‘অৰং’- বোলছবিৰে ৰজত কমল বঁটা বিজয়ী পৰিচালক সূৰয দুৱৰাৰ স’তে ‘মুক্ত চিন্তা’ৰ হৈ স্নেহাঙ্কৰৰ সাক্ষাৎকাৰ

? সূৰয দা, আৰম্ভণিতে আমাক জনাওক - সৰুতেই চিনেমা বনোৱাৰ সপোন দেখিছিল নে কিদৰে এই লাইনলৈ আহিল?

- প্রথমেই ‘মুক্ত চিন্তা’ক ধন্যবাদ জনাইছো, মোৰ মনৰ কথা জানিবলৈ অহাৰ বাবে। চিনেমালৈ কেনেকে অহা হ’ল সেই কথাটো ক’বলে গ’লে ক’ম যে সৰুৰেপৰা আমাৰ ঘৰত এটা সাংস্কৃতিক পৰিবেশ আছিল। ঘৰত চিনেমা চোৱাৰো এটা পৰিবেশ আছিল। কিন্তু আচলতে তেতিয়া চিনেমাৰ কথা ভবা নাছিলো বা চিনেমা বনোৱোৰ সপোনো দেখা নাছিলোঁ। আৰু কেমেৰাৰে আৰম্ভ কৰিছিলোঁ যদিও সৰুতে ফটোগ্রাফি যে মোৰ হবি - তেনেকুৱাও একো নাছিল। যেতিয়া লাহে লাহে গ্রেজুৱেশ্যন কৰিলোঁ, কলেজৰপৰা ওলালোঁ, দুই-এখন চিনেমা চোৱা আৰম্ভ কৰিলোঁ। চিনেমা চাই খুউব ভাল পাইছিলোঁ - যিকোনো চিনেমা...তেতিয়া চিনেমা চোৱাৰ বিশেষ টেষ্ট নাছিল, ছিলেক্টিভ নাছিলোঁ, সকলোধৰণৰ চিনেমাই চাইছিলো। তেনেকুৱা সময়তে এই ফিল্ডটোকে প্রফেশ্যন কৰি ল’ব পৰা যায় নেকি বুলি চাই এখন ফিল্ম স্কুল - জ্যোতি চিত্রবন, কাহিলিপাৰাত আছে - জ্যোতি চিত্ৰবনত এডমিশ্যনটো লোৱা হ’ল। লাহে লাহে গোটেই বিভাগসমূহত জড়িত হৈ গভীৰত সোমাই পৰিলো। তেনেকৈয়ে আৰম্ভণি আৰু।

? আপুনি আপোনাৰ যাত্রা কেমেৰাৰে আৰম্ভ কৰিছে...এই বিযয়ে অলপ কওক।

- অ- আৰম্ভণিতো মই ফটোগ্রাফি, চিনেমেটোগ্রাফিৰেই কৰিছোঁ। চিনেমা যিহেতু ভিজুৱেল মিডিয়াম, চিনেমা বুলিলে আমাৰ প্রথম ভিজুৱেলখিনিয়ে মনলে আহে। ভিজুৱেলখিনিয়ে ড’মিনেটিং হৈ থাকে - মানে চিনেমেটোগ্রাফি। মোৰ ক্ষেত্রতো এই চিনেমেটোগ্রাফিয়ে প্রিফাৰেঞ্চ পালে।

? ফটোগ্রাফিৰপৰা পৰিচালনালে অহাটোৱে আপোনাক কিদৰে সহায় কৰিলে?

- বেছিকেলি চিনেমাটো ষ্ট’ৰি টেলিং হয়...আৰু এইটো ভিজুয়েল মিডিয়াম - কৈছোৱেই, ষ্ট’ৰি টেলিঙৰ ক্ষেত্রতো...আমি আগতে ফটোৰে ষ্ট’ৰি টেলিং কৰিছিলো। ডিৰেকশ্যনৰ ক্ষেত্রত এইটোৱে বহুত সহায় কৰিলে। আচলতে ফটোগ্রাফিয়ে ষ্ট’ৰি টেলিঙত বৰ ইম্পৰটেন্ট ৰোল প্লে কৰে। এখন চিনেমাত ফটোগ্রাফিয়ে ষ্ট’ৰি টেলিঙৰ ক্ষেত্রত বহুত সহায় কৰে। সেই প্রচেছটো এটা নেচাৰেল প্রচেছ মোৰ কাৰণে। বাকী অকণমান লিটাৰেচাৰ পঢ়িছিলো - ৱৰ্ল্ড লিটাৰেচাৰ - ৱর্ল্ড মিউজিক শুনিছিলো - এইবোৰৰো প্রভাৱ আছিলে।

? আপুনি জ্যোতি চিত্রবনত শিকিছিলে। আপোনালোকে যিসকল বন্ধু-বান্ধৱ নিজৰ মাজত সেই সময়ত চিনেমাৰ বিষয়ে চর্চা কৰিছিলে। আপোনালোকে যিহেতু অসমতে যাত্রা আৰম্ভ কৰিছিলে - ‘অসমীয়া চিনেমা’ এখন কৰিম বুলি ভাব এটা নিশ্চয় আছিলে।

- ঠিক অসমীয়া বুলি নহয়... এখন চিনেমা কৰাৰ মন আছিল। চিনেমাৰ এটা নিজৰ ভাষা এটা থাকে। আমাৰ কাৰণে সেইটোহে প্রয়োজনীয়। আগতে এনেকে নাজানিছিলো। চিনেমাৰ ছাত্ৰ হোৱাৰ পাছত এনেকে ভাবিবলে শিকিলো।

? অসমীয়া চলচ্চিত্র জগতখনৰ কথা যেতিয়া আহি পৰে, ধৰক আপুনি ইয়াতে থাকি কাম কৰিলে, থলুৱাভাৱে কামখনি কৰা হ’ল। ইয়াতে সম্পাদনা সম্পন্ন হ’ল। আমি ইয়াৰে দৰ্শকক চিনেমাখনি দেখুৱাম। তেনেকুৱা পৰ্যায়ত যেতিয়া ভাবিছিলে আপোনালোকে - আপোনালোকৰ টিমটোৱে কেনেকুৱা চিনেমা বনোৱাৰ কথা চিন্তা কৰিছিলে?

- আমাৰ গ্রুপটো তেতিয়া খুউব ভাল আছিলে। ছাউণ্ডৰ, এডিটিঙৰ – সব বন্ধুখিনি - যিখিনিয়ে আমি তেতিয়া একেলগে এডমিশ্যন ল’লো - অঁ আমি ভাবিছিলোঁ ওলাই আহি কিবা এটা নিজাকে কৰাৰ কথা ভাবিছিলোঁ। কাৰণ আমাৰ অসমত ...মানে দেয়াৰ আৰ লটছ অফ ষ্ট’ৰিছ টু বি ট’ল্ড। আমি নিজে গম নাপাওঁ যে বহু কাহিনীৰে অসম ভৰি আছে। আমি সেই বস্তুবোৰ দেখুৱাবলে চিনেমা তাৰ ভাল মিডিয়াম হ’ব বুলি ভাবিছিলো। অৱশ্যে বহু লিমিটেশ্যনো আছিল সেই সময়ত। কিন্তু লিমিটেশ্যন থকাৰ পিছতো আমি ভাবিছিলোঁ কিবা কৰিম বুলি। এতিয়া তেনেকেই দুই-একজন মিলি আৰম্ভ কৰিলো আৰু।

? আপোনালোকে ৱৰ্ল্ড চিনেমা চাইছিলে, আইডিয়া কৰিছিলে - সেই আইডিয়াখিনি উলিয়াই আনি হাতে-কামে কৰিব খোজোতে কি কি অসুবিধা বা সুবিধা পাইছিল? এই লাইনত কাম কৰিবলে তেতিয়া আৰু এতিয়া বিশেষ কিবা পার্থক্য অনুভৱ কৰে নেকি?

- আমি পাঁচ-আউট হোৱা আজিৰপৰা আঠ দহ বছৰ আগৰ কথা। তেতিয়া টেকনিকেল একচেছিবিলিটি আপেক্ষিকভাৱে কম আছিল। এতিয়া বহুত বেছি। এতিয়া টেকনলজি বহুত সুলভ হৈ গৈছে। আগতে বহুত টাফ আছিল কাম কৰাৰ, কেমেৰা এটা, - ইউনিট এটা হায়াৰ কৰা। এতিয়া কথাবোৰ আগতকে বহুত সহজ হৈছে। সেই কাৰণে আমি এতিয়া স্বাধীনভাৱে কাম কৰিব পৰা হৈছোঁ। সেইকাৰণে নিজাকে আৰম্ভ কৰিবলে সময় লাগিল আমাৰ। অৱশ্যে ব্যক্তিগতভাৱে সেইখিনি সময়ত মই বহুত কথা শিকিলো। বহুতৰ লগত কাম কৰিলো। যিবোৰে পিছত নিজাকে কাম কৰাত বহুত সহায় কৰিলে।

? এই কথাবোৰে আপোনালোকক ‘আড্ডা’ দলটো গঠন কৰিবলে আৰু ‘আড্ডা’ চৰ্ট ফিল্ম ফেষ্টিভেল অনুষ্ঠিত কৰিবলে অনুপ্রাণিত কৰিছিল নেকি? যিটো অসমৰ ক’ত হোৱা নাছিল আপোনালোকে সেই সময়ত আৰম্ভ কৰিছিল...

- অ এনেকুৱা অ’পেন এয়াৰ চৰ্ট ফিল্ম ফেষ্টিভেল অসমত হোৱা নাছিল। আমি ভাবিলো যে আমি নিজে সকলোৱে কিছুমান চৰ্ট কৰিম - মই কাৰোবাৰ কাৰণে কেমেৰা কৰি দিছিলো - তেওঁ মোৰ কাৰণে ধৰা এডিটিং কৰি দিছিল...

- মানে এজনে আনজনক সহায় কৰি দিছিলে

- হয় হয় - আমি ইজনে আনজনক সহযোগ কৰি দিছিল আৰু ৰেমুনাৰেশ্যন লোৱা নাছিলো। এই চিনেমাবোৰ আমি ফেষ্টিভেলত দেখুৱাইছিলো। চৰ্ট ফিল্ম কৰাৰ অভিজ্ঞতা পাছত আমাৰ বহুত কামত আহিল। ইন ফ্যাক্ট, নিজে চৰ্ট ফিল্ম কৰিছোঁ কাৰণে কওঁ - বহু সময়ত চৰ্ট ফিল্ম কৰাটো বেছি চেলেঞ্জিং। সময়, বাজেট সকলো লিমিটেড - তাৰ মাজতে ক’ব লগাখিনি ক’ব লগাটো টাফ...তুলনামূলকভাৱে চেলেঞ্জিং।

? আপুনি আপোনাৰ চৰ্ট ফিল্মকেইখনৰ কথা কওকচোন -

- অঁ। প্রথম কৰিছিলোঁ ‘Encounter’। - বিষয়টো insurgency আছিলে। এক মিনিটৰ। সেইখন বহুত ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত, ইণ্ডিয়াতো, বাহিৰতো বহুত ঠাইত শ্ব হৈছিল, অফিচিয়েল এন্ট্রি আছিল। ছুইজাৰলেণ্ড, আৰ্মেনিয়াত... । সেইখনৰ কাৰণে দিল্লীত এখন ৱৰ্কশ্বপ কৰিবলে পাইছিলোঁ; অ’ছিয়ান ফিল্ম ফেষ্টিভেলত (OSEAN Film Festival)। সেইবিলাক একোটা ভাল এক্সপ’জাৰ পালো। দ্বিতীয়খন ‘Gaze’অৰ কাৰণেও... কেৰেলা, দিল্লী গৈছিলোঁ। দিল্লীত...Film delegate হিচাপে যোগদান কৰিছিলোঁ। তৃতীয়খন ‘Diaries’, চতুৰ্থখন ‘Crossroads’, তাৰ পাছত পাঁচ নম্বৰখন – গোটেইকেইখনেই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অফিচিয়েল এন্ট্রি আছিল। এইটো উৎসাহজনক আছিল।

? চৰ্ট ফিল্ম আৰু পূর্ণ দৈর্ঘ্যৰ ফিচাৰ ফিল্মৰ পার্থক্য কি?

- প্রথম কথাটো সময়ৰ পার্থক্য। কম সময়ত এটা কথা ক’ব লগা হয়। ফিচাৰ ফিল্মত লাহে লাহে ডেভেলপমেন্টটো দীঘলীয়া হয়। দুয়োটাৰে নিজৰ নিজৰ সুকীয়া বৈশিষ্ট্য। দ্বিতীয় কথাটো - ইকনমি। ট্ৰিটমেন্টৰ ইকনমি আৰু বাজেটৰ কন্সট্ৰেইন্ট থাকে।

? আপুনি চৰ্ট কৰি চিধা ফিচাৰ কৰিছে নে মাজত টেলি বা অন্য কিবা কৰিছে?

- মই ডকুমেণ্টেৰি কৰিছো। দুখন দূৰদর্শনৰ কাৰনে - ‘We shall overcome’ বুলি এখন। এণ্ট্ৰিপ্রেনাৰশ্বিপৰ ওপৰত – তাৰ পাছত ‘Farewell to arms’ বুলি এখন - insurgencyৰ ওপৰত। সেইখন দূৰদৰ্শনৰ ফাণ্ডিং আছিলে। এখন নিজাববীয়াকে কৰিছিলোঁ - কিট ওয়িংছ - সেইখনৰ বিষয় শিৱসাগৰৰ ভিতৰৰ গাঁও এখন। শিৱসাগৰৰ কোষ্ঠ ৰোগীৰ এখন গাঁও ব্রিটিছে স্থাপন কৰিছিল - ৫০ বছৰৰ আগত। এতিয়াও এবানডন্ড হৈ আছে। কোষ্ঠ ৰোগী এতিয়া নাই কিন্তু তেওঁলোকৰ প্রাথমিক প্ৰয়োজনবোৰৰ এতিয়াও সমস্যা তাত। খোৱাপানী, কাৰেন্ট নাই। ভোটাধিকাৰ আছে, কিন্তু স্কুল নাই। তাৰ ওপৰত।

? সূৰয দা - আমি মন কৰিছোঁ, ইন্সাৰজেন্সিৰ ওপৰত আপুনি বহুত কাম কৰিছে। এইটো প্ৰসংগতে সোধোঁ, আপোনাৰ ৰাজনৈতিক স্টেণ্ডপইন্ট কি?
- ইন্সাৰজেন্সি - এই বিষয়ত ক’ম, এই বিষয়টোৱে আচলতে আমাক চুই গৈছে। সৰুৰেপৰা আমি দুই-তিনিটা দশক এই পৰিবেশটো ওচৰৰপৰা দেখিছোঁ। ইয়াৰ যি আৰ্থ-সামাজিক প্রভাৱ, সেয়া সুদূৰপ্রসাৰী - যাৰপৰা আমি কোনো মুক্ত নহয়। সেয়ে কবিতা হওক, গল্প-উপন্যাস যিয়ে নহওক - কোনো মিডিয়াম ইয়াৰপৰা মুক্ত হোৱাটো সম্ভৱ নহয় বুলি মই ভাবোঁ। আৰু মোৰ ৰাজনৈতিক স্টেণ্ডপইন্ট এটা নিশ্চয় আছে। কিন্তু নিজে কোৱাতকে মোৰ চিনেমা চাই দৰ্শকে বুজাটো বেছি ভাল পাম। ক’বলে আচলতে অলপ অসুবিধা। সেইকাৰণেই হয়তো মাধ্যমটো বাছি লৈছোঁ।

? আপুনি নিজে জ্যোতি চিত্রবনত এটা মেথডিকেল-বৈজ্ঞানিক শিক্ষণ প্রক্রিয়াত ফিল্ম মেকিং শিকি ফিল্ডত নামিছে। চিনেমা বনাবলে আহোঁতে আনু্ষ্ঠানিকভাৱে প্রশিক্ষিত হোৱাটো কিমান জৰুৰী বুলি ভাবে?

- খুউব দৰকাৰী বুলি নহয়, কিন্তু হ’লে সুবিধা হয়। সোনকাল হয় শিকাটো। এটা বৈজ্ঞানিক পদ্ধতিৰে শিকিলে Aৰ পাছত B – Bৰ পাছত C - তেনেকে এটা ছিছটেমেটিকভাৱে শিকা যাব। কিন্তু চিধা ফিল্ডত শিকিলে হয়তো প্রথমে D - শিকিম পাচত B – শিকিম; শিকাৰ ক্রমটো খেলিমেলি হ’ব যাৰ ফলত সময় বেছি লাগিব পাৰে। বাকীতো নিজৰ সৃষ্টিশীলতা। আৰু অৱশেষত ফিল্ডতে আচল শিকা হয়গে। আমিতো এতিয়াও শিকিয়ে আছোঁ - মই এতিয়াও নিজকে ফিল্ম স্টুডেন্ট বুলিয়ে ভাবোঁ।

? আগৰ চিনেমাৰ তুলনাত এতিয়াৰ চিনেমাৰ পৰিবৰ্তন কি দেখিছে?

- পৰিবর্তন মানে কিছুদিনৰ আগলৈকে বিশেষ পৰিবর্তন নাছিলে - কাহিনীৰ ক্ষেত্রতে হওক বা ট্রিটমেন্টৰ ক্ষেত্রতে হওক। অৱশ্যে দুই-এবছৰৰপৰা অলপ পৰিবর্তন আহিছে।

? গুণগত মানৰ কথা বাৰু পিছত; কিন্তু জ্যোতিপ্রসাদে ১৯৩৫ত বনাই যোৱাৰপৰা আজিলৈকে আমাৰ অসমীয়া চিনেমাৰ সংখ্যাৰ কথা কি ক’ব? সংখ্যাটো কিয় কম?

- এই ক্ষেত্ৰত আৰ্থ-সামাজিক কথা এটা আহিব। আমি আচলতে আৰ্থ-সামাজিকভাৱে বহুত পিছপৰা-আণ্ডাৰডেভেলপড। তাৰ লগতে কেইবা দশক ধৰি যি ইন্সাৰজেঞ্চিৰ সমস্যা চলি আছে - সেই সকলোবোৰ ইয়াৰ এটা প্রধান কাৰণ।

? হয়। কিন্তু কামটো এক্সিকিউট কৰাত অসুবিধাতো ক’ত হয়? যিসকলে কৰিছে - যিমান বাজেটত যিমান সুবিধাত কৰিছে - তেওঁলোকেও যেন ক’ৰবাত কিবা এৰি যায় - আৰু অকণমান চেষ্টা কৰিলে যেন অন্য কিবা এটা হৈ উঠিলহেঁতেন - এনেকুৱা অনুভৱ এটা কিয় এৰি যায়?

- হয়। এতিয়া আমাৰ তুলনা যদি বঙ্গালী চিনেমা, মাৰাঠী চিনেমাৰ লগত কৰা হয়, দেখিম তেওঁলোক আমাতকৈ আগবঢ়া। অকল চিনেমাতে নহয়, সাহিত্য-ছবি-শিল্পকলা - সকলোতে। আচল কথাটো হ’ল আহৰি। মানুহক সৃষ্টিশীল কাম কৰিবলে আহৰি লাগে। আমাৰ সমাজখন দশক দশক ধৰি যি সমস্যাৰে ভাৰাক্রান্ত হৈ আছে – ইন্সাৰজেন্সি —

- কিন্তু বাঙ্গালতোতো নক্সাল আছে।

- হয়। কিন্তু তেওঁলোক আৰ্থ-সামাজিক দিশত আমাতকে আগবঢ়া।

- জ্যোতিপ্রসাদে ইয়াৰপৰাই কৰিছিল...

- হয়। কৰিছিল। আৰু আমি সেয়া আগ বঢ়াই নিব পৰা নাই। আমাৰ এপ্র’চটোতো সমস্যা এটা আছে। কলা-সংস্কৃতিৰ প্রতি inclination কম।

- patronize কৰিবলে নাই নেকি?

- inclination কম কাৰণেই নাই।

? লেটিন আমেৰিকা সমস্যাৰ পাছতো সাহিত্যত আগবঢ়া। আনহাতে, মাজিদ মাজিদিলে চাওক, মখমলবাখলে চাওক - ইৰানততো নানা কাৰণত চিনেমা-ছবি নিষিদ্ধই কৰি দিয়ে - তাৰ পাছতো বিশ্ব চিনেমাত প্রতিনিধিত্ব কৰি আছে।

- হয়। সঁচা। মোৰ বোধেৰে আমাৰ আৰ্টিস্টিক inclination কম হোৱাৰ লগতে এটা মেটেৰিয়েলিস্টিক এপ্র’চ আছে। যিটোৱে ডেডিকেশনত অলপ বাধা দিয়ে।

? নতুনৰ মাজত প্রতিশ্রুতিসম্পন্ন কাম দেখা পাইছেনে?

- হয়। আমি অলপতে দুই-তিনি বছৰৰপৰা আমাৰ সমসাময়িক - জুনিয়ৰৰ মাজত প্রতিশ্ৰুতিসম্পন্ন কাম দেখিছোঁ। বিশেষকৈ তেওঁলোকৰ চয়চ অফ ছাবজেক্ট, ট্রিটমেন্ট - এইবোৰ দেখি কৈছোঁ। মোৰ ‘অৰং’ চিনেমাখনত যি মুখ্য সহ পৰিচালক আছিল – জয়চেং - জয়চেং দহোতীয়া - তেওঁৰ কথাই ধৰা - তেওঁ এতিয়া যিখন ছবি কৰিলে - ‘হান্দুক’ - সেইখন যথেষ্ট ভাল ছবি। বিভিন্ন ফিল্ম ফেষ্টিভেলত অফিচিয়েল এণ্ট্ৰি আছিল। আৰু অলপতে হোৱা ‘মুম্বাই ইন্টাৰনেশনেল ফিল্ম ফেষ্টিভেল’ ত গ্রেণ্ড জুৰি এৱাৰ্ডো পালে।

? ‘অৰং’অৰ বিষয়ে অলপ ক’ব নেকি?

- হয়। অৰং-অৰ পটভূমি কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা গাঁৱৰ। মোৰ এজন বন্ধুৰ মুখত প্রায় চাৰি-পাঁচ বছৰৰ আগত শুনিছিলোঁ এই কাহিনীটো। কাহিনীটো শুনি চিনেমাৰ কাৰণে খুউব ভাল হ’ব যেন লগাত মই তাৰ স্ক্রিপ্ট লিখা আৰম্ভ কৰিলোঁ। তাৰ মাজে মাজে অন্য প্রডাকশনৰ কাম - চিনেমেটোগ্রাফিৰ কাম - মাজে মাজে আহি লিখোঁ, আকৌ বেলেগ কামত লাগোঁ। গতিকে দুবছৰমান লাগিল স্ক্ৰিপ্টটো সাজু কৰোঁতে। নিয়মমতে মই কাৰ্বি আংলং যাব লাগে - শ্বুট কৰিবলে। এখন ভিতৰুৱা গাঁৱৰ এটা এথনিক কমিউনিটি লাগে মোক। কিন্তু বাজেটৰ বাবে মই গোৱালপাৰাৰ এটা ৰাভা কমিউনিটি বাছি লৈছিলোঁ। দুয়োটা জাতিৰ মাজত এথনিক কমিউনিটিৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য থকা বাবে মই দুয়োটা বস্তু এডজাস্ট কৰি শ্বুটিং কৰিব পাৰিলো। বিষয়টো আছিল - ‘ট্রিবিউট টু এডলছেঞ্চ’ - কৈশোৰৰ প্রতি উৎসর্গা। ভিতৰুৱা গাঁও এখনত মাক-দেউতাক আৰু ভায়েকৰ লগত থকা এটা সপ্তম অষ্টম শ্রেণীৰ ল’ৰাৰ কথা। দাৰিদ্র সীমাৰেখাৰ তলত তেওঁলোক। আৰ্থিক দুৰৱস্থাৰ বাবে সি ডিজেল পাম্প অপাৰেটৰৰ এটা কাম কৰিবলে বাধ্য হয়। যিটো আচলতে বেআইনী। কিন্তু বেআইনী হ’লেও এয়াতো হয়েই - আমি দেখিছোঁ। তাৰ জীৱন, তাৰ সংগ্ৰামক লৈ চিনেমাখন কৰিছিলোঁ। তেতিয়া মই ৰিছাৰ্চ কৰি দেখিছিলোঁ যে অসমৰ ১৫% ল’ৰা ছোৱালী বিদ্যালয়লৈ নাযায়। ২০০৮ৰ ‘কেগ’ৰ ৰিপোর্ট মতে এই ১৫% ল’ৰা-ছোৱালী দাৰিদ্র সীমাৰেখাৰ তলৰ আৰু গাঁৱৰ। ইণ্টাৰেষ্টিং কথা, আমি আচলতে এজন অসমীয়া ল’ৰাক প্রতিনিধিত্ব নকৰোঁ - আমি যি নগৰত থাকোঁ। ৮০% মানুহ এতিয়াও গাঁৱত থাকে। মই এই ছবিখনে, সেই ল’ৰাটোৱে এটা নির্দিষ্ট শ্রেণীক প্রতিনিধিত্ব কৰিছে বুলি ভাবোঁ। ১৫% শতাংশ ল’ৰাৰ এই স্কুল এৰি দিয়াৰ আঁৰত কেতিয়াবা দৰিদ্রতা, কেতিয়াবা অভিভাৱকৰ অৱহেলা, অজ্ঞতা বহুত কাৰণ থাকে। চিনেমাখনত এইবোৰ দেখুৱাবলে যত্ন কৰিছোঁ।

? অসমীয়া ছবি জগতৰ কোনগৰাকী ব্যক্তিয়ে আপোনাক অনুপ্রাণিত কৰিছে?

- কোনোবা এজন বুলি ক’বলে দিগদাৰ। কিছুমান ভাল চিনেমা যেনে পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ - সেইখন চাই খুউব ভাল পাইছিলোঁ মই। ফিল্ম স্কুলৰপৰা ওলাই যাৰ লগত সহকাৰী হিচাপে কাম কৰিছিলোঁ - গৌতম বৰা - মোৰ গুৰু, তেখেতৰো কামে - তেখেতৰ শৈলীয়ে খুউব প্রভাৱান্বিত কৰিছিলে মোক আৰম্ভণিতে। অনুপ্রেৰণা বুলি ক’লে এই-দুজন মানুহৰে নাম ল’ম মই। বিশেষকৈ গৌতম বৰা - গৌতম দাৰ লগত কাম কৰিছোঁ; আমাৰ ডিপ্লমা ফিল্মখন গৌতম দাই ডাইৰেক্ট কৰিছিল। তেতিয়া তেখেতৰ কাম কৰাৰ যি প্যাশন (passion) - সেই প্যাশন দেখি আমি আচৰিত হৈছিলোঁ। ইমান প্যাশনেটলি মানুহে কেনেকে কাম কৰিব পাৰে! খুউব প্রভাৱান্বিত হৈছিলোঁ আমি। তাৰ পাছতেই কিছুদিন মই তেওঁৰ লগত কাম কৰিলোঁ। সেই অভিজ্ঞতাখিনি খুউব কামত আহিল মোৰ পাছত।

? নতুনকে যিসকলে কাম কৰিছে তেওঁলোকক কিবা ক’ব নেকি? অসমীয়া কথাছবিৰ কাম-কাজ হৈ থকালে চাই ভৱিষ্যৎ লৈ আশাবাদী নে?

- মই নিজে একেবাৰে নতুন। ক’বলে অসুবিধা। তথাপি আমাৰ চিনেমাৰ কাম-কাজৰ কথা ক’বলে হ’লে ক’ম যে – আমাৰ contentঅৰ কথাটো কমকে ভাবে। equipmentঅৰ কথা বেছি ভাবে। ভাবে যে দামী equipment হ’লে ভাল কাম হ’ব। বহুতক দেখা পাইছোঁ। কিন্তু সেইটো একেবাৰে ভুল ধাৰণা। কনটেন্টত জোৰ দিব লাগে, ভালকে ৰিছাৰ্চ কৰিব লাগে। কাহিনী, স্ক্রিপ্টিং - সেইবোৰত জোৰ দিয়াটো দৰকাৰী। কিন্তু আমি দেখা পাওঁ - আমাৰ মানুহে বেছিকে দামী equipment, কিবাকিবি - সেইবোৰত বেছি গুৰুত্ব দিয়ে। তেতিয়া বেছি ভাল কাম কৰিব নোৱাৰে। কম্প’জিশ্যন যদি বেয়া হয়, যিমান ভাল কেমেৰা নহওক কাম ভাল নহয়।...স্ট’ৰিটো বা স্ক্রিপ্ট যদি বেয়া হয় বা পাৰ্ফৰমেন্স যদি দুৰ্বল, চিনেমা ভাল নহয়। পাৰ্ফৰমেন্সত...ইয়াত যথেষ্ট weak আমাৰ। আমাৰ এক্টৰসকলে যিটো স্টাইলত কাম কৰে ...এক্সপ’জাৰটো ল’ব লাগে - বাহিৰত মানুহে কি কৰি আছে - আমি ক’ত - আমি আমাৰ স্থিতিটো জনা উচিত...এক্সপ’জাৰটো কম, একে আষাৰতে ক’বলে গ’লে। ৱৰ্ল্ড চিনেমা, লিটাৰেচাৰ, মিউজিক - এইবোৰৰ এক্সপ’জাৰৰ অভাৱ, যিটোৰ খুউব প্রয়োজন। যাৰ কাৰণে হয়তো আমাৰ কামবোৰ এটা পৰ্যায়লে নিব পৰা নাই - নিজে সন্তুষ্টি লৈ আছোঁ আৰু... কিন্তু এতিয়াৰ ল’ৰা-ছোৱালীখিনি এইক্ষেত্রত ব্যতিক্রম দেখা পাইছোঁ। তেওঁলোকে এক্সপ’জাৰটো লৈছে। বাহিৰৰ চিনেমা-মিউজিকৰ লগত চিনাকি হৈছে আৰু যথেষ্ট ভাল কাম কৰিছে। সেয়ে শেহতীয়া ৰেহৰূপ চাই মই অসমীয়া চিনেমাৰ ভৱিষ্যত লৈ খুবেই আশাবাদী।

? ধন্যবাদ সূৰয দা - আপোনাৰ ইমানখিনি সময় আমাক দিয়া বাবে। আপোনাৰ অভিজ্ঞতা-অনুভৱৰ বিষয়ে আমাক কোৱা বাবে। আপুনি এনেকৈয়ে আগুৱাই যাওক। ধন্যবাদ।

- ধন্যবাদ।

Share Button
Print Friendly, PDF & Email

No Comments : "‘অৰং’- বোলছবিৰে ৰজত কমল বঁটা বিজয়ী পৰিচালক সূৰয দুৱৰাৰ স’তে ‘মুক্ত চিন্তা’ৰ হৈ স্নেহাঙ্কৰৰ সাক্ষাৎকাৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *