অনুবাদকবিতা

সর্বহাৰা অবিশ্বাসী: (মূল-সুনীল গংগোপাধ্যায়, অনুবাদ-নিখিলেশ্বৰ বৰুৱা)

মোৰ ঘনিষ্ঠ বন্ধুৰ পত্নী, ধুনীয়াকৈ সাজি-কাচি আহিছে,

কিন্তু আমাৰ লগত একেলগে খাবলৈ নবহে
তেওঁৰ আজি ‘নীলষষ্ঠী’
ডেকা বয়সত এইবোৰ লৈ কত ঠাট্টা-মস্কৰা কৰিছিলোঁ
এতিয়া মাথোঁ এটা চেপা হাঁহি,
আনৰ বিশ্বাসক হেনো আঘাত দিব নাপায়।
আন এজন বন্ধু, যি প্ৰথম মোক বিপ্লৱী ৰাজনীতিলৈ টানি লৈ গৈছিল,
তাৰ আঙুলিত দেখিলোঁ নতুন এটা পাথৰ খটোৱা আঙুঠি
মই ভূৰু কোঁচোৱা দেখি
দুৰ্বল মাতেৰে ক’লে
অসুখ-বিসুখ বাঢ়িছে
সেয়ে শাহুআয়ে পিন্ধিব ক’লে, মুনষ্টোন,
না কৰিব নোৱাৰি।
মোৰ এনে লাগিল এয়া যেন মোৰেই নিজস্ব পৰাজয়।
শ্ৰদ্ধেয় অধ্যাপকৰ ঘৰ, মাজে মাজে তেখেতৰ কথা শুনিব যাওঁ
এতিয়াও শিকিবলগীয়া বহুত আছে,
আজি প্ৰথম দেখিলোঁ তেওঁৰ দুৱাৰত
এটা গণেশৰ মূৰ্তি
মই সোধা নাছিলোঁ, তেওঁ নিজেই ক’লে
দক্ষিণ ভাৰতৰপৰা ল’ৰাটোৱে আনিছে, কি সুন্দৰ কাম, নহয়?
সুন্দৰ কাৰুকলা শ্বো কেছত থাকিব লাগে দুৱাৰত কিয়, সেই কথা নক’লে।
ঠাট্টা ব্যংগৰ বয়স আৰু নাই
বয়স বাঢ়িছে, সেয়ে হাৰি গৈছো, পদে পদে পৰাজয়
আনৰ বিশ্বাসত আঘাত দিব নাপায়, আনৰ বিশ্বাসত আঘাত দিব নাপায়
চাৰিওফালে ইমান বিশ্বাস, দিনে দিনে বাঢ়ি গৈ আছে বিশ্বাসৰ আকাৰ প্ৰকাৰ!
যি গেৰুৱাবাদীয়ে পণ কৰিছে পৰধৰ্মৰ শিশুৰ তেজ
মাটিত বোৱাই দিব, কুকুৰে চেলেকি খাব
সি এজন দৃঢ় বিশ্বাসী,
ধৰ্মৰ যি ধ্বজাধাৰীয়ে চিৎকাৰ কৰে, ছোৱালী মানুহে গান গালে নেলু কাটি দিম
টেনিছ খেলিলেও বোৰ্খা পিন্ধি খেলিব লাগিব
সেয়াও দৃঢ় বিশ্বাস
যি পেটত বোম্ বান্ধি ধ্বংসমুখী
যি সিৰ ফুলাই দাঁত নিকটাই হাঁহি
গোটেই পৃথিৱী ভৰিৰ তলত ৰাখিব বিচাৰে
সেই সকলোৱেইতো বিশ্বাসীৰ দল!
সকলো বিশ্বাসী বিশ্বাসী বিশ্বাসী . . . . . . .
কেতিয়াবা ভঙা মাতেৰে চিঞৰি উঠিবৰ মন যায়
অবিশ্বাসীৰ দল, উঠা
বিশ্বৰ সমূহ সৰ্বহাৰা অবিশ্বাসী এক হোৱা।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *