চৰ-চাপৰিৰ নাৰীৰ সামাজিক জীৱন (আশ্ৰাফুল ইছলাম)

অসমৰ  পিছপৰা তথা অনগ্ৰসৰ অঞ্চলসমূহৰ ভিতৰত চৰ-চাপৰিৰ অঞ্চলসমূহ অন্যতম। চৰাঞ্চলৰ প্ৰায়  ৮০ শতাংশৰ অধিক লোক মুছলমান সম্প্ৰদায়ৰ। এই লোকসকল সাধাৰণতে পূৰ্ববংগমূলীয়। চৰাঞ্চলৰ জনগাঁথনিৰ প্ৰায় আধাসংখ্যক নাৰী। এইসকল নাৰী সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক দিশত তেনেই পিছপৰা। ভাৰতবৰ্ষত নাৰীবাদী আন্দোলনে যদিও এক গতি লাভ কৰিছে, কিন্তু এয়া উচ্চজাত, উচ্চশ্ৰেণী আৰু অগ্ৰসৰ অঞ্চলতেই সীমাৱদ্ধ হৈ আছে। ইয়াৰ প্ৰভাৱ চৰাঞ্চলৰ দৰে পিছপৰা আৰু দুৰ্গম অঞ্চলত পৰিলক্ষিত হোৱা নাই।

অতীজৰ পৰা  আজিৰ দিনটোলৈকে লক্ষ্য কৰিলে দেখা যায় যে চৰ-চাপৰিৰ নাৰীৰ সামাজিক অৱস্থান বৰ দুখলগা। ইয়াৰ কাৰণসমূহ হ'ল চৰাঞ্চলৰ লোকসকল তেনেই দৰিদ্ৰ। দৰিদ্ৰতাই গ্ৰাস কৰা এইসকল লোক পূৰ্ববংগৰ পৰা সময়ে সময়ে আহি অসমৰ চৰ-চাপৰিৰ দৰে দুৰ্গম অঞ্চলত থিতাপি লৈছিল। কিছুমান ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণৰ এই অবলা জনগোষ্ঠীটো দুৰ্গম অঞ্চলবোৰতেই সীমাৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। য'ত  আধুনিক শিক্ষা-দীক্ষাৰ অনুষ্ঠান  আজিৰ দিনটোতেও তেনেই সীমিত। ইয়াৰোপৰি এই জনগোষ্ঠীটোৰ প্ৰকৃতি পিতৃতান্ত্ৰিক হোৱা বাবে নাৰীসমাজৰ উন্নয়ন যথেষ্ট মন্থৰ। নাৰীসকলক আধুনিক শিক্ষাৰ দ্বাৰা শিক্ষিত কৰি তোলাৰ পৰিৱৰ্তে অভিভাৱকসকলে ধৰ্মীয় শিক্ষা গ্ৰহন কৰিবলৈ উৎসাহ যোগাইছিল। বৰ্তমান সময়ত কিছু কিছু অঞ্চলত নাৰীক যৎকিঞ্চিত শিক্ষিত কৰি তোলাৰ প্ৰচেষ্টা কৰা হৈছে যদিও সামগ্ৰিকভাৱে ইয়াৰ প্ৰতিচ্ছবি সন্তোষজনক নহয়। উদাহৰণস্বৰূপে  দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফুহুৰাতলী অঞ্চলৰ কথাকে ক'ব পাৰি। ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমৰ  সামগ্ৰিক শিক্ষিতৰ হাৰ আছিল ৭২.১৯ শতাংশ; কিন্তু এই অঞ্চলৰ শিক্ষিতৰ হাৰ আছিল ৩১.৯৬ শতাংশ। য'ত পুৰুষৰ শিক্ষিতৰ হাৰম আছিল ৩৫.৮২ শতাংশ আৰু মহিলাৰ শিক্ষিতৰ হাৰ আছিল ২৭.৯২ শতাংশ। চৰ-চাপৰিৰ নাৰীৰ বিষয়ে পৃথক নথিভুক্ত তথ্য পোৱা নাযায়। অসমৰ চৰ-চাপৰিৰ নাৰীৰ শিক্ষা আৰু সামাজিক অৱস্থানৰ বিষয়ে জানিবলৈ ২০০০ আৰু ২০০১ চনত "চেকুলাৰ ফ'ৰাম" নামৰ সংঠনটিৰ উদ্যোগত কামৰূপ, বৰপেটা, মৰিগাওঁ আৰু নগাওঁ জিলাৰ কিছুমান চৰাঞ্চলক সামৰি চলোৱা অধ্যয়নৰ প্ৰতিবেদন অনুসৰি মহিলাৰ শিক্ষিতৰ হাৰ আছিল ৪.৪৫ শতাংশ; য'ত ২০০১ চনৰ লোকপিয়লৰ তথ্যমতে অসমৰ সামগ্ৰিক শিক্ষিতৰ হাৰ আছিল ৬৩.২৫ শতাংশ। এনেদৰে আমি নাৰীবাদী দৃষ্টভংগীৰে লক্ষ্য কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে সামগ্ৰিকভাৱে চৰ-চাপৰিৰ শিক্ষাৰ হাৰ যথেষ্ট নিম্ন যদিও নাৰীসমাজৰ ক্ষেত্ৰত এই হাৰ অধিক নিম্নতৰ।

বাল্য-বিবাহ চৰ-চাপৰিৰ নাৰীৰ উত্তৰণৰ ক্ষেত্ৰত আন এক ডাঙৰ অন্তৰায়। এনে অঞ্চলবোৰত অপৈনত বয়সত বিয়া দি নাৰীসকলৰ লগত কৰা অন্যায় অত্যন্তই সুলভ। "চেকুলাৰ ফ'ৰাম"ৰ প্ৰতিবেদন অনুসৰি ১২ বছৰ বয়সৰ পৰা চৰ-চাপৰিত বিয়া দিয়া কাৰ্য আৰম্ভ হয় আৰু ১২ৰ পৰা ১৬ বছৰ বয়সলৈকে কিশোৰৰ বিয়া হোৱাৰ হাৰ হৈছে ৯০ শতাংশ। অৰ্থাৎ ফুলকুমলীয়া বয়সত কিশোৰীসকলক বিয়া দি সিহঁতৰ শিক্ষাৰ অধিকাৰকে ধৰি মানৱ অধিকাৰ ভংগ কৰা কাৰ্য চৰ-চাপৰিত সহজলভ্য। কম বয়সত বিয়া হোৱা কিশোৰীৰ স্বাস্থ্য ভাগি পৰাৰ লগতে বহুসময়ত মানসিকভাৱেও ভাগি পৰা দেখা যায় । নাৰীসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী নোহোৱাৰ ফলত কেতিয়াবা বিবাহ বিচ্ছেদ ঘটিলেও এইসকল নাৰীৰ জীৱনলৈ নামি  আহে ঘোৰ অমানিশা। অৰ্থনৈতিক পৰাধীনতাই নাৰীসকলক বিয়াৰ পিছত স্বামী অথবা স্বামীৰ পৰিয়ালৰ ক্ৰীতদাস হিচাপে থাকিবলৈ বাধ্য কৰে। যৌতুকৰ বাবে পত্নীৰ ওপৰত শাৰিৰীক আৰু মানসিক অত্যাচাৰো তেনেই সুলভ। এই সমাজ ব্যৱস্থাত নাৰীৰ ক্ষেত্ৰত দ্বিতীয় বিবাহ অত্যন্তই এক জটিল কাম; কিন্তু পুৰুষসকলে নিজৰ ইচ্ছামতেই দ্বিতীয় বিবাহ সম্পাদন কৰিব পাৰে।

ধৰ্মান্ধতাইও চৰ-চাপৰিৰ নাৰী সমাজক পৰাধীনতাৰ শিকলিৰে বান্ধি ৰাখিছে। এনে অঞ্চলবোৰত কিশোৰীসকলে নিজ ইচ্ছামতে ফুৰা-চকা কৰিব নোৱাৰে। বেছিভাগ নাৰীয়ে ঘৰুৱা কামতেই সীমাৱদ্ধ হৈ থাকি সামাজিক জীৱনৰ পৰা বহু দূৰত থাকে। চৰ-চাপৰিৰ যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবেও সামগ্ৰিক ভাবে সমাজখনৰ লগতে নাৰীসকল বহু পিছপৰা বুলিব পাৰি। বিদ্যালয়ৰ অভাৱত শিক্ষা গ্ৰহণৰ বাবে চৰ-চাপৰিৰ ছাত্ৰ-ছাত্ৰীসকল অন্য ঠাইলৈ যাবলগীয়া হয়। কিন্তু স্বাভাৱিকতেই কিশোৰীসকলক অভিভাৱকসকলে দূৰৰ স্থানলৈ পঠিয়াব নোখোজে; কিন্তু ল'ৰাসকলৰ ক্ষেত্ৰত এনেকুৱা সীমাবদ্ধতা দেখা নাযায় যাৰ কাৰণে কিশোৰীসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হয়। লিংগ বৈষম্যৰ প্ৰাদুৰ্ভাৱো চৰ-চাপৰিৰ নাৰীৰ নিম্ন সামাজিক অৱস্থাৰ কথা সূচায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ফলত চৰ-চাপৰিৰ জনসংখ্যাও বৃদ্ধি হৈছে। বেছিভাগ ধৰ্মীয় নেতা আৰু মৌলবীয়ে জন্ম নিয়ন্ত্ৰণক পাপ কাৰ্য বুলি ভাৱে আৰু যাৰ কষ্ট আৰু বেদনা মহিলাসকলে ভোগ কৰিব লাগে। অত্যাধিক সন্তান জন্ম দিয়াৰ ফলত নাৰীসকলৰ স্বাস্থ্য ভাগি পৰে। ইপিনে গৰ্ভ-অৱস্থাত অথবা গৰ্ভৰ পিছত পুষ্টিকৰ খাদ্য নোপোৱাৰ বাবে মাতৃৰ উপৰিও সন্তানে পুষ্টিহীনতাত ভোগে।

বানপানী আৰু গৰাখহনীয়াই প্ৰতিবছৰে হাজাৰ হাজাৰ লোকক স্থানচ্যুত কৰে। ইয়াৰ ফলত নাৰীসকলৰ বিশেষকৈ বেছি ক্ষতিসাধন হয়। বানপানী বা গৰাখহনীয়াত সৰ্বস্বান্ত হৈ ল'ৰা-ছোৱালীক লৈ স্বামীৰ সৈতে নাৰীসকলেও জীয়াই থকাৰ উদ্দেশ্যে কামৰ বাবে বিভিন্ন নগৰ-চহৰলৈ ওলাই আহে। কাম বিচাৰি পালেও এই নাৰীসকল পুৰুষৰ সমান মজুৰি লাভ নকৰে। কৰ্মস্থলীত বিভিন্ন সময়ত এই নাৰীসকল বিভিন্ন ধৰণৰ শাৰিৰীক-মানসিক নিৰ্যাতনৰ বলি  হ'বলগীয়া হয়। বহু সময়ত অবৈধ বাংলাদেশী বুলি হাৰাশাস্তি কৰাৰ উপৰিও বিদেশীৰ ন'টিছ জাৰি কৰি নিৰ্যাতন কৰা হয়। কেতিয়াবা এই নাৰীসকলে কাম নাপাই বেয়া মানুহৰ কবলত পৰি গণিকাবৃত্তিতো লিপ্ত হোৱা দেখা যায়। দৰিদ্ৰতাৰ কবলত পৰা  এনেকুৱা মহিলাৰ সন্তানে বহু সময়ত শিক্ষা লাভৰ সুযোগ নাপাই শিশু শ্ৰমিক হিচাপে নিয়োগ হয়, যিটো আইনগতভাৱে অপৰাধ । আৰ্থিক দৈন্যৰ বাবে  ল'ৰা-ছোৱালীক লোকৰ ঘৰত চাকৰ থয়, ইয়াতে বিশেষকৈ ছোৱালীৰ সংখ্যা বেছি দেখা যায়। চৰাঞ্চলত নাৰীসকলক কিনা বেচাৰ ঘটনা দেখা পোৱা যায়। দৰিদ্ৰতা আৰু অশিক্ষাৰ সুযোগতে নাৰী সৰবৰাহ চক্ৰই এই অঞ্চলৰ নাৰীসকলক সৰবৰাহৰ কাৰণে ছফ্ট টাৰ্গেট কৰি লয়। চৰাঞ্চলৰ কিছুমান সামাজিক নীতি নিয়মেও মহিলাসকলৰ নিম্ন অৱস্থানক অংকিত কৰে। যেনেদৰে মতা মানুহবোৰে খোৱা-বোৱাৰ পিছতহে মাইকী মানুহবোৰে খায়। খেল-ধেমালি আৰু আমোদ-প্ৰমোদৰ পৰা মহিলাসকলক বহু দূৰত ৰখা হয়, যাৰ বাবে মহিলাসকলৰ শাৰিৰীক  আৰু মানসিক বিকাশো যথেষ্ট নিম্ন।

সমাজৰ অবিচ্ছেদ্য অংশ নাৰী। এখন দেশ বা সমাজৰ উন্নতি বহুলাংশে নিৰ্ভৰ কৰে সেই দেশৰ নাৰীৰ প্ৰগতিৰ ওপৰত। সেয়েহে পণ্ডিত জৱাহৰলাল নেহেৰুৱে কৈছিল যে- "এজন ল'ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা আৰু এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা" । গতিকে নাৰীৰ বিকাশ অবিহনে এখন দেশ বা সমাজৰ বিকাশ কেতিয়াও বাস্তৱসন্মত নহয়। সেয়হে চৰাঞ্চলৰ নাৰীসমাজৰ স্বধীনতা আৰু প্ৰগতিৰ কাৰণে শিক্ষাৰ প্ৰসাৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে। শিক্ষা অবিহনে এই দুৰ্ভগীয়া নাৰীসকলক নিজৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ সৰ্ম্পকে সচেতন কৰিব পৰা নাযাব। যিহেতু গৰাখহনীয়া আৰু বানপানীয়ে সামগ্ৰিক ভাবে চৰ-চাপৰিবাসীৰ লগতে এই সকলৰ মাজৰ অত্যন্ত দুৰ্বল অৰ্থাৎ মহিলাসকলৰ উত্তৰণত হেঙাৰ হিচাপে থিয় দিয়ে, গতিকে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰিলে এই অঞ্চলৰ নাৰীৰ প্ৰগতি সম্ভৱপৰ নহয়। ধৰ্মীয় আৰু সামাজিক কুসংস্কাৰৰ পৰা নাৰীসকলৰ মুক্তিৰ কাৰণে শিক্ষিত প্ৰজন্মই এনেকুৱা অঞ্চলত বিভিন্ন ব্যৱস্থাৰ জৰিয়তে পৰিৱতৰ্ন সাধন কৰিবলৈ চেষ্টা কৰা উচিত। ধৰ্মীয় অনুশাসনৰ অবাস্তৱখিনি প্ৰশমিত কৰি চৰ-চাপৰিৰ নাৰীক সাংস্কৃতিকভাৱে সমাজমুখী হ'বলৈ বাট দেখুৱাব লাগিব। নাৰীৰ প্ৰগতি অবিহনে এখন প্ৰগতিশীল দেশৰ কথা চিন্তা কৰিব নোৱাৰি। এই সন্দৰ্ভত লেনিনে কোৱা কথা এষাৰৰ জৰিয়তে সামৰিব খোজো যে - " জনসংখ্যৰ অৰ্ধেকক ৰান্ধনী ঘৰত বন্দী কৰি থৈ কোনো দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে।"

Share Button
Print Friendly, PDF & Email

2 Comments : "চৰ-চাপৰিৰ নাৰীৰ সামাজিক জীৱন (আশ্ৰাফুল ইছলাম)"

  1. বাহাৰুল হক

    চৰাঞ্চলৰ লোকজীৱনৰ বিশেষকৈ নাৰীৰ বিষয়ে লিখা প্ৰবন্ধটোৰ মাজেৰে দুৰ্ভোগ আৰু যন্ত্ৰনাৰ এখন জীয়া ছবি প্ৰকাশ পাইছে ! তথ্যনিস্ঠ আৰু মনণশীল শৈলীৰে লেখা প্ৰবন্ধটোৰ মাজেৰে গৰাখহনীয়া, যোগাযোগহীনতা, নিৰক্ষৰতা ই চৰাঞ্চলৰ ঘাই সমস্যা ৰুপে পৰিগণিত হৈছে

Leave a Comment

Your email address will not be published. Required fields are marked *