চৰ-চাপৰিৰ স্বাস্থ্যসেৱা : প্ৰত্যাহ্বান আৰু মোকাবিলা (শ্বাহ জামাল আলম)

স্বাস্থ্য বুলিলে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মতে, সম্পূৰ্ণ শাৰীৰিক, সামাজিক আৰু মানসিক সুস্থাৱস্থাক বুজায়। ই কেৱল বেমাৰ অথবা দীৰ্ঘম্যাদী অসুস্থতাৰ কথাকে নুবুজায়। অন্যভাৱে ক'বলৈ গ'লে এজন মানুহে ব্যক্তিগতভাৱে সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে এটা উৎপাদনমুখী জীৱন অতিবাহিত কৰাকে স্বাস্থ্য বুজায়৷ অৰ্থাৎ স্বাস্থ্য বুলিলে বহুকেইটা উপাদানৰ সমাহাৰক বুজায়৷ এই উপাদানসমূহ বাস্তৱতে আমাৰ গাঁৱলীয়া সমাজত কিমানখিনি উপলদ্ধ তাৰ ওপৰত আমাৰ ব্যক্তিগত, পেশাগত অভিজ্ঞতাৰ পৰা দৃষ্টিপাত কৰিম ৷

আমি কাম কৰি থকা ধুবুৰী জিলাৰ এখন অনুন্নত অঞ্চলত যোৱা পাঁচ বছৰৰ অভিজ্ঞতাই আমাক গাঁৱলীয়া তথা চাপৰি সমাজখনৰ স্বাস্থ্য, সামাজিক অৰ্থনৈতিক আৰু মানসিক অৱস্থাৰ বিষয়ে কিছু জ্ঞান প্ৰদান কৰিছে ৷ চৰ-চাপৰিৰ এই অঞ্চলত কিছুমান কু-সংস্কাৰ আৰু অন্ধবিশ্বাসে ঘেৰি ৰাখিছে। তদুপৰি আমি এই অঞ্চলত একেবাৰে ন্যূনতম আন্তঃগাঁথনি নোহোৱাকৈৱে কাম কৰিব লগা হয়, তাৰবাবেও স্বাস্থ্যসেৱাৰ বহুখিনি সুবিধাৰ পৰা এওঁলোকে বঞ্চিত হৈ আছে৷ সংশ্লিষ্ট বিভাগে কামৰ হেঁচা প্ৰয়োগ কৰে, যদিও আন্তঃগাঁথনি উন্নয়নত বিশেষ গুৰুত্ব নিদিয়ে৷ ফলত স্বাস্থ্যসেৱাৰ কাম-কাজত সংযোগত অগ্ৰগতি হয় যদিও বাস্তৱতে গুণগুত মানৰ সিমান উন্নতি নহয়৷ আন্তঃগাঁথনি উন্নয়নতো চৰকাৰে অধিক মনোযোগ দিব লাগে বুলি আমি ভাবোঁ। সি যি  নহওঁক এইবোৰ অঞ্চলত কিছুমান কু-ধাৰণা বদ্ধমূলভাৱে প্ৰচলিত৷ যেনে আইৰণ টেবলেট খালে পেটৰ পোৱালীটো বেছি ডাঙৰ হ'ব আৰু প্ৰসৱৰ সময়ত 'দিগদাৰ' হ'ব৷ পত্নীক পুৰুষ ডাক্তৰৰ দ্বাৰা প্ৰসূতি সেৱা দিলে পৰ্দাৰ 'খিলাফ' হ'ব ৷ গাঁৱৰ 'দাই'ৰ দ্বাৰা যথেষ্ট হেস্ত-নেস্ত হোৱাৰ পিছতহে স্বাস্থ্যকেন্দ্ৰলৈ আহিব অথবা ঘৰতেই সন্তান জন্ম দিব। কেতিয়াবা শাহুৰেকে মন্তব্য দিয়ে, "আমি জন্ম দিলোঁ একো নহ'ল"। সৰু কেঁচুৱাটোৰ বিভিন্ন কাৰণত শৰীৰত পানীৰ পৰিমাণ কমি গৈ মূৰৰ Antexior Fontanella আৰু লগতে অন্যান্য অপৈণত গাঁঠিসমূহ বহি বা ডবি গ'লে সেয়া 'মাথা ফটা ৰোগ' আৰু সেয়া কবিৰাজেহে পাৰিব৷ ফলত, সময়ত চিকিৎসা নোপোৱাৰ বাবে প্ৰায় এনেকুৱা শিশুৰ মৃত্যু ঘটে। শ্বাস-প্ৰশাসজনিত সংক্ৰমণত কেতিয়াবা শিশুৰ বুকুৰ কামিহাড়বোৰ টানি টানি শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰা হৈ যায়৷ এনে এক ভয়ানক অৱস্থাত তৎক্ষণাৎ চিকিৎসা নাপালে মৃত্যু পৰ্যন্ত হয়৷ এনেকুৱা হ'লে 'ভূত'ৰ প্ৰভাৱ নাইবা 'উপৰান্তি' (বেয়া শক্তিৰ দৃষ্টি) হৈছে বুলি কবিৰাজৰ ওচৰলৈ যায়৷ যাৰ ফলত প্ৰায়েই শিশু ৰোগীৰ মৃত্যু ঘটে। আন এটা হ'ল, - পৰিয়াল পৰিকল্পনাৰ অভাব‌। ক’পাৰটি বা অপাৰেছন জাতীয় কিবা ল'লে জানাজা নহ'ব ইত্যাদি, অনেক কুসংস্কাৰ অন্ধবিশ্বাসে গাঁৱৰ সমাজখনত সাৰ-পানী পাই বৰ্তি আছে ৷

পৰিয়াল পৰিকল্পনাত বাধা দিয়া ধৰ্মীয় কাৰণটোৰ মোকাবিলা কৰিবলৈ আমি ধৰ্মীয় গুৰুকো লগত লৈ সজাগতা সভা পাতিছোঁ৷ নিজেও অলপ অচৰপ অধ্যয়ন কৰি যি জানিব পাৰিছোঁ, পৰিয়াল পৰিকল্পনাত ধৰ্মীয় কোনো বাধা নাই, প্ৰকৃততে তাত বাধা দিয়াসকলৰ অজ্ঞতাহে প্ৰকাশ পায়। সেইবাবে কথাবোৰ সঠিকভাৱে অনুধাৱন কৰা 'মৌলনা'ৰ সহায় লৈছোঁ৷ কিয়নো গাঁৱত ব্যক্তিগত, সামাজিক জীৱনত ধৰ্ম এতিয়াও এক শক্তিশালী নিৰ্ণায়ক৷ মহিলাসকলক বুজাওঁ যে সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটোত কিমান কষ্ট আৰু 'ৰিস্ক্' সেয়া কেৱল মহিলাসকলেহে বুজি পায়৷ প্ৰকৃত বেদনা পুৰুষে কি বুজিব? এইবোৰৰ পিছত কিছু মানুহে পৰিয়াল পৰিকল্পনা দীৰ্ঘম্যাদী সুবিধাসমূহ গ্ৰহণ কৰি আছে, পিছে ব্যাপক নহয়৷ আমাৰ সকলোৰে আৰু বহুখিনি কৰিবলগা আছে।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ-চাপৰিৰ স্বাস্থ্যসেৱা : প্ৰত্যাহ্বান আৰু মোকাবিলা (শ্বাহ জামাল আলম)"

Leave a Comment

Your email address will not be published. Required fields are marked *