চাপৰিত প্ৰত‍্যেক বছৰেই বহাগ বিহুটি অতি হেঁপাহেৰে পালন কৰা দেখা যায়। অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত সোণতলী, বৰপেটা জিলাৰ আলোপতি চৰ, কলগাছিয়া, কয়াকুছি, ধুবুৰীৰ মানকাচৰ আদি চৰ-চাপৰি অঞ্চলত পতা বিহু আদিয়েই ইয়াৰ উদাহৰণ। চৰ-চাপৰিৰ মুছলমান সমাজত পালন কৰা বিহুৰ ভিতৰত সোণতলী বিহু সন্মিলন আৰু কুজাৰপিঠ বিহু সন্মিলনে এক বিশেষ মৰ্যাদা লাভ কৰি আহিছে। ইছলাম ধৰ্মত ধৰ্ম বহিৰ্ভূত নাচ-গান এচামে নিষিদ্ধ বুলি জ্ঞান কৰিলেও বিহু উৎসৱ পালন কৰাত বাধা প্ৰদান কৰা বা নিষিদ্ধ কৰা বুলি সম্ভৱতঃ ক'তো তেনেকৈ নজিৰ পোৱা নাযায়। ব'হাগ বিহু উপলক্ষে প্ৰত‍্যেক বছৰেই চৰ-চাপৰিত মঞ্চ বিহু পাতি স্থানীয় ডেকা গাভৰু, সৰু ল'ৰা-ছোৱালীয়ে বিহু নৃত্য-গীত কৰাৰ লগতে আমন্ত্ৰিত শিল্পীৰ হতুৱাই বিহু নৃত্য-গীত পৰিবেশন কৰি উপভোগ কৰা দেখা যায়। সেইদৰে প্ৰত‍্যেক বছৰতেই চৰ-চাপৰি অঞ্চলত ব'হাগ বিহু উপলক্ষে ব'হাগ মাহৰ শেষৰ পৰা আৰম্ভ কৰি জেঠ-আহাৰ মাহলৈকে বহাগী বিদায় অনুষ্ঠান পতাও দেখা যায়। ব'হাগী বিদায় পাতি বিহু নৃত্য-গীত পৰিবেশন কৰাটো চৰ-চাপৰি অঞ্চলত এক ধৰণৰ পৰম্পৰা হৈ যোৱা বুলি কলেও ভুল নহ'ব। বহাগ বিহু উপলক্ষে চৰ-চাপৰি অঞ্চলৰ পৰা প্ৰকাশ হৈ ওলোৱা আলোচনী, স্মৃতিগ্ৰন্থ আদিৰ পৰাই এনেবোৰ কথাৰ প্ৰমাণ পোৱা যায়। ইয়াৰ উপৰিও বিহু উপলক্ষে চৰ-চাপৰি অঞ্চলৰ পৰা প্ৰকাশ হৈ ওলোৱা স্মৃতিগ্ৰন্থৰ নামেও বিহুৰ লগত সংগতি ৰাখি বিশেষ এক তাৎপৰ্য বহন কৰে। কামৰূপ জিলাৰ সোণতলী অঞ্চলৰ পৰা ওলোৱা ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ 'কেতেকী' খনকেই ইয়াৰ উদাহৰণ স্বৰূপে লব পাৰি।

ব'হাগ বিহু উপলক্ষে চৰ-চাপৰি অঞ্চলৰ প্ৰাথমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় আদিতো বিহু অনুষ্ঠান পালন কৰা দেখা যায়। গাঁৱৰ কিশোৰ-কিশোৰী, ডেকা-গাভৰুসকলে ধুতি-পাঞ্জাবী, মেখেলা-চাদৰ পৰিধান কৰি হাতত গাম খাৰু, খোপাত কপৌফুল লৈ এনে বিহু অনুষ্ঠানত বিহু নৃত্য-গীত পৰিবেশন কৰে। অসমীয়া মূলসুঁতিৰ মানুহৰ লগত উঠা-বহা, সমিল-মিলৰ ফলত বিহু উপলক্ষে বিহুৱান স্বৰূপে গামোচা উপহাৰ দিয়াও চৰ-চাপৰি শিক্ষিত পৰিয়ালক দেখা যায়। সেইদৰে গৰু বিহুৰ দিনা কোনো কোনো অঞ্চলত গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ নিয়ম যিদৰে দেখা যায়; আকৌ মানুহ বিহুৰ দিনা যুৱ চামে ভোজভাত খোৱাৰ নিয়মো চৰ-চাপৰি অঞ্চলত দেখা যায়।

চৰ-চাপৰিত কাতি বিহুৰ পৰম্পৰা: আহিন-কাতি মাহৰ সংক্ৰান্তীত স্বকীয় কৃষ্টি, পৰম্পৰাৰ মাজেৰে চৰ-চাপৰিৰ লোক সকলে কাতি বিহু পালন কৰে। চৰ-চাপৰি অঞ্চলত কাতিমাহক 'মৰা-কাতি' বোলা হয়৷ কাতি মাহ আকাল অনাটনৰ মাহ৷ এই মাহত খাদ্যৰ নাটনি হোৱাৰ উপৰিও বেমাৰ-আজাৰ বেছিকৈ হয় বাবেই চৰ অঞ্চলত কাতিমাহক 'মৰা-কাতি' বুলি কোৱা হয় আৰু সেয়ে এই মৰা কাতিক বিদায় দিবলৈ চৰ অঞ্চলত দুটা প্ৰক্ৰিয়াৰ মাজেৰে কাতি বিহু পালন কৰা হয় - যেনে 'গছ কটা পৰ্ব' আৰু 'জাগ দিয়া পৰ্ব' ৷ গছ কটা পৰ্বত সৰু ল'ৰা-ছোৱালী আৰু মতা মানুহৰ দুটা দল থাকে ৷ এটা দলে গধূলিতে একেলগ হৈ জুইৰ ভোটা বা হাতত চাকি, দা-কটাৰী আদি লৈ ফল নিদিয়া গছ কাটিবলৈ যায় আৰু আনটো দলে গছ কটা কাৰ্যত বাধা দি সমস্বৰে কয়-- 'গাছ কাইটনা, গাছ কাইটনা; আহা বছৰ ফল দিব'৷ তেতিয়া গছ কটা দলেও গছত এটা দুটা কোব মাৰিয়ে কটা বন্ধ কৰি দিয়ে আৰু কয়- "কাতি মাসেৰ আকালে গছ কাটুমনা আৰ / গাছেৰ ফল বেইচা মাৰুম বছৰেৰ ধাৰ", অৰ্থাৎ কাতি মাহৰ আকালত আৰু গছ নাকাটো ৷ অহাবাৰ ফল দিলে সেই ফল বিক্ৰী কৰি মাহৰ ধাৰ পৰিশোধ কৰিম ৷

আনহাতে, 'জাগ দিয়া পৰ্ব'ত কেঁচা হালধি, আদা, দুবৰি বন, মৰাপাটৰ গুটি, তামোল-পান, নাৰিকল, ভেটফুল, ডালিমৰ কুঁহিপাত, কচু, বাঁহৰ গাজ, মিঠাতেল, সৰিয়হ, ধানৰ থোক, বিভিন্নধৰণৰ ফুল, চাউল, কলগছৰ কুমলীয়া পাত, বিভিন্ন ধৰণৰ গছৰ পাত আৰু সাত নদীৰ ঘাটৰ বা সাতটা কুঁৱাৰ পানী কলহত ভৰাই চোতালৰ মচা ঠাই এটুকুৰাত কলপাতৰ ওপৰত আটাইবোৰ সামগ্ৰী বাহি হ'বলৈ ৰাতিটো বাহিৰতে থৈ দিয়া হয় আৰু পিছদিনা ৰাতিপুৱা হালধি, দুবৰি বন, তেল, সৰিয়হ, মৰাপাটৰ গুটি, ডালিমৰ কুঁহিপাত, কলহ থকা পানীৰ সৈতে মিহলাই গা ধোৱা হয়। এনেদৰে গা ধুলে বছৰটোৰ বাবে ছালৰ বেমাৰ নহয় বুলি তেওঁলোকৰ লোকবিশ্বাস ৷

গাস্যিৰ ৰাতিৰ আমোদজনক কথা এয়ে যে সেইদিনা ৰাতি গাঁৱৰ ডেকা-ছোৱালীবোৰে গাস্যিৰ ৰাতি বাহী বস্তুবোৰ চুৰি কৰাৰ লগতে বেলেগৰ গড়ালৰ পৰা কণী, মূৰ্গী, হাঁহ, চালৰ কোমোৰা, পানী লাও আদি চুৰি কৰি পিছদিনা আটায়ে মিলি ভোজ-ভাত খোৱা দেখা যায় ৷ মন কৰিবলগীয়া যে গাস্যিৰ ৰাতি কোনোবাই সামগ্ৰীবোৰ চুৰি কৰিলেও সেয়া অপৰাধ বুলি ধৰা নহয়। সেয়ে, গাস্যিৰ ৰাতি ঘৰৰ গৃহস্থবোৰ সজাগ থাকিবলগীয়া হয় ৷

উক্ত পৰ্ব দুটাৰ উপৰিও বহুতে আকৌ কৃষি  দেৱতা  বা পীৰ মুৰ্শিদসকল যাতে সন্তুষ্ট হয় আৰু খেতিৰ শস্য যাতে নদন-বদন হয়, তাৰ বাবে গাস্যিৰ ৰাতি পথাৰত বিশেষকৈ ধাননিত ভোগ আগবঢ়ায় ৷ কিছুমানে তুলসী গছৰ তলত চাকিও জ্বলায় ৷

চৰ-চাপৰিৰ মাঘ বিহুৰ পৰম্পৰাঃ চৰ-চাপৰিৰ লোক-সমাজত মাঘ বিহুৰ সমপৰ্যায়ৰ এক উৎসৱ হৈছে পুষুৰা উৎসৱ৷ পুহ মাহৰ শেষৰ সপ্তাহৰ পৰাই চৰ অঞ্চলত পুষুৰা পালন কৰা হয়৷ পুষুৰা উপলক্ষ্যে কাপোৰ-কানি, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি আত্মীয়সকলৰ আহ-যাহ আৰম্ভ হয়। অসমৰ অনান্য চৰ অঞ্চলত লাহে-লাহে পুষুৰা উৎসৱ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে যদিও বৰপেটা জিলাত এই উৎসৱৰ প্ৰচলন এতিয়াও আছে। বৰপেটা জিলাৰ জনীয়া, কাদং, কান্দাপাৰা, বালিকুৰি আদি অঞ্চলত এই পুষুৰা উৎসৱ মহা আয়োজনৰে উদযাপন কৰা হয়।

পুষুৰাৰ লগত কৃষিজীৱি মানুহৰ এক নিবিড় সম্পৰ্ক। পুহ মাহত শালিধান চপোৱা হয় আৰু খেতি চপোৱাৰ পাছত কামৰ চাপো কমি যায়। সেয়ে এই সময়খিনিত সকলোৱে এই উৎসৱত ভাগ লব পাৰে। পুষুৰা উপলক্ষে গাৱঁৰ ল’ৰাবোৰে হাতত এডালকৈ লাখুটি বা এচাৰি লৈ মাটিত টুক টুক শব্দ কৰি গৃহস্থৰ ঘৰে ঘৰে গৈ গীত গাই মাগুন তোলে (চাউল, ধান, টকা তোলে)। এই গীতবোৰক মাগুন গীত বুলি কোৱা হয়। পুহ মাহৰ প্ৰথমৰ পৰা শেষলৈ গোটেই মাহটো গাঁৱৰ গৰখীয়া ল’ৰাবিলাকে মাগুন তুলি যিখিনি চাউল-দাইল, টকা-পইচা পায়, তাৰে মাঘ বিহুৰ প্ৰথম দিনা সকলোৱে মিলি ভোজ-ভাত খায়।

       পুষুৰা উৎসৱৰ লগত সংগতি ৰাখি চৰ অঞ্চলত বিভিন্ন ধৰণৰ খেল-ধেমালি, যাত্ৰা গান, কবি গান, যাত্ৰাপালা নাটক আদি অনুষ্ঠিত কৰা হয়। চৰ অঞ্চলত পুষুৰা উৎসৱৰ মুখ্য আকৰ্ষণ হিচাপে ষাড় যুঁজ, ঘোঁৰা দৌৰ, লাঠীবাৰী খেল, ৰচী টনাটনি, টেকেলী ভঙা, নাওখেল আদি পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হয় আৰু বিজেতাক পুৰস্কাৰৰে পুৰস্কৃত কৰা হয়। সেইদৰে মাঘবিহু উপলক্ষে আজি চৰ-চাপৰিৰ ঘৰে ঘৰে পিঠা-পনা, লাৰু-মুৰি আদি তৈয়াৰ কৰি নিজে খোৱাৰ লগতে আলহী-অতিথিকো আপ্যায়ন কৰা দেখা যায়।

এনেদৰে দেখা যায় যে অসমৰ অনান্য জনগোষ্ঠীৰ দৰে চৰ-চাপৰিৰ মিঞা মুছলমানসকলেও বহাগ বিহুকে ধৰি কাতি বিহুৰ সমান্তৰালকৈ গাস্যি পৰ্ব আৰু মাঘবিহু উপলক্ষে স্বকীয় পৰম্পৰাৰে পুষুৰা উৎসৱ পালন কৰি অসমীয়া জাতীয় সংস্কৃতিৰ বৃহত্তৰ অংগস্বৰূপ হৈ পৰিছে। অতি আদৰৰ তিনিওটা বিহুৱেই বৰ উলহ-মালহেৰে  স্বকীয় পৰম্পৰাৰে পালন কৰাৰ লগতে ধৰ্মীয় উৎসৱ হিচাপে পৱিত্ৰ ঈদ-উজ-জ্জোহা আৰু ঈদ-উল-ফিতৰকে আদি কৰি মহৰম, ফাতেহা-দোৱাজ দহম আদি উৎসৱ পালন কৰে। চৰ-চাপৰিৰ মিঞা মুছলমানসকলে জাতীয় উৎসৱ হিচাপে বিহু উৎসৱ পালন কৰি সমিলমিলৰ পৰিচয় দিছে আৰু বৃহত্তৰ অসমীয়া জাতি গঠনত ঐতিহ্যপূৰ্ণ অৱদান আগবঢ়াইছে।

ইউনিকোড: হীৰু শৰণীয়া, ছাদ্দাম হুছেইন আৰু নিকু দুৱৰা।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ-চাপৰিৰ বিহু পৰম্পৰা (ৰেহনা চুলতানা)"

Leave a Comment

Your email address will not be published. Required fields are marked *