চৰৰ কথা : সাম্প্ৰদায়িক সম্প্ৰীতি, বাংলাদেশী ইত্যাদি (পাৰভিন চুলতানা)

 

ধুবুৰী জিলাৰ চৰবাসীৰ জীৱন নেৰানেপেৰা অনগ্রসৰতা, আনুষ্ঠানিক বহিষ্কৰণ আৰু সঘন স্থানচ্যুতিৰ আখ্যান। প্রত্যেক বছৰে হোৱা বানপানী আৰু গঢ়াখহনীয়াৰ ফলত বহু মানুহ গৃহহাৰা হ'ব লগা হয়। লুইতৰ বুকুত নিজ হাতে সাজি উলিওৱা ঘৰটো বিলীন হৈ যোৱা প্রত্যক্ষ কৰা যেন এটা বছৰেকীয়া শাস্তি হৈ পৰিছে। নানা সমস্যাৰে জর্জড়িত এই সকল লোক প্রায় প্রত্যেক বছৰে গৃহহাৰা হৈ অসমৰ বিভিন্ন প্রান্ত লৈ বসবাসৰ ঠাই আৰু জিৱীকা উপার্জনৰ উপায় বিচাৰি যাব লগা হয়। ব্রহ্মপুত্রৰ চৰবোৰ বিভিন্ন ভৌগোলিক সমস্যাৰ ভুক্তোভোগী। বিভিন্ন চহৰৰ পৰা অতি নিকটৱর্ত্তী হোৱা সত্তেও ন্যুনতম সুযোগ সুবিধাৰ পৰা এওঁলোক বঞ্চিত। চৰৰ এই বঞ্চনাৰ ক্ষেত্রত এটা সমাধানৰ আশাত অসম চৰকাৰে ১৯৮৩ চনত Char Areas Development Plan আৰম্ভ কৰিছিল। এইটো পিছতগৈ ১৯৯৬ চনত Char Area Development Authority হয়গৈ। কিন্তু আজিও চৰবাসীৰ সমস্যাৰ অন্ত হোৱা নাই। শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ক্ষেত্রত তেওঁলোকে আজিও বহু পিছপৰা।

স্থানচ্যুতি চৰবাসীৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। কিন্তু বর্ত্তমানৰ ৰাজনৈতিক প্রেক্ষাপটত এই মানুহবোৰ গৃহহাৰা উদ্বাস্তু হৈ নতুন ঠাইলৈ গৈ প্রায় বৈষম্যমূলক আচৰণৰ সন্মুখীন হব লগা হয়। চৰৰ বহু মানুহ বংগমূলীয় মুছলমান হোৱাৰ বাবে প্রায়ে তেওঁলোকক অবৈধ প্রব্রজনকাৰী বুলি হাৰাশাস্তি কৰা হয়। প্রায় দৰিদ্র সীমাৰেখাৰ তলত বসবাস কৰা এই মানুহবোৰক অর্থনৈতিকভাৱেও বর্জন কৰা হয় এনে মিছা অভিযোগত।

ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত ধুবুৰী জিলাৰ চৰবোৰৰ সমস্যা দ্বিগুণ। এফালে এই চৰবোৰ মূল ভূ খণ্ডৰ পৰা কিছু আঁতৰত আৰু আনফালে বহু বিতর্কিত এটি আন্তর্জাতিক সীমান্তৰ নিচেই কাষত। চৰকাৰে সীমান্ত এলেকাবোৰক আজিও নিৰাপত্তাজনিত কাৰণতেহে গুৰুত্ব দিয়ে – এই কথা ধুবুৰীৰ ক্ষেত্রত একেবাৰে সঁচা। নানা সমস্যাৰে জর্জৰিত অনুন্নত জিলাখন চৰকাৰৰ বাবে কেৱল সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্রতহে প্রাসংগিক হৈ পৰে। বহু চৰ একেবাৰে অস্থায়ী হয় কিন্তু আনহাতে কিছু চৰ প্রায় ১৫-২০ বছৰলৈকে প্লাবিত নহয়। এই তুলনামূলকভাৱে অস্থায়ী চৰবোৰত বসবাস কৰা মানুহক কিছু ন্যুনতম সুবিধা দিয়াটো খুবেই দৰকাৰী।

ধুবুৰীৰ ওচৰে পাজৰে থকা চৰ এলেকাবোৰত গলে মানুহবোৰৰ দুৰৱস্থাৰ কথা গম পোৱা যায়। বংশীপুৰ চৰ ধুবুৰী চহৰৰ পৰা কেৱল ৩ কি:মি: দূৰত অৱস্থিত। যোৱা প্রায় ১৫ বছৰৰ পৰা এই চৰ জলমগ্ন হোৱা নাই আৰু ইয়াক এটা স্থায়ী চৰ বুলি ধৰি লব পাৰি। ইয়াত প্রায় ২৫০টা পৰিয়াল বসবাস কৰে। এই চৰত বিদ্যুৎসংযোগ নাই। চৰটোত কেৱল এটা প্রাথমিক আৰু এটা মজলীয়া বিদ্যালয় আছে। ধুবুৰীৰ পৰা যাতায়াতৰ একমাত্র উপায় নাৱ। ইয়াৰ ফলত উচ্চ শিক্ষাৰ বাবে যদিও ল'ৰাবোৰ ধুবুৰীৰ স্কুল-কলেজত নামভর্ত্তি কৰে, ছোৱালীবোৰৰ অধ্যয়ন এইখিনিতে অন্ত পৰে। কিন্তু সীমান্তৰ নিচেই ওচৰত অৱস্থিত হোৱাৰ বাবে ইয়াতে বিএছএফৰ কেম্প এটা আছে।

চৰত বসবাস কৰাসকল বানৰ কবলত নিজৰ মাটি-বাৰী গোটেইখিনি হেৰাই পেলাইছে। তেওঁলোকৰ জীৱনৰ এটা দুখদায়ক সত্য হৈ পৰিছে সঘনাই স্থানচ্যুতি। এনে নিশ্চয়বিহীন অৱস্থাত এটা নিয়মীয়া জীৱিকা উপার্জন কৰাটো কঠিন হৈ পৰে এইসকলৰ বাবে। পৰিশ্রমী মানুহবোৰে চকুৰ আগতে নিজৰ খেতৰ মাটি পানীত বুৰ যোৱা দেখিছে। চৰৰ অতি কম সংখ্যক মানুহ উচ্চ শিক্ষা লাভ কৰিছে বা চৰকাৰী চাকৰিত নিযুক্ত। বেছি ভাগেই কৃষি কার্য্যত জড়িত। চৰকাৰী সহায়ৰ পৰা বঞ্চিত, এই সকলৰ অৱস্থা শোচনীয়। উপায় নাপাই সৰহ সংখ্যক মানুহ গুৱাহাটি আৰু আন চহৰলৈ ঢাপলি মেলে দিন হাজিৰা কৰি হলেও জীৱিকা নির্বাহ কৰাৰ পন্থা বিচাৰি। এই সকলৰ বেছি ভাগ বংগমূলীয় মুছলমান হোৱাৰ বাবে প্রায় অবৈধ বাংলাদেশী বুলি আৰোপিত হৈ প্রায় সময় আৰক্ষী প্রশাসনৰ ৰোষত পৰিব লগা হয়। দিনৰ ভাগত বংশীৰচৰলৈ গৈ কোনো ডেকা ল’ৰা চকুত নপৰিল। প্রশ্ন কৰাত গম পালো যে প্রায় সংখ্যক অসমৰ আনকি ভাৰতৰ বিভিন্ন চহৰত কাম কৰি আছে। ঘৰৰ পুৰুষসকলৰ অনুপস্থিত ঘৰখনৰ দ্বায়িত্ব মহিলাসকলৰ ওপৰত আহি পৰে। বেছি শিক্ষিত নোহোৱাৰ ফলত মহিলাসকলে ঘৰতে কিছু সৰু-সুৰা কাম কৰি যেনে ধূপকাঠী তৈয়াৰ কৰি কিছু টকা উপার্জন কৰাৰ চেষ্টা কৰে। ধুবুৰীৰ এই ঠাইবোৰ এতিয়াও বাল্য বিবাহৰ কবলৰ পৰা সম্পূর্ণ ভাৱে মুক্ত নহয়। গতিকে ঘৰৰ গৃহিনীসকল ফুল-কুমলীয়া বয়সতে গধূৰ দায়িত্ব ল'ব লগা হয়।

উপার্জনৰ অনুসন্ধানত চৰৰ বহু মহিলাও দূৰৱৰ্তী চহৰ যেনে দিল্লী, মুম্বাই, ল‌‌‌ক্ষ্ণৌ আদিলৈ যাব লগা হৈছে। পিছে এই নতুন ঠিকনাতো তেওঁলোকে প্রায়ে অবৈধ বাংলাদেশী হোৱাৰ সন্দেহৰ আৱর্তত আহি যায়। যিসকল ঘৰতে থাকি যায় তেওঁলোকেো নানা সমস্যাৰ সন্মুখীন হ'ব লগা হয়। চৰবোৰত প্রাথমিক চিকিৎসা কেন্দ্র নাই। যিকোনো ধৰণৰ জৰুৰী চিকিৎসাজড়িত সমস্যাৰ বাবে ধুবুৰী চিকিৎসালয়লৈ আহিব লগা হয়। গর্ভবতী মহিলাৰ মৃত্যুৰ হাৰ উচ্চ হোৱাৰ কাৰণ ৰাতি নাৱত যাত্রা কৰা বাৰুকৈ বিপজ্জনক। ধুবুৰীৰ চৰবোৰ বাংলাদেশ পৰিসীমাৰ নিকটবর্ত্তী হোৱাৰ বাবে চৰবাসীসকল সকলো সময় বিএছএফৰ নজৰত থাকিব লগা হয়।

প্রায় একে ধৰণৰ সমস্যা ফুলবাৰীৰ নিকটৱৰ্তী বালাডোবাচৰতো দেখা যায়। গঢ়াখহনীয়াৰ ফলত দক্ষিণ শালমাৰাৰ মানুহসকলে নিজৰ মাটি-বাৰী হেৰুৱাই এই চৰটোত আশ্রয় লবলৈ বাধ্য হৈছে। ঠাইখন বালিচৰ হোৱাৰ বাবে ইয়াতো গঢ়াখহনীয়াৰ এটা স্থায়ী আশংকা মানুহবোৰৰ জীৱন আৱৰি থাকে। টিনপাতৰ ঘৰবোৰে এই মানুহবোৰৰ অস্থায়ী আবাসৰ সত্যতাক দাঙি ধৰে। নদীৰ দাঁতিত থকা মানুহবোৰ অনিশ্চয়তাত ভোগে। নিকটৱৰ্তী ফুলবাৰীত যোৱাৰ একমাত্র উপায় নাওঁ। এই সৰু সৰু নাওবোৰত অত্যধিক সংখ্যক মানুহ লোৱাৰ বাবে নাওবোৰ উলটি যোৱাৰ সম্ভাৱনা থাকে। স্কুলীয়া ছাত্রসকলৰ বাৰিষাৰ দিনত নদী পাৰ কৰাটো বিপজ্জনক হৈ পৰে।

চৰটোত মুছলমান সম্প্রদায়ৰ লগতে কিছু হিন্দু পৰিয়ালো আছে। প্রায় ১২০ ঘৰ হিন্দু পৰিয়াল থকা চৰটোত সাম্প্রদায়িক সম্প্রীতি বিৰাজমান কিন্তু অনগ্রসৰতা আৰু অনুন্নতিয়ে এইসকলৰ জীৱন জুৰুলা কৰি পেলাইছে। বহুতে নিজৰ পূর্বপুৰুষৰ মাটি জমি হেৰুওৱাৰ দুখ, নিজৰ প্রতিবেশীৰ কথা মনত পেলাই দুখ প্রকাশ কৰে। মহিলাসকলেও অনুৰূপ সমস্যাৰ সন্মুখীন হব লগা হয়। ন্যুনতম সুবিধাৰপৰা চৰবাসীসকল বঞ্চিত। মহিলাসকলক উচ্চ শিক্ষাৰ পৰা দূৰত ৰখা হয় একমাত্র যাতায়াতৰ সমস্যাৰ বাবে।

পাৰৰ ওচৰত থকা সৰু চাহ দোকান খনত কিছু সময় বহিলো। তাতে ৰবি দাস, অজয় দাস বোলা মানুহ দুজনৰ লগত কথা পাতোতে তেওঁলোকে ক’লে যে ঈদ, পূজাৰ সময়ত চৰৰ মানুহবোৰে মিলাপ্রীতিৰে সকলোবোৰ উৎযাপন কৰে। কিছু দিন আগতে অজয় দাস ডাঙৰীয়াৰ জীয়েকৰ বিয়া চৰৰ প্রতিবেশীসকলৰ সহায়ত খুব ধুনীয়াকৈ হৈ গ'ল। চৰত কেইজন বাংলাদেশী আছে বুলি সোধাত তেওঁ দুখ প্রকাশ কৰি কলে যে সাম্প্রদায়িক ধ্রুৱীকৰণৰ ৰাজনীতিত ব্যস্ত চৰকাৰে চৰবাসীৰ সমস্যা দেখিও নেদেখা হৈছে।

চৰৰ বহু সংখ্যক মানুহ ডি ভোটাৰ বা সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত হৈ বহু সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সিহঁতক অবৈধ প্রব্রজনকাৰী বুলি ধৰি লোৱা হয় আৰু ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। গৱেষণাত দেখা যায় যে বহু সংখ্যক ভাৰতীয় মানুহ—হিন্দু আৰু মুছলমান উভয়কে, ডি ভোটাৰ বুলি চিনাক্ত কৰি ডিটেনশন কেম্পবোৰত আটক কৰি ৰখা হয় আৰু বহু বছৰ ধৰি তেওঁলোক কঠোৰ যাতনা ভুগিব লগা হয়।

১৯৮৩ চনৰ কুখ্যাত নেলী হত্যাকাণ্ডৰ কথা পাহৰা কঠিন। সেই নেলীৰ বৰপায়েক ২ গাৱঁৰ ৰাজিয়া বেগম ডি ভোটাৰৰ সমস্যাৰ এজন পীড়িত মহিলা। তেওঁৰ দেউতাক হৰি আব্দাৰ মুন্সী এজন ব্রিটিছ কর্মচাৰী আছিল। কিন্তু ৰাজিয়া বেগমৰ নাগৰিকত্বৰ ওপৰত প্রশ্ন উত্থাপন কৰা হয়।  যদিও ৰাজিয়া বেগমৰ লৰা ছোৱালীক ভাৰতীয় বুলি ধৰি লোৱা হৈছে, তেওঁক ডি ভোটাৰ বুলি চিনাক্ত কৰা হৈছে আৰু ভোট দিব দিয়া হোৱা নাই। তেওঁ মোকর্দমা কৰিব লগা হৈছে নিজৰ ভাৰতীয়তাৰ প্রমাণ দিবলৈ। ডি ভোটাৰ মহিলাসকলক এই কেম্পবোৰত থাকিবলৈ বাধ্য কৰা হয় আৰু ইয়াৰ ফলত বহু পৰিয়ালত ভাঙন ধৰে।

আন এটা ঘটনাত ২০১২ চনত পাচঁটা সন্তানৰ মাতৃ শাজিদা খাতুনক বিদেশী বুলি ঘোষণা কৰা হয়। কোলাৰ আঠ মহীয়া কেচুৱা শিশুটিক এৰি তেঁও কেম্পলৈ যাব লগা হ'ল। যদিও শাজিদাই নিজৰ জন্ম প্রমাণ পত্র আৰু স্কুলৰ প্রমাণ পত্র দাখিল কৰিছিল তথাপি তাইক বিদেশী বুলি ঘোষণা কৰা হৈছিল। একেখন গাৱঁত চাৰিটা দশক অতিবাহিত কৰিছিল তাইৰ পৰিয়াল, কিন্তু তাইৰ নাগৰিকত্বৰ অধিকাৰ খাৰিজ কৰা হল। মাতৃদুগ্ধ পান কৰা শিশু এটাক মাকৰ পৰা দূৰ কৰা হ'ল। মানৱ অধিকাৰৰ উগ্র হননৰ বাবে এই ঘটনাটো বহু চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

প্রকৃত ভাৰতীয়ক বাংলাদেশী বুলি ন'টিছ জাৰি কৰা খবৰ প্রায় দিনে সংবাদ মাধ্যমত পোৱা গৈ আছে। আনকি সেনা বাহিনীত ভালে বছৰ ধৰি চাকৰি কৰা, বৰ্তমানেও আৰক্ষীত চাকৰি কৰি থকা মানুহকো এনেকৈ যধে মধে ডি ভোটাৰ বুলি ন'টিছ জাৰি কৰা ঘটনা পোহৰ লৈ আহিছে। কিন্তু এনে লজ্জাজনক ঘটনাৰ পিছতো মানু্ক সন্দেহযুক্ত নাগৰিক বুলি চিহ্নিত কৰা প্রক্রিয়াৰ যে সংশোধনৰ দৰকাৰ, সেই কথা চৰকাৰে উপলব্ধি কৰা নাই।

ধুবুৰীৰ চৰবাসীৰ সমস্যা বহুত। সীমান্তৱর্ত্তী এলেকা হোৱা বাবে প্রায় সময় চৰৰ মানুহক অবৈধ প্রব্রজনকাৰী বুলি হাৰাশাস্তি কৰা হয়। উচিত পৰিচয় পত্র থকা সত্তেও এওঁলোকৰ নাগৰিকত্বকলৈ প্রশ্ন কৰা হয় আৰু সাধাৰণ নিৰীহ মানুহ দিঘলীয়া আইনী মেৰপেচত নিষ্পেষিত হব লগা হয়। কিন্তু এফালে য'ত বহু তথাকথিত চিন্তাবিদ, বুদ্ধিজিৱীয়ে ধুবুৰীলৈ পদার্পণ নকৰি ধুবুৰীত থকা ‘বাংলাদেশী’কলৈ মন্তব্য কৰে, তেওঁলোকে ধুবুৰীৰ ভয়াৱহ গঢ়াখহনীয়াৰ সমস্যাৰ ক্ষেত্রত নিমাত। বছৰে বছৰে যে বহু গাওঁ ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ আছে, সেই গাওঁবাসীবোৰ কলৈ গ'ল। চৰকাৰে যদি এইধৰণৰ গঢ়াখহনীয়া পিড়ীতৰ ওপৰত বছৰেকীয়া প্রতিবেদন তৈয়াৰ কৰিলেহেঁতেন তেনেহলে বছৰৰ পিছত বছৰ ‘অবৈধ বাংলাদেশী’কলৈ জঘন্য ৰাজনীতি নহলহেঁতেন।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰৰ কথা : সাম্প্ৰদায়িক সম্প্ৰীতি, বাংলাদেশী ইত্যাদি (পাৰভিন চুলতানা)"

Leave a Comment

Your email address will not be published. Required fields are marked *