চৰাঞ্চলৰ সমাজ ব্যৱস্থাৰ ৰূপৰেখা (ৰহমত আলী মণ্ডল)

পাতনি: চৰাঞ্চল বুলি কলে এটা বৃহৎ অঞ্চলক বুজায় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অন্যান্য উপনৈ সমূহৰ বুকুত থকা আটাইখিনি চৰকে সামৰি লয়। কিন্তু আজিৰ এই প্ৰবন্ধত চেঙা ৰাজহ চক্ৰ, বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলৰ কথাহে উল্লেখ কৰিব খুজিছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰা নদী গাঁও সমূহৰ বিষয়ে কবলৈ ওলাইছো। নদীৰ লগত জীৱন পণ যুঁজ দি জীয়াই থকা এই সমাজখনক এক ঐতিহ্য পূৰ্ণ সমাজ বুলি কব পাৰি। বসতি কালৰ পৰাই এই অঞ্চলবোৰ শিক্ষাৰ ক্ষেত্ৰত চহকী নহয়। ব্ৰহ্মপুত্ৰৰ পানী পঞ্চামৃত বুলি ধৰি বালিচৰক সোণ বুলি ভাবি জীৱন জীয়াই ৰখা যুঁজত জীৱন অতিবাহিত কৰি আহিছে এই চৰাঞ্চলৰ মানুহে।

সমাজ: সমাজ শব্দটো অতি অৰ্থবহ গুৰুত্বপূৰ্ণ শব্দ। সমাজতাত্বিক দিশৰ পৰা লক্ষ্য কৰিলে ইয়াৰ পৰিসৰ ব‍্যপক। পশু-পক্ষী, জীৱ-জন্তু সকলো জীৱ সমাজ পাতি বসবাস কৰি থাকে যদিও জীৱ শ্ৰেষ্ঠ মানুহৰ সমাজখনহে প্ৰকৃত সমাজ। এই মানৱ জাতিৰ সামাজিক সম্বন্ধৰ দিশটোক বিজ্ঞানসন্মত ভাৱে অধ্যয়ন কৰাত সহায় কৰে সমাজ বিজ্ঞানে। সমাজ হ'ল ব‍্যক্তিৰ সমষ্টি। সমাজ হ'ল সামাজিক সম্বন্ধৰ জালি কৰ্মস্বৰূপ। সমাজ কিছুমান অভ‍্যাস ক্ৰিয়াবিধি কৰ্তৃত্ব পাৰস্পৰিক নিয়ন্ত্ৰণ কৰা এটা জটিল পদ্ধতি আৰু এক বৈশিষ্ট্যপূৰ্ণ সংগঠন স্বৰূপ। ইয়াত ব‍্যক্তিৰ ক্ৰিয়াকলাপবোৰ সূচাৰুৰূপে পালন কৰিবলৈ নিয়ম নীতিৰ এক স্বাধীন ভাৱধাৰা থাকে। ইয়াত কিছু পৰিমাণে সীমাবদ্ধতাও পৰিলক্ষিত হয়। বৰপেটা জিলাৰ দক্ষিণ দিশত কামৰূপ আৰু গোৱালপাৰা জিলাৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ নদীৰ মাজত ও আশে-পাশে থকা চৰ অঞ্চলৰ এই বৃহৎ সমাজ অন্তৰ্ভুক্ত হৈ আছে ক্ৰমে মহচৰা পঞ্চায়ত, কাছুমাৰা পঞ্চায়ত, বাঘমাৰা চৰ পঞ্চায়ত, খোলাবান্ধা পঞ্চায়ত, আলোপতি মাজৰ চৰ পঞ্চায়ত, ভাতনা পাইতি পঞ্চায়ত, কদমতলা পঞ্চায়ত, ৰামাপাৰা পঞ্চায়ত সমূহ। এই বৃহৎ সমাজ খন কিছুমান নিৰ্দিষ্ট সম্বন্ধ বা আচাৰ-বিধিৰে বান্ধ খাই থকা দেখা যায়।

পুৰণি কালৰ সমাজ ব্যৱস্থা আৰু আজিৰ সমাজ ব্যৱস্থাৰ মাজত ভালেখিনি পাৰ্থক্য দেখা যায়। তেতিয়াৰ দিনত মানুহৰ মাজত কৰ্ম ভাগ কৰিহে সমাজ চলিছিল। কিন্তু বৰ্তমান সমাজত তেনে ধৰণৰ প্ৰভাৱ নাই। সকলোৱে নিজৰ বিকাশৰ বাবে নানা ধৰণে প্ৰচেষ্টা কৰি আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰে।ঠিক তেনেদৰে এই চৰাঞ্চলতো একেই প্ৰভাৱ পৰা দেখা যায়। এই অঞ্চলৰ লোক সকলৰ জীৱন ধাৰণৰ সহজ আৰু সৰলতা প্ৰকাশিত হৈ আছে। ধনী-দুখীয়া, নি:কিন শ্ৰমিক, শিক্ষিত অশিক্ষিত আটাইৰে এক মিলন হিচাপে পৰিগণিত হৈ পৰিছে।

পৰিয়াল: সমাজ এখন গঢ় লোৱাৰ মূলতে হ'ল পৰিয়াল ব‍্যৱস্থা। সমাজ গঢ়াৰ প্ৰাথমিক অৱস্থা বুলিও কোৱা হয় পৰিয়ালক। পৰিয়াল সমাজৰ অন‍্যতম অতি মৌলিক সংস্থা বুলি কোৱা হয়। মানুহৰ শুদ্ধ সামাজিক জীৱন আৰম্ভ হয় পৰিয়ালক সমূহক কেন্দ্ৰ কৰি। কেইবাটাও পৰিয়াল একেলগে সংঘবদ্ধহৈ জীৱন নিৰ্বাহ কৰিবলৈ লোৱাৰ ফলত মানুহৰ সামাজিক জীৱন আৰম্ভ হয়। চৰাঞ্চলতো ইয়াৰ ব‍্যতিক্ৰম নহয়, ইয়াত পূৰ্বতে যৌথ পৰিয়ালৰ ব‍্যৱস্থা আছিল যদিও বৰ্তমানে একক পৰিয়ালেই অধিক। যৌথ পৰিয়াল কেন্দ্ৰিক কেতবোৰ সীমাবদ্ধতাৰ বাবে চৰাঞ্চলবাসীয়ে একক পৰিয়ালক অধিক পছন্দ কৰি আছে। মূলত যৌথ পৰিয়াল সমূহ একক পৰিয়াললৈ বিভাজিত হোৱাৰ অন্তৰালত থাকে উত্তৰাধিকাৰী, মাটি-বাৰী, সম্পত্তিৰ প্ৰশ্ন।

বিবাহ ব্যৱস্থা: চৰ অঞ্চলৰ বিবাহ ব‍্যৱস্থা আন অঞ্চলৰ দৰেই। ইয়াত বিবাহ কাৰ্য ধৰ্মীয় ও নিৰ্ধাৰিত পৰম্পৰা নীতি-নিয়মৰ দ্বাৰা সমাপন কৰা হয়। সমাজ ব্যৱস্থাত পিতৃমূলক ধাৰণাৰ মাধ‍্যমত বৈবাহিক কাৰ্য সম্পাদন হয়। একেবাৰে আপোন গোত্ৰৰ লগত ধৰ্মীয় ভাবে বিবাহ কাৰ্য বাধা আছে।বাকী যিকোনো বিবাহ কাৰ্য এই সমাজত মুক্ত। অৱশ্যে বাল্য বিবাহ আগৰ তুলনাত বহুত কমিছে। বৰ্তমান বিবাহ পতাৰ নীতি-নিয়ম ভালেখিনি পৰিৱৰ্তন হৈছে, পঞ্জীয়নভুক্ত কাজীৰ জৰিয়তে উপযুক্ত চৰকাৰী মাচুল আদায় দি পঞ্জীয়নকৃত বিবাহ প্ৰচলন বাঢ়িছে, যাৰ ফলত উপযুক্ত 'দিলমোহৰ' ধাৰ্য কৰি কাগজত লিপিবদ্ধ কৰি ৰখা হয় আৰু দস্তাখৰ লোৱা হয়। যাৰ ফলত সাধাৰণ দুখৰ ওপৰত ভিত্তি কৰি ইচ্ছানুসাৰে দৰাই কইনাক তালাক দিব নোৱাৰে। বহু বিবাহৰ পৰিমাণো আজিকালি ভালেখিনি কমিছে, পূৰ্বতে ইয়াৰ ওলোটা আছিল বুলি কব পাৰি। অৱশ্যে যৌতুক প্ৰথাৰ প্ৰচলন অদ্যাপী বিলুপ্ত হোৱা নাই।

সমাজ ব্যৱস্থাত মহিলাৰ স্থান: উদ্বেগজনক ভাবে চৰ-চাপৰিৰ সমাজ ব্যৱস্থাত মহিলাৰ স্থান মৰ্য্যদাপূৰ্ণ দেখা নাযায়। শিক্ষিতা মহিলা সকলে নিজৰ স্থান মৰ্যদাপূৰ্ণ কৰিব পাৰিলেও বাকীসকলৰ অৱস্থা বৰ এটা ভাল নহয়। অৱশ্য কিছু বছৰ, আগৰ কথা আৰু বৰ্তমানৰ মাজত বহুত পাৰ্থক্য দেখা যায়। বৰ্তমান মহিলা সকলক শিক্ষাৰ ক্ষেত্ৰত ৰাজনীতিকৰ ক্ষেত্ৰত সামাজিক কাম-কাজৰ ক্ষেত্ৰত ভূমিকা লোৱা দেখা যায়। নাৰীৰ আত্মমৰ্যাদা আৰু ব্যক্তি স্বাধীনতা বজাই ৰাখিবৰ বাবে সমাজৰ সকলোয়ে প্ৰচেষ্টা অব্যাহত ৰখাৰ চিন্তাধাৰা বৰ্তমান চৰৰ সমাজত দেখা যায়। চাৰি গণ্ডীৰ মাজত থকা চৰাঞ্চলীয় মহিলা সকলে সেই ভেদ ভাঙি বৰ্তমান চহৰ নগৰলৈ গৈ সকলো কামত অংশ ল'ব পাৰা পৰিলক্ষিত হোৱা হৈছে। এয়া উন্নতি-অগ্ৰগতিৰ শুভ লক্ষণ বুলি ভাবিব পাৰি।

সাজপাৰ পৰিধান ব্যৱস্থাঃ যিকেনো সামাজিক ব্যক্তি সকলে পৰিধান কৰা সাজপাৰ সমূহে সমাজখনৰ সামগ্ৰীক সৌন্দৰ্য্যক প্ৰতিফলিত কৰে। সাজপাৰৰ ক্ষেত্ৰত চৰ-চাপৰি অঞ্চলৰ মুছলিম মুৰব্বীসকলে  পাঞ্জাৱী-পায়জামা, লুংগী আদি ব্যৱহাৰ কৰে। মহিলা সকলে শাৰী কাপোৰ ব্যৱহাৰ কৰে ।যুৱকসকলে ঘৰত লুংগী বাহিৰত উৎসৱ পাৰ্বণত  লংপেন্ট, চাৰ্ট ব্যৱহাৰ কৰা দেখা যায়। পূৰ্বতে ব্যৱহাৰ কৰা কাঠৰ চেণ্ডেল বৰ্তমান ব্যৱহাৰ নকৰে। যুৱতীসকলে ফ্ৰক, চেলোৱাৰ কামিজ ব্যৱহাৰ কৰে। বৰ্তমানে একাংশ মহিলাই বাহিৰত বা উৎসৱ পাৰ্বণত  বোৰ্খা ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। উৎসৱ-পাৰ্বণত, ঈদ, বিবাহ উৎসৱত নামী-দামী কাপোৰ বা মহিলাসকলে মেখেলা চাদৰ ব্যৱহাৰ কৰা দেখা যায়। পুৰুষসকলে ফুলাম গামোচা আৰু ৰুমাল ব্যৱহাৰ কৰে। চৰৰ বেছি সংখ্যক জ্যেষ্ঠ লোকৰ ডিঙিত বগা ফুলাম গামোচা এখন দেখা যায়। জাৰকালি পুৰুষ সকলে চাদৰ, জেকেট, মাফলাৰ আদি ব্যৱহাৰ কৰে। মহিলাসকলে ছোৱেটাৰ, চাদৰ আদি ব্যৱহাৰ কৰে। মহিলাসকলে নিজৰ চুলি দীঘলকৈ খোপা বান্ধি ৰাখে, পুৰুষ সকলে চুটিকৈ ৰাখে। ধৰ্মীয় প্ৰথাত একাংশ পুৰুষে 'ছুন্নত বাবৰি' (অলপ দীঘল চুলি)  ৰখা দেখা যায়। ইপিনে ছুন্নত হিচাপে দাড়ি ৰখাৰ প্ৰচলন আছে।

অলংকাৰ আদি সমাজ ব্যৱস্থাঃ প্ৰত্যেক বস্তুৰে সৌন্দৰ্য্য বৃদ্ধি হয় সাজপাৰৰ ফলত। মহিলাসকলৰ অধিকাংশ স্বাভাৱজাত ভাবে সর্বদায় সৌন্দৰ্য্য পিপাসু। মহিলা সকলে উৎসৱ-পাৰ্বণ, বিবাহ আদিত অংশ গ্ৰহণ কৰোতে আ-অলংকাৰ পৰিধান কৰা দেখা যায়। ধনী সকলে সোণৰ অলংকাৰ-সোণৰ হাৰ, শাখা, মালা, পাশা, বাণমাকৰী, নাকৰ ফুল, আঙুঠি, পায়েল আদি ব্যৱহাৰ কৰে। আনহাতে আৰ্থিক ভাবে দুৰ্বল সকলে ৰূপৰ অলংকাৰ বা ফেৰিয়ালাৰ পৰা কম দামত কিনা অলংকাৰ  ব্যৱহাৰ কৰে। বৰ্তমান প্ৰচলিত অলংকাৰ নেকলেচ, চেইন, লকেট, কাণফুল, খাৰু, চুৰি, গলপাতা, পলাও, পাশ, শাখা, নাকঠাচা আদি ।

গৃহ সামগ্ৰী আৰু আচবাবৰ ব্যৱহাৰঃ যদিও চৰ অঞ্চল তথাপি ঐতিহাসিক ঐতিহ্যই অঞ্চলটোৰ ঘৰবাৰী আৰু আন আন সামগ্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছে। গৃহ সামগ্ৰী আচবাব সমূহৰ তেনে অভিনৱত্ব নাই। থকা ঘৰ খেৰেৰে সজোৱা অসম আৰ্হিৰ, বৰ্তমান অৱশ্য টিনৰ ঘৰ টিনৰ বেৰৰ সংখ্যা বেছি। চৰৰ মানুহ বোৰ অতিকৈ মিতব্যয়ী, অভিজাত চিহ্ন পৰিলক্ষিত হোৱাৰ কোনো কাৰণ অৱশ্যয় নাই।আহাৰ খোৱা বাচন-বৰ্তনবোৰ বেছি ভাগ ষ্টীলৰ। কিছুমান ঘৰত কাহৰ বাচন-বৰ্তন দেখা যায়। চিলভাৰৰ বাচন-বৰ্তন,  কাচৰ, কৰীৰ গিলাচ, আদিও ব্যৱহাৰ কৰে। ৰাজহুৱা খাদ্য-খানা হ'লে কলপাত বা কলগছৰ দোনা, প্লাষ্টিকৰ গিলাচ, কাগজৰ কাহী আদি ব্যৱহাৰ কৰা দেখা যায়। আগতে মাটিৰ বাচন- বৰ্তন ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান সেয়া নোহোৱা হৈ গ'ল! পাট খৰী, গোবৰ, জাবৰ-জোথৰ হৈছে ৰন্ধনৰ মূল ইন্ধন।

সমাজ ব্যৱস্থা, সভা সমিতি, সংগঠনৰ স্থান: চৰ অঞ্চলৰ মানুহে সভা-সংগঠনৰ স্থান বহুত উৰ্ধ্বত ৰাখে। আগতে, এই অঞ্চলত দেৱানী প্ৰথাৰ অবাধ ৰাজত্ব চলিছিল। দেৱানী এজনে যি কৈছিল সেয়াই আইন আছিল। কিন্তু বৰ্তমান তাৰ সম্পূৰ্ণ ওলোটা বুলি ক'ব পাৰি। বৰ্তমান মানুহে, সভা-সমিতি সংগঠনক বেছি গুৰুত্ব দিয়ে। যিকোনো সমস্যা হলে ৰাইজ মাতি সভা বহি আটায়ে মিলি-জুলি সমস্যাৰ সমাধান কৰে। প্ৰত্যেকখন গাঁৱৰ সংগঠন, সভা-সমিতি আছে। তাৰ সভাপতি-সম্পাদক গাঁৱৰ ৰাইজৰ মাজৰ পৰা ৰাইজে বাছনি কৰি দিয়ে। এই সমিতিসমূহে ৰাইজৰ সমস্যা, শিক্ষাৰ সমস্যা, যাতায়াতৰ সমস্যা, সামাজিক সমস্যা আদি বিভিন্ন সমস্যাৰ কথা চৰকাৰক অৱগত কৰে আৰু তাৰ সমাধানৰ বাবে লক্ষ্য ৰাখে অৱশ্যে এতিয়াও সাংগঠনিক কাম-কাজ ব্যাপক নহয়।

খাদ্য প্ৰণালীৰ আভাস: পৰম্পৰাগত ধাৰণা ৰক্ষা কৰি চৰাঞ্চলৰ ৰাইজে আজিও তেওঁলোকৰ মূল আহাৰ হিচাপে ভাত, দাইল, ভাজি, মাছ,  মাংস, কণী, দৈ, গাখীৰ আদি খায়। নদীৰ লগত সম্পৰ্ক থকা এই মানুহ সমাজটোৰ ব্ৰহ্মপুত্ৰ নদীৰ মাছ অতি প্ৰিয়। চাহিদা অনুপাতে বৰ্তমান ঋতু ভেদে পৰ্যাপ্ত পৰিমানে মাছ পোৱা নাযায় বাবে দূৰৰ পৰা মাছ আমদানি কৰিব লগা হয়। কবি, মূলা, লাও, বেঙেনা, আলু, বিলাহী, কোমোৰা, জিকা, পটল, ভাতকেৰেলা, অমিতা, মাহৰ দালি, মচুৰ দালি তৰকাৰি হিচাপে গ্ৰহণ কৰে। চবজী খেতিৰ বাবে চৰাঞ্চলৰ ৰাইজ পাকৈত। উৎপাদন কৰা চবজী শস্য আদি ওচৰত থকা বজাৰতে বিক্ৰী কৰে। বৰ্তমান আহুধানৰ পৰিবৰ্তে ইৰীধানৰ উৎপাদন বাঢ়িছে। মৰাপাট, কুহিয়াৰ আদিও খেতি কৰি লাভৱান হৈ আছে । পোহনীয়া জন্তু গৰু, ম'হ, ছাগলী, ভেৰা আদি পালন কৰিও লাভৱান হৈছে। দুৰ্ভাগ্যবশত: ঘাহঁৰ অভাৱ আৰু সঘনাই হোৱা বানপানীৰ বাবে ম'হ, গৰু পালন কৰাটো কমি আহিছে। গাইৰ গাখীৰ, মুৰ্গী, হাঁহ পালন কৰি অৰ্থনৈতিকভাৱে আগবাঢ়িছে চৰবাসী। অতিথি ঘৰলৈ আহিলে প্ৰথমে তামোল পাণ, চাহ আদি দি আপ্যায়ন কৰে। ধুমপান আগৰ তুলনাত বহুত কমিছে, পূৰ্বতে হুক্কা প্ৰতিটো ঘৰে-ঘৰে দেখা গৈছিল যদিও আজিকালি যিসকলে ধূমপান কৰে তেওঁলোকে বিড়ি পান কৰে।

ধৰ্মীয় ব্যৱস্থা: বৰ্তমান ধৰ্মৰ দিশত তুলনামূলক হিচাপে চৰাঞ্চলৰ মানুহৰ ধাউতি বাঢ়িছে। গাঁৱে গাঁৱে মছজিদ, মাদ্ৰাছা, মোক্তাৱ আদি স্থাপন কৰি যুৱক-বৃদ্ধ আটায়ে নামাজ পঢ়া দেখা যায় । মূৰত টুপী পিন্ধি ধৰ্ম শিক্ষা আৰু প্ৰচাৰৰ কাৰণে নিজৰ ঘৰৰপৰা ওলাই গৈ তিনি দিনৰ পৰা চাৰি মাহ পৰ্যন্ত দেশ-বিদেশত থাকি দাওয়াত ও তবলীগ (মুছলমান লোকসকল মাজত ধৰ্মৰ বাণী শুনাই থকা কাৰ্য নতুনকৈ আমদানি হৈছে।

সামৰণিঃ ওপৰত আগবঢ়োৱা আলোচনাৰ পৰা আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ যে এখন সুস্থ সমাজৰ বাবে প্ৰয়োজনীয় সকলো দিশেই চৰাঞ্চলৰ সমাজ ব্যৱস্থাত বিদ্যমান। এখন সমাজৰ ৰূপ-ৰেখাৰ ছবি অঁকাটো সহজ কাম বুলি নাভাবোঁ। কলমৰ জৰিয়তে কিছু হলেও ছবি অংকন কৰাৰ প্ৰয়াস কৰা হৈছে। সমাজৰ সকলো ছবি ইয়াত সামৰি ল'বলৈয়ো সক্ষম হোৱা নাই। পুৰণিকলীয়া পুথিবোৰত অতীতৰ সমাজ ব্যৱস্থাৰ ৰেহৰূপ বৰ্ণনা কৰিছিল পশ্চিমীয়া চিন্তাবিদ সকলে তেনেধৰণৰ চিন্তা চৰ্চাকে আধুনিকতাৰ মাজলৈ সম্প্ৰসাৰিত কৰিছে । প্লেটো, এৰিষ্টটল, আদিয়ে সমাজ তত্ত্বৰ ধাৰণাবোৰ প্ৰকাশ কৰিছিল৷ চেইণ্ট চাইমন, আগষ্ট কমেটে ওঠৰ আৰু উনৈশ শতিকাত বিজ্ঞানসন্মতভাবে সমাজ তত্ত্বৰ আলোচনা কৰিছিল। মানৱ সমাজৰ ক্ৰম বিকাশৰ বাবেই সমাজৰ নতুন নতুন সমস্যাৰ উদ্ভৱ হৈছে। সেয়েহে সমাজতত্ত্বৰ অধ্যয়ন সামাজিক সমস্যা সমাধানৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে। আমি আশাবাদী চৰাঞ্চলৰ সমাজ জীৱন, সংস্কৃতি লৈ বিজ্ঞান সন্মত গৱেষণা কৰিবলৈ নৱ প্ৰজন্ম আগবাঢ়ি আহিব।

(ইউনিকোড: ছাদ্দাম হুছেইন আৰু ৰবিউল ইছলাম।)

Share Button
Print Friendly, PDF & Email

No Comments : "চৰাঞ্চলৰ সমাজ ব্যৱস্থাৰ ৰূপৰেখা (ৰহমত আলী মণ্ডল)"

Leave a Comment

Your email address will not be published. Required fields are marked *