অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

চৰ-চাপৰিৰ মুছলমানৰ ৰাজনীতি আৰু মুছলমানকেন্দ্ৰিক ৰাজনীতি (ওমৰ আলী চৌধুৰী)

অসমৰ মুছলমানসকলৰ বিশেষকৈ চৰ-চাপৰি অঞ্চলত বসবাস কৰা মিঞা মুছলমানসকল কংগ্ৰেছ দলৰ ভোট বেংক বুলি এক বদনাম আছে। কথাটো একেবাৰে মিছাও নহয়। কিয়নো ১৯৮৫ চনলৈকে মুছলমানসকলে কংগ্ৰেছ দলকে ভোট দি আহিছিল বুলি কলেও ভুল কোৱা নহ’ব। অকল ১৯৮৫ চনত অসম চুক্তিৰ বিৰোধিতা কৰি আৰু চুক্তি কৰোঁতে আমছু প্ৰমুখ্যে সংখ্যালঘু সংগঠনসমূহক আওকাণ কৰাৰ অপৰাধত মূলত: মিঞা মুছলমানসকলে কংগ্ৰেছ দলটোক সম্পূৰ্ণ বয়কট কৰি সংযুক্ত সংখ্যালঘূ মৰ্চা বা ইউ এম এফ দলৰ জন্ম দি সেই দলৰ ১৭-জনকৈ বিধায়ক নিৰ্বাচিত কৰিছিল। তাৰ ফলত লাভ কি হৈছিল? ১৯৮৫-ৰ সেই নিৰ্বাচনত সংখ্যালঘূ ৰাইজে ৩০/৩৫-খন আসন আশা কৰিছিল। সিমান সংখ্যক আসন পালেওতো কংগ্ৰেছৰ বাহিৰে আন দলৰে মিত্ৰতা কৰাৰ বাহিৰে আন উপায় নাথাকিলহেঁতেন আৰু তেনেদৰেও চৰকাৰ গঠন কৰা জটিল হ’লহেঁতেন। সেয়া সম্ভৱ হ’লেও গৈ গৈ কংগ্ৰেছৰ হাততেই বন্দী হ’বলগীয়া হ’লহেঁতেন। যি নহওক, পৰৱৰ্তী পৰ্যায়ত দলটোৰ অৱস্থা কি হ’ল তাক আটায়ে প্ৰত্যক্ষ কৰিলেই।

১৯৯১-ৰ নিৰ্বাচনত পুনৰ মিঞাসকল কংগ্ৰেছ দলৰে ভোটবেংক হ’লগৈ। পৰৱৰ্তী সময়ত আই এম ডি টি আইনখন বাতিল হোৱাৰ গইনা লৈ মিঞা-মুছলমানৰ সমৰ্থন আদায়ৰ লক্ষ্যৰে পুনৰ এ ইউ ডি এফ দলৰ জন্ম দিয়া হ’ল। ২০০৬-ৰ নিৰ্বাচনত মিঞাসকলৰ অধিক সংখ্যক লোকৰ সমৰ্থনত দলটোৱে ১২ খন আসন লাভ কৰিলে। কংগ্ৰেছ দলৰ ধাৰাবাহিক বঞ্চনাত বিতশ্ৰদ্ধ মিঞাসকলৰ মাজত আজমল বাহিনী সোমাই যোৱাত ২০১১ চনৰ নিৰ্বাচনত মিঞা-মুছলমানৰ পূৰ্ণ সমৰ্থনত এ ইউ ডি দলটোৱে ১৮-খন আসন দখলৰ যোগেদি প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হ’ল যদিও তাৰ বিপৰীতে কংগ্ৰেছৰ আসনৰ সংখ্যা যথেষ্ট বাঢ়িল। মিঞা-মুছলমানৰ ৰাজনৈতিক লাভালাভৰ সমীকৰণত মূলত: পোৱা গ’ল এক শূন্য। এই কাৰ্যকালত আজমলে পূৰ্বৰ প্ৰৱণতা বজাই ৰাখি বহুবাৰ কংগ্ৰেছৰ সহযোগী হ’বলৈ প্ৰচেষ্টা চলাইও তৰুণ গগৈৰ আজমল-বিৰোধী নীতিৰ বাবে সেয়া সম্ভৱ নহ’লগৈ। আহিল ২০১৬-ৰ নিৰ্বাচন। আজমল-বাহিনীয়ে ভাবিলে যে এইবাৰ তেওঁলোকে অতি ভাল ফল লাভ কৰিব। তৰুণ গগৈয়ে তেওঁলোকক নোহোৱাকৈ চৰকাৰ গঠন কৰিব নোৱাৰিব। আজমল উপমুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ’ব, ইত্যাদি। তৰুণ গগৈয়েও ভাবিলে যে পুনৰ তেৱেঁই চৰকাৰ গঠন কৰিব। কিন্তু সকলো ওলট-পালট হৈ কি হ’লগৈ তাক আৰু কোৱাৰ অৱকাশ নাই। ইমানৰ পিছতো যদি মিঞা-মুছলমানসকলে নিজৰ ৰাজনৈতিক অংক কৰাত পুনৰ ব্যৰ্থ হয় তেন্তে তাৰ বাবে অদৃষ্টক দোষী লাভ নাই।

অসমৰ সাম্প্ৰতিক ৰাজনীতিত মিঞাসকলে কেবাবাৰো নিজাববীয়াকৈ চিন্তা আৰু প্ৰচেষ্টা কৰি কি কৰিবলৈ সক্ষম হ’ল তাক আৰু নতুনকৈ বৰ্ণোৱাৰ প্ৰয়োজন নাই কিজানি। এটা কথা প্ৰমাণিত যে মিঞাসকলে ৰাজনৈতিক ভাৱে একগোট হ’ব বিচাৰিলে বাকী সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধ হৈ অন্যপন্থা অৱলম্বন কৰিবই। ইপিনে তেতিয়া কংগ্ৰেছ দলেও মুখ থেকেচা খাবই আৰু তেতিয়া ৰাজ্যখনত উগ্ৰ জাতীয়তাবাদী বা সাম্প্ৰদায়িক দলৰ অভ্যুত্থান ঘটিবই । উদাহৰণ স্বৰূপে ১৯৮৫ আৰু ২০১৬। সেয়ে এয়া প্ৰতীয়মান হৈ গ’ল যে গৰিষ্ঠ সংখ্যক তথাকথিত মূল সুঁতিৰ অসমীয়া ৰাইজৰ লগত থাকিহে মিঞা-মুছলমানৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ যত্ন কৰিব লাগিব। তেন্তে কাৰ আশ্ৰয় ল’ব লাগিব? কংগ্ৰেছ দলক বহু ভোট দি আহিলোঁ। বিনিময়ত কংগ্ৰেছৰ ভোটবেংক , বিদেশী-বাংলাদেশী , ডি-ভোটাৰ , চৰ-চাপৰিৰ বেদখলকাৰী বোলা বদনামৰ উপৰি মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আহিলোঁ। অগপ দল সদায় আমাৰ বিৰুদ্ধে চিন্তা কৰি অহাৰ উপৰি সময়-সুযোগ পালেই বিজেপি দলৰে মিত্ৰতা কৰি ৰাজভোগ খাই আহিছে। ইপিনে এই অগপৰ নেতাহঁতৰ আন্দোলনতেই নেলী, চাউলখোৱা…। বিজেপিৰ কথা আমি চিন্তা কৰাই ভুল হ’ব। বাকী থাকিল বামপন্থী দলবোৰ। এই দলবোৰ আমাৰ বাবে ভাল যদিও দলবোৰ বৰ্তমান সংকটগ্ৰস্ত আৰু মুছলমান সমাজৰ মোল্লাতন্ত্ৰই তাক সহজভাৱে গ্ৰহণ নকৰে।

তেন্তে বিকল্প কি?

আমি ব্যক্তিগতভাৱে যি দেখিছো একমাত্র অখিল গগৈ নামৰ ব্যক্তি আৰু তেওঁৰ দল-সংগঠনে অতি সাহসিকতাৰে কাম-কাজ কৰি আছে। তেওঁৰ লগত অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰ লোকৰ সহযোগিতা আছে। যিসকল ন্যস্ত-স্বাৰ্থৰ লোকে তেওঁক সমৰ্থন কৰা নাই সেই সকলে নিজৰ ব্যক্তি স্বাৰ্থৰ পিছত ঘূৰি আছে নাইবা হিন্দু সাম্প্ৰদায়িক আবেগত উদ্বুদ্ধ। বৰ্তমানৰ বাঁও-গণতান্ত্ৰিক চিন্তাধাৰাৰ অনুগামীসকলে অখিল গগৈৰ লগতে থকা দেখা গৈছে। জাতি-ধৰ্ম বিচাৰ নকৰাকৈ অখিল গগৈ আৰু তেওঁৰ সংগঠনসমূহে দুৰ্দিনৰ সময়ত গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষভাৱে মাত মাতি আহিছে। উদাহৰণ স্বৰূপে শত প্ৰত্যহ্বানৰ মাজেদিও কাজিৰঙাৰ উচ্ছেদৰ সময়ত চৰকাৰক বিৰোধীতা কৰি তেওঁ বলিষ্ঠ ভূমিকা লৈছিল। তাৰে ভুক্তভোগীসকলৰ স্বগোষ্ঠীয় দল-সংগঠনসমূহেও সিকী পৰিমাণে বিৰোধ কৰিবলৈ সাহস পোৱা নাই। ইপিনে তেওঁ চৰ-চাপৰিৰ মিঞাসকলকো অসমীয়া জাতিৰ অংগ বুলি ভাবে। অন্যহাতে তেওঁৰ আদৰ্শ তথা শ্ৰেণী-সংগ্ৰামতো চৰ-চাপৰিবাসীৰ স্বাৰ্থ সুৰক্ষিত দেখা যায়। কিজানি ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক শক্তিসমূহৰ ঐক্যবদ্ধ সংগ্ৰামৰ ফলস্বৰূপে অখিল গগৈ এদিন বিকল্পৰ নেতৃত্ব ল’ব পাৰিব।

ওপৰত আমি চৰ-চাপৰিৰ মুছলমানৰ ৰাজনীতি আৰু বিকল্প সম্পৰ্কে আলোচনা কৰিলোঁ। এইখিনিতে চৰ-চাপৰিৰ মিঞা মুছলমানকেন্দ্ৰিক ৰাজনীতিৰ বিষয়ে সামান্য আলোচনা কৰিব বিচাৰিছোঁ। আমাৰ এই প্ৰায় পঞ্চাশ বছৰীয়া জীৱনকালৰ অভিজ্ঞতাৰে লক্ষ্য কৰিছোঁ যে অসমৰ চৰ-চাপৰিত প্ৰায় এক-দেৰশ বছৰ ধৰি বসবাস কৰি অহা মুছলমান বা মিঞা জনগোষ্ঠীৰ বিপক্ষে তথা এই জনগোষ্ঠীৰ ভৰিৰ তলৰ মাটি নোহোৱা কৰিব পৰা কোনো অভিমত বা প্ৰতিবেদন লিখি প্ৰদৰ্শন কৰিলে সেই মানুহজন হৈ পৰে অসমীয়া জাতীয় নায়ক(?)। তাহানিতে তেনে প্ৰতিবেদন দিয়া এগৰাকী বৃটিছ বিষয়াৰ পৰা আৰম্ভ কৰি ১৯৭৯-ত মঙ্গলদৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত অসম আন্দোলনৰ সূচনা কৰা উৰাবাতৰি, বিধান সভাৰ মজিয়াত সম্পূৰ্ণ মিছা তথ্যৰ ওপৰত ভৰ কৰি ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কৰা মন্তব্য, ভূতপূৰ্ব ৰাজ্যপাল এচ কে সিংহাৰ প্ৰতিবেদন, উচ্চতম ন্যায়ালয়ে সৰ্বানন্দ সোণোৱালৰ ৰীট আবেদনৰ উত্তৰ স্বৰূপে আই এম ডি টি আইন বাতিল প্ৰক্ৰিয়া আৰু সদ্য প্ৰকাশিত হৰিশংকৰ ব্ৰহ্মই দাখিল কৰা প্ৰতিবেদনলৈকে প্ৰতিটো ক্ষেত্ৰতে অসমৰ পক্ষপাতদুষ্ট সংবাদসেৱীমহল তথা উগ্ৰ অসমীয়া জাতীয়তাবাদীমহলৰ মনত তেনে কৰ্ম কৰা লোকসকল হৈ আহিছে অসমীয়াৰ জাতীয় নায়ক। তেনে অভিমত তথা প্ৰতিবেদনৰ সত্যতা থাকক-নাথাকক, তালৈ ভ্ৰূক্ষেপ নকৰি তাক এনেদৰে জাতীয় আৱেগলৈ বা জাতীয় সন্মানৰ প্ৰশ্নলৈ ৰূপান্তৰিত কৰি লোৱা হৈ থাকে যে কোনোবাই এনেকি তেনে কথাই অস্তিত্ব তথা আত্মসন্মানত আঘাত হনা জনগোষ্ঠীৰ লোকেও সমালোচনা কৰিলেই তেনে সমালোচনাকাৰীৰ বিৰুদ্ধে জাতীয়তাবাদীবোৰে জাঙুৰ খাই উঠে। কোনোবাই কোৱা কথাই যদি আন কোনোবাৰ মান-সন্মানত আঘাত কৰে তেন্তে আঘাতপ্ৰাপ্ত লোকসকলৰ আত্মপক্ষ সমৰ্থন কৰাৰ অধিকাৰ কিয় নাথাকিব ? মিঞাৰ বিৰুদ্ধে যোৱা যিকোনো কথাতে উগ্ৰ অসমীয়া জাতীয়তাবাদী মহলে অত্যুৎসাহী হৈ পৰে আৰু তাৰ বিপৰীতে কথা ক’লেই সি হয় বাংলাদেশীৰ সহায়ক আৰু অসমীয়াৰ শত্ৰু বনাই দিয়াৰ প্ৰৱণতা চলি আছে। আছু প্ৰমুখ্যে দল-সংগঠনে যদিও কৈ আহিছে যে ১৯৭১ চনৰ পিছত অহা হিন্দু, মুছলমান সকলো বাংলাদেশী অসম এৰিব লাগিব সেয়া তেওঁলোকৰ চালহে। এজন বিধায়কক বাংলাদেশী বুলি কোৱা হয় অথচ জাতীয় সংগঠন বুলি ফিতাহী মৰা আছু নীৰৱে থাকে। এজন বিধায়কক বাংলাদেশী বুলি আৰু মিঞা জনগোষ্ঠীক অপমান কৰিব পৰাকৈ যাবতীয় গালি পৰা কাৰ্যৰ বিৰোধীতা আছুৱে নকৰিলে কিয়? তাৰ বিপৰীতে তেওঁলোকে তথাকথিত খিলঞ্জীয়াসকলক একগোটহে কৰিবলৈ লৈছে। একেদৰে অসম গণ পৰিষদেও এই বিষয়ে ৰহস্যজনক মৌনতা অৱলম্বন কৰিলে। ইয়াৰ দ্বাৰাও পাকে-প্ৰকাৰে প্ৰমাণ হয় যে আছু-অগপও চৰ-চাপৰিৰ মিঞা বিদ্বেষী।

মূলত: কথা হৈছে, চৰ-চাপৰিবাসীৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে ধৰ্মীয় আৱেগত উটি ভাহি নগৈ, সম অধিকাৰ, সম সুবিধা, ধৰ্মনিৰপেক্ষতা আৰু গণতান্ত্ৰিক কথা-বতৰাত বিশ্বাসী শক্তিৰ সৈতে আগুৱাই যোৱাৰ বাহিৰে গত্যন্তৰ নাই। ঘৃণা আৰু বঞ্চনাৰে অৰাজকতাপূৰ্ণ ৰাজনৈতিক পৰিৱেশ সমূলি নিঃশেষ কৰি মূল্যবোধৰ ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলে বৃহত্তৰ অসমীয়া জাতিৰ বাবেও ক্ষতিকাৰক আৰু স্পৰ্শকাতৰ পৰিৱেশ চলিয়েই থাকিব। আমি আশাবাদী মূল্যবোধৰ ৰাজনীতিৰ পৰিৱেশ অচিৰেই আহিব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *