অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

চৰাঞ্চলত বাল্য বিবাহ আৰু জনসংখ্যা বিস্ফোৰণ (ইলিয়াছ ৰহমান সৰকাৰ)

বাল্য বিবাহ হৈছে এক সামাজিক ব্যাধি। সম্প্ৰতি অসমত এই ব্যাধি আটাইতকৈ বেছি দেখা পোৱা গৈছে নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি অঞ্চলত। এই বাল্য বিবাহ দূৰ কৰিবলৈ আমি দীৰ্ঘম্যাদি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। এই কাম সমাপন কৰিবলৈ পদে-পদে সন্মুখীন হৈছোঁ বিভিন্ন প্ৰত্যাহ্বানৰ। আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰা সচেতন যুৱক সকলেও সন্মুখীন হৈছে বিভিন্ন ভাবুকিৰ। আমি নিজেও মৃত্যুৰ ভাবুকি পৰ্যন্ত পাইছোঁ। কিন্তু ভাবুকি পোৱাৰ পিছতো আমি থমকি ৰোৱা নাই। আমাৰ সংগ্ৰাম চলিছে যেতিয়া চলিবই। অতীতৰ পৰাই বাল্য বিবাহৰ দৰে সামাজিক কুপ্রথা আজিও আমাৰ সমাজত চলিছে৷ একবিংশ শতাব্দীত আহিও ইয়াক বন্ধ কৰা সম্ভৱ হোৱা নাই। এবাৰ সুধিবলৈ মন যায়, ইয়াৰ বাবে কোন দায়ী, চৰকাৰ, সমাজ নে কোনো ব্যক্তি বিশেষ?

কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য আৰু সন্তান জন্ম দিয়াৰ ফলত প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হয়। মৰ্য্যদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়। কম বয়সত বিয়া হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰাও বঞ্চিত হয়, যিয়ে দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়। বাল্য বিবাহ, লিংগ-বৈষম্য, ৰোগ আৰু দৰিদ্ৰতাৰ পৰিচক্ৰ গঢ়ি তোলে।শাৰীৰিকভাৱে অপৰিপক্ক বয়সত ছোৱালী বিয়া হোৱাৰ ফলত প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হৈছে। কমবয়সীয়া মাতৃৰ গৰ্ভত জন্ম লোৱা নৱজাতক জীয়াই থাকিলেও বহুত সময়ত নৱজাতকটোৱে নানান ধৰণৰ শাৰিৰীক জটিলতাৰ সন্মুখীন হ’ব লাগে৷ ইয়াৰ ওপৰিও অপ্রাপ্তবয়স্ক মাতৃৰ গৰ্ভত প্রতিবন্ধী শিশু জন্মদানৰ আকশংকাও অধিক।

আমাৰ সংগ্ৰাম আৰম্ভ হোৱাৰ কাৰণ আছিল এটি দুৰ্বল শ্ৰেণীৰ নাগৰিকক সম্পূৰ্ণৰূপে তছনছ হৈ পৰাৰ পৰা ৰক্ষা কৰা। কোনোবা প্ৰকাৰে এক সামাজিক আন্দোলনৰ ৰূপ দিব নোৱাৰিলে সমাজখন ভয়ঙ্কৰ বিপদৰ দিশে আগ্ৰাসী হৈছিল। তেতিয়াই জন্ম ল’লে এক সংগ্ৰামে। মনৰ মাজত যেতিয়া মানৱীয়বোধে আক্ৰমণ কৰে তেতিয়া কিজানি সকলোৱে ভাবে, যি বয়সত তেওঁলোকে লিখা পঢ়া শিকিব, খেলাধুলা কৰিব, আনন্দ ফুৰ্তিত দিন কটাব লাগে সেই সময়তে তেওঁলোকক বলপূৰ্বক নতুবা ধমকিৰে আনৰ ঘৰলৈ পঠিয়াই দিয়া হয়। এক অচিনাকি পৰিৱেশত তেওঁলোকে দিন কটায় স্বামীগৃহত, পাকঘৰৰ চৌকাত তেওঁলোকে খৰি ঠেলি চাহ বনায়, ভাত ৰান্ধে, ঘৰত পৰিয়ালৰ সেৱা কৰাৰ নামত দিন-ৰাতি একাকাৰ কৰি মেহনত কৰে। নিশা যেতিয়া ক্লান্ত হৈ বিচনাত শুই যায়, ঢলি পৰে টোপনিত তেতিয়া বিধ্বস্ত দেহাটোকে স্বমীয়ে ঠেলা মাৰি উঠাই লৈ তেওঁৰ কাম চৰিতাৰ্থ কৰে। নকৈ নোৱাৰিলো তাই যে গৰীৱ পৰিয়ালৰ অশিক্ষিত পিতৃ-মাতৃৰ হতভাগা নাবালিকা সন্তান৷

শিক্ষাৰ পোহৰ আৰু স্বাস্থ্যগত কাৰণত কম বয়সৰ ছোৱালীজনী তাইৰ নিজৰ সম্পর্কত সচেতন নহয়, পৰিয়াল সম্পর্কত তাইৰ ধাৰণা নথকাটো সাধাৰণ কথা। যাৰ ফলত বিবাহ বিচ্ছেদৰ আশংকা সৃষ্টি হোৱাৰ ওপৰিও নানান ধৰণৰ পাৰিবাৰিক অশান্তিয়ে দেখা দিয়ে৷ গতিকে বাল্য বিবাহে কেবল ব্যক্তিগত ক্ষতিয়ে নকৰে, পাৰিবাৰিক, সামাজিক ক্ষতি সাধনতো সহায়ক হয়। বাল্য বিবাহে এফালে আইন আৰু সংবিধান লংঘন কৰে, আনফালে দৰা আৰু কইনাক তেওঁলোকৰ ব্যক্তি স্বাধীনতাৰ পৰা বঞ্চিত কৰে। স্বামী, সংসাৰ, শাহুৱেকৰ ঘৰ সম্পর্কত বুজি উঠাৰ আগতেই সংসাৰ আৰু পৰিয়ালৰ ভৰত আক্রান্ত হয়। শাহুৱেকৰ ঘৰৰ পৰাও বোৱাৰীৰ ওপৰত চাপৰ সৃষ্টি হয়, আৰম্ভ হয় অশান্তি, পাৰিবাৰিক কন্দল, আৰু নির্যাতন। এই  নিৰ্যাতনত প্রত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত হৈ পৰে পৰিয়ালৰ সকলোৱে, বিশেষকৈ নাবালিকাৰ ঘৰত জন্ম লোৱা শিশু সকলে ভোগ কৰে নানা মানসিক অশান্তি। ইয়াৰ ফলত পঢ়াশুনাত অমনোযোগী হয়, পৰিয়ালৰ প্রতি জন্ম লয় নানাধৰণৰ অনীহা, ফলত শিশুবোৰে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ অনৈতিক কৰ্মৰ সৈতে জড়িত হৈ পৰে। বাল্য বিবাহৰ প্ৰভাৱ সন্তানৰ শিক্ষা, স্বাস্থ্য আদিৰ ওপৰত পৰাৰ লগতে ই অধিকাৰ লংঘিত কৰে, যিটোৱে সন্তানক গোটেই জীৱনৰ কাৰণে ক্ষতিগ্রস্ত কৰে।

বাল্য বিবাহৰ মূল কাৰণ হিচাপে শিক্ষাক চিনাক্ত কৰা হৈছে‌। অৱশ্যে দৰিদ্ৰতাও অন্যতম কাৰণ। যদি অসমৰ চৰ-চাপৰি অঞ্চলবোৰ চোৱা যায় তেন্তে দেখ যাব যে ২০১৩ চনৰ আগতে প্ৰাদেশীকৃত স্কুলৰ সংখ্যা নিচেই কম আছিল। ভেঞ্চাৰ স্কুলতেই ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা হৈছিল। ভেঞ্চাৰ স্কুলৰ শিক্ষা একেবাৰে নিম্ন পৰ্যায়ৰ আছিল বুলি চাগে দোহাৰাৰ প্ৰয়োজন নাই। কিন্তু যেতিয়া ২০১৩ চনত এই স্কুলসমূহ চৰকাৰীকৰণ হ’ল তেতিয়া আন-আন বিদ্যালয়সমূহতো টেট শিক্ষক নিযুক্তি দিলে। তাৰ পিছত শিক্ষাৰ মানদণ্ড অলপ উন্নত হৈছে। কিন্তু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা তেনেই কম। প্ৰাথমিক স্কুলৰ দেওনা পাৰ কৰি উচ্চ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰাৰ সময়তেই আৰাম্ভ হয় বেমেজালি। এই অঞ্চল সমূহত প্ৰাথমিক বিদ্যালয়তকৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা খুৱেই কম। আনহাতে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰি ছাত্ৰ ছাত্ৰীয়ে যেতিয়া হাইস্কুললৈ যায় তেতিয়াই দেখা দিয়ে সিহঁতৰ জীৱনৰ টাৰ্নিং পয়েন্ট! এই চৰ-চাপৰি অঞ্চলসমূহত হাইস্কুলৰ সংখ্যা ইমানেই কম যে ১০ কিঃমিঃ পৰ্যন্ত খোজকাঢ়ি বা নাৱেৰে গৈয়ো বহু ঠাইত হাইস্কুল পাবলৈ নাই। ইপিনে দূৰণিত বিদ্যালয় থাকিলেও নিৰক্ষৰ পিতৃ-মাতৃয়ে নিজৰ জীয়েকক  ইমান দূৰলৈ শিক্ষাৰ নামত পঠিয়াব নিবিচাৰে। তেতিয়াই আৰাম্ভ হয় বিয়া দিয়াৰ পৰিকল্পনা। আমি যিমান সংখ্যক বাল্য বিবাহ পাইছো তাৰে সৰহ সংখ্যক ছোৱালীয়ে ১৪-১৬ বছৰ বয়সৰ অৰ্থাৎ উচ্চ প্ৰাথমিক বিদ্যালয় পাছ কৰা, সমস্যাটো ইয়াতেই।

চৰাঞ্চলত চৰকাৰে যদি স্কুলৰ সংখ্যা বৃদ্ধি কৰে আৰু পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়ে তেন্তে বাল্য বিবাহ আশাপ্ৰদ ভাবে হ্ৰাস পোৱাৰ লগতে নানা ধৰণৰ কু-সংস্কাৰ লোপ পাব। চৰাঞ্চলত হোৱা জনসংখ্যা বিস্ফোৰণৰ কাৰণ সেই একেটাই ‘শিক্ষা’। চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা খৰচ কৰে কেৱল পোষ্টাৰ বেনাৰৰ নামতেই। তেওঁলোকৰ উদ্দেশ্য বিফল হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ কাম-কাজ পোষ্টাৰ বেনাৰতকৈ বেছি আগবাঢ়িব পৰা নাই।

শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে সমাজত যি এক নৱজাগৰণ আহিছে তাৰফলত বাল্য বিবাহৰ কাৰ্য চলাই থকা সকলেও কেতবোৰ জালিয়াতিৰ আশ্ৰয় লৈ হলেও বৈধতাৰ ৰূপ দি বাল্য বিবাহ সংগঠিত কৰাই থকা দেখা গৈছে। তেওঁলোকে টকা বা অন্য যিকোনো উপায়েৰে জন্মৰ প্ৰমাণ পত্ৰত ছোৱালীজনীৰ বয়স বৃদ্ধি কৰি লৈ হলেও বাল্য বিবাহ সংগঠিত কৰি আছে। এই জালিয়াতিৰ ফলত আইনগত ব্যৱস্থা লোৱা কঠিন হৈ পৰে। সাধাৰণতে ছোৱালী সকলৰ অর্থনৈতিক অৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বাল্যবিবাহত উৎসাহিত কৰে দৰা পক্ষই। এই কামত কিছুমান কাজীয়েও বেআইনী ভাবে ছোৱালীজনীৰ বয়স বৃদ্ধি দেখুৱাই বিয়া সম্পন্ন কৰে।

বাল্য বিবাহ বন্ধ কৰিবলৈ বা শিশুৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰবাবে চৰকাৰে বিভিন্ন সমিতি গঠন কৰি দি আৰ্থিক অনুদান আগবঢ়ায়। ইয়াৰ ওপৰিও আইনৰ অধিকাৰ খৰ্ব হোৱা সম্পৰ্কে আৰক্ষীয়ে পদক্ষেপ লয়। নামনি অসমৰ বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত আৰক্ষীয়ে বাল্য বিবাহ ৰোধ কৰাত এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে যদিও কিছুমান অঞ্চলৰ আৰক্ষীয়ে ওলোটাকৈ খবৰ দিয়া সচেতন ব্যক্তি জনকেই নানা ধৰণৰ প্ৰশ্ন কৰি গালি-গালাজ আৰু কটু মন্তব্য শুনাই বুলি জানিব পৰা যায়। যাৰ ফলত সমাজ সেৱা কৰিবলৈ অহা স্বেচ্ছাসেৱকজনৰ মন ভাঙি পৰে আৰু বাল্য বিবাহ বিৰোধী আন্দোলন দুৰ্বল হোৱাৰ আশংকা থাকে। কেতিয়াবা আৰক্ষীয়ে বাল্য বিবাহ হৈ থকা বুলি যিজন ব্যক্তিয়ে খবৰ দিয়ে সেই ব্যক্তিজনৰ নাম ৰাজহুৱা কৰে। যাৰ ফলত জীৱন নাশৰ ভাবুকি পৰ্যন্ত আহি পৰে। আমাৰ লগতো এনেকুৱা ঘটানা সংগঠিত হৈছে।

এদিন বাল্য বিবাহ সম্পৰ্কে ধুবুৰী জিলাৰ আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক ফোন যোগে জনাইছিলো। বিষয়া গৰাকীয়ে আমাক এজাহাৰ দাখিলৰ পৰামৰ্শ দিছিল। পিছত শিশু সুৰক্ষাৰ মানুহে তেখেতৰ লগত যোগাযোগ কৰিব বুলি জনাওঁ আৰু সেই নাবালিকা গৰাকীক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰোঁ। পিছত যেতিয়া আমি খবৰ লাভ কৰোঁ যে তেখেতে বিয়লি গৈ বিয়াখন বন্ধ কৰিছে তেতিয়া মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিবলৈ ফোন কৰিছিলো। আমি ফোন কৰাৰ লগে লগে কোন বুলি সুধিলে। আমাৰ নিজা পৰিচয় দিব যাওতেই তেখেতে মোক পোনপটীয়া কৈ সুধিলে কিহত কাম কৰা অৰ্থাত মোৰ সন্থা বা অৰ্গেনাইজেশ্যনৰ নাম কি? আৰু অন্যান্য নানা প্ৰশ্নবানেৰে আমাক আক্ৰমণ কৰিব ধৰে। মনত প্ৰশ্ন জাগিছে- বাল্য বিবাহ বন্ধ কৰিবলৈ নেতা বা কোনো এটা সন্থাৰ মানুহ হ’বই লাগিব, নহ’লে নহ’ব নে? কোনোবা এখন ঠাইত অপৰাধ সংঘটিত হ’লে বা হোৱাৰ উপক্ৰম হ’লে পুলিচক খবৰ দিয়াটো প্ৰত্যেকজন ব্যক্তিৰ নৈতিক দায়িত্ব। আমি এই চমু লেখাৰ জৰিয়তে জনাই দিওঁ যে এই খবৰ দিবলৈ কোনো দল সংগঠনৰ নেতা বা কোনো সংস্থাৰ কর্মকৰ্তা হোৱাৰ কোনো প্ৰয়োজন নাই। চিৰাং জিলাৰ বিজনীতো একেই ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে সাধাৰণ তথা সচেতন যুৱক সকলৰ কথাত বৰ এটা গুৰুত্ব নিদিয়ে। আৰক্ষীক লাগে কেৱল নেতা, কোনোবা সংস্থা নতুবা চাইল্ড লাইন। কিন্তু অসম পুলিচে জানি ৰখা প্ৰয়োজন যে অসমৰ সকলো জিলাতেই চাইল্ড লাইন নাই, মাথোঁ ১০ খন জিলাতেই তেওঁলোক সীমাবদ্ধ।

আন এটি ঘটনা, নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত এখন বাল্য বিবাহৰ খবৰ আমি নিজে আৰক্ষীক জনাইছিলো। কিন্তু পৰিয়ালৰ সন্মুখত আৰক্ষীয়ে গৈ আমাৰ নামটো প্ৰকাশ কৰে। ফলত নাবালিকা গৰাকীৰ পিতৃয়ে আমালৈ ফোন কৰি নানান ধৰনৰ কটু বাক্যৰে গালি-গালাজ কৰিছিল।

সদৌ শেষত কওঁ, এটা সুস্থ জাতি পাবলৈ প্রয়োজন এগৰাকী শিক্ষিত মাতৃ, এই কথা কৈছিল প্রখ্যাত মনিষী তথা দার্শনিক নেপোলিয়ন বোনাপার্টে। তথাপিও আজি এই ডিজিটেল যুগতো অসমৰ চৰ-চাপৰি অঞ্চলৰ ছোৱালীসকল শিক্ষাৰ পৰা বঞ্চিত, যাৰ ফলত বৰ্তি আছে বাল্যবিবাহৰ দৰে ভয়াৱহ সমস্যা। ভৱিষ্যত প্ৰজন্মই সুস্থভাবে আৰু সুনাগৰিক হিচাপে গঢ়ি উঠাৰ ক্ষেত্ৰত বাল্য বিবাহ এটা বৃহৎ হেঙাৰ। আমি ইয়াক নিৰ্মূল কৰাৰ সংগ্ৰাম অব্যাহত ৰাখিব লাগিবই। গতিকে এই সংগ্ৰামত সকলো পক্ষৰে সহায় সহযোগিতা আমাৰ আন্তৰিক কাম্য।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *