চৰ-চাপৰিৰ থলুৱা অসমীয়া (ইছমাইল হোছেইন)

ঊনৈশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ প্ৰথম ভাগত অবিভক্ত ভাৰতৰ, পূৰ্ববংগৰ মৈমনসিংহ, পাবনা, ৰংপুৰ আদি জিলাৰ পৰা এদল কৃষক আহি ব্ৰহ্মপুত্ৰৰ চৰ আৰু চাপৰি অঞ্চলত স্থায়ীভাৱে বসতি কৰিবলৈ লৈছিল। এই সকলৰ এটা অংশই পিছৰপিনে অন্যান্য নৈৰ পাৰ, বিল, চৰণীয়া পথাৰ আদি দাঁতিকাষৰীয়া অঞ্চলতো থিতাপি লৈছিল। কেইবাটাও পুৰুষে শতাধিক বছৰ চৰ-চাপৰিত বসবাস কৰাৰ পিচত এওঁলোকে থলুৱা পৰিচিতি লাভ কৰিছে। তদুপৰি অসম ভূখণ্ডত স্থায়ীভাৱে বসতি কৰাৰ পিচত অসমৰ জাতীয় জীৱনৰ সৈতে মিলি গৈ, অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰি, সন্তান-সন্ততিক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই, ধৰ্মনিৰপেক্ষ অসমীয়া সংস্কৃতি চৰ্চা কৰি এইসকল লোকে নিজকে অসমীয়া জাতিৰ অংগত পৰিণত কৰিব পাৰিছে। সেইবাবেই এওঁলোকৰ পৰিচয় অসমীয়া, চৰ-চাপৰিৰ থলুৱা অসমীয়া।

অসমৰ চৰ-চাপৰিত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰিলেও শতকৰা নব্বৈভাগ চৰ-চাপৰিবাসীয়েই ইছলামধৰ্মী। শিক্ষা-দীক্ষাৰে কেইবাটাও প্ৰজন্মই নিজৰ অৱস্থা আৰু মানসিকতাৰ পৰিবৰ্তন কৰিলেও চৰ-চাপৰিৰ থলুৱা অসমীয়াৰ পূৰ্বপুৰুষসকল পূৰ্বতে আছিল কৃষিজীৱী। এওঁলোক পূৰ্ববংগ এৰি অহাৰ কাৰণসমূহৰ অন্যতম আছিল- (ক) বংগৰ জমিদাৰী ব্যৱস্থাৰ অধীনত কৃষকৰ ওপৰত চলা ভূমি-মালিকৰ সামন্তবাদী শোষণ ব্যৱস্থা আৰু তাৰ ফলত সৃষ্টি হোৱা দৰিদ্ৰতা, (খ) জমিদাৰী ব্যৱস্থাত কৃষকৰ ব্যৱহাৰৰ উপযোগী ভূমিৰ নাটনি, (গ) ব্ৰিটিছৰ ঔপনিবেশিক আমোলত অসমত অব্যৱহৃত হৈ থকা পতিত মাটি আৰু এই মাটিবোৰত খেতি কৰিবলৈ অহা বহিৰাহগত কৃষকৰ ওপৰত তুলনামূলক কম বাধা, (ঘ) তুলনামূলকভাৱে অসমৰ কম ৰায়তী শোষণ, (ঙ) জনসংখ্যা অনুপাতে সুলভ ভূমি আৰু এই ভূমি ব্যৱহাৰৰ ক্ষেত্রত অসমৰ স্থায়ী বাসিন্দাৰ অনিচ্ছা। বিশেষকৈ চৰ আৰু পতিত অঞ্চলৰ প্ৰতি অসমীয়া কৃষিজীৱী সমাজৰ অনীহা, (চ) কুৰি শতিকাৰ ত্ৰিশৰ দশকৰ শেষ আৰু চল্লিশৰ দশকৰ প্ৰথম ভাগত মুছলিম লীগৰ দ্বাৰা গঠিত প্ৰাদেশিক কোৱালিচন চৰকাৰে কৃষি কৰ্মৰ বাবে দিয়া উৎসাহজনক সঁহাৰি, (ছ) ব্ৰিটিছ প্ৰশাসন, মাৰোৱাৰী-ব্যৱসায়ী, অসমীয়া মহাজন আৰু ভূমি মালিকৰ পৃষ্ঠপোষকতা আৰু (জ) ঔপনিবেশিক আমোলৰ ভূমি ৰাজহ ব্যৱস্থা আদি।

ব্ৰিটিছ প্ৰশাসনৰ পৃষ্ঠপোষকতাত ব্যাপক হাৰত পূৰ্ববংগীয় কৃষকৰ আগমন হোৱাত অসমীয়া মধ্যবিত্ত সমাজৰ এটা অংশ শংকিত হৈ পৰিছিল আৰু ভাষা-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত গঢ় লৈ উঠিছিল সংৰক্ষিণী আন্দোলন। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, ককা নীলমণি ফুকন সমন্বিতে একাংশ অসমীয়া মধ্যবিত্তই। ১৯২০ চনৰ পৰা ১৯৪৭ চনলৈকে সুদীৰ্ঘ সাতাইশ বছৰ ধৰি চলা অনেক ৰাজনৈতিক আৰু সামাজিক বাদ-বিসম্বাদৰ অন্তত অম্বিকাগিৰী ৰায়চৌধুৰী আৰু নীলমণি ফুকনে অসমীয়া জাতিৰ সুৰক্ষা আৰু অসমীয়া ভাষাৰ সংখ্যাগৰিষ্ঠতাৰ স্বাৰ্থত নৱাগত কৃষকসকলক অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতিত জাহ জাবলৈ আহ্বান জনাইছিল। এই দুগৰাকী জাতীয়তাবাদী অসমীয়াৰ আহ্বানত সঁহাৰি জনাই কুৰি শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশকত নৱাগত কৃষকসকলে ব্যাপক হাৰত অসমীয়া ভাষাক মাতৃভাষাৰূপে আৰু অসমীয়া মাধ্যমক শিক্ষাৰ মাধ্যমৰূপে গ্ৰহণ কৰাৰ ফলত ১৯৫১ চনত অসমীয়া ভাষাই সুদীৰ্ঘ এশ পোন্ধৰ বছৰৰ (১৮৩৬-১৯৫১)- পিছত সংখ্যাগুৰুৰ ভাষাৰূপে স্বীকৃতি পায় আৰু অসমখন বৃহত্তৰ বংগৰ অধীনলৈ যোৱাৰ পৰা ৰক্ষা পৰে। ১৯৫১ চনত অসমীয়া ভাষাই সংখ্যাগৰিষ্ঠ লোকৰ ভাষাৰূপে স্বীকৃতি পালেও বাংলা ভাষাৰ অধীনৰ পৰা অসমে ৰক্ষা পোৱাৰ জোৰদাৰ সংগ্ৰাম আৰম্ভ হৈছিল ১৯৩১ চনৰ লোকপিয়লৰ সময়ৰ পৰা। তাৰ আগতে অসম বিধান পৰিষদত ১৯২৭ চনৰ ২৩ জুলাইত ছৈয়দৰ ৰহমানে তেওঁৰ ভাষণত নৱাগত কৃষকৰ আগমন সন্দৰ্ভত কৈছিল- 'তেওঁলোক অসমীয়া হ'ব, আন বহুতৰ দৰে স্থায়ীভাৱে বসবাস কৰা অসমীয়াই নহয়; তেওঁলোক আহোম আৰু কলিতাসকলৰ দৰে অসমীয়া হ'ব।' (They will become Assamese, not domiciled Assamese like many people; but Assamese infact as much as the Ahoms and Kalitas became Assamese.)

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰি আৰু অনাচৰ অঞ্চলৰ ইছলামধৰ্মী মুষ্টিমেয় কৃষকৰ মাজত অসমীয়া ভাষাৰ গুৰুত্ব ঊনৈশ শতিকাৰ শেষ ভাগতেই যে অনুভূত হৈছিল সেই সম্পৰ্কে সাহিত্যিক ৰত্নেশ্বৰ মহন্তই ১৮৯০ চনৰ ১৩ অক্টোবত হেমচন্দ্ৰ গোস্বামীলৈ লিখা চিঠি এখনৰ জৰিয়তে জানিব পৰা যায়। বাংলা ভাষাত সংখ্যাগৰিষ্ঠতা প্ৰতিৰোধ কৰিবলৈ সেই চিঠিখনত উল্লেখ কৰা হৈছিলঃ 'আমাৰ ছাত্ৰবৃত্তি (এম বি) স্কুলবোৰত বঙলাৰ সলনি অসমীয়া ভাষা চলাব লাগে বুলি মুন্সী মহিবুদ্দিন আহমদ বি এল এৰে গোট খাই এখন দৰ্খাস্ত তৈয়াৰ কৰিছো। আপোনাসকলেও তেনেকুৱা দৰ্খাস্ত এখন লেখি শিক্ষা বিভাগত ডাইৰেক্টৰলৈ পঠাওৱক।' (I have had a memorial drawn up by Moulovi Mahibuddin , B.L., in the subject of introduction of our Assamese in the M.V. Scholls instead of Bengali.) উল্লেখনীয় যে এই দৰ্খাস্তৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাংলা মাধ্যমৰ বিদ্যালয়সমূহ অসমীয়াকৰণ কৰাৰ যি জোৰদাৰ প্ৰচেষ্টা চলিছিল তাত কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকলৈকে চৰ-চাপৰিৰ নৱাগত ইছলামধৰ্মীসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। অসমীয়া জাতীয়তাবাদী শিবিৰৰ আকুল আহ্বানত সঁহাৰি জনাই অসমীয়া ভাষাক বাংলা ভাষাৰ কবলৰ পৰা চৰ-চাপৰিৰ ইছলামধৰ্মী কৃষকসকলে উদ্ধাৰ কৰাৰ বাবেই ১৯৫১ চনৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা ৬২% লৈকে বৃদ্ধি হৈছিল। এনেদৰে ১৯৬১ চনৰ লোকপিয়লত চৰ-চাপৰি ইছলামধৰ্মীসকলে মাতৃভাষা অসমীয়া বুলি দেখুৱাৰ ফলত অসমীয়া ভাষীৰ সংখ্যা এভাগ কমি প্ৰায় ৬১ ভাগ লৈছিলগৈ। জনজাতিৰ এটা অংশই তেওঁলোকৰ নিজস্ব ভাষাক মাতৃভাষাৰূপে দেখুৱাৰ ফলত ১৯৭১ চনৰ লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা সামান্য কমি ৬০.৮৯ ভাগ হৈছিলগৈ। ১৯৫১ চনৰ পৰা লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা বৃদ্ধি কৰাত চৰ-চাপৰিৰ অভিবাসী (settlers বা immigrants) সকলৰ ভূমিকা যে সক্ৰিয় আছিল সেই সম্পৰ্কে ১৯৬১ চনৰ লোকপিয়লৰ অধ্যক্ষ টোকাত কোৱা হৈছিল- 'অভিবাসী মুছলমানসকল অসমলৈ অহাৰ পিচত অতি আন্তৰিকতাৰে সৈতে অসমীয়া ভাষা শিকিবলৈ লৈছিল আৰু তেওঁলোকৰ ল'ৰা-ছোৱালীক অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ পঠাইছিল।' (When they come to Assam those Muslim immigrants honestly try to know the Assamese language and send their children to schools when the Assamese language in the medium of instruction.)

কুৰি শতিকাৰ প্ৰথমভাগৰ পৰাই চৰ-চাপৰি অধিবাসী মুছলমানসকল অসমীয়া ভাষা-সংস্কৃতিক নিজৰ জাতীয় সম্পদৰূপে গ্ৰহণ কৰি কিদৰে অসমীয়া জাতিৰ এৰাব নোৱাৰা অংগত পৰিণত হৈছিল সেই সম্পৰ্কে এক স্বচ্ছ আৰু সন্মানজনক প্ৰতিচ্ছবি পোৱা যায় ১৯১৭ চনৰ পৰা ২০০৭ চনলৈকে, এই নব্বৈ বছৰত অসম সাহিত্য সভাৰ মুঠ চৌষষ্ঠিগৰাকী সভাপতিৰ অভিভাষণৰ পৰা। যিসকল সভাপতিয়ে তেওঁলোকৰ অভিভাষণত চৰ-চাপৰিৰ ইছলামধৰ্মী জনসাধাৰণৰ অসমীয়া ভাষা-সংস্কৃতিৰ সৈতে সম্পৰ্ক আৰু অসমীয়া জাতি গঠনত অংশগ্ৰহণ সম্পৰ্কে সন্মান সহকাৰে উল্লেখ কৰিছে তেওঁলোকৰ অন্যতম আছিল- কালীৰাম মেধি (১৯১৯), ৰজনীকান্ত বৰদলৈ (১৯২৫),  বেণুধৰ ৰাজখোৱা (১৯২৬), নগেন্দ্ৰনাৰায়ণ চৌধুৰী (১৯৩১), জ্ঞানদাভিৰাম বৰুৱা (১৯৩৩), ড° মইদুল ইছলাম বৰা (১৯৪০), নীলমণি ফুকন (১৯৪৪,১৯৪৭), অম্বিকাগিৰী ৰায়চৌধুৰী (১৯৫০), অতুল চন্দ্ৰ হাজৰিকা (১৯৫৯), জ্ঞাননাথ বৰা (১৯৬৮), হেম বৰুৱা (১৯৭২), সত্যেন্দ্ৰনাথ শৰ্মা (১৯৭৫), চৈয়দ আব্দুল মালিক (১৯৭৭), প্ৰসন্নলাল চৌধুৰী, (১৯৭৮), অতুল চন্দ্ৰ বৰুৱা (১৯৭৯), ড° মহেন্দ্ৰ বৰা (১৯৮৭), কীৰ্তিনাথ হাজৰিকা (১৯৮৮), মহিম বৰা (১৯৮৯), ড. নিৰ্মলপ্ৰভা বৰদলৈ (১৯৯১), হিতেশ ডেকা (১৯৯৫), ড° লক্ষ্মীনন্দন বৰা (১৯৯৬), ড° নগেন শইকীয়া (১৯৯৭, ১৯৯৮), চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯৯৯), হোমেন বৰগোহাঞি (২০০১), ড° বীৰেন্দ্ৰনাথ দত্ত (২০০৩), কনকসেন ডেকা (২০০৫, ২০০৭) আদি। এইসকল বৰেণ্য সাহিত্যিক, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ উপৰি অন্যান্য লেখাত উল্লেখ কৰিছে যে অসমীয়া ভাষা-সংস্কৃতিৰ সুৰক্ষা, অসমীয়া জাতিৰ সমৃদ্ধি, অসমৰ কৃষি-অৰ্থনীতিৰ শ্ৰীবৃদ্ধি আদি ক্ষেত্ৰত চৰ-চাপৰিৰ থলুৱা অসমীয়াসকলৰ যথেষ্ট অৱদান আছে আৰু সেই অৱদানক সন্মানজনক দৃষ্টিভংগীৰে স্বীকাৰ কৰি নিৰক্ষৰ আৰু দৰিদ্ৰ মানুহৰ মাজত অসমীয়া ভাষাকেন্দ্ৰিক শিক্ষাৰ বিস্তাৰ দ্ৰুত কৰিব লাগিব আৰু উন্নত জনগোষ্ঠীৰ লোকৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাৰ সুযোগ দিব লাগিব। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ কেইগৰাকীমান সভাপতিৰ বক্তব্য এনেধৰণৰ-

(১) 'অসমলৈ ময়মনসিংহ জিলাৰ বহু মুছলমান আহিছে। যি প্ৰদেশ সমৃদ্ধিশালী, অনেক ঠাইৰ পৰা মানুহ আহি তাত বসতি কৰেহি। এইবাবে আমি আনন্দ প্ৰকাশ কৰিছো। আৰ্যবিলাক এইদৰে বহু দূৰৰ পৰা আহি বসতি কৰেহি। কোচ, কছাৰী, আহোম প্ৰভৃতি জাতি অসমৰ খিলঞ্জীয়া অধিবাসী হ'ল। মিৰজুমলাৰ লগত অহা বহু মুছলমান অসমত থাকি গ'ল, তেওঁবিলাক অসমীয়া জাতিৰ লগত মিহলি হ'ল। ময়মনসিঙীয়াসকলে সেইদৰে অসমতে চিৰস্থায়ীকৈ বাস কৰি অসমীয়া বুলিবলৈ গৌৰৱ অনুভৱ কৰিব, তাত কোনো ভুল নাই।' (বেণুধৰ ৰাজখোৱা। ১৯২৬ চনৰ ধুবুৰী অধিৱেশনৰ অভিভাষণ)

(২) 'যিবিলাক মৈমনসিঙীয়াৰ মানুহ অসমলৈ কাম কৰিবলৈ আহিছে আৰু মাটি-বাৰী কিনিছেহি তেওঁলোকৰ মাজত অসমীয়া ভাষাৰ প্ৰচাৰ হ'ব লাগে। মৈমনসিঙীয়াসকলৰ নিমিত্তে যদি স্কুল স্থাপন কৰা হয়, তাত যেন অসমীয়া ভাষাই প্ৰধান স্থান অধিকাৰ কৰে।' (জ্ঞানদাভিৰাম বৰুৱা। ১৯৩৩ চনৰ লখিমপুৰ অধিৱেশনৰ অভিভাষণ)।

(৩) 'অসমীয়াৰ সুখ-দুখৰ সমভাগী হৈ পৰা চাহ বাগিচাৰ বনুৱাসকল আৰু তাহানিতেই পূৰ্ববংগৰ পৰা পমুৱা বা চৰুৱা মুছলমানসকলো অসমীয়াৰ বুকুৰ কুটুম হৈ পৰিছে।' (অতুল চন্দ্ৰ হাজৰিকা, ১৯৫৯ চনৰ নগাঁও অধিৱেশনৰ অভিভাষণ)

(৪) 'তোমাৰ এটাই পৰিচয়; তুমি অসমীয়া। শত বাধা -বিঘিনিৰ মাজতো যেন তোমাৰ অসমীয়া পৰিচয় জিলিকি থাকে।' (অতুল চন্দ্ৰ বৰুৱা। ১৯৭৯ চনৰ শুৱালকুছি অধিৱেশনৰ অভিভাষণ)

(৫) 'গোৱালপাৰা আৰু নগাঁৱৰ আশে-পাশে থকা ঠাইবোৰ যেতিয়া খালে-ডোঙে ভৰি জলাহ হৈ আছিল, তেতিয়া মাটিত ভৰি দিছিলহি আৰু এচাম নতুন মানুহে। পানীত বুৰ মাৰি কঠিয়া ৰুই আঘোণত গেঁৰ ধৰা সোণালী ধানৰ ডাঙৰী চপাই আনি তেওঁলোকে নিজেও জানিলে আমাকো জনালে, অসম সচাঁসঁচিকৈ সুজলা-সুফলা দেশ। জমিদাৰৰ অত্যাচাৰত দেশ এৰি গুচি অহা এই মানুহমুঠিক কোনো কোনোৱে 'ন-অসমীয়া' আখ্যা দিছে। মই কিন্তু 'ন' বিশেষণটো আঁৰি দুটা বস্তু যেনে-তেনে যোৰা দি যোৱাৰ পক্ষপাতি নহওঁ। নাট্যকাৰৰ সন্ধানত ছটা চৰিত্ৰ ওলাই যোৱাৰ দৰে এওঁলোকৰ নাম এটাৰ সন্ধানত চিৰকালৰ অসমীয়া ওলাই যাব নোৱাৰি জানো? কাৰণ, সেই যোৰা-ফন্দা দিয়া বিশেষণটোৱে সময়ে-অসময়ে খেলিমেলিৰ সৃষ্টি কৰে। তেওলোক জীৱনে-মৰণে অসমীয়া হৈ গ'ল।' (ডঃ মহেন্দ্র বৰা। ১৯৮৭ চনৰ পাঠশালা অধিৱেশনৰ অভিভাষণ)

(৬) 'অসমীয়া কোন- এই প্ৰসংগত এইখিনি কথা বাঢ়িল। চাহ বাগানৰ অসমীয়া, পিছত অহা পূৰ্ববংগৰ মুছলমান অসমীয়া (যাক শ্ৰীযুত হোমেন বৰগোহাঁঞিদেৱে নামাকৰণ কৰিছিল 'ন-অসমীয়া' বুলি ব্যৱহাৰিক সা-সুবিধাৰ কাৰণে; কিন্তু বৰ্তমানে এনে প্ৰয়োজন উঠি গৈছে), অসমৰ শিখসকল, বৌদ্ধসকল, বিভিন্ন জনগোষ্ঠী, পৰ্বত-ভৈয়াম, নেপালী সকল, বঙালী সকল- সকলো মিলিয়েই অসমীয়া।' (মহিম বৰা, ১৯৮৯ চনৰ ডুমডুমা অধিৱেশনৰ অভিভাষণ)

(৭) 'মাতৃভাষা, (যিটো ভাষা জন্মসূত্ৰে পোৱা যায় ) ৰাজ্যিক ভাষা, সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ স্থিতি থকাৰ উপৰিও 'ধাত্ৰী' ভাষা অথবা তোলনীয়া ভাষা (adopted language) ৰূপেও অসমীয়া ভাষাৰ এটি ভূমিকা ৰৈছে। চৰ অঞ্চলৰ ন-অসমীয়া মানুহখিনিৰ সন্দৰ্ভত এই কথা কোৱা হৈছে। এই কাৰণেই যে সেই মানুহখিনিয়ে অসমীয়া ভাষা গ্ৰহণ কৰিছে। অসমৰ চৰ অঞ্চলৰ ন-অসমীয়াসকলৰ কাৰণে অসম সাহিত্য সভাৰ প্ৰাক্তন আৰু প্ৰয়াত সভাপতি ময়িদুল ইছলাম বৰাৰ ভাষণাবলীত সন্নিবিষ্ট, বৰপেটাৰ জয়পুৰত খন্দকাৰ আলী চাহাবে কোৱা কথাকেইষাৰ প্ৰণিধানযোগ্য : 'যেনেকৈ আমি আৰব এৰি, পাৰস্য এৰি, আফগানিস্তান এৰি, পঞ্জাব এৰি বঙালী হৈছো, সেইদৰেই এতিয়া আমি বংগদেশ এৰি অসমীয়া হৈছো। এতিয়া আমি খাটি অসমীয়া। আমাৰ মঙহ অসমৰ মঙহ, আমাৰ তেজ অসমৰ তেজ। আমাৰ দৰে সকলো লোকেই- যিসকল অসমত নতুনকৈ সোমাইছে তেওলোকক আমি অসমীয়া বুলি স্বীকাৰ কৰিবলৈ আৰু  অসমীয়া ভাষা শিকি পেলাবলৈ উপদেশ দিওঁ। যি ঠাইতেই থকা যায় সেই ঠাইৰেই অধিবাসীৰ লগত মিলিজুলি থাকিবলৈ, সেই দেশৰেই ভাষা শিক্ষা কৰাটো তেওঁলোকৰেই ন্যায় সংগত কথা।' আনজন বক্তা মৌলবী দেৱান আব্দুল হামিদ চাহাবে কৈছিল-  'আমি অসমীয়া। আমি অসমৰ ৰসপান কৰি জীয়াই আছো।' (ডঃ নিৰ্মল প্ৰভা বৰদলৈ। ১৯৯১ চনৰ দুধনৈ অধিৱেশনৰ অভিভাষণ)

(৮) 'চাহে-চৰে অসম, জনজাতি-অজনজাতি নহয় যেন বিষম। চৰ অঞ্চলত অসমীয়া ভাষা তাহানিৰ দিনৰ পৰা সন্ঢালনিকৈ চলি আছিল, আজিও আছে। চৰ নিবাসী অসমীয়া লোকসকলে অসমীয়া ভাষা গ্ৰহণ কৰি আমাৰ মাজৰ সৌহাৰ্দ্য ভাব টনকীয়াল কৰি ৰাখি আছে। বৰ্তমান পৰিস্থিতিৰ ৰাজনৈতিক কবলত পৰি চৰ অঞ্চলৰ অসমীয়া ভাষাক এলাগী কৰাৰ নতুন ষড়যন্ত্ৰ চলিছে।....  আজি এটা শব্দৰ আখৰ মচিবলৈ আমি ৰাইজক অনুৰোধ জনাও। চৰবাসী ৰাইজক বহু বছৰ আগতে ন-অসমীয়া বুলি অভিহিত কৰিছিল। আজি ইমান বছৰে ন-অসমীয়া 'ন' আখৰটোৱে গোলমাল কৰি আছে। ন অসমীয়াৰ 'ন' আখৰটো এই সাহিত্য সভাতে আপোনালোকে মচি দিয়ক। ন-অসমীয়া নহয়, অসমীয়া। আমি একে অসমীয়া। ভৈয়ামৰ, পৰ্বতৰ অসমীয়া, বাগানৰ অসমীয়া, চৰবাসী অসমীয়া- সকলো একে অসমীয়া।' (হিতেশ ডেকা। ১৯৯৫ চনৰ সৰ্থেবাৰী অধিৱেশনৰ অভিভাষণ)।

(৯) 'পূৰ্বতে পূৰ্ববংগ আৰু তাৰ পাছত পূব পাকিস্তান নামেৰে পৰিচিত একেখন ঠাইৰ পৰা অহা অসম উপত্যকাৰ ইছলামধৰ্মী লোকসকলক অবৈধ বাংলাদেশীৰ প্ৰতি প্ৰীতি আছে বুলি সন্দেহ কৰাটো সমীচীন হোৱা নাই বুলি অসমৰ ৰাইজে বুজা উচিত। তেওঁলোকক এতিয়া পমুৱা মুছলমান বা ন-অসমীয়া বুলিও কোৱা অনুচিত; কাৰণ অসমীয়া সংস্কৃতিৰ আত্মীকৰণৰ প্ৰক্রিয়া ইমানেই সক্রিয় আৰু তেওঁলোকৰ অসমীয়া জীৱনৰ মূলসুঁতিলৈ আহিবলৈ ইমানেই আগ্রহ আৰু প্ৰচেষ্টা যে তেওঁলোক পুৰা অসমীয়া। তেওঁলোকৰ শিক্ষিত লোকসকলে অসমীয়া সাহিত্যলৈ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অৱদান আগবঢ়াইছে। প্ৰয়াত অৰ্থনীতিবিদ ড° প্ৰভাস চন্দ্ৰ গোস্বামীৰ কৃষি অৰ্থনীতিৰ গৱেষণাই প্ৰতিপন্ন কৰিছে যে এনে সৰ্বমুঠ প্ৰায় ৫২ লাখ লোকৰ অসমৰ কৃষি উৎপাদনত প্ৰচুৰ  অৰিহণা আছে। শ্ৰমভূষণ এই লোকসকল অসমৰ নিগাজী সম্পদ। সুখৰ কথা যে তেওঁলোকৰ শিক্ষিত তৰুণ তৰুণীসকল অসমৰ চহৰীয়া অঞ্চলৰ ইংৰাজী মাধ্যমত শিক্ষা লাভ কৰা উচ্চ মধ্যবিত্তৰ খিলঞ্জীয়া অসমীয়া তৰুণ-তৰুণীতকৈ বহু বেছি অসমীয়া। তেওঁলোকে শুদ্ধ অসমীয়া কয় আৰু লিখে।... অভিবাসী আখ্যা দিয়া কৃষিজীৱি মুছলমান সকলে অসমীয়াক মাধ্যম হিচাপে গ্রহণ কৰি শুদ্ধ অসমীয়া ক'বলৈ আৰু লিখিবলৈ চেষ্টা চলোৱাৰ উপৰি অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ খবৰ ৰাখে। তেনেহলে আমি কাক অসমীয়া বুলি ক'ম? ইংৰাজী শব্দ মিহলাই অশুদ্ধ অসমীয়া কোৱা কোনোবা বৰা, শইকীয়া বা মহন্তৰ সন্তানক নে চৰ অঞ্চলৰ কোনোবা গোলাম মোস্তাফা, আদিল খন্দকাৰ বা ৰফিউল হুছেইনৰ সন্তানক?'(ডঃ লক্ষ্মীনন্দন বৰা। ১৯৯৬ চনৰ বোকাখাত অধিৱেশনৰ অভিভাষণ)।

(১০) 'আমাৰ চৰ অঞ্চলত আহি স্থায়ীভাৱে বসবাস কৰি অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত মিলি যোৱা আৰু মিলি যাবলৈ আৰম্ভ কৰা সকলৰ মাজতো আমি একেধৰণৰ অসমীয়া মন এটাৰ অৱস্থান সক্রিয় হৈ থকা যেতিয়া দেখো, তেতিয়া অসমীয়া ভাষা আৰু সংস্কৃতিৰ নতুন দিগন্ত এটাও লক্ষ্য কৰো।' (ডঃ নগেন শইকীয়া। ১৯৯৭ চনৰ বিলাসীপাৰা অধিৱেশনৰ অভিভাষণ)।

চৰ চাপৰিৰ থলুৱা অসমীয়া সম্পৰ্কে এনেধৰণৰ অনেক গুৰুত্বপূৰ্ণ অভিমতেৰে ভৰি আছে অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণসমূহ। অভিভাষণৰ উপৰিও কেইবাগৰাকী সভাপতিয়ে বিভিন্ন লেখাৰ মাজেৰে চৰ-চাপৰিবাসী ইছলামধৰ্মী সকলৰ অসমীয়াত্ব আৰু অসমীয়া জাতিৰ সৈতে অভিন্ন সম্পৰ্কৰ কথা দোহাৰিছে। এনে কেইটামান লেখাৰ কিয়দংশ হ’লঃ

(১) 'যিবিলাক বিদেশী আমাৰ দেশলৈ আহি বসতি কৰিছে, যিবিলাক কেতবোৰ অসমীয়া হ’বৰ আশা আছে, তেওঁলোকক আমাৰ সমাজৰ পৰা আঁতৰ কৰি থোৱা উচিত হোৱা নাই।। আমি তেওঁলোকক লাহে লাহে আমাৰ সমাজত ঠাই দিব লাগে। যিবিলাক মুছলমান বিদেশী আহি ঠায়ে ঠায়ে ঘৰ-বাৰী সাজি নিগাজীকৈ অসমত আছে, সিবিলাকক অসমীয়া কৰিব লাগে আৰু এই কাম ঘাইকৈ অসমীয়া মুছলমানৰ ওপৰতে নিৰ্ভৰ কৰিছে। সৌভাগ্যক্ৰমে অসমীয়াৰ এটা ডাঙৰ গুণ আছে। অসমীয়াই সহজে বিদেশীক অসমীয়া কৰি ল’ব পাৰে। ইয়াত বহুতো দেছোৱালী, কেঞা, বঙালী আদি ভিন্ন জাতিৰ লোকক অসমীয়াই সমাজভুক্ত কৰি অসমীয়া কৰাৰ দৃষ্টান্ত বহুত আছে।' (জ্ঞাননাথ বৰা। আসামত বিদেশী, ১৯২৫)।

(২) 'মানকাচৰ আৰু আন চৰাঞ্চলৰ লোক সকলৰ

পূৰ্বপুৰুষৰ অসমলৈ আগমন হৈছিল সেই পূৰ্ববংগৰ পৰাই যি বৰ্তমান বাংলাদেশ হিচাপে পৰিচিত। বৰ্তমান মানকাচৰৰ সকলোৱে নিজকে অসমীয়া জ্ঞান কৰে, অসমৰ জাতীয় জীৱন, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ লগত তেওঁলোক একাকাৰ হৈ পৰিছে। তেওঁলোকৰ মতে অসমত অসমীয়া ভাষা-সংখ্যালঘুত পৰিণত হবলৈ তেওঁলোকে নিদিব।' (চন্দ্ৰ প্ৰসাদ শইকীয়া, সীমান্ত, গৰীয়সী, মাৰ্চ ২০০০)

(৩) 'পূৰ্ববংগৰ পৰা মাত্ৰ ৩০-৪০-৫০ বছৰ আগতে অসমলৈ অহা এই সকলৰ সংখ্যা কেৱল শ শ, হেজাৰ হেজাৰ নহয়, তেওঁলোকৰ সংখ্যা লাখ লাখ। এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিশ্চিহ্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি? ইয়াৰ একমাত্র ভিত্তি হ’ল অসমীয়া ভাষা। তেওঁলোক 'ন-অসমীয়া মুছলমান '- কাৰৰণ অসমীয়া ভাষাক নিজৰ ভাষা ৰূপে গ্ৰহণ কৰি তেওঁলোক উদাৰ অসমীয়া সমাজৰ নৱাগত সদস্যৰূপে ভুক্ত হৈছে। কেৱল পূৰ্ববংগৰ মুছলমান সকলেই অসমত স্থায়ীভাৱে বাস কৰিবলৈ অহা নাই। ৰাজস্থানৰ মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বংগদেশৰ হিন্দু -বঙালী লৈকে ভাৰতৰ বিভিন্ন প্রান্তৰৰ বহুতো মানুহে অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে আৰু অসমৰ অন্নেৰে প্ৰতিপালিত হৈছে। কিন্তু তেওঁলোকৰ কোনেও অসমীয়াক আপোন বুলি গ্ৰহণ কৰি নিজকে 'ন-অসমীয়া' বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিবৰ্তে বৰং অসমৰ প্ৰতিখন চহৰতে (এতিয়া গাঁৱতো) মাৰোৱাৰী হিন্দী স্কুল, বঙালী স্কুল আদিহে গজি উঠা আমি দেখিবলৈ পাইছো। অথচ তেওঁলোকৰ সংখ্যা এই ন-অসমীয়া মুছলমান সকলতকৈ বহুগুণে কম। লাখ লাখ মানুহৰ এনে এটা বিশাল অসমীয়া জনগোষ্ঠীয়ে এনেভাৱে নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি আৰু নিজৰ সাংস্কৃতিক পৰিচয় মোহাৰি পেলাই নতুন এটা ভাষা সংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসতেই বিৰল বুলি ক'ব পাৰি।' ( হোমেন বৰগোহাঞি। অসমৰ ন-অসমীয়া মুছলমান।সাপ্তাহিক নীলাচল। ১০ জুন, ১৯৭০)।

(৪) 'এফালে মৈমনসিঙীয়া মুছলমানক লৈ 'মুছলিম লীগ' মুছলিম সংখ্যাধিক্য  প্ৰদেশ কৰি ফালৰি কাটিবৰ চেষ্টা। আনহাতে চিলেটৰ হিন্দু বঙালী সকলে বৃহত্তৰ বংগ কৰাৰ অপচেষ্টা। এই দুই কাৰণত আমি 'সংৰক্ষিণী নীতি' গ্রহণ কৰিবলগীয়া হৈছিল। কিন্তু পমুৱাসকলে অসমীয়া সমাজত জাহ গৈ ভাষা- সংস্কৃতিত যোগ্য আসন গ্রহণ কৰিব পাৰিছে, সমানে নেতৃত্ব লৈ দেশ চলোৱা কামত সমান দায়িত্ব ল'ব পৰা হৈছে। এইটো স্বাভাৱিক খিলঞ্জীয়া হোৱাৰ পথ। এতিয়া অতীতৰ ভুল পাহৰি, সংঘৰ্ষৰ কথা মনত ঠাই নিদি, কি হিন্দু কি বৌদ্ধ, কি মুছলমান, কি শিখ, কি জৈন, কি বঙালী, কি বিহাৰী, কি ৰাজস্থানী সকলোৱে বুজি উঠা ঐক্য-সংহতি যেন দিনে দিনে বৃদ্ধি পায়, একোটা সমৃদ্ধিশালী, লাহে লাহে ৰক্ত সংমিশ্ৰণৰ মাজেদি আৰু ওচৰ চাপি আহি, অজেয় অপূৰ্ণ অসমীয়া জাতিৰ 'নৱ সংস্কৰণ' হৈ উঠে, এয়ে আমাৰ সুদীৰ্ঘ জীৱনৰ খলা-বমাৰ মাজেদি আহি পোৱাৰ অভিজ্ঞতাৰ কথা।' (নীলমণি ফুকন। নীলমণি ফুকনৰ চিন্তাধাৰা-দিলীপ চৌধুৰী। ১৯৭২)

(৫) 'ভাৰতৰ এয়ে এটা বিশেষত্ব যে অতীতত যিকোনো জাতিয়ে ভাৰত জয় কৰি শাসন কৰিছেহি,  সেই জাতিয়েই আগৰ মাতৃভাষা পাহৰি গৈ ভাৰতীয় ভাষাকেই মাতৃভাষাৰূপে গ্ৰহণ কৰিছে। ভাৰতৰ এই  বিশেষত্বৰ পৰাই মোগল আৰু আহোমৰ মাতৃভাষা উৰ্দু ভাষা আৰু অসমীয়া হ'ল। কিন্তু উক্ত মুছলমানবিলাক বংগদেশৰ পৰা জেতাৰূপে অসমত আহি সোমোৱা নাই, সিবিলাক আহিছে বংগদেশৰ জমিদাৰসকলৰ উৎপীড়ন সহিব নোৱাৰি, অসমৰ মুকলি পথাৰত নিৰুদ্বেগ আৰু নিৰ্বিঘ্নে পেটৰ ভাত মুকলি কৰিবলৈ। গতিকে এইবিলাক মুছলমানে  কৃতজ্ঞতাৰ মূল্যস্বৰূপে অতি সহজেই সোনকালে অসমীয়া জাতিৰ লগত মিলি যাব বুলি বিশ্বাস হৈছে।’ (অম্বিকাগিৰী ৰায়চৌধুৰী। অসম মুছলমান ছাত্ৰ সন্মিলন)

সুদীৰ্ঘ দিনৰ আত্মীকৰণ আৰু জাহ যোৱা প্ৰক্ৰিয়াৰ মাজেৰে চৰ-চাপৰিৰ মুছলমানসকল যে থলুৱা আৰু অসমীয়াৰ পৰিচয় বহন কৰিবলৈ সক্ষম হৈছে তাৰ জ্বলন্ত প্ৰমাণ অসমীয়া মধ্যবিত্ত, বুদ্ধিজীৱী আৰু সাহিত্যিক সমাজৰ উপৰি উক্ত বিশেষণ আৰু স্বীকাৰোক্তি। অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ পিচত যোৱা এশটা বছৰে (১৯০৮-২০০৮) চৰ-চাপৰিৰ থলুৱা  অসমীয়াসকলে অসমীয়া জাতিৰ শ্ৰীবৃদ্ধিত যি অৰিহণা যোগাই আহিছে তাৰ তুলনা ক’তো পাবলৈ নাই। অসমীয়া ভাষাকেন্দ্ৰিক ১৯৬০ চনৰ ভাষা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ উপৰি ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ চৰ-চাপৰিৰ থলুৱা অসমীয়া ছাত্ৰ খাৰুপেটীয়া অঞ্চলৰ ছহিদ হোৱাৰো নিদৰ্শন আছে। সুদীৰ্ঘ দিনৰ অপবাদ, ঘৃণা আৰু অৱজ্ঞা সত্বেও চৰ-চাপৰিৰ থলুৱা ইছলামধৰ্মী অসমীয়াসকলে বিহু, বিহুনাচ, বিহুনাম, বৰগীত, ভাওনা, কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, বিয়ানাম, জিকিৰ আদি চৰ্চাৰ মাজেৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ চহকী কৰি আহিছে। আমাৰ দায়িত্ব হ’ল শিক্ষাহীনতা, চিকিৎসাহীনতা, যোগাযোগহীনতা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ পৰা মুক্ত কৰি চৰ-চাপৰিবাসী এইসকল ইছলামধৰ্মী অসমীয়াক অনান্য জনগোষ্ঠীৰ অসমীয়াৰ শাৰীলৈ অনা আৰু অসমীয়া ভাষা-সংস্কৃতিক অধিক চহকী কৰাত আগভাগ ল’বলৈ সহায় কৰা।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰ-চাপৰিৰ থলুৱা অসমীয়া (ইছমাইল হোছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *