চুলাই ট্ৰেজেডি: এয়া মৃত্যু নহয়, বহুলাংশে হত্যাও-(আশ্ৰাফুল হুছেইন)

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসম উৎকৃষ্ট চাহ উৎপাদক হিচাপে জিলিকি আছে সমগ্ৰ বিশ্বতে। যাৰ তেজ আৰু ঘামেৰে চাহৰ ৰং ৰঙা হয় তেওঁলোকৰ মাজত আৰম্ভ হৈছে মৃত্যুৰ কিৰিলি। যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা অবৈধ চুলাইৰ বিষাক্ত ৰূপে কাঢ়ি ল'লে ডেৰ শতাধিক চাহ শ্ৰমিকৰ লগতে অন্যান্য গৰিব আৰু মেহনতী মানুহৰ জীৱন। উজনি অসমৰ গোলাঘাট জিলা আৰু যোৰহাট জিলাত মৃত্যুৰ বিভীষিকা নমাইছে বিষাক্ত চুলায়ে। বৰ্তমানলৈও আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে, সমান্তৰালকৈ বাঢ়িছে মৃতকৰ সংখ্যাও। ইতিমধ্যে চৰকাৰেও ঘোষণা কৰিছে তদন্ত আৰু মৃতকৰ পৰিয়াললৈ সাহায্য। কিন্তু ইমানতেই শেষ নেকি সকলো?

যোৱা ২১ ফেব্ৰুৱাৰী তাৰিখে গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত সংগঠিত হৈছিল এই ট্ৰেজেডিৰ প্ৰথম ঘটনা। চুলাই মদ খাই চাৰিগৰাকীকৈ মহিলাই মৃত্যুক সাবটিব লগীয়া হৈছিল। সন্ধিয়াৰ ভাগত চুলাই মদ খোৱাৰ পিছতে দুৰ্পদী ওৰাং (৫০), বেল ভূমিজ (৫০), অগ্নি গুৱালা (৫৫) আৰু বান্ধৈ বাউৰী (৪৮) - এই চাৰিগৰাকীকৈ মহিলা অসুস্থ হৈ পৰে। পিছত তেওঁলোকক গোলাঘাটৰ চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। ২১ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী তাৰিখলৈ সংবাদ মাধ্যমৰ তথ্য মতে মৃতকৰ সংখ্যা বৃদ্ধি পালে ১৫৯ জনলৈ, অৱশ্যে বেচৰকাৰী তথ্য মতে এই পৰিসংখ্যা প্ৰায় ১৮০জন। একেদৰেই আক্ৰান্ত ব্যক্তিৰ সংখ্যাও প্ৰায় ৩০০জন। যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ বৰহোলা, ৰজাবাহাৰ, ৰঙাবাট, ৰায়দাংজুৰি, চিম্পোলগ্ৰাণ্ট আদি এলেকাৰ লগতে গোলাঘাট জিলাৰ উষা, গৰঙা, শালমিৰা, মুক চাহ বাগিচা, চেলেঙী, মেৰাপানী, গোবিন্দপুৰ আদি চাহ বাগিচা এলেকাতো যথেষ্ট শ্ৰমিকৰ মৃত্যু হৈছে। ইয়াৰে যোৰহাট জিলাৰ বৰহোলা চাহ বাগিচা আৰু ৰজাবাহাৰ চাহ বাগিচাত মৃত্যু হৈছে আটাইতকৈ বেছি লোকৰ। আক্ৰান্ত লোকসকলৰ চিকিৎসা যোৰহাট চিকিৎসা মহাবিদ্যালয়, তিতাবৰ অসামৰিক চিকিৎসালয়, যোৰহাট মিছন হস্পিটেল, গোলাঘাট কুশল কোৱাৰ অসামৰিক চিকিৎসালয় আদিত চলি আছে। চিকিৎসালয়ৰ পৰিৱেশ আছিল অবৰ্ণনীয়। জীৱিত আৰু মৃত শ্ৰমিক একেঠাইতে পৰি থাকিছিল বহু সময়।

চুলাই সেৱন কৰি মৃত্যু হৈ থকা চাহ বাগিচাসমূহত এতিয়া শোকাকুল পৰিৱেশ। চাৰিওফালে দাও-দাওকৈ জ্বলিছে চিতা, কেইবাঠাইত খৰিৰ অভাৱত কবৰ দি আছে মৃতদেহ। এনে এক পৰিৱেশৰ মাজতে গোলাঘাট জিলাৰ শালমৰা বাগানৰ যোগীবাৰী লাইনৰ এটি ঘৰত এক অতি কৰুণ ছবি। এটি সৰু ঘৰ, বগা ৰঙেৰে ৰংবুলোৱা, বাগান কৰ্তৃপক্ষৰ দ্বাৰাই নিৰ্মিত, তেনে এখন ঘৰৰ বাৰাণ্ডাতে বহি আছে তিনিটা কণমানি শিশু, আটাইকেইজন শিশুৰে বয়স ৯ বছৰৰ তলত। এই তিনিজনৰ উপৰিও এই পৰিয়ালত আছে আন এগৰাকী ১১ বছৰীয়া কিশোৰী। মুঠতে চাৰিটা সন্তান আৰু পিতৃ-মাতৃৰে এখন পৰিয়াল। পিতৃ-মাতৃ ক্ৰমে দেৱাৰু পূজৰ (৩৫) আৰু সুনীতা পূজৰে (৩২) চাহ বাগানত কাম কৰি পৰিয়াল পোহ-পাল দিয়ে যদিও এতিয়া আৰু নাই তেওঁলোক এই সংসাৰত। এই শিশুসকল ক্ৰমে চাৰিটি সন্তান ক্ৰমে দীপালী পূজৰ (১১), বাদল পূজৰ(৯), কোন্দন পূজৰ (৭) আৰু চন্দন পূজৰক(৫) অনাথ কৰি, তেওঁলোকৰ পিতৃ-মাতৃ দুয়োজনেই বিষাক্ত সুৰা সেৱন কৰি যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে মৃত্যুবৰণ কৰিছে। কিন্তু কণমানিকেইটাই এতিয়াও যে বুজি উঠা নাই তেওঁলোক পিতৃ-মাতৃৰ মৃত্যু হৈছে! ফুটা-নুফুটা মাতেৰে সাংবাদিকক কৈছে- "চুলাই খাই মা-দেউতা পলাই গুচি গ'ল"!

যদিও ২১ ফেব্ৰুৱাৰী তাৰিখে চুলাই খাই চাৰিজন ব্যক্তিয়ে প্ৰাণ দিছিল তথাপিও আন্তৰিকতাৰে সজাগ হোৱা নাছিল আবকাৰী বিভাগ। অব্যাহত আছিল বিষাক্ত চুলাইৰ বেহা। যাৰ ফলত নতুন-নতুন ঠাইলৈও বিয়পিব ধৰিছিল চুলাইৰ বিষক্ৰিয়া। তাৰেই এক ঘটনা হৈছে- ২৪ ফেব্ৰুৱাৰী তাৰিখে অন্তিমবাৰৰ বাবে চুলাই খাই ২৫ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হৈছিল যোৰহাট জিলাৰ ভিবিষন কহাৰৰ(৫৩)। জিলাখনৰ টীয়কৰ মেলেং বাগিছা এলেকাৰ অসংগঠিত চাহ শ্ৰমিক ভিবিষন কহাৰে নিজৰ ঘৰতেই মৃত্যুবৰণ কৰে আৰু প্ৰশাসনৰ দ্বাৰা তেওঁৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। আমি লক্ষ্য কৰিছোঁ যে- চুলাই মদত বিষক্ৰিয়া হৈ বিভিন্নজনে প্ৰাণ হেৰুৱাই থকাৰ পিছতো বিভিন্ন অঞ্চলত মুকলিকৈ চলি আছিল মদৰ বেহা আৰু ব্যৱহাৰ। পিছপৰা দুৰ্গম অঞ্চলৰ অশিক্ষিত শ্ৰমিকসকল সজাগ আৰু সচেতন নহয়, তেওঁলোকৰ ওচৰত সজাগ হোৱাৰ মাধ্যম টিভি কিম্বা বাতৰি কাকত নাই। এই ক্ষেত্ৰত চৰকাৰে সজাগ আৰু সচেতন কৰাৰ লগতে চুলাই নিয়ন্ত্ৰণৰ যি ব্যৱস্থা ল'ব লাগিছিল সেইক্ষেত্ৰত ব্যৰ্থ হৈছে বাবেই মৃতকৰ সংখ্যা অত্যধিকভাবে বৃদ্ধি পাইছে। অৱশ্যে ২৪ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লাবৈদ্যই ঘটনাৰ বুজ লোৱাৰ বাবে গোলাঘাটত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চুলাই মদৰ উৎপাদন আৰু ব্যৱসায়ৰ বিৰুদ্ধে ইতিমধ্যে এখন আইন প্ৰণয়ন কৰা হৈছে। ইপিনে তেওঁ স্বীকাৰ কৰে যে এই ক্ষেত্ৰত আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ যথেষ্ট হেমাহি আছে।

চাহ বাগিচাৰ শ্ৰমিকসকলে সাধাৰণতে সাপ্তাহিক মজুৰিৰ টকাকেইটা দেওবাৰে লাভ কৰে। সেইদিনা শ্ৰমিকসকলৰ মনটো হৈ থাকে উৎফুল্লিত আৰু সতেজ। অইন দিনা চুলাই মদ খাৱক নাখাৱক দেওবাৰে মদ খাবলৈ বহুতকে টানি লৈ যায় বজাৰলৈ। প্ৰায়বোৰ বাগান বজাৰৰ এক-ডেৰ কিল'মিটাৰ আগৰে পৰা চুলাই মদৰ দোকানবোৰ বহে। চুলাইৰ সৈতে সস্তীয়া খাদ্যবোৰ যেনেকৈ ছাগলীৰ নাড়ী-ভুৰুৰ ভাজি, শামুক, উইছিৰিঙা, পানীপোক আদিও থাকে উভৈনদী হৈ। বজাৰ পোৱাৰ আগতেই আৰম্ভ হয় চুলাই খোৱাৰ পৰ্ব, যাক 'বাগানীয়া ভাষাত' কোৱা হয় হাৰিয়া বুলি। হাৰিয়াৰ নিচাত ডুব গৈ বহু শ্ৰমিকে প্ৰায়েই উভতি যাওঁতে পৰিয়ালৰ সাপ্তাহিক বজাৰখিনিও নিবলৈ পাহৰে, যদিও বা ক্ৰয় কৰে তথাপিও বহুতেই হেৰাই থৈ যায় আধা বাটতে। এয়াই চাহ বাগিচাৰ শ্ৰমিকৰ দৈনন্দিন জীৱন।

দিনজোৰা মেহনত কৰি পোৱা সামান্য হাজিৰা, তাৰেই পৰিয়াল পোহপাল আৰু অন্যান্য যাবতীয় খৰছ কৰা অসমৰ চাহ বাগানৰ অধিকাংশ শ্ৰমিকে সন্ধিয়া বেলাত ১০ টকাত চুলাই মদ খাই ঘৰলৈ ওভতে। এনেকৈয়ে চলে অনেক শ্ৰমিকৰ জীৱন আৰু ভাগৰৰ অৱসাদ। চিন্তাক্লিষ্ট মনটোক চিন্তাৰ পৰা আঁতৰাই ৰখাৰ বাবে এক মাধ্যম হিচাপেই চাহ বাগিচাৰ প্ৰায় শ্ৰমিকেই নিয়মীয়াকৈ পান কৰে সস্তীয়া দেশীয় মদ। যাৰ তেজ আৰু ঘামৰ ফলত চাহৰ ৰং ৰঙা হয় তেওঁৰ কথা খুব কমকৈয়ে ভবা হয় অসম মুলুকত। তাৰেই কেইবাটাও খণ্ডচিত্ৰ বিগত শতিকাত দেখা গৈছে। অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক অৱস্থানে প্ৰমাণ কৰে যে এক শোষণযুক্ত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে পাৰ হৈ গ'ল এটা শতিকা। আজিৰ সময়তো বাগানৰ শ্ৰমিকসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত মজুৰি লাভ কৰে ১৬৭ টকা আৰু বৰাক উপত্যকাত লাভ কৰে ১৩০ টকা। চাগে আপুনিও অনুমান কৰিব পাৰিছে এই সামান্য টকাৰে কিদৰে চলে এটি সংসাৰ বা পৰিয়াল!

অসমৰ চাহ বাগিচা এলেকাত চুলাই মদৰ প্ৰচলন সম্পৰ্কে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ শ্ৰমিকৰ বিষয়ে গৱেষণা কৰি থকা গৱেষক ছাত্ৰ তথা বন্ধু অংশুমান শৰ্মাৰ মত যে- "চাহ বাগিচা এলেকাত চুলাই মদৰ প্ৰচলনৰ ঐতিহাসিক কাৰণ আছে, যিবোৰ কথা আমাৰ মধ্যবিত্তীয় ভদ্ৰ সমাজে কেতিয়াও জানিব নিবিচাৰে। সকলো জনজাতীয় গোষ্ঠীৰ দৰেই আদিবাসীসকলৰো নিজস্ব পানীয় প্ৰস্তুতিৰ প্ৰথা আছে। পিছে ১৯ শতিকাত অসমলৈ আহি চাহ বাগানত নিয়োজিত হোৱাৰ পিছত সেই পৰম্পৰা ধৰি ৰখাৰ সুযোগ তেওঁলোকে পোৱা নাই। একেদৰেই পৰম্পৰা মতেই পানীয় প্ৰস্তুত কৰাৰ উপকৰণসমূহো ইয়াত পাইছে খুবেই সীমিত। প্ৰকৃতাৰ্থত ব্ৰিটিছেই এওঁলোকৰ মাজত মদ্যপানৰ অভ্যাস গঢ়ি তুলিছিল। বৰঞ্চ কোৱা ভাল, মদ্যপান কৰোৱাটো আছিল ব্ৰিটিছৰ ঔপনিবেশৰ শোষণৰ এক আহিলা স্বৰূপ। ১৮৭৮ চনতেই ব্ৰিটিছ চাহ বাগান মালিক গোষ্ঠীয়ে ডিব্ৰুগড়ত গঢ়ি তুলিছিল মদ বনোৱা কাৰখানা বা ভাটি। অসমলৈ আমদানি হোৱা মদৰ কৰ হ্ৰাস কৰিবলৈও আবেদন জনাইছিল একেই চাহ বাগান মালিক গোষ্ঠীয়ে। আনকি ইংলেণ্ডৰ সাংসদ হাউছ অফ কমন্সতো আলোচনা হৈছিল কিদৰে চাহ বাগানৰ আশে-পাশে বাগান মালিক গোষ্ঠীয়ে গঢ়ি তুলিছিল মদৰ দোকান। অৰ্থাৎ সমগ্ৰ ঔপনিবেশিক প্ৰশাসনৰ তলৰ পৰা ওপৰলৈ সকলো জড়িত আছিল পৰিকল্পিতভাবে এই বনুৱা গোষ্ঠীক মদ সেৱনত উৎসাহিত কৰাত।  কিন্তু কিয় ? দৰাচলতে ঔপনিবেশিক চক্ৰৰ তত্ত্ব আছিল যে মদ বা নানা ৰাগিয়াল দ্ৰব্যৰ দ্বাৰা তেওঁলোকে হাড়ভঙা কৰ্মত বলপূৰ্বকভাবে জড়িত কৰা শ্ৰমিকসকলৰ উৎপাদিকা বৃদ্ধি কৰিব পাৰিব (Stimulus to get higher productivity)। এয়া ঔপনিবেশিক যুগত গোপনে চলা দাস প্ৰথাসদৃশ অৱস্থাৰ বৰ্বৰ ৰূপ। কেৱল অসম বুলি নহয়, দাৰ্জিলিং, কেৰেলা, মৰিচাচ, ৱেষ্টইণ্ডিজ আদি নানা ঠাইত নানা সস্তীয়া ৰাগিয়াল দ্ৰব্য ব্যৱহাৰ কৰিছিল দুৰ্গম অঞ্চলত কঠিনতকৈ কঠিন কাম কাৰোৱাবলৈ। সেয়া বৰ্বৰ লুণ্ঠনৰ যুগ। পৃথিৱীৰ বহু দেশত প্ৰকৃতিৰ বন অৰণ্য ভাঙি বাণিজ্যিক উদ্যান গঢ়ি তোলাৰ যুগ। কিন্তু যিসকলক এই কামত নিয়োগ কৰা হৈছিল তেওঁলোকে কৰিব লাগিছিল অতি কষ্টকৰ তেজক পানী কৰা শ্ৰম, তাকো অতি দুৰ্বিষহ অৱস্থাত, মহ-ডাঁহ, নানান বেমাৰৰ মাজতো। এনে দুৰূহ কাম কাৰোৱাবলৈ ঔপনিবেশিক শাসকসকলে সস্তীয়া ৰাগিয়াল দ্ৰব্যক হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰিছিল।  অসমৰ বাগান স্থাপন আৰু পৰৱৰ্তী কামটো মদ বিশেষকৈ "ৰাম" সঘনাই বিতৰণ কৰা হৈছিল। ব্ৰিটিছৰেই ৰিপোৰ্টত আছে অসমত কাম কৰিবলৈ অনাসকলৰ সঘনাই জ্বৰ, চৰ্দি, মেলেৰিয়া আদি নানা ৰোগ হৈছিল। গতিকে ঔষধ চিকিৎসা আদিতকৈ "ৰাম" ধৰণৰ উদ্দীপক জাতৰ মদৰ যোগান ধৰাটো আছিল কম খৰচী। ১৮৯০ চনলৈ ৩৩খনৰ ভিতৰত ৩১খন বাগানতেই মালিকসকলে সস্তীয়া মদ যোগান ধৰিছিল। তেতিয়া শ্ৰমিকৰ চুক্তি নবীকৰণ কৰা সময়ত বুঢ়া আঙুলিৰ ছাপ লৈ এটা "ৰাম"ৰ বটল দিয়াৰ প্ৰথা আছিল। অধিক কাম কৰাৰ দিনা সস্তীয়া মদ বকচিছ ৰূপে দিয়া হৈছিল। কৰম পূজা, দুৰ্গা পূজা আদি সময়তো সস্তীয়া মদ বিতৰণ মালিক গোষ্ঠীয়েই কৰিছিল। এইদৰেই সস্তীয়া মদক শাসনৰ বাঘজৰী টনকিয়াল কৰিবলৈ আৰু বেছিকৈ বেছি কাম উলিয়াবলৈ ব্যৱহাৰ কৰা হৈছিল। এইদৰেই এটা বৃহৎ জনগোষ্ঠীৰ বৃহৎ অংশক নিচাসক্ত ভৃত্যত পৰিণত কৰাৰ চেষ্টা চলাইছিল। স্বাধীনতাৰ পিছত এই অবাধ বৰ্বৰতাৰ শাম কাটিলেও ইতিমধ্যে সি স্বাভাৱিক হৈ গৈছিল। গতিকে ক্ৰমেই ঔপনিবেশিক মদৰ স্থান লৈছিল স্থানীয় চুলায়ে। চৰকাৰী শাসনযন্ত্ৰ আৰু মালিকগোষ্ঠীৰ চকুৰ সমুখতে আৰু পৰোক্ষ উৎসাহতেই বৰ্তমানলৈও এইবোৰ চলি থাকিল বাগান এলেকাত।"

সম্প্ৰতি সময়ত দেখা গৈছে যে কম দামতে মদ প্ৰস্তুত কৰিবলৈ অসাধু উৎপাদকসকলে ইউৰিয়া সাৰ, চোৰাটৰ পাত, ডিটাৰজেণ্ট পাউডাৰ আৰু শেহতীয়াকৈ একাংশ ফাৰ্মাচীত পোৱা টেবলেট আদি ব্যৱহাৰ কৰে। ইপিনে মদ প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা লালি গুৰো অস্বাস্থ্যকৰ আৰু বিষক্ৰিয়া হ'ব পৰা অৱস্থাতো ৰখাৰ ফলত একাধিকবাৰ অসমত চুলাই মদক কেন্দ্ৰ কৰি বিষক্ৰিয়া হৈছে। উল্লেখযোগ্য যে এইবাৰ বিষক্ৰিয়া যিদৰে প্ৰায় ৭০ বৰ্গ কিলোমিটাৰ ব্যাসার্ধ এলেকাত অত্যধিকভাবে হৈছে৷ গতিকে ধাৰণা কৰা হৈছে যে লালিগুৰৰ পৰাই এই বিষক্ৰিয়া হৈছে কিজানি। এই  সন্দৰ্ভত গুৱাহাটীৰ ফৰেনচিক লেবৰটেৰিয়ে নমুনা সংগ্ৰহ কৰি অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পাৰিছোঁ, দেখা যাওক কি আহে অনুসন্ধান প্ৰতিবেদনত।

গোলাঘাট আৰু যোৰহাটত চুলাই মদ পান কৰি ব্যাপকভাবে লোকৰ মৃত্যুৰ পিছত অসমৰ সকলো প্ৰান্ততে তৎপৰ হৈ পৰিছে আবকাৰী বিভাগ। ৰাজ্যৰ আবকাৰী বিভাগে ইতিমধ্যে অভিযান চলাই কেইবা হাজাৰ লিটাৰ দেশীয় সুৰা নষ্ট কৰাৰ লগতে ৫০জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। কোৱা বাহুল্য যে ইতিপূৰ্বে অবৈধভাৱেই আৰক্ষী-প্ৰশাসনৰ ছত্র-ছায়াতেই যে এইবোৰ ব্যৱসায় মুকলিভাৱে চলি আছিল সেয়া তেওঁলোকৰ অতি শীঘ্ৰ তৎপৰতাত প্ৰমাণ পোৱা গ'ল। চুলাই মদ খাই এইবছৰেই যে চাহ বাগিচা অঞ্চলৰ খাটিখোৱা দৰিদ্ৰ লোকসকল মৰিছে তেনে নহয়। এবছৰমান পূৰ্বেও গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাতো প্ৰায় একেধৰণেই বিষক্ৰিয়া হৈ ২৩জন শ্ৰমিকে অকাল মৃত্যুক সাবটি লৈছিল আৰু তাৰ বাবে কোনো লোককে চৰকাৰে শাস্তি প্ৰদান কৰা নাছিল। চৰকাৰে চুলাই মদ বন্ধৰ বাবেও লোৱা নাছিল কোনো বিশেষ ব্যৱস্থা, গতিকে য'ত চুলাই মদ খোৱাৰ বাবে এক পৰিৱেশ তৈয়াৰ কৰি থোৱা হয় আৰু সেই মদ খাই মানুহ মৰিবলগা হয়, তাক কিদৰে কেৱল বিষক্ৰিয়াত মৃত্যু বুলি কওঁ? বৰঞ্চ চৰকাৰী যন্ত্ৰৰ দ্বাৰা হোৱা হত্যা বুলিও ক'বপাৰি বহুলাংশে।

সামৰণিত তথাকথিত সুসভ্য সমাজৰ দুটামান কথা কওঁ। এইবাৰ দূষিত চুলাই মদ খাই ডেৰ শতাধিক লোকে প্ৰাণ হেৰুৱালে। বহুতে এই দুৰ্ভগীয়সকল মদ খাই মৃত্যু হোৱা বাবেই ন্যূনতন মানৱীয়তাও প্ৰদৰ্শন কৰা নাই। ধিক সেইবোৰ মানসিকতাক! শ্ৰমিকে সস্তীয়া মদ কিয় খায় তাৰ বিচাৰ-বিশ্লেষণ তেওঁলোকৰ মনলৈ নাহে, কিয় শ্ৰমিকে দিনটো মেহনত কৰিও সন্ধিয়া মনটো বা দেহটো ভাল লগাবলৈ এপেগ ভাল মদ খাব নোৱাৰে সেয়া তেওঁলোকে ভাবি নাচায়। কিয় চৰকাৰে মদৰ প্ৰচলন বন্ধ কৰা নাই সেয়াও তেওঁলোকে ভাবি নাচায়। শ্ৰমিকৰ ভিতৰৰ যন্ত্ৰণা তেওঁলোকৰ থাকিলে কিজানি চুলাই নহয় বিষহে খালেহেঁতেন সেয়া ধুৰুপ।

ৰাজহ আৰু অন্যান্য দিশবোৰ বিচাৰ-বিশ্লেষণ কৰি অসমক সুৰামুক্ত ৰাজ্য ঘোষণা কৰিব পাৰি নে নাই নাজানো। কিন্তু অনাগত দিনত আমি আমাৰ ভাতৃ-ভগ্নীক এনেদৰে অকালতে হেৰুৱাব নিবিচাৰোঁ। গতিকে চৰকাৰলৈ আহ্বান, মদৰ বেশত বজাৰত বিক্ৰী হৈ থকা এই বিষক ৰোধ কৰক আৰু ৰক্ষা কৰক এইখন সমাজক। আমি ভাবোঁ, তেনে এক বলিষ্ঠ সিদ্ধান্তই সলনি কৰিব পাৰিব এইখন সমাজক।

Share Button
Print Friendly, PDF & Email

No Comments : "চুলাই ট্ৰেজেডি: এয়া মৃত্যু নহয়, বহুলাংশে হত্যাও-(আশ্ৰাফুল হুছেইন)"

Leave a Comment

Your email address will not be published. Required fields are marked *